< ১ সামুয়েল 11 >

1 অম্মোনীয়া নাহচে উঠি আহি যাবেচ-গিলিয়দৰ বিৰুদ্ধে ছাউনি পাতিলে। যাবেচৰ আটাই লোকে নাহচক ক’লে, “আপুনি আমাৰ সৈতে এটা চুক্তি কৰক; তেতিয়াহে আমি আপোনাৰ অধীনত থাকিম।”
Nahaṣi ará Ammoni gòkè lọ, ó sì dó ti Jabesi Gileadi, gbogbo ọkùnrin Jabesi sì wí fún Nahaṣi pé, “Bá wa dá májẹ̀mú, àwa yóò sì máa sìn ọ́.”
2 কিন্তু অম্মোনীয়া নাহচে তেওঁলোকক ক’লে, “মই এইদৰে তোমালোকৰ লগত চুক্তি কৰিম, তোমালোক সকলোৰে সোঁ চকু কঢ়া যাব আৰু তাৰ দ্বাৰাই মই গোটেই ইস্ৰায়েলক অপমান কৰিম।”
Ṣùgbọ́n Nahaṣi ará Ammoni sì wí fún un pé, “Nípa èyí ni èmi yóò fi bá a yín ṣe ìpinnu, nípa yíyọ gbogbo ojú ọ̀tún yín kúrò, èmi yóò ṣì fi yín ṣe ẹlẹ́yà lójú gbogbo Israẹli.”
3 তেতিয়া যাবেচৰ বৃদ্ধ লোকসকলে তেওঁক ক’লে, “আমি ইস্ৰায়েল দেশৰ সকলো ফালে যেন দূত পঠাব পাৰোঁ এই কাৰণে আপুনি সাত দিন আমাক অকলে এৰি দিয়ক। কোনোৱে যদি আমাক উদ্ধাৰ নকৰে, তেন্তে আমি আপোনাৰ ওচৰত নিজকে সমৰ্পণ কৰিম।”
Àwọn àgbàgbà Jabesi sì wí fún un pé, “Fún wa ní ọjọ́ méje kí àwa lè rán oníṣẹ́ sí gbogbo Israẹli; àti agbègbè bí ẹni kankan kò bá sì jáde láti gbà wá, àwa yóò fi ara wa fún ọ.”
4 বাৰ্তাবহকসকল চৌলৰ নগৰ গিবিয়ালৈ আহিল। তাতে লোকসকলৰ পৰা যিবোৰ কথা শুনি আহিছিল সেই কথাবোৰ লোকসকলক ক’লে; তেতিয়া লোকসকলে উচ্চস্বৰে কান্দিবলৈ ধৰিলে।
Nígbà tí àwọn ìránṣẹ́ náà sì wá sí Gibeah tí ó jẹ́ ìlú Saulu, wọ́n sọ ọ̀rọ̀ wọ̀nyí fún àwọn ènìyàn, gbogbo wọn gbé ohùn wọn sókè, wọ́n sì sọkún.
5 সেই সময়ত চৌলে পথাৰৰ পৰা বলধ গৰুবোৰৰ পাছে পাছে আহি আছিল; তাতে তেওঁ লোকসকলক সুধিলে, “লোকসকলৰ কি হৈছে, তেওঁলোকে যে কান্দিছে?” তেতিয়া লোকসকলে যাবেচৰ লোকে কোৱা কথাবোৰ চৌলক ক’লে।
Nígbà náà gan an ni Saulu padà wá láti pápá, pẹ̀lú màlúù rẹ̀, ó sì béèrè pé, “Kín ni ohun tí ó ṣẹlẹ̀ sí àwọn ènìyàn? Èéṣe tí wọ́n fi ń sọkún?” Nígbà náà ni wọ́n tún sọ fún wọn ọ̀rọ̀ àwọn ọkùnrin Jabesi.
6 সেই বাতৰি শুনাৰ লগে লগে ঈশ্বৰৰ আত্মাই চৌলত স্থিতি ল’লে আৰু তেওঁৰ অতিৰিক্ত খং উঠিল।
Nígbà tí Saulu sì gbọ́ ọ̀rọ̀ wọn, Ẹ̀mí Ọlọ́run sì bà lé e pẹ̀lú agbára, inú rẹ̀ sì ru sókè.
7 তেওঁ বলধ গৰুৰ পৰা যুৱঁলী ডাল আতৰালে আৰু ডোখৰ ডোখৰ কৰি কাটি বাৰ্তাবাহকৰ দ্বাৰাই ইস্ৰায়েল দেশৰ চাৰিওফালে পঠিয়াই দিলে। তেওঁ ক’লে, “যিসকলে চৌল আৰু চমূৱেলৰ পাছত ওলাই নাহে, তেওঁলোকৰ বলধ গৰুবোৰলৈকো এইদৰে কৰা হ’ব।” তাতে যিহোৱাৰ ভয়ত লোক সকল এজন মানুহৰ দৰে একেলগে বাহিৰলৈ ওলাই আহিল।
Ó sì mú màlúù méjì, ó gé wọn sí wẹ́wẹ́, ó sì rán ẹyẹẹyọ sí gbogbo Israẹli nípa ọwọ́ àwọn ìránṣẹ́ náà, ó ní i ẹ kéde pé, “Èyí ni a ó ṣe sí màlúù ẹnikẹ́ni tí kò bá tọ Saulu àti Samuẹli lẹ́yìn.” Nígbà náà ni ìbẹ̀rù Olúwa sì mú àwọn ènìyàn, wọ́n sì jáde bí ènìyàn kan ṣoṣo.
8 যেতিয়া তেওঁ বেজকত লোক সকলৰ গণনা কৰিলে তেতিয়া ইস্ৰায়েলৰ সন্তান সকলৰ তিনি লাখ আৰু যিহূদাৰ ত্ৰিশ হাজাৰ লোক পোৱা গ’ল।
Nígbà tí Saulu sì kó wọn jọ ní Beseki, àwọn ọkùnrin Israẹli tí a kà jẹ́ ọ̀kẹ́ mẹ́ẹ̀ẹ́dógún, àwọn ọkùnrin Juda sì jẹ́ ẹgbàá mẹ́ẹ̀ẹ́dógún.
9 তালৈ অহা বার্তাবাহকক তেওঁলোকে ক’লে, “তোমালোকে গৈ যাবেচ-গিলিয়দৰ লোকসকলক এই কথা ক’বা, ‘কাইলৈ সূর্যৰ প্ৰখৰ ৰ’দ হোৱাৰ সময়ত তোমালোকক উদ্ধাৰ কৰা হ’ব’।” পাছত বার্তাবহকে যাবেচৰ লোকসকলক সেই কথা কোৱাত, তেওঁলোক আনন্দিত হ’ল।
Wọ́n sì sọ fún àwọn ìránṣẹ́ tí ó wá pé, “Sọ fún àwọn ọkùnrin Jabesi Gileadi pé, ní àkókò tí oòrùn bá mú lọ́la, àwa yóò gbà yín sílẹ̀.” Nígbà tí àwọn ìránṣẹ́ náà lọ tí wọ́n sì sọ èyí fún àwọn ọkùnrin Jabesi, inú wọn sì dùn.
10 ১০ তাৰ পাছত যাবেচৰ লোকে নাহচক ক’লে, “কাইলৈ আমি তোমালোকৰ ওচৰত সমর্পণ কৰিম, তাতে তোমালোকৰ দৃষ্টিত যি ভাল তাকে আমালৈ কৰিবা।”
Wọ́n sọ fún àwọn ará Jabesi pé, “Àwa yóò fi ara wa fún un yín ní ọ̀la, kí ẹ̀yin kí ó ṣe gbogbo èyí tí ó tọ́ lójú yín sí wa.”
11 ১১ পাছদিনা চৌলে তেওঁৰ লোকসকলক তিনিটা দলত বিভক্ত কৰিলে। ৰাতিপুৱা তেওঁলোক ছাউনিৰ মাজলৈ আহি, প্রখৰ ৰ’দ নোহোৱালৈকে অম্মোনীয়াসকলক আক্রমণ কৰি পৰাস্ত কৰিলে। যি সকল জীয়াই থাকিল, লোকসকল এইদৰে ছিন্ন ভিন্ন হৈ গ’ল যে, তেওঁলোক কোনো দুজন একেলগে নাথাকিল।
Ní ọjọ́ kejì Saulu pín àwọn ọkùnrin rẹ̀ sí ipa mẹ́ta, wọ́n sì ya wọ àgọ́ àwọn ará Ammoni ní ìṣọ́ òwúrọ̀, wọ́n sì pa wọ́n títí di ìmóoru ọjọ́. Àwọn tókù wọ́n sì fọ́nká, tó bẹ́ẹ̀ tí méjì wọn kò kù sí ibìkan.
12 ১২ সেয়ে লোকসকলে চমূৱেলক ক’লে, “চৌল আমাৰ ওপৰত ৰজা হ’বনে বুলি কোৱা লোকসকল কোন?’ সেই মানুহসকলক আনা, “আমি তেওঁলোকক প্ৰাণদণ্ড দিওঁ।”
Àwọn ènìyàn sọ fún Samuẹli pé, “Ta ni ó béèrè wí pé, Saulu yóò ha jẹ ọba lórí wa? Mú àwọn ọkùnrin náà wá, a ó sì pa wọ́n.”
13 ১৩ কিন্তু চৌলে ক’লে, “আজি কাৰোঁ প্ৰাণদণ্ড নহ’ব কিয়নো আজি যিহোৱাই ইস্ৰায়েলক উদ্ধাৰ কৰিলে।”
Ṣùgbọ́n Saulu wí pé, “A kì yóò pa ẹnikẹ́ni lónìí, nítorí lónìí yìí ni Olúwa ṣiṣẹ́ ìgbàlà ní Israẹli.”
14 ১৪ তাৰ পাছত চমূৱেলে লোকসকলক ক’লে, “আহা, আমি গিলগললৈ গৈ সেই ঠাইত পুনৰ ৰাজত্ৱ কৰোঁহক।”
Nígbà náà ni Samuẹli wí fún àwọn ènìyàn pé, “Ẹ wá, ẹ jẹ́ kí a lọ sí Gilgali, kí a lè fi ẹsẹ̀ Saulu múlẹ̀ bí ọba.”
15 ১৫ তাতে সকলো লোক গিলগললৈ গৈ সেই গিলগলতে যিহোৱাৰ সাক্ষাতে চৌলক ৰজা পাতিলে; আৰু যিহোৱাৰ উদ্দেশ্যে মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে; সেই ঠাইতে চৌল আৰু ইস্ৰায়েলৰ সকলো লোক আনন্দত উল্লাসিত হ’ল।
Nítorí náà gbogbo ènìyàn lọ sí Gilgali, wọn sí fi Saulu jẹ ọba ní iwájú Olúwa. Níbẹ̀, ni wọn ti rú ẹbọ ìrẹ́pọ̀ ní iwájú Olúwa, Saulu àti gbogbo Israẹli ṣe àjọyọ̀ ńlá.

< ১ সামুয়েল 11 >