< ১ সামুয়েল 26 >
1 ১ পাছত জীফীয়াসকলে গিবিয়াত থকা চৌলৰ ওচৰলৈ গ’ল আৰু ক’লে, “দায়ুদ জানো মৰুপ্ৰান্তৰ সন্মুখত থকা হখীলা পাহাৰত লুকাই থকা নাই?”
जीपीहरू गिबामा शाऊलकहाँ आए र भने, “के दाऊद यशीमोन सामुन्नेको हकीलाहको पहाडमा लुकिरहेका छैनन्?”
2 ২ তেতিয়া চৌল উঠিল আৰু জীফৰ মৰুপ্ৰান্তলৈ নামি গ’ল। তাতে তেওঁ ইস্ৰায়েলৰ তিনি হাজাৰ মনোনীত লোকক লগত ল’লে আৰু জীফৰ মৰুপ্ৰান্তলৈ দায়ূদক বিচাৰি গ’ল।
तब शाऊल उठे र इस्राएलका चुनिएका तिन हजार मानिसलाई आफूसित लिएर जीपको उजाड-स्थानमा दाऊदलाई खोज्न तल गए ।
3 ৩ চৌলে হখীলা পাহাৰত ছাউনি পাতিলে, সেয়া মৰুপ্ৰান্তৰ পথৰ দাতিত আছিল। কিন্তু দায়ুদ মৰুপ্ৰান্তত আছিল, তেওঁ দেখিলে যে চৌলে তেওঁক বিচাৰি মৰুপ্ৰান্তলৈ আহিছে।
शाऊलले हकीलाहको पहाडमा छाउनी हाले, जुन यशीमोनको अगाडीतिर बाटोको छेउमा छ । तर दाऊदचाहिं उजाड-स्थानमा बसिरहेका थिए र शाऊल तिनको पछिपछि उजाड-स्थानमा आएको तिनले देखे ।
4 ৪ তেতিয়া তালৈ দায়ুদে চোৰাং-চোৱা পঠিয়ালে আৰু চৌল যে নিশ্চয়ে আহিছে, সেই বিষয়ে জানিব বিচাৰিলে।
त्यसैले शाऊल साँच्चै नै आएका थिए भनी थाहा पाउनलाई दाऊदले गुप्तचरहरू पठाए ।
5 ৫ পাছত দায়ুদ উঠিল আৰু চৌলে ছাউনি পতা ঠাইলৈ গ’ল। তেওঁ চৌল আৰু তেওঁৰ সেনাপতি নেৰৰ পুত্ৰ অবনেৰৰ শোৱা ঠাই চালে; তেতিয়া চৌল ছাউনিৰ ভিতৰত শুই আছিল আৰু লোকসকল ছাউনিৰ চাৰিওফালে শুই আছিল।
दाऊद उठे र शाऊलले छाउनी हालेको ठाउँमा गए । शाऊल र तिनका फौजका सेनापति नेरका छोरा अबनेर कहाँ सुतेका ठाउँ देखे । शाऊल छाउनीमा सुते र मानिसहरूले तिनका वरिपरि छाउनी हालेका थिए र सबै मस्त निद्रामा थिए ।
6 ৬ তাতে দায়ূদে হিত্তীয়া অহীমেলক আৰু চৰূয়াৰ পুত্ৰ যোৱাবৰ ভায়েক অবীচয়ক ক’লে, “চৌলৰ ছাউনিৰ ওচৰলৈ মোৰ লগত কোন যাব?” অবীচয়ে ক’লে, “আপোনাৰ লগত মই যাম।”
तब दाऊदले हित्ती अहीमेलेक, योआबका भाइ सरूयाहका छोरा अबीशैलाई भने, “शाऊलको छाउनीमा तल मसँग को जानेछ?” अबीशैले भने, “म! म तपाईंसँग जानेछु ।”
7 ৭ সেয়ে দায়ুদ আৰু অবীচয়ে সেই ৰাতি সেনাসকলৰ ওচৰলৈ গৈ দেখিলে যে, চৌল ছাউনিৰ ভিতৰত শুই আছে আৰু তেওঁৰ মূৰ-শিতানৰ ওচৰত তেওঁৰ যাঠী মাটিত খোঁচ মাৰি থোৱা আছে। অবনেৰ আৰু তেওঁৰ সেনাসকলে তেওঁৰ চাৰিওফালে শুই আছিল।
त्यसैले दाऊद र अबीशै राती फौज भएको ठाउँतिर गए । शाऊल आफ्नो भाला आफ्नो शिर नजिकै भूइँमा गाडेर छाउनीभित्र सुतिरहेका थिए । अबनेर र तिनका सिपाहीहरू तिनको वरिपरि सुतेका थिए ।
8 ৮ তেতিয়া অবীচয়ে দায়ূদক ক’লে, “আজি ঈশ্বৰে আপোনাৰ শত্ৰুক আপোনাৰ হাতত সমৰ্পণ কৰিছে, এতিয়া যাঠীৰে তেওঁক একেবাৰে মাটিয়ে সৈতে শালিবলৈ মোক অনুমতি দিয়ক; মই তেওঁক দ্ধিতীয়বাৰ আঘাত নকৰোঁ।”
अबीशैले दाऊदलाई भने, “परमेश्वरले आज तपाईंको शत्रुलाई तपाइईंको हातमा दिनुभएको छ । कृपया, तिनलाई एकै प्रहारमा भालाले भूइँमा रोप्न मलाई दिनुहोस् । म तिनलाई दोस्रो पटक प्रहार गर्दिनँ ।”
9 ৯ দায়ূদে অবীচয়ক ক’লে, “তেওঁক বিনষ্ট নকৰিবা; কাৰণ যিহোৱাৰ অভিষিক্ত জনৰ বিৰুদ্ধে হাত দাঙি কোনো নিৰপৰাধী হৈ থাকিব নোৱাৰে?”
दाऊदले अबीशैलाई भने, “तिनलाई नाश नगर । किनकि परमप्रभुको अभिषिक्त जनमाथि हात उठाएर कोचाहिं दोषरहित हुन सक्छ?”
10 ১০ দায়ূদে পুনৰ ক’লে, “যিহোৱাৰ জীৱনৰ শপত, তেওঁক যিহোৱাই আঘাত কৰিব, বা তেওঁৰ অন্তিম কাল আহিলে তেওঁ নিজে মৰিব, নাইবা তেওঁ ৰণলৈ গৈ তাতেই বিনষ্ট হ’ব।
दाऊदले भने, “जस्तो परमप्रभु जीवित हुनुहुन्छ, परमप्रभुले नै तिनलाई मार्नुहुनेछ वा मर्नलाई तिनको दिन आउनेछ वा तिनी युद्धमा जानेछन् र नाश हुनेछन् ।
11 ১১ মই যে যিহোৱাৰ অভিষিক্ত জনৰ বিৰুদ্ধে হাত দাঙিম, যিহোৱাই মোৰ পৰা এনে কাৰ্য দূৰ কৰক; কিন্তু মই বিনয় কৰোঁ, তুমি এতিয়া গৈ, তেওঁৰ মূৰ-শিতানৰ ওচৰত থকা যাঠি আৰু জলপাত্ৰটো লৈ আহাঁ, তাৰ পাছত আমি গুচি যাম।”
परमप्रभुको अभिषिक्त जनामाथि मैले आफ्नो हात उठाउने कुरा उहाँले दूर गर्नुभएको होस् । तर अब म तिमीलाई अनुरोध गर्छु, तिनको शिरमा भएको भाला र पानीको सुराही लेऊ र हामी जाऔं ।”
12 ১২ এইদৰে দায়ূদে চৌলৰ মূৰ-শিতানৰ ওচৰৰ পৰা সেই যাঠি আৰু জলপাত্ৰটো লৈ আতৰি আহিল, কিন্তু কোনেও তাক নেদেখিলে আৰু নাজানিলে। তেতিয়া কোনেও সাৰ নাপালে; কিয়নো সকলোৱেই নিদ্ৰিত আছিল, কাৰণ যিহোৱাই তেওঁলোকক ঘোৰ নিদ্ৰাত পেলাইছিল।
त्यसैले दाऊदले भाला र पानीको सुराही शाऊलको शिरनेरबाट लिए र तिनीहरू गए । तिनीहरूलाई कसैले देखेन वा यो कसैले थाहा पाएन, न त कोही ब्युँझिए, किनकि तिनीहरू सबै मस्त निदाएका थिए, किनकि परमप्रभुबाट आएको गहिरो निद्रा तिनीहरूमाथि परेको थियो ।
13 ১৩ পাছত দায়ুদ আনফালে গ’ল আৰু পৰ্ব্বতৰ টিঙলৈ উঠি গ’ল; তেওঁলোকৰ মাজত বৰ বহল ঠাই আছিল।
तब दाऊद पारिपट्टि गए र टाढा पहाडको टाकुरमा खडा भए । तिनीहरू बिच लामो दूरी थियो ।
14 ১৪ তেতিয়া দায়ূদে লোকসকলক আৰু নেৰৰ পুত্ৰ অবনেৰক মাতি ৰিঙিয়াই ক’লে, হে অবনেৰ, তুমি জানো উত্তৰ নিদিয়া? তাতে অবনেৰে উত্তৰ দি ক’লে, “ৰজালৈ চিঞৰি কোৱা তুমি কোন?”
दाऊदले मानिसहरू र नेरका छोरा अबनेरलाई कराए । तिनले भने, “ए अबनेर के तिमीले जवाफ दिंदैनौ?” तब अबनेरले जवाफ दिए र भने, “राजामाथि कराउने तिमी को हौ?”
15 ১৫ পাছত দায়ুদে অবনেৰক কলে, “তুমি জানো বীৰ নোহোৱা? ইস্ৰায়েলৰ মাজত তোমাৰ নিচিনা কোন আছে? তেনেহলে তুমি নিজ প্ৰভু ৰজাক কিয় ক্ষমা নকৰিবা? কিয়নো চোৱা, তোমাৰ প্ৰভু ৰজাক ধ্বংস কৰিবলৈ লোকসকলৰ মাজত কোনোবা এজন সোমাইছিল।
दाऊदले अबनेरलाई भने, “के तिमी साहसी मानिस होइनौ? इस्राएलमा तिमी जस्तो को छ? तिमीले आफ्नो मालिक राजाको किन हेरचाह गरेनौ? किनकि तिम्रो मालिक राजालाई मार्न कोही आयो ।
16 ১৬ তুমি ভাল কৰ্ম কৰা নাই। যিহোৱাৰ জীৱনৰ শপত, তোমালোক প্ৰাণণ্ডৰ যোগ্য; কিয়নো তোমালোকে যিহোৱাৰ অভিষিক্ত তোমালোকৰ প্ৰভুক ৰক্ষা কৰা নাই। আৰু তুমি এতিয়া চোৱা, ৰজাৰ মূৰ-শিতানৰ ওচৰত থকা বৰছা আৰু জলপাত্ৰ ক’ত আছে?
तिमीले गरेको यो कुरा ठीक छैन । जस्तो परमप्रभु जीवित हुनुहुन्छ, तिमी मर्न योग्यका छौ किनभने तिमीले परमप्रभुका अभिषिक्त जन तिम्रो मालिकको हेरचाह गरेका छैनौ । राजाको शिरनेर भएको भाला र पानीको सुराही कहाँ छ, हेर!”
17 ১৭ তেতিয়া চৌলে দায়ুদৰ মাত বুজি পাই ক’লে, “হে মোৰ বোপা দায়ুদ, এয়ে তোমাৰ মাত নে?” তাতে দায়ুদে ক’লে, “হয় প্ৰভু মহাৰাজ, মোৰ মাত।”
शाऊलले दाऊदको सोर चिने र भने, “ए मेरो छोरा दाऊद, के यो तिम्रो सोर हो?” दाऊदले भने, “हो मेरो मालिक, राजा, यो मेरो सोर हो ।”
18 ১৮ তেওঁ পুনৰ ক’লে, “মোৰ প্ৰভুৱে আপোনাৰ দাসৰ পাছে পাছে কিন্তু খেদি আহিছে? মই নো কি কৰিলোঁ? আৰু মোৰ হাতত বা কি অনিষ্ট আছে?
तिनले भने, “मेरो मालिकले आफ्नो दासको किन खेदो गर्नुहुन्छ? मैले के गरेको छु? मेरो हातमा के खराबी छ?
19 ১৯ এই হেতুকে বিনয় কৰোঁ, মোৰ প্ৰভু মহাৰাজে আপোনাৰ দাসৰ কথা শুনক। যদি যিহোৱাই মোৰ বিৰুদ্ধে আপোনাক উদগাই থাকে, তেন্তে তেওঁ নৈবেদ্যৰ ঘ্ৰাণ গ্ৰহণ কৰক; কিন্তু যদি মানুহৰ সন্তান সকলেহে তাক কৰে, তেন্তে সিহঁত যিহোৱাৰ সাক্ষাতে শাপগ্ৰস্ত হওঁক; কিয়নো মই যেন যিহোৱাৰ আধিপত্যৰ ভগী নহ’ম, এই কাৰণে সিহঁতে অন্য দেৱতাবোৰৰ আৰাধনা কৰাগৈ বুলি মোক আজি বাহিৰ কৰি খেদিলে।
यसकारण अब, म तपाईंलाई बिन्ती गर्छु, मेरो मालिक राजाले आफ्नो दासको कुरा सुन्नुहोस् । परमप्रभुले नै तपाईंलाई मेरो विरुद्धमा उक्साउनुभएको हो भने, उहाँले बलिदान ग्रहण गर्नुभएको होस् । तर यो मानवजाति हो भने, तिनीहरू परमप्रभुको सामु श्रापित होऊन्, किनकि तिनीहरूले मलाई आज बाहिर धपाएका छन्, ताकि म परमप्रभुको उत्तराधिकारमा रहन नसकौं । तिनीहरूले मलाई भनेका छन्, 'अरू देवताहरूको पुजा गर्न जाऊ ।'
20 ২০ এই হেতুকে এতিয়া যিহোৱাৰ অসাক্ষাতে মোৰ তেজ ভুমিত নপৰক; কিয়নো পৰ্ব্বতত কইৰা চৰাইৰ পাছত খেদি ফুৰা চিকাৰীৰ নিচিনাকৈ, ইস্ৰায়েলৰ ৰজাই এটি কুকুৰচিটিকাক বিচাৰি ওলাই আহিছে।”
यसकारण अभ, मेरो रगत परमप्रभुको उपस्थितिबाट टाढा पृथ्वीमा नबगोस् । किनभने इस्राएलका राजा शिकारीले तित्रालाई पहाडहरूमा खेदेझैं एउटा उपियाँलाई खोज्न निस्केर आएका छन् ।”
21 ২১ তাতে চৌলে ক’লে, “মই পাপ কৰিলোঁ। হে মোৰ বোপা দায়ুদ, তুমি উভটি আহাঁ; মই তোমাক পুনৰ হিংসা নকৰোঁ; কিয়নো আজি মোৰ প্ৰাণ তোমাৰ দৃষ্টিত মহামূল্যৱান হ’ল; চোৱা, মই অজ্ঞানৰ কৰ্ম কৰিলোঁ আৰু অতিশয় ভুলত পৰিলোঁ।”
तब शाऊलले भने, “मैले पाप गरेको छु । ए मेरा छोरा दाऊद फर्क । किनकि अब तिम्रो हानि गर्नेछैन, किनभने तिम्रो दृष्टिमा मेरो जीवन बहुमूल्य थियो । हेर, मैले मूर्खता गरेको छु र धेरै ठुलो गल्ती गरेको छु ।”
22 ২২ পাছত দায়ূদে উত্তৰ দিলে, “হে মহাৰাজ, যাঠিডাল চাওক; আৰু ডেকাসকলৰ কোনো এজনে আহি ইয়াক লৈ যাওক।
दाऊदले जवाफ दिए र भने, “हेर्नुहोस्, हे राजा, तपाईंको भाला यहाँ छ! जवान मानिसमध्ये एक जना यता आओस् र यसलाई तपाईंकहाँ लैजाओस् ।
23 ২৩ যিহোৱাই প্ৰতিজনক তাৰ ধাৰ্মিকতা আৰু বিশ্বস্ততা অনুসাৰে প্ৰতিফল দিব; কিয়নো যিহোৱাই আজি আপোনাক মোৰ হাতত শোধাই দিছিল, কিন্তু মই যিহোৱাৰ অভিষিক্ত জনৰ বিৰুদ্ধে হাত দাঙিবলৈ সন্মত নহ’লো।
हरेक मानिसलाई आफ्नो धार्मिकता र विश्वस्तताको निम्ति परमप्रभुले नै इनाम दिनुभएको होस् । किनभने परमप्रभुले तपाईंलाई आज मेरो हातमा दिनुभयो, तर मैले उहाँको अभिषिक्त जनलाई प्रहार गरिनँ ।
24 ২৪ এই হেতুকে চাওক, আজি যেনেকৈ মোৰ সাক্ষাতে আপোনাৰ প্ৰাণ মহামূল্যৱান হ’ল, তেনেকৈ যিহোৱাৰ সাক্ষাতে মোৰ প্ৰাণো মহামূল্যৱান হওক, আৰু তেওঁ সকলো সঙ্কটৰ পৰা মোক উদ্ধাৰ কৰক।”
हेर्नुहोस्, आज मेरो दृष्टिमा जसरी तपाईंको जीवन बहुमूल्य थियो, त्यसरी नै मेरो जीवन परमप्रभुको दृष्टिमा धेरै मूल्यवान होस् र उहाँले नै मलाई मेरा सबै कष्टहरूबाट छुटकारा दिनुभएको होस् ।
25 ২৫ পাছত চৌলে দায়ূদক ক’লে, “হে মোৰ বোপা দায়ুদ, তুমি ধন্য; তুমি অৱশ্যে মহৎ কৰ্ম কৰিবা, আৰু কৃতকাৰ্যও হ’বা।” পাছত দায়ূদে নিজ বাটেদি গুচি গ’ল, আৰু চৌলো তেওঁৰ ঠাইলৈ উভটি গ’ল।
तब शाऊलले दाऊदलाई भने, “ए मेरा छोरा दाऊद, तिमीलाई आशिष् मिलोस्! तिमीले निश्चय नै ठुला कुराहरू गर्नेछौ र तिनमा तिमी सफल हुनेछौ ।” त्यसैले दाऊद आफ्नो बाटो लागे र शाऊल आफ्नै ठाउँतिर फर्के ।