< ১ সামুয়েল 3 >
1 ১ চমূৱেলে এলীৰ তত্ত্বাৱধানত যিহোৱাৰ পৰিচৰ্যা কৰি আছিল। সেই সময়ত যিহোৱাৰ বাক্য দুৰ্ল্লভ আছিল; আৰু সঘনাই যিহোৱাৰ দৰ্শন পোৱা সম্ভৱ নাছিল।
А дете Самуило служаше Господу пред Илијем; и реч Господња беше ретка у оно време, и не јављаху се утваре.
2 ২ সেই সময়ত এলীৰ চকু দুৰ্ব্বল হোৱাত, তেওঁ ভালদৰে মনিব নোৱাৰিছিল; সেয়ে তেওঁ নিজৰ বিচনাত শুই থাকিছিল।
Једном у то време Илије лежаше на свом месту; а очи му почињаху тамнети те не могаше видети.
3 ৩ ঈশ্বৰৰ নিয়ম-চন্দুক থকা যিহোৱাৰ মন্দিৰত ঈশ্বৰীয় প্ৰদীপ নুমুউৱাৰ পূৰ্বতে চমূৱেলে শুব লৈছিল৷
И Самуило лежаше у дому Господњем где беше ковчег Божји, и жишци Господњи још не беху погашени.
4 ৪ সেই সময়তে যিহোৱাই চমূৱেলক মাতিলে; তাতে তেওঁ উত্তৰ দি ক’লে, “মই ইয়াতে আছোঁ।”
И викну Господ Самуила, а он рече: Ево ме.
5 ৫ মাত শুনাৰ লগে লগে, তেওঁ এলীৰ ওচৰলৈ দৌৰি গৈ ক’লে, “আপুনি মোক মাতিছিল, সেয়ে মই ইয়াতে আছোঁ।” তেতিয়া তেওঁ ক’লে, “মই মতা নাই; তুমি শুই থাকা গৈ;” তেতিয়া তেওঁ গৈ শুই থাকিল।
И притрча к Илију, и рече му: Ево ме, што си ме звао? А он рече: Нисам те звао, иди лези. И он отиде и леже.
6 ৬ পাছত যিহোৱাই পুনৰায় মাতিলে, “হে চমূৱেল;” তেতিয়া চমূৱেলে উঠি এলীৰ ওচৰলৈ গৈ ক’লে, “মই উপস্থিত আছোঁ; আপুনি মোক কিয় মাতিছিল? তেওঁ ক’লে, “বোপা, মই মাতা নাই; তুমি শুই থাকা গৈ।”
А Господ опет викну Самуила, и Самуило уста, и отиде к Илију, и рече: Ево ме, што си ме звао? А он рече: Нисам те звао, сине; иди лези.
7 ৭ সেই সময়লৈকে যিহোৱাৰ মাত শুনাৰ অভিজ্ঞতা চমূৱেলৰ নাছিল, আৰু তেওঁৰ ওচৰত যিহোৱাৰ বাক্যও প্ৰকাশিত হোৱা নাছিল।
А Самуило још не познаваше Господа, и још му не беше јављена реч Господња.
8 ৮ পাছত যিহোৱাই তৃতীয়বাৰ চমূৱেলক মাতিলে। তেতিয়া তেওঁ উঠি এলীৰ ওচৰলৈ গৈ ক’লে, “মই উপস্থিত আছোঁ; কাৰণ আপুনি মোক মাতিছে।”
Тада опет викну Господ Самуила трећи пут, и он уста и отиде к Илију, и рече: Ево ме, што си ме звао? Тада разуме Илије да Господ зове дете.
9 ৯ তেতিয়া যিহোৱাই যে তেওঁক মাতিছে, এই কথা এলীয়ে বুজি পালে আৰু চমূৱেলক ক’লে, “তুমি গৈ শুই থাকা; যদি তেওঁ তোমাক মাতে, তেন্তে ক’বা, ‘হে যিহোৱা, কওক, কিয়নো আপোনাৰ দাসে শুনিছে’।” তাৰ পাছত চমূৱেল গৈ নিজ ঠাইত শুই থাকিল।
И рече Илије Самуилу: Иди лези; а ако те зовне, а ти реци: Говори Господе, чује слуга твој. И Самуило отиде, и леже на своје место.
10 ১০ পুনৰ যিহোৱাই আগৰ দৰে আহি থিয় হৈ তেওঁক মাতিলে, “চমূৱেল, চমূৱেল।” তেতিয়া চমূৱেলে উত্তৰ দি ক’লে, “কওক, আপোনাৰ দাসে শুনি আছে।”
А Господ дође и стаде; и зовну као пре: Самуило! Самуило! А Самуило рече: Говори, чује слуга твој.
11 ১১ তেতিয়া যিহোৱাই চমূৱেলক ক’লে, “চোৱা, মই ইস্ৰায়েলৰ মাজত এনে এক কৰ্ম কৰিম; সেই বিষয়ে যি জনে শুনিব, সেই সকলোৰে নোম শিয়ৰি উঠিব।
И рече Господ Самуилу: Ево учинићу нешто у Израиљу да ће зујати оба уха свакоме ко чује.
12 ১২ মই এলী আৰু তেওঁৰ বংশৰ বিষয়ে যি যি কৈছিলোঁ, সেই সকলোকে প্ৰথমৰ পৰা শেষলৈকে সিদ্ধ কৰিম।
У тај дан ћу учинити Илију све што сам говорио за кућу његову, од почетка до краја.
13 ১৩ কাৰণ মই তেওঁক ক’লোঁ, ‘তেওঁ যিবোৰ অপৰাধৰ কথা জানিছিল, তাৰ বাবে মই সদাকাললৈকে তেওঁৰ বংশক দণ্ড দিম, কাৰণ তেওঁৰ সন্তানসকলে নিজকে অভিশপ্ত কৰা সত্বেও তেওঁলোকক বাধা দিয়া নাই’।
Јер сам му јавио да ћу судити дому његовом довека за неваљалство, за које је знао да њим навлаче на се проклетство синови његови, па им није забранио.
14 ১৪ সেই কাৰণে, এলীৰ বংশলৈ মই শপত খালোঁ যে, এলীৰ বংশই যি অপৰাধ কৰিলে, তাক বলিদান কি নৈবেদ্যৰ দ্বাৰাই কেতিয়াও মোচন কৰা নহ’ব।”
Зато се заклех дому Илијевом да се неће очистити неваљалство дома Илијевог никаквом жртвом ни приносом довека.
15 ১৫ তাৰ পাছত চমূৱেলে ৰাতিপুৱালৈকে শুই থাকিল, আৰু পুৱা উঠি যিহোৱাৰ গৃহৰ দুৱাৰবোৰ মেলি দিলে, কিন্তু এলীৰ আগত সেই দৰ্শনৰ কথা জনাবলৈ ভয় কৰিলে।
И Самуило спава до јутра, па отвори врата дома Господњег. Али се бојаше Самуило казати Илију за утвару.
16 ১৬ এলীয়ে চমূৱেলক মাতি ক’লে, “মোৰ বোপা চমূৱেল।” তেতিয়া চমূৱেলে ক’লে, “মই ইয়াতে আছোঁ।”
А Илије зовну Самуила и рече: Самуило, сине! А он рече: Ево ме.
17 ১৭ তেতিয়া এলীয়ে সুধিলে, “যিহোৱাই তোমাক কি ক’লে? মই বিনয় কৰোঁ, তুমি মোৰ পৰা একো নুলুকুৱাবা; ঈশ্বৰে তোমাক যি কথা ক’লে, তাৰ কোনো কথা যদি মোৰ পৰা গোপনে ৰাখা, তেন্তে তেওঁ তোমাক অধিক দণ্ড দিব।”
А он рече: Какве су речи што ти је казао? Немој затајити од мене; тако ти учинио Бог и тако ти додао, ако затајиш од мене шта год ти је казао.
18 ১৮ তেতিয়া চমূৱেলে তেওঁৰ আগত সকলো কথা ক’লে, তেওঁৰ পৰা কোনো এটা কথাও গোপনে নাৰাখিলে। সেয়ে এলীয়ে ক’লে, “তেওঁ যিহোৱা; তেওঁৰ দৃষ্টিত যি ভাল, তাকেই কৰক।”
И Самуило му каза све, и ништа не затаји од њега. А он рече: Господ је, нека чини оно што Му је воља.
19 ১৯ চমূৱেল ডাঙৰ হৈ অহাৰ পাছত, যিহোৱা তেওঁৰ সঙ্গী হ’ল, আৰু যিহোৱাৰ ভৱিষ্যত বাণী এটাও বিফলে যাব নিদিলে।
А Самуило растијаше, и Господ беше с њим, и не пусти да падне на земљу ниједна реч његова.
20 ২০ তাতে চমূৱেল যে যিহোৱাৰ ভাববাদী হ’বৰ অৰ্থে বিশ্বাসৰ পাত্ৰ হৈছে, সেই বিষয়ে দানৰ পৰা বেৰ-চেবালৈকে গোটেই ইস্ৰায়েলে জানিলে।
И сав Израиљ од Дана до Вирсавеје позна да је Самуило веран пророк Господњи.
21 ২১ যিহোৱাই পুনৰ তেওঁক চীলোত দৰ্শন দিলে; কিয়নো যিহোৱাই চীলোত চমূৱেলৰ আগত বাক্যৰ দ্বাৰাই নিজকে প্ৰকাশ কৰিছিল। আৰু গোটেই ইস্ৰায়েলৰ ওচৰলৈ চমূৱেলৰ বাক্য আহিছিল।
И Господ се стаде опет јављати у Силому, јер се Господ јављаше Самуилу у Силому речју Господњом.