< ১ সামুয়েল 18 >
1 ১ দায়ূদে যেতিয়া চৌলৰ লগত কথা পাতি শেষ কৰিলে, তেতিয়া যোনাথনৰ প্ৰাণ দায়ূদৰ প্ৰাণৰ লগত সংযুক্ত হ’ল, আৰু যোনাথনে নিজ প্ৰাণৰ দৰে তেওঁক প্ৰেম কৰিবলৈ ধৰিলে।
Davide atatha kuyankhula ndi Sauli, mtima wa Yonatani unagwirizana ndi mtima wa Davide, ndipo iye ankamukonda Davide monga momwe ankadzikondera yekha.
2 ২ চৌলে সেইদিনা তেওঁক নিজৰ কামৰ বাবে ল’লে, আৰু তেওঁক নিজ পিতৃৰ ঘৰলৈ ঘূৰি যাব নিদিলে।
Choncho Sauli anamusunga Davideyo kuyambira tsiku limenelo ndipo sanamulole kuti abwerere ku nyumba ya abambo ake.
3 ৩ তেতিয়া যোনাথন আৰু দায়ূদে তেওঁলোকৰ মাজত বন্ধুত্বৰ প্ৰতিশ্ৰুতি কৰিলে, কাৰণ যোনাথনে তেওঁক নিজৰ প্ৰাণৰ দৰে প্ৰেম কৰিছিল।
Ndipo Yonatani anapanga pangano ndi Davide chifukwa ankamukonda monga momwe ankadzikondera.
4 ৪ যোনাথনে নিজৰ পিন্ধি থকা ৰাজবস্ত্ৰ সোলোকাই দায়ূদক দিয়াৰ লগতে অস্ত্ৰ-শস্ত্ৰ, যেনে তৰোৱাল, ধনু আৰু টঙালিও দিলে।
Yonatani anavula mkanjo umene anavala ndipo anamupatsa Davide pamodzi ndi zovala za nkhondo, lupanga, uta ndi lamba.
5 ৫ চৌলে দায়ূদক য’লৈকে যাবলৈ কয়, তালৈকে তেওঁ যায়, আৰু তেওঁ জয়ী হয়। চৌলে যুদ্ধাৰু সকলৰ ওপৰত তেওঁক প্ৰতিষ্ঠিত কৰিলে। এই কথাই সকলো লোকৰ দৃষ্টিত আনকি চৌলৰ দাসবোৰৰ দৃষ্টিতো আনন্দদায়ক হ’ল।
Davide ankapita kulikonse kumene Sauli ankamutuma kuti apite kukamenya nkhondo, ndipo ankapambana. Choncho Sauli anamupatsa udindo woyangʼanira gulu lankhondo. Ichi chinakondweretsa anthu onse ngakhalenso atsogoleri a nkhondo a Sauli.
6 ৬ পলেষ্টীয়াসকলক পৰাজিত কৰি যেতিয়া তেওঁলোক ঘূৰি আহিল, তেতিয়া ইস্ৰায়েলৰ সকলো নগৰৰ মহিলাসকলে চৌলক ল’গ ধৰিবলৈ খঞ্জৰী আদি বাদ্যযন্ত্ৰ লৈ গীত গাই নাচি-বাগি ওলাই আহিল।
Anthu akubwerera kwawo Davide atapha Mfilisiti uja, amayi anatuluka mʼmizinda yonse ya Israeli, akuyimba ndi kuvina kukachingamira mfumu Sauli. Ankayimba ndi kuvina mokondwa, kwinaku ngʼoma ndi zitoliro zikulira.
7 ৭ মহিলাসকলে এটাৰ পাছত আনটো গান আনন্দ কৰি গাবলৈ ধৰিলে, “চৌলে বধিলে হাজাৰ হাজাৰ লোকক, দায়ূদে বধিলে অযুত অযুত লোকক।”
Amayiwo ankalandizana nyimbo mokondwera namati: “Sauli wapha 1,000, Koma Davide wapha miyandamiyanda.”
8 ৮ তাতে চৌলৰ অতিশয় খং উঠিল, আৰু এই গানে তেওঁক অসন্তুষ্ট কৰি তুলিলে। তেওঁ ক’লে, “তেওঁলোকে দায়ূদে দহ হাজাৰক জয় কৰিলে বুলি বাখ্যা কৰিছে, কিন্তু তেওঁলোকে মোক মাত্ৰ এক হাজাৰক জয় কৰা বুলি বাখ্যা কৰিছে। ৰাজত্বৰ বাহিৰে তেওঁ কি পাবলৈ বাকী থাকিল?”
Koma Sauli anapsa mtima kwambiri ndipo mawu amenewa anamuyipira. Iye anati, “Iwo amuwerengera Davide miyandamiyanda, koma ine 1,000 okha. Nanga chatsalanso nʼchiyani kuti atenge? Si ufumu basi?”
9 ৯ সেই দিনৰ পৰা চৌলে দায়ূদক সন্দেহৰ চকুৰে চাবলৈ ধৰিলে।
Ndipo kuyambira tsiku limeneli Sauli ankamuchitira nsanje Davide.
10 ১০ তাৰ পাছদিনা ঈশ্বৰৰ পৰা অহা এটা অনিষ্টকাৰক আত্মা চৌলৰ ওপৰত স্থিতি হ’ল, আৰু তেওঁ বলীয়াৰ দৰে ঘৰৰ ভিতৰত বকিবলৈ ধৰিলে। সেয়ে দায়ূদে আন দিনা বজোৱাৰ দৰে সেইদিনাও বাদ্য বজালে। চৌলৰ হাতত যাঠি আছিল।
Mmawa mwake mzimu woyipa uja unabwera mwamphamvu pa Sauli. Sauli anayamba kubwebweta mʼnyumba mwake. Davide ankamuyimbira zeze monga nthawi zonse. Sauli anali ndi mkondo mʼdzanja lake.
11 ১১ চৌলে সেই যাঠি ডাল দলিয়ালে কাৰণ তেওঁ ভাবিছিল, “মই দায়ূদক বেৰত শালিম।” কিন্তু দায়ুদ চৌলৰ পৰা দুবাৰ এইদৰে ৰক্ষা পালে।
Tsono anawuponya mkondowo, namati mu mtima mwake, “Ndimubaya Davide ndi kumukhomera ku khoma.” Koma Davide anawulewa kawiri konse.
12 ১২ চৌলে দায়ূদলৈ ভয় কৰিলে, কাৰণ যিহোৱা তেওঁৰ লগত আছিল, কিন্তু চৌলৰ লগত নাছিল।
Pambuyo pake Sauli amamuopa Davide chifukwa Yehova anali ndi Davideyo, nʼkumusiya Sauli.
13 ১৩ সেয়ে চৌলে নিজৰ ওচৰৰ পৰা তেওঁক দূৰ কৰিলে আৰু তেওঁক সহস্ৰপতি পাতিলে। এইদৰে লোকসকলৰ আগলৈ দায়ুদ ওলাই গ’ল।
Kotero Sauli anamuchotsa Davide pamaso pake ndi kumuyika kukhala mtsogoleri wa ankhondo 1,000. Choncho Davide ankapita ndi kubwera akutsogolera ankhondowa.
14 ১৪ আৰু দায়ূদে নিজৰ সকলো দিশত উন্নতি কৰিলে কাৰণ যিহোৱা তেওঁৰ লগত আছিল।
Davide ankapambana kwambiri pa chilichonse chimene amachita chifukwa Yehova anali naye.
15 ১৫ চৌলে যেতিয়া দেখিলে যে দায়ূদৰ উন্নতি হৈছে, তেতিয়া তেওঁ ত্ৰাসযুক্ত হ’ল।
Sauli ataona momwe Davide ankapambanira, iye anamuopa kwambiri.
16 ১৬ কিন্তু সকলো ইস্ৰায়েল আৰু যিহূদাই দায়ূদক ভাল পালে, কাৰণ তেওঁ তেওঁলোকৰ আগলৈ ওলাই আহিল।
Koma Aisraeli onse ndi anthu a Yuda ankamukonda Davide chifukwa ankawatsogolera pa nkhondo zawo.
17 ১৭ চৌলে দায়ূদক ক’লে, “এয়া মোৰ ডাঙৰ ছোৱালী মেৰব। তোমাৰ ভাৰ্যা হবলৈ মই তাইক দিম। তুমি কেৱল মোৰ পক্ষে সাহিয়াল হোৱা আৰু যিহোৱাৰ বাবে যুদ্ধ কৰা।” কাৰণ চৌলে চিন্তা কৰিলে, “মোৰ হাত তেওঁৰ অহিতে নহওক, কিন্তু পলেষ্টীয়াসকলৰ হাত তেওঁৰ বিৰুদ্ধে হওক।”
Tsiku lina Sauli anawuza Davide kuti, “Nayu Merabi mwana wanga wamkazi wamkulu. Ine ndakupatsa kuti umukwatire. Koma unditumikire molimba mtima pomenya nkhondo za Yehova.” Poteropo Sauli ankanena kuti, “Ndisamuphe ndi manja angawa koma aphedwe ndi Afilisti!”
18 ১৮ দায়ূদে চৌলক ক’লে, “মই কোন, আৰু মোৰ জীৱন কি বা ইস্ৰায়েলৰ মাজত মোৰ পিতৃ-বংশ বা কি যে, মই মহাৰাজৰ জোঁৱাই হ’ব লাগে?”
Ndipo Davide anati kwa Sauli, “Ine ndine yani, ndipo abale anga kapena banja la abambo anga ndife yani mʼdziko la Israeli kuti ndikhale mpongozi wa mfumu?”
19 ১৯ কিন্তু চৌলৰ ছোৱালী মেৰবক বিয়া দিয়াৰ সময়ত তাইক মহোলাতীয়া অদ্ৰীয়েলেৰে সৈতে বিয়া দিয়া হ’ল।
Koma pa nthawi yoti Merabi mwana wa Sauli akwatiwe ndi Davide, Sauli anamupereka kwa Adrieli wa ku Mehola kuti amukwatire.
20 ২০ তাৰ পাছত চৌলৰ জীয়েক মীখলে দায়ূদক প্ৰেম কৰিলে। তেতিয়া লোকসকলে সেই কথা চৌলক জনালে আৰু তেওঁ সন্তোষ পালে।
Koma Mikala mwana wamkazi wa Sauli anamukonda Davide ndipo Sauli atamva za zimenezi, anakondwera.
21 ২১ চৌলে চিন্তা কৰিলে, “মই তাইক তেওঁলৈ দিম, যাতে তাই তেওঁৰ ফান্দস্বৰূপ হয়, আৰু পলেষ্টীয়াসকলৰ হাতো যেন তেওঁৰ বিৰুদ্ধে হয়।” সেয়ে চৌলে দ্বিতীয়বাৰৰ কাৰণে দায়ূদক ক’লে, “তুমি মোৰ জোঁৱাই হবা।”
Sauli ankaganiza kuti, “Ndimupatse amukwatire kuti akhale ngati msampha kwa Davideyo, ndipo adzaphedwe ndi Afilisti.” Choncho Sauli anawuza Davide kachiwiri, “Tsopano udzakhala mkamwini wanga.”
22 ২২ আৰু চৌলে তেওঁৰ দাসবোৰক আজ্ঞা দিলে, “গোপনে দায়ূদৰ লগত কথা পাতি এই কথা কোৱা, ‘চাওক, ৰজা আপোনাত সন্তুষ্ট হৈছে, আৰু তেওঁৰ সকলো দাসে আপোনাক ভালপায়। এই হেতুকে আপুনি ৰজাৰ জোঁৱাই হওক’।”
Sauli analamulanso nduna zake kuti, “Muyankhuleni Davide mwamseri ndi kumuwuza kuti, ‘Taona, mfumu imakondwera nawe, ndipo nduna zake zonse zimakukonda. Tsono ukhale mkamwini wa mfumu.’”
23 ২৩ সেয়ে চৌলৰ দাসবোৰে এইসকলো কথা দায়ূদৰ আগত ক’লে, আৰু দায়ূদে ক’লে, “ৰজাৰ জোঁৱাই হোৱা সাধাৰণ কথা বুলি তোমালোকে ভাবিছা নে মই দুখীয়া আৰু সামান্যভাৱে সন্মানীয় মানুহ?”
Iwo anakamuwuza Davide mawu amenewa, koma Davide anati, “Kodi inu mukuganiza kuti ndi chinthu chapafupi kukhala mpongozi wa mfumu? Ine ndine wosauka ndiponso wosatchuka.”
24 ২৪ পাছত চৌলৰ দাস সকলে দায়ূদে কোৱা কথাখিনি তেওঁক ক’লে।
Nduna za Sauli zinamuwuza zonse zimene anayankha Davide.
25 ২৫ তেতিয়া চৌলে ক’লে, “তোমালোকে দায়ূদক এইদৰে কোৱা, ‘ৰজাই একো যৌতুক নিবিচাৰে, কেৱল ৰজাৰ শত্ৰুবোৰৰ প্ৰতিকাৰ সাধিবৰ কাৰণ পলেষ্টীয়াসকলৰ এশ লিঙ্গাগ্ৰ-চৰ্ম্ম বিচাৰিছে’।” এইদৰে চৌলে দায়ূদক ফিলিষ্টীয়াসকলৰ হাতেৰে বধ কৰিবলৈ চিন্তা কৰিলে।
Sauli anayankha kuti, “Kamuwuzeni Davide kuti, ‘Mfumu sikufuna malowolo a mtundu wina uliwonse koma timakungu ta msonga za mavalo a Afilisti 100 kuti ilipsire adani ake.’” Maganizo a Sauli anali akuti Davide aphedwe ndi Afilisti.
26 ২৬ যেতিয়া তেওঁৰ দাসবোৰে দায়ূদক এই কথা ক’লে, তেতিয়া দায়ুদ ৰজাৰ জোঁৱাই হ’বলৈ আনন্দিত হ’ল।
Nduna za Saulizo zitamuwuza Davide zimenezi, anakondwera kuti akhale mpongozi wa mfumu. Koma nthawi imene anapatsidwa isanathe,
27 ২৭ সেই সময় উকলি যোৱাৰ পূৰ্বে, দায়ূদে লোকসকলৰ সৈতে গ’ল, আৰু পলেষ্টীয়াসকলৰ দুশ জনক বধ কৰিলে। ৰজাৰ জোঁৱাই হ’বৰ কাৰণে তেওঁ সম্পূৰ্ণ দুশ জনৰ লিঙ্গাগ্ৰ-চৰ্ম্ম আনি ৰজাক দিলে। তাতে চৌলে তেওঁৰ লগত নিজ জীয়েক মীখলক বিয়া দিলে।
Davide ndi anyamata ake anapita ndi kukapha Afilisti 200. Iye anabwera ndi timakungu tija natipereka tonse kwa mfumu kuti akhale mpongozi wa mfumu. Kotero Sauli anapereka mwana wake wamkazi, Mikala, kwa Davide kuti amukwatire.
28 ২৮ চৌলে দেখিলে আৰু বুজিলে যে, যিহোৱা দায়ূদৰ লগত আছিল আৰু তেওঁৰ ছোৱালী মীখলে তেওঁক প্ৰেম কৰিছিল।
Sauli atazindikira kuti Yehova anali ndi Davide ndiponso kuti mwana wake Mikala amamukonda Davide,
29 ২৯ পাছত চৌলে দায়ূদলৈ অধিক বেছি ভয় কৰিবলৈ ধৰিলে। এইদৰে চৌল সদায় দায়ূদৰ শত্ৰু হৈ থাকিল।
iye anapitirirabe kumuopa Davide ndi kumadana naye moyo wake wonse.
30 ৩০ তাৰ পাছত পলেষ্টীয়াসকলৰ ৰাজকুমাৰসকল যুদ্ধৰ বাবে ওলাই আহিল। কিন্তু যিমানেই তেওঁলোক ওলাই আহিল, সিমানেই দায়ূদে চৌলৰ দাসবোৰতকৈও অধিকক জয় কৰিলে। সেয়ে তেওঁৰ নাম অতিশয় সন্মানীয় বুলি গণ্য হ’বলৈ ধৰিলে।
Nthawi zonse pamene atsogoleri a Afilisti ankatuluka kukamenya nkhondo, Davide ankapambana kuposa nduna zonse za Sauli. Choncho dzina lake linatchuka kwambiri.