< ১ সামুয়েল 11 >
1 ১ অম্মোনীয়া নাহচে উঠি আহি যাবেচ-গিলিয়দৰ বিৰুদ্ধে ছাউনি পাতিলে। যাবেচৰ আটাই লোকে নাহচক ক’লে, “আপুনি আমাৰ সৈতে এটা চুক্তি কৰক; তেতিয়াহে আমি আপোনাৰ অধীনত থাকিম।”
१तब अम्मोनी नाहाश ने चढ़ाई करके गिलाद के याबेश के विरुद्ध छावनी डाली; और याबेश के सब पुरुषों ने नाहाश से कहा, “हम से वाचा बाँध, और हम तेरी अधीनता मान लेंगे।”
2 ২ কিন্তু অম্মোনীয়া নাহচে তেওঁলোকক ক’লে, “মই এইদৰে তোমালোকৰ লগত চুক্তি কৰিম, তোমালোক সকলোৰে সোঁ চকু কঢ়া যাব আৰু তাৰ দ্বাৰাই মই গোটেই ইস্ৰায়েলক অপমান কৰিম।”
२अम्मोनी नाहाश ने उनसे कहा, “मैं तुम से वाचा इस शर्त पर बाँधूँगा, कि मैं तुम सभी की दाहिनी आँखें फोड़कर इसे सारे इस्राएल की नामधराई का कारण कर दूँ।”
3 ৩ তেতিয়া যাবেচৰ বৃদ্ধ লোকসকলে তেওঁক ক’লে, “আমি ইস্ৰায়েল দেশৰ সকলো ফালে যেন দূত পঠাব পাৰোঁ এই কাৰণে আপুনি সাত দিন আমাক অকলে এৰি দিয়ক। কোনোৱে যদি আমাক উদ্ধাৰ নকৰে, তেন্তে আমি আপোনাৰ ওচৰত নিজকে সমৰ্পণ কৰিম।”
३याबेश के वृद्ध लोगों ने उससे कहा, “हमें सात दिन का अवसर दे तब तक हम इस्राएल के सारे देश में दूत भेजेंगे। और यदि हमको कोई बचानेवाला न मिलेगा, तो हम तेरे ही पास निकल आएँगे।”
4 ৪ বাৰ্তাবহকসকল চৌলৰ নগৰ গিবিয়ালৈ আহিল। তাতে লোকসকলৰ পৰা যিবোৰ কথা শুনি আহিছিল সেই কথাবোৰ লোকসকলক ক’লে; তেতিয়া লোকসকলে উচ্চস্বৰে কান্দিবলৈ ধৰিলে।
४दूतों ने शाऊलवाले गिबा में आकर लोगों को यह सन्देश सुनाया, और सब लोग चिल्ला चिल्लाकर रोने लगे।
5 ৫ সেই সময়ত চৌলে পথাৰৰ পৰা বলধ গৰুবোৰৰ পাছে পাছে আহি আছিল; তাতে তেওঁ লোকসকলক সুধিলে, “লোকসকলৰ কি হৈছে, তেওঁলোকে যে কান্দিছে?” তেতিয়া লোকসকলে যাবেচৰ লোকে কোৱা কথাবোৰ চৌলক ক’লে।
५शाऊल बैलों के पीछे-पीछे मैदान से चला आता था; और शाऊल ने पूछा, “लोगों को क्या हुआ कि वे रोते हैं?” उन्होंने याबेश के लोगों का सन्देश उसे सुनाया।
6 ৬ সেই বাতৰি শুনাৰ লগে লগে ঈশ্বৰৰ আত্মাই চৌলত স্থিতি ল’লে আৰু তেওঁৰ অতিৰিক্ত খং উঠিল।
६यह सन्देश सुनते ही शाऊल पर परमेश्वर का आत्मा बल से उतरा, और उसका कोप बहुत भड़क उठा।
7 ৭ তেওঁ বলধ গৰুৰ পৰা যুৱঁলী ডাল আতৰালে আৰু ডোখৰ ডোখৰ কৰি কাটি বাৰ্তাবাহকৰ দ্বাৰাই ইস্ৰায়েল দেশৰ চাৰিওফালে পঠিয়াই দিলে। তেওঁ ক’লে, “যিসকলে চৌল আৰু চমূৱেলৰ পাছত ওলাই নাহে, তেওঁলোকৰ বলধ গৰুবোৰলৈকো এইদৰে কৰা হ’ব।” তাতে যিহোৱাৰ ভয়ত লোক সকল এজন মানুহৰ দৰে একেলগে বাহিৰলৈ ওলাই আহিল।
७और उसने एक जोड़ी बैल लेकर उसके टुकड़े-टुकड़े काटे, और यह कहकर दूतों के हाथ से इस्राएल के सारे देश में कहला भेजा, “जो कोई आकर शाऊल और शमूएल के पीछे न हो लेगा उसके बैलों से ऐसा ही किया जाएगा।” तब यहोवा का भय लोगों में ऐसा समाया कि वे एक मन होकर निकल आए।
8 ৮ যেতিয়া তেওঁ বেজকত লোক সকলৰ গণনা কৰিলে তেতিয়া ইস্ৰায়েলৰ সন্তান সকলৰ তিনি লাখ আৰু যিহূদাৰ ত্ৰিশ হাজাৰ লোক পোৱা গ’ল।
८तब उसने उन्हें बेजेक में गिन लिया, और इस्राएलियों के तीन लाख, और यहूदियों के तीस हजार ठहरे।
9 ৯ তালৈ অহা বার্তাবাহকক তেওঁলোকে ক’লে, “তোমালোকে গৈ যাবেচ-গিলিয়দৰ লোকসকলক এই কথা ক’বা, ‘কাইলৈ সূর্যৰ প্ৰখৰ ৰ’দ হোৱাৰ সময়ত তোমালোকক উদ্ধাৰ কৰা হ’ব’।” পাছত বার্তাবহকে যাবেচৰ লোকসকলক সেই কথা কোৱাত, তেওঁলোক আনন্দিত হ’ল।
९और उन्होंने उन दूतों से जो आए थे कहा, “तुम गिलाद में के याबेश के लोगों से यह कहो, कल धूप तेज होने की घड़ी तक तुम छुटकारा पाओगे।” तब दूतों ने जाकर याबेश के लोगों को सन्देश दिया, और वे आनन्दित हुए।
10 ১০ তাৰ পাছত যাবেচৰ লোকে নাহচক ক’লে, “কাইলৈ আমি তোমালোকৰ ওচৰত সমর্পণ কৰিম, তাতে তোমালোকৰ দৃষ্টিত যি ভাল তাকে আমালৈ কৰিবা।”
१०तब याबेश के लोगों ने नाहाश से कहा, “कल हम तुम्हारे पास निकल आएँगे, और जो कुछ तुम को अच्छा लगे वही हम से करना।”
11 ১১ পাছদিনা চৌলে তেওঁৰ লোকসকলক তিনিটা দলত বিভক্ত কৰিলে। ৰাতিপুৱা তেওঁলোক ছাউনিৰ মাজলৈ আহি, প্রখৰ ৰ’দ নোহোৱালৈকে অম্মোনীয়াসকলক আক্রমণ কৰি পৰাস্ত কৰিলে। যি সকল জীয়াই থাকিল, লোকসকল এইদৰে ছিন্ন ভিন্ন হৈ গ’ল যে, তেওঁলোক কোনো দুজন একেলগে নাথাকিল।
११दूसरे दिन शाऊल ने लोगों के तीन दल किए; और उन्होंने रात के अन्तिम पहर में छावनी के बीच में आकर अम्मोनियों को मारा; और धूप के कड़े होने के समय तक ऐसे मारते रहे कि जो बच निकले वे यहाँ तक तितर-बितर हुए कि दो जन भी एक संग कहीं न रहे।
12 ১২ সেয়ে লোকসকলে চমূৱেলক ক’লে, “চৌল আমাৰ ওপৰত ৰজা হ’বনে বুলি কোৱা লোকসকল কোন?’ সেই মানুহসকলক আনা, “আমি তেওঁলোকক প্ৰাণদণ্ড দিওঁ।”
१२तब लोग शमूएल से कहने लगे, “जिन मनुष्यों ने कहा था, ‘क्या शाऊल हम पर राज्य करेगा?’ उनको लाओ कि हम उन्हें मार डालें।”
13 ১৩ কিন্তু চৌলে ক’লে, “আজি কাৰোঁ প্ৰাণদণ্ড নহ’ব কিয়নো আজি যিহোৱাই ইস্ৰায়েলক উদ্ধাৰ কৰিলে।”
१३शाऊल ने कहा, “आज के दिन कोई मार डाला न जाएगा; क्योंकि आज यहोवा ने इस्राएलियों को छुटकारा दिया है।”
14 ১৪ তাৰ পাছত চমূৱেলে লোকসকলক ক’লে, “আহা, আমি গিলগললৈ গৈ সেই ঠাইত পুনৰ ৰাজত্ৱ কৰোঁহক।”
१४तब शमूएल ने इस्राएलियों से कहा, “आओ, हम गिलगाल को चलें, और वहाँ राज्य को नये सिरे से स्थापित करें।”
15 ১৫ তাতে সকলো লোক গিলগললৈ গৈ সেই গিলগলতে যিহোৱাৰ সাক্ষাতে চৌলক ৰজা পাতিলে; আৰু যিহোৱাৰ উদ্দেশ্যে মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে; সেই ঠাইতে চৌল আৰু ইস্ৰায়েলৰ সকলো লোক আনন্দত উল্লাসিত হ’ল।
१५तब सब लोग गिलगाल को चले, और वहाँ उन्होंने गिलगाल में यहोवा के सामने शाऊल को राजा बनाया; और वहीं उन्होंने यहोवा को मेलबलि चढ़ाए; और वहीं शाऊल और सब इस्राएली लोगों ने अत्यन्त आनन्द मनाया।