< ১ সামুয়েল 22 >

1 তাৰ পাছত দায়ূদে সেই ঠাই এৰিলে আৰু অদুল্লম নামেৰে এটা গুহাত আশ্ৰয় ল’লে; যেতিয়া তেওঁৰ ককায়েকসকলে আৰু পিতৃ-বংশৰ লোকসকলে এইকথা শুনিলে, তেতিয়া তেওঁলোক তেওঁৰ ওচৰলৈ গ’ল।
Onnan elment Dávid és menekült Adullám barlangjába; meghallották testvérei és atyja egész háza és lementek oda hozzá.
2 প্ৰতিজন দুখ পোৱা ব্যক্তি, প্ৰতিজন ধৰুৱা ব্যক্তি আৰু প্ৰতিজন বেজাৰত থকা ব্যক্তি তেওঁৰ ওচৰত গোট খালে। তাতে দায়ুদ তেওঁলোকৰ অধিপতি হ’ল; এই দৰে প্ৰায় চাৰি শ লোক তেওঁৰ সঙ্গী হ’ল।
És összegyűlt hozzá minden szorongásban levő ember, minden ember, kinek volt hitelezője, meg minden elkeseredett lelkű ember, és ő vezér lett fölöttük; volt vele mintegy négyszáz ember.
3 দায়ূদে তাৰ পৰা মোৱাবৰ মিস্পালৈ গ’ল। তেওঁ মোৱাবৰ ৰজাক ক’লে, “বিনয় কৰোঁ, ঈশ্বৰে মোলৈ কি কৰিব, তাক জ্ঞাত নহওঁমানে, মোৰ পিতৃ-মাতৃক আপোনাৰ লগত থাকিবলৈ দিয়ক।”
Onnan elment Dávid a Móábbeli Miczpébe; és szólt Móáb királyához: Maradjon, kérem, nálatok atyám meg anyám, amíg meg tudom, mit tesz velem Isten.
4 তেওঁ তেওঁলোকক মোৱাবৰ ৰজাৰ লগত ৰাখিলে, আৰু যেতিয়ালৈকে দায়ুদ তেওঁৰ দুৰ্গত থাকিল, তেতিয়ালৈকে তেওঁলোক ৰজাৰ লগত থাকিল।
És el is vezette őket Móáb királya elé; és maradtak nála az egész időben, hogy Dávid a hegyvárban volt.
5 পাছে গাদ ভাববাদীয়ে দায়ূদক ক’লে, “তুমি তোমাৰ দুৰ্গত নাথাকিবা, এই ঠাই ত্যাগ কৰি যিহূদা দেশলৈ যোৱা।” সেয়ে দায়ূদে সেই ঠাই ত্যাগ কৰি হেৰৎ অৰণ্যলৈ গ’ল।
És szólt Gád próféta Dávidhoz: Ne maradj a hegyvárban, menj, hogy eljuss Jehúda országába; elment tehát Dávid és jutott a Chéret erdőbe.
6 চৌলে শুনিলে যে, দায়ূদক তেওঁৰ লগৰ লোকসকলৰ সৈতে পোৱা গ’ল। সেই সময়ত চৌলে হাতত যাঠি লৈ গিবিয়াত ঝাওঁ গছৰ তলত বহি আছিল, আৰু তেওঁৰ চাৰিওফালে তেওঁৰ দাসবোৰ থিয় হৈ আছিল।
Meghallotta Sául, hogy mutatta magát Dávid meg a vele levő emberek – Sául pedig ült Gibeában a tamariskfa alatt a magaslaton, dárdája a kezében és mind a szolgái álltak mellette –
7 তাতে চৌলে চাৰিওফালে থিয় হৈ থকা তেওঁৰ দাসবোৰক ক’লে, “বিন্যামীনৰ লোকসকল শুনা! যিচয়ৰ পুত্ৰই তোমালোকৰ প্ৰতিজনকে শস্যক্ষেত্ৰ আৰু দ্ৰাক্ষাবাৰী দিব নে? আৰু তোমালোক সকলোকে সহস্ৰপতি ও শতপতিৰ পাতিব নে?
és mondta Sául a mellette álló szolgáinak: Halljátok csak, Benjámin fiai! Hát nektek is mindnyájatoknak ad majd Jísáj fia mezőket és szőlőket, mindnyájatokat tesz-e majd ezrek tisztjeivé és százak tisztjeivé?
8 তাৰ পৰিবৰ্তে তোমালোক সকলোৱে মোৰ বিৰুদ্ধে চক্ৰান্ত কৰিছাহঁক, যেতিয়া মোৰ পুত্ৰৰ সৈতে যিচয়ৰ পুত্ৰই চুক্তি কৰিছিল তেতিয়া কোনেও মোৰ আগত এই কথা প্ৰকাশ কৰা নাছিল। মোৰ পুত্ৰক মোৰ দাস দায়ূদে মোৰ বিৰুদ্ধে উদগোৱাৰ কথা জানি আৰু আজিৰ দৰে খাপ দি লুকাই থকা কথা জানিও তোমালোক কোনেও মোৰ কাৰণে দুখিত হোৱা নাই।”
Hogy összeesküdtetek mindnyájan ellenem és hogy senki sem nyilvánítja előttem, amikor szövetséget köt fiam a Jísáj fiával és nincs senki közületek, kinek ez fájna és aki nyilvánítaná előttem, hogy leselkedőnek támasztotta fiam a szolgámat ellenem, mint ez a mai napon van!
9 তাৰ পাছত চৌলৰ দাসবোৰৰ ওচৰত থিয় হৈ থকা ইদোমীয়া দোৱেগে উত্তৰ দিলে, “মই নোবত যিচয়ৰ পুত্ৰক অহীটুবৰ পুত্ৰ অহীমেলকৰ ওচৰলৈ অহা দেখিছিলোঁ।”
Erre megszólalt az edómi Dóég – ő ugyanis ott állt Sául szolgái mellett – és mondta: Láttam Jísáj fiát, amint Nóbba jött, Achímélekhez, Achítúb fiához;
10 ১০ অহীমেলকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে যাতে তেওঁক সহায় কৰে, আৰু তেওঁ তেওঁক যোগান ধৰিলে, আৰু পলেষ্টীয়া গলিয়াথৰ তৰোৱালো তেওঁক দিলে।
megkérdezte érte az Örökkévalót és eleséget adott neki, meg a filiszteus Goliátnak kardját adta neki.
11 ১১ তাৰ পাছত ৰজাই মানুহ পঠাই অহীটুবৰ পুত্ৰ অহীমেলক পুৰোহিতক আৰু তেওঁৰ পিতৃ-বংশক, অৰ্থাৎ নোবত থকা পুৰোহিতসকলক মতি পঠালে। তেওঁলোক সকলোৱেই ৰজাৰ ওচৰলৈ আহিল,
Ekkor küldött a király, hogy hívják Achímélekhet, Achítúb fiát, a papot és atyja egész házát, a Nóbban levő papokat; és eljöttek mindnyájan a királyhoz.
12 ১২ চৌলে ক’লে, “অহীটুবৰ পুত্ৰ শুনা।” তেওঁ উত্তৰ দিলে, “প্ৰভু, মই ইয়াতে আছোঁ।”
És mondta Sául: Halljad csak, Achítúb fia! Mondta: Itt vagyok, uram.
13 ১৩ চৌলে তেওঁক ক’লে, “তুমি আৰু যিচয়ৰ পুত্ৰ মোৰ বিৰুদ্ধে কিয় চক্ৰান্ত কৰিছা, যাৰ বাবে তুমি তেওঁক পিঠা আৰু তৰোৱাল দিছা, আৰু ঈশ্বৰৰ ওচৰত তেওঁৰ সহায়ৰ কাৰণে প্ৰার্থনা কৰিছা, যাতে তেওঁ মোৰ বিৰুদ্ধে উঠে, আজি লুকাই থকাৰ দৰেই তেওঁ গোপন ঠাইত আছিল।
És szólt hozzá Sául: Miért esküdtetek össze ellenem, te és Jísáj fia, amikor adtál neki kenyeret és kardot és megkérdezted érte az Istent, hogy leselkedőnek támadjon ellenem, mint ez a mai napon van?
14 ১৪ তাৰ পাছত অহীমেলকে ৰজাক উত্তৰ দি ক’লে, “আপোনাৰ দাসবোৰৰ মাজত দায়ূদৰ দৰে বিশ্বাসী কোন? যিজন ৰজাৰ জোঁৱাই, আৰু আপোনাৰ দেহৰক্ষী, আপোনাৰ গৃহৰ এজন সন্মানীয় লোক।”
Felelt Achímélekh a királynak és mondta: Hát kicsoda mind a szolgáid közt oly hűséges, mint Dávid? A királynak veje ő, a szolgálatodhoz tartozik és tiszteletben áll házadban!
15 ১৫ আজি প্ৰথমবাৰ মই তেওঁৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ নেকি? সেয়ে মোৰ পৰা দূৰ হওক! মহাৰাজ, আপোনাৰ এই দাসক আৰু মোৰ সকলো পিতৃ-বংশক দোষ নিদিব; কিয়নো আপোনাৰ দাসে এই বিষয়ে কোনো কথাই গম পোৱা নাছিল।”
Vajon aznap kezdtem-e megkérdezni érte Istent? Távol legyen tőlem! Ne vessen a király ilyen dolgot a szolgájára, sem atyám egész házára, mert nem tudott szolgád minderről sem kicsinyt sem nagyot.
16 ১৬ ৰজাই উত্তৰ দি ক’লে, “অহীমেলক, তুমি আৰু তোমাৰ পিতৃ-বংশ সকলোৰে নিশ্চয় মৃত্যু হ’ব।”
Erre mondta a király: Meg kell halnod, Achímélekh, neked és atyád egész házának.
17 ১৭ ৰজাই তেওঁৰ চাৰিও ফালে থকা ৰখীয়া সকলক ক’লে, “তহঁতে ঘূৰি গৈ যিহোৱাৰ পুৰোহিত সকলক বধ কৰ। কাৰণ তেওঁলোকো দায়ূদৰ সহায়কাৰী, আৰু তেওঁ পলোৱাৰ কথা তেওঁলোকে জানিও মোক নজনালে।” কিন্তু যিহোৱাৰ পুৰোহিতসকলক আক্ৰমণ কৰিবৰ অৰ্থে ৰজাৰ দাসবোৰ সন্মত নহ’ল।
És mondta a király a mellette álló futároknak: Forduljatok és öljétek meg az Örökkévaló papjait, mert az ő kezük is Dáviddal van, és mert tudták, hogy elszökik és nem nyilvánították előttem. De nem akarták a király szolgái kinyújtani kezüket, hogy rátámadjanak az Örökkévaló papjaira.
18 ১৮ তাৰ পাছত ৰজাই দোৱেগক ক’লে, “ঘূৰি গৈ পুৰোহিতসকলক বধ কৰা।” সেয়ে ইদোমীয়া দোৱেগে পুৰোহিতসকলক আক্ৰমণ কৰি সেই দিনা শণ সূতাৰ এফোদ বস্ত্ৰ পিন্ধা পঁচাশী জনক বধ কৰিলে।
Ekkor mondta a király Dóégnek: Fordulj te és támadj rá a papokra! És fordult az edómi Dóég és rátámadt ő a papokra, és megölt az napon nyolcvanöt embert, len-éfód viselőjét.
19 ১৯ তেওঁ তৰোৱালৰ ধাৰেৰে পুৰোহিতসকলৰ নোব নগৰ আঘাত কৰি, পুৰুষ, তিৰোতা, ল’ৰা, আৰু পিয়াহ খোৱা কেঁচুৱা, আৰু গৰু, গাধ, মেৰ-ছাগ আদি সকলোকে তৰোৱালৰ ধাৰেৰে সংহাৰ কৰিলে।
Nóbot pedig, a papok városát, megverte a kard élével, férfiastul, asszonyostul, kisdedestül, csecsemőstül, ökröt, szamarat és bárányt a kard élével.
20 ২০ সেই সময়ত অহীটুবৰ পুত্ৰ অহীমেলকৰ এজন পুত্ৰ কেৱল ৰক্ষা পৰিল; তেওঁৰ নাম অবিয়াথৰ; তেওঁ দায়ূদৰ ওচৰলৈ পলাই গ’ল।
De megmenekült egy fia Achímélekhnek, Achítúb fiának, neve Ebjátár; és elszökött Dávid után.
21 ২১ চৌলে যিহোৱাৰ পুৰোহিতসকলক বধ কৰা কথা অবিয়াথৰে দায়ূদক ক’লে,
És elmondta Ebjátár Dávidnak, hogy megölte Sául az Örökkévaló papjait.
22 ২২ তাতে দায়ূদে অবিয়াথৰক ক’লে, “ইদোমীয়া দোৱেগ সেই ঠাইত থকাতে মই সেই দিনা বুজিছিলোঁ, যে, সি অৱশ্যে চৌলক সম্বাদ দিব; ময়েই তোমাৰ পিতৃ-বংশৰ সকলো ব্যক্তিৰ বধৰ কাৰণ হ’লো।
Ekkor mondta Dávid Ebjátárnak: Tudtam azon a napon, hogy ott van az edómi Dóég s hogy tudtára fogja adni Sáulnak; én vagyok oka atyád háza minden lelke vesztének.
23 ২৩ তুমি মোৰ লগত থাকা, ভয় নকৰিবা; কিয়নো যি জনে মোৰ প্ৰাণ ৰক্ষা কৰিলে সেই জনে তোমাৰো কৰিব। কাৰণ মোৰ লগত তুমি নিৰ্ভয়ে থাকিবা।
Maradj nálam, ne félj, mert aki az én életemre tör, tör a te életedre is; bizony őrizetben vagy nálam.

< ১ সামুয়েল 22 >