< ১ সামুয়েল 31 >

1 পাছত পলেষ্টীয়াসকলে ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিলে, তাতে ইস্ৰায়েল লোকসকল ফিলিষ্টীয়া সকলৰ সন্মুখৰ পৰা পলাল আৰু গিলবোৱা পৰ্বতত বহু লোক মৰিল।
Khi quân Phi-li-tin tấn công Ít-ra-ên, một số người Ít-ra-ên bỏ chạy, một số khác bị giết trên Núi Ghinh-bô-a.
2 পলেষ্টীয়াসকলে চৌল আৰু তেওঁৰ পুত্ৰসকলৰ নিচেই ওচৰলৈ খেদি গ’ল। তাতে ফিলিষ্টীয়া সকলে তেওঁৰ পুত্ৰ যোনাথন, অবীনাদব, আৰু মল্কীচুৱাক বধ কৰিলে।
Quân Phi-li-tin đuổi theo Sau-lơ, giết ba con ông là Giô-na-than, A-bi-na-đáp và Manh-ki-sua.
3 চৌলৰ বিৰুদ্ধে ঘোৰ যুদ্ধ হ’ল, আৰু ধনুৰ্দ্ধৰসকলে তেওঁক আগুৰি ধৰিলে। তাতে তেওঁ ধনুৰ্দ্ধৰ সকলৰ আগত অতিশয় ত্ৰাসযুক্ত হ’ল।
Thế trận càng gay cấn khi Sau-lơ bị các xạ thủ địch đuổi bắn. Vua bị trúng tên và trọng thương.
4 তেতিয়া চৌলে নিজৰ অস্ত্ৰবাহকক ক’লে, “তোৰ তৰোৱাল ফাকৰ পৰা উলিয়াই ল’ আৰু তাৰে মোক সৰকি যোৱাকৈ খোচ; নহলে অচুন্নৎ সকলে আহি সৰকি যোৱাকৈ মোক খুচিব, আৰু মোক অপমান কৰিব।” কিন্তু তেওঁৰ অস্ত্ৰবাহকে অতিশয় ভয় পোৱাৰ কাৰণে মান্তি নহ’ল; এই কাৰণে চৌলে নিজৰ তৰোৱাল উলিয়াই ল’লে আৰু তাৰে ওপৰত তেওঁ পৰিল।
Sau-lơ nói với người vác khí giới cho mình: “Lấy gươm giết ta đi, đừng để những người vô tín kia đến, đâm chém, hành hạ ta.” Nhưng người ấy sợ, không dám giết. Sau-lơ dựng gươm lên rồi sấn mình trên lưỡi gươm.
5 তাতে তেওঁৰ অস্ত্ৰবাহকে যেতিয়া দেখিলে যে, চৌল মৰিল; তেতিয়া তেৱোঁ একেদৰে নিজৰ তৰোৱালত পৰিল আৰু তেওঁৰে সৈতে তেৱোঁ মৰিল।
Khi người vác khí giới của Sau-lơ thấy vua chết rồi, cũng sấn mình trên gươm tự sát bên vua.
6 এইদৰে একেদিনাই চৌল, তেওঁৰ অস্ত্ৰবাহক আৰু তেওঁৰ তিনিজন পুত্ৰ একেলগে মৰিল।
Vậy trong ngày hôm ấy, Sau-lơ với ba con trai, người vác khí giới, và các thuộc hạ ông cùng chết.
7 পাছত যেতিয়া উপত্যকাত থকা আৰু যৰ্দ্দনৰ সিটো পাৰত থকা লোকসকলে দেখিলে যে, ইস্ৰায়েলী লোকসকল পলাল আৰু চৌলৰ লগতে তেওঁৰ পুত্ৰ সকল মৰিল; তেতিয়া তেওঁলোকো নগৰবোৰ এৰি পলাই গ’ল। তাতে পলেষ্টীয়াসকলে আহি সেই ঠাইবোৰত বাস কৰিব ধৰিলে।
Người Ít-ra-ên ở bên kia thung lũng và bên kia sông Giô-đan nghe tin quân Ít-ra-ên chạy trốn, Sau-lơ và ba con trai đã chết, liền bỏ thành trốn đi. Người Phi-li-tin chiếm các thành ấy.
8 পাছদিনা যেতিয়া পলেষ্টীয়াসকলে মৃত লোকসকলৰ পোচাকবোৰ খুলি নিবলৈ আহিল, তেতিয়া তেওঁলোকে দেখিলে যে গিলবোৱা পৰ্বতত চৌল আৰু তেওঁৰ তিনি জন পুত্ৰ পৰি আছে।
Hôm sau, người Phi-li-tin trở lại chiến trường để vơ vét đồ đạc của những người tử trận. Họ thấy xác Sau-lơ và ba con vua nằm trên Núi Ghinh-bô-a.
9 পাছত তেওঁলোকে তেওঁৰ মুৰ কাটিলে আৰু তেওঁৰ কবচ খুলি ল’লে। তাৰ পাছত পলেষ্টীয়াসকলৰ ওচৰলৈ খবৰ পঠিয়াই দিলে আৰু তেওঁলোকৰ দেৱতাৰ মূৰ্তি থকা মন্দিৰবোৰলৈও এই খবৰ পঠিয়ালে।
Họ cắt đầu Sau-lơ, tước lột khí giới vua, rồi sai người đi khắp lãnh thổ Phi-li-tin báo tin mừng chiến thắng trong các đền thờ thần tượng và trong dân.
10 ১০ সিহঁতে তেওঁৰ সাজ অষ্টাৰেৎ দেবীৰ মন্দিৰত ৰাখিলে, আৰু তেওঁৰ শৰীৰটো বৈৎচানৰ গড়ত আৰি হ’ল।
Họ để khí giới vua trong miếu thờ Át-tạt-tê, còn xác vua họ treo trên tường thành Bết-san.
11 ১১ পলেষ্টীয়াসকলে চৌললৈ কৰা এই কৰ্মৰ বাতৰি যেতিয়া যাবেচ-গিলিয়দ নিবাসী সকলে শুনিলে,
Các dũng sĩ ở Gia-be Ga-la-át hay được những điều người Phi-li-tin làm,
12 ১২ তেতিয়া তেওঁলোকৰ যুজাৰু লোকসকল উঠি আহিল আৰু গোটেই ৰাতি গৈ চৌল আৰু তেওঁৰ পুত্ৰসকলৰ শৱবোৰ বৈৎচানৰ গড়ৰ পৰা নমাই যাবেচলৈ লৈ গ’ল। পাছত তেওঁলোকে তাতে সেইবোৰ পুৰিলে।
liền cùng nhau ra đi suốt đêm, đến Bết-san gỡ xác Sau-lơ và các con ông khỏi tường thành, đem về Gia-be hỏa táng.
13 ১৩ তেওঁলোকৰ অস্থিবোৰ লৈ যাবেচত থকা ঝাওঁ গছজোপাৰ তলত পুতি থলে, আৰু সাত দিন লঘোন দিলে।
Rồi họ lấy cốt chôn cạnh gốc một cây me ở Gia-be, và họ kiêng ăn suốt bảy ngày để tang Sau-lơ.

< ১ সামুয়েল 31 >