< ১ সামুয়েল 17 >

1 পলেষ্টীয়াসকলে যুদ্ধ কৰিবলৈ তেওঁলোকৰ সৈন্যসকলক গোট খোৱালে। যিহূদাৰ অধিকাৰত থকা চোকোত তেওঁলোক একে লগ হ’ল। চোকো আৰু অজেকাৰ মাজত এফচদম্মীমত ছাউনি পাতিলে।
La Filiŝtoj kolektis siajn militistarojn por milito, kaj kuniĝis apud Soĥo de Jehuda, kaj stariĝis tendare inter Soĥo kaj Azeka, en Efes-Damim.
2 চৌল আৰু ইস্ৰায়েলৰ লোকসকলে গোট খাই এলা উপত্যকাত ছাউনি পাতিলে আৰু পলেষ্টীয়াসকলৰ বিৰুদ্ধে সৈন্যসকলক শাৰী পাতি থিয় কৰালে।
Kaj Saul kaj la viroj de Izrael kolektiĝis, kaj stariĝis tendare en la valo de Ela, kaj pretigis sin por batalo kontraŭ la Filiŝtoj.
3 তাতে পলেষ্টীয়াসকলে এফালে এটা পৰ্বতত আৰু ইস্ৰায়েলসকলে আনফালে আন এটা পৰ্বতত থিয় হ’ল, আৰু উভয়ৰে মাজত এক উপত্যকা আছিল।
La Filiŝtoj staris sur la monto unuflanke, kaj la Izraelidoj staris sur la monto duaflanke, kaj la valo estis inter ili.
4 তাৰ পাছত গাত নিবাসী এজন বীৰ পলেষ্টীয়াসকলৰ ছাউনিৰ পৰা ওলাল, তেওঁৰ নাম গলিয়াথ, তেওঁ চাৰে ছয় হাত ওখ আছিল।
Kaj eliris grandegulo el la tendaroj de la Filiŝtoj; lia nomo estis Goljat, el Gat; lia alteco estis ses ulnoj kaj unu manlarĝo.
5 তেওঁৰ মূৰত পিতলৰ শিৰোৰক্ষক আছিল, আৰু মাছৰ বাকলিৰ দৰে পিতলৰ কবচ পিন্ধিছিল আৰু সেই কবচৰ ওজন পাঁচ হাজাৰ চেকল আছিল।
Kaj kupra kasko estis sur lia kapo, kaj per skvamita kiraso li estis vestita, kaj la pezo de la kiraso estis kvin mil sikloj da kupro.
6 তেওঁৰ ভৰি পিতলৰ পতাৰে আবৃত আছিল আৰু তেওঁৰ দুই কান্ধৰ মাজত এপাত পিতলৰ চুটি যাঠী আছিল।
Kaj kupraj armaĵetoj estis sur liaj piedoj, kaj kupra ŝildo sur liaj ŝultroj.
7 তেওঁৰ বৰছাৰ লাঠিডাল, তাঁত শালৰ টোলোঠাৰ সমান ডাঙৰ আছিল। তেওঁৰ লোহাৰ বৰছাপাতৰ ওজন ছশ চেকল আছিল। তেওঁৰ ঢাল ধৰাজন তেওঁৰ আগে আগে গৈছিল।
La tenilo de lia lanco estis kiel rultrabo de teksisto, kaj la fero de lia lanco havis la pezon de sescent sikloj da fero; kaj antaŭ li iris ŝildoportisto.
8 তেওঁ আহি থিয় হ’ল আৰু ইস্ৰায়েলৰ সৈন্য শ্ৰেণীক লক্ষ্য কৰি ৰিঙিয়াই ক’লে, “তহতে যুদ্ধ কৰিবৰ অৰ্থে শাৰী পাতি বাহিৰলৈ কিয় ওলাই আহিছ? মই জানো এজন পলেষ্টীয়া নহওঁ? আৰু তহঁত জানো চৌলৰ দাস নহয়? তহঁতে নিজৰ বাবে এজন মানুহ বাচি ল’ আৰু তাক মোৰ ওচৰলৈ আহিবলৈ দে।
Kaj li stariĝis, kaj ekkriis al la taĉmentoj de Izrael, kaj diris al ili: Por kio vi eliris batale? ĉu mi ne estas Filiŝto, kaj vi sklavoj de Saul? elektu inter vi viron, kaj li malsupreniru al mi.
9 সি যদি মোৰ সৈতে যুদ্ধ কৰি জয়ী হৈ মোক বধ কৰে, তেনেহলে আমি সকলো তহঁতৰ বন্দী হ’ম; কিন্তু যদি মই তাক পৰাজয় কৰি তাক বধ কৰোঁ, তেনেহলে তহঁত আমাৰ বন্দী হৈ আমাৰ দাসৰ কাম কৰিবি।”
Se li povos batali kun mi kaj venkos min, tiam ni estos viaj sklavoj; sed se mi lin venkos kaj batos, tiam vi estos niaj sklavoj kaj vi servos al ni.
10 ১০ পলেষ্টীয়াজনে পুনৰ ক’লে, “আজি মই ইস্ৰায়েলৰ সৈন্যসকলক প্ৰত্যাহ্ৱান জনাইছোঁ, তহঁতে মোক এজন মানুহ দে, যাতে আমি দুয়ো একেলগে যুদ্ধ কৰোঁ।”
Kaj la Filiŝto diris: Mi hontigos hodiaŭ la taĉmentojn de Izrael; donu al mi viron, ke ni ambaŭ interbatalu.
11 ১১ যেতিয়া পলেষ্টীয়াজনে কোৱা কথা চৌল আৰু ইস্ৰায়েলৰ লোকসকলে শুনিলে, তেতিয়া তেওঁলোক নিৰাশ হ’ল আৰু অতিশয় ভয়াতুৰ হ’ল।
Kiam Saul kaj ĉiuj Izraelidoj aŭdis la vortojn de tiu Filiŝto, ili eksentis teruron kaj tre ektimis.
12 ১২ দায়ুদ যিহূদাৰ বৈৎলেহেম নিবাসী যিচয় নামেৰে সেই ইফ্ৰাথীয়া পুৰুষৰ পুত্ৰ আছিল; তেওঁৰ আঠজন পুত্ৰ আছিল, যিচয় চৌলৰ সময়ত বৃদ্ধ আছিল আৰু লোকসকলৰ মাজত বয়সস্থ পুৰুষ আছিল।
Estis David, filo de tiu Efratano el Bet-Leĥem de Jehuda, kies nomo estis Jiŝaj kaj kiu havis ok filojn; kaj tiu viro en la tempo de Saul estis jam maljuna, profundaĝa inter la viroj.
13 ১৩ যিচয়ৰ তিনিজন ডাঙৰ সন্তান চৌলৰ পাছে পাছে যুদ্ধলৈ গৈছিল; আৰু যুদ্ধলৈ যোৱা তেওঁৰ তিনিজন পুত্ৰৰ নাম আছিল, প্ৰথমজন ইলীয়াব, দ্বিতীয়জনৰ নাম অবীনাদৰ, আৰু তৃতীয়জনৰ নাম চম্মা।
La tri plej maljunaj filoj de Jiŝaj iris, sekvante Saulon, en la militon; la nomoj de liaj tri filoj, kiuj iris en la militon, estis: Eliab, la unuenaskito, kaj la dua post li Abinadab, kaj la tria Ŝama.
14 ১৪ দায়ুদ সকলোতকৈ সৰু আছিল। আৰু ডাঙৰ তিনিজন চৌলৰ পাছত চলোঁতা আছিল।
David estis la plej juna; kaj la tri plej maljunaj iris post Saul.
15 ১৫ কিন্তু দায়ূদে চৌলৰ ওচৰৰ পৰা আহি বৈৎলেহেমত থকা পিতৃৰ মেৰ-ছাগ চৰাবৰ বাবে অহা যোৱা কৰি থাকিছিল।
Sed David venadis al Saul kaj reiradis de li, por paŝti la ŝafojn de sia patro en Bet-Leĥem.
16 ১৬ তাতে সেই পলেষ্টীয়া মানুহজনে চল্লিশ দিনলৈকে ৰাতিপুৱা আৰু গধূলি বেলা ওচৰলৈ আহি নিজকে দেখা দি আছিল।
La Filiŝto eliradis matene kaj vespere, kaj stariĝadis dum kvardek tagoj.
17 ১৭ সেই সময়ত যিচয়ে তেওঁৰ পুতেক দায়ূদক ক’লে, “তুমি এক ঐফা ভজা শস্য আৰু দহটা পিঠা লৈ, ছাউনিত থকা ককায়েৰা সকলৰ ওচৰলৈ যোৱা।”
Kaj Jiŝaj diris al sia filo David: Prenu por viaj fratoj ĉi tiun efon da rostitaj grajnoj kaj ĉi tiujn dek panojn, kaj kuru en la tendaron al viaj fratoj;
18 ১৮ এই দহ লদা পনীৰ তেওঁলোকৰ সেনাপতিজনৰ বাবে লৈ যোৱা। আৰু তোমাৰ ককায়েৰাহঁতৰ মঙ্গল সুধিবা, আৰু তেওঁলোকৰ পৰা কোনো চিন আনিবা।
kaj ĉi tiujn dek fromaĝojn alportu al la milestro, kaj rigardu, kiel fartas viaj fratoj, kaj prenu ilian komision.
19 ১৯ চৌল আৰু তেওঁলোকৰ লগতে ইস্ৰায়েলৰ সকলো লোকে এলা উপত্যকাত পলেষ্টীয়াসকলৰ সৈতে যুদ্ধ কৰি আছে।
Kaj Saul kaj ili kaj ĉiuj viroj de Izrael estis en la valo de Ela, militante kontraŭ la Filiŝtoj.
20 ২০ পাছত দায়ূদে ৰাতিপুৱা সোনকালে উঠিল আৰু মেৰ-ছাগবোৰ এজন ৰখীয়াৰ হাতত গতাই দিলে আৰু পিতৃ যিচয়ৰ আজ্ঞা অনুসাৰে বস্তুবোৰ লগত লৈ তালৈ গ’ল। যি সময়ত সৈন্যই ৰণলৈ ওলাই ৰণৰ কাৰণে ৰণ-ধ্বনি কৰিছিল, সেই সময়তে তেওঁ ছাউনি আহি পাইছিল।
Kaj David leviĝis frue matene, lasis la ŝafojn al la gardisto, prenis la portotaĵon kaj iris, kiel ordonis al li Jiŝaj, kaj venis al la tendaro, kiam la militistaro eliris por sin aranĝi kaj oni trumpetis por batalo.
21 ২১ তেতিয়া ইস্ৰায়েল আৰু পলেষ্টীয়াসকলে সন্মুখা-সন্মুখি হৈ ৰণৰ বাবে শাৰী পাতি আছিল।
Kaj aranĝis sin la Izraelidoj kaj la Filiŝtoj, fronton kontraŭ fronto.
22 ২২ পাছত দায়ূদে বস্তু-ৰখীয়াৰ হাতত নিজৰ বস্তুবোৰ থৈ, সৈন্যশ্ৰেণীৰ মাজলৈ দৌৰি গ’ল আৰু নিজৰ ককায়েকসকলক মঙ্গলবাদ কৰিলে;
David lasis la vazojn, kiujn li portis, ĉe la gardisto de ilaroj, kuris al la fronto, kaj demandis pri la farto de siaj fratoj.
23 ২৩ আৰু তেওঁলোকৰ লগত কথা পাতি থাকোতেই গাত নিবাসী গলিয়াথ নামৰ পলেষ্টীয়া মহাবীৰজন ফিলিষ্টীয়াসকলৰ সৈন্যবাহিনীৰ পৰা বাহিৰলৈ ওলাই আহিল আৰু আগতে কোৱা দৰেই কথা ক’বলৈ ধৰিলে। তাতে দায়ূদে সেই কথা শুনিবলৈ পালে।
Dum li parolis kun ili, jen la grandegulo, Goljat la Filiŝto estis lia nomo, el Gat, eliris el la vicoj de la Filiŝtoj kaj komencis paroli kiel antaŭe; kaj David tion aŭdis.
24 ২৪ যেতিয়া ইস্ৰায়েলৰ লোকসকলে সেই ব্যক্তিজনক দেখিলে, তেতিয়া তেওঁলোক তেওঁৰ সন্মুখৰ পৰা পলাল আৰু অতিশয় ভয় কৰিলে।
Kaj ĉiuj Izraelidoj, ekvidinte tiun viron, forkuris de li kaj tre timis.
25 ২৫ আৰু ইস্ৰায়েলৰ লোকসকলে পৰস্পৰৰ মাজত ক’বলৈ ধৰিলে, “ওপৰলৈ উঠি অহা সেই মানুহজনক তুমি দেখিছা নে? তেওঁ ইস্ৰায়েলক ইতিকিং কৰিবলৈ আহিছে। তেওঁক যিকোনোৱে বধ কৰিব, ৰজাই তেওঁক অধিক ধনেৰে ধনৱান কৰিব, আৰু তেওঁৰ লগত নিজৰ জীয়েকক বিয়া দিব, আৰু ইস্ৰায়েলৰ মাজত তেওঁৰ পিতৃ-বংশক স্ৱাধীন কৰিব।”
Kaj la Izraelidoj diris: Ĉu vi vidis tiun viron, kiu tiel sin levas? por moki Izraelon li sin levas; kiu lin venkobatos, tiun la reĝo riĉigos per granda riĉeco, kaj sian filinon li donos al li, kaj la domon de lia patro li faros libera en Izrael.
26 ২৬ তেতিয়া দায়ুদে নিজৰ ওচৰত থিয় হৈ থকা লোকসকলক সুধিলে, “সেই পলেষ্টীয়াজনক যিজনে বধ কৰি ইস্ৰায়েলৰ পৰা অপমান দূৰ কৰিব, সেইজনলৈ কি কৰা যাব? কিয়নো সেই অচুন্নৎ ফিলিষ্টীয়াজন নো কোন, সি যে জীৱন্ত ঈশ্বৰৰ সৈন্যসকলক ইতিকিং কৰিব?”
Tiam David diris al la homoj, kiuj staris apud li: Kio estos farita al la homo, kiu venkobatos tiun Filiŝton kaj deprenos de Izrael la malhonoron? ĉar kiu estas tiu necirkumcidita Filiŝto, ke li mokas la militistaron de la vivanta Dio?
27 ২৭ তেতিয়া লোকসকলে আগতে কোৱাৰ দৰে তেওঁক পুনৰ ক’লে, “তেওঁক বধ কৰাজনলৈ এইদৰে কৰা হ’ব।”
Kaj la popolo diris al li kiel antaŭe: Tio estos farita al la homo, kiu venkobatos lin.
28 ২৮ লোকসকলৰ সৈতে দায়ূদে কথা পাতি থাকোতে তেওঁৰ ডাঙৰ ককায়েক ইলীয়াবে তেওঁৰ কথা শুনি তেওঁলৈ ক্ৰুদ্ধ হৈ ক’লে, “তই ইয়ালৈ কিয় নামি আহিলি?” মৰুপ্ৰান্তৰ মাজত সেই মেৰ-ছাগকেইটা কাৰ ওচৰত থৈ আহিলি? তোৰ অহংকাৰ আৰু মনৰ দুষ্টতা মই জানো, তই কেৱল যুদ্ধ চাবলৈহে ইয়ালৈ নামি আহিলি।”
Kiam lia plej maljuna frato Eliab aŭdis, kiel li parolas kun la homoj, ekflamis la kolero de Eliab kontraŭ David, kaj li diris: Por kio vi venis? kaj sub kies zorgado vi lasis tiun malgrandan ŝafaron en la dezerto? mi konas vian arogantecon kaj vian malbonan koron; vi venis nur por vidi la batalon.
29 ২৯ দায়ূদে ক’লে, “মই এতিয়া কি কৰিলোঁ? কেৱল এটা প্ৰশ্নহে সুধিছোঁ, নহয় জানো?”
Tiam David diris: Kion do mi nun faris? ĉu mi venis sen bezono?
30 ৩০ তাৰ পাছত তেওঁ তেওঁৰ পৰা আন জনৰ মূখৰ ফালে ঘূৰি একে দৰেই সুধিলে; তাতে লোকসকলে তেওঁক আগেয়ে কোৱাৰ দৰেই উত্তৰ দিলে।
Kaj li deturnis sin de li al alia flanko, kaj ekparolis kiel antaŭe; kaj la homoj respondis al li kiel la unuan fojon.
31 ৩১ দায়ূদে কোৱা কথা যেতিয়া লোকসকলে শুনিলে, তেতিয়া সৈন্যসকলে গৈ চৌলৰ আগত সেই কথা জনালে। তেতিয়া তেওঁ দায়ূদক মাতি অনালে।
Kiam oni aŭdis la vortojn, kiujn diris David, oni raportis al Saul, kaj ĉi tiu venigis lin.
32 ৩২ পাছত দায়ূদে চৌলক ক’লে, “তেওঁৰ বাবে কাৰো মন হতাশ নহওক; আপোনাৰ এই দাসে গৈ সেই পলেষ্টীয়াজনৰ লগত যুদ্ধ কৰিব।”
Kaj David diris al Saul: Neniu perdu la kuraĝon pro li: via sklavo iros kaj batalos kontraŭ tiu Filiŝto.
33 ৩৩ চৌলে দায়ূদক ক’লে, “তুমি সেই পলেষ্টীয়াজনৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অসমৰ্থ; কাৰণ তুমি কেৱল এজন যুৱক, আৰু তেওঁ যুৱক অৱস্থাৰে পৰা এজন যুদ্ধাৰু।”
Sed Saul diris al David: Vi ne povas iri kontraŭ tiun Filiŝton, por batali kontraŭ li; ĉar vi estas knabo, kaj li estas batalisto detempe de siaj plej junaj jaroj.
34 ৩৪ কিন্তু দায়ূদে চৌলক ক’লে, “আপোনাৰ এই দাসে পিতৃৰ মেৰ-ছাগ চৰাওঁতে, এটা সিংহ আৰু এটা ভালুকে আহি জাকৰ মাজৰ পৰা মেৰ-ছাগ ধৰি লওঁতে;
Tiam David diris al Saul: Via sklavo estis ĉe sia patro paŝtanto de ŝafoj; kaj venadis leono aŭ urso kaj forportadis ŝafon el la ŝafaro;
35 ৩৫ মই তাৰ পাছত খেদি গৈ তাক প্ৰহাৰ কৰিলোঁ আৰু তাৰ মুখৰ পৰা সেই মেৰ-ছাগ ৰক্ষা কৰিলোঁ; তাৰ পাছত সি মোৰ বিৰুদ্ধে উঠি থিয় হ’ল, আৰু মই তাৰ ডাঢ়িত ধৰি আঘাত কৰি তাক বধ কৰিলোঁ।
tiam mi kuradis post tiu, batadis ĝin, kaj savadis el ĝia buŝo; se ĝi stariĝis kontraŭ mi, mi kaptis ĝin je la makzelo, batis kaj mortigis ĝin.
36 ৩৬ আপোনাৰ দাসে সিংহ আৰু ভালুক দুয়োকো মাৰিলে; এই অচুন্নৎ পলেষ্টীয়াজন সেই দুটাৰ মাজৰ এটাৰ নিচিনা হ’ব, কাৰণ সি জীৱন্ত ঈশ্বৰৰ সৈন্যসকলক ইতিকিং কৰিছে।”
Kiel la leonon, tiel ankaŭ la urson via sklavo venkobatis; ankaŭ kun ĉi tiu necirkumcidita Filiŝto estos la sama afero, kiel kun ĉiu el tiuj, ĉar li malhonoras la militistaron de la vivanta Dio.
37 ৩৭ দায়ূদে ক’লে, “যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে সিংহ আৰু ভালুকৰ হাতৰ পৰা মোক ৰক্ষা কৰিলে, সেই যিহোৱাই সেই পলেষ্টীয়াজনৰ হাতৰ পৰাও মোক উদ্ধাৰ কৰিব।” তাতে চৌলে দায়ূদক ক’লে, “যোৱা, যিহোৱা তোমাৰ সঙ্গী হওক।”
Kaj David diris: La Eternulo, kiu savis min kontraŭ leono kaj kontraŭ urso, savos min kontraŭ ĉi tiu Filiŝto. Tiam Saul diris al David: Iru, kaj la Eternulo estu kun vi.
38 ৩৮ চৌলে নিজৰ সাজেৰে দায়ূদক সজাই তেওঁৰ মূৰত পিতলৰ শিৰোৰক্ষক আৰু গাত কবচ পিন্ধালে।
Kaj Saul vestis Davidon per siaj vestoj, kaj metis kupran kaskon sur lian kapon, kaj vestis lin per kiraso.
39 ৩৯ তাৰ পাছত দায়ূদে নিজৰ সাজৰ ওপৰত তেওঁৰ তৰোৱাল বান্ধি ল’বলৈ চেষ্টা কৰিলে; কাৰণ তেওঁ আগেয়ে এইবোৰ পিন্ধাৰ অভ্যাস কৰা নাছিল। পাছত দায়ূদে চৌলক ক’লে, “মই এইবোৰৰ পিন্ধি বাহিৰলৈ গৈ যুদ্ধ কৰিব নোৱাৰোঁ, কাৰণ মই এইবোৰৰ অভ্যাস কৰা নাই।” সেয়ে দায়ূদে সেইবোৰ সোলোকাই হ’ল।
Kaj David zonis lian glavon supre de siaj vestoj, kaj provis iri, ĉar li ne kutimis; sed David diris al Saul: Mi ne povas iri en ĉi tio, ĉar mi ne kutimis. Kaj David demetis tion de si.
40 ৪০ তাৰ পাছত তেওঁ নিজৰ লাখুটি হাতত ল’লে, আৰু জুৰিৰ পৰা পাঁচোটা শীতল শিল বাচি লৈ, সেইবোৰ মেৰ-ছাগ ৰখীয়াৰ লাগতীয়াল বস্তু থোৱা জোলোঙাত ভৰাই ল’লে; আৰু ফিঙ্গাগছ হাতত লৈ সেই পলেষ্টীয়াজনৰ ওচৰলৈ গ’ল।
Kaj li prenis sian bastonon en sian manon, kaj elektis al si kvin glatajn ŝtonojn el la torento, kaj metis ilin en la paŝtistan vazon, kiun li havis, kaj en la saketon, kaj kun la ĵetilo en la mano li iris al la Filiŝto.
41 ৪১ তাতে সেই পলেষ্টীয়াজনে আগবাঢ়ি আহি দায়ূদৰ ওচৰ চাপিল আৰু তেওঁৰ ঢালবাহীজন তেওঁৰ আগে আগে আহি আছিল।
Kaj la Filiŝto eliris kaj komencis alproksimiĝi al David, kaj lia ŝildoportisto iris antaŭ li.
42 ৪২ তাৰ পাছত পলেষ্টীয়াজনে চাৰিওফালে চাই দায়ূদক দেখা পালে আৰু তেওঁ তেওঁক হেয়জ্ঞান কৰিলে; কাৰণ তেওঁ কেৱল এজন ল’ৰা, তেওঁৰ বৰণ অলপ ৰঙচুৱা, আৰু মুখ সুন্দৰ আছিল।
Kiam la Filiŝto ekrigardis kaj vidis Davidon, li malŝatis lin, ĉar li estis knabo, ruĝvanga kaj belaspekta.
43 ৪৩ তাতে সেই পলেষ্টীয়াজনে দায়ূদক ক’লে, “মই এটা কুকুৰ নেকি যে, তই লাখুটি লৈ মোৰ ওচৰলৈ আহিছ?” আৰু সেই পলেষ্টীয়াজনে নিজ দেৱতাবোৰৰ নাম লৈ দায়ূদক শাও দিলে।
Kaj la Filiŝto diris al David: Ĉu mi estas hundo, ke vi iras al mi kun bastono? Kaj la Filiŝto malbenis Davidon per siaj dioj.
44 ৪৪ পলেষ্টীয়াজনে দায়ূদক ক’লে, “তই মোৰ ওচৰলৈ আহ; মই তোৰ মাংস আকাশৰ চৰাইবোৰক আৰু মাটিৰ পশুবোৰক দিওঁ।”
Kaj la Filiŝto diris al David: Venu al mi, por ke mi donu vian karnon al la birdoj de la ĉielo kaj al la bestoj de la kampo.
45 ৪৫ দায়ূদে সেই পলেষ্টীয়াজনক উত্তৰ দি ক’লে, “তুমি তৰোৱাল, বৰছা, আৰু যাঠি লৈ মোৰ ওচৰলৈ আহিছা। কিন্তু মই হ’লে, বাহিনীসকলৰ যিহোৱা, ইস্ৰায়েলৰ সৈন্যসকলৰ ঈশ্ৱৰৰ নামেৰে আৰু তুমি যাক ইতিকিং কৰিছা, তেওঁৰ নামেৰে তোমাৰ ওচৰলৈ আহিছোঁ।
Sed David diris al la Filiŝto: Vi iras kontraŭ min kun glavo, lanco, kaj ŝildo; kaj mi iras kontraŭ vin en la nomo de la Eternulo Cebaot, la Dio de la militistaro de Izrael, kiun vi malhonoris.
46 ৪৬ আজি যিহোৱাই তোমাক মোৰ হাতত শোধাই দিব; আৰু মই তোমাক আঘাত কৰি তোমাৰ মূৰ ছেদন কৰিম, আৰু পলেষ্টীয়াসকলৰ সৈন্য সমূহৰ শৱ আজি মই আকাশৰ চৰাই আৰু বনৰীয়া জন্তুবোৰক দিম; তাতে ইস্ৰায়েলৰ মাজত যে এজন ঈশ্বৰ আছে, ইয়াকে গোটেই পৃথিৱীয়ে জানিব।
Hodiaŭ la Eternulo transdonos vin en mian manon, ke mi venkobatu vin kaj deprenu de vi vian kapon, kaj por ke mi donu hodiaŭ la kadavrojn de la Filiŝtaj taĉmentoj al la birdoj de la ĉielo kaj al la bestoj de la tero, por ke eksciu la tuta tero, ke Izrael havas Dion.
47 ৪৭ আৰু যিহোৱাই তৰোৱাল আৰু যাঠিৰ দ্বাৰাই যে নিস্তাৰ নকৰে, তাকো এই সকলো সমাজে জানিব; কিয়নো যুদ্ধ যিহোৱাৰেই, আৰু তেওঁ তোমালোকক আমাৰ হাতত সমৰ্পণ কৰিব।”
Kaj ekscios ĉi tiu tuta komunumo, ke ne per glavo kaj lanco savas la Eternulo, ĉar de la Eternulo dependas la milito, kaj Li transdonos vin en niajn manojn.
48 ৪৮ পাছত সেই পলেষ্টীয়াই আগবাঢ়ি আহি দায়ূদক লগ পাবলৈ বিচাৰোতে, দায়ূদেও বেগাই পলেষ্টীয়াজনক লগ পাবৰ বাবে সেনাবাহিনীটোৰ দিশে বেগাই আগবাঢ়ি গ’ল।
Kaj kiam la Filiŝto leviĝis kaj ekiris, por alproksimiĝi al David, tiam David rapide ekkuris al la fronto kontraŭ la Filiŝton.
49 ৪৯ তাৰ পাছত দায়ূদে তেওঁৰ জোলোঙাত হাত সুমুৱাই এটা শিল উলিয়ালে আৰু ফিঙ্গাত থৈ পাক দি সেই পলেষ্টীয়াজনৰ কপালত এনেকৈ মাৰিলে যে, সেই শিল তাৰ কপালত বহি গ’ল; তাতে সি মাটিত তললৈ মুখ কৰি পৰি গ’ল।
Kaj David etendis sian manon al la vazo, kaj prenis el tie ŝtonon, ĵetis per la ĵetilo kaj trafis la Filiŝton en lian frunton, kaj la ŝtono penetris en lian frunton, kaj li falis kun la vizaĝo sur la teron.
50 ৫০ এইদৰে দায়ূদে এগছ ফিঙ্গা আৰু এটা শিলেৰে সেই পলেষ্টীয়াজনক জয় কৰিলে, আৰু তাক আঘাত কৰি বধ কৰিলে; কিন্তু দায়ূদৰ হাতত তৰোৱাল নাছিল।
Tiamaniere David venkis la Filiŝton per la ĵetilo kaj per la ŝtono, kaj batis la Filiŝton kaj mortigis lin, kvankam glavo ne estis en la mano de David.
51 ৫১ তেতিয়া দায়ূদে লৰি গৈ পলেষ্টীয়াজনৰ কাষত থিয় হৈ তাৰ তৰোৱাল ফাকৰ পৰা উলিয়াই তাৰেই তাক বধ কৰিলে আৰু সেই তৰোৱালেৰেই তাৰ মূৰ কাটি পোলালে। তেতিয়া ফিলিষ্টীয়া সকলে তেওঁলোকৰ সেই মহাবীৰ মৰা দেখি পলাল।
David alkuris, stariĝis super la Filiŝto, prenis lian glavon, elprenis ĝin el la ingo, kaj mortigis lin, kaj dehakis per ĝi lian kapon. Kiam la Filiŝtoj vidis, ke ilia fortegulo mortis, ili forkuris.
52 ৫২ তাৰ পাছত ইস্ৰায়েলৰ আৰু যিহূদাৰ লোকসকলে ওলাই জয়-ধ্বনি কৰি গাতলৈকে আৰু ইক্ৰোণৰ দুৱাৰলৈকে পলেষ্টীয়াসকলৰ পাছে পাছে খেদি গ’ল; তাতে পলেষ্টীয়াসকলৰ হত হোৱা লোকবোৰ চাৰয়িমৰ বাটত গয় আৰু ইক্ৰোণলৈকে পৰি পৰি গ’ল।
Tiam leviĝis la viroj de Izrael kaj Jehuda, kaj ekkriis, kaj postkuris la Filiŝtojn ĝis la eniro en la valon kaj ĝis la pordego de Ekron. Kaj falis la mortigitoj el la Filiŝtoj sur la vojo al Ŝaaraim, ĝis Gat kaj ĝis Ekron.
53 ৫৩ পাছত ইস্ৰায়েলৰ সন্তান সকলে পলেষ্টীয়াসকলৰ পাছে পাছে খেদি যোৱাৰ পৰা উভটি আহি সিহঁতৰ ছাউনি লুট কৰিলে।
Kaj la Izraelidoj revenis de la kurado post la Filiŝtoj kaj disrabis ilian tendaron.
54 ৫৪ আৰু দায়ূদে সেই পলেষ্টীয়াজনৰ মূৰটো যিৰূচালেমলৈ লৈ গ’ল; কিন্তু তাৰ ৰণৰ সাজ নিজৰ তম্বুত ৰাখিলে।
Kaj David prenis la kapon de la Filiŝto, kaj alportis ĝin en Jerusalemon, kaj liajn armilojn li metis en sian tendon.
55 ৫৫ সেই পলেষ্টীয়াজনৰ বিৰুদ্ধে দায়ুদ ওলাই যোৱাৰ পাছত চৌল তেওঁৰ সেনাপতি অবনেৰক সুধিলে, “অবনেৰ, সেই ডেকা কাৰ পুত্র?” তাতে অবনেৰে ক’লে, “মহাৰাজ, আপোনাৰ জীৱনৰ শপত, মই ক’ব নোৱাৰোঁ।”
Kiam Saul vidis Davidon, elirantan kontraŭ la Filiŝton, li diris al Abner, la militestro: Kies filo estas ĉi tiu junulo, Abner? Kaj Abner respondis: Mi ĵuras per via animo, ho reĝo, ke mi ne scias.
56 ৫৬ পাছত ৰজাই ক’লে, “তুমি সোধাচোন, সেই যুৱকজন কাৰ পুত্র হয়?”
Kaj la reĝo diris: Demandu, kies filo estas ĉi tiu junulo.
57 ৫৭ পাছত দায়ূদে যেতিয়া পলেষ্টীয়াজনক বধ কৰি ঘূৰি আহিছিল, তেতিয়া অবনেৰে তেওঁক ধৰি চৌলৰ ওচৰলৈ লৈ গ’ল আৰু তেওঁৰ হাতত তেতিয়া পলেষ্টীয়াজনৰ মূৰ আছিল।
Kiam David revenis post la mortigo de la Filiŝto, Abner prenis lin kaj venigis lin antaŭ Saulon, kaj la kapo de la Filiŝto estis en lia mano.
58 ৫৮ তাতে চৌলে তেওঁক সুধিলে, “হে ডেকা, তুমি কাৰ পুত্র?” দায়ূদে উত্তৰ দিলে, “মই আপোনাৰ দাস বৈৎলেহেমীয়া যিচয়ৰ পুত্র।”
Kaj Saul diris al li: Kies filo vi estas, junulo? Kaj David respondis: Filo de via sklavo Jiŝaj, la Bet-Leĥemano.

< ১ সামুয়েল 17 >