< ১ সামুয়েল 20 >
1 ১ তাৰ পাছত দায়ূদে ৰামাৰ নায়োতৰ পৰা পলাই যোনাথনৰ ওচৰলৈ আহি ক’লে, “মই নো কি কৰিলোঁ? মোৰ অপৰাধ কি? আপোনাৰ পিতৃৰ আগত মই কি পাপ কৰিলোঁ, তেওঁ যে মোৰ প্ৰাণ লবলৈ চেষ্টা কৰিছে?”
És elszökött Dávid Nájótból, Rámában; elment és szólt Jónátán előtt: Mit cselekedtem, mi a bűnöm és mi a vétkem atyád előtt, hogy életemre tör?
2 ২ যোনাথনে দায়ূদক ক’লে, “ইয়াৰ পৰা আঁতৰি থাকক, আপোনাৰ মৃত্যু নহয়। মোৰ পিতৃয়ে ডাঙৰ কি সৰু কোনো কাম মোক নোকোৱাকৈ নকৰে। মোৰ পিতৃয়ে এই কথা মোৰ পৰা কিয় গোপনে ৰাখিব? সেয়ে নহয়।”
Mondta neki: Távol legyen, nem fogsz meghalni! Íme, nem tesz atyám sem nagy dolgot, sem kicsi dolgot, hogy ne nyilvánítaná előttem; miért rejtené tehát atyám el ezt a dolgot tőlem? Nincs úgy!
3 ৩ তথাপিও দায়ূদে শপত খাই ক’লে, “মই তোমাৰ দৃষ্টিত যে অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তাক তোমাৰ পিতৃয়ে ভালকৈ জানে; তেওঁ কৈছে, ‘যোনাথনক এই কথা জানিবলৈ নিদিবা, জানিলে সি অসন্তোষ পাব’। কিন্তু যিহোৱাৰ জীৱনৰ আৰু তোমাৰ জীৱনৰ শপত, মোৰ আৰু মৃত্যুৰ মাজত নিশ্চয়ে এখোজহে অন্তৰ আছে।”
S újra esküdött Dávid és mondta: Jól tudja atyád, hogy kegyet találtam szemeidben, mondta tehát, ne tudja ezt Jónátán, nehogy megszomorodjék; azonban ahogy él az Örökkévaló és lelked életére, bizony, csak egy lépésnyi van köztem és a halál közt.
4 ৪ তেতিয়া যোনাথনে দায়ূদক ক’লে, “আপুনি যি ক’ব বিচাৰে কওক, মই আপোনাৰ কাৰণে তাকেই কৰিম।”
Erre szólt Jónátán Dávidhoz: Mit kíván a lelked? Megteszem neked.
5 ৫ দায়ূদে যোনাথনক ক’লে, “কাইলৈ ন-জোন ওলাব; তাতেই ময়েই ৰজাৰ লগত ভোজনত বহিব লাগিব। কিন্তু তুমি মোক যাবলৈ দিয়া, মই তৃতীয় দিনৰ গধূলিলৈকে পথাৰত লুকাই থাকিম।
Szólt Dávid Jónátánhoz: Íme, újhold van holnap, én pedig ülni szoktam a királynál, hogy egyem; bocsáss hát el engem és elrejtőzöm a mezőn a harmadik estig.
6 ৬ যদি তোমাৰ পিতৃয়ে মই নথকাটো মন কৰে, তেন্তে তুমি ক’বা, ‘দায়ূদে নিজ নগৰ বৈৎলেহেমলৈ সোনকালে যাবৰ কাৰণে মোৰ আগত বৰ আগ্ৰহেৰে অনুমতি বিচাৰিলে; কাৰণ সেই ঠাইত গোটেই বংশৰ কাৰণে এটা বছৰেকীয়া যজ্ঞ হৈ আছে।’
Ha majd fölemlít engem atyád, akkor mondjad: elkérezkedett tőlem Dávid, hogy futhasson Bét-Léchembe, az ő városába, mert évi áldozatja van ott az egész családnak.
7 ৭ তেওঁ যদি কয়, ‘ঠিকেই আছে’, তেতিয়া তোমাৰ দাসৰ মঙ্গল হ’ব। কিন্তু যদি তেওঁৰ খং উঠে, তেন্তে জানিবা যে, তেওঁ অমঙ্গলৰ কথা চিন্তা কৰিছে।
Ha így szól: jó – béke van szolgáddal; de ha haragjára lesz, tudd meg, hogy elhatározva van részéről a veszedelem.
8 ৮ এই হেতুকে তুমি তোমাৰ দাসলৈ অনুগ্ৰহ কৰিবা; কাৰণ তুমি তোমাৰ এই দাসক তোমাৰে সৈতে যিহোৱাৰ চুক্তিলৈ আনিছা। তথাপি যদি মোৰ কোনো অপৰাধ থাকে, তেন্তে তুমি নিজে মোক বধ কৰা; তেনেহলে কিয় মোক তোমাৰ পিতৃৰ ওচৰলৈ নিব খুজিছা?”
És cselekedjél szeretetet szolgáddal, mert az Örökkévaló szövetségébe engedted jutni magaddal szolgádat; de ha bűn van rajtam, ölj meg te atyádhoz pedig minek is vinnél.
9 ৯ যোনাথনে ক’লে, “এনে ভয় আপোনাৰ পৰা দূৰ হওক! কাৰণ মোৰ পিতৃয়ে আপোনালৈ অমঙ্গল ঘটাবলৈ স্থিৰ কৰা কথা যদি মই কেনেবাকৈ জানিব পাৰোঁ, তেন্তে মই জানো আপোনাক কৈ নিদিম?”
Mondta Jónátán; Távol legyen tőled! Bizony ha megtudom, hogy atyám részéről el van határozva, a veszedelem, hogy rád jöjjön, nem adnám én azt tudtodra?
10 ১০ তেতিয়া দায়ুদে যোনাথনক ক’লে, “তোমাৰ পিতৃয়ে তোমাক কটু উত্তৰ দিলে, তাক কোনে মোক ক’ব?”
És szolt Dávid Jónátánhoz: Ki adja majd tudtomra, ha talán atyád valami keményet felel neked?
11 ১১ যোনাথনে দায়ুদক ক’লে, “আহক, আমি পথাৰলৈ ওলাই যাওঁহঁক।” সেয়ে দুয়ো পথাৰলৈ ওলাই গ’ল।
Szólt Jónátán Dávidhoz: Gyere, menjünk ki a mezőre. És kimentek mind a ketten a mezőre.
12 ১২ যোনাথনে দায়ুদক ক’ল, “মই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক সাক্ষী কৰি কৈছোঁ যে, কাইলৈ বা পৰহিলৈ প্ৰায় এই সময়ত মোৰ পিতৃৰ মন চাম; তাতে আপোনালৈ অনুগ্ৰহ থকাৰ প্ৰমাণ পালে, মই তেতিয়াই মানুহ পঠিয়াই আপোনাক সেই বিষয়ে নজনাম নে?
Ekkor szólt Jónátán Dávidhoz: Az Örökkévaló, Izrael Istene – midőn kifürkészem atyámat ilyenkor holnap vagy harmadnapra és íme, jól áll Dávid dolga, vajon akkor nem küldenék hozzád, hogy nyilvánítsam előtted?
13 ১৩ যদি আপোনাৰ অমঙ্গল কৰিবলৈ মোৰ পিতৃ মন থাকে, আৰু মই সেই বিষয়ে আপোনাক নজনাও, তেনেহলে যিহোৱাই যোনাথনক অমুক আৰু তাতকৈ অধিক দণ্ড দিয়ক; তেনেকুৱা হ’লে, আপোনাক বিদায় দিম; তাতে আপুনি কুশলে যাব; আৰু যিহোৱা মোৰ পিতৃৰ লগত থকাৰ দৰে আপোনাৰ লগতো থাকক।
Így tegyen az Örökkévaló Jónátánnal s így folytassa, ha jónak tetszik atyámnak rád hozni a veszedelmet, akkor nyilvánítom előtted és elbocsátlak, hogy menj békével; és legyen veled az Örökkévaló, amint atyámmal volt.
14 ১৪ মই নমৰিবৰ কাৰণে আপুনি যে কেৱল মই জীয়াই থকা কালত যিহোৱাৰ অনুগ্ৰহ মোৰ বাবে দেখুৱাব এনে নহয়;
S nemde, ha még élek, nem fogsz-e cselekedni velem az Örökkévaló szeretetével, hogy meg ne haljak?
15 ১৫ কিন্তু মোৰ বংশলৈকো দয়া কৰিবলৈ কেতিয়াও ক্ৰুতি নকৰিব, আনকি যেতিয়া যিহোৱাই দায়ুদৰ শত্ৰুবোৰৰ প্ৰতিজনক পৃথিবীৰ পৰা উচ্ছন্ন কৰিব, তেতিয়াও নকৰিবা।”
S ne irtsd ki szeretetedet házamtól sohasem, akkor sem, mikor kiírtja az Örökkévaló Dávid ellenségeit, kit-kit a föld színéről –
16 ১৬ এইদৰে যোনাথনে দায়ূদৰ পৰিয়ালৰ সৈতে এটা চুক্তি কৰিলে আৰু তেওঁ ক’লে, যিহোৱাই দায়ুদক শত্ৰুবোৰৰ হাতৰ পৰা ৰক্ষা কৰক।
így szövetséget kötött Jónátán Dávid házával és keresse az Örökkévaló Dávid ellenségeinek kezéből!
17 ১৭ এইদৰে যোনাথনে দায়ুদৰ ওচৰত পুনৰ প্রতিজ্ঞা কৰিলে, কাৰণ তেওঁ তেওঁক প্ৰেম কৰিছিল; তেওঁ নিজ প্ৰাণৰ দৰে দায়ূদক প্ৰেম কৰিছিল।
Tovább is megeskette Jónátán Dávidot, mert szerette őt, mert lelke szeretetével szerette.
18 ১৮ সেয়ে যোনাথনে দায়ুদক ক’লে, “কাইলৈ ন-জোন ওলাব; তাতে আপোনাৰ অনুপস্থিতি অনুভৱ হ’ব, কাৰণ আপোনাৰ আসন খালী হৈ থাকিব।
Erre mondta neki Jónátán: Holnap újhold van; hiányozni fogsz, mert üres lesz az ülőhelyed.
19 ১৯ আপুনি পৰহিলৈ অতি বেগাই নামি আহিব, আৰু আগেয়ে যি ঠাইত আহি লুকাই আছিল, সেই ঠাইলৈ আহি এজল নামৰ শিলটোৰ ওচৰত লুকাই থাকিব।
Harmadnapon pedig menj le hamar, míg eljutsz azon helyre, ahol elrejtőztél az esemény napján, és maradj az Ézel köve mellett.
20 ২০ তাতে মই লক্ষ্য কৰি মৰাৰ দৰে তিনিটা কাঁড় মাৰিম।
Én pedig – a három nyilat majd ellövöm, célba lőve magamnak.
21 ২১ আৰু মই এজন ডেকা ল’ৰাক সেই ঠাইলৈ পঠিয়াম আৰু তেওঁক ক’ম, ‘যোৱা আৰু কাঁড়বোৰ বিচাৰা’। যদি মই সেই ডেকা ল’ৰাক কওঁ, কাঁড় কেইডাল এইফালে আছে, তাৰ পৰা তুলি আনা’; তেনেহলে আপুনি আহিব। কিয়নো কোনো ভয় নাই, যিহোৱাৰ জীৱনৰ শপত তোমাৰ মঙ্গলহে হ’ব।
És íme elküldöm majd a legényt: menj, találd meg a nyilakat; ha azt fogom mondani a legénynek: íme a nyilak innen vannak tőled – akkor vedd és jöjj, mert béke van veled és nincs baj – él az Örökkévaló!
22 ২২ কিন্তু মই যদি ডেকা ল’ৰাটোক কওঁ, ‘চোৱা, কাঁড়বোৰ তোৰ সিফালে আছে’, তেতিয়া আপুনি নিজৰ পথত গুচি যাব; কাৰণ যিহোৱাই আপোনাক বিদায় দিছে।
Ha pedig azt mondom a fiúnak: íme, a nyilak innen vannak tőled, akkor menj, mert elküldött téged az Örökkévaló.
23 ২৩ আপোনাৰ আৰু মোৰ মাজত হোৱা চুক্তি আৰু মই কোৱা কথাবোৰ মনত ৰাখিব; যিহোৱা আপোনাৰ আৰু মোৰ মাজত চিৰদিন সাক্ষী হৈ আছে।”
Azon szóra nézve pedig, melyet szóltunk én meg te – íme az Örökkévaló van köztem és közted örökké.
24 ২৪ তাৰ পাছত দায়ূদে গৈ পথাৰত লুকাই থাকিল; পাছত যেতিয়া ন-জোন ওলাল, তেতিয়া ৰজাই আহি ভোজনত বহিল।
Elrejtőzött tehát Dávid a mezőn. Volt pedig újholdkor, leült a király az ebédhez, hogy egyék.
25 ২৫ তাতে ৰজাই সচৰাচৰ বহাৰ দৰে দেৱালৰ ওচৰত থকা আসনত গৈ বহিল। পাছত যোনাথন উঠি থিয় হ’ল আৰু অবনেৰ চৌলৰ কাষতে বহিল, কিন্তু দায়ুদৰ আসন খালী হৈ থাকিল।
És leült a király az ülőhelyére, mint egyszer-másszor a fal melletti ülőhelyre; s fölkelt Jónátán és leült Abnér Sául oldalára; s üres maradt Dávid helye.
26 ২৬ সেইদিনা চৌলে একোকে নক’লে; কাৰণ তেওঁ ভাবিলে, “দায়ূদৰ কিবা হয়তো হৈছে। সি শুচি নহয়, সঁচাকৈ সি শুচি নহয়।”
De nem szólt Sául semmit aznap, mert mondta: véletlen az, nem tiszta ő, bizony nem tiszta.
27 ২৭ ন-জোনৰ পাছদিনা অৰ্থাৎ মাহৰ দ্বিতীয় দিনাও দায়ুদৰ আসন শূণ্য হৈ থকাত চৌলে নিজৰ পুত্ৰ যোনাথনক সুধিলে, “যিচয়ৰ পুতেক কালি আৰু আজিও ভোজলৈ কিয় অহা নাই?”
Volt pedig másnap, az újhold második napján, üres maradt Dávid helye; ekkor szólt Sául a fiához, Jonátánhoz: Miért nem jött Jísáj fia sem tegnap sem ma az ebédhez?
28 ২৮ তেতিয়া যোনাথনে উত্তৰ দি চৌলক ক’লে, “দায়ুদে বৈৎলেহেমলৈ যাবৰ কাৰণে বৰ আগ্ৰহেৰে মোৰ পৰা অনুমতি বিচাৰিলে;
Felelt Jónátán Sáulnak: Elkérezkedett tőlem Dávid Bét-Léchembe.
29 ২৯ আৰু মোক ক’লে, ‘মই মিনতি কৰিছোঁ, মোক যাবলৈ দিয়া; কিয়নো নগৰত আমাৰ গোষ্ঠীৰ এক যজ্ঞ হ’ব, আৰু মোৰ ককায়ে মোক তাত উপস্থিত হ’বলৈ আজ্ঞা কৰিছে; এই হেতুকে মই যদি তোমাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তেন্তে বিনয় কৰোঁ, মোক যাবলৈ দিয়া; মই গৈ মোৰ ভাইসকলক চাই আহোঁ’। এই কাৰণে তেওঁ মহাৰাজৰ মেজলৈ আহিব পৰা নাই’।”
Mondta ugyanis: bocsáss el, kérlek, mert családi áldozatunk van a városban, és ő parancsolta meg nekem, a testvérem; most hát, ha kegyet találtam szemeidben, hadd siessek el, kérlek, hogy lássam testvéreimet. Azért nem jött a király asztalához.
30 ৩০ তেতিয়া যোনাথনলৈ চৌলৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁ যোনাথনক ক’লে, “হেৰ’ বিপথগামীনী আৰু বিদ্ৰোহীনী তিৰোতাৰ পুতেক, তই তোৰ লাজ, আৰু তোৰ মাৰক বিবস্ত্ৰ কৰাৰ লাজ প্ৰকাশ কৰিবলৈ যে যিচয়ৰ পুতেকক মনোনীত কৰিলি, তাক জানো মই নাজানো?
Erre föllobbant Sául haragja Jónátán ellen és mondta neki: Te romlott és fenyíteni való anyának a fia! Hiszen tudom, hogy te kedveled Jísáj fiát, szégyenedre és anyád szemérmének szégyenére!
31 ৩১ কিন্তু যিচয়ৰ পুতেক যেতিয়ালৈকে পৃথিবীত জীয়াই থাকিব, তেতিয়ালৈকে তই থিৰে থাকিব নোৱাৰিবি, আৰু তোৰ ৰজাও থিৰে নাথাকিব; এই হেতুকে এতিয়া মানুহ পঠাই তাক মোৰ আগলৈ আন; কিয়নো সি মৰিবই লাগিব”;
Mert mind azon időben, amíg Jísáj fia él a földön, nem fogsz megszilárdulni sem te, sem királyságod; most tehát küldj és hozasd őt hozzám, mert halál fia ő!
32 ৩২ তাতে যোনাথনে উত্তৰ দি নিজৰ বাপেক চৌলক ক’লে, “তেওঁ কিয় মৰিব? তেওঁনো কি কৰিলে?
Felelt Jónátán atyjának, Sáulnak és szólt hozzá: Mért ölessék meg, mit követett el?
33 ৩৩ তেতিয়া চৌলে যোনাথনক মাৰিবৰ বাবে যাঠি মাৰি পঠালে। তেতিয়া যোনাথনে বুজিলে যে, তেওঁৰ পিতৃ চৌলে সচাঁকৈয়ে দায়ূদক বধ কৰিবলৈ চল বিচাৰি আছে।
Ekkor Sául a dárdáját hajította feléje, hogy leüsse; így megtudta Jónátán, hogy el van határozva atyja részéről, hogy megöli Dávidot.
34 ৩৪ তাতে যোনাথন অতিশয় ক্ৰুদ্ধ হৈ উঠিল আৰু ভোজনৰ মেজৰ পৰা উঠি গ’ল। এইদৰে তেওঁ মাহৰ দ্বিতীয় দিনাও একো ভোজন নকৰিলে। দায়ুদৰ কাৰণে তেওঁ বেজাৰ পালে, কিয়নো তেওঁৰ পিতৃয়ে তেওঁক অপমান কৰিছিল।
S fölkelt Jónátán az asztaltól föllobbant haraggal; és nem evett az újhold második napján kenyeret, mert megszomorodott Dávid miatt, mert megszégyenítette az atyja.
35 ৩৫ পাছদিনা ৰাতিপুৱা দায়ুদেৰে সৈতে নিৰূপণ কৰা পথাৰলৈ যোনাথনে ওলাই গ’ল আৰু তেওঁৰ লগত এজন ডেকা ল’ৰা আছিল।
Volt pedig reggel, kiment Jónátán a mezőre Dávidhoz a meghatározott időre, és egy kisfiú vele.
36 ৩৬ তেওঁ সেই ডেকা ল’ৰাক ক’লে, “দৌৰ আৰু মই মাৰি পঠোৱা কাঁড়বোৰ বিচাৰি আন।” তাতে ল’ৰাটিয়ে দৌৰ মাৰোতে তেওঁ তাৰ সিফালে পৰাকৈ কাঁড়বোৰ মাৰিলে।
És mondta legényének: Fuss, találd csak meg a nyilakat, melyeket ellövök. A fiú futott, ő pedig ellőtte a nyilat, túlhajítva rajta.
37 ৩৭ তাতে ডেকা ল’ৰা জনে গৈ যোনাথনে মাৰি পঠোৱা কাঁড়বোৰৰ ওচৰ পোৱাত, তেওঁ তাক ক’লে, ‘তোৰ সিফালে জনো কাঁড়বোৰ নাই’?
Mikor eljutott a legény a nyíl helyére, melyet ellőtt Jónátán, kiáltott Jónátán a legény után és mondta: Hiszen a nyíl túlnan van tőled!
38 ৩৮ পাছত যোনাথনে ল’ৰাজনক মাতি ক’লে, “বেগাই দৌৰি আহ। তাত ৰৈ নাথাকিবি।” তেতিয়া সেই ল’ৰাজনে কাঁড়বোৰ বুটলি আনি যোনাথানৰ ওচৰলৈ আহিল।
És kiáltott Jónátán a legény után: Gyorsan siess, meg ne állj! És fölszedte Jónátán legénye a nyilakat és odament urához.
39 ৩৯ কিন্তু ল’ৰাজনে একো বুজি নাপালে; মাত্ৰ দায়ূদেহে এই বিষয় বুজি পালে।
A legény pedig nem tudott semmit; csupán Jónátán meg Dávid tudták a dolgot.
40 ৪০ পাছত যোনাথনে নিজৰ ধনু-কাঁড়বোৰ ল’ৰা জনৰ হাতত দিলে আৰু ক’লে, “যোৱা, এইবোৰ লৈ নগৰলৈ যোৱা।”
Ekkor odaadta Jónátán a fegyvereit az ő legényének és mondta neki: Menj, vidd a városba.
41 ৪১ তাৰ পাছত ডেকা ল’ৰা জন যোৱাৰ লগে লগে দায়ূদে দক্ষিণ দিশৰ পৰা ওলাই আহিল আৰু তললৈ মুখ কৰি পৰি তিনিবাৰ প্ৰণিপাত কৰিলে। তাতে তেওঁলোক পৰস্পৰে চুমা খালে আৰু কান্দিলে; তাতে দায়ুদৰ সৈতে অধিক ক্ৰন্দন হ’ল।
A legény elment, Dávid pedig fölkelt dél felől, levetette magát arcával a földre és leborult háromszor; megcsókolták egyik a másikát és sírtak egyik a másikával, mígnem Dávid nagyon sírt.
42 ৪২ পাছত যোনাথনে দায়ুদক ক’লে, “আপুনি কুশলে যাওক; কিয়নো আমি দুয়ো যিহোৱাৰ নামেৰে এই শপত খালো যে, যিহোৱা আপোনাৰ আৰু মোৰ মাজত থকাৰ দৰে আপোনাৰ বংশ আৰু মোৰ বংশৰ মাজতো সদাকাল থাকিব।” পাছত তেওঁ উঠি গুচি গ’ল, আৰু যোনাথন নগৰলৈ উভতি গ’ল।
És mondta Jónátán Dávidnak: Menj békével! Amit esküdtünk mi ketten az Örökkévaló nevében, mondván: az Örökkévaló legyen köztem és közted, magzatom és magzatod közt mindörökké! Fölkelt és elment; Jónátán pedig bement a városba.