< ১ পিতৰ 5 >

1 মই আপোনালোকৰ মাজৰ পৰিচাৰক সকলক দৃঢ় আহ্বান জনাও যে, মইয়ো সহকর্মী সকলৰ এজন পৰিচাৰক আৰু খ্ৰীষ্টৰ দুখভোগৰ এজন সাক্ষী; প্ৰকাশিত হ’বলৈ উদ্যত হোৱা গৌৰৱৰ সহভাগী৷
ⲁ̅ⲚⲒⲠⲢⲈⲤⲂⲨⲦⲈⲢⲞⲤ ⲈⲦϦⲈⲚ ⲐⲎⲚⲞⲨ ϮϮϨⲞ ⲈⲢⲰⲦⲈⲚ ⲀⲚⲞⲔ ⲠⲈⲦⲈⲚϢⲪⲎⲢ ⲘⲠⲢⲈⲤⲂⲨⲦⲈⲢⲞⲤ ⲞⲨⲞϨ ⲘⲘⲈⲐⲢⲈ ⲚⲦⲈⲚⲒⲘⲔⲀⲨϨ ⲚⲦⲈⲠⲬⲢⲒⲤⲦⲞⲤ ⲞⲨⲞϨ ⲚϢⲪⲎⲢ ⲘⲠⲒⲰⲞⲨ ⲈⲐⲚⲀϬⲰⲢⲠ ⲈⲂⲞⲖ
2 গতিকে, মই আপোনালোকক দৃঢ় আহ্বান কৰোঁ, হে পৰিচাৰক সকল, ঈশ্ৱৰৰ মেষৰ জাকক আপোনালোকে যত্ন লওঁক৷ তেওঁলোকক প্ৰতিপালন কৰক, অৱশ্যে আৱশ্যকতাৰ কাৰণে নহয়, কিন্তু স্ৱ-ইচ্ছাৰে কৰক, কিন্তু অসৎ ধনৰ বাবে নহয়৷
ⲃ̅ⲀⲘⲞⲚⲒ ⲘⲠⲒⲞϨⲒ ⲈⲦϦⲈⲚ ⲐⲎⲚⲞⲨ ⲚⲦⲈⲪⲚⲞⲨϮ ⲈⲢⲈⲦⲈⲚϬⲒ ⲘⲠⲞⲨϢⲒⲚⲒ ϦⲈⲚⲞⲨϬⲒⲚϪⲞⲚⲤ ⲀⲚ ⲀⲖⲖⲀ ϦⲈⲚⲞⲨⲞⲨⲰϢ ⲚϨⲎⲦ ⲔⲀⲦⲀ ⲪⲚⲞⲨϮ ⲞⲨⲆⲈ ϦⲈⲚⲞⲨⲘⲈⲦⲀϤϪⲒⲢ ⲀⲚ ⲀⲖⲖⲀ ϦⲈⲚⲞⲨⲢⲰⲞⲨⲦϤ ⲚϨⲎⲦ
3 যি সকল লোকৰ ওপৰত আপোনালোক তত্ৱাৱধায়ক, তেওঁলোকৰ ওপৰত প্ৰভুত্ৱৰে অধিকাৰ নকৰিব; কিন্তু জাকৰ আর্হি হৈ তেওঁলোকৰ তত্বাৱধান কৰক;
ⲅ̅ⲞⲨⲆⲈ ⲀⲚ ϪⲈ ⲈⲢⲈⲦⲈⲚⲞⲒ ⲚϬⲞⲒⲤ ⲈⲚⲒⲔⲖⲎ ⲢⲞⲤ ⲀⲖⲖⲀ ⲀⲢⲒⲦⲨⲠⲞⲤ ⲘⲠⲒⲞϨⲒ
4 যেতিয়া প্ৰধান ৰক্ষক প্ৰকাশিত হব, তেতিয়া আপোনালোকে ঐশ্বৰ্যৰূপ অম্লান কিৰীটি পাব।
ⲇ̅ⲞⲨⲞϨ ⲈϢⲰⲠ ⲀϤϢⲀⲚⲞⲨⲞⲚϨϤ ⲈⲂⲞⲖ ⲚϪⲈⲠⲒϪⲰϪ ⲘⲘⲀⲚⲈⲤⲰⲞⲨ ⲦⲈⲦⲈⲚⲚⲀϬⲒ ⲘⲠⲒⲬⲖⲞⲘ ⲚⲀⲐⲖⲰⲘ ⲚⲦⲈⲠⲰⲞⲨ.
5 সেইদৰে হে ডেকা লোক সকল, আপোনালোক পৰিচাৰক সকলৰ বশীভূত হওক; আপোনালোক সকলোৱে নম্ৰতাৰে নিজকে ভালদৰে মেৰিয়াই বান্ধি লওঁক আৰু ইজনে সিজনক সেৱা কৰক; যিহেতু, ঈশ্বৰে অহংকাৰী সকলক প্ৰতিৰোধ কৰে, কিন্তু নম্ৰ সকলক অনুগ্ৰহ দান কৰে।
ⲉ̅ⲠⲀⲒⲢⲎϮ ⲚⲒϦⲈⲖϢⲒⲢⲒ ⲘⲀϬⲚⲈϪⲰⲦⲈⲚ ⲚⲚⲒϦⲈⲖⲖⲞⲒ ⲚⲐⲰⲦⲈⲚ ⲆⲈ ⲦⲎⲢⲞⲨ ϪⲈⲖ ⲐⲎⲚⲞⲨ ⲘⲠⲒⲐⲈⲂⲒⲞ ⲚϨⲎⲦ ⲈϦⲞⲨⲚ ⲈⲚⲈⲦⲈⲚⲈⲢⲎ ⲞⲨ ϪⲈ ⲪⲚⲞⲨϮ ϤϮ ⲈϦⲞⲨⲚ ⲈϨⲢⲈⲚ ⲚⲒϬⲀⲤⲒϨⲎⲦ ϤϮ ⲚⲞⲨϨⲘⲞⲦ ⲚⲚⲎ ⲈⲦⲐⲈⲂⲒⲎⲞⲨⲦ.
6 সেই কাৰণে ঈশ্ৱৰৰ পৰাক্ৰমী হাতৰ অধীনত নিজকে নম্ৰ কৰক, তাতে উপযুক্ত সময়ত ঈশ্ৱৰে আপোনালোকক উন্নত কৰিব৷
ⲋ̅ⲘⲀⲐⲈⲂⲒⲈ ⲐⲎⲚⲞⲨ ϦⲀ ϮϪⲒϪ ⲈⲦⲀⲘⲀϨⲒ ⲚⲦⲈⲪⲚⲞⲨϮ ϨⲒⲚⲀ ⲚⲦⲈϤϬⲈⲤ ⲐⲎⲚⲞⲨ ϦⲈⲚⲠⲤⲎⲞⲨ ⲚⲦⲈⲠⲒϪⲈⲘⲠϢⲒⲚⲒ
7 আপোনালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়ক; কিয়নো আপোনালোকৰ কাৰণে তেওঁ চিন্তা কৰে।
ⲍ̅ⲠⲈⲦⲈⲚⲢⲰⲞⲨϢ ⲦⲎⲢϤ ⲞⲨⲀϨϤ ⲈⲢⲞϤ ϪⲈ ⲞⲨⲎⲒ ⲤⲈⲢⲘⲈⲖⲒⲚ ⲚⲀϤ ϦⲀⲢⲰⲦⲈⲚ.
8 সচেতন হওক, পৰ দি থাকক। আপোনালোকৰ শত্ৰু চয়তানে গুজৰি থকা সিংহৰ নিচিনাকৈ যি কোনো এজনকে গ্ৰাস কৰিবলৈ গোপনে উপায় বিচাৰি ফুৰিছে।
ⲏ̅ϢⲰⲠⲒ ⲈⲢⲈⲦⲈⲚⲢⲎⲤ ⲞⲨⲞϨ ⲀⲢⲒⲚⲨⲘⲪⲒⲚ ϪⲈ ⲠⲈⲦⲈⲚϪⲀϪⲒ ⲠⲒⲆⲒⲀⲂⲞⲖⲞⲤ ϤⲘⲞϢⲒ ⲘⲪⲢⲎϮ ⲚⲞⲨⲘⲞⲨⲒ ⲈϤϨⲈⲘϨⲈⲘ ⲈϤⲔⲰϮ ⲚⲤⲀⲈⲘⲔ ⲞⲨⲀⲒ
9 তাৰ বিৰুদ্ধে থিয় হওক৷ আপোনালোকৰ বিশ্বাস দৃঢ় কৰি ৰাখক৷ এইটো জানিব যে, গোটেই জগতত থকা আপোনালোকৰ ভাতৃ সকলেও একে দুখভোগ কৰি আছে৷
ⲑ̅ⲪⲎ ⲈⲢⲈⲦⲈⲚⲞϨⲒ ⲈⲢⲀⲦⲈⲚ ⲐⲎⲚⲞⲨ ⲈϦⲞⲨⲚ ⲈϪⲰϤ ⲈⲢⲈⲦⲈⲚⲦⲀϪⲢⲎⲞⲨⲦ ϦⲈⲚⲠⲒⲚⲀϨϮ ⲈⲢⲈⲦⲈⲚⲤⲰⲞⲨⲚ ⲚⲚⲀⲒϦⲒⲤⲒ ⲚⲀⲒ ⲠϪⲰⲔ ⲚⲚⲀⲒ ⲚⲚⲈⲦⲈⲚⲤⲚⲎⲞⲨ ⲈⲦϦⲈⲚ ⲠⲒⲔⲞⲤⲘⲞⲤ.
10 ১০ আপোনালোকে অলপ সময় দুখভোগ কৰাৰ পাছত, সকলো অনুগ্ৰহৰ ঈশ্ৱৰ, যি জনে অনন্ত গৌৰৱৰ বাবে আপোনালোকক খ্ৰীষ্টত আমন্ত্ৰণ কৰিছে, তেৱেঁই আপোনালোকক সিদ্ধ, সুস্থিৰ আৰু বলৱন্ত কৰিব। (aiōnios g166)
ⲓ̅ⲪⲚⲞⲨϮ ⲆⲈ ⲚⲦⲈϨⲘⲞⲦ ⲚⲒⲂⲈⲚ ⲪⲎ ⲈⲦⲀϤⲐⲀϨⲈⲘ ⲐⲎⲚⲞⲨ ⲈϦⲞⲨⲚ ⲈⲠⲈϤⲰⲞⲨ ⲚⲈⲚⲈϨ ϦⲈⲚⲠⲬⲢⲒⲤⲦⲞⲤ ⲒⲎⲤⲞⲨⲤ ⲈⲀⲢⲈⲦⲈⲚϢⲈⲠ ⲘⲔⲀϨ ⲚⲞⲨⲔⲞⲨϪⲒ ⲚⲐⲞϤ ⲈϤⲈⲤⲈⲂⲦⲈ ⲐⲎⲚⲞⲨ ⲞⲨⲞϨ ⲈϤⲈⲤⲈⲘⲚⲈ ⲐⲎⲚⲞⲨ ⲈϤⲈϮϪⲞⲘ ⲚⲰⲦⲈⲚ ⲈϤⲈϨⲒⲤⲈⲚϮ ⲘⲘⲰⲦⲈⲚ. (aiōnios g166)
11 ১১ তেওঁৰ পৰাক্ৰম চিৰকাল হওক। আমেন। (aiōn g165)
ⲓ̅ⲁ̅ⲪⲰϤ ⲠⲈ ⲠⲒⲀⲘⲀϨⲒ ⲚⲈⲘ ⲠⲒⲰⲞⲨ ϢⲀ ⲈⲚⲈϨ ⲀⲘⲎⲚ. (aiōn g165)
12 ১২ মই চীলক বিশ্বাসী ভাই হিচাপে গণ্য কৰোঁ আৰু তেওঁৰ যোগেদি সংক্ষেপে এই পত্ৰ আপোনালোকলৈ লিখিলোঁ৷ আপোনালোকক প্ৰবোধ দিলোঁ আৰু এয়ে ঈশ্বৰৰ প্ৰকৃত অনুগ্ৰহ বুলি সাক্ষ্যও দিলোঁ৷ মই আপোনালোকক দৃঢ় আহ্বান কৰোঁ আৰু ঈশ্ৱৰৰ প্ৰকৃত অনুগ্ৰহৰ সাক্ষ্য দান কৰি, এই পত্ৰ লিখিলোঁ৷ ইয়াতে আপোনালোক দৃঢ় হৈ থাকক৷
ⲓ̅ⲃ̅ⲀⲒⲤϦⲀⲒ ⲚⲰⲦⲈⲚ ⲈⲂⲞⲖ ϨⲒⲦⲞⲦϤ ⲚⲤⲒⲖⲞⲨⲀⲚⲞⲤ ⲠⲈⲚⲤⲞⲚ ⲘⲠⲒⲤⲦⲞⲤ ϨⲰⲤ ⲈⲒⲘⲈⲨⲒ ϦⲈⲚϨⲀⲚⲔⲞⲨϪⲒ ⲈⲒϮⲚⲞⲘϮ ⲈⲒⲈⲢⲘⲈⲐⲢⲈ ϪⲈ ⲪⲀⲒ ⲠⲈ ⲠⲒϨⲘⲞⲦ ⲚⲦⲈⲪⲚⲞⲨϮ ϦⲈⲚⲞⲨⲘⲈⲐⲘⲎ ⲒⲪⲀⲒ ⲈⲦⲈⲦⲈⲚⲞϨⲒ ⲈⲢⲀⲦⲈⲚ ⲐⲎⲚⲞⲨ ⲚϦⲎⲦϤ.
13 ১৩ আপোনালোকৰ সৈতে মনোনীত হোৱা বাবিল দেশত থকা মণ্ডলীয়ে আৰু মোৰ পুত্ৰ মাৰ্কে আপোনালোকক মঙ্গলবাদ জনাইছে।
ⲓ̅ⲅ̅ⲤϢⲒⲚⲒ ⲈⲢⲰⲦⲈⲚ ⲚϪⲈϮϢⲪⲈⲢⲒ ⲚⲤⲞⲦⲠⲒ ⲈⲦϦⲈⲚ ⲂⲀⲂⲨⲖⲰⲚ ⲚⲈⲘ ⲘⲀⲢⲔⲞⲤ ⲠⲀϢⲎⲢⲒ.
14 ১৪ প্ৰেমৰ চুমাৰে আপোনালোকে পৰস্পৰক মঙ্গলবাদ দিয়ক। খ্ৰীষ্টত যি সকল আছে, আপোনালোক সকলোৰে শান্তি হওক।
ⲓ̅ⲇ̅ⲀⲢⲒⲀⲤⲠⲀⲌⲈⲤⲐⲈ ⲚⲚⲈⲦⲈⲚⲈⲢⲎⲞⲨ ϦⲈⲚⲞⲨⲪⲒ ⲚⲦⲈϮⲀⲄⲀⲠⲎ ⲦϨⲒⲢⲎⲚⲎ ⲚⲰⲦⲈⲚ ⲦⲎⲢⲞⲨ ⲚⲎ ⲈⲦϦⲈⲚ ⲠⲬⲢⲒⲤⲦⲞⲤ.

< ১ পিতৰ 5 >