< ১ সামুয়েল 10 >
1 ১ তাৰ পাছত চমূৱেলে তেলৰ বটল লৈ, চৌলৰ মুৰৰ ওপৰত তেল ঢালি তেওঁক চুমা খাই ক’লে, যিহোৱাৰ নিজ বংশৰ সূত্ৰে অধিপতি হ’বলৈ তেওঁ তোমাক জানো অভিষেক কৰা নাই?
Eka Samuel nokawo tungʼ mar mo mi oolo ewi Saulo eka nonyodhe mowacho niya, “Donge Jehova Nyasaye osewiri mondo ibed jatelo ne joge moyiero.
2 ২ আজি তুমি যেতিয়া মোৰ ওচৰৰ পৰা যাবা, তেতিয়া বিন্যামীনৰ সীমাত থকা চেলচহত ৰাহেলৰ মৈদামৰ ওচৰত দুজন মানুহ লগ পাবা। তেওঁলোকে তোমাক ক’ব ‘তুমি যি গাধবোৰ বিচাৰি গৈছিলা, সেইবোৰ পোৱা হ’ল। এতিয়া তোমাৰ পিতৃয়ে গাধবোৰলৈ চিন্তা কৰিবলৈ এৰি তোমাৰ কাৰণে চিন্তা কৰি কৈছে, “মোৰ পুত্ৰৰ বিষয়ে কি কৰিম?’’
Kawuononi ka iseweya ibiro romo gi ji ariyo machiegni gi liend Rael e gwengʼ Zelza e tongʼ jo-Benjamin. Gibiro wachoni ni, ‘Punde mane iwuok idhi dwaro oseyudi. Kendo wuonu oseweyo parogi koro chunye chandore ni wachne kopenjo niya, “Abiro timo angʼo ne wach wuodani?”’
3 ৩ তাৰ পাছত তুমি তাৰ পৰা আগবাঢ়ি গৈ তাবোৰৰ এলোন গছজোপা পাবা। বৈৎএললৈ ঈশ্বৰৰ ওচৰলৈ যোৱা তিনিজন লোকক তুমি তাত পাবা, তাৰে এজনে তিনিটা ছাগলী পোৱালি, আন জনে তিনিটা পিঠা, আৰু আন জনে এক মোট দ্ৰাক্ষাৰস কঢ়িয়াই অনা দেখিবা।
“Eka ibiro wuok kanyo midhi nyaka yath maduongʼ man Tabor. Ji adek mawuotho kadhi Bethel ir Nyasaye norom kodi kanyo. Achiel kuomgi biro biro kotingʼo nyidiek adek, to machielo biro tingʼo makati adek, to machielo to otingʼo ndede mar divai.
4 ৪ তেওঁলোকে তোমাক মঙ্গলবাদ কৰিব আৰু তোমাক দুটা পিঠা দিব, তুমি তেওঁলোকৰ হাতৰ পৰা তাক ল’বা।
Gibiro mosi kendo miyi makati ariyo, mibiro kawo kuomgi.
5 ৫ তাৰ পাছত, তুমি পলেষ্টীয়াসকলৰ নগৰৰক্ষী সৈন্যদল থকা ঈশ্বৰৰ পৰ্ব্বত পাবাগৈ। তুমি যেতিয়া সেই নগৰ পাবা তেতিয়া নেবল, খঞ্জৰী, বাঁহী আৰু বীণা বজাই ভাববাণী প্ৰচাৰ কৰি কৰি ওখ স্থানৰ পৰা নামি অহা এদল ভাববাদীৰ লগত তোমাৰ সাক্ষাৎ হ’ব।
“Bangʼ mano ibiro dhi Gibea miluongo ni Got mar Nyasaye kama nitie kambi mar jo-Filistia. Ka ichopo machiegni gi dala to ibiro romo gi oganda jonabi kalor koa kar lemo kotelnegi gi joma goyo orutu, gi tamborin, asili gi nyatiti, kendo jonabi biro biro ka gikoro wach.
6 ৬ তেতিয়া যিহোৱাৰ আত্মাই তোমাত স্থিতি ল’ব; তেতিয়া তুমিও তেওঁলোকৰ লগত ভাববাণী প্ৰচাৰ কৰিবা আৰু তুমি সম্পূৰ্ণ পৰিৱৰ্তন হোৱা ব্যক্তি হ’বা।
Roho mar Jehova Nyasaye nobi kuomi gi teko, inikor kaachiel kodgi kendo noloki mibed ngʼato mopogore.
7 ৭ এই সকলো চিন তোমালৈ ঘটাৰ পাছত, আমাৰ হাতে কৰিব খোজা সকলো কাম কৰিবা, কাৰণ যিহোৱা তোমাৰ লগত আছে।
Ka ranyisi otimore to mondo itim atima gima lweti oyudo ni onego tim; nikech Nyasaye ni kodi.
8 ৮ মোৰ আগেয়ে তুমি গিলগললৈ নামি যোৱা। তাৰ পাছ হোমবলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিবলৈ মই তোমাৰ ওচৰলৈ যাম। মই যেতিয়ালৈকে তোমাৰ ওচৰলৈ গৈ তুমি কৰিবলগীয়া কাম তোমাক নুবুজাওঁ, তেতিয়ালৈকে তুমি সাত দিন মোৰ বাবে অপেক্ষা কৰিবা।
“Tel nyima idhi Gilgal. Chutho abiro lor ka abiro iri mondo atim misango miwangʼo pep kod misengini mag lalruok, to nyaka ine ni irita kuom ndalo abiriyo mondo abi anyisi gima onego itim.”
9 ৯ চৌলে চমূৱেলৰ ওচৰৰ পৰা যাবলৈ ওলাল আৰু যিহোৱাই তেওঁৰ মন পৰিৱৰ্তন কৰিলে।
Kane Saulo oseweyo Samuel, Nyasaye ne oloko chuny Saulo, kendo ranyisi duto nochopo kare chiengʼno.
10 ১০ যেতিয়া তেওঁলোকে পৰ্ব্বত পালেগৈ, এদল ভাববাদীয়ে তেওঁক লগ পালে, তাতে যিহোৱাৰ আত্মা তেওঁৰ ওপৰত স্থিতি হ’ল আৰু তেওঁলোকৰ মাজত তেৱোঁ ভাববাণী প্ৰচাৰ কৰিলে।
Kane gichopo Gibea, oganda mar jonabi noromone, Roho mar Nyasaye nobiro mopongʼe gi teko eka nochako koro wach kodgi.
11 ১১ তেওঁক আগৰ পৰা যিসকলে জানিছিল তেওঁলোকে ভাববাদীসকলৰ সৈতে তেওঁক ভাববাণী প্ৰচাৰ কৰা দেখি, ইজনে-সিজনক ক’লে, “কীচৰ পুত্রৰ কি হ’ল? চৌলো ভাববাদীসকলৰ মাজৰ এজন নেকি?”
Eka joma ne ongʼeye kane onene ka okoro gi jonabi, negipenjore kendgi niya, “Ma to en angʼo matimore ne wuod Kish? Saulo bende en achiel kuom jonabi?”
12 ১২ তাত থকা এজন মানুহে উত্তৰ দিলে, “তেওঁলোকৰ পিতৃ কোন?” ইয়াৰ কাৰণে এই কথা প্রচলিত হ’ল, “চৌলো ভাববাদীসকলৰ মাজৰ এজন নে?”
To ngʼat moro modak e gwengʼno nomedo dwoko kopenjo niya, “Wuon-gi to en ngʼa?” Omiyo wachni nolokore ngero niya, “Saulo-ni bende en achiel kuom jonabi?”
13 ১৩ ভাববাণী প্ৰচাৰ কৰি শেষ হোৱাৰ পাছত তেওঁ ওখ স্থানলৈ গ’ল।
Kane Saulo osetieko koro noidho mobet e kar lemo.
14 ১৪ চৌলৰ দদায়েকে তেওঁক আৰু তেওঁৰ দাসক সুধিলে, “তোমালোক ক’লৈ গৈছিলা?” তেওঁ উত্তৰ দি ক’লে, “গাধবোৰ বিচাৰি গৈছিলোঁ; কিন্তু গাধবোৰ ক’তো বিচাৰি নাপাই আমি চমূৱেলৰ ওচৰলৈ গ’লো।”
Eka owad gi wuon Saulo nopenjogi niya, “Ne pod un kanye?” Ne odwoko niya, “Ne wadwaro punde, to kane waneno ni gitamowa yudo eka wadhi ir Samuel.”
15 ১৫ চৌলৰ দদায়েকে ক’লে, “অনুগ্ৰহ কৰি কোৱাচোন চমূৱেলে তোমালোকক কি ক’লে?”
Owad gi wuon Saulo nowachone niya, “Nyisa gima Samuel nowachonu.”
16 ১৬ চৌলে দদায়েকক ক’লে, “তেওঁ আমাক স্পষ্টকৈ ক’লে যে, “গাধবোৰ বিচাৰি পাবা।” কিন্তু ৰাজ্যৰ বিষয়ে যি কথা চমূৱেলে তেওঁক কৈছিল, সেই কথা তেওঁ দদায়েকক নক’লে।
Saulo nodwoke niya, “Ne owachonwa malongʼo ni punde ne oseyudo.” To ne ok onyise gima Samuel ne owacho kuom wach bedo ruoth.
17 ১৭ চমূৱেলে লোকসকলক মতি আনি মিস্পাত যিহোৱাৰ সাক্ষাতে গোট খোৱালে।
Samuel noluongo oganda jo-Israel duto Mizpa e nyim Jehova Nyasaye,
18 ১৮ ইস্ৰায়েলৰ সন্তান সকলক তেওঁ ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘মই ইস্ৰায়েলক মিচৰৰ পৰা আনিলোঁ, মিচৰীয়াসকলৰ হাতৰ পৰা আৰু যিবোৰ ৰাজ্যই তোমালোকক উপদ্ৰৱ কৰিছিল তেওঁলোকৰ পৰা মই উদ্ধাৰ কৰিলোঁ।
mowachonegi niya, “Ma e gima Jehova Nyasaye ma Nyasach Israel wacho: ‘Ne agolo Israel koa Misri, kendo ne aresou e teko mar loch Misri kod pinjeruodhi duto mane thirou.’
19 ১৯ কিন্তু তোমালোকে আজি তোমালোকৰ ঈশ্বৰক হেয়জ্ঞান কৰিলা, যি জনে সকলো আপদ আৰু সঙ্কটৰ পৰা তোমালোকক উদ্ধাৰ কৰিলে; তেওঁকেই তোমালোকে কৈছা, “আমাৰ ওপৰত এজন ৰজা নিযুক্ত কৰক’। সেয়ে, তোমালোকে এতিয়া নিজৰ ফৈদ অনুসাৰে আৰু নিজৰ গোষ্ঠী অনুসাৰে যিহোৱাৰ আগত উপস্থিত হোৱা।”
To koro useweyo Nyasachu, ma resou e masicheu gi chandruoku. Ma usewacho ni, ‘Ooyo miwa ruodhwa.’ Omiyo sani suduru e nyim Jehova Nyasaye kuchanoru e ogandau kod e dhoutu.”
20 ২০ তাৰ পাছত চমূৱেলে ইস্ৰায়েলৰ সকলো ফৈদক ওচৰলৈ আনিলে আৰু বিন্যামীন ফৈদক মনোনীত কৰিলে।
Kane Samuel okelo ogendini duto mag Israel machiegni, to oganda mar Benjamin ema ne oyier.
21 ২১ গোষ্ঠী অনুসাৰে বিন্যামীন ফৈদক ওচৰলৈ আনাৰ পাছত মট্ৰীয়া সকলৰ গোষ্ঠীক মনোনীত কৰা হ’ল আৰু তাৰ মাজত কীচৰ পুত্ৰ চৌলক মনোনীত কৰিলে; কিন্তু তেওঁলোকে যেতিয়া তেওঁক বিচাৰি গ’ল, তেতিয়া তেওঁক বিচাৰি নাপালে।
Eka nokelo oganda mar Benjamin nyime, kaluwore gi dhoot ka dhoot, mine oyier dhood Matri. Mogik ne oyier Saulo wuod Kish. To kane gidware, to ne ok oyude.
22 ২২ তেতিয়া লোকসকলে যিহোৱাক বহুতো প্ৰশ্ন সুধিব খুজিলে, “এতিয়াও এই ঠাইলৈ আন এজন মানুহ আহিব লগা আছে নে?” যিহোৱাই উত্তৰ দিলে, “সেই পুৰুষ মালবস্তুৰ মাজত লুকাই আছে।”
Eka negimedo penjo wach kuom Jehova Nyasaye niya, “Ngʼatni bende osebiro ka koso?” Kendo Jehova Nyasaye nodwoko niya, “Ee, osepondo e kind misike.”
23 ২৩ তেওঁলোকে লগে লগে দৌৰি গৈ তাৰ পৰা তেওঁক উলিয়াই আনিলে, আৰু তেওঁ লোকসকলৰ মাজত থিয় হোৱাত, আন সকলো লোকতকৈ তেওঁ ওখ আছিল।
Negiringo ma giome, kane ochungʼ e dier oganda to ne obor ma ji moko ne gik mana e goke.
24 ২৪ তেতিয়া চমূৱেলে লোক সকলক ক’লে, “যিহোৱাই মনোনীত কৰা পুৰুষ জনক তোমালোকে দেখিছা নে? ইয়াত সকলো লোকৰ মাজত এওঁৰ দৰে আন কোনো নাই!” তাতে সকলো লোকে জয়-ধ্বনি কৰি ক’লে “ৰজা চিৰজীৱি হওঁক!”
Samuel nowachone ji duto niya, “Bende uneno ngʼat ma Jehova Nyasaye oseyiero? Onge ngʼama chalo kode kuom ji duto.” Eka ji nokok niya, “Ruoth mondo odag amingʼa!”
25 ২৫ তাৰ পাছত চমূৱেলে লোকসকলৰ আগত ৰাজ্যৰ ৰীতি-নীতি ব্যাখ্যা কৰিলে, আৰু এখন পুস্তকত এই সকলো লিখি যিহোৱাৰ সন্মুখত ৰাখিলে। তাৰ পাছত চমূৱেলে লোকসকলক নিজৰ নিজৰ ঘৰলৈ পঠিয়াই দিলে।
Samuel nolero ne ji chike mag bedo ruoth. Nondikogi e kitabu mokano e nyim Jehova Nyasaye. Eka Samuel ne ogonyo ji mondo ngʼato ka ngʼato odog e dalane.
26 ২৬ চৌলেও নিজৰ ঘৰ গিবিয়ালৈ গ’ল; আৰু ঈশ্বৰে যিসকলৰ হৃদয় স্পৰ্শ কৰিলে, এনে কেইজন মান শক্তিমান পুৰুষ তেওঁৰ লগত গ’ল।
Saulo bende nodhi dalagi man Gibea, ka en gi joma thuondi mane osemul chunygi gi Nyasaye.
27 ২৭ কিন্তু কেইজন মান মূল্যহীন মানুহে ক’লে, “এই পুৰুষে আমাক কেনেকৈ ৰক্ষা কৰিব?” তেওঁলোকে চৌলক হেয়জ্ঞান কৰিলে আৰু তেওঁলৈ কোনো উপহাৰ নানিলে; তথাপি তেওঁ মনে মনে থাকিল।
To jomoko ma acheje nowacho niya, “Ere kaka ngʼatni nyalo resowa?” Negi chaye mine ok gikelone mich. To Saulo nolingʼ mos.