< ১ সামুয়েল 13 >
1 ১ চৌলে ত্ৰিশ বছৰ বয়সত ৰাজ্য শাসন কৰিবলৈ আৰম্ভ কৰে, আৰু তেওঁ ইস্ৰায়েলৰ লোকসকলক দুবছৰ শাসন কৰে।
Saul tedy prvního léta kralování svého, (kraloval pak dvě létě nad Izraelem, )
2 ২ চৌলে ইস্ৰায়েলৰ মাজৰ পৰা তিনি হাজাৰ সৈন্য মনোনীত কৰিলে; তাৰে দুই হাজাৰ সৈন্য মিকমচত আৰু বৈৎএল পৰ্বতত চৌলৰ লগত থাকিল, একহাজাৰ বিন্যামীন প্ৰদেশৰ গিবিয়াত যোনাথনৰ লগত থাকিল, আৰু আনসকলো লোকক তেওঁ নিজ নিজ তম্বুলৈ পঠাই দিলে।
Vybral sobě tři tisíce z Izraele. I bylo jich s Saulem dva tisíce v Michmas a na hoře Bethel, a tisíc bylo s Jonatou v Gabaa Beniaminově; ostatek pak lidu rozpustil jednoho každého do příbytku jeho.
3 ৩ যোনাথনে গেবাত থকা ফিলিষ্টীয়াসকলৰ নগৰ ৰক্ষী সৈন্যদলক পৰাস্ত কৰিলে আৰু পলেষ্টীয়াসকলে এই সকলো কথা শুনিলে। তাৰ পাছত চৌলে দেশৰ সকলোফালে শিঙা বজাই ক’লে, “ইব্ৰীয়াসকলে শুনক।”
I pobil Jonata stráž Filistinských, kterouž měli na pahrbku, a uslyšeli to Filistinští. Tedy Saul troubil v troubu po vší zemi, řka: Ať to slyší Hebrejští.
4 ৪ এইদৰে পলেষ্টীয়াসকলৰ নগৰ ৰক্ষী সৈন্যদলক চৌলে পৰাস্ত কৰা কথা ইস্ৰায়েলৰ সকলো লোকে শুনিলে, আৰু ইস্ৰায়েল সকল ফিলিষ্টীয়া সকলৰ কাৰণে ঘৃণাৰ পাত্ৰ হ’ল, তাৰ পাছত গিলগলত চৌলক লগ ধৰিবলৈ সৈন্যসকল একগোট হ’ল।
A tak slyšel všecken Izrael, že bylo praveno: Pobil Saul stráž Filistinských, pročež také zoškliven byl Izrael mezi Filistinskými. I svolán jest lid za Saulem do Galgala.
5 ৫ এইদৰে পলেষ্টীয়াসকলে ইস্ৰায়েলৰ লগত যুদ্ধ কৰিবলৈ গোট খালে; তেওঁলোকৰ ত্ৰিশ হাজাৰ ৰথ, ছয় হাজাৰ অশ্বাৰোহী আৰু সাগৰৰ তীৰত থকা বালিৰ দৰে অসংখ্য পদাতিক সৈন্য আছিল; তেওঁলোকে আহি মিকমচত বৈৎ-আবনৰ পূবদিশে ছাউনি পাতিলে।
Filistinští pak sebrali se k boji proti Izraelovi, třidceti tisíc vozů, a šest tisíc jezdců, a lidu ve množství, jako jest písku na břehu mořském. I vytáhli a položili se v Michmas na východ Betaven.
6 ৬ যেতিয়া ইস্ৰায়েল লোকসকলে দেখিলে যে, তেওঁলোক বিপদত পৰিছে, কাৰণ লোকসকলে যাতনা পাইছিল, সেয়ে লোকসকলে গুহাত, হাবিত, শিলৰ খোৰোঙত দুৰ্গম ঠাইত আৰু গাতত নিজকে লুকুৱালে।
A protož muži Izraelští vidouce, že jim úzko, (nebo byl ssoužen lid, ) skryl se lid v jeskyních a v ohradách, a v skalách a v horách, i v jamách.
7 ৭ আৰু কিছুমান ইব্ৰীয়ালোক যৰ্দ্দন পাৰহৈ, গাদ আৰু গিলিয়দ দেশলৈ গ’ল; কিন্তু চৌল গিলগলতে থাকিল, আৰু তেওঁক অনুসৰণ কৰা লোক সকলে কঁপিবলৈ ধৰিলে।
Hebrejští také přepravili se přes Jordán do země Gád a Galád. Saul pak ještě byl v Galgala, a všecken lid zastrašil se, jda za ním.
8 ৮ চমূৱেলে নিৰূপন কৰাৰ দৰে চৌলে সাতদিন অপেক্ষা কৰিলে; কিন্তু চমূৱেল হ’লে গিলগললৈ নাহিল আৰু লোকসকল চৌলৰ পৰা ছিন্ন-ভিন্ন হৈ গ’ল।
I očekával tu za sedm dní vedlé času uloženého od Samuele; a když nepřicházel Samuel do Galgala, rozešel se lid od něho.
9 ৯ চৌলে ক’লে, “মোৰ ওচৰলৈ হোম-বলি আৰু মঙ্গলাৰ্থক বলিবোৰ আনা।” তাৰ পাছত তেওঁ হোমবলি উৎসৰ্গ কৰিলে।
Tedy řekl Saul: Přineste ke mně obět zápalnou a oběti pokojné. I obětoval oběti zápalné.
10 ১০ হোমবলি উৎসৰ্গ কৰাৰ পাছত চমূৱেল আহি পালেহি; তাতে চৌলে তেওঁক মঙ্গলবাদ কৰিবলৈ আগবাঢ়ি গ’ল।
Když pak již dokonal obětování oběti zápalné, aj, Samuel přicházel, a Saul vyšel proti němu, aby ho přivítal.
11 ১১ চমূৱেলে ক’লে, “তুমি কি কৰিলা?” চৌলে ক’লে, “মই যেতিয়া দেখিলোঁ লোকসকল মোৰ পৰা ছিন্ন-ভিন্ন হৈ গৈছে আৰু আপুনি নিৰূপিত সময়ত আহি পোৱা নাই, আনফালে পলেষ্টীয়াসকল আহি মিকমচত গোট খাই আছে;
I řekl Samuel: Co jsi učinil? Odpověděl Saul: Když jsem viděl, že se lid rozchází ode mne, a ty nepřicházíš k uloženému dni, a Filistinští byli shromážděni v Michmas:
12 ১২ তেতিয়া মই কলোঁ, পলেষ্টীয়াসকল এতিয়া মোৰ বিৰুদ্ধে গিলগললৈ নামি আহিছে, আৰু মই যিহোৱাৰ দয়া নিবিছাৰিলোঁ। সেই কাৰণে মই সাহস কৰি হোম-বলি উৎসৰ্গ কৰিলোঁ।”
I řekl jsem: Nyní připadnou Filistinští na mne v Galgala, a tváři Hospodinově nemodlil jsem se. Takž jsem se opovážil a obětoval jsem oběti zápalné.
13 ১৩ সেয়ে চমূৱেলে চৌলক ক’লে, “তুমি অজ্ঞানৰ কৰ্ম কৰিলা। তোমাৰ ঈশ্বৰ যিহোৱাই তোমাক যি আজ্ঞা দিছিল, তাক পালন নকৰিলা। কৰা হ’লে যিহোৱাই ইস্ৰায়েলৰ ওপৰত তোমাৰ ৰাজত্ব চিৰস্থায়ী কৰিলহেঁতেন।
Tedy řekl Samuel Saulovi: Bláznivě jsi učinil, nezachovals přikázaní Hospodina Boha svého, kteréž přikázal tobě; nebo nyní byl by utvrdil Hospodin království tvé nad Izraelem až na věky.
14 ১৪ কিন্তু এতিয়া তোমাৰ ৰাজত্ব স্থায়ী নহ’ব। যিহোৱাই এজন নিজৰ মনৰ মানুহ বিচাৰিব আৰু নিজৰ প্ৰজাসকলৰ ওপৰত তেওঁকেই অধিপতি নিযুক্ত কৰিব কাৰণ যিহোৱাই তোমাক যি আজ্ঞা কৰিছিল, তুমি সেয়া পালন নকৰিলা।”
Ale již nyní království tvé neostojí. Vyhledalť jest Hospodin sobě muže vedlé srdce svého, jemuž rozkázal Hospodin, aby byl vůdce nad lidem jeho; nebo jsi nezachoval, cožť přikázal Hospodin.
15 ১৫ তাৰ পাছত চমূৱেলে তাৰ পৰা উঠিল আৰু গিলগলৰ পৰা বিন্যামীনৰ গেবালৈ গ’ল। তেতিয়া চৌলে তেওঁৰ লগত থকা লোকসকলক গণনা কৰি প্ৰায় ছশ লোক পালে।
Vstav pak Samuel, vstoupil z Galgala do Gabaa Beniaminova. A Saul načetl lidu, kterýž zůstával při něm, okolo šesti set mužů.
16 ১৬ চৌল আৰু তেওঁৰ পুত্ৰ যোনাথন আৰু তেওঁৰ লগৰ লোকসকল বিন্যামীনৰ গেবাত থাকিল। কিন্তু পলেষ্টীয়াসকলে মিকমচত ছাউনি পাতিলে।
Saul tedy a Jonata syn jeho, i lid, kterýž zůstával s nimi, byli v Gabaa Beniaminově, Filistinští pak leželi v Michmas.
17 ১৭ পলেষ্টীয়াসকলৰ ছাউনিৰ পৰা হঠাতে আক্ৰমণ কৰা তিনিটা দল ওলাই আহিল। তেওঁলোকৰ এটা দল অফ্ৰাৰ বাটেদি চুৱাল প্ৰদেশৰ ফাললৈ গ’ল;
I vyšli zhoubcové z vojska Filistinského na tré rozdělení. Houf jeden obrátil se k cestě Ofra, k zemi Sual;
18 ১৮ আন এটা দল বিপৰীত মুখে বৈৎ-হোৰোণলৈ গ’ল, আৰু আনটো দল চবোয়ীম উপত্যকাৰ সীমাৰে মৰুপ্ৰান্তৰ অভিমুখ কৰা ওপৰ অঞ্চলৰ বাটেদি গ’ল।
A houf druhý obrátil se na cestu Betoron; houf pak třetí pustil se cestou krajiny, kteráž patří k údolí Seboim na poušť.
19 ১৯ সেই সময়ত গোটেই ইস্ৰায়েল দেশত কোনো কমাৰ পোৱা নগৈছিল; কাৰণ পলেষ্টীয়াসকলে কয় “কমাৰ থাকিলে ইব্ৰীয়াসকলে নিজৰ কাৰণে তৰোৱাল বা যাঠি গঢ়াই লব।”
Kováře pak žádného nenalézalo se ve vší zemi Izraelské; nebo byli řekli Filistinští: Aby sobě Hebrejští nenadělali mečů a kopí.
20 ২০ সেই কাৰণে নিজৰ নিজৰ অস্ত্ৰ, বা কুঠাৰ, বা কোৰ বা নাঙল শানেৰে ধাৰ দিবলৈ, ইস্ৰায়েল লোকসকল পলেষ্টীয়াসকলৰ ওচৰলৈ নামি যাব লগা হয়।
Protož chodívali všickni Izraelští k Filistinským, aby ostřil sobě jeden každý radlici svou, a motyku svou, sekeru svou i vidly své,
21 ২১ নাঙল আৰু চিপ্ৰাং ধাৰ কৰিবলৈ এক চেকলৰ তিনি ভাগৰ দুভাগ, আৰু কুঠাৰ ধাৰ আৰু পোন কৰিবলৈ এক চেকলৰ তিনি ভাগৰ এভাগ লাগিছিল।
Sic jinak byly štěrbiny na radlicích, motykách, vidlách třírohých a sekerách; také i o zaostření ostnu bývalo těžko.
22 ২২ সেয়ে যুদ্ধৰ সময়ত চৌল আৰু যোনাথনৰ সৈন্যসকলৰ হাতত তৰোৱাল বা যাঠী নাছিল; কেৱল চৌল আৰু তেওঁৰ পুত্ৰ যোনাথনৰ হাততহে আছিল।
I bylo, že v čas boje nenalézalo se meče ani kopí u žádného z lidu toho, kterýž byl s Saulem a s Jonatou, toliko u Saule a u Jonaty syna jeho.
23 ২৩ পলেষ্টীয়াসকল নগৰ ৰক্ষী সৈন্যসকল মিকমচলৈ ওলাই গ’ল।
Vyšla pak stráž Filistinských k cestám Michmas.