< ১ সামুয়েল 21 >

1 তাৰ পাছত দায়ুদ নোবত থকা অহীমেলক পুৰোহিতৰ ওচৰলৈ আহিল। তাতে অহীমেলকে কঁপি কঁপি দায়ূদৰ লগত সাক্ষাৎ কৰিবলৈ আহিল, আৰু তেওঁক ক’লে, “কিয় তোমাৰ লগত কোনো নাই আৰু তুমি কিয় অকলে আহিছা?”
E veio Davi a Nobe, a Aimeleque sacerdote: e surpreendeu-se Aimeleque de seu encontro, e disse-lhe: Como tu somente, e ninguém contigo?
2 দায়ূদে অহীমেলক পুৰোহিতক ক’লে, “ৰজাই মোক তেওঁৰ কাৰ্যৰ অৰ্থে পঠাইছে, আৰু মোক ক’লে, ‘মই তোমাক যি কাৰ্যৰ উদ্দেশে পঠাইছোঁ আৰু তোমাক কি আদেশ দিছোঁ সেই যিষয়ে যেন কোনেও গম নাপাই।’ মই যুৱক সকলক বিশেষ ঠাইলৈ যাবলৈ নিৰ্দেশ দিছোঁ।
E respondeu Davi ao sacerdote Aimeleque: O rei me encomendou um negócio, e me disse: Ninguém saiba coisa alguma deste negócio a que eu te envio, e que eu te mandei; e eu assinalei aos criados certo lugar.
3 এতিয়া তোমাৰ হাতত কি আছে? মোক পাঁচটা পিঠা বা ইয়াত যি আছে তাকে দিয়া।”
Agora, pois, o que tens à mão? Dá-me cinco pães, ou o que se achar.
4 পুৰোহিতে দায়ূদক উত্তৰ দি ক’লে, “মোৰ হাতত সাধাৰণ পিঠা নাই, কিন্তু পবিত্ৰ পিঠাহে আছে; যদি যুৱকসকলে নিজকে মহিলাৰ পৰা পৃথকে ৰাখে।”
E o sacerdote respondeu a Davi, e disse: Não tenho pão comum à mão; somente tenho pão sagrado: mas o darei se os criados se abstiveram de mulheres.
5 দায়ূদে পুৰোহিতক উত্তৰ দিলে, “নিশ্চয়কৈ এই তিনি দিন আমাৰ পৰা মহিলাসকলক পৃথকে ৰাখিম। যেতিয়া মই ওলাই আহিলোঁ, যুৱকসকলৰ শৰীৰ পবিত্ৰ আছিল, যদিও বা এই যাত্ৰা সাধাৰণ আছিল। আজি তেওঁলোকৰ শৰীৰ আৰু কিমান পবিত্ৰ হ’ব লাগে?”
E Davi respondeu ao sacerdote, e disse-lhe: Certamente as mulheres nos foram afastadas desde anteontem quando saí, e os instrumentos dos moços foram santos, ainda que a jornada seja comum; quanto mais que hoje haverá outro pão santificado nos vasos.
6 তাতে পুৰোহিতে তেওঁক পবিত্ৰ পিঠা দিলে। কাৰণ তাত আন পিঠা নাছিল, কেৱল তাত থকা পিঠা যি যিহোৱাৰ সন্মুখৰ পৰা আঁতৰোৱা হৈছিল যাতে তাৰ ঠাইত গৰম পিঠা ৰাখিব পৰা যায়।
Assim o sacerdote lhe deu o pão sagrado, porque ali não havia outro pão que os pães da proposição, os quais haviam sido tirados de diante do SENHOR, para que se pusessem pães quentes o dia que os outros foram tirados.
7 সেই দিনা চৌলৰ দাসবোৰৰ মাজৰ ইদোমীয়া দোৱেগ নামেৰে এজন লোক যিহোৱাৰ সন্মুখত, তেওঁ চৌলৰ প্ৰধান পশুপালক আছিল।
Aquele dia estava ali um dos servos de Saul detido diante do SENHOR, o nome do qual era Doegue, edomita, principal dos pastores de Saul.
8 দায়ূদে অহীমেলকক ক’লে, “তোমাৰ এই ঠাইত যাঠি বা তৰোৱাল একো নাই নে? কাৰণ, মই ৰজাৰ জৰুৰী কাৰ্য কৰিব লগা হোৱাত, মই নিজৰ তৰোৱাল বা অস্ত্ৰ লগত অনা নহ’ল।”
E Davi disse a Aimeleque: Não tens aqui à mão lança ou espada? Porque não tomei em minha mão minha espada nem minhas armas, porquanto o mandamento do rei era urgente.
9 পুৰোহিতে ক’লে, “এলা উপত্যকাত তুমি যাক বধ কৰিছিলা সেই পলেষ্টীয়া গলিয়াথৰ তৰোৱাল এফোদৰ পাছফালে কাপোৰেৰে মেৰোৱা আছে। যদি তুমি লব খোজা, লোৱা, কাৰণ তাৰ বাহিৰে আন কোনো অস্ত্ৰ ইয়াত নাই।” তাতে দায়ূদে ক’লে, “তাৰ সমান তৰোৱাল আৰু নাই; তাকে মোক দিয়া।”
E o sacerdote respondeu: A espada de Golias o filisteu, que tu venceste no vale de Elá, está aqui embrulhada em um véu detrás do éfode: se tu queres tomá-la, toma-a: porque aqui não há outra a não ser essa. E disse Davi: Nenhuma como ela: dá-a a mim.
10 ১০ তাৰ পাছত দায়ুদ উঠি চৌলৰ ভয়ত পলাল আৰু সেই দিনাই গাতৰ ৰজা আখীচৰ ওচৰলৈ গ’ল।
E levantando-se Davi aquele dia, fugiu da presença de Saul, e veio a Aquis rei de Gate.
11 ১১ আখীচৰ দাসবোৰে তেওঁক ক’লে, “এই মানুহ জন জানো দেশৰ ৰজা দায়ুদ নহয় নে? তেওঁলোকে নাচি নাচি তেওঁৰ বিষয়ে পৰস্পৰে গান গাই কোৱা নাই নে - “চৌলে বধিলে হাজাৰ হাজাৰ লোকক, দায়ূদে বধিলে অযুত অযুত লোকক?”
E os servos de Aquis lhe disseram: Não é este Davi, o rei da terra? Não é este a quem cantavam em danças, dizendo: Feriu Saul seus milhares, E Davi seus dez milhares?
12 ১২ তাতে দায়ূদে সেই কথা হৃদয়ত ৰাখি গাতৰ ৰজা আখীচলৈ অতিশয় ভয় কৰিলে।
E Davi pôs em seu coração estas palavras, e teve grande temor de Aquis rei de Gate.
13 ১৩ তেওঁ নিজৰ আচৰণ সলনি কৰিলে আৰু দুৱাৰত আঁকি-বাকি আৰু নিজৰ ডাঢ়িৰ ওপৰত লালটি বোৱাই তেওঁলোকৰ আগত বলীয়াৰ ভাও ধৰিলে।
E mudou sua fala diante deles, e fingiu-se de louco entre suas mãos, e riscava nas entradas das portas, deixando escorrer sua saliva por sua barba.
14 ১৪ তাতে আখীচে তেওঁৰ দাসবোৰক ক’লে, “চোৱা, এই মানুহজন বলীয়া। তেওঁক মোৰ ওচৰলৈ কিয় আনিছা?
E disse Aquis a seus servos: Eis que estais vendo um homem demente; por que o trouxestes a mim?
15 ১৫ মোৰ জানো বলীয়া মানুহৰ অভাৱ হৈছে, যে, মোৰ ওচৰত বলীয়াৰ দৰে ব্যৱহাৰ কৰিবলৈ তোমালোকে ইয়াক আনিলা, এই মানুহ মোৰ গৃহত সোমাব নে?”
Faltam a mim loucos, para que trouxésseis este que fizesse de louco diante de mim? havia de vir este à minha casa?

< ১ সামুয়েল 21 >