< ১ সামুয়েল 25 >
1 ১ চমূৱেলৰ মৃত্যু হ’ল। ইস্ৰায়েলৰ সকলো লোক গোট খাই তেওঁৰ বাবে বিলাপ কৰিলে, আৰু ৰামাত থকা তেওঁৰ ঘৰতে তেওঁক মৈদাম দিলে। তাৰ পাছত দায়ূদে তাৰ পৰা মৰুপ্ৰান্তত থকা পাৰণলৈ গ’ল।
Samuẹli sì kú; gbogbo ènìyàn Israẹli sì kó ara wọn jọ, wọ́n sì sọkún rẹ̀ wọ́n sì sin ín nínú ilé rẹ̀ ní Rama. Dafidi sì dìde, ó sì sọ̀kalẹ̀ lọ sí ijù Parani.
2 ২ সেই সময়ত মায়োনৰ এজন মানুহ আছিল, তেওঁৰ সম্পত্তি কৰ্মিলত আছিল। তেওঁ ধনৱান লোক আছিল। তেওঁৰ তিনি হাজাৰ মেৰ-ছাগ আৰু এক হাজাৰ ছাগলী আছিল; তেওঁ কৰ্মিলত নিজৰ ভেড়াবোৰৰ নোম কাটি আছিল।
Ọkùnrin kan sì ń bẹ ní Maoni, ẹni tí iṣẹ́ rẹ̀ ń bẹ ní Karmeli; ọkùnrin náà sì ní ọrọ̀ púpọ̀, ó sì ní ẹgbẹ̀rún mẹ́ta àgùntàn, àti ẹgbẹ̀rún ewúrẹ́: ó sì ń rẹ irun àgùntàn rẹ̀ ní Karmeli.
3 ৩ তেওঁৰ নাম নাবল আছিল, আৰু তেওঁৰ ভাৰ্য্যাৰ নাম অবীগল আছিল। মহিলাগৰাকী জ্ঞানী আৰু দেখাত ধুনীয়া আছিল, কিন্তু মানুহজন কঠিন-মনা আৰু দুষ্ট আছিল। তেওঁ কালেবৰ বংশৰ আছিল।
Orúkọ ọkùnrin náà sì ń jẹ́ Nabali, orúkọ aya rẹ̀ ń jẹ́ Abigaili; òun sì jẹ́ olóye obìnrin, àti arẹwà ènìyàn; ṣùgbọ́n òǹrorò àti oníwà búburú ni ọkùnrin; ẹni ìdílé Kalebu ni òun jẹ́.
4 ৪ দায়ূদে মৰুপ্ৰান্তৰত শুনিলে যে, নাবলে নিজৰ মেৰ-ছাগবোৰৰ নোম কটি আছে।
Dafidi sì gbọ́ ní aginjù pé Nabali ń rẹ́ irun àgùntàn rẹ̀.
5 ৫ সেয়ে দায়ূদে দহ জন যুৱকক সেই ঠাইলৈ পঠালে। দায়ূদে যুৱক সকলক ক’লে, “কৰ্মিলত থকা নাবলৰ ওচৰলৈ যোৱা আৰু মোৰ নামেৰে তেওঁক মঙ্গলবাদ কৰিবা।
Dafidi sì rán ọmọkùnrin mẹ́wàá, Dafidi sì sọ fún àwọn ọ̀dọ́kùnrin náà pé, “Ẹ gòkè lọ sí Karmeli, kí ẹ sì tọ Nabali lọ, kí ẹ sì kí i ni orúkọ mi.
6 ৬ তোমালোকে তেওঁক ক’বা, ‘আপোনাৰ মঙ্গল হওক আৰু আপোনাৰ ঘৰৰ মঙ্গল, আৰু আপোনাৰ যি আছে সকলোৰে মঙ্গল হওক।
Báyìí ni ẹ ó sì wí fún ẹni tí ó wà ni ìrora pé, ‘Àlàáfíà fún ọ! Àlàáfíà fún ohun gbogbo tí ìwọ ní!
7 ৭ মই শুনিলোঁ যে আপুনি নোম কটি আছে। আপোনাৰ মেৰৰখীয়াসকল আমাৰ লগত থাকোঁতে, আমি তেওঁলোকক অনিষ্ট কৰা নাছিলোঁ, আৰু তেওঁলোক যেতিয়ালৈকে কৰ্মিলত আছিল, তেতিয়ালৈকে তেওঁলোকৰ একো হেৰুৱা নাছিল।
“‘Ǹjẹ́ mo gbọ́ pé, àwọn olùrẹ́run ń bẹ lọ́dọ̀ rẹ. Wò ó, àwọn olùṣọ́-àgùntàn rẹ ti wà lọ́dọ̀ wa àwa kò sì pa wọ́n lára, wọn kò sì sọ ohunkóhun nù ní gbogbo ọjọ́ tí wọ́n wà ní Karmeli.
8 ৮ আপোনাৰ যুৱকসলক সোধক, তেওঁলোকে আপোনাক ক’ব। এই হেতুকে এতিয়া মোৰ যুৱকসকলে আপোনাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হওক, কাৰণ আমি শুভ দিনতে আহিছোঁ। আমি বিনয় কৰোঁ, আপোনাৰ দাসবোৰক, আৰু আপোনাৰ পুত্ৰ দায়ূদক আপোনাৰ শক্তি অনুসাৰে কিছু দিয়ক’।”
Bi àwọn ọmọkùnrin rẹ léèrè, wọn ó sì sọ fún ọ. Nítorí náà, jẹ́ kí àwọn ọmọkùnrin wọ̀nyí rí ojúrere lọ́dọ̀ rẹ; nítorí pé àwa sá wá ní ọjọ́ àsè: èmi bẹ̀ ọ́ ohunkóhun tí ọwọ́ rẹ bá bà, fi fún àwọn ìránṣẹ́ rẹ, àti fún Dafidi ọmọ rẹ.’”
9 ৯ যেতিয়া দায়ূদৰ যুৱকসকলে গৈ, দায়ূদৰ হৈ নাবলক সেই সকলো কথা কৈ অপেক্ষা কৰিলে।
Àwọn ọmọkùnrin Dafidi sì lọ, wọ́n sì sọ fún Nabali gẹ́gẹ́ bí gbogbo ọ̀rọ̀ wọ̀nyí ní orúkọ Dafidi, wọ́n sì sinmi.
10 ১০ নাবলে উত্তৰ দি দায়ূদৰ দাসবোৰক ক’লে, “দায়ুদ কোন? আৰু যিচয়ৰ পুত্ৰ কোন? আজি-কালি নিজ মালিকৰ পৰা আঁতৰি যোৱা এনে বহুত দাস আছে।
Nabali sì dá àwọn ìránṣẹ́ Dafidi lóhùn pé, “Ta ni ń jẹ́ Dafidi? Tàbí ta ni sì ń jẹ́ ọmọ Jese? Ọ̀pọ̀lọpọ̀ ìránṣẹ́ ni ń bẹ ni ìsinsin yìí tí wọn sá olúkúlùkù kúrò lọ́dọ̀ olúwa rẹ̀.
11 ১১ তেন্তে মই মোৰ পিঠা আৰু পানী আৰু মোৰ মেৰ-ছাগৰ নোম-কটাসকলৰ কাৰণে ৰখা পশুৰ মাংস, এনে মানুহক দিম নে যি সকল কৰ পৰা আহিছে মই নাজানো?”
Ǹjẹ́ ki èmi o mú oúnjẹ mi, àti omi mi, àti ẹran mi ti mo pa fún àwọn olùrẹ́run mi, ki èmi sì fi fún àwọn ọkùnrin ti èmi kò mọ̀ ibi wọ́n ti wá?”
12 ১২ তাতে দায়ূদৰ যুৱকসকলে তাৰ পৰা ঘূৰি আহিল, আৰু তেওঁ কোৱা সকলো কথা তেওঁক ক’লে।
Bẹ́ẹ̀ ni àwọn ọmọkùnrin Dafidi sì mú ọ̀nà wọn pọ̀n, wọ́n sì padà, wọ́n sì wá, wọn si rò fún un gẹ́gẹ́ bi gbogbo ọ̀rọ̀ wọ̀nyí.
13 ১৩ দায়ূদে নিজৰ লোকসকলক ক’লে, “প্ৰতিজনে তৰোৱাল বান্ধা।” তাতে প্ৰতিজনে নিজ নিজ তৰোৱাল বান্ধিলে, আৰু দায়ূদেও নিজৰ তৰোৱাল বান্ধিলে; দায়ূদৰ লগত প্ৰায় চাৰি শ লোক গ’ল, আৰু সামগ্ৰী ৰাখিবৰ বাবে দুশ লোক থাকিল।
Dafidi sí wí fún àwọn ọmọkùnrin rẹ̀ pé, “Kí olúkúlùkù yín ó di idà rẹ́ mọ́ ìdí,” olúkúlùkù ọkùnrin sì di idà tirẹ̀ mọ́ ìdí; àti Dafidi pẹ̀lú sì di idà tirẹ̀; ìwọ̀n irinwó ọmọkùnrin si gòkè tọ Dafidi lẹ́yìn; igba si jókòó níbi ẹrù.
14 ১৪ কিন্তু দাসবোৰৰ এজনে নাবলৰ ভাৰ্যা অবীগলক ক’লে, “দায়ূদে আমাৰ প্ৰভুক মঙ্গলবাদ কৰিবলৈ মৰুপ্ৰান্তৰ পৰা বাৰ্তাবাহকক পঠাইছিল, কিন্তু তেওঁ তেওঁলোকক অপমান কৰিলে।
Ọ̀kan nínú àwọn ọmọkùnrin Nabali si wí fún Abigaili aya rẹ̀ pé, “Wo o, Dafidi rán oníṣẹ́ láti aginjù wá láti kí olúwa wa; ó sì kanra mọ́ wọn.
15 ১৫ কিন্তু সেই লোকসকল আমাৰ পক্ষে বৰ ভাল আছিল; আমি যিমান দিন তেওঁলোকৰ লগত পথাৰত আছিলোঁ, আমাৰ কোনো অপকাৰ হোৱা নাছিল, আৰু একো হেৰোৱাও নাছিল।
Ṣùgbọ́n àwọn ọkùnrin náà ṣe oore fún wa gidigidi, wọn kò ṣe wá ní ibi kan, ohunkóhun kò nù ni ọwọ́ wa ni gbogbo ọjọ́ ti àwa bá wọn rìn nígbà ti àwa ń bẹ lóko.
16 ১৬ আমি যেতিয়ালৈকে তেওঁলোকৰ ওচৰত থাকি মেৰ ৰখিছিলোঁ, তেতিয়ালৈকে তেওঁলোক দিনে-ৰাতিয়ে আমাৰ চাৰিওফালে গড়স্বৰূপ হৈ আছিল।
Odi ni wọ́n sá à jásí fún wa lọ́sàn án, àti lóru, ni gbogbo ọjọ́ ti a fi bá wọn gbé, tí a n bojútó àwọn àgùntàn.
17 ১৭ সেয়ে এতিয়া কি কৰা উচিত, সেই বিষয়ে আপুনি বিবেচনা কৰি চাওক; কাৰণ আমাৰ মালিক আৰু তেওঁৰ বংশৰসকলোৰে বিৰুদ্ধে অমঙ্গল থিৰ কৰা হৈছে; কাৰণ তেওঁ এনে দুৰ্জন যে, তেওঁক কোনোৱে একো ক’ব নোৱাৰে।”
Ǹjẹ́, rò ó wò, kí ìwọ sì mọ èyí ti ìwọ yóò ṣe; nítorí pé a ti gbèrò ibi sí olúwa wa, àti sí gbogbo ilé rẹ̀; òun sì jásí ọmọ Beliali tí a kò le sọ̀rọ̀ fún.”
18 ১৮ তাতে অবীগলে শীঘ্ৰে দুশ পিঠা, দুবটল দ্ৰাক্ষাৰস, পাঁচটা যুগুত কৰা মেৰ-ছাগ, পাঁচ চেয়া ভজা শস্য, এশ থোপা শুকান দ্ৰাক্ষাগুটি, আৰু দুশ লদা ডিমৰু গুটি লৈ গাধবোৰৰ পিঠিৰ ওপৰত বোজা দিলে।
Abigaili sì yára, ó sì mú igbá ìṣù àkàrà àti ìgò ọtí wáìnì méjì, àti àgùntàn márùn-ún, tí a ti ṣè, àti òsùwọ̀n àgbàdo yíyan márùn-ún, àti ọgọ́rùn-ún ìdì àjàrà, àti igba àkàrà èso ọ̀pọ̀tọ́, ó sì dìwọ́n ru kẹ́tẹ́kẹ́tẹ́.
19 ১৯ তেওঁ নিজৰ যুৱকজনক ক’লে, “তোমালোক মোৰ আগত যোৱা, আৰু মই তোমালোকৰ পাছত যাম।” কিন্তু তেওঁ নিজৰ স্ৱামী নাবলক হলে, এই বিষয়ে একো নক’লে।
Òun sì wí fún àwọn ọmọkùnrin rẹ̀ pé, “Máa lọ níwájú mi; wò ó, èmi ń bọ̀ lẹ́yìn yín,” ṣùgbọ́n òun kò wí fún Nabali baálé rẹ̀.
20 ২০ তাৰ পাছত তেওঁ গাধত উঠি পৰ্বতৰ মাজেদি মানুহে দেখা পাব নোৱাৰা বাটেদি নামি গ’ল, তাতে দায়ুদ আৰু তেওঁৰ লোকসকল তেওঁৰ সন্মুখেদি নামি আহিল, আৰু তেওঁ তেওঁলোকক লগ পালে।
Bí o ti gun orí kẹ́tẹ́kẹ́tẹ́ tí ó sì ń sọ̀kalẹ̀ sí ibi ìkọ̀kọ̀ òkè náà, wò ó, Dafidi àti àwọn ọmọkùnrin rẹ̀ sì sọ̀kalẹ̀ níwájú rẹ̀; òun sì wá pàdé wọn.
21 ২১ দায়ূদে কৈছিল, “মৰুপ্ৰান্তত থকা তেওঁৰ বস্তুবোৰ মই বৃথাই এনেকৈ পহৰা দিলোঁ যে, তাৰ সকলো বস্তুৰ মাজৰ একোৱেই নেহেৰাল, আৰু তেওঁ উপকাৰৰ সলনি মোলৈ অপকাৰহে কৰিলে।
Dafidi sì ti wí pé, “Ǹjẹ́ lásán ni èmi ti pa gbogbo èyí tí i ṣe ti eléyìí ní aginjù, ti ohunkóhun kò sì nù nínú gbogbo èyí ti í ṣe tirẹ̀: òun ni ó sì fi ibi san ìre fún mi yìí.
22 ২২ বেলি উদয় হোৱাৰ আগেয়ে মই যদি তেওঁৰ বংশৰ মাজৰ এজন মানুহকো জিৱিত ৰাখোঁ, তেনেহলে ঈশ্বৰে দায়ূদৰ শত্ৰুবোৰলৈ এনেকৈ আৰু তাতকৈ অধিক দণ্ড দিয়ক।
Bẹ́ẹ̀ àti jù bẹ́ẹ̀ lọ, ni ki Ọlọ́run ó ṣe sí àwọn ọ̀tá Dafidi, bi èmi bá fi ọkùnrin kan sílẹ̀ nínú gbogbo èyí tí i ṣe tirẹ̀ títí di ìmọ́lẹ̀ òwúrọ̀.”
23 ২৩ যেতিয়া অবীগলে দায়ূদক দেখিলে, গাধৰ পৰা বেগাই নামি দায়ূদৰ আগত মাটিলৈ মুখ কৰি পৰি প্ৰণিপাত কৰিলে।
Abigaili sì rí Dafidi, ó sì yára, ó sọ̀kalẹ̀ lórí kẹ́tẹ́kẹ́tẹ́, ó sì dojúbolẹ̀ níwájú Dafidi, ó sì rẹ ara rẹ̀ sílẹ̀.
24 ২৪ আৰু তেওঁৰ ভৰিত পৰি ক’লে, “হে মোৰ প্ৰভু, মোৰ ওপৰতেই এই অপৰাধ পৰক; আৰু মই বিনয় কৰোঁ, আপোনাৰ দাসীক আপোনাৰ আগত কথা ক’বলৈ অনুমতি দিয়ক, আৰু আপোনাৰ দাসীৰ কথা শুনক।
Ó sì wólẹ̀ lẹ́bàá ẹsẹ̀ rẹ̀, ó wí pé, “Olúwa mi, fi ẹ̀ṣẹ̀ yìí yá mi: kí ó sì jẹ́ kí ìránṣẹ́bìnrin rẹ, èmi bẹ̀ ọ́, sọ̀rọ̀ létí rẹ, kí ó sì gbọ́ ọ̀rọ̀ ìránṣẹ́bìnrin rẹ.
25 ২৫ মোৰ প্ৰভুৱে সেই দুৰ্জন মানুহ নাবলৰ কথা গণ্য নকৰিব, কাৰণ তেওঁৰ নাম যেনে, তেৱোঁ তেনেকুৱাই; তেওঁৰ নাম নাবল, আৰু মুৰ্খতা তেওঁত আছে। কিন্তু মোৰ প্ৰভুৱে পঠোৱা সেই যুৱকসকলক আপোনাৰ এই দাসীয়ে দেখা নাছিল।
Olúwa mi, èmi bẹ̀ ọ́ má ka ọkùnrin Beliali yìí sí, àní Nabali. Nítorí pé bí orúkọ rẹ̀ ti jẹ́ bẹ́ẹ̀ ni òun náà rí. Nabali ni orúkọ rẹ̀, àìmoye si wà pẹ̀lú rẹ̀; ṣùgbọ́n èmi ìránṣẹ́bìnrin rẹ kò ri àwọn ọmọkùnrin olúwa mi, ti ìwọ rán.
26 ২৬ এতিয়া হে মোৰ প্ৰভু, মই যিহোৱাৰ জীৱনৰ আৰু আপোনাৰ জীৱনৰো শপত খাই কৈছোঁ, ৰক্তপাত কৰা দোষত দোষী হ’বলৈ, আৰু নিজ হাতেৰে আপোনাৰ প্ৰতিকাৰ সাধিবলৈ যিহোৱাই আপোনাক নিবাৰণ কৰিলে, এই দেখি এতিয়া আপোনাৰ শত্ৰুবোৰ, মোৰ প্ৰভুৰ অনিষ্টলৈ চেষ্টা কৰাসকল নাবলৰ নিচিনা হওক।
Ǹjẹ́ olúwa mi, bi Olúwa ti wà láààyè, àti bí ẹ̀mí rẹ̀ si ti wà láààyè, bi Olúwa sì ti dá ọ dúró láti wá ta ẹ̀jẹ̀ sílẹ̀, àti láti fi ọwọ́ ara rẹ gba ẹ̀san; ǹjẹ́, kí àwọn ọ̀tá rẹ, àti àwọn ẹni tí ń gbèrò ibi sí olúwa mi rí bi i Nabali.
27 ২৭ আৰু এতিয়া এই যি উপহাৰ আপোনাৰ দাসীয়ে নিজৰ প্ৰভুৰ ওচৰলৈ আনিছোঁ, সেই উপহাৰ এনে যুৱক সকলক দিয়া হওক, যিসকল যুৱকে মোৰ প্ৰভুক অনুসৰণ কৰে।
Ǹjẹ́ èyí ni ẹ̀bùn tí ìránṣẹ́bìnrin rẹ mú wá fún olúwa mi, jẹ́ kí a sì fi fún àwọn ọmọkùnrin ti ń tọ olúwa mi lẹ́yìn.
28 ২৮ মই বিনয় কৰোঁ, আপোনাৰ দাসীৰ অপৰাধ ক্ষমা কৰক, কাৰণ যিহোৱাই নিশ্চয় মোৰ প্ৰভুৰ বংশ চিৰস্থায়ী কৰিব, কাৰণ মোৰ প্ৰভুৱে যিহোৱাৰ কাৰণে যুদ্ধ কৰিছে; আৰু আপোনাৰ জীৱনৰ শেষলৈকে আপোনাৰ কোনো অমঙ্গল দেখা নাযাব।
“Èmi bẹ̀ ọ́, fi ìrékọjá arábìnrin rẹ jìn ín, nítorí Olúwa yóò sá ṣe ilé òdodo fún olúwa mi, nítorí pé ó ja ogun Olúwa. Nítorí náà kí a má ri ibi kan ni ọwọ́ rẹ níwọ̀n ìgbà tí ó wà láààyè.
29 ২৯ আৰু এজন লোক আপোনাৰ পাছে পাছে খেদি যাবলৈ আৰু আপোনাৰ প্ৰাণনাশৰ চেষ্টা কৰিবলৈ উঠিলেও, আপোনাৰ ঈশ্বৰ যিহোৱাৰ ওচৰত মোৰ প্ৰভুৰ প্ৰাণ জীৱনস্বৰূপ টোপোলাত বন্ধা থাকিব, আৰু তেওঁ আপোনাৰ শত্ৰুবোৰৰ প্ৰাণ যেন ফিঙ্গাত ৰাখি দলিয়াই পেলাব।
Bí ọkùnrin kan bá sì dìde láti máa lépa rẹ, àti máa wá ẹ̀mí rẹ, a ó sì di ẹ̀mí olúwa mi nínú ìdì ìyè lọ́dọ̀ Olúwa Ọlọ́run rẹ; àti ẹ̀mí àwọn ọ̀tá rẹ ni a ó sì gbọ̀n sọnù gẹ́gẹ́ bí kànnàkànnà jáde.
30 ৩০ যিহোৱাই মোৰ প্ৰভুৰ বিষয়ে যিবোৰ মঙ্গলৰ কথা কৈছে, সেইবোৰ যেতিয়া তেওঁ সফল কৰি আপোনাক ইস্ৰায়েলৰ ওপৰত অধিপতি নিযুক্ত কৰিব,
Yóò sì ṣe, Olúwa yóò ṣe sí olúwa mi gẹ́gẹ́ bí gbogbo ìre tí ó ti wí nípa tirẹ̀, yóò sì yàn ọ́ ni aláṣẹ lórí Israẹli.
31 ৩১ তেতিয়া অকাৰণে হোৱা ৰক্তপাতৰ আৰু আত্ম-প্ৰতিকাৰ-সাধনৰ বাবে মোৰ প্ৰভুৰ হৃদয়ত অসন্তুষ্টি বা শোক নজন্মিব, আৰু যেতিয়া যিহোৱাই মোৰ প্ৰভুৰ মঙ্গল কৰিব, তেতিয়া আপোনাৰ এই দাসীক সোঁৱৰণ কৰিব।”
Èyí kì yóò sì jásí ìbànújẹ́ fún ọ, tàbí ìbànújẹ́ ọkàn fún olúwa mi, nítorí pé ìwọ ta ẹ̀jẹ̀ aláìṣẹ̀ sílẹ̀, tàbí pé olúwa mi gba ẹ̀san fún ara rẹ̀, ṣùgbọ́n nígbà tí Olúwa ba ṣe oore fún olúwa mi, ǹjẹ́ rántí ìránṣẹ́bìnrin rẹ!”
32 ৩২ দায়ূদে অবীগলক ক’লে, “আজি মোৰ লগত তোমাক সাক্ষাৎ কৰিবলৈ যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে তোমাক পঠালে, সেই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা ধন্য।
Dafidi sì wí fún Abigaili pé, “Alábùkún fún ni Olúwa Ọlọ́run Israẹli, tí ó rán ọ lónìí yìí láti pàdé mi.
33 ৩৩ আৰু তোমাৰ বিবেচনা ধন্য, আৰু আজিৰ দিনত ৰক্তপাতৰ দোষৰ ও আত্ম-প্ৰতিকাৰ-সাধনৰ পৰা মোক নিবাৰণ কৰা যি তুমি, তুমিও ধন্য।
Ìbùkún ni fún ọgbọ́n rẹ, alábùkún sì ni ìwọ, tí ó da mi dúró lónìí yìí láti wá ta ẹ̀jẹ̀ sílẹ̀, àti láti fi ọwọ́ mi gba ẹ̀san fún ara mi.
34 ৩৪ কাৰণ সঁচাকৈয়ে, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ জীৱনৰ শপত, তেওঁ তোমাক আঘাত কৰিবলৈ মোক বাধা কৰিলে, তুমি মোক ল’গ কৰিবলৈ শীঘ্ৰে নহা হ’লে, নিশ্চয়ে নাবলৰ সম্পৰ্কীয়সকলৰ মাজৰ সৰু ল’ৰা এজনো ৰাতি পুৱালৈ অৱশিষ্ট নাথাকিলেহেঁতেন।”
Nítòótọ́, bí Olúwa Ọlọ́run Israẹli tí ń bẹ, tí ó da mi dúró láti pa ọ́ lára bí kò ṣe pé bí ìwọ ti yára tí ó sì wá pàdé mi, nítòótọ́ kì bá tí kù fún Nabali di ìmọ́lẹ̀ òwúrọ̀ nínú àwọn ọkùnrin rẹ̀.”
35 ৩৫ সেয়ে দায়ূদে তেওঁৰ বাবে অনা বস্তুবোৰ তেওঁৰ হাতৰ পৰা লৈ তেওঁক ক’লে, “তুমি শান্তিৰে ঘৰলৈ যোৱা; মই তোমাৰ কথা শুনিলোঁ আৰু গ্ৰহণ কৰিলোঁ।”
Bẹ́ẹ̀ ni Dafidi sì gba nǹkan tí ó mú wá fún un lọ́wọ́ rẹ̀, ó sì wí fún un pé, “Gòkè lọ ni àlàáfíà sí ilé rẹ, wò ó, èmi ti gbọ́ ohùn rẹ, inú mi sì dùn sí ọ.”
36 ৩৬ তাৰ পাছত অবীগল নাবলৰ ওচৰলৈ আহিল; আৰু চালে, যে নাবল ৰজাৰ ভোজনৰ দৰে তেওঁৰ ঘৰত ভোজ পাতিছে, আৰু তেওঁ অতিশয় মাতাল হৈ আছিলা আৰু তেওঁৰ মন প্ৰফুল্লিত হৈ আছিল; এই হেতুকে অবীগলে ৰাতিপুৱা নোহোৱালৈকে সেই বিষয়ৰ একোকে তেওঁৰ আগত নক’লে।
Abigaili sì tọ Nabali wá, sì wò ó, òun sì ṣe àsè ni ilé rẹ̀ gẹ́gẹ́ bí àsè ọba: inú Nabali sì dùn nítorí pé, ó ti mú ọtí ni àmupara; òun kò si sọ nǹkan fún un, díẹ̀ tàbí púpọ̀: títí di ìmọ́lẹ̀ òwúrọ̀
37 ৩৭ ৰাতিপুৱা নাবলৰ দ্ৰাক্ষাৰসৰ নিচা শেষ হৈ যোৱাৰ পাছত তেওঁৰ ভাৰ্যাই তেওঁৰ আগত সেই সকলো কথা ক’লে, তেতিয়া তেওঁৰ অন্তৰ ঠৰ হৈ গ’ল আৰু তেওঁৰ হৃদয় শিলৰ দৰে হ’ল।
Ó sì ṣe; ni òwúrọ̀, nígbà ti ọtí náà si dá tán lójú Nabali, obìnrin rẹ̀ sì ro nǹkan wọ̀nyí fún un, ọkàn rẹ sì kú nínú rẹ̀, òun sì dàbí òkúta.
38 ৩৮ আৰু প্ৰায় দহ দিনমানৰ পাছত, যিহোৱাই নাবলক আঘাত কৰিলে অাৰু তেওঁৰ মৃত্যু হ’ল।
Ó sì ṣe lẹ́yìn ìwọ̀n ọjọ́ mẹ́wàá, Olúwa lu Nabali, ó sì kú.
39 ৩৯ দায়ূদে নাবলৰ মৃত্যুৰ কথা শুনি ক’লে, “যিহোৱা ধন্য; নাবলৰ পৰা পোৱা অপমানৰ বিষয়ে মোৰ গোচৰ তেওঁ নিষ্পতি কৰিলে, আৰু নিজ দাসক কুকাৰ্যৰ পৰা ৰক্ষা কৰিলে; আৰু নাবলৰ যি দুষ্কৰ্ম, তাৰ প্ৰতিফল যিহোৱাই তাৰ মূৰত দিলে।” তাৰ পাছত দায়ূদে অবীগলক নিজৰ ভাৰ্যা কৰিবৰ বাবে তেওঁক আনিবলৈ মানুহ পঠালে।
Dafidi sì gbọ́ pé Nabali kú, ó sì wí pé, “Ìyìn ni fún Olúwa tí o gbèjà gígàn mi láti ọwọ́ Nabali wá, tí ó sì dá ìránṣẹ́ rẹ̀ dúró láti ṣe ibi: Olúwa sì yí ìkà Nabali sí orí òun tìkára rẹ̀.” Dafidi sì ránṣẹ́, ó sì ba Abigaili sọ̀rọ̀ láti mú un fi ṣe aya fún ara rẹ̀.
40 ৪০ যেতিয়া দায়ূদৰ দাস সকলে কৰ্মিলত থকা অবীগলৰ ওচৰলৈ গৈ তেওঁক ক’লে, “দায়ূদে আপোনাক বিবাহ কৰিবৰ অৰ্থে আপোনাক নিবলৈ আপোনাৰ ওচৰলৈ আমাক পঠালে।”
Àwọn ìránṣẹ́ Dafidi sì lọ sọ́dọ̀ Abigaili ni Karmeli, wọn sì sọ fún un pé, “Dafidi rán wá si ọ láti mu ọ ṣe aya rẹ̀.”
41 ৪১ তেতিয়া তেওঁ উঠি মাটিলৈ মুখ দি পৰি প্ৰণিপাত কৰি ক’লে, “চাওক, আপোনাৰ এই দাসী মোৰ প্ৰভুৰ দাসবোৰৰ ভৰি ধুৱাবলৈ যুগুত আছে।”
Ó sì dìde, ó sì dojúbolẹ̀, ó sì wí pé, “Wò ó, jẹ́ kí ìránṣẹ́bìnrin rẹ ó jẹ́ ìránṣẹ́ kan láti máa wẹ ẹsẹ̀ àwọn ìránṣẹ́ olúwa mi.”
42 ৪২ অবীগলে শীঘ্ৰে গাধত উঠি, নিজৰ পাঁচ জনী যুৱতী দাসীৰ সৈতে দায়ূদৰ বার্তাবাহকসকলৰ পাছত গ’ল, আৰু দায়ূদৰ ভাৰ্যা হ’ল।
Abigaili sì yára, ó sì dìde, ó sì gun kẹ́tẹ́kẹ́tẹ́, àwọn ìránṣẹ́bìnrin rẹ̀ márùn-ún sì tẹ̀lé e lẹ́yìn; òun sì tẹ̀lé àwọn ìránṣẹ́ Dafidi, o sì wá di aya rẹ̀.
43 ৪৩ দায়ূদে যিজ্ৰিয়েলীয়া অহীনোৱমকো বিয়া কৰিছিল; তাতে এই দুয়ো জনী তেওঁৰ ভাৰ্যা হ’ল।
Dafidi sì mú Ahinoamu ará Jesreeli; àwọn méjèèjì sì jẹ́ aya rẹ̀.
44 ৪৪ কিন্তু চৌলে নিজৰ জীয়েক দায়ূদৰ ভাৰ্যা মীখলক লৈ, গল্লীম নিবাসী লয়িচৰ পুত্র পল্টিক দিছিল।
Ṣùgbọ́n Saulu ti fi Mikali ọmọ rẹ̀ obìnrin aya Dafidi, fún Palti ọmọ Laiṣi tí i ṣe ara Galimu.