< ১ সামুয়েল 14 >
1 ১ এদিন চৌলৰ পুত্ৰ যোনাথনে তেওঁৰ ডেকা অস্ত্ৰবাহকক ক’লে, “আহাঁ আমি পলেষ্টীয়াসকলৰ নগৰ ৰক্ষী সৈন্য দলৰ আন দিশে যাওঁ।” কিন্তু তেওঁ এই কথা পিতৃক নক’লে।
Et accidit quadam die ut diceret Jonathas filius Saul ad adolescentem armigerum suum: Veni, et transeamus ad stationem Philisthinorum, quæ est trans locum illum. Patri autem suo hoc ipsum non indicavit.
2 ২ সেই সময়ত চৌল গিবিয়াৰ বাহিৰ ভাগৰ মিগ্ৰোণত থকা এজোপা ডালিম গছৰ তলত আছিল। তেওঁৰ লগত প্ৰায় ছশ লোক আছিল,
Porro Saul morabatur in extrema parte Gabaa sub malogranato, quæ erat in Magron: et erat populus cum eo quasi sexcentorum virorum.
3 ৩ তেওঁলোকৰ সৈতে যিহোৱাৰ পুৰোহিত এলী চীলোত আছিল, তেওঁৰ পৰিনাতি পীনহচৰ নাতি ঈখাবোদৰ ককায়েক অহীটুবৰ পুত্ৰ যি অহিয়া তেওঁ এফোদ বস্ত্ৰ পিন্ধি তেওঁৰ লগত আছিল; আৰু যোনাথন যে গ’ল, সেই কথা লোকসকলে জনা নাছিল।
Et Achias filius Achitob fratris Ichabod filii Phinees, qui ortus fuerat ex Heli sacerdote Domini in Silo, portabat ephod. Sed et populus ignorabat quo isset Jonathas.
4 ৪ যিবোৰ বাটেৰে যোনাথনে পলেষ্টীয়াসকলৰ নগৰ ৰক্ষী সৈন্যদলৰ ওচৰলৈ যাব খুজিছিল, সেইবোৰ বাটৰ দুয়োকাষে ওখ শিলৰ পাহাৰ আছিল। এফালৰ শিলৰ পাহাৰটোৰ নাম বোচেচ আৰু আন ফালৰ পাহাৰটোৰ নাম চেনি।
Erant autem inter ascensus per quos nitebatur Jonathas transire ad stationem Philisthinorum, eminentes petræ ex utraque parte, et quasi in modum dentium scopuli hinc et inde prærupti: nomen uni Boses, et nomen alteri Sene:
5 ৫ তাৰ মাজৰ এটা উত্তৰফালে মিকমচৰ সন্মুখত আৰু দ্বিতীয়টো দক্ষিণফালে গেবাৰ সন্মুখত জোঙা হৈ উঠিছিল।
unus scopulus prominens ad aquilonem ex adverso Machmas, et alter ad meridiem contra Gabaa.
6 ৬ যোনাথনে তেওঁৰ ডেকা অস্ত্ৰবাহকক ক’লে, “আহা, আমি সেই অচুন্নৎ নগৰ ৰক্ষী সৈন্য দলক অতিক্ৰম কৰি যাওঁ, যিহোৱাই হয়তো আমাৰ পক্ষে কাম কৰিব; কাৰণ বহু লোকৰ পৰাই হওঁক বা কম সংখ্যক লোকৰ পৰাই হওঁক, উদ্ধাৰ কৰিবলৈ যিহোৱাক বাধা কৰোঁতা কোনো নাই।”
Dixit autem Jonathas ad adolescentem armigerum suum: Veni, transeamus ad stationem incircumcisorum horum, si forte faciat Dominus pro nobis: quia non est Domino difficile salvare, vel in multis, vel in paucis.
7 ৭ তেওঁৰ অস্ত্ৰবাহকে ক’লে, “আপুনি মনত যি ভাবিছে তাকেই কৰক; আপুনি আগুৱাই যাওক; মই আপোনাৰ লগত আছোঁ, আপুনি যি আদেশ দিয়ে মই পালন কৰিম।”
Dixitque ei armiger suus: Fac omnia quæ placent animo tuo: perge quo cupis, et ero tecum ubicumque volueris.
8 ৮ তাৰ পাছত যোনাথনে ক’লে, “আমি সেই লোক সকলৰ ফালে আগুৱাই গৈ তেওঁলোকক দেখা দিওঁ।
Et ait Jonathas: Ecce nos transimus ad viros istos. Cumque apparuerimus eis,
9 ৯ যদি তেওঁলোকে আমাক কয়, ‘আমি তোমালোকৰ ওচৰলৈ নোযোৱালৈকে অপেক্ষা কৰা, তেনেহ’লে আমি নিজ ঠাইতে থাকিম, তেওঁলোকৰ ওচৰলৈ নাযাওঁ।
si taliter locuti fuerint ad nos: Manete donec veniamus ad vos: stemus in loco nostro, nec ascendamus ad eos.
10 ১০ কিন্তু তেওঁলোকে যদি কয়, ‘আমাৰ ওচৰলৈ আহাঁ’, তেনেহ’লে আমি যাম; কাৰণ যিহোৱাই যে, তেওঁলোকক আমাৰ হাতত শোধাই দিলে; এয়ে আমালৈ চিন হ’ব।”
Si autem dixerint: Ascendite ad nos: ascendamus, quia tradidit eos Dominus in manibus nostris: hoc erit nobis signum.
11 ১১ তাৰ পাছত তেওঁলোক দুয়োজনে পলেষ্টীয়াসকলৰ সৈন্যদলৰ আগত নিজক দেখা দিওঁতে পলেষ্টীয়াসকলে ক’লে, “সৌৱা চোৱা, ইব্ৰীয়াসকল যি যি গাতত লুকাই আছিল সেইবোৰৰ এতিয়া ওলাই আহিছে।”
Apparuit igitur uterque stationi Philisthinorum: dixeruntque Philisthiim: En Hebræi egrediuntur de cavernis in quibus absconditi fuerant.
12 ১২ পাছত সেই নগৰ ৰক্ষী সৈন্যদলৰ লোকসকলে যোনাথন আৰু অস্ত্ৰবাহকক মাতি ক’লে, “আমাৰ ওচৰলৈ উঠি আহাঁ, আমি তোমালোকক কিছুমান বস্তু দেখুৱাম।” যোনাথনে তেওঁৰ অস্ত্ৰবাহকক ক’লে, “মোৰ পাছে পাছে উঠি আহাঁ, কাৰণ যিহোৱাই তেওঁলোকক ইস্ৰায়েলৰ হাতত সমৰ্পণ কৰিলে।”
Et locuti sunt viri de statione ad Jonathan et ad armigerum ejus, dixeruntque: Ascendite ad nos, et ostendemus vobis rem. Et ait Jonathas ad armigerum suum: Ascendamus: sequere me: tradidit enim Dominus eos in manus Israël.
13 ১৩ যোনাথনে হাতে-ভৰিয়ে বগাই উঠি গ’ল আৰু তেওঁৰ অস্ত্ৰবাহক তেওঁৰ পাছত গ’ল; সেই সময়ত লোকসকল যোনাথনৰ সন্মুখত মৃত্যু মুখত পৰিল আৰু তেওঁৰ অস্ত্ৰবাহকে তাৰে কিছুমানক বধ কৰিলে।
Ascendit autem Jonathas manibus et pedibus reptans, et armiger ejus post eum. Itaque alii cadebant ante Jonathan, alios armiger ejus interficiebat sequens eum.
14 ১৪ যোনাথন আৰু তেওঁৰ অস্ত্ৰবাহকে কৰা এই প্ৰথম আক্ৰমণত এক একৰ মাটিৰ প্ৰায় আধা সীৰলু দৈর্ঘ্যত প্ৰায় বিশ জন মান লোকক বধ কৰিলে।
Et facta est plaga prima qua percussit Jonathas et armiger ejus, quasi viginti virorum in media parte jugeri quam par boum in die arare consuevit.
15 ১৫ তাতে ছাউনিত, পথাৰত, আৰু লোকসকলৰ মাজত আতংক হ’ল, আনকি নগৰৰ প্ৰহৰী সৈন্যদল আৰু আক্ৰমণকাৰীসকলৰ মাজতো আতংকৰ সৃষ্টি হ’ল। তাতে ভয়ানক আতংকৰ সৃষ্টি হ’ল।
Et factum est miraculum in castris per agros: sed et omnis populus stationis eorum qui ierant ad prædandum, obstupuit, et conturbata est terra: et accidit quasi miraculum a Deo.
16 ১৬ তেতিয়া বিন্যামীনৰ গিবীয়াত থকা চৌলৰ প্ৰহৰীসকলে দেখিলে যে, লোক সমূহ ছিন্ন-ভিন্ন হৈ ইফালে-সিফালে গৈছে।
Et respexerunt speculatores Saul qui erant in Gabaa Benjamin, et ecce multitudo prostrata, et huc illucque diffugiens.
17 ১৭ তাতে চৌলে তেওঁৰ লগত থকা লোকসকলক ক’লে, “গণি চোৱা আমাৰ মাজৰ কোন হেৰাল।” যেতিয়া তেওঁলোকে গণি চালে, তেতিয়া যোনাথন আৰু তেওঁৰ অস্ত্ৰবাহকক নাপালে।
Et ait Saul populo qui erat cum eo: Requirite, et videte quis abierit ex nobis. Cumque requisissent, repertum est non adesse Jonathan et armigerum ejus.
18 ১৮ চৌলে অহিয়াক ক’লে, “ঈশ্বৰৰ কার্যৰ বাবে ব্যৱহাৰিত হোৱা এফোদ বস্ত্ৰ ইয়ালৈ আনা।” কাৰণ সেই দিনা ইস্ৰায়েলৰ সৈন্যসকলৰ সৈতে অহিয়াই এফোদ বস্ত্ৰ পিন্ধি আছিল।
Et ait Saul ad Achiam: Applica arcam Dei. (Erat enim ibi arca Dei in die illa cum filiis Israël.)
19 ১৯ যেতিয়া চৌলে পুৰোহিতৰ লগত কথা পাতি আছিল, তেতিয়া পলেষ্টীয়াসকলৰ ছাউনিত একেৰাহে উত্তেজনা বৃদ্ধি হৈ গৈছিল। তাতে চৌলে পুৰোহিতক ক’লে, “আপোনাৰ হাত গুচাওক।”
Cumque loqueretur Saul ad sacerdotem, tumultus magnus exortus est in castris Philisthinorum: crescebatque paulatim, et clarius resonabat. Et ait Saul ad sacerdotem: Contrahe manum tuam.
20 ২০ তাৰ পাছত চৌল আৰু তেওঁৰ লগত থকা লোকসকল গোট খাই ৰণলৈ গ’ল। প্ৰত্যেক জন ফিলষ্টীয়ানৰ তৰোৱাল তেওঁৰ দেশৰ লোকসকলৰ বিৰুদ্ধে উঠিল আৰু তাত অধিক ভুল বুজা-বুজি হ’ল।
Conclamavit ergo Saul, et omnis populus qui erat cum eo, et venerunt usque ad locum certaminis: et ecce versus fuerat gladius uniuscujusque ad proximum suum, et cædes magna nimis.
21 ২১ পূর্বৰে পৰা পলেষ্টীয়াসকলৰ লগত থকা ইব্ৰীয়াসকল, আৰু যি সকল তেওঁলোকৰ লগত ছাউনিলৈ গৈছিল, তেওঁলোকেও চৌল আৰু যোনাথনৰ লগত থকা ইস্ৰায়েলী লোক সকলৰ লগত যোগ দিছিল।
Sed et Hebræi qui fuerant cum Philisthiim heri et nudiustertius, ascenderantque cum eis in castris, reversi sunt ut essent cum Israël qui erant cum Saul et Jonatha.
22 ২২ যেতিয়া ইস্ৰায়েল লোকসকল ইফ্ৰয়িম পৰ্বতীয়া অঞ্চলত লুকাই আছিল, তেতিয়া তেওঁলোকে পলেষ্টীয়াসকলৰ পলোৱাৰ বাতৰি শুনাৰ পাছতো তেওঁলোকৰ পাছে পাছে যুদ্ধ ক্ষেত্ৰলৈ খেদি গ’ল।
Omnes quoque Israëlitæ qui se absconderant in monte Ephraim, audientes quod fugissent Philisthæi, sociaverunt se cum suis in prælio. Et erant cum Saul quasi decem millia virorum.
23 ২৩ সেয়ে যিহোৱাই সেইদিনাই ইস্ৰায়েলক উদ্ধাৰ কৰিলে আৰু বৈৎ-আবন অতিক্ৰম কৰি যুদ্ধ কৰি গ’ল।
Et salvavit Dominus in die illa Israël: pugna autem pervenit usque ad Bethaven.
24 ২৪ সেইদিনা ইস্ৰায়েল লোকসকল ক্লেশত পৰিলে কাৰণ চৌলে তেওঁলোকক শপত দি ক’লে, “মই শত্ৰুবোৰক প্ৰতিশোধ নোলোৱলৈকে সন্ধ্যাৰ আগেয়ে যি কোনোৱে আহাৰ কৰিব, সি অভিশপ্ত হ’ব।” এই কাৰণে কোনেও আহাৰ গ্ৰহণ নকৰিলে।
Et viri Israël sociati sunt sibi in die illa: adjuravit autem Saul populum, dicens: Maledictus vir qui comederit panem usque ad vesperam, donec ulciscar de inimicis meis. Et non manducavit universus populus panem:
25 ২৫ তাৰ পাছত সকলো লোক অৰণ্যলৈ সোমাই গ’ল আৰু তাত মাটিৰ ওপৰত মৌ আছিল।
omneque terræ vulgus venit in saltum, in quo erat mel super faciem agri.
26 ২৬ যেতিয়া তেওঁলোক অৰণ্যত সোমাই গৈছিল, তেতিয়া সেই মৌ বৈ থকা দেখিও কোনেও নাখালে কাৰণ লোকসকলে সেই শপতলৈ ভয় কৰিলে।
Ingressus est itaque populus saltum, et apparuit fluens mel, nullusque applicuit manum ad os suum: timebat enim populus juramentum.
27 ২৭ কিন্তু যোনাথনে তেওঁৰ পিতৃয়ে লোকসকলক দিয়া শপতৰ কথা শুনা নাছিল। সেই কাৰণে তেওঁ নিজৰ হাতত থকা লাখুটিৰ আগ মৌ-ছাকৰ মাজত সোমোৱাই দিলে আৰু হাতত লৈ মুখত দিলে; তাতে তেওঁৰ চকু উজ্জ্বল হ’ল।
Porro Jonathas non audierat cum adjuraret pater ejus populum: extenditque summitatem virgæ quam habebat in manu, et intinxit in favum mellis: et convertit manum suam ad os suum, et illuminati sunt oculi ejus.
28 ২৮ তেতিয়া লোকসকলৰ মাজৰ এজনে ক’লে, “আপোনাৰ পিতৃয়ে লোকসকলক শপত দি এই দৃঢ় আজ্ঞা কৰিছিল যে, যিজনে আজি আহাৰ কৰিব, সি অভিশপ্ত হব; যদিও লোকসকল ভোকত দুৰ্বল হ’য়।”
Respondensque unus de populo, ait: Jurejurando constrinxit pater tuus populum, dicens: Maledictus vir qui comederit panem hodie. (Defecerat autem populus.)
29 ২৯ তেতিয়া যোনাথনে ক’লে, “মোৰ পিতৃয়ে ৰাজ্যক সঙ্কটত পেলাইছে। চোৱা, এই অকণমান মৌ চাকি চোৱাত মোৰ চকু কেনেদৰে উজ্জ্বল হৈ গ’ল!
Dixitque Jonathas: Turbavit pater meus terram: vidistis ipsi quia illuminati sunt oculi mei, eo quod gustaverim paululum de melle isto:
30 ৩০ কিমান ভাল হ’লহেতেন! আজি যদি শত্ৰুবোৰৰ লুটদ্ৰব্যৰ পৰা পোৱা আহাৰ লোকসকলে ইচ্ছামতে ভোজন কৰিবলৈ পালেহেঁতেন? কিয়নো এতিয়াও পলেষ্টীয়াসকলৰ মাজত মহা-সংহাৰ হোৱা নাই।”
quanto magis si comedisset populus de præda inimicorum suorum, quam reperit? nonne major plaga facta fuisset in Philisthiim?
31 ৩১ সেইদিনা তেওঁলোকে মিকমচৰ পৰা অয়ালোনলৈকে পলেষ্টীয়াসকলক আক্ৰমণ কৰিলে। সেয়ে লোকসকল অতিশয় ক্লান্ত হ’ল।
Percusserunt ergo in die illa Philisthæos a Machmis usque in Ajalon. Defatigatus est autem populus nimis:
32 ৩২ তাতে লোকসকল লুভীয়া লোকৰ দৰে লুটদ্ৰব্যৰ ওচৰলৈ দৌৰি গৈ মেৰ, ছাগলী, গৰু, আৰু দামুৰি ধৰি মাটিত বধ কৰিলে আৰু তেজেৰে সৈতে মঙহ খাবলৈ ধৰিলে।
et versus ad prædam tulit oves, et boves, et vitulos, et mactaverunt in terra: comeditque populus cum sanguine.
33 ৩৩ তেতিয়া তেওঁলোকে চৌলক ক’লে, “চাওক, লোক সকলে তেজেৰে সৈতে মঙহ ভোজন কৰি যিহোৱাৰ বিৰুদ্ধে পাপ কৰিছে।” চৌলে ক’লে, “তোমালোক অবিশ্বাসীৰ দৰে কাম কৰিছা, এতিয়া, মোৰ ওচৰলৈ এটা ডাঙৰ শিল আনা”;
Nuntiaverunt autem Sauli dicentes quod populus peccasset Domino, comedens cum sanguine. Qui ait: Prævaricati estis: volvite ad me jam nunc saxum grande.
34 ৩৪ চৌলে পুনৰ ক’লে, “তোমালোকে লোকসকলৰ মাজলৈ যোৱা আৰু এইদৰে তেওঁলোকক কোৱা, ‘তোমালোক প্ৰতিজনে নিজ নিজ গৰু, মেৰ আৰু ছাগলী মোৰ ওচৰলৈ আনি ইয়াতে বধ কৰি ভোজন কৰা; কিন্তু তেজেৰে সৈতে মঙহ খাই যিহোৱাৰ বিৰুদ্ধে পাপ নকৰিবা’।” সেয়ে প্ৰত্যেকজন লোকে নিজ নিজ গৰু লগত আনি সেই ৰাতি সেই ঠাইতে বধ কৰিলে।
Et dixit Saul: Dispergimini in vulgus, et dicite eis ut adducat ad me unusquisque bovem suum et arietem, et occidite super istud, et vescimini, et non peccabitis Domino comedentes cum sanguine. Adduxit itaque omnis populus unusquisque bovem in manu sua usque ad noctem: et occiderunt ibi.
35 ৩৫ চৌলে যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্মাণ কৰিলে; যিহোৱাৰ উদ্দেশ্যে তেওঁ নিৰ্মাণ কৰা সেয়ে প্ৰথম বেদি।
Ædificavit autem Saul altare Domino, tuncque primum cœpit ædificare altare Domino.
36 ৩৬ তাৰ পাছত চৌলে ক’লে, “আহা আমি এই ৰাতি পলেষ্টীয়াসকলৰ পাছত খেদি গৈ, ৰাতিপুৱা নোহোৱালৈকে তেওঁলোকৰ বস্তু লুট কৰোঁ আৰু তেওঁলোকৰ একো অৱশিষ্ট নাৰাখোহক;” তেতিয়া তেওঁলোকে তেওঁক ক’লে, “আপোনাৰ দৃষ্টিত যি ভাল দেখে, তাকেই কৰক।” তেতিয়া পুৰোহিতে ক’লে, “আহা, আমি ইয়াতে ঈশ্বৰৰ ওচৰ চাপোঁহক।”
Et dixit Saul: Irruamus super Philisthæos nocte, et vastemus eos usque dum illucescat mane, nec relinquamus ex eis virum. Dixitque populus: Omne quod bonum videtur in oculis tuis, fac. Et ait sacerdos: Accedamus huc ad Deum.
37 ৩৭ তাৰ পাছত চৌলে ঈশ্বৰ গুৰিত সুধিলে, “মই পলেষ্টীয়াসকলৰ পাছত যামনে? তুমি সিহঁতক ইস্ৰায়েলৰ হাতত সমৰ্পণ কৰিবানে?” কিন্তু সেইদিনা যিহোৱাই উত্তৰ নিদিলে।
Et consuluit Saul Dominum: Num persequar Philisthiim? si trades eos in manus Israël? Et non respondit ei in die illa.
38 ৩৮ তেতিয়া চৌলে ক’লে, “হে লোকসকলৰ অধিপতি সকল, তোমালোক ওচৰ চাপি আহাঁ, আৰু আজিৰ এই পাপ কি দোষত হ’ল, তাৰ বুজ-বিচাৰ কৰি চোৱা।
Dixitque Saul: Applicate huc universos angulos populi: et scitote, et videte per quem acciderit peccatum hoc hodie.
39 ৩৯ কিয়নো ইস্ৰায়েলৰ উদ্ধাৰকৰ্তা যিহোৱাৰ জীৱনৰ শপত, যদি মোৰ পুত্ৰ যোনাথনৰ দোষত এয়া হৈছে, তেনেহলে সিও নিশ্চয়কৈ মৰিব।” কিন্তু লোকসকলৰ মাজত কোনেও তেওঁক উত্তৰ নিদিলে।
Vivit Dominus salvator Israël, quia si per Jonathan filium meum factum est, absque retractione morietur. Ad quod nullus contradixit ei de omni populo.
40 ৪০ পাছত তেওঁ গোটেই ইস্ৰায়েলক ক’লে, “তোমালোক এফালে থাকা, মই আৰু মোৰ পুত্ৰ যোনাথন আনফালে থাকিম।” তাতে লোকসকলে চৌলক ক’লে, “আপোনাৰ দৃ্ষ্টিত যি ভাল দেখে, তাকেই কৰক।”
Et ait ad universum Israël: Separamini vos in partem unam, et ego cum Jonatha filio meo ero in parte altera. Responditque populus ad Saul: Quod bonum videtur in oculis tuis, fac.
41 ৪১ তেতিয়া চৌলে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক ক’লে, প্ৰকৃততে কি হয়, তাক দেখুৱাই দিয়া। তাতে চিঠি খেলৰ দ্বাৰাই যোনাথন আৰু চৌলক নিৰ্ণয় কৰা হ’ল, কিন্তু লোক সমূহ এৰা পৰিল।
Et dixit Saul ad Dominum Deum Israël: Domine Deus Israël, da indicium: quid est quod non responderis servo tuo hodie? si in me, aut in Jonatha filio meo, est iniquitas hæc, da ostensionem: aut si hæc iniquitas est in populo tuo, da sanctitatem. Et deprehensus est Jonathas et Saul: populus autem exivit.
42 ৪২ তেতিয়া চৌলে ক’লে, “মোৰ আৰু মোৰ পুত্ৰ যোনাথনৰ মাজত চিঠি খেল কৰা।” তাতে যোনাথনক নিৰ্ণয় কৰা হ’ল।
Et ait Saul: Mittite sortem inter me et inter Jonathan filium meum. Et captus est Jonathas.
43 ৪৩ তেতিয়া চৌলে যোনাথনক ক’লে, “তুমি কি কৰিলা, সেই বিষয়ে মোক কোৱা;” তাতে যোনাথনে তেওঁক ক’লে, “মোৰ হাতত থকা লাখুটিৰ আগেৰে যৎকিঞ্চিৎ মৌৰস লৈ সঁচাকৈ চাকিছিলোঁ হয়; চাওঁক, মই মৰিব লগা হওঁ।”
Dixit autem Saul ad Jonathan: Indica mihi quid feceris. Et indicavit ei Jonathas, et ait: Gustans gustavi in summitate virgæ quæ erat in manu mea, paululum mellis, et ecce ego morior.
44 ৪৪ পাছত চৌলে ক’লে, “যদি তুমি নমৰা, তেনেহলে ঈশ্বৰে মোলৈকে অধিক কৰক, কাৰণ হে যোনাথন তুমি অৱশ্যে মৰিব লাগিব।”
Et ait Saul: Hæc faciat mihi Deus, et hæc addat, quia morte morieris, Jonatha.
45 ৪৫ তেতিয়া লোকসকলে চৌলক ক’লে, “যিজনে ইস্ৰায়েলৰ মাজত এনে উদ্ধাৰ কাৰ্য সাধন কৰিলে, সেই যোনাথন মৰিব লাগিব নে? এনে নহওক; যিহোৱাৰ জীৱনৰ শপত, তেওঁ মুৰৰ এডালি চুলিও মাটিত নপৰিব; কিয়নো তেওঁ আজি ঈশ্বৰেৰে সৈতে কাৰ্য কৰিলে।” এইদৰে লোকসকলে যোনাথনক ৰক্ষা কৰা বাবে তেওঁৰ মৃত্যু নহ’ল।
Dixitque populus ad Saul: Ergone Jonathas morietur, qui fecit salutem hanc magnam in Israël? hoc nefas est: vivit Dominus, si ceciderit capillus de capite ejus in terram, quia cum Deo operatus est hodie. Liberavit ergo populus Jonathan, ut non moreretur.
46 ৪৬ পাছত চৌলে পলেষ্টীয়াসকলক খেদি যোৱাৰ পৰা উভটি আহিল; আৰু ফিলিষ্টীয়া সকলো নিজ নিজ ঠাইলৈ গুচি গ’ল।
Recessitque Saul, nec persecutus est Philisthiim: porro Philisthiim abierunt in loca sua.
47 ৪৭ চৌলে ইস্ৰায়েলৰ সম্পূৰ্ণ ক্ষমতা নিজৰ হাতত ল’লে। তাৰ পাছত ইস্ৰায়েলৰ চৌদিশে যিমান শত্ৰু আছিল, সেই সকলোৰে বিৰুদ্ধে তেওঁ যুদ্ধ কৰিলে। তেওঁ মোৱাব, অম্মোনীয়া, চোবাৰ ৰজা ইদোম আৰু পলেষ্টীয়াসকলৰ সৈতে যুদ্ধ কৰিলে। তেওঁ যি দিশত গৈছিল, সেই দিশতে শত্ৰুৰ ওপৰত জয় লাভ কৰিছিল।
Et Saul, confirmato regno super Israël, pugnabat per circuitum adversum omnes inimicos ejus, contra Moab, et filios Ammon, et Edom, et reges Soba, et Philisthæos: et quocumque se verterat, superabat.
48 ৪৮ চৌল অতি সাহিয়াল আছিল। তেওঁ অমালেকীয়াসকলকো পৰাজয় কৰিছিল। আনকি যিসকল শত্ৰুৱে ইস্ৰায়েলসকলক লুট কৰিব বিচাৰিছিল, সেই শত্ৰুবোৰৰ পৰা ইস্ৰায়েলক তেওঁ ৰক্ষা কৰিছিল।
Congregatoque exercitu, percussit Amalec, et eruit Israël de manu vastatorum ejus.
49 ৪৯ চৌলৰ পুত্ৰসকলৰ নাম আছিল, যোনাথন, যিচবী, আৰু মল্কীচুৱা। তেওঁৰ দুজনী জীয়েক আছিল; ডাঙৰ জনীৰ নাম মেৰব, আৰু সৰুজনীৰ নাম মীখল।
Fuerunt autem filii Saul, Jonathas, et Jessui, et Melchisua: et nomina duarum filiarum ejus, nomen primogenitæ Merob, et nomen minoris Michol.
50 ৫০ চৌলৰ ভাৰ্য্যাৰ নাম আছিল অহীনোৱম, তেওঁ অহামাচৰ জীয়েক আছিল; আৰু তেওঁৰ সেনাপতিৰ নাম অবনেৰ, তেওঁ চৌলৰ দদায়েক নেৰৰ পুত্ৰ আছিল।
Et nomen uxoris Saul Achinoam filia Achimaas: et nomen principis militiæ ejus Abner filius Ner, patruelis Saul.
51 ৫১ চৌলৰ পিতৃৰ নাম আছিল, কীচ। আৰু অবনেৰৰ পিতৃৰ নাম নেৰ, তেওঁ অবিয়েলৰ পুত্ৰ আছিল।
Porro Cis fuit pater Saul, et Ner pater Abner, filius Abiel.
52 ৫২ চৌলৰ জীৱনৰ সকলো সময়তে পলেষ্টীয়াসকলৰ সৈতে যুদ্ধ হৈ আছিল; সেয়ে তেওঁ শক্তিশালী আৰু সাহসী বলৱান পুৰুষক দেখিলেই নিজৰ লগত ৰাখিছিল।
Erat autem bellum potens adversum Philisthæos omnibus diebus Saul. Nam quemcumque viderat Saul virum fortem, et aptum ad prælium, sociabat eum sibi.