< ১ সামুয়েল 10 >

1 তাৰ পাছত চমূৱেলে তেলৰ বটল লৈ, চৌলৰ মুৰৰ ওপৰত তেল ঢালি তেওঁক চুমা খাই ক’লে, যিহোৱাৰ নিজ বংশৰ সূত্ৰে অধিপতি হ’বলৈ তেওঁ তোমাক জানো অভিষেক কৰা নাই?
И взя Самуил сосуд с елеем, и возлия на главу его, и лобыза его, и рече ему: не помаза ли тебе Господь на царство людем Своим иже во Израили? И ты царствовати будеши в людех Господних, и ты спасеши я от руки враг их окрест: и сие тебе знамение, яко помаза тя Господь над наследием Своим в князя:
2 আজি তুমি যেতিয়া মোৰ ওচৰৰ পৰা যাবা, তেতিয়া বিন্যামীনৰ সীমাত থকা চেলচহত ৰাহেলৰ মৈদামৰ ওচৰত দুজন মানুহ লগ পাবা। তেওঁলোকে তোমাক ক’ব ‘তুমি যি গাধবোৰ বিচাৰি গৈছিলা, সেইবোৰ পোৱা হ’ল। এতিয়া তোমাৰ পিতৃয়ে গাধবোৰলৈ চিন্তা কৰিবলৈ এৰি তোমাৰ কাৰণে চিন্তা কৰি কৈছে, “মোৰ পুত্ৰৰ বিষয়ে কি কৰিম?’’
егда отидеши днесь от мене, обрящеши два мужа при гробех Рахилиных в пределех Вениаминих в Силоме, в Вакалафе скачущих зелно, и рекут тебе: обретошася ослята, ихже ходисте искати: и се, отец твой отверже глагол о ослятех и зело печется вас ради, глаголя: что сотворю о сыне моем?
3 তাৰ পাছত তুমি তাৰ পৰা আগবাঢ়ি গৈ তাবোৰৰ এলোন গছজোপা পাবা। বৈৎএললৈ ঈশ্বৰৰ ওচৰলৈ যোৱা তিনিজন লোকক তুমি তাত পাবা, তাৰে এজনে তিনিটা ছাগলী পোৱালি, আন জনে তিনিটা পিঠা, আৰু আন জনে এক মোট দ্ৰাক্ষাৰস কঢ়িয়াই অনা দেখিবা।
И отидеши оттуду, и далее приидеши до дубравы Фавора, и обрящеши тамо три мужы восходящыя к Богу в Вефиль, единаго ведуща трое козлят, а другаго несуща три вретища хлебов, а третияго несуща мех вина:
4 তেওঁলোকে তোমাক মঙ্গলবাদ কৰিব আৰু তোমাক দুটা পিঠা দিব, তুমি তেওঁলোকৰ হাতৰ পৰা তাক ল’বা।
и вопросят тя яже о мире, и дадут ти два начатка хлебов, и возмеши от рук их:
5 তাৰ পাছত, তুমি পলেষ্টীয়াসকলৰ নগৰৰক্ষী সৈন্যদল থকা ঈশ্বৰৰ পৰ্ব্বত পাবাগৈ। তুমি যেতিয়া সেই নগৰ পাবা তেতিয়া নেবল, খঞ্জৰী, বাঁহী আৰু বীণা বজাই ভাববাণী প্ৰচাৰ কৰি কৰি ওখ স্থানৰ পৰা নামি অহা এদল ভাববাদীৰ লগত তোমাৰ সাক্ষাৎ হ’ব।
и по сих да взыдеши на холм Божий, идеже есть собрание иноплеменник, тамо началницы иноплеменничи: и будет егда внидеши тамо во град, срящеши лик пророков исходящих от вамы, и пред ними свирели и тимпаны, и сопели и гусли, и тии прорицающии:
6 তেতিয়া যিহোৱাৰ আত্মাই তোমাত স্থিতি ল’ব; তেতিয়া তুমিও তেওঁলোকৰ লগত ভাববাণী প্ৰচাৰ কৰিবা আৰু তুমি সম্পূৰ্ণ পৰিৱৰ্তন হোৱা ব্যক্তি হ’বা।
и снидет на тя Дух Господень, и воспророчествуеши с ними, и обратишися в мужа иного:
7 এই সকলো চিন তোমালৈ ঘটাৰ পাছত, আমাৰ হাতে কৰিব খোজা সকলো কাম কৰিবা, কাৰণ যিহোৱা তোমাৰ লগত আছে।
и будет егда приидут знамения сия на тя, твори вся, елика обрящет рука твоя, яко Бог с тобою:
8 মোৰ আগেয়ে তুমি গিলগললৈ নামি যোৱা। তাৰ পাছ হোমবলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিবলৈ মই তোমাৰ ওচৰলৈ যাম। মই যেতিয়ালৈকে তোমাৰ ওচৰলৈ গৈ তুমি কৰিবলগীয়া কাম তোমাক নুবুজাওঁ, তেতিয়ালৈকে তুমি সাত দিন মোৰ বাবে অপেক্ষা কৰিবা।
и снидеши прежде мене в Галгалы, и се, аз сниду к тебе вознести всесожжение и пожрети жертвы мирны: седмь дний пождеши, дондеже прииду к тебе, и покажу ти, что сотвориши.
9 চৌলে চমূৱেলৰ ওচৰৰ পৰা যাবলৈ ওলাল আৰু যিহোৱাই তেওঁৰ মন পৰিৱৰ্তন কৰিলে।
И бысть внегда отвратити ему плещы своя отити от Самуила, преложи ему Бог сердце на ино. И приидоша вся знамения сия в день он.
10 ১০ যেতিয়া তেওঁলোকে পৰ্ব্বত পালেগৈ, এদল ভাববাদীয়ে তেওঁক লগ পালে, তাতে যিহোৱাৰ আত্মা তেওঁৰ ওপৰত স্থিতি হ’ল আৰু তেওঁলোকৰ মাজত তেৱোঁ ভাববাণী প্ৰচাৰ কৰিলে।
И взыде оттуду на холм, и се, лик пророческий противу ему: и взыде нань Дух Божий, и прорицаше среде их.
11 ১১ তেওঁক আগৰ পৰা যিসকলে জানিছিল তেওঁলোকে ভাববাদীসকলৰ সৈতে তেওঁক ভাববাণী প্ৰচাৰ কৰা দেখি, ইজনে-সিজনক ক’লে, “কীচৰ পুত্রৰ কি হ’ল? চৌলো ভাববাদীসকলৰ মাজৰ এজন নেকি?”
И быша вси видевшии его вчера и третияго дне, и видеша, и се, той посреде пророк прорицаяй. И реша людие кийждо ко искреннему своему: что сие бывшее сыну Кисову? Еда и Саул во пророцех?
12 ১২ তাত থকা এজন মানুহে উত্তৰ দিলে, “তেওঁলোকৰ পিতৃ কোন?” ইয়াৰ কাৰণে এই কথা প্রচলিত হ’ল, “চৌলো ভাববাদীসকলৰ মাজৰ এজন নে?”
И отвеща некто от них и рече: и кто отец ему? Не Кис ли? И сего ради бысть в притчу: еда и Саул во пророцех?
13 ১৩ ভাববাণী প্ৰচাৰ কৰি শেষ হোৱাৰ পাছত তেওঁ ওখ স্থানলৈ গ’ল।
И сконча пророчествуя, и прииде оттуду на холм.
14 ১৪ চৌলৰ দদায়েকে তেওঁক আৰু তেওঁৰ দাসক সুধিলে, “তোমালোক ক’লৈ গৈছিলা?” তেওঁ উত্তৰ দি ক’লে, “গাধবোৰ বিচাৰি গৈছিলোঁ; কিন্তু গাধবোৰ ক’তো বিচাৰি নাপাই আমি চমূৱেলৰ ওচৰলৈ গ’লো।”
И рече ужик его к нему и ко отрочищу его: камо ходисте? И реша: ослят искати, и видехом, яко несть их, и внидохом к Самуилу.
15 ১৫ চৌলৰ দদায়েকে ক’লে, “অনুগ্ৰহ কৰি কোৱাচোন চমূৱেলে তোমালোকক কি ক’লে?”
И рече ужик к Саулу: возвести ми ныне, что ти рече Самуил?
16 ১৬ চৌলে দদায়েকক ক’লে, “তেওঁ আমাক স্পষ্টকৈ ক’লে যে, “গাধবোৰ বিচাৰি পাবা।” কিন্তু ৰাজ্যৰ বিষয়ে যি কথা চমূৱেলে তেওঁক কৈছিল, সেই কথা তেওঁ দদায়েকক নক’লে।
И рече Саул ужику своему: вестию возвести ми, яко обретошася ослята. Словесе же о царстве не возвести ему, еже рече Самуил.
17 ১৭ চমূৱেলে লোকসকলক মতি আনি মিস্পাত যিহোৱাৰ সাক্ষাতে গোট খোৱালে।
И заповеда Самуил всем людем приити ко Господу в Массифаф.
18 ১৮ ইস্ৰায়েলৰ সন্তান সকলক তেওঁ ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘মই ইস্ৰায়েলক মিচৰৰ পৰা আনিলোঁ, মিচৰীয়াসকলৰ হাতৰ পৰা আৰু যিবোৰ ৰাজ্যই তোমালোকক উপদ্ৰৱ কৰিছিল তেওঁলোকৰ পৰা মই উদ্ধাৰ কৰিলোঁ।
И рече Самуил к сыном Израилевым: сия рече Господь Бог Израилев, глаголя: Аз изведох отцы вашя сыны Израилевы из Египта, и изях вы от руки фараона царя Египетскаго и от всех царств оскорбляющих вы:
19 ১৯ কিন্তু তোমালোকে আজি তোমালোকৰ ঈশ্বৰক হেয়জ্ঞান কৰিলা, যি জনে সকলো আপদ আৰু সঙ্কটৰ পৰা তোমালোকক উদ্ধাৰ কৰিলে; তেওঁকেই তোমালোকে কৈছা, “আমাৰ ওপৰত এজন ৰজা নিযুক্ত কৰক’। সেয়ে, তোমালোকে এতিয়া নিজৰ ফৈদ অনুসাৰে আৰু নিজৰ গোষ্ঠী অনুসাৰে যিহোৱাৰ আগত উপস্থিত হোৱা।”
и вы днесь уничижисте Бога вашего, Иже Сам есть спасаяй вы от всех зол ваших и скорбей ваших, и ресте: ни, но царя да поставиши над нами: и ныне станите пред Господем по хоругвам вашым и по племенем вашым и по тысящам вашым.
20 ২০ তাৰ পাছত চমূৱেলে ইস্ৰায়েলৰ সকলো ফৈদক ওচৰলৈ আনিলে আৰু বিন্যামীন ফৈদক মনোনীত কৰিলে।
И приведе Самуил вся колена Израилева, и паде жребий на хоругвь Вениаминю.
21 ২১ গোষ্ঠী অনুসাৰে বিন্যামীন ফৈদক ওচৰলৈ আনাৰ পাছত মট্ৰীয়া সকলৰ গোষ্ঠীক মনোনীত কৰা হ’ল আৰু তাৰ মাজত কীচৰ পুত্ৰ চৌলক মনোনীত কৰিলে; কিন্তু তেওঁলোকে যেতিয়া তেওঁক বিচাৰি গ’ল, তেতিয়া তেওঁক বিচাৰি নাপালে।
И приведе хоругвь Вениаминю по племенам, и паде жребий на племя Маттариино: и приведоша племя Маттариино по мужем, и паде жребий на Саула сына Кисова: и искаху его, и не обреташеся.
22 ২২ তেতিয়া লোকসকলে যিহোৱাক বহুতো প্ৰশ্ন সুধিব খুজিলে, “এতিয়াও এই ঠাইলৈ আন এজন মানুহ আহিব লগা আছে নে?” যিহোৱাই উত্তৰ দিলে, “সেই পুৰুষ মালবস্তুৰ মাজত লুকাই আছে।”
И вопроси Самуил еще Господа, глаголя: аще приидет семо муж еще? И рече Господь: се, той сокрыся в сосудех.
23 ২৩ তেওঁলোকে লগে লগে দৌৰি গৈ তাৰ পৰা তেওঁক উলিয়াই আনিলে, আৰু তেওঁ লোকসকলৰ মাজত থিয় হোৱাত, আন সকলো লোকতকৈ তেওঁ ওখ আছিল।
И тече Самуил, и взя его оттуду, и постави его посреде людий: и бысть вышше всех людий, от рамен и вышше.
24 ২৪ তেতিয়া চমূৱেলে লোক সকলক ক’লে, “যিহোৱাই মনোনীত কৰা পুৰুষ জনক তোমালোকে দেখিছা নে? ইয়াত সকলো লোকৰ মাজত এওঁৰ দৰে আন কোনো নাই!” তাতে সকলো লোকে জয়-ধ্বনি কৰি ক’লে “ৰজা চিৰজীৱি হওঁক!”
И рече Самуил ко всем людем: видесте ли, егоже избра себе Господь, яко несть подобен ему во всех вас? И познаша вси людие и реша: да живет царь.
25 ২৫ তাৰ পাছত চমূৱেলে লোকসকলৰ আগত ৰাজ্যৰ ৰীতি-নীতি ব্যাখ্যা কৰিলে, আৰু এখন পুস্তকত এই সকলো লিখি যিহোৱাৰ সন্মুখত ৰাখিলে। তাৰ পাছত চমূৱেলে লোকসকলক নিজৰ নিজৰ ঘৰলৈ পঠিয়াই দিলে।
И рече Самуил к людем оправдания царствия, и написа в книзе, и положи пред Господем.
26 ২৬ চৌলেও নিজৰ ঘৰ গিবিয়ালৈ গ’ল; আৰু ঈশ্বৰে যিসকলৰ হৃদয় স্পৰ্শ কৰিলে, এনে কেইজন মান শক্তিমান পুৰুষ তেওঁৰ লগত গ’ল।
И отпусти Самуил вся люди, и идоша кийждо во своя си, и Саул иде в дом свой в Гаваю: и идоша с ним сынове сил, ихже коснеся Господь сердец их, с Саулом.
27 ২৭ কিন্তু কেইজন মান মূল্যহীন মানুহে ক’লে, “এই পুৰুষে আমাক কেনেকৈ ৰক্ষা কৰিব?” তেওঁলোকে চৌলক হেয়জ্ঞান কৰিলে আৰু তেওঁলৈ কোনো উপহাৰ নানিলে; তথাপি তেওঁ মনে মনে থাকিল।
Сынове же погибелнии реша: кто спасет нас, сей ли? И безчествоваша его, и не принесоша ему даров.

< ১ সামুয়েল 10 >