< ১ সামুয়েল 16 >

1 যিহোৱাই চমূৱেলক ক’লে, “মই চৌলক অগ্ৰাহ্য কৰি ইস্ৰায়েলৰ ওপৰত দিয়া তেওঁৰ ৰাজপদ গুচাই দিয়া দেখি তুমি নো কিমান সময় চৌলৰ কাৰণে শোক কৰি থাকিবা? তোমাৰ শিংটো তেলেৰে পুৰ কৰি লোৱা; এতিয়া মই তোমাক বৈৎলেহেমীয়া যিচয়ৰ ওচৰলৈ পঠাওঁ; কিয়নো মই তেওঁৰ পুত্ৰ সকলৰ মাজৰ এজনক ৰজা হ’বৰ অৰ্থে বাচি ললোঁ।”
Wtedy PAN powiedział do Samuela: Jak długo będziesz bolał nad Saulem, skoro odrzuciłem go, aby nie królował nad Izraelem? Napełnij swój róg oliwą i idź, posyłam cię do Jessego Betlejemity. Tam bowiem upatrzyłem sobie króla wśród jego synów.
2 চমূৱেলে ক’লে, “মই কেনেকৈ যাম? চৌলে যদি এই কথা শুনে, তেন্তে তেওঁ মোক বধ কৰিব।” যিহোৱাই ক’লে, “তুমি এজনী চেঁউৰী গৰু লগত লৈ যোৱা, আৰু ক’বা, মই যিহোৱাৰ উদ্দেশে বলিদান কৰিবলৈ আহিছোঁ।”
Samuel powiedział: Jak mam pójść? Saul bowiem o tym usłyszy i zabije mnie. PAN odpowiedział: Weź ze sobą jałowicę ze stada i powiedz: Przyszedłem, aby złożyć PANU ofiarę.
3 সেই যজ্ঞলৈ যিচয়ক নিমন্ত্ৰণ কৰিবা, আৰু তুমি কি কৰিব লাগে, মই তোমাক দেখুৱাম; মই তোমাৰ আগত যিজনৰ বিষয়ে ক’ম, তুমি মোৰ কাৰণে সেই জনকেই অভিষেক কৰিবা।”
I wezwij Jessego na ofiarę, a ja ci oznajmię, co masz czynić. A namaścisz mi [tego], którego ci wskażę.
4 চমূৱেলে যিহোৱাই কোৱা অনুসাৰে কৰিলে আৰু বৈৎলেহেমলৈ গ’ল। নগৰৰ বৃদ্ধসকলে তেওঁক লগ ধৰিবলৈ আহি কঁপি কঁপি তেওঁক ক’লে, “আপুনি শান্তিৰ অৰ্থে আহিছে নে?”
Samuel uczynił więc tak, jak mu powiedział PAN, i przybył do Betlejem. Wtedy starsi miasta z drżeniem wyszli mu naprzeciw i zapytali: Czy przychodzisz w pokoju?
5 তেওঁ ক’লে, “শান্তি হওক; মই যিহোৱাৰ উদ্দেশে বলিদান দিবলৈ আহিছোঁ। বলিদানৰ অৰ্থে তোমালোকে নিজকে পবিত্ৰ কৰি মোৰ লগত আহাঁ।” আৰু তেওঁ যিচয়ক আৰু তেওঁৰ পুত্ৰসকলক পবিত্ৰকৃত কৰিলে আৰু বলিদানৰ কাৰণে নিমন্ত্ৰণ কৰিলে।
Odpowiedział: W pokoju. Przyszedłem, aby złożyć PANU ofiarę. Poświęćcie się i przyjdźcie ze mną na [składanie] ofiary. Poświęcił też Jessego i jego synów i zaprosił ich na [składanie] ofiary.
6 তাৰ পাছত তেওঁলোক যেতিয়া আহিল, তেতিয়া চমূৱেলে ইলীয়াবলৈ চাই মনতে ক’লে, “যিহোৱাৰ আগত উপস্থিত হোৱা এই মানুহেই অৱশ্যে তেওঁৰ অভিষিক্ত জন।”
A gdy przyszli, ujrzał Eliaba i powiedział: Na pewno [stoi] przed PANEM jego pomazaniec.
7 কিন্তু যিহোৱাই চমূৱেলক ক’লে, “তুমি তেওঁৰ বাহ্যিকতালৈ বা উচ্চতালৈ দৃষ্টি নকৰিবা; কাৰণ মই তেওঁক অগ্ৰাহ্য কৰিলোঁ। কাৰণ মানুহে যেনেকৈ চাই যিহোৱাই তেনেকৈ নাচায়; কাৰণ মানুহে, যি দেখা পায়, তালৈ চায়, কিন্তু যিহোৱাই মানুহৰ অন্তৰলৈ চায়।”
Lecz PAN powiedział do Samuela: Nie patrz na jego urodę ani na jego wysoki wzrost, gdyż go odrzuciłem. [PAN] bowiem [nie patrzy] na to, na co patrzy człowiek, bo człowiek patrzy [na to, co jest] przed oczami, ale PAN patrzy na serce.
8 পাছত যিচয়ে অবীনাদবক মাতি আনিলে আৰু চমূৱেলৰ সন্মুখেদি যাবলৈ দিলে। তাতে চমূৱেলে ক’লে, “যিহোৱাই এওঁকো মনোনীত কৰা নাই।”
Jesse zawołał wtedy Abinadaba i kazał mu przejść przed Samuelem. A on powiedział: Tego też PAN nie wybrał.
9 তাৰ পাছত যিচয়ে চম্মাক আগেদি যাবলৈ দিলে; আৰু চমূৱেলে ক’লে, যিহোৱাই এওঁকো মনোনীত কৰা নাই।
Potem Jesse kazał przejść Szammie. A on powiedział: Tego też PAN nie wybrał.
10 ১০ এইদৰে যিচয়ে তেওঁৰ সাত জন পুত্ৰক চমূৱেলৰ আগেদি যাবলৈ দিলে; কিন্তু চমূৱেলে যিচয়ক ক’লে, “যিহোৱাই এওঁলোকৰ এজনকো মনোনীত কৰা নাই।”
W ten sposób Jesse kazał przejść siedmiu swoim synom przed Samuelem. I Samuel powiedział do Jessego: PAN nie wybrał tych.
11 ১১ তাৰ পাছত চমূৱেলে যিচয়ক ক’লে, “তোমাৰ সকলো পুত্ৰ ইয়াতে আছে নে?” তেওঁ উত্তৰ দি ক’লে, “সকলোতকৈ সৰুজন ইয়াত নাই কিন্তু তেওঁ মেৰ-ছাগৰ ৰখীয়া হৈ মেৰ-ছাগ চৰাই আছে।” চমূৱেলে যিচয়ক ক’লে, “মানুহ পঠিয়াই তেওঁক মাতি আনা; কাৰণ তেওঁ নহালৈকে আমি নবহোঁ।”
Potem Samuel zapytał Jessego: Czy to już wszyscy [twoi] synowie? Odpowiedział: Został jeszcze najmłodszy, który pasie owce. Wtedy Samuel powiedział do Jessego: Poślij po niego i przyprowadź go, gdyż nie usiądziemy, dopóki on tu nie przyjdzie.
12 ১২ যিচয়ে মানুহ পঠিয়াই তেওঁক মাতি অনালে। তেওঁ স্ৱাস্থ্যৱান, সুনয়ন, আৰু দেখিবলৈ সুদৰ্শন আছিল। যিহোৱাই ক’লে, “উঠা, তেওঁক অভিষেক কৰা; কাৰণ এওঁৱেই সেই জন।”
Posłał więc [po niego] i przyprowadził go. Był on rudy i miał piękne oczy oraz ładny wygląd. I PAN powiedział: Wstań, namaść go, bo to jest on.
13 ১৩ তেতিয়া চমূৱেলে তেল ভৰোৱা শিংটো ল’লে, আৰু ককায়েকসকলৰ আগত তেওঁকেই অভিষেক কৰিলে; সেই দিনাৰ পৰা যিহোৱাৰ আত্মা দায়ূদত স্থিতি হ’ল। তাৰ পাছত চমূৱেল উঠি ৰামালৈ গ’ল।
Samuel wziął więc róg z oliwą i namaścił go pośród jego braci. I od tego dnia Duch PANA zstępował na Dawida. Samuel zaś wstał i poszedł do Rama.
14 ১৪ তাৰ পাছত যিহোৱাৰ আত্মা চৌলৰ পৰা আঁতৰি গ’ল আৰু তাৰ পৰিবৰ্তে যিহোৱাৰ পৰা অহা এক অনিষ্ট কাৰক আত্মাই আহি তেওঁক ব্যাকুল কৰিবলৈ ধৰিলে।
Lecz Duch PANA opuścił Saula i zaczął go trapić zły duch od PANA.
15 ১৫ চৌলৰ দাসবোৰে তেওঁক ক’লে, “চাওক, ঈশ্বৰৰ পৰা অহা এক অনিষ্ট কাৰক আত্মাই আপোনাক ব্যাকুল কৰিছে।
Wtedy słudzy Saula powiedzieli do niego: Oto teraz trapi cię zły duch od Boga.
16 ১৬ এই হেতুকে আমাৰ প্ৰভুৱে আপোনাৰ আগত থকা দাসবোৰক এজন নিপূণ বীণা বজাওঁতা বিচাৰিবলৈ আজ্ঞা কৰক; পাছত যি সময়ত ঈশ্বৰৰ পৰা অহা সেই আত্মাই আপোনাক ধৰিব সেই সময়ত সেই মানুহে হাতেৰে বীণা বজালে আপুনি উপশম পাব।”
Niech nasz pan rozkaże swoim sługom, którzy są przed tobą, by poszukali człowieka, który umie grać na harfie. A gdy będzie na tobie ten zły duch od Boga, człowiek ten zagra swą ręką i ulży ci.
17 ১৭ তেতিয়া চৌলে তেওঁৰ দাসবোৰক আজ্ঞা কৰিলে, “ভালকৈ বীণা বজাব পৰা এজন লোক বিচাৰি যোৱা আৰু মোৰ ওচৰলৈ আনা।”
Saul odpowiedział swoim sługom: Proszę, upatrzcie mi człowieka, który umiałby dobrze grać, i przyprowadźcie [go] do mnie.
18 ১৮ দাসবোৰৰ এজনে ক’লে, “চাওক, বৈৎলেহেমীয়া যিচয়ৰ এজন পুতেকক দেখিলোঁ; তেওঁ বীণা বজোৱাত পাৰ্গত, পৰাক্ৰমী বীৰ, যুদ্ধাৰু, কথা কোৱাত বিবেচক, ৰূপৱান আৰু যিহোৱা তেওঁৰ লগত আছে।”
Jeden ze sług odpowiedział: Oto widziałem syna Jessego Betlejemity, który umie grać. Jest to dzielny wojownik, człowiek waleczny, roztropny i przystojny, a PAN jest z nim.
19 ১৯ সেয়ে চৌলে যিচয়ৰ ওচৰলৈ বার্তাবাহকক পঠিয়াই কোৱালে, “দায়ুদ নামেৰে তোমাৰ যি পুত্ৰই মেৰ-ছাগ চৰাই আছে, তেওঁক মোৰ ওচৰলৈ পঠাই দিয়া।”
Saul wysłał więc posłańców do Jessego i powiedział: Poślij do mnie swego syna Dawida, który jest przy trzodzie.
20 ২০ যিচয়ে এটা গাধৰ পিঠিত পিঠা, এক বটল দ্ৰাক্ষাৰস, আৰু এটা ছাগলী পোৱালি বোজাই দি তেওঁৰ পুত্ৰ দায়ূদৰ হাতত দিলে আৰু তেওঁক চৌলৰ ওচৰলৈ পঠাই দিলে।
Wtedy Jesse wziął osła, chleb, bukłak wina oraz jedno koźlę i posłał [to wszystko] Saulowi przez swego syna Dawida.
21 ২১ দায়ুদ চৌলৰ ওচৰলৈ আহি তেওঁৰ কামত যোগ দিলে, তেওঁ দায়ূদক অতিশয় ভাল পাবলৈ ধৰিলে; আৰু দায়ুদ তেওঁৰ অস্ত্ৰবাহক হ’ল।
I Dawid przybył do Saula, i stanął przed nim. [Ten] ukochał go bardzo i [Dawid] został jego giermkiem.
22 ২২ তাৰ পাছত চৌলে যিচয়ক কৈ পঠালে, “মই বিনয় কৰোঁ, দায়ূদক মোৰ লগত থাকিবলৈ দিয়া; কাৰণ তেওঁ মোৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হ’ল।”
Potem Saul posłał do Jessego, mówiąc: Proszę, niech Dawid stoi przede mną, bo znalazł łaskę w moich oczach.
23 ২৩ সেয়ে ঈশ্বৰৰ পৰা অহা অনিষ্ট কাৰক আত্মাই যেতিয়া চৌলক ধৰে, তেতিয়া দায়ূদে বীণা লৈ হাতেৰে বজায়; তাতে চৌল সুস্থ হয়, আৰু উপশম পায়, আৰু সেই অনিষ্ট কাৰক আত্মা তেওঁৰ পৰা আঁতৰি যায়।
A gdy [zły] duch od Boga zstępował na Saula, Dawid brał harfę i grał swą ręką [melodię]. Wtedy Saul doznawał ulgi i czuł się lepiej, a zły duch odchodził od niego.

< ১ সামুয়েল 16 >