< ১ সামুয়েল 17 >
1 ১ পলেষ্টীয়াসকলে যুদ্ধ কৰিবলৈ তেওঁলোকৰ সৈন্যসকলক গোট খোৱালে। যিহূদাৰ অধিকাৰত থকা চোকোত তেওঁলোক একে লগ হ’ল। চোকো আৰু অজেকাৰ মাজত এফচদম্মীমত ছাউনি পাতিলে।
培肋舍特人調集了軍隊,準備作戰,集合在猶大,在索苛與阿則卡之間的厄斐斯達明紮了營。
2 ২ চৌল আৰু ইস্ৰায়েলৰ লোকসকলে গোট খাই এলা উপত্যকাত ছাউনি পাতিলে আৰু পলেষ্টীয়াসকলৰ বিৰুদ্ধে সৈন্যসকলক শাৰী পাতি থিয় কৰালে।
撒烏耳和以色列人齊集起來,在厄拉谷紮了營,擺陣準備迎擊培肋舍特人。
3 ৩ তাতে পলেষ্টীয়াসকলে এফালে এটা পৰ্বতত আৰু ইস্ৰায়েলসকলে আনফালে আন এটা পৰ্বতত থিয় হ’ল, আৰু উভয়ৰে মাজত এক উপত্যকা আছিল।
培肋舍特人站在這邊一座山上,以色列人站在那邊一座山上,中間隔著山谷。
4 ৪ তাৰ পাছত গাত নিবাসী এজন বীৰ পলেষ্টীয়াসকলৰ ছাউনিৰ পৰা ওলাল, তেওঁৰ নাম গলিয়াথ, তেওঁ চাৰে ছয় হাত ওখ আছিল।
從培肋舍特人陣地中走出一個挑戰的人,名叫哥肋雅,是加特人,身高六肘又一柞,
5 ৫ তেওঁৰ মূৰত পিতলৰ শিৰোৰক্ষক আছিল, আৰু মাছৰ বাকলিৰ দৰে পিতলৰ কবচ পিন্ধিছিল আৰু সেই কবচৰ ওজন পাঁচ হাজাৰ চেকল আছিল।
頭帶銅盔,身穿鎧衣,鎧衣的重銅重五千「協刻爾」,
6 ৬ তেওঁৰ ভৰি পিতলৰ পতাৰে আবৃত আছিল আৰু তেওঁৰ দুই কান্ধৰ মাজত এপাত পিতলৰ চুটি যাঠী আছিল।
腿裹銅葉,肩插銅槍。
7 ৭ তেওঁৰ বৰছাৰ লাঠিডাল, তাঁত শালৰ টোলোঠাৰ সমান ডাঙৰ আছিল। তেওঁৰ লোহাৰ বৰছাপাতৰ ওজন ছশ চেকল আছিল। তেওঁৰ ঢাল ধৰাজন তেওঁৰ আগে আগে গৈছিল।
矛桿像織布機的大軸,矛頭重六百「協刻爾」;有個持盾的人給他開道。
8 ৮ তেওঁ আহি থিয় হ’ল আৰু ইস্ৰায়েলৰ সৈন্য শ্ৰেণীক লক্ষ্য কৰি ৰিঙিয়াই ক’লে, “তহতে যুদ্ধ কৰিবৰ অৰ্থে শাৰী পাতি বাহিৰলৈ কিয় ওলাই আহিছ? মই জানো এজন পলেষ্টীয়া নহওঁ? আৰু তহঁত জানো চৌলৰ দাস নহয়? তহঁতে নিজৰ বাবে এজন মানুহ বাচি ল’ আৰু তাক মোৰ ওচৰলৈ আহিবলৈ দে।
他站在以色列人的陣地前,喊說:「你們為什麼出來擺陣作戰﹖我不是培肋舍特人嗎﹖你們不是撒烏耳的奴才嗎﹖你們挑選一人,下來同我對敵!
9 ৯ সি যদি মোৰ সৈতে যুদ্ধ কৰি জয়ী হৈ মোক বধ কৰে, তেনেহলে আমি সকলো তহঁতৰ বন্দী হ’ম; কিন্তু যদি মই তাক পৰাজয় কৰি তাক বধ কৰোঁ, তেনেহলে তহঁত আমাৰ বন্দী হৈ আমাৰ দাসৰ কাম কৰিবি।”
假使他能同我決鬥,殺了我,我們就作你們的奴隸;但是,如果我得勝,殺了他,你們就應服事我們,作我們的奴隸」。
10 ১০ পলেষ্টীয়াজনে পুনৰ ক’লে, “আজি মই ইস্ৰায়েলৰ সৈন্যসকলক প্ৰত্যাহ্ৱান জনাইছোঁ, তহঁতে মোক এজন মানুহ দে, যাতে আমি দুয়ো একেলগে যুদ্ধ কৰোঁ।”
那培肋舍特人還說:「今天我向以色列罵陣,你們給我個人來,讓我們彼此決鬥」。
11 ১১ যেতিয়া পলেষ্টীয়াজনে কোৱা কথা চৌল আৰু ইস্ৰায়েলৰ লোকসকলে শুনিলে, তেতিয়া তেওঁলোক নিৰাশ হ’ল আৰু অতিশয় ভয়াতুৰ হ’ল।
撒烏耳和全以色列聽見那培肋舍特說的這些話,都非常驚慌害怕。
12 ১২ দায়ুদ যিহূদাৰ বৈৎলেহেম নিবাসী যিচয় নামেৰে সেই ইফ্ৰাথীয়া পুৰুষৰ পুত্ৰ আছিল; তেওঁৰ আঠজন পুত্ৰ আছিল, যিচয় চৌলৰ সময়ত বৃদ্ধ আছিল আৰু লোকসকলৰ মাজত বয়সস্থ পুৰুষ আছিল।
達味是猶大白冷的一個厄弗辣大人的兒子,那人名叫葉瑟,他有八個兒子。此人在撒烏耳時,已經老了。
13 ১৩ যিচয়ৰ তিনিজন ডাঙৰ সন্তান চৌলৰ পাছে পাছে যুদ্ধলৈ গৈছিল; আৰু যুদ্ধলৈ যোৱা তেওঁৰ তিনিজন পুত্ৰৰ নাম আছিল, প্ৰথমজন ইলীয়াব, দ্বিতীয়জনৰ নাম অবীনাদৰ, আৰু তৃতীয়জনৰ নাম চম্মা।
葉瑟的三個大兒已跟撒烏耳出征作戰;從軍的三個兒子:長子叫厄里雅布,次子名叫阿彼納達布,三子名叫沙瑪。
14 ১৪ দায়ুদ সকলোতকৈ সৰু আছিল। আৰু ডাঙৰ তিনিজন চৌলৰ পাছত চলোঁতা আছিল।
達味最小,三個年長的已跟撒烏耳出征。
15 ১৫ কিন্তু দায়ূদে চৌলৰ ওচৰৰ পৰা আহি বৈৎলেহেমত থকা পিতৃৰ মেৰ-ছাগ চৰাবৰ বাবে অহা যোৱা কৰি থাকিছিল।
達味有時服侍撒烏耳,有時離開,回白冷放父親的羊。
16 ১৬ তাতে সেই পলেষ্টীয়া মানুহজনে চল্লিশ দিনলৈকে ৰাতিপুৱা আৰু গধূলি বেলা ওচৰলৈ আহি নিজকে দেখা দি আছিল।
那培肋舍特人早晨晚上常出來挑戰,一連四十天之久。
17 ১৭ সেই সময়ত যিচয়ে তেওঁৰ পুতেক দায়ূদক ক’লে, “তুমি এক ঐফা ভজা শস্য আৰু দহটা পিঠা লৈ, ছাউনিত থকা ককায়েৰা সকলৰ ওচৰলৈ যোৱা।”
葉瑟對他的兒子達味說:「你給你哥哥們帶去這一「厄法」炒麥和十個餅,快往營裏給你哥哥們送去。
18 ১৮ এই দহ লদা পনীৰ তেওঁলোকৰ সেনাপতিজনৰ বাবে লৈ যোৱা। আৰু তোমাৰ ককায়েৰাহঁতৰ মঙ্গল সুধিবা, আৰু তেওঁলোকৰ পৰা কোনো চিন আনিবা।
將這十塊奶餅送給千夫長.然後看望你的哥哥們是否平安,並把他們的薪俸帶回來。
19 ১৯ চৌল আৰু তেওঁলোকৰ লগতে ইস্ৰায়েলৰ সকলো লোকে এলা উপত্যকাত পলেষ্টীয়াসকলৰ সৈতে যুদ্ধ কৰি আছে।
他們與撒烏耳和全以色列人都在厄拉谷,同培肋舍特人作戰」。
20 ২০ পাছত দায়ূদে ৰাতিপুৱা সোনকালে উঠিল আৰু মেৰ-ছাগবোৰ এজন ৰখীয়াৰ হাতত গতাই দিলে আৰু পিতৃ যিচয়ৰ আজ্ঞা অনুসাৰে বস্তুবোৰ লগত লৈ তালৈ গ’ল। যি সময়ত সৈন্যই ৰণলৈ ওলাই ৰণৰ কাৰণে ৰণ-ধ্বনি কৰিছিল, সেই সময়তে তেওঁ ছাউনি আহি পাইছিল।
達味清早起來,把羊群托給一個看羊的人,就照他父親葉瑟吩咐的起身去了。他來到營中時,軍隊正出來擺陣,喊著衝鋒的口號。
21 ২১ তেতিয়া ইস্ৰায়েল আৰু পলেষ্টীয়াসকলে সন্মুখা-সন্মুখি হৈ ৰণৰ বাবে শাৰী পাতি আছিল।
以色列人和培肋舍特人列陣相對。
22 ২২ পাছত দায়ূদে বস্তু-ৰখীয়াৰ হাতত নিজৰ বস্তুবোৰ থৈ, সৈন্যশ্ৰেণীৰ মাজলৈ দৌৰি গ’ল আৰু নিজৰ ককায়েকসকলক মঙ্গলবাদ কৰিলে;
達味把自己的行囊交給一個看守輜重兵的1 內,跑入陣內,向他的哥哥們問安。
23 ২৩ আৰু তেওঁলোকৰ লগত কথা পাতি থাকোতেই গাত নিবাসী গলিয়াথ নামৰ পলেষ্টীয়া মহাবীৰজন ফিলিষ্টীয়াসকলৰ সৈন্যবাহিনীৰ পৰা বাহিৰলৈ ওলাই আহিল আৰু আগতে কোৱা দৰেই কথা ক’বলৈ ধৰিলে। তাতে দায়ূদে সেই কথা শুনিবলৈ পালে।
當他和他們談話時,名叫哥肋雅的挑戰者,──加特的培肋舍特人──從培肋舍特人的陣裏上來,說了以所述的話,達味聽見了。
24 ২৪ যেতিয়া ইস্ৰায়েলৰ লোকসকলে সেই ব্যক্তিজনক দেখিলে, তেতিয়া তেওঁলোক তেওঁৰ সন্মুখৰ পৰা পলাল আৰু অতিশয় ভয় কৰিলে।
所有的以色列人一看見那人,都非常害怕,便由他面前逃避了。
25 ২৫ আৰু ইস্ৰায়েলৰ লোকসকলে পৰস্পৰৰ মাজত ক’বলৈ ধৰিলে, “ওপৰলৈ উঠি অহা সেই মানুহজনক তুমি দেখিছা নে? তেওঁ ইস্ৰায়েলক ইতিকিং কৰিবলৈ আহিছে। তেওঁক যিকোনোৱে বধ কৰিব, ৰজাই তেওঁক অধিক ধনেৰে ধনৱান কৰিব, আৰু তেওঁৰ লগত নিজৰ জীয়েকক বিয়া দিব, আৰু ইস্ৰায়েলৰ মাজত তেওঁৰ পিতৃ-বংশক স্ৱাধীন কৰিব।”
那時有個以色列人宣佈說:「你們看見了上來的這人嗎﹖這人上來是辱罵以色列。若有人把他殺死,君王要賜給他許多財富,將自己是女兒嫁給他為妻,並使他的父家在以色列內豁免繳稅」。
26 ২৬ তেতিয়া দায়ুদে নিজৰ ওচৰত থিয় হৈ থকা লোকসকলক সুধিলে, “সেই পলেষ্টীয়াজনক যিজনে বধ কৰি ইস্ৰায়েলৰ পৰা অপমান দূৰ কৰিব, সেইজনলৈ কি কৰা যাব? কিয়নো সেই অচুন্নৎ ফিলিষ্টীয়াজন নো কোন, সি যে জীৱন্ত ঈশ্বৰৰ সৈন্যসকলক ইতিকিং কৰিব?”
達味問站在他旁邊的人說:「殺死這培肋舍特人,給以色列雪恥的人得什麼賞﹖這未受割損培肋舍特人是誰﹖他竟敢辱罵永生天主的軍旅! 」
27 ২৭ তেতিয়া লোকসকলে আগতে কোৱাৰ দৰে তেওঁক পুনৰ ক’লে, “তেওঁক বধ কৰাজনলৈ এইদৰে কৰা হ’ব।”
人就把上邊那些話告訴他說:「殺死這人的,要得這樣這樣的報酬」。
28 ২৮ লোকসকলৰ সৈতে দায়ূদে কথা পাতি থাকোতে তেওঁৰ ডাঙৰ ককায়েক ইলীয়াবে তেওঁৰ কথা শুনি তেওঁলৈ ক্ৰুদ্ধ হৈ ক’লে, “তই ইয়ালৈ কিয় নামি আহিলি?” মৰুপ্ৰান্তৰ মাজত সেই মেৰ-ছাগকেইটা কাৰ ওচৰত থৈ আহিলি? তোৰ অহংকাৰ আৰু মনৰ দুষ্টতা মই জানো, তই কেৱল যুদ্ধ চাবলৈহে ইয়ালৈ নামি আহিলি।”
他的大哥厄里雅布一聽見達味對那些人所說的話,便對達味大發憤怒說:「你為什麼下來﹖你在曠野中放的那幾隻羊,託給了誰﹖我知道你驕傲,心中不懷好意;你下來只是要看作戰」。
29 ২৯ দায়ূদে ক’লে, “মই এতিয়া কি কৰিলোঁ? কেৱল এটা প্ৰশ্নহে সুধিছোঁ, নহয় জানো?”
達味回答說:「我究竟作的什麼不對﹖連句話也不能說嗎﹖」
30 ৩০ তাৰ পাছত তেওঁ তেওঁৰ পৰা আন জনৰ মূখৰ ফালে ঘূৰি একে দৰেই সুধিলে; তাতে লোকসকলে তেওঁক আগেয়ে কোৱাৰ দৰেই উত্তৰ দিলে।
達味就離開那裏,到了另一處,又問了同樣的事,人回答的話也和先前一樣。
31 ৩১ দায়ূদে কোৱা কথা যেতিয়া লোকসকলে শুনিলে, তেতিয়া সৈন্যসকলে গৈ চৌলৰ আগত সেই কথা জনালে। তেতিয়া তেওঁ দায়ূদক মাতি অনালে।
有人聽見了達味說的話,就去報告給撒烏耳;撒烏耳就命他前來。
32 ৩২ পাছত দায়ূদে চৌলক ক’লে, “তেওঁৰ বাবে কাৰো মন হতাশ নহওক; আপোনাৰ এই দাসে গৈ সেই পলেষ্টীয়াজনৰ লগত যুদ্ধ কৰিব।”
達味對撒烏耳說:「請我主不必為那人而沮喪,你僕人要去同這培肋舍特人決鬥」。
33 ৩৩ চৌলে দায়ূদক ক’লে, “তুমি সেই পলেষ্টীয়াজনৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অসমৰ্থ; কাৰণ তুমি কেৱল এজন যুৱক, আৰু তেওঁ যুৱক অৱস্থাৰে পৰা এজন যুদ্ধাৰু।”
撒烏耳對達味說:「你不能去對抗這培肋舍特人,同他決鬥,因為你還年輕,而他自幼便是習於戰鬥的人」。
34 ৩৪ কিন্তু দায়ূদে চৌলক ক’লে, “আপোনাৰ এই দাসে পিতৃৰ মেৰ-ছাগ চৰাওঁতে, এটা সিংহ আৰু এটা ভালুকে আহি জাকৰ মাজৰ পৰা মেৰ-ছাগ ধৰি লওঁতে;
達味回答撒烏耳說:「你的僕人是為他父親牧羊的人,幾時有獅子或狗熊闖來,由羊群中奪去一隻羊,
35 ৩৫ মই তাৰ পাছত খেদি গৈ তাক প্ৰহাৰ কৰিলোঁ আৰু তাৰ মুখৰ পৰা সেই মেৰ-ছাগ ৰক্ষা কৰিলোঁ; তাৰ পাছত সি মোৰ বিৰুদ্ধে উঠি থিয় হ’ল, আৰু মই তাৰ ডাঢ়িত ধৰি আঘাত কৰি তাক বধ কৰিলোঁ।
我就追上去,打死牠,從牠口中救出那隻來;假使獅子起來撲我,我就抓住牠的鬚,將牠打死。
36 ৩৬ আপোনাৰ দাসে সিংহ আৰু ভালুক দুয়োকো মাৰিলে; এই অচুন্নৎ পলেষ্টীয়াজন সেই দুটাৰ মাজৰ এটাৰ নিচিনা হ’ব, কাৰণ সি জীৱন্ত ঈশ্বৰৰ সৈন্যসকলক ইতিকিং কৰিছে।”
你的你的僕人連獅子帶狗熊都打死了,這未受割損的培肋舍特人也不過像其中的一個,因為他竟敢辱罵永生天主的軍旅」。
37 ৩৭ দায়ূদে ক’লে, “যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে সিংহ আৰু ভালুকৰ হাতৰ পৰা মোক ৰক্ষা কৰিলে, সেই যিহোৱাই সেই পলেষ্টীয়াজনৰ হাতৰ পৰাও মোক উদ্ধাৰ কৰিব।” তাতে চৌলে দায়ূদক ক’লে, “যোৱা, যিহোৱা তোমাৰ সঙ্গী হওক।”
達味又接著說:「由獅子和狗熊中拯救我的上主,也必從這培肋舍特人手中拯救我」。撒烏耳對達味說:「去吧! 望上主與你同在! 」
38 ৩৮ চৌলে নিজৰ সাজেৰে দায়ূদক সজাই তেওঁৰ মূৰত পিতলৰ শিৰোৰক্ষক আৰু গাত কবচ পিন্ধালে।
撒烏耳給達味穿上自己的武裝,給他頭上帶上銅盔,身上穿上鎧甲,
39 ৩৯ তাৰ পাছত দায়ূদে নিজৰ সাজৰ ওপৰত তেওঁৰ তৰোৱাল বান্ধি ল’বলৈ চেষ্টা কৰিলে; কাৰণ তেওঁ আগেয়ে এইবোৰ পিন্ধাৰ অভ্যাস কৰা নাছিল। পাছত দায়ূদে চৌলক ক’লে, “মই এইবোৰৰ পিন্ধি বাহিৰলৈ গৈ যুদ্ধ কৰিব নোৱাৰোঁ, কাৰণ মই এইবোৰৰ অভ্যাস কৰা নাই।” সেয়ে দায়ূদে সেইবোৰ সোলোকাই হ’ল।
又在鎧甲上偑上自己的刀。達味試走了兩步,因他沒有穿慣,遂對撒烏耳說:「穿戴這些東西,不能行動,因為先前總沒有穿過」。所以他又將盔甲從身上脫下。
40 ৪০ তাৰ পাছত তেওঁ নিজৰ লাখুটি হাতত ল’লে, আৰু জুৰিৰ পৰা পাঁচোটা শীতল শিল বাচি লৈ, সেইবোৰ মেৰ-ছাগ ৰখীয়াৰ লাগতীয়াল বস্তু থোৱা জোলোঙাত ভৰাই ল’লে; আৰু ফিঙ্গাগছ হাতত লৈ সেই পলেষ্টীয়াজনৰ ওচৰলৈ গ’ল।
達味手裏拿著自己的棍子,在河裏揀了五塊很光滑的石頭,放在牧童隨身所帶的袋子內,即裝石囊內,手內拿著投石器,向那培肋舍特人走去。
41 ৪১ তাতে সেই পলেষ্টীয়াজনে আগবাঢ়ি আহি দায়ূদৰ ওচৰ চাপিল আৰু তেওঁৰ ঢালবাহীজন তেওঁৰ আগে আগে আহি আছিল।
那培肋舍特人也大搖大擺走近了達味,給他持盾的走在他開路。
42 ৪২ তাৰ পাছত পলেষ্টীয়াজনে চাৰিওফালে চাই দায়ূদক দেখা পালে আৰু তেওঁ তেওঁক হেয়জ্ঞান কৰিলে; কাৰণ তেওঁ কেৱল এজন ল’ৰা, তেওঁৰ বৰণ অলপ ৰঙচুৱা, আৰু মুখ সুন্দৰ আছিল।
那培肋舍特人瞪眼一看,見了達味,遂看不起他,因達味還很年輕,面色紅潤,眉清目秀。
43 ৪৩ তাতে সেই পলেষ্টীয়াজনে দায়ূদক ক’লে, “মই এটা কুকুৰ নেকি যে, তই লাখুটি লৈ মোৰ ওচৰলৈ আহিছ?” আৰু সেই পলেষ্টীয়াজনে নিজ দেৱতাবোৰৰ নাম লৈ দায়ূদক শাও দিলে।
那培肋舍特人對達味說:「莫非我是隻狗,你竟拿棍子來對付我﹖」達味回答說:「你比一隻狗還不如! 」那培肋舍特人就指著自己的神詛咒達味,
44 ৪৪ পলেষ্টীয়াজনে দায়ূদক ক’লে, “তই মোৰ ওচৰলৈ আহ; মই তোৰ মাংস আকাশৰ চৰাইবোৰক আৰু মাটিৰ পশুবোৰক দিওঁ।”
且對達味說:「你到我這裏來,我要把你的肉,給空中的飛鳥和田野的走獸吃」。
45 ৪৫ দায়ূদে সেই পলেষ্টীয়াজনক উত্তৰ দি ক’লে, “তুমি তৰোৱাল, বৰছা, আৰু যাঠি লৈ মোৰ ওচৰলৈ আহিছা। কিন্তু মই হ’লে, বাহিনীসকলৰ যিহোৱা, ইস্ৰায়েলৰ সৈন্যসকলৰ ঈশ্ৱৰৰ নামেৰে আৰু তুমি যাক ইতিকিং কৰিছা, তেওঁৰ নামেৰে তোমাৰ ওচৰলৈ আহিছোঁ।
達味回答那培肋舍特說:「你仗著刀槍箭戟來對付我,但我是仗著你所淩辱的萬軍的上主,以色列的天主的聖名來對付你。
46 ৪৬ আজি যিহোৱাই তোমাক মোৰ হাতত শোধাই দিব; আৰু মই তোমাক আঘাত কৰি তোমাৰ মূৰ ছেদন কৰিম, আৰু পলেষ্টীয়াসকলৰ সৈন্য সমূহৰ শৱ আজি মই আকাশৰ চৰাই আৰু বনৰীয়া জন্তুবোৰক দিম; তাতে ইস্ৰায়েলৰ মাজত যে এজন ঈশ্বৰ আছে, ইয়াকে গোটেই পৃথিৱীয়ে জানিব।
今天上主定把你交在我手中,我必打死你割下你的頭來;今天我要把你的屍體和培肋舍特軍人的屍體,給空中的飛鳥和田野的走獸吃:這樣:全地都要知道在以色列有天主。
47 ৪৭ আৰু যিহোৱাই তৰোৱাল আৰু যাঠিৰ দ্বাৰাই যে নিস্তাৰ নকৰে, তাকো এই সকলো সমাজে জানিব; কিয়নো যুদ্ধ যিহোৱাৰেই, আৰু তেওঁ তোমালোকক আমাৰ হাতত সমৰ্পণ কৰিব।”
在埸的眾人也要知道,上主不賴刀槍賜人勝利,戰爭勝負只屬於上主,衪已把你們交我們手中了」。
48 ৪৮ পাছত সেই পলেষ্টীয়াই আগবাঢ়ি আহি দায়ূদক লগ পাবলৈ বিচাৰোতে, দায়ূদেও বেগাই পলেষ্টীয়াজনক লগ পাবৰ বাবে সেনাবাহিনীটোৰ দিশে বেগাই আগবাঢ়ি গ’ল।
正當那培肋舍特人起身,大搖大擺向達味走來時,達味趕快由陣中跑出來,迎那培肋舍特人;
49 ৪৯ তাৰ পাছত দায়ূদে তেওঁৰ জোলোঙাত হাত সুমুৱাই এটা শিল উলিয়ালে আৰু ফিঙ্গাত থৈ পাক দি সেই পলেষ্টীয়াজনৰ কপালত এনেকৈ মাৰিলে যে, সেই শিল তাৰ কপালত বহি গ’ল; তাতে সি মাটিত তললৈ মুখ কৰি পৰি গ’ল।
同時伸手,由囊中取出一塊石頭,套在投石器上打過去,正打在那培肋舍特人的額上,石頭穿入額內,那人就跌倒在地上。
50 ৫০ এইদৰে দায়ূদে এগছ ফিঙ্গা আৰু এটা শিলেৰে সেই পলেষ্টীয়াজনক জয় কৰিলে, আৰু তাক আঘাত কৰি বধ কৰিলে; কিন্তু দায়ূদৰ হাতত তৰোৱাল নাছিল।
如此,達味用投石器和石頭,得勝了那培肋舍特人,打中了他,將他殺死,雖然手無寸鐵。
51 ৫১ তেতিয়া দায়ূদে লৰি গৈ পলেষ্টীয়াজনৰ কাষত থিয় হৈ তাৰ তৰোৱাল ফাকৰ পৰা উলিয়াই তাৰেই তাক বধ কৰিলে আৰু সেই তৰোৱালেৰেই তাৰ মূৰ কাটি পোলালে। তেতিয়া ফিলিষ্টীয়া সকলে তেওঁলোকৰ সেই মহাবীৰ মৰা দেখি পলাল।
達味遂跑過去,站在培肋舍特人身上,拿起他的刀,從鞘內拔出,殺了他,砍下他的頭。所有培肋舍特人看見他們的英雄死了,就囡散奔逃。
52 ৫২ তাৰ পাছত ইস্ৰায়েলৰ আৰু যিহূদাৰ লোকসকলে ওলাই জয়-ধ্বনি কৰি গাতলৈকে আৰু ইক্ৰোণৰ দুৱাৰলৈকে পলেষ্টীয়াসকলৰ পাছে পাছে খেদি গ’ল; তাতে পলেষ্টীয়াসকলৰ হত হোৱা লোকবোৰ চাৰয়িমৰ বাটত গয় আৰু ইক্ৰোণলৈকে পৰি পৰি গ’ল।
以色列人和猶大人就起來吶喊,追擊培肋舍特人直到加特關,直到厄刻龍城門。沿沙阿辣因的路上,直到加特和厄刻龍,遍地是培肋舍特人的屍首。
53 ৫৩ পাছত ইস্ৰায়েলৰ সন্তান সকলে পলেষ্টীয়াসকলৰ পাছে পাছে খেদি যোৱাৰ পৰা উভটি আহি সিহঁতৰ ছাউনি লুট কৰিলে।
以色列人追殺培肋舍特人回來,又搶劫了他們的幕。
54 ৫৪ আৰু দায়ূদে সেই পলেষ্টীয়াজনৰ মূৰটো যিৰূচালেমলৈ লৈ গ’ল; কিন্তু তাৰ ৰণৰ সাজ নিজৰ তম্বুত ৰাখিলে।
以後,達味取了那培肋舍特人的頭,送到耶路撒冷;至於那人的武器,卻放在會幕內。
55 ৫৫ সেই পলেষ্টীয়াজনৰ বিৰুদ্ধে দায়ুদ ওলাই যোৱাৰ পাছত চৌল তেওঁৰ সেনাপতি অবনেৰক সুধিলে, “অবনেৰ, সেই ডেকা কাৰ পুত্র?” তাতে অবনেৰে ক’লে, “মহাৰাজ, আপোনাৰ জীৱনৰ শপত, মই ক’ব নোৱাৰোঁ।”
當撒烏耳看見達味去和那培肋舍特人迎戰時,就問統帥阿貝乃爾說:「阿貝乃爾,這少年人是誰的兒子﹖」阿貝乃爾回答說:「大王萬歲,我不知道」。
56 ৫৬ পাছত ৰজাই ক’লে, “তুমি সোধাচোন, সেই যুৱকজন কাৰ পুত্র হয়?”
君王說:「你查一下,這少年人是誰的兒子﹖」
57 ৫৭ পাছত দায়ূদে যেতিয়া পলেষ্টীয়াজনক বধ কৰি ঘূৰি আহিছিল, তেতিয়া অবনেৰে তেওঁক ধৰি চৌলৰ ওচৰলৈ লৈ গ’ল আৰু তেওঁৰ হাতত তেতিয়া পলেষ্টীয়াজনৰ মূৰ আছিল।
達味殺死那培肋舍特人回來時,阿貝乃爾帶他去見撒烏耳,他手中還拿著那培肋舍特人的頭。
58 ৫৮ তাতে চৌলে তেওঁক সুধিলে, “হে ডেকা, তুমি কাৰ পুত্র?” দায়ূদে উত্তৰ দিলে, “মই আপোনাৰ দাস বৈৎলেহেমীয়া যিচয়ৰ পুত্র।”
撒烏耳問他說:「少年人你是誰的兒子﹖」達味答說:「我是你僕白冷人葉瑟的兒子」。