< ১ সামুয়েল 25 >

1 চমূৱেলৰ মৃত্যু হ’ল। ইস্ৰায়েলৰ সকলো লোক গোট খাই তেওঁৰ বাবে বিলাপ কৰিলে, আৰু ৰামাত থকা তেওঁৰ ঘৰতে তেওঁক মৈদাম দিলে। তাৰ পাছত দায়ূদে তাৰ পৰা মৰুপ্ৰান্তত থকা পাৰণলৈ গ’ল।
Koro Samuel notho, kendo Israel duto nochokore moywage; mine giike e dalane Rama. Bangʼe Daudi nowuok molor piny e Thim Paran.
2 সেই সময়ত মায়োনৰ এজন মানুহ আছিল, তেওঁৰ সম্পত্তি কৰ্মিলত আছিল। তেওঁ ধনৱান লোক আছিল। তেওঁৰ তিনি হাজাৰ মেৰ-ছাগ আৰু এক হাজাৰ ছাগলী আছিল; তেওঁ কৰ্মিলত নিজৰ ভেড়াবোৰৰ নোম কাটি আছিল।
Ne nitie ngʼat moro e piny Maon mane nigi mwandu Karmel, ne en jamoko ahinya. Ne en gi diek alufu achiel gi rombe alufu adek, mane ongʼado yiegi e Karmel.
3 তেওঁৰ নাম নাবল আছিল, আৰু তেওঁৰ ভাৰ্য্যাৰ নাম অবীগল আছিল। মহিলাগৰাকী জ্ঞানী আৰু দেখাত ধুনীয়া আছিল, কিন্তু মানুহজন কঠিন-মনা আৰু দুষ্ট আছিল। তেওঁ কালেবৰ বংশৰ আছিল।
Ne iluonge ni Nabal to chiege ne iluongo ni Abigael. Ne en dhako mariek kendo ne ojaber, to chwore ne ja-dhood Kaleb, ne en ngʼama koch, jagwondo kendo ma timbene richo.
4 দায়ূদে মৰুপ্ৰান্তৰত শুনিলে যে, নাবলে নিজৰ মেৰ-ছাগবোৰৰ নোম কটি আছে।
Kane Daudi ni e thim, nowinjo ni Nabal ngʼado yie rombe.
5 সেয়ে দায়ূদে দহ জন যুৱকক সেই ঠাইলৈ পঠালে। দায়ূদে যুৱক সকলক ক’লে, “কৰ্মিলত থকা নাবলৰ ওচৰলৈ যোৱা আৰু মোৰ নামেৰে তেওঁক মঙ্গলবাদ কৰিবা।
Omiyo nooro yawuowi apar mowachonegi niya, “Dhiuru Karmel ir Nabal mondo umosnago.
6 তোমালোকে তেওঁক ক’বা, ‘আপোনাৰ মঙ্গল হওক আৰু আপোনাৰ ঘৰৰ মঙ্গল, আৰু আপোনাৰ যি আছে সকলোৰে মঙ্গল হওক।
Wachneuru ni, ‘Idag amingʼa! Ngimani bende obed maonge tuoche in kaachiel gi odi! Kendo gigi duto obed gi ngima maber!
7 মই শুনিলোঁ যে আপুনি নোম কটি আছে। আপোনাৰ মেৰৰখীয়াসকল আমাৰ লগত থাকোঁতে, আমি তেওঁলোকক অনিষ্ট কৰা নাছিলোঁ, আৰু তেওঁলোক যেতিয়ালৈকে কৰ্মিলত আছিল, তেতিয়ালৈকে তেওঁলোকৰ একো হেৰুৱা নাছিল।
“‘Koro asewinjo ni ingʼado yie rombi e kindeni. Kane jokwadhi ni kodwa, to ne ok watimonegi marach, kendo e kinde duto mane gin Karmel onge girgi manolal.
8 আপোনাৰ যুৱকসলক সোধক, তেওঁলোকে আপোনাক ক’ব। এই হেতুকে এতিয়া মোৰ যুৱকসকলে আপোনাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হওক, কাৰণ আমি শুভ দিনতে আহিছোঁ। আমি বিনয় কৰোঁ, আপোনাৰ দাসবোৰক, আৰু আপোনাৰ পুত্ৰ দায়ূদক আপোনাৰ শক্তি অনুসাৰে কিছু দিয়ক’।”
Penj jotiji iwuon kendo gibiro nyisi. Omiyo tim tim ngʼwono ne yawuota ma aorogo kaka wabiro e kinde mag mor. Yie imi wasumbinigi gi wuodi Daudi gimoro amora minyalo miyogi.’”
9 যেতিয়া দায়ূদৰ যুৱকসকলে গৈ, দায়ূদৰ হৈ নাবলক সেই সকলো কথা কৈ অপেক্ষা কৰিলে।
Kane jo-Daudi ochopo neginyiso Nabal wach ote Daudi, eka negirito.
10 ১০ নাবলে উত্তৰ দি দায়ূদৰ দাসবোৰক ক’লে, “দায়ুদ কোন? আৰু যিচয়ৰ পুত্ৰ কোন? আজি-কালি নিজ মালিকৰ পৰা আঁতৰি যোৱা এনে বহুত দাস আছে।
Nabal nodwoko jotich Daudi niya, “Daudi-ni to en ngʼa? Wuod Jesseni to en ngʼa? Jotich mangʼeny ndaloni ngʼanyo ne ruodhigi.
11 ১১ তেন্তে মই মোৰ পিঠা আৰু পানী আৰু মোৰ মেৰ-ছাগৰ নোম-কটাসকলৰ কাৰণে ৰখা পশুৰ মাংস, এনে মানুহক দিম নে যি সকল কৰ পৰা আহিছে মই নাজানো?”
Angʼo momiyo dakaw kuona gi piga to gi ringa ma aseyangʼo ne jongʼadna yie rombe mondo ami joma akia kuma oaye?”
12 ১২ তাতে দায়ূদৰ যুৱকসকলে তাৰ পৰা ঘূৰি আহিল, আৰু তেওঁ কোৱা সকলো কথা তেওঁক ক’লে।
Jo-Daudi nowichore mi odok. Kane gichopo, neginyiso Daudi weche duto.
13 ১৩ দায়ূদে নিজৰ লোকসকলক ক’লে, “প্ৰতিজনে তৰোৱাল বান্ধা।” তাতে প্ৰতিজনে নিজ নিজ তৰোৱাল বান্ধিলে, আৰু দায়ূদেও নিজৰ তৰোৱাল বান্ধিলে; দায়ূদৰ লগত প্ৰায় চাৰি শ লোক গ’ল, আৰু সামগ্ৰী ৰাখিবৰ বাবে দুশ লোক থাকিল।
Daudi nowachone joge niya, “Kawuru liganglau!” Omiyo negikawo liganglagi Daudi bende nokawo mare. Ji madirom mia angʼwen nodhi gi Daudi, to mia ariyo nodongʼ karito gigegi.
14 ১৪ কিন্তু দাসবোৰৰ এজনে নাবলৰ ভাৰ্যা অবীগলক ক’লে, “দায়ূদে আমাৰ প্ৰভুক মঙ্গলবাদ কৰিবলৈ মৰুপ্ৰান্তৰ পৰা বাৰ্তাবাহকক পঠাইছিল, কিন্তু তেওঁ তেওঁলোকক অপমান কৰিলে।
Achiel kuom jotich nonyiso chi Nabal ma Abigael niya, “Daudi nooro joote koa e thim mondo obi omos jaduongʼwa, to nobayonegi wach.
15 ১৫ কিন্তু সেই লোকসকল আমাৰ পক্ষে বৰ ভাল আছিল; আমি যিমান দিন তেওঁলোকৰ লগত পথাৰত আছিলোঁ, আমাৰ কোনো অপকাৰ হোৱা নাছিল, আৰু একো হেৰোৱাও নাছিল।
Kata kamano jogi noritowa maber ahinya. Ne ok gitimonwa marach, to bende e kinde mane wan oko e pap kodgi onge gimoro mane olal.
16 ১৬ আমি যেতিয়ালৈকে তেওঁলোকৰ ওচৰত থাকি মেৰ ৰখিছিলোঁ, তেতিয়ালৈকে তেওঁলোক দিনে-ৰাতিয়ে আমাৰ চাৰিওফালে গড়স্বৰূপ হৈ আছিল।
Otieno gi odiechiengʼ ne gibedonwa ka ohinga molworowa kinde duto ka wakwayo rombewa butgi.
17 ১৭ সেয়ে এতিয়া কি কৰা উচিত, সেই বিষয়ে আপুনি বিবেচনা কৰি চাওক; কাৰণ আমাৰ মালিক আৰু তেওঁৰ বংশৰসকলোৰে বিৰুদ্ধে অমঙ্গল থিৰ কৰা হৈছে; কাৰণ তেওঁ এনে দুৰ্জন যে, তেওঁক কোনোৱে একো ক’ব নোৱাৰে।”
Koro par ane wach kendo ne gima inyalo timo, nikech chandruok dhi biro ne ruodhwa gi joge duto. Nikech en ngʼat ma achach maonge ngʼama nyalo wuoyo kode.”
18 ১৮ তাতে অবীগলে শীঘ্ৰে দুশ পিঠা, দুবটল দ্ৰাক্ষাৰস, পাঁচটা যুগুত কৰা মেৰ-ছাগ, পাঁচ চেয়া ভজা শস্য, এশ থোপা শুকান দ্ৰাক্ষাগুটি, আৰু দুশ লদা ডিমৰু গুটি লৈ গাধবোৰৰ পিঠিৰ ওপৰত বোজা দিলে।
Abigael ne ok oketho seche. Nokawo makati mia ariyo, ndede ariyo mar divai, rombe abich moyangʼ gi chamb aloda madirom kilo piero adek gabiriyo, olemb raisin mongʼin maromo mia achiel, gi olemb ngʼowu molos mopamore moromo mia ariyo, eka noketogi e punde.
19 ১৯ তেওঁ নিজৰ যুৱকজনক ক’লে, “তোমালোক মোৰ আগত যোৱা, আৰু মই তোমালোকৰ পাছত যাম।” কিন্তু তেওঁ নিজৰ স্ৱামী নাবলক হলে, এই বিষয়ে একো নক’লে।
Eka nowachone jotije niya, “Dhiuru nyime an abiro bangʼu.” To ne ok onyiso chwore ma Nabal.
20 ২০ তাৰ পাছত তেওঁ গাধত উঠি পৰ্বতৰ মাজেদি মানুহে দেখা পাব নোৱাৰা বাটেদি নামি গ’ল, তাতে দায়ুদ আৰু তেওঁৰ লোকসকল তেওঁৰ সন্মুখেদি নামি আহিল, আৰু তেওঁ তেওঁলোকক লগ পালে।
Kane oyudo odhi koidho pundane e hoho manie got, to nyime kanyo noneno Daudi gi joge kalor e got biro kochome kendo noromo kodgi.
21 ২১ দায়ূদে কৈছিল, “মৰুপ্ৰান্তত থকা তেওঁৰ বস্তুবোৰ মই বৃথাই এনেকৈ পহৰা দিলোঁ যে, তাৰ সকলো বস্তুৰ মাজৰ একোৱেই নেহেৰাল, আৰু তেওঁ উপকাৰৰ সলনি মোলৈ অপকাৰহে কৰিলে।
Daudi noyudo osewacho niya, “Kara ne en gima nono ka athagora gi rito mwandu ngʼatni e thim, maonge kata mana gire mane olal. To osechula mana rach kar ber mane atimone.
22 ২২ বেলি উদয় হোৱাৰ আগেয়ে মই যদি তেওঁৰ বংশৰ মাজৰ এজন মানুহকো জিৱিত ৰাখোঁ, তেনেহলে ঈশ্বৰে দায়ূদৰ শত্ৰুবোৰলৈ এনেকৈ আৰু তাতকৈ অধিক দণ্ড দিয়ক।
Mad Nyasaye kum Daudi malit ka dipo ni kiny piny orune ngʼato angʼata madichwo e dala maweyo kapod ngima!”
23 ২৩ যেতিয়া অবীগলে দায়ূদক দেখিলে, গাধৰ পৰা বেগাই নামি দায়ূদৰ আগত মাটিলৈ মুখ কৰি পৰি প্ৰণিপাত কৰিলে।
Kane Abigael oneno Daudi nolor piyo koa e pundane mane oidho mine mokulore e nyim Daudi nyaka e lowo.
24 ২৪ আৰু তেওঁৰ ভৰিত পৰি ক’লে, “হে মোৰ প্ৰভু, মোৰ ওপৰতেই এই অপৰাধ পৰক; আৰু মই বিনয় কৰোঁ, আপোনাৰ দাসীক আপোনাৰ আগত কথা ক’বলৈ অনুমতি দিয়ক, আৰু আপোনাৰ দাসীৰ কথা শুনক।
Nopodho piny e tiend Daudi mi owacho kama: “Ruodha we rach obed e wiya awuon. Kiyie to we jatichni owuo kodi; winj gima jatichni dwa wacho.
25 ২৫ মোৰ প্ৰভুৱে সেই দুৰ্জন মানুহ নাবলৰ কথা গণ্য নকৰিব, কাৰণ তেওঁৰ নাম যেনে, তেৱোঁ তেনেকুৱাই; তেওঁৰ নাম নাবল, আৰু মুৰ্খতা তেওঁত আছে। কিন্তু মোৰ প্ৰভুৱে পঠোৱা সেই যুৱকসকলক আপোনাৰ এই দাসীয়ে দেখা নাছিল।
Mad ruodha mondo kik odew ngʼat ma achach ma Nabal. Ochalo mana gi nyinge, nyinge tiende ni ngʼat mofuwo, kendo otimo tim fuwo kuonde duto. An to ne ok aneno joma ne ruodha ooro.
26 ২৬ এতিয়া হে মোৰ প্ৰভু, মই যিহোৱাৰ জীৱনৰ আৰু আপোনাৰ জীৱনৰো শপত খাই কৈছোঁ, ৰক্তপাত কৰা দোষত দোষী হ’বলৈ, আৰু নিজ হাতেৰে আপোনাৰ প্ৰতিকাৰ সাধিবলৈ যিহোৱাই আপোনাক নিবাৰণ কৰিলে, এই দেখি এতিয়া আপোনাৰ শত্ৰুবোৰ, মোৰ প্ৰভুৰ অনিষ্টলৈ চেষ্টা কৰাসকল নাবলৰ নিচিনা হওক।
“Emomiyo koro ruodha, Jehova Nyasaye oseriti mondo kik ichwer remo kendo mondo kik ichul kuor gi lweti to akwongʼora gi nying Jehova Nyasaye mangima kendo gi in iwuon ni mad wasiki kod ji duto machano timoni marach ochal gi Nabal.
27 ২৭ আৰু এতিয়া এই যি উপহাৰ আপোনাৰ দাসীয়ে নিজৰ প্ৰভুৰ ওচৰলৈ আনিছোঁ, সেই উপহাৰ এনে যুৱক সকলক দিয়া হওক, যিসকল যুৱকে মোৰ প্ৰভুক অনুসৰণ কৰে।
Yie mondo michni, ma jatichni osekelo ni ruodha, mondo omi joma luwi.
28 ২৮ মই বিনয় কৰোঁ, আপোনাৰ দাসীৰ অপৰাধ ক্ষমা কৰক, কাৰণ যিহোৱাই নিশ্চয় মোৰ প্ৰভুৰ বংশ চিৰস্থায়ী কৰিব, কাৰণ মোৰ প্ৰভুৱে যিহোৱাৰ কাৰণে যুদ্ধ কৰিছে; আৰু আপোনাৰ জীৱনৰ শেষলৈকে আপোনাৰ কোনো অমঙ্গল দেখা নাযাব।
“Yie iwene jatichni kethone, nimar Jehova Nyasaye nyaka nomi dhood ruodha loch mosiko, nikech okedo lwenje mag Jehova Nyasaye. Kik iyie ketho moro oyud kuomi kapod ingima.
29 ২৯ আৰু এজন লোক আপোনাৰ পাছে পাছে খেদি যাবলৈ আৰু আপোনাৰ প্ৰাণনাশৰ চেষ্টা কৰিবলৈ উঠিলেও, আপোনাৰ ঈশ্বৰ যিহোৱাৰ ওচৰত মোৰ প্ৰভুৰ প্ৰাণ জীৱনস্বৰূপ টোপোলাত বন্ধা থাকিব, আৰু তেওঁ আপোনাৰ শত্ৰুবোৰৰ প্ৰাণ যেন ফিঙ্গাত ৰাখি দলিয়াই পেলাব।
Kata obedo ni ngʼato lawi mondo otiek ngimani, to ngima mar ruodha notwe motegno gi kanyakla mar joma ngima gi Jehova Nyasaye ma Nyasachi. To ngima wasiki to nowit mabor mana ka gima odir gorujre.
30 ৩০ যিহোৱাই মোৰ প্ৰভুৰ বিষয়ে যিবোৰ মঙ্গলৰ কথা কৈছে, সেইবোৰ যেতিয়া তেওঁ সফল কৰি আপোনাক ইস্ৰায়েলৰ ওপৰত অধিপতি নিযুক্ত কৰিব,
Kane Jehova Nyasaye osetimo ni ruodha gik mabeyo duto manosingone mi okete jatend jo-Israel,
31 ৩১ তেতিয়া অকাৰণে হোৱা ৰক্তপাতৰ আৰু আত্ম-প্ৰতিকাৰ-সাধনৰ বাবে মোৰ প্ৰভুৰ হৃদয়ত অসন্তুষ্টি বা শোক নজন্মিব, আৰু যেতিয়া যিহোৱাই মোৰ প্ৰভুৰ মঙ্গল কৰিব, তেতিয়া আপোনাৰ এই দাসীক সোঁৱৰণ কৰিব।”
to chuny ruodha ok nochandre nine ochwero remo mane ok onego chwer kata chulo kuor ne en wuon. To ka Jehova Nyasaye osemiyo ruodha loch to mondo ipar jatichni.”
32 ৩২ দায়ূদে অবীগলক ক’লে, “আজি মোৰ লগত তোমাক সাক্ষাৎ কৰিবলৈ যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে তোমাক পঠালে, সেই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা ধন্য।
Daudi nowachone Abigael niya, “Pak obed ni Jehova Nyasaye, Nyasach Israel, moseori kawuononi mondo irom koda.
33 ৩৩ আৰু তোমাৰ বিবেচনা ধন্য, আৰু আজিৰ দিনত ৰক্তপাতৰ দোষৰ ও আত্ম-প্ৰতিকাৰ-সাধনৰ পৰা মোক নিবাৰণ কৰা যি তুমি, তুমিও ধন্য।
Mad gwedhi kuom ngʼado buchi maber kendo kuom gengʼa mondo kik achwer remo kawuononi mar chulo kuor gi lwetena awuon.
34 ৩৪ কাৰণ সঁচাকৈয়ে, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ জীৱনৰ শপত, তেওঁ তোমাক আঘাত কৰিবলৈ মোক বাধা কৰিলে, তুমি মোক ল’গ কৰিবলৈ শীঘ্ৰে নহা হ’লে, নিশ্চয়ে নাবলৰ সম্পৰ্কীয়সকলৰ মাজৰ সৰু ল’ৰা এজনো ৰাতি পুৱালৈ অৱশিষ্ট নাথাকিলেহেঁতেন।”
Ka ok kamano, to akwongʼora gi nying Jehova Nyasaye mangima ma Nyasach Israel, mosegengʼa mondo kik ahinyi, ka dine ok ibiro piyo mondo iromna, to dine ok odongʼ dichwo moro amora ka Nabal.”
35 ৩৫ সেয়ে দায়ূদে তেওঁৰ বাবে অনা বস্তুবোৰ তেওঁৰ হাতৰ পৰা লৈ তেওঁক ক’লে, “তুমি শান্তিৰে ঘৰলৈ যোৱা; মই তোমাৰ কথা শুনিলোঁ আৰু গ্ৰহণ কৰিলোঁ।”
Eka Daudi noyie mokawo gik mane osekelone mi owacho niya, “Dhi dala gi kwe. Asewinjo wecheni kendo aseyie gi kwayoni.”
36 ৩৬ তাৰ পাছত অবীগল নাবলৰ ওচৰলৈ আহিল; আৰু চালে, যে নাবল ৰজাৰ ভোজনৰ দৰে তেওঁৰ ঘৰত ভোজ পাতিছে, আৰু তেওঁ অতিশয় মাতাল হৈ আছিলা আৰু তেওঁৰ মন প্ৰফুল্লিত হৈ আছিল; এই হেতুকে অবীগলে ৰাতিপুৱা নোহোৱালৈকে সেই বিষয়ৰ একোকে তেওঁৰ আগত নক’লে।
Ka Abigael nodhi ir Nabal ne en e ot kotimo Sawo maduongʼ ka mar ruoth. Ne omor ahinya bende ne omer. To ok nowachone gimoro nyaka piny noru.
37 ৩৭ ৰাতিপুৱা নাবলৰ দ্ৰাক্ষাৰসৰ নিচা শেষ হৈ যোৱাৰ পাছত তেওঁৰ ভাৰ্যাই তেওঁৰ আগত সেই সকলো কথা ক’লে, তেতিয়া তেওঁৰ অন্তৰ ঠৰ হৈ গ’ল আৰু তেওঁৰ হৃদয় শিলৰ দৰে হ’ল।
To ka nochopo okinyi ka Nabal kongʼo noserumo e wangʼe, chiege nowachone gik moko duto, mi chunye notho mochalo ka kidi.
38 ৩৮ আৰু প্ৰায় দহ দিনমানৰ পাছত, যিহোৱাই নাবলক আঘাত কৰিলে অাৰু তেওঁৰ মৃত্যু হ’ল।
Bangʼ ndalo apar, eka Jehova Nyasaye nogoyo Nabal mi notho.
39 ৩৯ দায়ূদে নাবলৰ মৃত্যুৰ কথা শুনি ক’লে, “যিহোৱা ধন্য; নাবলৰ পৰা পোৱা অপমানৰ বিষয়ে মোৰ গোচৰ তেওঁ নিষ্পতি কৰিলে, আৰু নিজ দাসক কুকাৰ্যৰ পৰা ৰক্ষা কৰিলে; আৰু নাবলৰ যি দুষ্কৰ্ম, তাৰ প্ৰতিফল যিহোৱাই তাৰ মূৰত দিলে।” তাৰ পাছত দায়ূদে অবীগলক নিজৰ ভাৰ্যা কৰিবৰ বাবে তেওঁক আনিবলৈ মানুহ পঠালে।
Kane Daudi owinjo ni Nabal osetho, nowacho niya, “Pak obed ne Jehova Nyasaye, mosechulo kuor kuom ajara mane Nabal ojarago. Osegengʼo jatichne mondo kik otim marach mi oseketo timbene maricho e wiye owuon.” Eka Daudi nooro wach ne Abigael, kopenje mondo obed chiege.
40 ৪০ যেতিয়া দায়ূদৰ দাস সকলে কৰ্মিলত থকা অবীগলৰ ওচৰলৈ গৈ তেওঁক ক’লে, “দায়ূদে আপোনাক বিবাহ কৰিবৰ অৰ্থে আপোনাক নিবলৈ আপোনাৰ ওচৰলৈ আমাক পঠালে।”
Jotichne ne odhi Karmel mowachone Abigael niya, “Daudi oseorowa iri mondo wateri ire idhi ibed chiege.”
41 ৪১ তেতিয়া তেওঁ উঠি মাটিলৈ মুখ দি পৰি প্ৰণিপাত কৰি ক’লে, “চাওক, আপোনাৰ এই দাসী মোৰ প্ৰভুৰ দাসবোৰৰ ভৰি ধুৱাবলৈ যুগুত আছে।”
Nokulore piny ka okulo wiye piny auma mochopo e lowo mine owacho, “Jatichni madhako nika, oikore mar tiyonu kendo luoko tiend jotich ruodha.”
42 ৪২ অবীগলে শীঘ্ৰে গাধত উঠি, নিজৰ পাঁচ জনী যুৱতী দাসীৰ সৈতে দায়ূদৰ বার্তাবাহকসকলৰ পাছত গ’ল, আৰু দায়ূদৰ ভাৰ্যা হ’ল।
Abigael noidho punda piyo piyo ka jotije abich hike kendo rite, negidhi gi joote Daudi mobedo chiege.
43 ৪৩ দায়ূদে যিজ্ৰিয়েলীয়া অহীনোৱমকো বিয়া কৰিছিল; তাতে এই দুয়ো জনী তেওঁৰ ভাৰ্যা হ’ল।
Daudi noyudo osekendo Ahinoam ma nyar Jezreel, to giduto ne gin mond Daudi.
44 ৪৪ কিন্তু চৌলে নিজৰ জীয়েক দায়ূদৰ ভাৰ্যা মীখলক লৈ, গল্লীম নিবাসী লয়িচৰ পুত্র পল্টিক দিছিল।
To Saulo nosekawo nyare ma Mikal, mane chi Daudi mi omiyo Paltiel wuod Laish mane ja-Galim.

< ১ সামুয়েল 25 >