< ১ পিতৰ 5 >
1 ১ মই আপোনালোকৰ মাজৰ পৰিচাৰক সকলক দৃঢ় আহ্বান জনাও যে, মইয়ো সহকর্মী সকলৰ এজন পৰিচাৰক আৰু খ্ৰীষ্টৰ দুখভোগৰ এজন সাক্ষী; প্ৰকাশিত হ’বলৈ উদ্যত হোৱা গৌৰৱৰ সহভাগী৷
Àwọn alàgbà tí ń bẹ láàrín yín ni mo gbànímọ̀ràn, èmi ẹni tí ń ṣe alàgbà bí ẹ̀yin, àti ẹlẹ́rìí ìyà Kristi, àti alábápín nínú ògo tí a ó fihàn.
2 ২ গতিকে, মই আপোনালোকক দৃঢ় আহ্বান কৰোঁ, হে পৰিচাৰক সকল, ঈশ্ৱৰৰ মেষৰ জাকক আপোনালোকে যত্ন লওঁক৷ তেওঁলোকক প্ৰতিপালন কৰক, অৱশ্যে আৱশ্যকতাৰ কাৰণে নহয়, কিন্তু স্ৱ-ইচ্ছাৰে কৰক, কিন্তু অসৎ ধনৰ বাবে নহয়৷
Ẹ máa tọ́jú agbo Ọlọ́run tí ń bẹ láàrín yín, ẹ máa bojútó o, kì í ṣe àfipáṣe, bí kò ṣe tìfẹ́tìfẹ́; kó má sì jẹ́ fún èrè ìjẹkújẹ, bí kò ṣe pẹ̀lú ìpinnu tí ó múra tan.
3 ৩ যি সকল লোকৰ ওপৰত আপোনালোক তত্ৱাৱধায়ক, তেওঁলোকৰ ওপৰত প্ৰভুত্ৱৰে অধিকাৰ নকৰিব; কিন্তু জাকৰ আর্হি হৈ তেওঁলোকৰ তত্বাৱধান কৰক;
Bẹ́ẹ̀ ni kì í ṣe bí ẹni tí ń lo agbára lórí ìjọ, ṣùgbọ́n kí ẹ ṣe ara yín ní àpẹẹrẹ fún agbo.
4 ৪ যেতিয়া প্ৰধান ৰক্ষক প্ৰকাশিত হব, তেতিয়া আপোনালোকে ঐশ্বৰ্যৰূপ অম্লান কিৰীটি পাব।
Nígbà tí Olórí Olùṣọ́-àgùntàn bá sì fi ara hàn, ẹ̀yin ó gba adé ògo ti kì í sá.
5 ৫ সেইদৰে হে ডেকা লোক সকল, আপোনালোক পৰিচাৰক সকলৰ বশীভূত হওক; আপোনালোক সকলোৱে নম্ৰতাৰে নিজকে ভালদৰে মেৰিয়াই বান্ধি লওঁক আৰু ইজনে সিজনক সেৱা কৰক; যিহেতু, ঈশ্বৰে অহংকাৰী সকলক প্ৰতিৰোধ কৰে, কিন্তু নম্ৰ সকলক অনুগ্ৰহ দান কৰে।
Bẹ́ẹ̀ pẹ̀lú, ẹ̀yin ọ̀dọ́, ẹ tẹríba fún àwọn alàgbà. Àní, gbogbo yín ẹ máa tẹríba fún ara yín kí ẹ fi ìrẹ̀lẹ̀ wọ ara yín ní aṣọ: nítorí, “Ọlọ́run kọ ojú ìjà sí àwọn agbéraga, ṣùgbọ́n ó ń fi oore-ọ̀fẹ́ fún àwọn onírẹ̀lẹ̀.”
6 ৬ সেই কাৰণে ঈশ্ৱৰৰ পৰাক্ৰমী হাতৰ অধীনত নিজকে নম্ৰ কৰক, তাতে উপযুক্ত সময়ত ঈশ্ৱৰে আপোনালোকক উন্নত কৰিব৷
Nítorí náà, ẹ rẹ ara yin sílẹ̀ lábẹ́ ọwọ́ agbára Ọlọ́run, kí òun lè gbe yín ga lákokò.
7 ৭ আপোনালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়ক; কিয়নো আপোনালোকৰ কাৰণে তেওঁ চিন্তা কৰে।
Ẹ máa kó gbogbo àníyàn yín lé e; nítorí tí òun ń ṣe ìtọ́jú yín.
8 ৮ সচেতন হওক, পৰ দি থাকক। আপোনালোকৰ শত্ৰু চয়তানে গুজৰি থকা সিংহৰ নিচিনাকৈ যি কোনো এজনকে গ্ৰাস কৰিবলৈ গোপনে উপায় বিচাৰি ফুৰিছে।
Ẹ máa wà ni àìrékọjá, ẹ máa ṣọ́ra; nítorí èṣù ọ̀tá yín, bí i kìnnìún tí ń ké ramúramù, ó ń rìn káàkiri, ó ń wa ẹni tí yóò pajẹ.
9 ৯ তাৰ বিৰুদ্ধে থিয় হওক৷ আপোনালোকৰ বিশ্বাস দৃঢ় কৰি ৰাখক৷ এইটো জানিব যে, গোটেই জগতত থকা আপোনালোকৰ ভাতৃ সকলেও একে দুখভোগ কৰি আছে৷
Ẹ kọ ojú ìjà sí i pẹ̀lú ìdúró ṣinṣin nínú ìgbàgbọ́, bí ẹ̀yin ti mọ̀ pé ìyà kan náà ni àwọn ará yín tí ń bẹ nínú ayé ń jẹ.
10 ১০ আপোনালোকে অলপ সময় দুখভোগ কৰাৰ পাছত, সকলো অনুগ্ৰহৰ ঈশ্ৱৰ, যি জনে অনন্ত গৌৰৱৰ বাবে আপোনালোকক খ্ৰীষ্টত আমন্ত্ৰণ কৰিছে, তেৱেঁই আপোনালোকক সিদ্ধ, সুস্থিৰ আৰু বলৱন্ত কৰিব। (aiōnios )
Ọlọ́run oore-ọ̀fẹ́ gbogbo, tí ó ti pè yín sínú ògo rẹ̀ tí kò nípẹ̀kun nínú Kristi Jesu, nígbà tí ẹ̀yin bá ti jìyà díẹ̀, òun tìkára rẹ̀, yóò sì ṣe yín ní àṣepé, yóò fi ẹsẹ̀ yín múlẹ̀, yóò fún yín lágbára, yóò fi ìdí yín kalẹ̀. (aiōnios )
11 ১১ তেওঁৰ পৰাক্ৰম চিৰকাল হওক। আমেন। (aiōn )
Tìrẹ ni ògo àti agbára títí láé. Àmín. (aiōn )
12 ১২ মই চীলক বিশ্বাসী ভাই হিচাপে গণ্য কৰোঁ আৰু তেওঁৰ যোগেদি সংক্ষেপে এই পত্ৰ আপোনালোকলৈ লিখিলোঁ৷ আপোনালোকক প্ৰবোধ দিলোঁ আৰু এয়ে ঈশ্বৰৰ প্ৰকৃত অনুগ্ৰহ বুলি সাক্ষ্যও দিলোঁ৷ মই আপোনালোকক দৃঢ় আহ্বান কৰোঁ আৰু ঈশ্ৱৰৰ প্ৰকৃত অনুগ্ৰহৰ সাক্ষ্য দান কৰি, এই পত্ৰ লিখিলোঁ৷ ইয়াতে আপোনালোক দৃঢ় হৈ থাকক৷
Nítorí Sila, arákùnrin wa olóòtítọ́ gẹ́gẹ́ bí mo ti kà á sí, ni mo kọ̀wé kúkúrú sí i yín, tí mo ń gbà yín níyànjú, tí mo sì ń jẹ́rìí pé, èyí ni òtítọ́ oore-ọ̀fẹ́ Ọlọ́run: ẹ dúró ṣinṣin nínú rẹ̀.
13 ১৩ আপোনালোকৰ সৈতে মনোনীত হোৱা বাবিল দেশত থকা মণ্ডলীয়ে আৰু মোৰ পুত্ৰ মাৰ্কে আপোনালোকক মঙ্গলবাদ জনাইছে।
Ìjọ tí ń bẹ ní Babeli, tí a yàn, pẹ̀lú kí yín, bẹ́ẹ̀ sì ni Marku ọmọ mi pẹ̀lú.
14 ১৪ প্ৰেমৰ চুমাৰে আপোনালোকে পৰস্পৰক মঙ্গলবাদ দিয়ক। খ্ৰীষ্টত যি সকল আছে, আপোনালোক সকলোৰে শান্তি হওক।
Ẹ fi ìfẹ́nukonu ìfẹ́ kí ara, yín. Àlàáfíà fún gbogbo yín tí ẹ wà nínú Kristi.