< ১ সামুয়েল 19 >
1 ১ চৌলে তেওঁৰ পুত্ৰ যোনাথন আৰু তেওঁৰ সকলো দাসৰ আগত দায়ূদক বধ কৰাৰ কথা ক’লে। কিন্তু চৌলৰ পুত্ৰ যোনাথনে দায়ূদক ভাল পাইছিল।
Saúl habló con su hijo Jonatán y con todos sus servidores para que mataran a David. Pero Jonatán, hijo de Saúl, se alegró mucho de David.
2 ২ সেয়ে যোনাথনে দায়ূদক ক’লে, “মোৰ পিতৃ চৌলে আপোনাক বধ কৰিবলৈ চেষ্টা কৰিছে। সেয়ে ৰাতিপুৱা নিজে সাৱধান থাকিব, আৰু গোপন ঠাইত নিজে লুকাই থাকিব।
Jonatán le dijo a David: “Mi padre Saúl quiere matarte. Ahora, pues, cuídate por la mañana, vive en un lugar secreto y escóndete.
3 ৩ আপুনি য’ত আছিল, মই ওলাই গৈ সেই পথাৰতে পিতৃৰ কাষত থিয় হ’ম আৰু আপোনাৰ বিষয়ে মই পিতৃক ক’ম; তাত মই যদি কিবা বিষয় জানিব পাৰোঁ, তেনেহলে আপোনাক ক’ম।”
Yo saldré y me pondré al lado de mi padre en el campo donde estás, y hablaré con mi padre sobre ti; y si veo algo, te lo diré.”
4 ৪ তাৰ পাছত যোনাথনে তেওঁৰ পিতৃ চৌলৰ আগত দায়ূদৰ বিষয়ে ভাল কথাবোৰ ক’লে, “ৰজাৰ দাস দায়ূদৰ বিৰুদ্ধে ৰজাই পাপ নকৰক, কাৰণ তেওঁ আপোনাৰ বিৰুদ্ধে পাপ কৰা নাই, আৰু তেওঁৰ সকলো কৰ্ম আপোনাৰ পক্ষে অতি মঙ্গলজনক।
Jonatán habló bien de David a Saúl, su padre, y le dijo: “No permitas que el rey peque contra su siervo, contra David, porque él no ha pecado contra ti, y porque sus obras han sido muy buenas para contigo;
5 ৫ তেওঁ নিজ প্ৰাণ হাতত লৈ পলেষ্টীয়াৰ মহাবীৰক বধ কৰিলে, আৰু যিহোৱাই সকলো ইস্ৰায়েলৰ কাৰণে জয় কঢ়িয়াই আনিলে। এই সকলো দেখি আপুনি আনন্দ কৰিছিল। তেনেহলে কিয় আপুনি কোনো কাৰণ নোহোৱাকৈ দায়ূদক বধ কৰি নিৰ্দ্দোষীৰ তেজৰ বিৰুদ্ধে পাপ কৰিব খুজিছে?”
porque él puso su vida en su mano e hirió al filisteo, y Yahvé obró una gran victoria para todo Israel. Tú lo viste y te alegraste. ¿Por qué, pues, pecarás contra la sangre inocente, matando a David sin causa?”
6 ৬ চৌলে যোনাথনৰ কথা শুনি শপত খাই ক’লে, “যিহোৱাৰ জীৱনৰ শপত, তেওঁক বধ কৰা নহ’ব।”
Saúl escuchó la voz de Jonatán y juró: “Vive Yahvé que no lo matarán”.
7 ৭ যোনাথনে দায়ূদক মাতি আনি সেই সকলো কথা তেওঁক জনালে। আৰু যোনাথনে দায়ূদক চৌলৰ ওচৰলৈ আনিলে; তাতে তেওঁ আগৰ দৰে তেওঁৰ সন্মুখত থাকিল।
Jonatán llamó a David, y Jonatán le mostró todas esas cosas. Entonces Jonatán llevó a David ante Saúl, y éste estuvo en su presencia como antes.
8 ৮ তাৰ পাছত পুনৰায় যুদ্ধ হ’ল, দায়ূদে বাহিৰলৈ ওলাই গৈ পলেষ্টীয়াসকলৰ সৈতে যুদ্ধ কৰি তেওঁলোকৰ মাজত মহাসংহাৰ কৰিলে; তাতে তেওঁৰ সন্মুখৰ পৰা তেওঁলোক পলাই গ’ল।
Volvió a haber guerra. David salió y luchó con los filisteos, y los mató con gran mortandad; y ellos huyeron ante él.
9 ৯ যি সময়ত চৌলে যাঠি হাতত লৈ নিজৰ ঘৰত বহি আছিল, আৰু দায়ূদে বাদ্য বজাই আছিল, সেই সময়ত যিহোৱাৰ পৰা অহা এটা অনিষ্টকাৰক আত্মাই তেওঁত স্থিতি ল’লে।
Un espíritu maligno de parte de Yahvé estaba sobre Saúl mientras éste estaba sentado en su casa con su lanza en la mano, y David tocaba música con su mano.
10 ১০ চৌলে যাঠিৰে দায়ূদক বেৰৰ সৈতে শালিবলৈ চেষ্টা কৰিলে, কিন্তু তেওঁ চৌলৰ সন্মুখৰ পৰা আতৰি যোৱাত, তেওঁৰ যাঠি বেৰত সোমালে। দায়ুদ পলাই গৈ সেই ৰাতি ৰক্ষা পালে।
Saúl trató de clavar a David en la pared con la lanza, pero éste se escabulló de la presencia de Saúl, y clavó la lanza en la pared. David huyó y escapó esa noche.
11 ১১ দায়ূদক ৰখি থাকিবলৈ তেওঁৰ ঘৰলৈ বাৰ্তাবাহক পঠালে যাতে তেওঁ ৰাতিপুৱা দায়ূদক বধ কৰিব পাৰে। দায়ূদৰ ভাৰ্যা মীখলে তেওঁক ক’লে, “আপুনি যদি আজি ৰাতিয়েই নিজ প্ৰাণ ৰক্ষা নকৰে, তেনেহলে কাইলৈ আপোনাক তেওঁ বধ কৰিব।”
Saúl envió mensajeros a la casa de David para vigilarlo y matarlo por la mañana. Mical, la esposa de David, le dijo: “Si no salvas tu vida esta noche, mañana te matarán”.
12 ১২ সেয়ে মীখলে খিড়িকিৰে দায়ূদক তললৈ নমাই দিলে। তাতে তেওঁ পলাই গৈ নিজকে ৰক্ষা কৰিলে।
Entonces Mical hizo bajar a David por la ventana. Él se alejó, huyó y escapó.
13 ১৩ আৰু মীখলে গৃহ-দেৱতাৰ মুৰ্ত্তি লৈ বিচনাত থলে, আৰু তাৰ মূৰত ছাগলীৰ নোমৰ গাঁৰু এটা দি তাক কাপোৰেৰে ঢাকি ৰাখিলে।
Mical tomó el terafín y lo puso en la cama, y le puso una almohada de pelo de cabra en la cabeza y lo cubrió con ropa.
14 ১৪ যেতিয়া চৌলে দায়ূদক ধৰিবলৈ বৰ্তাবাহকক পঠালে, তেতিয়া মীখলে ক’লে, “তেওঁ নৰিয়া পৰিছে।”
Cuando Saúl envió mensajeros para llevarse a David, ella dijo: “Está enfermo”.
15 ১৫ তাতে চৌলে দায়ূদক চাবলৈ বৰ্তাবাহকক পঠাই ক’লে, “মই বধ কৰিবৰ কাৰণে তেওঁক বিচনাৰে সৈতে মোৰ ওচৰলৈ লৈ আহা।”
Saúl envió a los mensajeros a ver a David, diciendo: “Tráiganlo a la cama, para que lo mate”.
16 ১৬ তাতে বাৰ্তাবাহকসকল যেতিয়া ভিতৰলৈ গ’ল, তেতিয়া দেখিলে সেই গৃহ-দেৱতাৰ মূৰ্তি আৰু তাৰ মূৰত ছাগলীৰ নোমৰ গাঁৰু আছিল।
Cuando los mensajeros entraron, he aquí que el terafín estaba en la cama, con la almohada de pelo de cabra a la cabeza.
17 ১৭ তেতিয়া চৌলে মীখলক ক’লে, “তই মোক কিয় এইদৰে প্ৰবঞ্চনা কৰিলি? মোৰ শত্ৰুক কিয় পলাই সাৰিবলৈ দিলি?” তাতে মীখলে চৌলক উত্তৰ দিলে, “তেওঁ মোক কৈছিল, মোক যাবলৈ দে, মই কিয় তোক বধ কৰিম?”
Saúl dijo a Mical: “¿Por qué me has engañado así y has dejado ir a mi enemigo, de modo que ha escapado?” Mical respondió a Saúl: “Me dijo: ‘¡Déjame ir! ¿Por qué he de matarte?”
18 ১৮ এইদৰে পাছত দায়ূদে পলাই গৈ ৰক্ষা পালে আৰু তেওঁ ৰামাত থকা চমূৱেলৰ ওচৰলৈ গৈ তেওঁৰ প্ৰতি কৰা ব্যৱহাৰৰ কথা তেওঁক ক’লে। তাৰ পাছত তেওঁ আৰু চমূৱেল দুয়ো গৈ নায়োতত নিবাস কৰিলে।
David huyó y escapó, y vino a Samuel en Ramá, y le contó todo lo que Saúl le había hecho. Él y Samuel se fueron a vivir a Naiot.
19 ১৯ পাছত চৌলক কোনোবাই ক’লে যে, “দায়ুদ ৰামাৰ নায়োতত আছে।”
Le avisaron a Saúl diciendo: “He aquí que David está en Naiot, en Ramá”.
20 ২০ তেতিয়া চৌলে দায়ূদক ধৰিবলৈ বাৰ্তাবাহকক পঠিয়াই দিলে। পাছত তেওঁলোকে যেতিয়া ভাববাদীসকলক ভাববাণী প্ৰচাৰ কৰি থকা দেখিলে আৰু তেওঁলোকৰ মাজত চমূৱেলক মুৰব্বীৰ দৰে দেখিলে, তেতিয়া ঈশ্বৰৰ আত্মা চৌলৰ বাৰ্তাবাহকসকলৰ ওপৰলৈ আহিল আৰু তেওঁলোকেও ভাববাণী প্ৰচাৰ কৰিবলৈ ধৰিলে।
Saúl envió mensajeros para apresar a David; y cuando vieron a la compañía de los profetas profetizando, y a Samuel de pie como jefe sobre ellos, el Espíritu de Dios vino sobre los mensajeros de Saúl, y ellos también profetizaron.
21 ২১ যেতিয়া চৌলক এই কথা কোৱা হ’ল, তেওঁ বেলেগ বাৰ্তাবাহকসকলক পঠিয়াই দিলে আৰু তেওঁলোকেও ভাববাণী প্ৰচাৰ কৰিবলৈ ধৰিলে। সেয়ে চৌলে তৃতীয়বাৰ বাৰ্তাবাহক পঠালে, আৰু তেওঁলোকেও ভাববাণী প্ৰচাৰ কৰিবলৈ ধৰিলে।
Cuando se le informó a Saúl, envió otros mensajeros, y ellos también profetizaron. Saúl volvió a enviar mensajeros la tercera vez, y también profetizaron.
22 ২২ তেতিয়া তেওঁ নিজে ৰামালৈ গৈ চেখুত থকা ডাঙৰ গভীৰ নাদটোৰ কাষ পালে, তেওঁ সুধিলে, “চমূৱেল আৰু দায়ুদ ক’ত আছে?” তেতিয়া কোনো এজনে আহি তেওঁক ক’লে, “তেওঁলোক ৰামাৰ নায়োতত আছে।”
También fue a Ramá y llegó al gran pozo que está en Secu, y preguntó: “¿Dónde están Samuel y David?” Uno dijo: “He aquí que están en Naioth, en Ramá”.
23 ২৩ তেতিয়া চৌলে ৰামাৰ নায়োতলৈ গ’ল। ঈশ্বৰৰ আত্মা তেওঁৰ ওপৰতো আহিল, আৰু ৰামাৰ নায়োত নোপোৱালৈকে তেৱোঁ ভাববাণী প্ৰচাৰ কৰি গৈ থাকিল।
Allí fue a Naiot en Ramá. Entonces el Espíritu de Dios vino también sobre él, y siguió profetizando hasta llegar a Naiot en Ramá.
24 ২৪ আৰু নিজৰ কাপোৰ সোলোকাই চমূৱেলৰ আগত ভাববাণী প্ৰচাৰ কৰিলে, গোটেই ৰাতি আৰু দিন উদং গাৰে পৰি থাকিল। এই কাৰণে লোকসকলে কলে, “চৌলো জানো ভাববাদীসকলৰ মাজৰ এজন?”
También se despojó de sus ropas. También profetizó ante Samuel y se acostó desnudo todo aquel día y toda aquella noche. Por eso dicen: “¿También Saúl está entre los profetas?”