< ১ সামুয়েল 30 >
1 ১ তৃতীয় দিনা দায়ুদ আৰু তেওঁৰ লোকসকল চিক্লগ আহি পালে; তাতে তেওঁলোকে দেখিলে যে, অমালেকীয়াসকলে আহি চিক্লগ আৰু নেগেভত উপদ্ৰৱ কৰিছে, আৰু চিক্লগত সোমাই আক্ৰমণ কৰি, জুইৰে পুৰিছে;
A rana ta uku, Dawuda da mutanensa suka isa Ziklag, sai suka tarar Amalekawa sun riga sun kawo wa Negeb da Ziklag hari. Suka cinye Ziklag, suka ƙone ta,
2 ২ আৰু তাৰ ভিতৰত থকা তিৰোতা আদি সৰু বৰ সকলোকে বন্দী কৰি লৈ গৈছে। সিহঁতে কাকো বধ নকৰিলে, কিন্তু সকলোকে লগত লৈ নিজৰ বাটেৰে তেওঁলোক গ’ল।
suka kwashe mata, yara da tsofaffi da dukan abubuwan da suke cikin garin. Ba su kashe kowa ba, amma suka kwashe su, suka tafi.
3 ৩ যেতিয়া দায়ুদ আৰু তেওঁৰ লোকসকল সেই নগৰলৈ আহিল, তেতিয়া নগৰখন জুইৰে পুৰি পেলোৱা হৈছে আৰু তাত থকা মহিলা, সন্তান আৰু জীয়ৰীবোৰক বন্দী কৰি লৈ গৈছে।
Da Dawuda da mutanensa suka isa Ziklag suka tarar an ƙone garin, an kuma kwashe matansu, da’ya’yansu mata, da kuma’ya’yansu maza ganima,
4 ৪ তেতিয়া দায়ুদ আৰু তেওঁৰ লগৰ লোকসকলে বৰ মাতেৰে এনেদৰে কান্দিলে যে, শেষত কান্দিবলৈকো তেওঁলোকৰ শক্তি নোহোৱা হ’ল।
sai Dawuda da mutanensa suka yi kuka, suka yi ta kuka har sai da ƙarfinsu ya ƙare.
5 ৫ তেওঁলোকে দায়ূদৰ দুই ভাৰ্যা, যিজ্ৰিয়েলীয়া অহীনোৱম আৰু কৰ্মিলীয়া মৃত নাবলৰ তিৰোতা অবিগলকো বন্দী কৰি নিছিল।
An kama matan Dawuda, wato, Ahinowam daga Yezireyel da Abigiyel matar Nabal mutumin Karmel wanda ya rasu.
6 ৬ তেতিয়া দায়ুদ মহাসঙ্কটত পৰিল; কিয়নো প্ৰতিজনৰ লোকৰ মন নিজৰ নিজৰ পুতেক-জীয়েকসকলৰ কাৰণে বেজাৰত আছিল, সেয়ে লোকসকলে দায়ূদক শিল দলিয়াই মাৰিবৰ বাবে আলোচনা কৰিবলৈ ধৰিলে। কিন্তু দায়ূদে তেওঁৰ ঈশ্বৰ যিহোৱাত নিজক সবল কৰিলে।
Dawuda kuwa ya damu ƙwarai domin mutanensa suna niyyar su jajjefe shi da duwatsu, kowannensu ransa ya ɓace saboda’ya’yansa maza da mata, amma Dawuda ya sami ƙarfafawa a cikin Ubangiji Allahnsa.
7 ৭ পাছত দায়ূদে অহীমেলকৰ পুত্ৰ অবিয়াথৰ পুৰোহিতক ক’লে, “এতিয়া অনুগ্ৰহ কৰি এতিয়া মোৰ ওচৰলৈ এফোদ বস্ত্রখন লৈ আহা।” তাতে অবিয়াথৰে দায়ূদৰ ওচৰলৈ এফোদ বস্ত্রখন লৈ আহিলে।
Sai Dawuda ya ce wa Abiyatar firist, ɗan Ahimelek, “Kawo mini efod.” Sai Abiyatar ya kawo masa.
8 ৮ তেতিয়া যিহোৱাৰ পৰা নিৰ্দেশনা পাবৰ বাবে দায়ূদে প্ৰাৰ্থনা কৰি সুধিলে, “মই যদি তেওঁলোকক ধৰিবৰ বাবে খেদি যাওঁ, তেনেহলে তেওঁলোকক লগ পাম নে? তাতে যিহোৱাই তেওঁক ক’লে, “তেওঁলোকৰ পাছে পাছে খেদি যোৱা, তাতে অৱশ্যে তেওঁলোকক লগ পাবা, আৰু নিশ্চয়ে তেওঁলোকৰ পৰা সকলোকে উদ্ধাৰো কৰিব পাৰিবা।”
Dawuda kuwa ya nemi nufin Ubangiji ya ce, “In bi bayan’yan harin nan? Zan ci musu?” Ubangiji ya ce, “Bi su, gama za ka ci musu, ka ƙwato abin da suka kwashe.”
9 ৯ তেতিয়া দায়ুদ আৰু তেওঁৰ লগত ছশ লোক ওলাই গ’ল, তেওঁলোকে গৈ বিচোৰ জুৰি পালে; তাতে তেওঁলোকৰ কিছুমান লোক পাছ পৰি গ’ল।
Dawuda da mutanensa ɗari shida suka kama hanya, da suka kai Kwarin Besor, waɗansunsu suka tsaya a can.
10 ১০ কিন্তু দায়ুদ আৰু তেওঁৰ সঙ্গী চাৰি শ লোকে শত্ৰুবোৰৰ পাছত খেদি গ’ল; তাতে পাছ পৰি যোৱা দুশ লোক থাকি গ’ল, তেওঁলোক অতি ক্লান্ত হোৱা বাবে বিচোৰ জুৰি পাৰ হ’ব পৰা নাছিল।
Dawuda ya ci gaba da mutane ɗari huɗu, don mutane ɗari biyu sun gaji sosai har sun kāsa ƙetare rafin Besor.
11 ১১ তাতে তেওঁলোকে পথাৰত এজন মিচৰীয়া লোকক বিচাৰি পালে আৰু লোকজনক দায়ূদৰ ওচৰলৈ লৈ আহিল। তেওঁলোকে লোকজনক খাবলৈ খোৱা বস্তু আৰু পানী দিলে, তাতে লোকজনে সেইবোৰ খালে।
Suka sami wani mutumin Masar a fili suka kawo shi wurin Dawuda. Suka ba shi abinci ya ci, suka kuma ba shi ruwa ya sha.
12 ১২ বিশেষকৈ তেওঁলোকে তেওঁক এটা ডিমৰুৰ পিঠা আৰু দুথোপা শুকান দ্ৰাক্ষাগুটি খাবলৈ দিলে, সেইবোৰ খোৱাৰ পাছত তেওঁ পুনৰ শক্তি পালে; কিয়নো তেওঁ তিনি দিন-ৰাতি একো খোৱা নাছিল।
Suka ba shi saura wainan’ya’yan ɓaure da kuma wainan’ya’yan inabi, ya ci ya sami ƙarfi. Gama bai ci ba, bai sha ba, har yini uku da dare uku.
13 ১৩ পাছত দায়ূদে তাক সুধিলে, “তই কাৰ মানুহ? আৰু ক’ৰ পৰা আহিলি?” সি ক’লে, “মই অমালেকীয়াৰ এজন বন্দী মিচৰীয়া ডেকা মানুহ; আজি তিনি দিন হ’ল, মই নৰিয়াত পৰা বাবে মোৰ গৰাকীয়ে মোক এৰি গ’ল।
Dawuda ya tambaye shi ya ce, “Wane ne ubangidanka, kuma daga ina ka fito?” Ya ce, “Ni mutumin Masar ne, bawan wani mutumin Amalek. Maigidana ya ƙyale ni sa’ad da na yi rashin lafiya kwanaki ukun da suka wuce.
14 ১৪ আমি কৰেথীয়াসকলৰ নেগেভ অঞ্চলত উপদ্ৰৱ চলাইছলোঁ; যিহূদাৰ অধিকাৰত থকা আৰু কালেবৰ অধিকাৰত নেভেগ অঞ্চলত আক্ৰমণ কৰিছিলোঁ। আমি চিক্লগ জ্ৱলাই দিছিলোঁ।”
Mun kai hari a Negeb ta Keretawa ta Yahuda, da Negeb ta Kaleb, muka kuma ƙone Ziklag.”
15 ১৫ পাছত দায়ূদে তাক সুধিলে, “তই সেই দলৰ ওচৰলৈ মোক নমাই লৈ যাব পাৰিবি নে?” তাতে সি ক’লে, “আপুনি মোক বধ নকৰোঁ বুলি আৰু মোৰ গৰাকীৰ হাততো শোধাই নিদিওঁ বুলি যদি ঈশ্বৰৰ নামেৰে শপত খাই, তেন্তে মই সেই দলৰ ওচৰলৈ আপোনাক নমাই লৈ যাম।”
Dawuda ya ce masa, “Za ka iya kai ni wurin maharan nan?” Ya ce, “Idan ka rantse mini da Allah, ba za ka kashe ni ba, ba kuwa za ka mai da ni wurin ubangidana ba, sai in kai ka inda maharan suke.”
16 ১৬ পাছত সেই মিচৰীয়াজনে দায়ূদক নমাই লৈ গ’ল; সেই সময়ত তেওঁলোকে গোটেই দেশত উৎসৱ পাতি ভোজন পান কৰি আছিল।
Ya bi da Dawuda har zuwa can, sai ga su a baje ko’ina a ƙasa, suna ci, suna sha, suna annashuwa saboda yawan ganimar da suka kwashe daga ƙasar Filistiyawa da ƙasar Yahuda.
17 ১৭ তেতিয়া দায়ূদে তেওঁলোকক আক্ৰমণ কৰিলে; সন্ধিয়াৰ পৰা পাছদিনালৈকে তেওঁলোকৰ লগত যুদ্ধ কৰি তেওঁলোকক হত্যা কৰিলে। তাত চাৰি শ লোক উটত উঠি পলাই গ’ল, তেওঁলোকৰ বাহিৰে সকলো লোক নিহত হ’ল।
Dawuda ya yaƙe su tun daga fāɗuwar rana har yammar kashegari. Ba ko ɗaya da ya tsira sai samari ɗari huɗu waɗanda suka tsere a kan raƙuma.
18 ১৮ অমালেকীয়াসকলে যিবোৰ লৈ গৈছিল, সেই সকলো দায়ূদে উভতাই পালে আৰু নিজৰ দুজনী ভাৰ্যাকো তেওঁ উভতাই পালে।
Dawuda ya ƙwato kome da Amalekawa suka kwashe tare da matarsa biyu.
19 ১৯ তেওঁ সৰু বা ডাঙৰ, একোৱেই নেহেৰুৱালে, পুতেক-জীয়েক আদি কৰি লুটদ্ৰব্যৰ সকলোখিনি উভতাই পালে। তেওঁলোকে যিবোৰ লুট কৰি নিছিল, সেই সকলোখিনিয়ে দায়ূদে উভতাই আনিলে।
Babu abin da ya ɓace, Dawuda ya dawo da kowa, manya da ƙanana,’yan maza da’yan mata duka, da dukan abubuwan da Amalekawa suka kwashe.
20 ২০ আৰু দায়ূদে সিহঁতৰ সকলো গৰু আৰু মেৰ-ছাগৰ জাকবোৰ নিজৰ কাৰণে ল’লে, আৰু লোকসকলে সেই পশুবোৰ উদ্ধাৰ কৰি অনা আন পশুৰ জাকৰ আগে আগে খেদি নি ক’লে, “এইবোৰ দায়ূদে লুট কৰি অনা বস্তু।”
Ya kuma ƙwato garkunan tumaki, da na awaki, da na shanu. Mutanensa suka koro shanun, suka yi gaba, suka ce, “Wannan shi ne ganimar Dawuda.”
21 ২১ পাছত তেওঁলোক ক্লান্ত হৈ পৰা বাবে দায়ূদৰ লগত যাব নোৱৰা যি দুশ লোকক তেওঁলোকে বিচোৰ জুৰিৰ পাৰত এৰি থৈ গৈছিল, সেই লোকসকলৰ ওচৰ আহি পালে। তাতে সেই লোকসকলে দায়ুদ আৰু লগতে তেওঁৰ লগত অহা আটাই লোকক আগবঢ়াই নিবলৈ ওলাল; তেতিয়া দায়ূদে তেওঁলোকক মঙ্গলবাদ কৰিলে।
Da Dawuda ya zo wurin mutum ɗari biyu ɗin nan waɗanda suka tafke, suka kāsa binsa, waɗanda aka bari a bakin Kwarin Besor, sai suka taryi Dawuda da mutanensa da suka tafi tare da shi. Sa’ad da Dawuda ya zo kusa da su, sai ya gaishe su.
22 ২২ কিন্তু দায়ূদৰ লগত যোৱা লোকসকলৰ মাজৰ দুৰ্জন আৰু অধম প্রকৃতিৰ কিছুমানে লোকে ক’লে, “সিহঁত আমাৰ লগত যোৱা নাই; গতিকে উভতাই অনা লুটদ্ৰব্যৰ একোকে সিহঁতক নিদিওঁ; কেৱল আমি সিহঁতৰ প্ৰতিজনক নিজ নিজ তিৰোতা আৰু ল’ৰা-ছোৱালীহে দিম, সিহঁত ইয়াকে লৈ আতৰি যাওক।”
Sai dukan mugaye da marasa kirki daga cikin mutanen da suka tafi tare da Dawuda suka ce, “Tun da yake ba su tafi tare da mu ba, ba za mu ba su kome daga cikin ganimar da muka ƙwato ba, sai dai kowane mutum yă ɗauki matarsa da’ya’yansa yă tafi.”
23 ২৩ তেতিয়া দায়ূদে ক’লে, “হে ভাইসকল, এনে ধৰণৰ কাৰ্য কৰা উচিত নহয়। যিহোৱাই আমাক যি দিলে, সেয়া এবাৰ ভাবি চোৱা। তেওঁ আমাৰ বিৰুদ্ধে অহা সৈন্যসকল আমাৰ হাতত শোধাই দিলে।
Dawuda ya ce, “A’a,’yan’uwana ba za ku yi haka da abin da Ubangiji ya ba mu ba. Ya tsare mu, ya kuma bashe sojojin da suka yi gāba da mu a hannuwanmu.
24 ২৪ কোনে নো এই বিষয়ে তোমালোকৰ কথা শুনিব? কিয়নো যুদ্ধলৈ যোৱা লোকে যেনে ভাগ পাব, বস্তুৰ ওচৰত থকা লোকেও তেনে ভাগ পাব; দুয়ো সমান ভাগ পাব।”
Wa zai goyi bayanku a kan wannan al’amari? Wanda ya tafi wurin yaƙi da wanda ya zauna wurin kaya, rabonsu zai zama daidai.”
25 ২৫ সেইদিনৰে পৰা এই কথা ইস্ৰায়েলৰ কাৰণে বিধি আৰু শাসন-প্ৰণালী হ’ল; এয়ে আজিলৈকে চলি আছে।
Dawuda ya sa wannan tă zama dawwammamiyar farilla ga Isra’ila tun daga wannan rana har yă zuwa yau.
26 ২৬ পাছত দায়ুদ যেতিয়া চিক্লগলৈ আহিল, তেতিয়া তেওঁ নিজ বন্ধু যিহূদাৰ বৃদ্ধ লোকসকলৰ ওচৰলৈ গ’ল। তাতে তেওঁ লুটি অনা বস্তুৰ কিছু অংশ তেওঁলোকলৈ পঠিয়াই দি ক’লে, “চোৱা, যিহোৱাৰ শত্ৰুবোৰৰ পৰা লুটি অনা বস্তুৰ মাজৰ পৰা এয়ে তোমালোকৰ কাৰণে পঠোৱা উপহাৰ।”
Da Dawuda ya iso Ziklag, sai ya aika wa abokansa, dattawan Yahuda da rabo daga cikin ganimar ya ce, “Ga kyauta dominku, daga cikin ganimar maƙiyan Ubangiji.”
27 ২৭ বৈৎএল, দক্ষিণ অঞ্চলৰ ৰামোৎ, যত্তীৰ,
Kyautar domin waɗanda suke a Betel, da Ramot ta Negeb, da Yattir,
28 ২৮ অৰোয়েৰ, চিফমোৎ, ইষ্টমোৱা,
da Arower, da Sifmot, da Eshtemowa,
29 ২৯ ৰাখল, যিৰহমেলীয়া, কেনীয়াসকলৰ নগৰবোৰ,
da Rakal, da garuruwan Yerameyelawa, da garuruwan Keniyawa,
30 ৩০ হৰ্মা, কোৰ-আচন, অথাক,
da Horma, da Bor-Ashan, da Atak,
31 ৩১ আৰু হিব্ৰোণ আদি যি যি ঠাইত দায়ুদ আৰু তেওঁৰ লোকসকল থকিছিল, সেই সকলো ঠাইৰ যুদ্ধাৰুসকলৰ ওচৰলৈ তেওঁ এইবোৰ পঠিয়াই দিলে।
da Hebron, da dukan wuraren da Dawuda da mutanensa suka taɓa zagawa.