< ১ সামুয়েল 27 >
1 ১ পাছত দায়ূদে মনতে ভাবিলে, ‘মই এতিয়া কোনো এদিন চৌলৰ হাতত বিনষ্ট হ’ম। পলেষ্টীয়াসকলৰ দেশলৈ পলাই যোৱাৰ বাহিৰে, মোৰ আন কোনো উপায় নাই; তালৈ গ’লে চৌলে ইস্ৰায়েলৰ সকলো অঞ্চলত মোক বিচাৰিবলৈ ক্ষান্ত হ’ব, আৰু মই তেওঁৰ হাতৰ পৰা ৰক্ষা পাম’।
Et ait David in corde suo: Aliquando incidam una die in manus Saul: nonne melius est ut fugiam, et salver in Terra Philisthinorum, ut desperet Saul, cessetque me quaerere in cunctis finibus Israel? fugiam ergo manus eius.
2 ২ এই কাৰণে দায়ুদ উঠিল আৰু নিজৰ ছশ লোকক লগত লৈ মায়োকৰ পুত্ৰ গাতৰ ৰজা আখীচৰ ওচৰলৈ গ’ল।
Et surrexit David, et abiit ipse, et sexcenti viri cum eo, ad Achis filium Maoch regem Geth.
3 ৩ দায়ূদে গাতত আখীচৰ সৈতে বাস কৰিবলৈ ল’লে, তেওঁ আৰু তেওঁৰ লোকসকলে নিজ নিজ পৰিয়ালে সৈতে তাতে বাস কৰিলে। বিশেষকৈ দায়ুদ আৰু তেওঁৰ ভার্যা যিজ্ৰিয়েলীয়া অহীনোৱম আৰু মৃত নাবলৰ তিৰোতা কৰ্মিলীয়া অবীগল তেওঁৰ সৈতে তাতে প্ৰবাস কৰিলে।
Et habitavit David cum Achis in Geth, ipse et viri eius; et domus eius; et David, et duae uxores eius, Achinoam Iezrahelitis, et Abigail uxor Nabal Carmeli.
4 ৪ পাছত চৌলে দায়ুদ পলাই যোৱাৰ খবৰ শুনিলে আৰু তেওঁক বিচাৰি নুফুৰিলে।
Et nunciatum est Sauli quod fugisset David in Geth, et non addidit ultra quaerere eum.
5 ৫ তাৰ পাছত দায়ূদে আখীচক ক’লে, “মই যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তেনেহলে দেশৰ নগৰবোৰৰ মাজৰ কোনো এখন নগৰত মোক থকিবলৈ ঠাই দিয়ক; কিয়নো আপোনাৰ এই দাসে আপোনাৰ লগত ৰাজধানীত কিয় বসতি কৰিব?”
Dixit autem David ad Achis: Si inveni gratiam in oculis tuis, detur mihi locus in una urbium regionis huius, ut habitem ibi: cur enim manet servus tuus in civitate regis tecum?
6 ৬ তাতে আখীচে সেইদিনা চিক্লগ নগৰ তেওঁক দিলে; সেয়ে আজিলৈকে চিক্লগ যিহূদাৰ ৰজাসকলৰ অধিকাৰত আছে।
Dedit itaque ei Achis in die illa Siceleg: propter quam causam facta est Siceleg regum Iuda, usque in diem hanc.
7 ৭ দায়ূদে পলেষ্টীয়াসকলৰ দেশত সম্পূৰ্ণ এবছৰ চাৰি মাহ বাস কৰিলে।
Fuit autem numerus dierum, quibus habitavit David in regione Philisthinorum, quattuor mensium.
8 ৮ সেই সময়ত দায়ুদ আৰু তেওঁৰ লোকসকলে গৈ, গচুৰীয়া, গিৰ্জীয়া, আৰু অমালেকীয়া লোকসকলক আক্ৰমণ কৰিবলৈ গৈছিল; কিয়নো এই লোকসকলে অতীতত চূৰৰ পৰা মিচৰ দেশলৈকে বাস কৰি আছিল।
Et ascendit David, et viri eius, et agebant praedas de Gessuri, et de Gerzi, et de Amalecitis: hi enim pagi habitabantur in terra antiquitus, euntibus Sur usque ad Terram Aegypti.
9 ৯ দায়ূদে সেই দেশত থকা লোকসকলক আক্ৰমণ কৰিলে আৰু তেওঁলোকৰ পুৰুষ-মহিলা কাকো জীয়াই নাৰাখিলে। তাৰ পৰা সকলো মেৰ-ছাগ, গৰু, গাধ, উট, আৰু কাপোৰ আদি লৈ আখীচৰ ওচৰলৈ উভতি আহিল।
Et percutiebat David omnem terram, nec relinquebat viventem virum et mulierem: tollensque oves, et boves, et asinos, et camelos, et vestes, revertebatur, et veniebat ad Achis.
10 ১০ তাতে আখীচে ক’লে, “আজি তোমালোকে কাৰ বিৰুদ্ধে আক্রমণ কৰিছিলা?” তেতিয়া দায়ূদে উত্তৰ দি ক’লে, “যিহূদাৰ দক্ষিণ অঞ্চলৰ বিৰুদ্ধে,” বা “কেনীয়া সকলৰ দক্ষিণ অঞ্চলৰ বিৰুদ্ধে,” বা “যিৰহমেলীয়া সকলৰ দক্ষিণ অঞ্চলৰ বিৰুদ্ধে।”
Dicebat autem ei Achis: In quem irruisti hodie? Respondebat David: Contra meridiem Iudae, et contra meridiem Ierameel, et contra meridiem Ceni.
11 ১১ কিন্তু ‘দায়ূদে আমাৰ বিৰুদ্ধে এনে কৰ্ম কৰিলে’ এইদৰে সিহঁতে ক’ব পাৰে বুলি ভাবি, দায়ূদে কোনো পুৰুষ বা মহিলাক গাতলৈ আনিবৰ বাবে জীয়াই নাৰাখিলে। তেওঁ পলেষ্টীয়াসকলৰ দেশত বাস কৰা গোটেই কালত এইদৰে ব্যৱহাৰ কৰিছিল।
Virum et mulierem non vivificabat David, nec adducebat in Geth, dicens: Ne forte loquantur adversum nos: Haec fecit David: et hoc erat decretum illi omnibus diebus quibus habitavit in regione Philisthinorum.
12 ১২ আখীচে দায়ূদক বিশ্বাস কৰিছিল আৰু কৈছিল, “তেওঁ নিজ জাতি ইস্ৰায়েলৰ আগত নিজকে অতি ঘিণলগীয়া কৰিছে, গতিকে তেওঁ সদায় মোৰ দাস হৈ থাকিব।”
Credidit ergo Achis David, dicens: Multa mala operatus est contra populum suum Israel: erit igitur mihi servus sempiternus.