< ১ সামুয়েল 23 >

1 তেওঁলোকে দায়ূদক ক’লে, “পলেষ্টীয়াসকলে কয়ীলাৰ বিৰুদ্ধে যুদ্ধ কৰি মৰণা মৰা শস্য লুট কৰিছে।”
ויגדו לדוד לאמר הנה פלשתים נלחמים בקעילה והמה שסים את הגרנות׃
2 সেয়ে দায়ূদে যিহোৱাৰ আগত সহায়ৰ বাবে প্ৰাৰ্থনা কৰিলে আৰু সুধিলে, “মই পলেষ্টীয়াসকলক আঘাত কৰিবলৈ যাম নে?” তাতে যিহোৱাই ক’লে, “যোৱা পলেষ্টীয়াসকলক আক্ৰমণ কৰি কয়ীলাক উদ্ধাৰ কৰা।”
וישאל דוד ביהוה לאמר האלך והכיתי בפלשתים האלה ויאמר יהוה אל דוד לך והכית בפלשתים והושעת את קעילה׃
3 কিন্তু দায়ূদৰ লোকসকলে তেওঁক ক’লে, “চোৱা, আমি যিহূদাত ভয়েৰে আছোঁ। যদি পলেষ্টীয়া সৈন্যসকলৰ বিৰুদ্ধে কয়ীলালৈ যাওঁ, তেনেহলে ইয়াতকৈ কিমান অধিক ভয়ৰ কথা হ’ব?”
ויאמרו אנשי דוד אליו הנה אנחנו פה ביהודה יראים ואף כי נלך קעלה אל מערכות פלשתים׃
4 তেতিয়া দায়ূদে পুনৰ সহায়ৰ বাবে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে। যিহোৱাই তেওঁক উত্তৰ দিলে, “তুমি উঠি কয়ীলালৈ নামি যোৱা। কাৰণ মই পলেষ্টীয়াসকলৰ ওপৰত তোমাক জয়যুক্ত কৰিম।”
ויוסף עוד דוד לשאל ביהוה ויענהו יהוה ויאמר קום רד קעילה כי אני נתן את פלשתים בידך׃
5 তাতে দায়ুদ আৰু তেওঁৰ লোকসকলে কয়ীলালৈ গৈ পলেষ্টীয়াসকলৰ লগত যুদ্ধ কৰিলে। তেওঁলোকৰ পশুবোৰ লৈ গ’ল, আৰু আক্ৰমণ কৰি তেওঁলোকৰ মাজত সংহাৰ কৰিলে। এইদৰে দায়ূদে কয়ীলা নিবাসীসকলক উদ্ধাৰ কৰিলে।
וילך דוד ואנשו קעילה וילחם בפלשתים וינהג את מקניהם ויך בהם מכה גדולה וישע דוד את ישבי קעילה׃
6 অহীমেলকৰ পুত্ৰ অবিয়াথৰ যেতিয়া কয়ীলালৈ পলাই দায়ূদৰ ওচৰলৈ আহিছিল, তেতিয়া তেওঁ হাতত এখন এফোদ লৈ আহিছিল।
ויהי בברח אביתר בן אחימלך אל דוד קעילה אפוד ירד בידו׃
7 চৌলে দায়ুদ কয়ীলালৈ যোৱাৰ বাতৰি পাই ক’লে, “যিহোৱাই মোৰ হাতত তেওঁক সমৰ্পণ কৰিছে। তেওঁ আৱদ্ধ হৈ গ’ল কাৰণ নগৰত দুৱাৰবোৰ বন্ধ কৰা হ’ল।”
ויגד לשאול כי בא דוד קעילה ויאמר שאול נכר אתו אלהים בידי כי נסגר לבוא בעיר דלתים ובריח׃
8 দায়ুদ আৰু তেওঁৰ লোকসকলক অৱৰোধ কৰিবলৈ চৌলে যুদ্ধৰ বাবে কয়ীলালৈ নামি যাবলৈ সকলো সৈন্য সামন্তক মাতিলে।
וישמע שאול את כל העם למלחמה לרדת קעילה לצור אל דוד ואל אנשיו׃
9 দায়ূদে জানিছিল যে, চৌলে তেওঁৰ অনিষ্ট কৰিবলৈ তেওঁৰ বিৰুদ্ধে অভিসন্ধি কৰিছে, দায়ূদে অবিয়াথৰ পুৰোহিতক ক’লে, “ইয়ালৈ এফোদ আনা।”
וידע דוד כי עליו שאול מחריש הרעה ויאמר אל אביתר הכהן הגישה האפוד׃
10 ১০ তাৰ পাছত দায়ূদে ক’লে, “হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, চৌলে কয়ীলালৈ আহি মোৰ কাৰণে এই নগৰখন ধংস কৰিবলৈ চেষ্টা কৰিছে, মই এইকথা শুনিলোঁ।”
ויאמר דוד יהוה אלהי ישראל שמע שמע עבדך כי מבקש שאול לבוא אל קעילה לשחת לעיר בעבורי׃
11 ১১ কয়ীলাৰ লোকসকলে তেওঁৰ হাতত মোক সমৰ্পণ কৰিব নে? তোমাৰ দাসে শুনাৰ দৰে চৌল সঁচাকৈ নামি আহিব নে? হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, বিনয় কৰোঁ, আপোনাৰ দাসক কওক।” যিহোৱাই ক’লে, “তেওঁ নামি আহিব।”
היסגרני בעלי קעילה בידו הירד שאול כאשר שמע עבדך יהוה אלהי ישראל הגד נא לעבדך ויאמר יהוה ירד׃
12 ১২ তাতে দায়ূদে সুধিলে, “কয়ীলাৰ লোকসকলে মোক আৰু মোৰ লোকসকলক চৌলৰ হাতত শোধাই দিব নে?” যিহোৱাই ক’লে, “তেওঁলোকে তোমাক শোধাই দিব।”
ויאמר דוד היסגרו בעלי קעילה אתי ואת אנשי ביד שאול ויאמר יהוה יסגירו׃
13 ১৩ তাৰ পাছত দায়ুদ আৰু তেওঁৰ লগৰ প্ৰায় ছশ লোক উঠি কয়ীলাৰ পৰা বাহিৰ ওলাই, এঠাইৰ পৰা আন ঠাইলৈ গ’ল। চৌলক কোৱা হ’ল, যে দায়ুদ কয়ীলাৰ পৰা সাৰি গ’ল, সেয়ে চৌলে তেওঁক অনুসৰণ কৰিবলৈ বাদ দিলে।
ויקם דוד ואנשיו כשש מאות איש ויצאו מקעלה ויתהלכו באשר יתהלכו ולשאול הגד כי נמלט דוד מקעילה ויחדל לצאת׃
14 ১৪ দায়ূদে মৰুপ্ৰান্তৰ দুৰ্গম ঠাই, পৰ্ব্বতীয়া অঞ্চলৰ জীফ মৰুপ্ৰান্তত বাস কৰিলে; তাতে চৌলে সদায় তেওঁক বিচাৰিলে, কাৰণ চৌল সদায় তেওঁৰ অপেক্ষাত আছিল, কিন্তু ঈশ্বৰে তেওঁৰ হাতত তেওঁক সমৰ্পণ নকৰিলে।
וישב דוד במדבר במצדות וישב בהר במדבר זיף ויבקשהו שאול כל הימים ולא נתנו אלהים בידו׃
15 ১৫ দায়ুদ জীফ মৰুপ্ৰান্তৰ অৰণ্যত থকা সময়ত, তেওঁ দেখিলে যে, চৌলে তেওঁৰ প্ৰাণনাশৰ চেষ্ঠাৰে ওলাই আহিছে।
וירא דוד כי יצא שאול לבקש את נפשו ודוד במדבר זיף בחרשה׃
16 ১৬ চৌলৰ পুত্ৰ যোনাথনে অৰণ্যত দায়ূদৰ ওচৰলৈ গৈ ঈশ্বৰত তেওঁৰ হাত সবল কৰিলে।
ויקם יהונתן בן שאול וילך אל דוד חרשה ויחזק את ידו באלהים׃
17 ১৭ তেওঁ দায়ূদক ক’লে, “ভয় নকৰিব। কাৰণ মোৰ পিতৃ চৌলৰ হাতে আপোনাক ধৰিবলৈ নাপাব; আপুনি ইস্ৰায়েলৰ ৰজা হ’ব, আৰু মই আপোনাৰ পিছতহে হ’ম। মোৰ পিতৃ চৌলেও ইয়াক জানে।”
ויאמר אליו אל תירא כי לא תמצאך יד שאול אבי ואתה תמלך על ישראל ואנכי אהיה לך למשנה וגם שאול אבי ידע כן׃
18 ১৮ তাৰ পাছত তেওঁলোকে দুয়ো জনে যিহোৱাৰ সন্মুখত এটি নিয়ম বান্ধিলে; দায়ুদ অৰণ্যতে থাকিলে আৰু যোনাথন ঘৰলৈ গ’ল।
ויכרתו שניהם ברית לפני יהוה וישב דוד בחרשה ויהונתן הלך לביתו׃
19 ১৯ তাৰ পাছত জীফীয়া লোকসকলে গিবিয়াৰ চৌলৰ ওচৰলৈ আহি ক’লে, “দায়ুদ আমাৰ ওচৰত যিচীনোনৰ দক্ষিণফালে থকা হখীলা পৰ্ব্বতৰ অৰণ্যৰ দুৰ্গম ঠাইত জানো লুকাই থকা নাই?
ויעלו זפים אל שאול הגבעתה לאמר הלוא דוד מסתתר עמנו במצדות בחרשה בגבעת החכילה אשר מימין הישימון׃
20 ২০ সেয়ে, হে মহাৰাজ, নামি আহক; আপোনাৰ সকলো মনৰ বাঞ্ছা অনুসাৰে নামি আহক। মহাৰাজৰ হাতত তাক সমৰ্পণ কৰি দিয়াৰ দায়িত্ব আমাৰ।”
ועתה לכל אות נפשך המלך לרדת רד ולנו הסגירו ביד המלך׃
21 ২১ চৌলে ক’লে, “তোমালোক যিহোৱাৰ আশীৰ্ব্বাদ প্ৰাপ্ত হোৱা। কাৰণ তোমালোকে মোলৈ অনুগ্ৰহ কৰিলা।
ויאמר שאול ברוכים אתם ליהוה כי חמלתם עלי׃
22 ২২ যোৱা, আৰু সঠিককৈ বিচাৰ কৰা; আৰু সেই ঠাইত তাক কোনে দেখিলে, তাক চাই তাৰ বুজ-বিচাৰ লোৱা, কিয়নো মানুহে মোক কয়, সি বৰ চতুৰালীৰে ফুৰে।
לכו נא הכינו עוד ודעו וראו את מקומו אשר תהיה רגלו מי ראהו שם כי אמר אלי ערום יערם הוא׃
23 ২৩ সেয়ে চোৱা, আটাই গোপন ঠাইৰ মাজৰ কোন ঠাইত সি নিজকে লুকুৱাইছে, তাৰ বুজ লৈ মোৰ আগলৈ সঠিক বাতৰি লৈ আহিবা, আৰু তাৰ পাছত মই তোমালোকৰ লগত যাম, সি যদি দেশত থাকে, তেনেহলে মই যিহূদাৰ সকলো সহস্ৰৰ মাজত তাক বিচাৰি উলিয়াম।”
וראו ודעו מכל המחבאים אשר יתחבא שם ושבתם אלי אל נכון והלכתי אתכם והיה אם ישנו בארץ וחפשתי אתו בכל אלפי יהודה׃
24 ২৪ তাতে তেওঁলোক উঠি চৌলৰ আগতে জীফলৈ গ’ল। তেতিয়া দায়ুদ আৰু তেওঁৰ লোকসকলে যে যিচীমোনৰ দক্ষিণ ফালে অৰাবাত থকা মায়োন অৰণ্যত আছিল।
ויקומו וילכו זיפה לפני שאול ודוד ואנשיו במדבר מעון בערבה אל ימין הישימון׃
25 ২৫ চৌল আৰু তেওঁৰ লোকসকলে তেওঁক বিচাৰিবলৈ গৈছে সেই কথা দায়ূদক কোৱা হ’ল, তাতে তেওঁ শিলাময় পৰ্বতেদি নামি আহি মায়োন অৰণ্যত থাকিবলৈ ল’লে। যেতিয়া চৌলে এই কথা শুনিলে, তেতিয়া মায়োন অৰণ্যলৈ দায়ূদৰ পাছে পাছে খেদি গ’ল।
וילך שאול ואנשיו לבקש ויגדו לדוד וירד הסלע וישב במדבר מעון וישמע שאול וירדף אחרי דוד מדבר מעון׃
26 ২৬ চৌল পৰ্বতৰ একাষে গ’ল, দায়ুদ আৰু তেওঁৰ লোকসকলে পৰ্বতৰ আন কাষে গ’ল। দায়ূদে চৌলৰ ভয়ত তাৰ পৰা আন ঠাইলৈ যাবলৈ লৰালৰি কৰোঁতে, তেওঁক আৰু তেওঁৰ লোকসকলক ধৰিবলৈ চৌলে নিজৰ লোকসকলৰ লগত তেওঁক বেৰি ধৰিব খোঁজোতে,
וילך שאול מצד ההר מזה ודוד ואנשיו מצד ההר מזה ויהי דוד נחפז ללכת מפני שאול ושאול ואנשיו עטרים אל דוד ואל אנשיו לתפשם׃
27 ২৭ এজন বাৰ্তাবাহক চৌলৰ ওচৰলৈ আহি ক’লে, “আপুনি বেগাই আহক; কিয়নো পলেষ্টীয়াসকলে দেশ আক্ৰমণ কৰিছে।”
ומלאך בא אל שאול לאמר מהרה ולכה כי פשטו פלשתים על הארץ׃
28 ২৮ তেতিয়া চৌলে দায়ূদৰ পাছত খেদি যোৱাৰ পৰা ঘূৰি পলেষ্টীয়াসকলৰ বিৰুদ্ধে যাত্ৰা কৰিলে। এই কাৰণে সেই ঠাইৰ নাম চেলা-হম্মহলকোথ হ’ল।
וישב שאול מרדף אחרי דוד וילך לקראת פלשתים על כן קראו למקום ההוא סלע המחלקות׃
29 ২৯ পাছত দায়ূদে তাৰ পৰা ওলাই গৈ অয়িন-গদীৰ নানা দুৰ্গম ঠাইত বাস কৰিলে।
ויעל דוד משם וישב במצדות עין גדי׃

< ১ সামুয়েল 23 >