< ১ সামুয়েল 22 >
1 ১ তাৰ পাছত দায়ূদে সেই ঠাই এৰিলে আৰু অদুল্লম নামেৰে এটা গুহাত আশ্ৰয় ল’লে; যেতিয়া তেওঁৰ ককায়েকসকলে আৰু পিতৃ-বংশৰ লোকসকলে এইকথা শুনিলে, তেতিয়া তেওঁলোক তেওঁৰ ওচৰলৈ গ’ল।
David drog derifrå, og kom seg undan til Adullam-hola. Då brørne hans og heile farsætti hans høyrde gjete det, kom dei dit ned til honom.
2 ২ প্ৰতিজন দুখ পোৱা ব্যক্তি, প্ৰতিজন ধৰুৱা ব্যক্তি আৰু প্ৰতিজন বেজাৰত থকা ব্যক্তি তেওঁৰ ওচৰত গোট খালে। তাতে দায়ুদ তেওঁলোকৰ অধিপতি হ’ল; এই দৰে প্ৰায় চাৰি শ লোক তেওঁৰ সঙ্গী হ’ল।
Og til honom flokka seg allslags folk, alle som var i naud, alle som var i skuld, alle som var misnøgde, og han vart hovdingen deira; ei fire hundrad mann slo lag med honom.
3 ৩ দায়ূদে তাৰ পৰা মোৱাবৰ মিস্পালৈ গ’ল। তেওঁ মোৱাবৰ ৰজাক ক’লে, “বিনয় কৰোঁ, ঈশ্বৰে মোলৈ কি কৰিব, তাক জ্ঞাত নহওঁমানে, মোৰ পিতৃ-মাতৃক আপোনাৰ লগত থাকিবলৈ দিয়ক।”
Derifrå drog David til Mispe i Moab. Og han sagde til Moabs-kongen: «Lat far min og mor mi få koma hit og vera hjå dykk, til dess eg fær vita kva Gud vil gjera med meg!»
4 ৪ তেওঁ তেওঁলোকক মোৱাবৰ ৰজাৰ লগত ৰাখিলে, আৰু যেতিয়ালৈকে দায়ুদ তেওঁৰ দুৰ্গত থাকিল, তেতিয়ালৈকে তেওঁলোক ৰজাৰ লগত থাকিল।
Han førde deim fram for Moabs-kongen, og dei fekk halda seg hjå honom, so lenge David var i borgi.
5 ৫ পাছে গাদ ভাববাদীয়ে দায়ূদক ক’লে, “তুমি তোমাৰ দুৰ্গত নাথাকিবা, এই ঠাই ত্যাগ কৰি যিহূদা দেশলৈ যোৱা।” সেয়ে দায়ূদে সেই ঠাই ত্যাগ কৰি হেৰৎ অৰণ্যলৈ গ’ল।
Men profeten Gad sagde til David: «Du skal ikkje halda deg her i borgi! tak ut herifrå, og far til Judalandet!» Og David drog burt derifrå og kom til Heretskogen.
6 ৬ চৌলে শুনিলে যে, দায়ূদক তেওঁৰ লগৰ লোকসকলৰ সৈতে পোৱা গ’ল। সেই সময়ত চৌলে হাতত যাঠি লৈ গিবিয়াত ঝাওঁ গছৰ তলত বহি আছিল, আৰু তেওঁৰ চাৰিওফালে তেওঁৰ দাসবোৰ থিয় হৈ আছিল।
Saul frette at dei hadde fenge greide på David og dei folki som var med honom. Saul sat ein dag i Gibea under tamariska på haugen, med spjot i handi; og alle tenarane hans stod ikring honom.
7 ৭ তাতে চৌলে চাৰিওফালে থিয় হৈ থকা তেওঁৰ দাসবোৰক ক’লে, “বিন্যামীনৰ লোকসকল শুনা! যিচয়ৰ পুত্ৰই তোমালোকৰ প্ৰতিজনকে শস্যক্ষেত্ৰ আৰু দ্ৰাক্ষাবাৰী দিব নে? আৰু তোমালোক সকলোকে সহস্ৰপতি ও শতপতিৰ পাতিব নে?
Då sagde Saul med tenarane sine, der dei stod ikring honom: «Høyr no, Benjamins born! Meiner de Isaisonen gjev åkrar og vinhagar åt dykk alle, og set dykk alle til herførar for større eller mindre flokkar?
8 ৮ তাৰ পৰিবৰ্তে তোমালোক সকলোৱে মোৰ বিৰুদ্ধে চক্ৰান্ত কৰিছাহঁক, যেতিয়া মোৰ পুত্ৰৰ সৈতে যিচয়ৰ পুত্ৰই চুক্তি কৰিছিল তেতিয়া কোনেও মোৰ আগত এই কথা প্ৰকাশ কৰা নাছিল। মোৰ পুত্ৰক মোৰ দাস দায়ূদে মোৰ বিৰুদ্ধে উদগোৱাৰ কথা জানি আৰু আজিৰ দৰে খাপ দি লুকাই থকা কথা জানিও তোমালোক কোনেও মোৰ কাৰণে দুখিত হোৱা নাই।”
For de hev alle samansvore dykk mot meg; og ingen hev fortalt meg at son min hev gjort fostbrorlag med Isaisonen! Ingen hev so mykje medkjensle med meg at han hev fortalt meg det. For son min hev eggja tenaren min til meinråder mot meg, so som det no kjem for dagen.»
9 ৯ তাৰ পাছত চৌলৰ দাসবোৰৰ ওচৰত থিয় হৈ থকা ইদোমীয়া দোৱেগে উত্তৰ দিলে, “মই নোবত যিচয়ৰ পুত্ৰক অহীটুবৰ পুত্ৰ অহীমেলকৰ ওচৰলৈ অহা দেখিছিলোঁ।”
Edomiten Doeg, som ogso stod der millom folki åt Saul, tok til ords og sagde: «Eg såg Isaisonen kom til Ahimelek Ahitubsson i Nob.
10 ১০ অহীমেলকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে যাতে তেওঁক সহায় কৰে, আৰু তেওঁ তেওঁক যোগান ধৰিলে, আৰু পলেষ্টীয়া গলিয়াথৰ তৰোৱালো তেওঁক দিলে।
Han spurde Herren for honom, og gav honom nista; og let honom få sverdet åt filistaren Goliat.»
11 ১১ তাৰ পাছত ৰজাই মানুহ পঠাই অহীটুবৰ পুত্ৰ অহীমেলক পুৰোহিতক আৰু তেওঁৰ পিতৃ-বংশক, অৰ্থাৎ নোবত থকা পুৰোহিতসকলক মতি পঠালে। তেওঁলোক সকলোৱেই ৰজাৰ ওচৰলৈ আহিল,
Kongen sende då bod etter presten Ahimelek Ahitubsson og heile ætti hans, prestarne i Nob. Dei møtte alle fram for kongen.
12 ১২ চৌলে ক’লে, “অহীটুবৰ পুত্ৰ শুনা।” তেওঁ উত্তৰ দিলে, “প্ৰভু, মই ইয়াতে আছোঁ।”
Saul sagde: «Høyr meg, du Ahitubsson!» Han svara: «Kva vil du meg, herre!»
13 ১৩ চৌলে তেওঁক ক’লে, “তুমি আৰু যিচয়ৰ পুত্ৰ মোৰ বিৰুদ্ধে কিয় চক্ৰান্ত কৰিছা, যাৰ বাবে তুমি তেওঁক পিঠা আৰু তৰোৱাল দিছা, আৰু ঈশ্বৰৰ ওচৰত তেওঁৰ সহায়ৰ কাৰণে প্ৰার্থনা কৰিছা, যাতে তেওঁ মোৰ বিৰুদ্ধে উঠে, আজি লুকাই থকাৰ দৰেই তেওঁ গোপন ঠাইত আছিল।
Saul sagde til honom: «Kvifor hev de samansvore dykk mot meg, du og Isaisonen, med di du gav honom mat og sverd, og spurde Gud for honom, og han fekk leggja meinråder mot meg, so som det no kjem for dagen?»
14 ১৪ তাৰ পাছত অহীমেলকে ৰজাক উত্তৰ দি ক’লে, “আপোনাৰ দাসবোৰৰ মাজত দায়ূদৰ দৰে বিশ্বাসী কোন? যিজন ৰজাৰ জোঁৱাই, আৰু আপোনাৰ দেহৰক্ষী, আপোনাৰ গৃহৰ এজন সন্মানীয় লোক।”
Ahimelek svara: «Kven av alle tenarane sine er so trugen som David? og han er kongsmåg og hovding yver livvakti di og høgvyrd i huset ditt!
15 ১৫ আজি প্ৰথমবাৰ মই তেওঁৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ নেকি? সেয়ে মোৰ পৰা দূৰ হওক! মহাৰাজ, আপোনাৰ এই দাসক আৰু মোৰ সকলো পিতৃ-বংশক দোষ নিদিব; কিয়নো আপোনাৰ দাসে এই বিষয়ে কোনো কথাই গম পোৱা নাছিল।”
Er det fyrste gongen eg hev spurd Gud for honom? Aldri i verdi må kongen saka meg og ætti mi for dette. Eg hev ikkje visst det minste um alt dette.»
16 ১৬ ৰজাই উত্তৰ দি ক’লে, “অহীমেলক, তুমি আৰু তোমাৰ পিতৃ-বংশ সকলোৰে নিশ্চয় মৃত্যু হ’ব।”
Kongen sagde: «Du skal lata livet, Ahimelek! du og heile ætti di.»
17 ১৭ ৰজাই তেওঁৰ চাৰিও ফালে থকা ৰখীয়া সকলক ক’লে, “তহঁতে ঘূৰি গৈ যিহোৱাৰ পুৰোহিত সকলক বধ কৰ। কাৰণ তেওঁলোকো দায়ূদৰ সহায়কাৰী, আৰু তেওঁ পলোৱাৰ কথা তেওঁলোকে জানিও মোক নজনালে।” কিন্তু যিহোৱাৰ পুৰোহিতসকলক আক্ৰমণ কৰিবৰ অৰ্থে ৰজাৰ দাসবোৰ সন্মত নহ’ল।
Og kongen baud tenarane som stod ikring honom: «Fram og drep Herrens prestar! for dei er og i samråd med David. Endå dei visste han rømde, let dei meg ikkje vita det.» Men kongstenarane torde ikkje rette ut handi og hogga ned Herrens prestar.
18 ১৮ তাৰ পাছত ৰজাই দোৱেগক ক’লে, “ঘূৰি গৈ পুৰোহিতসকলক বধ কৰা।” সেয়ে ইদোমীয়া দোৱেগে পুৰোহিতসকলক আক্ৰমণ কৰি সেই দিনা শণ সূতাৰ এফোদ বস্ত্ৰ পিন্ধা পঁচাশী জনক বধ কৰিলে।
Kongen baud då Doeg: «Fram du, og hogg ned prestarne!» Og edomiten Doeg gjekk fram og hogg ned prestarne med eigi hand, og drap den dagen fem og åtteti mann som bar messehakel av lin.
19 ১৯ তেওঁ তৰোৱালৰ ধাৰেৰে পুৰোহিতসকলৰ নোব নগৰ আঘাত কৰি, পুৰুষ, তিৰোতা, ল’ৰা, আৰু পিয়াহ খোৱা কেঁচুৱা, আৰু গৰু, গাধ, মেৰ-ছাগ আদি সকলোকে তৰোৱালৰ ধাৰেৰে সংহাৰ কৰিলে।
Og folket i prestebyen Nob slo han med sverd, karar og kvende, småborn og store born, bufe og smale og asen, alt hogg han ned med sverdet.
20 ২০ সেই সময়ত অহীটুবৰ পুত্ৰ অহীমেলকৰ এজন পুত্ৰ কেৱল ৰক্ষা পৰিল; তেওঁৰ নাম অবিয়াথৰ; তেওঁ দায়ূদৰ ওচৰলৈ পলাই গ’ল।
Berre ein av sønerne hans Ahimelek Ahitubsson berga seg undan. Abjatar heitte han. Han rømde til David.
21 ২১ চৌলে যিহোৱাৰ পুৰোহিতসকলক বধ কৰা কথা অবিয়াথৰে দায়ূদক ক’লে,
Abjatar fortalde David at Saul hadde hogge ned Herrens prestar.
22 ২২ তাতে দায়ূদে অবিয়াথৰক ক’লে, “ইদোমীয়া দোৱেগ সেই ঠাইত থকাতে মই সেই দিনা বুজিছিলোঁ, যে, সি অৱশ্যে চৌলক সম্বাদ দিব; ময়েই তোমাৰ পিতৃ-বংশৰ সকলো ব্যক্তিৰ বধৰ কাৰণ হ’লো।
«Eg skyna det alt den gong, » sagde David til Abjatar, «at når edomiten Doeg var der, vilde han melda det til Saul. Eg er upphavet til dråpet på heile di ætt.
23 ২৩ তুমি মোৰ লগত থাকা, ভয় নকৰিবা; কিয়নো যি জনে মোৰ প্ৰাণ ৰক্ষা কৰিলে সেই জনে তোমাৰো কৰিব। কাৰণ মোৰ লগত তুমি নিৰ্ভয়ে থাকিবা।
Haldt deg hjå meg! ver hugheil! Den som vil taka livet av meg, vil taka livet av deg. Du er no i mi varetekt.»