< ১ পিতৰ 4 >

1 এতেকে, খ্ৰীষ্টই মাংসত দুখভোগ কৰাৰ কাৰণে, নিজকে সেই একে অভিপ্ৰায়েৰে সুসজ্জিত কৰক৷ যি জনে মাংসত দুখভোগ কৰে, সেই জনে পাপৰ পৰা ক্ষান্ত হয়৷
Saboda haka, da yake Kiristi ya sha wahala a jikinsa, sai ku ma ku yi wa kanku ɗamara da irin wannan hali, gama wanda ya sha wahala a jikinsa ya gama da zunubi ke nan.
2 এনে ব্যক্তিয়ে মাংসিক অভিলাষত দীর্ঘ সময় জীৱন-যাপন নকৰে৷ কিন্তু ঈশ্বৰৰ ইচ্ছাৰ দৰে মানৱ জীৱনৰ অৱশিষ্ট সময় কটায়৷
Ta haka, ba ya sauran rayuwarsa a kan mugayen sha’awace-sha’awacen jiki, sai dai nufin Allah.
3 যিহেতু অনা-ইহুদী সকলে কৰি অহা, ইন্দ্ৰিয়পৰায়ণতা, আবেগ, সুৰাসক্ত, পানার্থক আমোদ-প্ৰমোদ, ঘিণলগীয়া মূৰ্তিপূজা - এইবোৰত যি সময় পাৰ কৰিলে সেয়াই যথেষ্ট৷
Gama kun ɓata lokaci sosai a dā kuna yin abubuwan da masu bauta gumaka suka zaɓa su yi, kuna rayuwa cikin lalata, sha’awace-sha’awace, buguwa, shashanci, shaye-shaye da kuma bautar gumaka masu banƙyama.
4 তাতে আপোনালোকে তেওঁলোকৰ সৈতে সেইবোৰ কর্ম নকৰা দেখি তেওঁলোকে আচৰিত মানি আপোনালোকক নিন্দা কৰে।
Sun yi mamaki da ba kwa haɗa kai da su a yanzu, da ba kwa kutsa kai tare da su cikin irin rayuwar banzan nan, har suna zaginku.
5 কিন্তু যি জন জীৱিত আৰু মৃত লোক সকলৰ সোধ-বিচাৰ কৰিবলৈ যুগুত আছে, তেওঁৰ আগত তেওঁলোকে হিচাব দিব লাগিব।
Amma dole su ba da lissafi gare shi wanda yake a shirye yă shari’anta masu rai da matattu.
6 কিয়নো যি সকল মৰিল, তেওঁলোকৰ আগত এই অভিপ্ৰায়েৰে শুভবাৰ্তা প্ৰচাৰ কৰা হৈছিল, যদিও তেওঁলোকৰ বিচাৰ যিহেতু মানৱ শৰীৰত হব, আত্মাত তেওঁলোক সেই অনুসাৰে ঈশ্ৱৰলৈ জীৱিত৷
Dalilin ke nan da ya sa aka yi wa’azin bishara har ga waɗanda yanzu suke mutattu, don ko da yake an hukunta su a matsayin mutane a batun jiki, amma su rayu ga Allah a batun ruhu.
7 কিন্তু সকলোৰে শেষ ওচৰ চাপিছে; এতেকে প্ৰাৰ্থনাৰ কাৰণে সুবোধ আৰু সচেতন হৈ থাকক;
Ƙarshen abubuwa duka ya yi kusa. Saboda haka ku kasance masu tunani mai kyau da masu kamunkai don ku iya yin addu’a.
8 বিশেষকৈ আপোনালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখক; কিয়নো প্ৰেমে আনৰ পাপ সমূহ নিবিচাৰে।
Fiye da kome, ku ƙaunaci juna sosai, domin ƙauna tana rufe zunubai masu ɗumbun yawa.
9 আপত্তি নকৰাকৈ ইজন-সিজনৰ প্ৰতি অতিথিপৰায়ণ হওক।
Ku riƙa karɓar juna ba da gunaguni ba.
10 ১০ আপোনালোকে যেনেকৈ প্ৰতিজনে অনুগ্ৰহৰ বৰ পালে, তেনেকৈ ঈশ্বৰৰ বহুবিধ অনুগ্ৰহৰূপ ধনৰ উত্তম তত্ৱাৱধায়কৰদৰে, আপোনালোকে পৰস্পৰক সেৱা শুশ্ৰূষা কৰক;
Kowa yă yi amfani da kowace baiwar da ya samu don kyautata wa waɗansu, cikin aminci yana aikata alherin Allah a hanyoyi dabam-dabam.
11 ১১ যদি কোনোৱে কথা কয়, তেনেহলে ঈশ্বৰৰ বাক্যৰদৰে কওক; যদি কোনোৱে সেৱা শুশ্ৰূষা কৰে, তেনেহলে ঈশ্বৰে দিয়া শক্তি অনুসাৰে কৰক; এইদৰে সকলো বিষয়তে যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰ মহিমান্বিত হয়; তেওঁৰেই মহিমা আৰু পৰাক্ৰম চিৰকাল হওক। আমেন। (aiōn g165)
In wani ya yi magana, ya kamata yă yi ta a matsayin wanda yake magana ainihin kalmomin Allah. In wani yana yin hidima, ya kamata yă yi ta da ƙarfin da Allah ya tanadar, domin a cikin kome a yabi Allah ta wurin Yesu Kiristi. A gare shi ɗaukaka da iko sun tabbata har abada abadin. Amin. (aiōn g165)
12 ১২ হে প্ৰিয় লোক সকল, আপোনালোকক পৰীক্ষা কৰিবৰ কাৰণে আপোনালোকৰ মাজত যি অগ্নিময় কষ্টৰ জুই জ্ৱলিছে, এইবোৰত আপোনালোকে বিস্মিত নহ’ব, কোনো অদ্ভুত বিষয় ঘটিছে বুলি মনত নাভাবিব৷
Abokaina ƙaunatattu, kada ku yi mamakin gwaji mai tsananin da kuke sha, sai ka ce wani baƙon abu ne yake faruwa da ku.
13 ১৩ কিন্তু খ্ৰীষ্টৰ দুখভোগৰ সহভাগী হোৱা বাবে আপোনালোকে আনন্দ কৰক, ইয়াৰ উপৰি তেওঁৰ গৌৰৱ প্ৰকাশিত হোৱা সময়ত আপোনালোকে অধিক আনন্দ আৰু উল্লাস কৰিব পাৰিব।
Sai dai ku yi murna cewa kuna tarayya cikin shan wahalolin Kiristi, domin ku kai ga farin ciki mai yawa sa’ad da aka bayyana ɗaukakarsa.
14 ১৪ আপোনালোক ধন্য, যদি আপোনালোকে খ্ৰীষ্টৰ নামৰ কাৰণে নিন্দিত হয়; কাৰণ ঈশ্ৱৰৰ আত্মা আৰু গৌৰৱৰ আত্মা আপোনালোকৰ ওপৰত স্থিৰ হৈ আছে।
In an zage ku saboda sunan Kiristi, ku masu albarka ne, gama Ruhun ɗaukaka da kuma na Allah yana bisanku.
15 ১৫ কিন্তু আপোনালোকৰ মাজত কোনেও যেন নৰবধী, চোৰ, কুকৰ্মকাৰী বা পৰচৰ্চ্চাকাৰী বুলি দুখভোগ নকৰক;
In kuna shan wahala, kada yă zama don ku masu kisankai ne ko ɓarayi ko masu wani irin laifi ko kuma masu shisshigi.
16 ১৬ যদি কোনো এজনে খ্ৰীষ্টিয়ান হোৱা কাৰণে দুখভোগ কৰে, তেনেহলে লজ্জিত নহওক; কিন্তু সেই নামেৰে ঈশ্বৰক মহিমান্বিত কৰক।
Amma fa, in kuka sha wahala a matsayin ku Kirista ne, kada ku ji kunya, sai dai ku yabi Allah cewa kuna amsa wannan suna.
17 ১৭ কিয়নো ঈশ্বৰৰ পৰিয়াল বর্গৰ সৈতে সোধ-বিচাৰৰ সময় আৰম্ভ হৈছে; আৰু সেয়ে যদি প্ৰথমে আমাৰ সৈতে আৰম্ভ হয়, তেনেহলে ঈশ্বৰৰ শুভবাৰ্তা নমনা সকলৰ শেষগতি কি হ’ব?
Gama lokaci ya yi da za a fara yi wa iyalin Allah shari’a; in kuwa ya fara da mu, to, me zai faru da waɗanda ba sa biyayya da bisharar Allah?
18 ১৮ আৰু যদি ধাৰ্মিক লোকেই কোনো প্ৰকাৰেহে পৰিত্ৰাণ পায়, তেনেহলে ভক্তিহীন আৰু পাপিষ্ঠ লোকে ক’ত মুখ দেখুৱাব?
Kuma, “In da ƙyar masu adalci su kuɓuta, me zai faru da marasa tsoron Allah da kuma masu zunubi?”
19 ১৯ এই কাৰণে যি সকল লোকে ঈশ্বৰৰ ইচ্ছা অনুসাৰে দুখভোগ কৰে, সেই লোক সকলে সৎ কৰ্ম কৰি, নিজ নিজ জীৱাত্মাক বিশ্বাসী সৃষ্টিকৰ্ত্তাৰ হাতত সমৰ্পণ কৰক।
Saboda haka, waɗanda suke shan wahala bisa ga nufin Allah ya kamata su danƙa kansu ga Mahaliccinsu mai aminci, su kuma ci gaba da aikata abin da yake daidai.

< ১ পিতৰ 4 >