< ১ সামুয়েল 18 >
1 ১ দায়ূদে যেতিয়া চৌলৰ লগত কথা পাতি শেষ কৰিলে, তেতিয়া যোনাথনৰ প্ৰাণ দায়ূদৰ প্ৰাণৰ লগত সংযুক্ত হ’ল, আৰু যোনাথনে নিজ প্ৰাণৰ দৰে তেওঁক প্ৰেম কৰিবলৈ ধৰিলে।
I stalo se, že když přestal mluviti k Saulovi, duše Jonatova spojila se s duší Davidovou, tak že ho zamiloval Jonata jako sebe samého.
2 ২ চৌলে সেইদিনা তেওঁক নিজৰ কামৰ বাবে ল’লে, আৰু তেওঁক নিজ পিতৃৰ ঘৰলৈ ঘূৰি যাব নিদিলে।
A tak Saul vzal jej k sobě toho dne, a nedopustil mu navrátiti se do domu otce jeho.
3 ৩ তেতিয়া যোনাথন আৰু দায়ূদে তেওঁলোকৰ মাজত বন্ধুত্বৰ প্ৰতিশ্ৰুতি কৰিলে, কাৰণ যোনাথনে তেওঁক নিজৰ প্ৰাণৰ দৰে প্ৰেম কৰিছিল।
I učinil Jonata s Davidem smlouvu, proto že ho miloval jako duši svou.
4 ৪ যোনাথনে নিজৰ পিন্ধি থকা ৰাজবস্ত্ৰ সোলোকাই দায়ূদক দিয়াৰ লগতে অস্ত্ৰ-শস্ত্ৰ, যেনে তৰোৱাল, ধনু আৰু টঙালিও দিলে।
A složiv Jonata s sebe plášť, kterýmž byl odín, dal jej Davidovi, i roucho své, až do meče svého, a až do lučiště svého, i do pasu svého.
5 ৫ চৌলে দায়ূদক য’লৈকে যাবলৈ কয়, তালৈকে তেওঁ যায়, আৰু তেওঁ জয়ী হয়। চৌলে যুদ্ধাৰু সকলৰ ওপৰত তেওঁক প্ৰতিষ্ঠিত কৰিলে। এই কথাই সকলো লোকৰ দৃষ্টিত আনকি চৌলৰ দাসবোৰৰ দৃষ্টিতো আনন্দদায়ক হ’ল।
Vycházel pak David, k čemuž ho koli posílal Saul, opatrně sobě počínaje. I ustanovil ho Saul nad vojáky, a líbil se všemu lidu, též i služebníkům Saulovým.
6 ৬ পলেষ্টীয়াসকলক পৰাজিত কৰি যেতিয়া তেওঁলোক ঘূৰি আহিল, তেতিয়া ইস্ৰায়েলৰ সকলো নগৰৰ মহিলাসকলে চৌলক ল’গ ধৰিবলৈ খঞ্জৰী আদি বাদ্যযন্ত্ৰ লৈ গীত গাই নাচি-বাগি ওলাই আহিল।
Stalo se pak, když se oni domů brali, a David též se navracoval od zabití Filistinského, že vyšly ženy z každého města Izraelského, zpívajíce a plésajíce, vstříc Saulovi králi s bubny, s veselím a s husličkami.
7 ৭ মহিলাসকলে এটাৰ পাছত আনটো গান আনন্দ কৰি গাবলৈ ধৰিলে, “চৌলে বধিলে হাজাৰ হাজাৰ লোকক, দায়ূদে বধিলে অযুত অযুত লোকক।”
A prozpěvovaly jedny po druhých ženy ty, hrajíce, a řekly: Porazilť jest Saul svůj tisíc, ale David svých deset tisíců.
8 ৮ তাতে চৌলৰ অতিশয় খং উঠিল, আৰু এই গানে তেওঁক অসন্তুষ্ট কৰি তুলিলে। তেওঁ ক’লে, “তেওঁলোকে দায়ূদে দহ হাজাৰক জয় কৰিলে বুলি বাখ্যা কৰিছে, কিন্তু তেওঁলোকে মোক মাত্ৰ এক হাজাৰক জয় কৰা বুলি বাখ্যা কৰিছে। ৰাজত্বৰ বাহিৰে তেওঁ কি পাবলৈ বাকী থাকিল?”
I rozhněval se Saul náramně, nebo nelíbila se mu ta řeč. Pročež řekl: Dali Davidovi deset tisíc, a mně dali toliko tisíc. Co mu ještě přes to přivlastní, leč království?
9 ৯ সেই দিনৰ পৰা চৌলে দায়ূদক সন্দেহৰ চকুৰে চাবলৈ ধৰিলে।
Protož Saul zlobivě hleděl na Davida od toho dne i vždycky.
10 ১০ তাৰ পাছদিনা ঈশ্বৰৰ পৰা অহা এটা অনিষ্টকাৰক আত্মা চৌলৰ ওপৰত স্থিতি হ’ল, আৰু তেওঁ বলীয়াৰ দৰে ঘৰৰ ভিতৰত বকিবলৈ ধৰিলে। সেয়ে দায়ূদে আন দিনা বজোৱাৰ দৰে সেইদিনাও বাদ্য বজালে। চৌলৰ হাতত যাঠি আছিল।
Stalo se pak druhého dne, že duch Boží zlý napadl Saule, a prorokoval u prostřed domu svého, a David hral rukou svou jako i jindy vždycky. Saul pak měl kopí v ruce své.
11 ১১ চৌলে সেই যাঠি ডাল দলিয়ালে কাৰণ তেওঁ ভাবিছিল, “মই দায়ূদক বেৰত শালিম।” কিন্তু দায়ুদ চৌলৰ পৰা দুবাৰ এইদৰে ৰক্ষা পালে।
I vyhodil Saul kopí, řka: Prohodím Davida až do stěny. Ale David uhnul se jemu po dvakrát.
12 ১২ চৌলে দায়ূদলৈ ভয় কৰিলে, কাৰণ যিহোৱা তেওঁৰ লগত আছিল, কিন্তু চৌলৰ লগত নাছিল।
A bál se Saul Davida, proto že Hospodin byl s ním, a od Saule odstoupil.
13 ১৩ সেয়ে চৌলে নিজৰ ওচৰৰ পৰা তেওঁক দূৰ কৰিলে আৰু তেওঁক সহস্ৰপতি পাতিলে। এইদৰে লোকসকলৰ আগলৈ দায়ুদ ওলাই গ’ল।
Protož vybyl ho Saul od sebe, a učinil jej sobě hejtmanem nad tisíci; kterýžto vycházel i vcházel před lidem.
14 ১৪ আৰু দায়ূদে নিজৰ সকলো দিশত উন্নতি কৰিলে কাৰণ যিহোৱা তেওঁৰ লগত আছিল।
David pak ve všech cestách svých opatrně sobě počínal, nebo Hospodin byl s ním.
15 ১৫ চৌলে যেতিয়া দেখিলে যে দায়ূদৰ উন্নতি হৈছে, তেতিয়া তেওঁ ত্ৰাসযুক্ত হ’ল।
A když to viděl Saul, že sobě velmi opatrně počíná, bál se ho.
16 ১৬ কিন্তু সকলো ইস্ৰায়েল আৰু যিহূদাই দায়ূদক ভাল পালে, কাৰণ তেওঁ তেওঁলোকৰ আগলৈ ওলাই আহিল।
Ale všecken Izrael i Juda miloval Davida, nebo vycházel i vcházel před nimi.
17 ১৭ চৌলে দায়ূদক ক’লে, “এয়া মোৰ ডাঙৰ ছোৱালী মেৰব। তোমাৰ ভাৰ্যা হবলৈ মই তাইক দিম। তুমি কেৱল মোৰ পক্ষে সাহিয়াল হোৱা আৰু যিহোৱাৰ বাবে যুদ্ধ কৰা।” কাৰণ চৌলে চিন্তা কৰিলে, “মোৰ হাত তেওঁৰ অহিতে নহওক, কিন্তু পলেষ্টীয়াসকলৰ হাত তেওঁৰ বিৰুদ্ধে হওক।”
Tedy řekl Saul Davidovi: Aj, dceru svou starší Merob dámť za manželku, toliko mi buď muž silný, a veď boje Hospodinovy. (Saul pak myslil: Nechť neschází od mé ruky, ale od ruky Filistinských.)
18 ১৮ দায়ূদে চৌলক ক’লে, “মই কোন, আৰু মোৰ জীৱন কি বা ইস্ৰায়েলৰ মাজত মোৰ পিতৃ-বংশ বা কি যে, মই মহাৰাজৰ জোঁৱাই হ’ব লাগে?”
I řekl David Saulovi: Kdo jsem já, a jakýž jest rod můj a čeled otce mého v Izraeli, abych byl zetěm královým?
19 ১৯ কিন্তু চৌলৰ ছোৱালী মেৰবক বিয়া দিয়াৰ সময়ত তাইক মহোলাতীয়া অদ্ৰীয়েলেৰে সৈতে বিয়া দিয়া হ’ল।
I stalo se, že když již Merob dcera Saulova měla dána býti Davidovi, dána jest Adrielovi Molatitskému za manželku.
20 ২০ তাৰ পাছত চৌলৰ জীয়েক মীখলে দায়ূদক প্ৰেম কৰিলে। তেতিয়া লোকসকলে সেই কথা চৌলক জনালে আৰু তেওঁ সন্তোষ পালে।
Milovala pak Míkol dcera Saulova Davida; což když oznámili Saulovi, líbilo se to jemu.
21 ২১ চৌলে চিন্তা কৰিলে, “মই তাইক তেওঁলৈ দিম, যাতে তাই তেওঁৰ ফান্দস্বৰূপ হয়, আৰু পলেষ্টীয়াসকলৰ হাতো যেন তেওঁৰ বিৰুদ্ধে হয়।” সেয়ে চৌলে দ্বিতীয়বাৰৰ কাৰণে দায়ূদক ক’লে, “তুমি মোৰ জোঁৱাই হবা।”
(Nebo řekl Saul: Dámť mu ji, aby mu byla osídlem, a aby proti němu byla ruka Filistinských.) A tak řekl Saul Davidovi: Po této druhé budeš mi již zetěm.
22 ২২ আৰু চৌলে তেওঁৰ দাসবোৰক আজ্ঞা দিলে, “গোপনে দায়ূদৰ লগত কথা পাতি এই কথা কোৱা, ‘চাওক, ৰজা আপোনাত সন্তুষ্ট হৈছে, আৰু তেওঁৰ সকলো দাসে আপোনাক ভালপায়। এই হেতুকে আপুনি ৰজাৰ জোঁৱাই হওক’।”
I rozkázal Saul služebníkům svým: Mluvte k Davidovi tajně, řkouce: Aj, libuje tě sobě král, a všickni služebníci jeho laskavi jsou na tebe; nyní tedy budiž zetěm královým.
23 ২৩ সেয়ে চৌলৰ দাসবোৰে এইসকলো কথা দায়ূদৰ আগত ক’লে, আৰু দায়ূদে ক’লে, “ৰজাৰ জোঁৱাই হোৱা সাধাৰণ কথা বুলি তোমালোকে ভাবিছা নে মই দুখীয়া আৰু সামান্যভাৱে সন্মানীয় মানুহ?”
A když mluvili služebníci Saulovi v uši Davidovy slova ta, odpověděl David: Zdaliž se vám malá věc zdá, býti zetěm královým? A já jsem člověk chudý a opovržený.
24 ২৪ পাছত চৌলৰ দাস সকলে দায়ূদে কোৱা কথাখিনি তেওঁক ক’লে।
Tedy služebníci Saulovi oznámili jemu, řkouce: Taková slova mluvil David.
25 ২৫ তেতিয়া চৌলে ক’লে, “তোমালোকে দায়ূদক এইদৰে কোৱা, ‘ৰজাই একো যৌতুক নিবিচাৰে, কেৱল ৰজাৰ শত্ৰুবোৰৰ প্ৰতিকাৰ সাধিবৰ কাৰণ পলেষ্টীয়াসকলৰ এশ লিঙ্গাগ্ৰ-চৰ্ম্ম বিচাৰিছে’।” এইদৰে চৌলে দায়ূদক ফিলিষ্টীয়াসকলৰ হাতেৰে বধ কৰিবলৈ চিন্তা কৰিলে।
I řekl Saul: Takto rcete Davidovi: Není žádostiv král věna, toliko sto obřízek Filistinských, aby byla pomsta nad nepřátely královskými. (Saul pak to obmýšlel, aby David upadl v ruku Filistinských.)
26 ২৬ যেতিয়া তেওঁৰ দাসবোৰে দায়ূদক এই কথা ক’লে, তেতিয়া দায়ুদ ৰজাৰ জোঁৱাই হ’বলৈ আনন্দিত হ’ল।
Protož oznámili služebníci jeho Davidovi slova ta, a líbilo se to Davidovi, aby byl zetěm královým. Ještě se pak nebyli vyplnili dnové ti,
27 ২৭ সেই সময় উকলি যোৱাৰ পূৰ্বে, দায়ূদে লোকসকলৰ সৈতে গ’ল, আৰু পলেষ্টীয়াসকলৰ দুশ জনক বধ কৰিলে। ৰজাৰ জোঁৱাই হ’বৰ কাৰণে তেওঁ সম্পূৰ্ণ দুশ জনৰ লিঙ্গাগ্ৰ-চৰ্ম্ম আনি ৰজাক দিলে। তাতে চৌলে তেওঁৰ লগত নিজ জীয়েক মীখলক বিয়া দিলে।
Když vstav David, odšel, on i muži jeho, a zbil z Filistinských dvě stě mužů, jejichž obřízky přinesl David, a z úplna je dali králi, aby byl zetěm královým. I dal jemu Saul Míkol dceru svou za manželku.
28 ২৮ চৌলে দেখিলে আৰু বুজিলে যে, যিহোৱা দায়ূদৰ লগত আছিল আৰু তেওঁৰ ছোৱালী মীখলে তেওঁক প্ৰেম কৰিছিল।
A vida Saul, nýbrž zkušené maje, že jest Hospodin s Davidem, a že Míkol dcera jeho miluje ho,
29 ২৯ পাছত চৌলে দায়ূদলৈ অধিক বেছি ভয় কৰিবলৈ ধৰিলে। এইদৰে চৌল সদায় দায়ূদৰ শত্ৰু হৈ থাকিল।
Ještě tím více Saul obával se Davida. I byl Saul nepřítelem Davidovým po všecky dny.
30 ৩০ তাৰ পাছত পলেষ্টীয়াসকলৰ ৰাজকুমাৰসকল যুদ্ধৰ বাবে ওলাই আহিল। কিন্তু যিমানেই তেওঁলোক ওলাই আহিল, সিমানেই দায়ূদে চৌলৰ দাসবোৰতকৈও অধিকক জয় কৰিলে। সেয়ে তেওঁৰ নাম অতিশয় সন্মানীয় বুলি গণ্য হ’বলৈ ধৰিলে।
Vtrhovali pak do země knížata Filistinská; i bývalo, že kdyžkoli vycházeli, opatrněji sobě počínal David proti nim nade všecky služebníky Saulovy, pročež i jméno jeho bylo velmi slavné.