< ১ সামুয়েল 19 >

1 চৌলে তেওঁৰ পুত্ৰ যোনাথন আৰু তেওঁৰ সকলো দাসৰ আগত দায়ূদক বধ কৰাৰ কথা ক’লে। কিন্তু চৌলৰ পুত্ৰ যোনাথনে দায়ূদক ভাল পাইছিল।
Саул а ворбит фиулуй сэу Ионатан ши тутурор служиторилор луй сэ омоаре пе Давид.
2 সেয়ে যোনাথনে দায়ূদক ক’লে, “মোৰ পিতৃ চৌলে আপোনাক বধ কৰিবলৈ চেষ্টা কৰিছে। সেয়ে ৰাতিপুৱা নিজে সাৱধান থাকিব, আৰু গোপন ঠাইত নিজে লুকাই থাকিব।
Дар Ионатан, фиул луй Саул, каре юбя мулт пе Давид, й-а дат де штире ши й-а зис: „Татэл меу, Саул, каутэ сэ те омоаре. Пэзеште-те дар мыне диминяцэ, стай ынтр-ун лок тэйнуит ши аскунде-те.
3 আপুনি য’ত আছিল, মই ওলাই গৈ সেই পথাৰতে পিতৃৰ কাষত থিয় হ’ম আৰু আপোনাৰ বিষয়ে মই পিতৃক ক’ম; তাত মই যদি কিবা বিষয় জানিব পাৰোঁ, তেনেহলে আপোনাক ক’ম।”
Еу вой еши ши вой ста лынгэ татэл меу ын кымпул ын каре вей фи; вой ворби татэлуй меу деспре тине, вой ведя че ва зиче ши-ць вой спуне.”
4 তাৰ পাছত যোনাথনে তেওঁৰ পিতৃ চৌলৰ আগত দায়ূদৰ বিষয়ে ভাল কথাবোৰ ক’লে, “ৰজাৰ দাস দায়ূদৰ বিৰুদ্ধে ৰজাই পাপ নকৰক, কাৰণ তেওঁ আপোনাৰ বিৰুদ্ধে পাপ কৰা নাই, আৰু তেওঁৰ সকলো কৰ্ম আপোনাৰ পক্ষে অতি মঙ্গলজনক।
Ионатан а ворбит бине де Давид татэлуй сэу Саул: „Сэ ну факэ ымпэратул”, а зис ел, „ун пэкат фацэ де робул сэу Давид, кэч ел н-а фэкут ничун пэкат фацэ де тине. Димпотривэ, а лукрат пентру бинеле тэу;
5 তেওঁ নিজ প্ৰাণ হাতত লৈ পলেষ্টীয়াৰ মহাবীৰক বধ কৰিলে, আৰু যিহোৱাই সকলো ইস্ৰায়েলৰ কাৰণে জয় কঢ়িয়াই আনিলে। এই সকলো দেখি আপুনি আনন্দ কৰিছিল। তেনেহলে কিয় আপুনি কোনো কাৰণ নোহোৱাকৈ দায়ূদক বধ কৰি নিৰ্দ্দোষীৰ তেজৰ বিৰুদ্ধে পাপ কৰিব খুজিছে?”
шь-а пус ын жок вяца, а учис пе филистян ши Домнул а дат о маре избэвире пентру тот Исраелул. Ту ай вэзут ши те-ай букурат. Пентру че сэ пэкэтуешть ымпотрива унуй сынӂе невиноват ши сэ оморь фэрэ причинэ пе Давид?”
6 চৌলে যোনাথনৰ কথা শুনি শপত খাই ক’লে, “যিহোৱাৰ জীৱনৰ শপত, তেওঁক বধ কৰা নহ’ব।”
Саул а аскултат гласул луй Ионатан ши а журат зикынд: „Виу есте Домнул кэ Давид ну ва мури!”
7 যোনাথনে দায়ূদক মাতি আনি সেই সকলো কথা তেওঁক জনালে। আৰু যোনাথনে দায়ূদক চৌলৰ ওচৰলৈ আনিলে; তাতে তেওঁ আগৰ দৰে তেওঁৰ সন্মুখত থাকিল।
Ионатан а кемат пе Давид ши й-а спус тоате кувинтеле ачестя, апой л-а адус ла Саул; ши Давид а фост ынаинтя луй ка май ынаинте.
8 তাৰ পাছত পুনৰায় যুদ্ধ হ’ল, দায়ূদে বাহিৰলৈ ওলাই গৈ পলেষ্টীয়াসকলৰ সৈতে যুদ্ধ কৰি তেওঁলোকৰ মাজত মহাসংহাৰ কৰিলে; তাতে তেওঁৰ সন্মুখৰ পৰা তেওঁলোক পলাই গ’ল।
Рэзбоюл урма ынаинте. Давид а мерс ымпотрива филистенилор ши с-а бэтут ку ей, ле-а причинуит о маре ынфрынӂере ши ау фуӂит динаинтя луй.
9 যি সময়ত চৌলে যাঠি হাতত লৈ নিজৰ ঘৰত বহি আছিল, আৰু দায়ূদে বাদ্য বজাই আছিল, সেই সময়ত যিহোৱাৰ পৰা অহা এটা অনিষ্টকাৰক আত্মাই তেওঁত স্থিতি ল’লে।
Атунч, духул чел рэу, тримис де Домнул, а венит песте Саул, каре шедя ын касэ ку сулица ын мынэ. Давид кынта,
10 ১০ চৌলে যাঠিৰে দায়ূদক বেৰৰ সৈতে শালিবলৈ চেষ্টা কৰিলে, কিন্তু তেওঁ চৌলৰ সন্মুখৰ পৰা আতৰি যোৱাত, তেওঁৰ যাঠি বেৰত সোমালে। দায়ুদ পলাই গৈ সেই ৰাতি ৰক্ষা পালে।
ши Саул а врут сэ-л пироняскэ ку сулица де перете. Дар Давид с-а ферит де ел, ши Саул а ловит ку сулица ын перете. Давид а фуӂит ши а скэпат ноаптя.
11 ১১ দায়ূদক ৰখি থাকিবলৈ তেওঁৰ ঘৰলৈ বাৰ্তাবাহক পঠালে যাতে তেওঁ ৰাতিপুৱা দায়ূদক বধ কৰিব পাৰে। দায়ূদৰ ভাৰ্যা মীখলে তেওঁক ক’লে, “আপুনি যদি আজি ৰাতিয়েই নিজ প্ৰাণ ৰক্ষা নকৰে, তেনেহলে কাইলৈ আপোনাক তেওঁ বধ কৰিব।”
Саул а тримис ниште оамень акасэ ла Давид ка сэ-л пындяскэ ши сэ-л омоаре диминяца. Дар Микал, неваста луй Давид, й-а дат де штире ши й-а зис: „Дакэ ну фуӂь ын ноаптя ачаста, мыне вей фи оморыт.”
12 ১২ সেয়ে মীখলে খিড়িকিৰে দায়ূদক তললৈ নমাই দিলে। তাতে তেওঁ পলাই গৈ নিজকে ৰক্ষা কৰিলে।
Еа л-а коборыт пе ферястрэ ши Давид а плекат ши а фуӂит. Аша а скэпат.
13 ১৩ আৰু মীখলে গৃহ-দেৱতাৰ মুৰ্ত্তি লৈ বিচনাত থলে, আৰু তাৰ মূৰত ছাগলীৰ নোমৰ গাঁৰু এটা দি তাক কাপোৰেৰে ঢাকি ৰাখিলে।
Ын урмэ, Микал а луат терафимул ши л-а пус ын пат; й-а пус о пеле де капрэ ын журул капулуй ши л-а ынвелит ку о хайнэ.
14 ১৪ যেতিয়া চৌলে দায়ূদক ধৰিবলৈ বৰ্তাবাহকক পঠালে, তেতিয়া মীখলে ক’লে, “তেওঁ নৰিয়া পৰিছে।”
Кынд а тримис Саул оамений сэ я пе Давид, еа а зис: „Есте болнав.”
15 ১৫ তাতে চৌলে দায়ূদক চাবলৈ বৰ্তাবাহকক পঠাই ক’লে, “মই বধ কৰিবৰ কাৰণে তেওঁক বিচনাৰে সৈতে মোৰ ওচৰলৈ লৈ আহা।”
Саул й-а тримис ынапой сэ-л вадэ ши а зис: „Адучеци-л ла мине, ын патул луй, ка сэ-л омор.”
16 ১৬ তাতে বাৰ্তাবাহকসকল যেতিয়া ভিতৰলৈ গ’ল, তেতিয়া দেখিলে সেই গৃহ-দেৱতাৰ মূৰ্তি আৰু তাৰ মূৰত ছাগলীৰ নোমৰ গাঁৰু আছিল।
Оамений ачея с-ау ынторс ши ятэ кэ терафимул ера ын пат ши ын журул капулуй ера о пеле де капрэ.
17 ১৭ তেতিয়া চৌলে মীখলক ক’লে, “তই মোক কিয় এইদৰে প্ৰবঞ্চনা কৰিলি? মোৰ শত্ৰুক কিয় পলাই সাৰিবলৈ দিলি?” তাতে মীখলে চৌলক উত্তৰ দিলে, “তেওঁ মোক কৈছিল, মোক যাবলৈ দে, মই কিয় তোক বধ কৰিম?”
Саул а зис кэтре Микал: „Пентру че м-ай ыншелат ын фелул ачеста ши ай дат друмул врэжмашулуй меу ши а скэпат?” Микал а рэспунс луй Саул: „Ел мь-а зис: ‘Ласэ-мэ сэ плек орь те омор!’”
18 ১৮ এইদৰে পাছত দায়ূদে পলাই গৈ ৰক্ষা পালে আৰু তেওঁ ৰামাত থকা চমূৱেলৰ ওচৰলৈ গৈ তেওঁৰ প্ৰতি কৰা ব্যৱহাৰৰ কথা তেওঁক ক’লে। তাৰ পাছত তেওঁ আৰু চমূৱেল দুয়ো গৈ নায়োতত নিবাস কৰিলে।
Аша а фуӂит ши а скэпат Давид. Ел с-а дус ла Самуел, ла Рама, ши й-а историсит тот че-й фэкусе Саул. Апой с-а дус ку Самуел ши а локуит ын Наиот.
19 ১৯ পাছত চৌলক কোনোবাই ক’লে যে, “দায়ুদ ৰামাৰ নায়োতত আছে।”
Ау спус лукрул ачеста луй Саул ши ау зис: „Ятэ кэ Давид есте ын Наиот, лынгэ Рама.”
20 ২০ তেতিয়া চৌলে দায়ূদক ধৰিবলৈ বাৰ্তাবাহকক পঠিয়াই দিলে। পাছত তেওঁলোকে যেতিয়া ভাববাদীসকলক ভাববাণী প্ৰচাৰ কৰি থকা দেখিলে আৰু তেওঁলোকৰ মাজত চমূৱেলক মুৰব্বীৰ দৰে দেখিলে, তেতিয়া ঈশ্বৰৰ আত্মা চৌলৰ বাৰ্তাবাহকসকলৰ ওপৰলৈ আহিল আৰু তেওঁলোকেও ভাববাণী প্ৰচাৰ কৰিবলৈ ধৰিলে।
Саул а тримис ниште оамень сэ я пе Давид. Ей ау вэзут о адунаре де пророчь, каре пророчяу ку Самуел ын фрунте. Духул луй Думнезеу а венит песте тримиший луй Саул ши ау ынчепут ши ей сэ пророчаскэ.
21 ২১ যেতিয়া চৌলক এই কথা কোৱা হ’ল, তেওঁ বেলেগ বাৰ্তাবাহকসকলক পঠিয়াই দিলে আৰু তেওঁলোকেও ভাববাণী প্ৰচাৰ কৰিবলৈ ধৰিলে। সেয়ে চৌলে তৃতীয়বাৰ বাৰ্তাবাহক পঠালে, আৰু তেওঁলোকেও ভাববাণী প্ৰচাৰ কৰিবলৈ ধৰিলে।
Ау спус луй Саул лукрул ачеста; ел а тримис алць оамень ши ау пророчит ши ей. А май тримис алций а трея оарэ ши ау пророчит ши ей.
22 ২২ তেতিয়া তেওঁ নিজে ৰামালৈ গৈ চেখুত থকা ডাঙৰ গভীৰ নাদটোৰ কাষ পালে, তেওঁ সুধিলে, “চমূৱেল আৰু দায়ুদ ক’ত আছে?” তেতিয়া কোনো এজনে আহি তেওঁক ক’লে, “তেওঁলোক ৰামাৰ নায়োতত আছে।”
Атунч, Саул с-а дус ел ынсушь ла Рама. Ажунгынд ла фынтына чя маре фэрэ апэ, каре есте ла Секу, а ынтребат: „Унде сунт Самуел ши Давид?” И с-а рэспунс: „Сунт ын Наиот, лынгэ Рама.”
23 ২৩ তেতিয়া চৌলে ৰামাৰ নায়োতলৈ গ’ল। ঈশ্বৰৰ আত্মা তেওঁৰ ওপৰতো আহিল, আৰু ৰামাৰ নায়োত নোপোৱালৈকে তেৱোঁ ভাববাণী প্ৰচাৰ কৰি গৈ থাকিল।
Ши с-а ындрептат спре Наиот, лынгэ Рама. Духул луй Думнезеу а венит ши песте ел ши Саул шь-а вэзут де друм, пророчинд пынэ ла сосиря луй ын Наиот, лынгэ Рама.
24 ২৪ আৰু নিজৰ কাপোৰ সোলোকাই চমূৱেলৰ আগত ভাববাণী প্ৰচাৰ কৰিলে, গোটেই ৰাতি আৰু দিন উদং গাৰে পৰি থাকিল। এই কাৰণে লোকসকলে কলে, “চৌলো জানো ভাববাদীসকলৰ মাজৰ এজন?”
С-а дезбрэкат де хайне ши а пророчит ши ел ынаинтя луй Самуел ши с-а арункат дезбрэкат ла пэмынт тоатэ зиуа ачея ши тоатэ ноаптя. Де ачея се зиче: „Оаре ши Саул есте ынтре пророчь?”

< ১ সামুয়েল 19 >