< ১ পিতৰ 3 >
1 ১ সেইদৰে হে ভাৰ্যা সকল, আপোনালোক নিজ নিজ স্বামীৰ বশীভূত হওক; গতিকে, তেখেত সকলৰ কোনো কোনোৱে যদিও ঈশ্বৰৰ বাক্য অমান্য কৰে, তথাপি নিজ নিজ ভাৰ্য্যাৰ আচাৰ-ব্যৱহাৰৰ দ্বাৰাই,
ⲁ̅ⲠⲀⲒⲢⲎϮ ⲞⲚ ⲠⲈ ⲚⲒⲔⲈϨⲒⲞⲘⲒ ⲈⲨϬⲚⲞ ⲚϪⲰⲞⲨ ⲚⲚⲞⲨϨⲀⲒ ⲒⲤϪⲈ ⲞⲨⲞⲚ ϨⲀⲚⲞⲨⲞⲚ ⲚⲤⲈϮⲘⲀϮ ⲀⲚ ⲚⲈⲘ ⲠⲒⲤⲀϪⲒ ⲈⲂⲞⲖ ϨⲒⲦⲞⲦϤ ⲘⲠⲒϪⲒⲚⲘⲞϢⲒ ⲚⲦⲈⲚⲒϨⲒⲞⲘⲒ ⲚⲦⲞⲨϪⲈⲘϨⲎⲞⲨ ⲘⲘⲰⲞⲨ ⲀϬⲚⲈ ⲤⲀϪⲒ.
2 ২ আপোনালোকৰ ভয়যুক্ত নিৰ্মল আচাৰ-ব্যৱহাৰ দেখি, তাৰ দ্বাৰাই বিনাবাক্যেৰে যেন তেওঁলোকক পোৱা যায়, সেই বাবে বশীভূত হওক।
ⲃ̅ⲈⲨⲚⲀⲨ ⲈⲠⲈⲦⲈⲚϪⲒⲚⲘⲞϢⲒ ⲈⲦⲦⲞⲨⲂⲎⲞⲨⲦ ϦⲈⲚⲞⲨϨⲞϮ.
3 ৩ কেশ-বেশ আৰু সোণৰ অলঙ্কাৰ পিন্ধা বা নানা বস্ত্ৰ পৰিধান; এনে বাহ্যিক ভূষণ আপোনালোকৰ নহওক।
ⲅ̅ϦⲈⲚ ⲚⲀⲒ ⲘⲀⲢⲈϤϢⲰⲠⲒ ⲚϪⲈⲠⲒⲤⲞⲖⲤⲈⲖ ⲀⲚ ⲈⲦⲤⲀⲂⲞⲖ ⲚⲦⲈⲚⲒⲒⲈⲂ ⲚϨⲰⲖⲔ ⲚⲦⲈⲚⲒϤⲰⲒ ⲚⲈⲘ ⲚⲒⲒⲈⲂ ⲚⲚⲞⲨⲂ ⲒⲈ ϦⲈⲚⲞⲨϨⲈⲂⲤⲰ ⲚϮϨⲒⲰⲦⲞⲨ ⲈⲤⲤⲈⲖⲤⲰⲖ.
4 ৪ কিন্তু আপোনালোকৰ হৃদয়ত নিৰ্দোষীৰূপে চিৰস্থায়ী হৈ থকা শান্ত আৰু নম্ৰ আত্মা আপোনালোকৰ ভূষণ হোৱা উচিত, এয়াই ঈশ্বৰৰ দৃষ্টিত মহা মূল্যৱান৷
ⲇ̅ⲀⲖⲖⲀ ⲠⲒⲢⲰⲘⲒ ⲈⲦϨⲎⲠ ϦⲈⲚⲠⲒϨⲎⲦ ϦⲈⲚⲠⲒⲀⲦⲦⲀⲔⲞ ⲚⲦⲈⲠⲒⲠⲚⲈⲨⲘⲀⲈⲦϨⲞⲨⲢⲰⲞⲨ ⲞⲨⲞϨ ⲚⲢⲈⲘⲢⲀⲨϢ ⲪⲎ ⲈⲦⲈ ⲘⲠⲈⲘⲐⲞ ⲘⲪⲚⲞⲨϮ ⲚⲞⲨⲐⲞ ⲚⲢⲎϮ.
5 ৫ কিয়নো আগৰ কালত যি পবিত্ৰ তিৰোতা সকলে ঈশ্বৰত ভাৰসা ৰাখিছিল, তেখেত সকলেও নিজ নিজ স্বামীৰ বশীভূত হৈ, সেইদৰে নিজক বিভূষিত কৰিলে;
ⲉ̅ⲠⲀⲒⲢⲎϮ ⲄⲀⲢ ⲠⲈ ⲚⲞⲨⲤⲎⲞⲨ ⲚⲚⲒϨⲒⲞⲘⲒ ⲈⲐⲞⲨⲀⲂ ⲚⲀⲨⲈⲢϨⲈⲖⲠⲒⲤ ⲈⲪⲚⲞⲨϮ ⲠⲈ ⲚⲀⲨⲤⲞⲖⲤⲈⲖ ⲘⲘⲰⲞⲨ ⲈⲨϬⲚⲞ ⲚϪⲰⲞⲨ ⲚⲚⲞⲨϨⲀⲒ.
6 ৬ সেইদৰে চাৰাই অব্ৰাহামৰ আজ্ঞা মানিলে। এতিয়া আপোনালোকেও যদি উচিত কৰ্ম কৰে আৰু আপোনালোকৰ কোনো সমস্যাৰ বাবে যদি ভয় নাথাকে, তেনেহলে আপোনালোক তেওঁৰ জীয়ৰী৷
ⲋ̅ⲘⲪⲢⲎϮ ⲄⲀⲢ ⲚⲤⲀⲢⲢⲀ ⲈⲤⲤⲰⲦⲈⲘ ⲚⲤⲀⲀⲂⲢⲀⲀⲘ ⲈⲤⲘⲞⲨϮ ⲈⲢⲞϤ ϪⲈ ⲠⲀϬⲞⲒⲤ ⲐⲎ ⲈⲦⲀⲢⲈⲦⲈⲚⲈⲢϢⲈⲢⲒ ⲚⲀⲤ ⲈⲢⲈⲦⲈⲚⲒⲢⲒ ⲘⲠⲒⲠⲈⲐⲚⲀⲚⲈϤ ⲞⲨⲞϨ ⲈⲢⲈⲦⲈⲚⲈⲢϨⲞϮ ⲀⲚ ϦⲀⲦϨⲎ ⲚϨⲖⲒ ⲚϨⲞϮ
7 ৭ সেইদৰে হে স্বামী সকল, আপোনালোকতকৈ স্ত্ৰী সকল মাটিৰ পাত্ৰৰদৰে কোমল, জীৱনৰূপ অনুগ্ৰহৰ সহকাৰিণী বুলি জানি, আপোনালোকৰ প্ৰাৰ্থনাত যেন বাধা নজন্মে, এই কাৰণে তেখেত সকলৰ সৈতে জ্ঞানমতে সহবাস কৰি তেখেত সকলক সমাদৰ কৰক।
ⲍ̅ⲠⲀⲒⲢⲎϮ ⲞⲚ ⲚⲒⲔⲈϨⲰⲞⲨⲦ ⲈⲢⲈⲦⲈⲚϢⲞⲠ ⲚⲈⲘⲰⲞⲨ ⲈⲢⲈⲦⲈⲚⲈⲘⲒ ϪⲈ ⲞⲨⲤⲔⲈⲨⲞⲤ ⲚⲀⲤⲐⲈⲚⲎ ⲤⲠⲈ ⲚⲒϨⲒⲞⲘⲒ ⲈⲢⲈⲦⲈⲚϮⲦⲀⲒⲞ ⲚⲰⲞⲨ ϨⲰⲤ ⲈⲨⲞⲒ ⲚϢⲪⲎⲢ ⲚⲔⲖⲎⲢⲞⲚⲞⲘⲞⲤ ⲚⲈⲘⲰⲦⲈⲚ ⲈⲠⲒϨⲘⲞⲦ ⲚⲦⲈⲠⲰⲚϦ ⲚⲞⲨⲐⲞ ⲚⲢⲎϮ ϨⲒⲚⲀ ϪⲈ ⲚⲚⲈⲦⲈⲚⲦⲀϨⲚⲞ ϦⲈⲚⲚⲈⲦⲈⲚⲠⲢⲞⲤⲈⲨⲬⲎ.
8 ৮ অৱশেষত কওঁ, আপোনালোক সকলোৱে একে মনৰ, আনৰ দুখত দূঃখী, স্নেহশীল, প্ৰেম কৰোঁতা আৰু নম্ৰ হওক৷
ⲏ̅ⲠϪⲰⲔ ⲆⲈ ⲈⲢⲈⲦⲈⲚⲞⲒ ⲚⲞⲨⲘⲈⲨⲒ ⲚⲞⲨⲰⲦ ⲦⲎⲢⲞⲨ ⲈⲢⲈⲦⲈⲚⲞⲒ ⲚϢⲪⲎⲢ ⲚϬⲒϦⲒⲤⲒ ⲈⲢⲈⲦⲈⲚⲞⲒ ⲘⲘⲀⲒⲤⲞⲚ ⲚϢⲀⲚⲐⲘⲀϦⲦ ⲈⲢⲈⲦⲈⲚⲐⲈⲂⲒⲎ ⲞⲨⲦ.
9 ৯ অপকাৰৰ সলনি অপকাৰ, আৰু তিৰস্কাৰৰ সলনি তিৰস্কাৰ নকৰক, বিৰোধিতাত পুনৰায় আশীৰ্বাদ কৰক, কিয়নো ইয়াৰ বাবে আপোনালোক আমন্ত্ৰিত, আপোনালোক ক্ষমতাপূৰ্ণ আশীৰ্বাদৰ উত্তৰাধিকাৰ পোৱা লোক৷ কিয়নো আশীৰ্বাদৰ অধিকাৰী হ’বৰ কাৰণে আপোনালোক আমন্ত্ৰিত হ’ল।
ⲑ̅ⲚⲦⲈⲦⲈⲚϮ ⲚⲞⲨⲠⲈⲦϨⲰⲞⲨ ⲀⲚ ϦⲀ ⲞⲨⲠⲈⲦϨⲰⲞⲨ ⲞⲨⲆⲈ ⲞⲨϨⲰⲞⲨϢ ϦⲀ ⲞⲨϨⲰⲞⲨϢ ⲠⲈⲦⲞⲨⲂⲎϤ ⲆⲈ ⲈⲢⲈⲦⲈⲚⲤⲘⲞⲨ ϪⲈ ⲈⲦⲀⲨⲐⲀϨⲈⲘ ⲐⲎⲚⲞⲨ ⲈⲠⲀⲒϨⲰⲂ ϨⲒⲚⲀ ⲚⲦⲈⲦⲈⲚⲈⲢⲔⲖⲎ ⲢⲞⲚⲞⲘⲒⲚ ⲘⲠⲒⲤⲘⲞⲨ.
10 ১০ “কাৰণ, যি জনে জীৱনক প্ৰেম কৰিবলৈ, আৰু মঙ্গলৰ দিন চাবলৈ ইচ্ছা কৰে, তেখেতে কু-কথাৰ পৰা নিজৰ জিভা, আৰু ছলনা-বাক্যৰ পৰা নিজৰ ওঁঠ ৰাখক;
ⲓ̅ⲪⲎ ⲄⲀⲢ ⲈⲐⲞⲨⲰϢ ⲈⲘⲈⲚⲢⲈ ⲞⲨⲰⲚϦ ⲞⲨⲞϨ ⲈⲚⲀⲨ ⲈϨⲀⲚⲈϨⲞⲞⲨ ⲈⲚⲀⲚⲈⲨ ⲘⲀⲢⲈϤⲦⲀⲖϬ ⲞⲘⲠⲈϤⲖⲀⲤ ⲈⲂⲞⲖ ϨⲀ ⲠⲒⲠⲈⲦϨⲰⲞⲨ ⲞⲨⲞϨ ⲚⲈϤⲤⲪⲞⲦⲞⲨ ⲈϢⲦⲈⲘⲤⲀϪⲒ ⲚⲞⲨⲬⲢⲞϤ
11 ১১ কু-পথৰ পৰা ঘূৰক আৰু ভাল কৰ্ম কৰক৷ শান্তি বিচাৰক আৰু তাতে লাগি থাকক৷
ⲓ̅ⲁ̅ⲘⲀⲢⲈϤⲢⲒⲔⲒ ⲤⲀⲂⲞⲖ ⲘⲠⲒⲠⲈⲦϨⲰⲞⲨ ⲘⲀⲢⲈϤⲒⲢⲒ ⲘⲠⲒⲀⲄⲀⲐⲞⲚ ⲘⲀⲢⲈϤⲔⲰϮ ⲚⲤⲀⲞⲨϨⲒⲢⲎⲚⲎ ⲞⲨⲞϨ ⲚⲦⲈϤϬⲞϪⲒ ⲚⲤⲰⲤ
12 ১২ প্ৰভুৰ চকুৱে ধাৰ্মিক সকলক দৃষ্টি কৰে, আৰু তেওঁৰ কাণে তেখেত সকলৰ প্ৰাৰ্থনা শুনে৷ কিন্তু যি সকল কু-কৰ্মী, তেখেত সকললৈ প্ৰভুৰ মুখ বিৰোধী৷”
ⲓ̅ⲃ̅ϪⲈ ⲚⲈⲚⲂⲀⲖ ⲘⲠϬⲞⲒⲤ ⲤⲈϪⲞⲨϢⲦ ⲈϪⲈⲚ ⲚⲒⲐⲘⲎⲒ ⲞⲨⲞϨ ⲚⲈϤⲘⲀϢϪ ⲤⲈⲢⲀⲔⲒ ⲚⲤⲀⲠⲞⲨⲦⲰⲂϨ ⲠϨⲞ ⲆⲈ ⲘⲠϬⲞⲒⲤ ⲈϪⲈⲚ ⲚⲎ ⲈⲦⲒⲢⲒ ⲘⲠⲒⲠⲈⲦϨⲰⲞⲨ
13 ১৩ যি ভাল, তালৈ যদি আপোনালোকে ইচ্ছা কৰে, তেনেহলে আপোনালোকক কোনে ক্ষতি কৰিব?
ⲓ̅ⲅ̅ⲞⲨⲞϨ ⲚⲒⲘ ⲈⲐⲚⲀϢϮⲘⲔⲀϨ ⲚⲰⲦⲈⲚ ⲈϢⲰⲠ ⲀⲢⲈⲦⲈⲚϢⲀⲚⲈⲢⲢⲈϤⲬⲞϨ ⲈⲠⲒⲠⲈⲐⲚⲀⲚⲈϤ.
14 ১৪ কিন্তু ধাৰ্মিকতাৰ কাৰণে যদিও দুখভোগ কৰিব লগা হয়, তথাপি আপোনালোক ধন্য; কিন্তু তেওঁলোকৰ ভয়ত ভয়াতুৰ নহ’ব আৰু ব্যাকুল নহ’ব৷
ⲓ̅ⲇ̅ⲀⲖⲖⲀ ⲒⲤϪⲈ ⲦⲈⲦⲈⲚⲈⲢⲠⲔⲈϬⲒⲘⲔⲀϨ ⲈⲐⲂⲈ ϮⲘⲈⲐⲘⲎⲒ ⲰⲞⲨⲚⲒⲀⲦⲈⲚ ⲐⲎⲚⲞⲨ ⲦⲞⲨϨⲞϮ ⲆⲈ ⲘⲠⲈⲢⲈⲢϨⲞϮ ϦⲀⲦⲈⲤϨⲎ ⲞⲨⲆⲈ ⲘⲠⲈⲢϢⲐⲞⲢⲦⲈⲢ.
15 ১৫ ইয়াৰ পৰিৱৰ্তে খ্ৰীষ্টক প্ৰভু হিচাপে আপোনালোকৰ হৃদয়ত পবিত্ৰ ৰূপে মানিব; যি কোনোৱে আপোনালোকৰ অন্তৰত থকা আশাৰ বিষয়ে বিচাৰ লয়, তেওঁক আপোনালোকে নিজৰ পক্ষে উত্তৰ দিবলৈ সষ্টম থাকিব, কিন্তু নম্ৰতা আৰু সন্মানেৰে সৈতে এইবোৰ কৰিব৷
ⲓ̅ⲉ̅ⲠϬⲞⲒⲤ ⲆⲈ ⲠⲬⲢⲒⲤⲦⲞⲤ ⲘⲀⲦⲞⲨⲂⲞϤ ⲈϦⲢⲎⲒ ϦⲈⲚⲚⲈⲦⲈⲚϨⲎⲦ ⲈⲢⲈⲦⲈⲚⲤⲞⲂϮ ⲘⲘⲰⲦⲈⲚ ⲚⲤⲎ ⲞⲨ ⲚⲒⲂⲈⲚ ⲈⲨⲀⲠⲞⲖⲞⲄⲒⲀ ⲚⲞⲨⲞⲚ ⲚⲒⲂⲈⲚ ⲈⲐⲚⲀⲈⲢⲈⲦⲒⲚ ⲘⲘⲰⲦⲈⲚ ⲚⲞⲨⲤⲀϪⲒ ⲈⲐⲂⲈ ϮϨⲈⲖⲠⲒⲤ ⲈⲦϦⲈⲚ ⲐⲎⲚⲞⲨ
16 ১৬ যি সকলে খ্ৰীষ্টত থাকি কৰা আপোনালোকৰ সদাচৰণৰ নিন্দা কৰে, আপোনালোক যি বিষয়ত নিন্দিত হয়, সেই বিষয়ত তেওঁলোক যেন লাজত পৰিব, এই কাৰণে আপোনালোকে উত্তম বিবেক ৰাখিব।
ⲓ̅ⲋ̅ⲀⲖⲖⲀ ϦⲈⲚⲞⲨⲘⲈⲦⲢⲈⲘⲢⲀⲨϢ ⲚⲈⲘ ⲞⲨϨⲞϮ ⲈⲞⲨⲞⲚ ⲚⲦⲰⲦⲈⲚ ⲘⲘⲀⲨ ⲚⲞⲨⲤⲨⲚⲎⲆⲈⲤⲒⲤ ⲈⲚⲀⲚⲈⲤ ϨⲒⲚⲀ ⲚⲦⲞⲨϬⲒϢⲒⲠⲒ ⲚϪⲈⲚⲎ ⲈⲦⲤⲀϪⲒ ϦⲀⲢⲰⲦⲈⲚ ⲘⲪⲢⲎϮ ⲚϨⲀⲚⲤⲀⲘⲠⲈⲦϨⲰⲞⲨ ⲞⲨⲞϨ ⲈⲦϬⲒⲀⲞⲨⲰ ⲘⲠⲈⲦⲈⲚϪⲒⲚⲘⲞϢⲒ ⲈⲐⲚⲀⲚⲈϤ ϦⲈⲚⲠⲬⲢⲒⲤⲦⲞⲤ.
17 ১৭ কিয়নো কুকৰ্ম কৰি দুখভোগ কৰাতকৈ, ঈশ্বৰৰ যদি এনে ইচ্ছা হয়, তেনেহলে সৎ কৰ্ম কৰি দুখভোগ কৰা বেছি ভাল৷
ⲓ̅ⲍ̅ⲚⲀⲚⲈⲤ ⲄⲀⲢ ⲚⲦⲈⲦⲈⲚⲒⲢⲒ ⲘⲠⲒⲠⲈⲐⲚⲀⲚⲈϤ ⲒⲤϪⲈ ϤⲞⲨⲰϢ ⲚϪⲈⲠⲒⲐⲈⲖⲎⲘⲀ ⲚⲦⲈⲪⲚⲞⲨϮ ⲚⲦⲈⲦⲈⲚϬⲒⲘⲔⲀϨ ⲈϨⲞⲦⲈ ⲈⲢⲈⲦⲈⲚⲒⲢⲒ ⲘⲠⲒⲠⲈⲦϨⲰⲞⲨ
18 ১৮ খ্ৰীষ্টয়ো সেই পাপৰ সম্বন্ধে এবাৰ দূখ-ভোগ কৰিলে৷ আমাক ঈশ্বৰৰ ওচৰলৈ নিবলৈ, অধাৰ্মিক সকলৰ কাৰণে ধাৰ্মিক জনে, অৰ্থাৎ খ্ৰীষ্টে পাপবোৰৰ কাৰণে কেৱল এবাৰ দুখভোগ কৰিলে; তেওঁ মাংসত হত হ’ল, কিন্তু আত্মাত হ’লে পুনৰ্জীৱিত হ’ল;
ⲓ̅ⲏ̅ϪⲈ ⲞⲨⲎⲒ ϨⲰϤ ⲠⲬⲢⲒⲤⲦⲞⲤ ⲀϤⲘⲞⲨ ⲚⲞⲨⲤⲞⲠ ⲈⲐⲂⲈ ⲪⲚⲞⲂⲒ ⲈϨⲢⲎⲒ ⲈϪⲰⲚ ⲠⲒⲐⲘⲎⲒ ⲆⲈ ⲈϪⲈⲚ ⲚⲒⲞϪⲒ ϨⲒⲚⲀ ⲚⲦⲈϤⲈⲚⲦⲈⲚ ⲈϦⲞⲨⲚ ⲘⲪⲚⲞⲨϮ ⲈⲀϤⲘⲞⲨ ⲘⲈⲚ ϦⲈⲚⲦⲤⲀⲢⲜ ϤⲞⲚϦ ⲆⲈ ϦⲈⲚⲠⲒⲠⲚⲀ
19 ১৯ সেই আত্মাৰে তেওঁ গ’ল আৰু এতিয়া কাৰাগাৰত থকা আত্মাবোৰৰ ওচৰত গৈ প্রচাৰ কৰিলে৷
ⲓ̅ⲑ̅ϦⲈⲚ ⲪⲀⲒ ⲚⲒⲔⲈⲠⲚⲈⲨⲘⲀⲈⲦϦⲈⲚ ⲠⲒϢⲦⲈⲔⲞ ⲀϤϢⲈ ⲚⲀϤ ⲀϤϨⲒϢⲈⲚⲚⲞⲨϤⲒ ⲚⲰⲞⲨ
20 ২০ সেইবোৰ নোহৰ সময়ত ঈশ্বৰৰ আবাধ্য আছিল৷ নোহৰ জাহাজ তৈয়াৰ কৰাৰ সময়ত ঈশ্বৰ সহিষ্ণু হৈ তেওঁলোকৰ বাবে অপেক্ষা কৰিছিল৷ ঈশ্বৰে অলপ মানুহক ৰক্ষা কৰিলে, আঠ টা আত্মা সেই জলৰ পৰা ৰক্ষা পালে৷
ⲕ̅ⲚⲎ ⲈⲦⲀⲨⲈⲢⲀⲦⲐⲰⲦ ⲚϨⲎⲦ ⲚⲞⲨⲤⲎⲞⲨ ϨⲞⲦⲈ ⲈⲦⲀⲤϬⲒϨⲞ ⲚϪⲈϮⲘⲈⲦⲢⲈϤⲰⲞⲨ ⲚϨⲎⲦ ⲚⲦⲈⲪⲚⲞⲨϮ ϦⲈⲚⲚⲒⲈϨⲞⲞⲨ ⲚⲦⲈⲚⲰⲈ ⲈⲦⲀϤⲐⲀⲘⲒⲞ ⲚⲞⲨⲔⲨⲂⲰⲦⲞⲤ ⲐⲎ ⲈⲦⲀ ϨⲀⲚⲔⲞⲨϪⲒ ⲚⲞϨⲈⲘ ⲈⲂⲞⲖ ϨⲒⲦⲞⲦⲤ ⲈⲂⲞⲖ ϦⲈⲚⲠⲒⲘⲰⲞⲨ ⲈⲦⲈ ⲎⲘⲮⲨⲬⲎ ⲚⲈ.
21 ২১ সেই জল বাপ্তিস্মৰ প্ৰতীক, যাৰ যোগে আপোনালোকে ৰক্ষা পালে৷ সেই বাপ্তিস্মৰ যোগেদি শৰীৰৰ ময়লা আতৰোৱা নহয়, কিন্তু ঈশ্বৰৰ ওচৰত সৎ বিবেক বজায় ৰখাৰ কাৰণে এক আবেদন৷ যীচু খ্ৰীষ্টৰ পুনৰুত্থানৰ যোগেদিহে আপোনালোকে ৰক্ষা পালে৷
ⲕ̅ⲁ̅ⲠⲀⲒⲢⲎϮ ⲚⲐⲰⲦⲈⲚ ϨⲰⲦⲈⲚ ϮⲚⲞⲨ ϤⲚⲀⲚⲀϨⲈⲘ ⲐⲎⲚⲞⲨ ϦⲈⲚⲞⲨⲦⲨⲠⲞⲤ ⲚⲦⲈⲞⲨⲰⲘⲤ ⲚⲞⲨⲬⲰ ⲈϦⲢⲎⲒ ⲀⲚ ⲚⲦⲈⲞⲨⲐⲰⲖⲈⲂ ⲚⲦⲈⲦⲤⲀⲢⲜ ⲀⲖⲖⲀ ϦⲈⲚⲞⲨⲤⲨⲚⲎⲆⲈⲤⲒⲤ ⲈⲚⲀⲚⲈⲤ ⲈⲠϪⲒⲚⲦⲰⲂϨ ⲘⲪⲚⲞⲨϮ ⲈⲂⲞⲖ ϨⲒⲦⲈⲚ ⲠⲦⲰⲚϤ ⲚⲒⲎⲤⲞⲨⲤ ⲠⲬⲤ
22 ২২ তেওঁ স্বৰ্গলৈ গ’ল৷ স্বৰ্গৰ দূত সকল, বিধিসংগত শাসন, আৰু পৰাক্ৰম, অৱশ্যে তেওঁলৈ সমৰ্পন কৰক৷
ⲕ̅ⲃ̅ⲪⲎ ⲈⲦⲬⲎ ⲤⲀⲞⲨⲒⲚⲀⲘ ⲘⲪⲚⲞⲨϮ ⲈⲀϤϢⲈ ⲚⲀϤ ⲈⲦⲪⲈ ⲀⲨϬⲚⲈϪⲰⲞⲨ ⲚⲀϤ ⲚϪⲈϨⲀⲚⲀⲄⲄⲈⲖⲞⲤ ⲚⲈⲘ ϨⲀⲚⲈⲜⲞⲨⲤⲒⲀ ⲚⲈⲘ ϨⲀⲚϪⲞⲘ.