< ১ সামুয়েল 28 >

1 সেই সময়ত পলেষ্টীয়া লোকসকলে ইস্ৰায়েলৰ সৈতে যুদ্ধ কৰাৰ অভিপ্ৰায়েৰে তেওঁলোকে সৈন্য-সামন্ত গোটাবলৈ ধৰিলে। তাতে আখীচে দায়ূদক ক’লে, “তুমি আৰু তোমাৰ লোকসকলে সৈন্যসামন্তৰ মাজত মোৰ লগত যাব লাগিব, ইয়াকে নিশ্চয়ে জানিবা।”
ויהי בימים ההם ויקבצו פלשתים את מחניהם לצבא להלחם בישראל ויאמר אכיש אל דוד ידע תדע כי אתי תצא במחנה אתה ואנשיך
2 তেতিয়া দায়ূদে আখীচক ক’লে, “ভাল, আপোনাৰ এই দাসে কি কৰিব পাৰে, সেয়া আপুনি জানিব পাৰিব।” তেতিয়া আখীচে দায়ূদক ক’লে, “বাৰু, জীয়াই থকালৈকে মইও তোমাক মোৰ ৰখীয়া পাতিম।”
ויאמר דוד אל אכיש לכן אתה תדע את אשר יעשה עבדך ויאמר אכיש אל דוד לכן שמר לראשי אשימך כל הימים
3 চমূৱেলৰ মৃত্যু হ’ল। তেওঁৰ মৃত্যুত ইস্রায়েলীসকলে গভীৰ শোক প্ৰকাশ কৰিলে। পাছত তেওঁলোকে তেওঁক নিজ নগৰ ৰামাত মৈদাম দিলে। পাছত ভূত পোহা আৰু গুণমন্ত্ৰ জনা লোকসকলক চৌলে দেশৰ পৰা আতৰ কৰিলে।
ושמואל מת--ויספדו לו כל ישראל ויקברהו ברמה ובעירו ושאול הסיר האבות ואת הידענים--מהארץ
4 পলেষ্টীয়াসকল নিজৰ মাজত গোট খালে আৰু তেওঁলোকে আহি চুনেমত ছাউনি পাতিলে; আৰু চৌলেও আটাই ইস্ৰায়েলী লোকক গোট খুৱালে আৰু গিলবোৱাত ছাউনি পাতিলে।
ויקבצו פלשתים ויבאו ויחנו בשונם ויקבץ שאול את כל ישראל ויחנו בגלבע
5 চৌলে যেতিয়া পলেষ্টীয়াসকলৰ সৈন্য-সামন্ত দেখিলে, তেতিয়া তেওঁ ভয় কৰিলে, আৰু তেওঁৰ হৃদয় বৰকৈ কঁপিবলৈ ধৰিলে।
וירא שאול את מחנה פלשתים וירא ויחרד לבו מאד
6 তেতিয়া চৌলে সহায় বিচাৰি যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰিলে, কিন্তু যিহোৱাই সপোনৰ দ্বাৰাই, বা উৰীমৰ দ্বাৰাই, বা ভাববাদীসকলৰ দ্বাৰায়ে হওক, কোনো প্ৰকাৰেই তেওঁক একো উত্তৰ নিদিলে।
וישאל שאול ביהוה ולא ענהו יהוה--גם בחלמות גם באורים גם בנביאם
7 তেতিয়া চৌলে তেওঁৰ দাসবোৰক ক’লে, “তোমালোকে মোৰ অৰ্থে কোনো প্ৰেতাত্মাৰ সৈতে কথা কোৱা মহিলা এজনী বিচাৰা; তাতে মই তাইৰ ওচৰলৈ গৈ তাইক সুধিম।” পাছত তেওঁৰ দাসবোৰে তেওঁক ক’লে, “চাওক, অয়িন-দোৰত এজনী প্ৰেতাত্মাৰ সৈতে কথা কোৱা মহিলা আছে।”
ויאמר שאול לעבדיו בקשו לי אשת בעלת אוב ואלכה אליה ואדרשה בה ויאמרו עבדיו אליו הנה אשת בעלת אוב בעין דור
8 তেতিয়া চৌলে বেলেগ কাপোৰ পিন্ধি ছদ্ম-বেশ ধৰিলে আৰু দুজন মানুহ লগত লৈ সেই ঠাইলৈ যাত্ৰা কৰিলে। পাছত তেওঁলোকে গৈ ৰাতিয়েই সেই মহিলাৰ ওচৰ পালে। তাতে তেওঁ সেই মহিলাক ক’লে, “মই বিনয় কৰোঁ, তুমি মোৰ কাৰণে এবাৰ ভৌতিক বিদ্যাৰে কাৰ্য কৰা, তাতে মই যাৰ নাম ক’ম, তেওঁক তুলি আনা।”
ויתחפש שאול וילבש בגדים אחרים וילך הוא ושני אנשים עמו ויבאו אל האשה לילה ויאמר קסומי (קסמי) נא לי באוב והעלי לי את אשר אמר אליך
9 তেতিয়া সেই মহিলাই তেওঁক ক’লে, “চাওক, চৌলে কি কৰিলে, সেই বিষয়ে আপুনি জানে। তেখেতে প্ৰেতাত্মাৰ সৈতে কথা কোৱা বা ভূত পোহাবোৰক দেশত নিষিদ্ধ কৰিলে। এই হেতুকে মোক বধ কৰিবলৈ মোৰ প্ৰাণৰ বিৰুদ্ধে কিয় ফান্দ পাতিছে?
ותאמר האשה אליו הנה אתה ידעת את אשר עשה שאול אשר הכרית את האבות ואת הידעני מן הארץ ולמה אתה מתנקש בנפשי להמיתני
10 ১০ তাতে চৌলে যিহোৱাৰ নামেৰে তাইৰ আগত শপত খাই ক’লে, “যিহোৱাৰ জীৱনৰ শপত, ইয়াতে তোমালৈ কোনো দণ্ড নঘটিব।”
וישבע לה שאול ביהוה לאמר חי יהוה אם יקרך עון בדבר הזה
11 ১১ তেতিয়া সেই মহিলাই তেওঁক সুধিলে, “মই আপোনাৰ ওচৰলৈ কাক তুলি আনিম?” তেতিয়া তেওঁ ক’লে, “চমূৱেলক তুলি আনা।”
ותאמר האשה את מי אעלה לך ויאמר את שמואל העלי לי
12 ১২ তেতিয়া সেই মহিলাই চমূৱেলক দেখা পালে আৰু বৰকৈ চিঞৰিলে। পাছত তাই চৌলক ক’লে, “আপুনি মোক কিয় প্ৰতাৰণা কৰিলে? আপুনিয়েই চৌল।”
ותרא האשה את שמואל ותזעק בקול גדול ותאמר האשה אל שאול לאמר למה רמיתני ואתה שאול
13 ১৩ তেতিয়া ৰজাই তাইক ক’লে, “ভয় নকৰিবা; তুমি কি দেখি আছা?” তাতে সেই মহিলাই চৌলক ক’লে, “এজন দেৱতা ভূমিৰ পৰা উঠি অহা দেখি আছোঁ।”
ויאמר לה המלך אל תיראי כי מה ראית ותאמר האשה אל שאול אלהים ראיתי עלים מן הארץ
14 ১৪ চৌলে তাইক সুধিলে, “তেওঁ দেখাত কেনেকুৱা?” তাই ক’লে, “এজন বৃদ্ধ লোক উঠি আহিছে; তেওঁ দীঘল চোলাৰে ঢকা আছে।” তেতিয়া চৌলে তেওঁক চমূৱেল বুলি বুজি পালে আৰু আঁঠুকাঢ়ি মাটিত মুখ লগাই প্ৰণিপাত কৰিলে।
ויאמר לה מה תארו ותאמר איש זקן עלה והוא עטה מעיל וידע שאול כי שמואל הוא ויקד אפים ארצה וישתחו
15 ১৫ পাছত চমূৱেলে চৌলক সুধিলে, “তুমি মোক কিয় উঠাই আনি আমনি কৰিছা?” তাতে চৌলে উত্তৰ দিলে, “মই অতি সঙ্কটত আছোঁ; পলেষ্টীয়াসকলে মোৰ বিৰুদ্ধে যুদ্ধ কৰিছে, আৰু যিহোৱাই মোক ত্যাগ কৰিলে, ভাববাদীৰ দ্বাৰাই, বা সপোনৰ দ্বাৰাই মোক কোনো উত্তৰ দিয়া নাই; সেয়ে মই কি কৰা উচিত, সেই বিষয়ে মোক জনাবৰ বাবে আপোনাক মাতি আনিলো।”
ויאמר שמואל אל שאול למה הרגזתני להעלות אתי ויאמר שאול צר לי מאד ופלשתים נלחמים בי ואלהים סר מעלי ולא ענני עוד גם ביד הנביאים גם בחלמות ואקראה לך להודיעני מה אעשה
16 ১৬ তেতিয়া চমূৱেলে চৌলক ক’লে, “এই বিষয়ে তুমি মোক কিয় সুধিছা? কিয়নো যিহোৱাই তোমাক ত্যাগ কৰিলে আৰু তোমাৰ শত্ৰু হ’ল।
ויאמר שמואל ולמה תשאלני ויהוה סר מעליך ויהי ערך
17 ১৭ যিহোৱাই যেনেদৰে মোৰ যোগেদি কৈছিল, তেওঁ তেনেকৈ কৰিলে; আৰু তেওঁ তোমাৰ হাতৰ পৰা ৰাজ্য কাঢ়ি লৈ দায়ূদক দিলে।
ויעש יהוה לו כאשר דבר בידי ויקרע יהוה את הממלכה מידך ויתנה לרעך לדוד
18 ১৮ কিয়নো তুমি যিহোৱাৰ বাক্য পালন কৰা নাই, আৰু অমালেকলৈ তেওঁৰ প্ৰচণ্ড ক্রোধ সিদ্ধ কৰা নাই; এই কাৰণে যিহোৱাই আজি তোমালৈ এই কৰ্ম কৰিলে।
כאשר לא שמעת בקול יהוה ולא עשית חרון אפו בעמלק על כן הדבר הזה עשה לך יהוה היום הזה
19 ১৯ যিহোৱাই তোমাক আৰু ইস্ৰায়েলকো পলেষ্টীয়াসকলৰ হাতত শোধাই দিব। কাইলৈ তুমি আৰু তোমাৰ পুত্ৰসকলো মোৰ লগ হ’বা; যিহোৱাই ইস্ৰায়েলৰ সৈন্য-সামন্ত সকলকো ফিলিষ্টীয়া সকলৰ হাতত সমৰ্পণ কৰিব।”
ויתן יהוה גם את ישראל עמך ביד פלשתים ומחר אתה ובניך עמי גם את מחנה ישראל יתן יהוה ביד פלשתים
20 ২০ তেতিয়া চৌলে চমূৱেলৰ বাক্য শুনি ভয় পালে আৰু মাটিত দীঘল হৈ পৰিল। আনহাতে গোটেই দিন গোটেই ৰাতি অনাহাৰে থকা বাবে তেওঁৰ গাত একো শক্তি নাছিল।
וימהר שאול ויפל מלא קומתו ארצה וירא מאד מדברי שמואל גם כח לא היה בו--כי לא אכל לחם כל היום וכל הלילה
21 ২১ পাছত সেই মহিলাই চৌলৰ ওচৰলৈ আহিল আৰু তেওঁক অতিশয় ব্যাকুল হোৱা দেখিলে, তাতে তাই তেওঁক ক’লে, “চাওক, আপোনাৰ দাসীয়ে আপোনাৰ বাক্য মানিলে আৰু নিজৰ হাতত আপোন প্ৰাণ লৈ আপুনি মোক কোৱাৰ দৰে কৰিলোঁ।
ותבוא האשה אל שאול ותרא כי נבהל מאד ותאמר אליו הנה שמעה שפחתך בקולך ואשים נפשי בכפי ואשמע את דבריך אשר דברת אלי
22 ২২ এই হেতুকে বিনয় কৰোঁ, এতিয়া আপুনিও এই দাসীৰ কথা শুনক। মই আপোনাৰ আগত কিছুমান খোৱা বস্তু আনি দিওঁ, তাতে আপুনি সেইবোৰ ভোজন কৰক; তেতিয়া নিজ বাটত যাবলৈ আপুনি কিছু শক্তি পাব।”
ועתה שמע נא גם אתה בקול שפחתך ואשמה לפניך פת לחם ואכול ויהי בך כח כי תלך בדרך
23 ২৩ কিন্তু চৌলে অমান্তি হ’ল আৰু ক’লে, “মই ভোজন নকৰোঁ।” তথাপি তেওঁৰ দাস সকলে আৰু সেই মহিলাই বৰকৈ মিনতি কৰিবলৈ ধৰিলে, তাতে তেওঁ সিহঁতৰ কথা শুনি মাটিৰ পৰা উঠি বিচনাত বহিল।
וימאן ויאמר לא אכל ויפרצו בו עבדיו וגם האשה וישמע לקלם ויקם מהארץ וישב אל המטה
24 ২৪ সেই মহিলাৰ ঘৰত এটা দামুৰি আছিল। তাতে তাই সেই দামুৰিটো সোনকালে লৈ আহিল আৰু তাক মাৰিলে। পাছত আটা লৈ খচি খমীৰ নিদিয়া পিঠা তাও দি তৈয়াৰ কৰিলে।
ולאשה עגל מרבק בבית ותמהר ותזבחהו ותקח קמח ותלש ותפהו מצות
25 ২৫ তাৰ পাছত চৌল আৰু তেওঁৰ দাস সকলৰ আগত সেইবোৰ আনি দিলে, আৰু তেওঁলোকে সেইবোৰ ভোজন কৰিলে। পাছত সেই ৰাতিয়েই তেওঁলোক উঠি গুচি গ’ল।
ותגש לפני שאול ולפני עבדיו ויאכלו ויקמו וילכו בלילה ההוא

< ১ সামুয়েল 28 >