< ১ সামুয়েল 12 >
1 ১ চমূৱেলে ইস্ৰায়েলৰ লোকসকলক ক’লে, “চোৱা, তোমালোকে মোক যি যি কৈছিলা, সেই সকলো কথা মই শুনিলো, সেয়ে তোমালোকৰ কাৰণে এজন ৰজা পাতি দিলোঁ।
Samuel then said vnto all Israel, Behold, I haue hearkened vnto your voyce in all that yee sayde vnto mee, and haue appoynted a King ouer you.
2 ২ এতিয়া ৰজাই তোমালোকৰ আগত অহা-যোৱা কৰি আছে; কাৰণ মই পকা চুলিয়া বৃদ্ধ হ’লো; আৰু মোৰ সন্তান সকল তোমালোকৰ লগত আছে। যুৱক অৱস্থাৰ পৰা এতিয়ালৈকে মই তোমালোকৰ আগত অহা-যোৱা কৰি আছিলোঁ।
Now therefore behold, your King walketh before you, and I am old and graie headed, and beholde, my sonnes are with you: and I haue walked before you from my childehood vnto this day.
3 ৩ মই ইয়াতে আছোঁ; যিহোৱা আৰু অভিষিক্ত জনাৰ সন্মুখত মোৰ বিৰুদ্ধে সাক্ষ্য দিছা। কাৰ ষাঁড়-গৰু মই ল’লো? কাৰ গাধ মই ল’লো? কাক মই প্ৰবঞ্চনা কৰিলোঁ? কাক মই উপদ্ৰৱ কৰিলোঁ? মোৰ নিজৰ চকু অন্ধ কৰিবলৈ কাৰ হাতৰ পৰা ভেটী ল’লো? তোমালোকে যিহোৱাৰ সাক্ষাতে আৰু তেওঁৰ অভিষিক্ত জনৰ আগত মোৰ বিৰুদ্ধে সাক্ষ্য দি কোৱা, মই তোমালোকক তাক ওভোটাই দিম।”
Beholde, here I am: beare recorde of me before the Lord and before his Anointed. Whose oxe haue I taken? or whose asse haue I taken? or whome haue I done wrong to? or whome haue I hurt? or of whose hande haue I receiued any bribe, to blinde mine eyes therewith, and I will restore it you?
4 ৪ তেওঁলোকে ক’লে, আপুনি আমাক প্ৰবঞ্চনা, উপদ্ৰৱ বা আমাৰ হাতৰ পৰা একো বস্তু লোৱা নাই।’
Then they sayde, Thou hast done vs no wrong, nor hast hurt vs, neither hast thou taken ought of any mans hand.
5 ৫ তেওঁ তেওঁলোকক ক’লে, “যিহোৱা তোমালোকৰ বিৰুদ্ধে সাক্ষী আছে, আৰু তেওঁৰ অভিষিক্ত জনো সাক্ষী হৈ আছে, যে, তোমালোকে মোৰ হাতত একো বস্তু পোৱা নাই।” তেওঁলোকে উত্তৰ দি ক’লে, “যিহোৱা সাক্ষী হৈ আছে।”
And he saide vnto them, The Lord is witnesse against you, and his Anointed is witnesse this day, that yee haue founde nought in mine handes. And they answered, He is witnesse.
6 ৬ চমূৱেলে লোকসকলক ক’লে, যিহোৱাই মোচি আৰু হাৰোণক নিযুক্ত কৰিছিল, আৰু তোমালোকৰ পূৰ্বপুৰুষসকলক মিচৰ দেশৰ পৰা উলিয়াই আনিলে।
Then Samuel sayde vnto the people, It is the Lord that made Moses and Aaron, and that brought your fathers out of the land of Egypt.
7 ৭ তোমালোকে এতিয়া প্ৰস্তুত হোৱা; তোমালোকলৈ আৰু তোমালোকৰ পূৰ্বপুৰুষসকললৈ যিহোৱাই যি উপযুক্ত কাৰ্য কৰিলে, তাৰ বিষয়ে যিহোৱাৰ সন্মুখত মই তোমালোকৰ লগত কথা পাতিম।
Nowe therefore stand still, that I may reason with you before the Lord according to all the righteousnesse of the Lord, which he shewed to you and to your fathers.
8 ৮ যাকোব মিচৰলৈ অহাৰ পাছত, যেতিয়া তোমালোকৰ পূৰ্ব-পুৰুষসকলে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, তেতিয়া যিহোৱাই মোচি আৰু হাৰোণক পঠালে; তেওঁলোকে মিচৰৰ পৰা তোমালোকৰ পূৰ্বপুৰুষসকলক উলিয়াই আনিলে আৰু এই ঠাইতে তেওঁলোকক নিবাস কৰিবলৈ দিলে।
After that Iaakob was come into Egypt, and your fathers cried vnto the Lord, then the Lord sent Moses and Aaron which brought your fathers out of Egypt, and made them dwell in this place.
9 ৯ কিন্তু তেওঁলোকে তেওঁলোকৰ ঈশ্বৰ যিহোৱাক পাহৰিলে; তাতে তেওঁ হাচোৰৰ সেনাপতি চীচৰাৰ, পলেষ্টীয়াসকলৰ আৰু মোৱাবৰ ৰজাৰ হাতত তেওঁলোকক বেচিলে; আৰু সিহঁতে তেওঁলোকৰ লগত যুদ্ধ কৰিলে।
And when they forgate the Lord their God, he solde them into the hand of Sisera captaine of the hoste of Hazor, and into the hand of the Philistims, and into the hande of the king of Moab, and they fought against them.
10 ১০ তাৰ পাছত তেওঁলোকে যিহোৱাৰ ওচৰত কাতৰোক্তি কৰি ক’লে, ‘আমি পাপ কৰিলোঁ; কাৰণ আমি যিহোৱাক ত্যাগ কৰি বাল দেৱতাবোৰক আৰু অষ্টাৰেৎ দেৱীবোৰক পূজা কৰিলোঁ। কিন্তু এতিয়া আপুনি আমাক শত্ৰুৰ হাতৰ পৰা উদ্ধাৰ কৰক; আৰু আমি আপোনাৰ আৰাধনা কৰিম।’
And they cried vnto the Lord, and saide, We haue sinned, because we haue forsaken the Lord, and haue serued Baalim and Ashtaroth. Nowe therefore deliuer vs out of the handes of our enemies, and we will serue thee.
11 ১১ তাৰ পাছত যিহোৱাই যিৰুব্বাল, বাৰাক, যিপ্তহ আৰু চমূৱেলক পঠাই তোমালোকৰ চাৰিওফালে থকা শত্ৰুবোৰৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিলে; তাতে তোমালোকে নিৰাপদে বসতি কৰিলা।
Therefore the Lord sent Ierubbaal and Bedan and Iphtaph, and Samuel, and deliuered you out of the handes of your enemies on euery side, and yee dwelled safe.
12 ১২ অম্মোনৰ সন্তান সকলৰ ৰজা নাহচ যেতিয়া তোমালোকৰ অহিতে ওলাই অহা দেখিলা, তেতিয়া তোমালোকে মোক ক’লা, ‘নহয় যদিও তোমালোকৰ ঈশ্ৱৰ যিহোৱা তোমালোকৰ ৰজা আছিল, তথাপিও তোমালোকে ৰাজত্ৱ কৰিবলৈ এজন ৰজা বিচাৰিলা’।
Notwithstanding when you sawe, that Nahash the King of the children of Ammon came against you, ye sayde vnto me, No, but a King shall reigne ouer vs: when yet the Lord your God was your King.
13 ১৩ তোমালোকে মনোনীত কৰা আৰু তোমালোকে বিচাৰা ৰজা এইজন; যিহোৱাই তোমালোকৰ কাৰণে ৰজা নিযুক্ত কৰি দিলে।
Nowe therefore beholde the King whome yee haue chosen, and whome yee haue desired: loe therefore, the Lord hath set a King ouer you.
14 ১৪ তোমালোকে যদি যিহোৱালৈ ভয় ৰাখি তেওঁৰ আৰাধনা কৰা, তেওঁৰ বাক্য পালন কৰা, যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ নকৰা, তেনেহলে তোমালোক তথা তোমালোকৰ ওপৰত ৰাজত্ব কৰা ৰজা উভয়ে ঈশ্বৰ যিহোৱাৰ অনুগামী হ’বা।
If ye wil feare the Lord and serue him, and heare his voyce, and not disobey the worde of the Lord, both yee, and the King that reigneth ouer you, shall follow the Lord your God.
15 ১৫ কিন্তু যদি তোমালোকে যিহোৱাৰ বাক্য পালন নকৰা, যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ কৰা, তেন্তে, যিহোৱাৰ হাত যেনেকৈ তোমালোকৰ ওপৰ পিতৃসকলৰ বিৰুদ্ধে আছিল তেনেকৈ তোমালোকৰো বিৰুদ্ধে হ’ব।
But if yee will not obey the voyce of the Lord, but disobey the Lordes mouth, then shall the hand of the Lord be vpon you, and on your fathers.
16 ১৬ সেয়ে তোমালোকে যিহোৱাৰ ওচৰত নিজকে সমর্পণ কৰা আৰু তোমালোকৰ চকুৰ সন্মুখত কৰা যিহোৱাৰ মহৎ কৰ্মবোৰ চোৱা।
Nowe also stande and see this great thing which the Lord will doe before your eyes.
17 ১৭ আজি জানো ঘেঁহু ধান দোৱা সময় নহয়? যিহোৱাই যেন মেঘ-গৰ্জ্জনেৰে বৃষ্টি বৰষাই, ইয়াৰ বাবে মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিম। ‘তোমালোকে তোমালোকৰ বাবে এজন ৰজা খোজা, যিহোৱাৰ দৃষ্টিত কিমান ডাঙৰ অপৰাধ আছিল, সেই বিষয়ে তোমালোকে বুজিবা আৰু দেখিবলৈ পাবা’।
Is it not nowe wheat haruest? I wil call vnto the Lord, and he shall send thunder and raine, that yee may perceiue and see, howe that your wickednesse is great, which ye haue done in the sight of the Lord in asking you a King.
18 ১৮ তাৰ পাছত চমূৱেলে যিহোৱাৰ ওচৰত নিবেদন কৰিলে, আৰু সেই দিনাই যিহোৱাই মেঘ-গৰ্জ্জনেৰে বৃষ্টি বৰষালে। এই সকলো দেখি, লোক সকলে যিহোৱালৈ আৰু চমূৱেললৈ অতিশয় ভয় কৰিলে।
Then Samuel called vnto the Lord, and the Lord sent thunder and raine the same day: and all the people feared the Lord and Samuel exceedingly.
19 ১৯ তাৰ পাছত সকলো লোকে চমূৱেলক ক’লে, “আপোনাৰ ঈশ্ৱৰ যিহোৱাৰ আগত আপোনাৰ দাস সকলৰ কাৰণে প্ৰার্থনা কৰক; যাতে আমাৰ মৃত্যু নহয়। কাৰণ আমি আমাৰ বাবে এজন ৰজা বিচাৰি অধিক পাপ কৰিলোঁ।”
And all the people said vnto Samuel, Pray for thy seruaunts vnto the Lord thy God, that we die not: for we haue sinned in asking vs a King, beside all our other sinnes.
20 ২০ চমূৱেলে উত্তৰ দি ক’লে, ভয় নকৰিবা; তোমালোকে এই সকলো দুষ্কৰ্ম কৰিছা হয়, কিন্তু তোমালোকে যিহোৱাৰ পথ ত্যাগ নকৰিবা আৰু তোমালোকে সকলো হৃদয়েৰে যিহোৱাৰ আৰাধনা কৰিবা।
And Samuel said vnto the people, Feare not. (ye haue indeede done all this wickednesse, yet depart not from following the Lord, but serue the Lord with all your heart,
21 ২১ কোনো অসাৰ বস্তুৰ পাছত তোমালোক নাযাবা; সেয়া তোমালোকৰ কাৰণে লাভ জনক নহয় বা তোমালোকক ৰক্ষা নকৰে, কাৰণ এই সকলো অসাৰ।
Neither turne yee backe: for that shoulde be after vaine things which cannot profite you, nor deliuer you, for they are but vanitie)
22 ২২ যিহোৱাই নিজৰ মহান নামৰ উদ্দেশ্যে নিজৰ প্ৰজাসকলক ত্যাগ নকৰে; কাৰণ তেওঁলোকক নিজৰ প্ৰজা কৰিবলৈ যিহোৱা সন্তোষ হয়।
For the Lord will not forsake his people for his great Names sake: because it hath pleased the Lord to make you his people.
23 ২৩ মই তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ এৰি দিয়াৰ দ্বাৰাই যিহোৱাৰ বিৰুদ্ধে পাপ কৰিম, এনে নহওঁক, ইয়াৰ পৰিবৰ্তে, মই তোমালোকক উত্তম আৰু সৰল পথ শিকাম।
Moreouer God forbid, that I should sinne against the Lord, and cease praying for you, but I will shewe you the good and right way.
24 ২৪ তোমালোকে কেৱল যিহোৱালৈ ভয় ৰাখা আৰু সত্যতাৰে সকলো হৃদয়েৰে তেওঁৰ আৰাধনা কৰা; আৰু তেওঁ তোমালোকৰ অৰ্থে কৰা মহৎ কর্মৰ কথা বিবেচনা কৰা।
Therefore feare you the Lord, and serue him in the trueth with all your hearts, and consider howe great things he hath done for you.
25 ২৫ কিন্তু তোমালোকে যদি বেয়া আচৰণ কৰা, তেন্তে তোমালোক আৰু তোমালোকৰ ৰজা উভয়ে বিনষ্ট হ’বা।
But if ye doe wickedly, ye shall perish, both yee, and your King.