< ১ পিতৰ 2 >
1 ১ এতেকে সকলো মন্দ, প্ৰৱঞ্চনা, কপটতা, হিংসা আৰু পৰচৰ্চা, দূৰ কৰক৷
sarvvAn dveShAn sarvvAMshcha ChalAn kApaTyAnIrShyAH samastaglAnikathAshcha dUrIkR^itya
2 ২ নতুনকৈ জন্ম হোৱা শিশু সকলৰ দৰে, মিহলি নোহোৱা শুদ্ধ আত্মিক গাখীৰলৈ অতিশয় হাবিয়াহ কৰক, আৰু তাৰ দ্বাৰাই পৰিত্রাণৰ অৰ্থে আপোনালোকে বৃদ্ধি হওক,
yuShmAbhiH paritrANAya vR^iddhiprAptyarthaM navajAtashishubhiriva prakR^itaM vAgdugdhaM pipAsyatAM|
3 ৩ যদিহে আপোনালোকে প্ৰভু স্নেহশীল বুলি আস্বাদ পালে৷
yataH prabhu rmadhura etasyAsvAdaM yUyaM prAptavantaH|
4 ৪ তেওঁৰ ওচৰলৈ আহক, যি জন জীৱনময় শিল মানুহৰ দ্বাৰাই অগ্ৰাহ্য হ’ল, কিন্তু তেওঁ ঈশ্বৰৰ দ্বাৰাই মনোনীত আৰু বহুমুলীয়া৷
aparaM mAnuShairavaj nAtasya kintvIshvareNAbhiruchitasya bahumUlyasya jIvatprastarasyeva tasya prabhoH sannidhim AgatA
5 ৫ আপোনালোকে নিজেও জীৱন্ত শিলৰ দৰে গঁথা হৈ, যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ পৰমগ্ৰাহ্য আত্মিক যজ্ঞ উৎসৰ্গ কৰিবলৈ, পবিত্ৰ পুৰোহিত সমূহ হ’বৰ অৰ্থে এক আত্মিক ঘৰ হৈ উঠিছে।
yUyamapi jIvatprastarA iva nichIyamAnA AtmikamandiraM khrIShTena yIshunA cheshvaratoShakANAm AtmikabalInAM dAnArthaM pavitro yAjakavargo bhavatha|
6 ৬ কিয়নো ধৰ্মশাস্ত্ৰত এইদৰে লিখা আছে, চোৱা, মই চিয়োনত মনোনীত আৰু বহুমূল্য চুকৰ এক প্ৰধান শিল স্থাপন কৰোঁ; যি জনে তেওঁত বিশ্বাস কৰে, তেওঁ কোনোমতে লাজত নপৰিব।
yataH shAstre likhitamAste, yathA, pashya pAShANa eko. asti sIyoni sthApito mayA| mukhyakoNasya yogyaH sa vR^itashchAtIva mUlyavAn| yo jano vishvaset tasmin sa lajjAM na gamiShyati|
7 ৭ এতেকে বিশ্বাস কৰা যি আপোনালোক, আপোনালোকৰ কাৰণেই সেই শিল বহুমূল্যৰ; কিন্তু, অবিশ্বাস কৰা সকলৰ কাৰণে, ঘৰ-সজীয়া সকলে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ’ল,
vishvAsinAM yuShmAkameva samIpe sa mUlyavAn bhavati kintvavishvAsinAM kR^ite nichetR^ibhiravaj nAtaH sa pAShANaH koNasya bhittimUlaM bhUtvA bAdhAjanakaH pAShANaH skhalanakArakashcha shailo jAtaH|
8 ৮ আৰু, “উজুটি খুউৱা শিল, আৰু বিঘ্নজনক শিল হ’ল।” তেওঁলোক বিঘ্নজনক, তেওঁলোকে বাক্য অমান্য কৰাত উজুটি খায়, তাৰ কাৰণে তেওঁলোক নিযুক্তও হৈছিল।
te chAvishvAsAd vAkyena skhalanti skhalane cha niyuktAH santi|
9 ৯ কিন্তু আপোনালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিত সমূহ, পবিত্ৰ জাতি, আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছে যাতে, যি জনে আপোনালোকক আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ আমন্ত্ৰণ কৰিলে, আপোনালোকে যেন তেওঁৰ সদগুণ প্ৰকাশ কৰে৷ এই কাৰণে
kintu yUyaM yenAndhakAramadhyAt svakIyAshcharyyadIptimadhyam AhUtAstasya guNAn prakAshayitum abhiruchito vaMsho rAjakIyo yAjakavargaH pavitrA jAtiradhikarttavyAH prajAshcha jAtAH|
10 ১০ আগেয়ে আপোনালোক প্ৰজা নাছিল, কিন্তু এতিয়া ঈশ্বৰৰ প্ৰজা হ’ল; দয়াৰ পাত্ৰ নাছিল, কিন্তু এতিয়া দয়াৰ পাত্ৰ হ’ল।
pUrvvaM yUyaM tasya prajA nAbhavata kintvidAnIm Ishvarasya prajA Adhve| pUrvvam ananukampitA abhavata kintvidAnIm anukampitA Adhve|
11 ১১ হে প্ৰিয় সকল, আপোনালোক বিদেশী আৰু প্ৰবাসী; সেয়েহে মই আপোনালোকক মিনতি কৰোঁ যে আত্মাৰ বিৰুদ্ধে যুদ্ধ কৰা মাংসিক অভিলাষৰ পৰা পৃথকে থাকক৷
he priyatamAH, yUyaM pravAsino videshinashcha lokA iva manasaH prAtikUlyena yodhibhyaH shArIrikasukhAbhilAShebhyo nivarttadhvam ityahaM vinaye|
12 ১২ আপোনালোকক অনা-ইহুদী সকলে যি বিষয়ত দুষ্কৰ্ম্মকাৰী বুলি বিৰোধী কথা কয়, সেই বিষয়ত তেওঁলোকে আপোনালোকৰ সৎকৰ্ম দেখি কৃপাদৃষ্টিৰ দিনা যেন ঈশ্বৰৰ স্তুতি কৰে, তাৰ কাৰণে তেওঁলোকৰ মাজত আপোনালোকৰ আচাৰ-ব্যৱহাৰ উত্তম হওক।
devapUjakAnAM madhye yuShmAkam AchAra evam uttamo bhavatu yathA te yuShmAn duShkarmmakArilokAniva puna rna nindantaH kR^ipAdR^iShTidine svachakShurgocharIyasatkriyAbhya Ishvarasya prashaMsAM kuryyuH|
13 ১৩ আপোনালোকে প্ৰভুৰ কাৰণে মনুষ্যৰ দ্বাৰাই স্থাপিত সকলো ৰীতিৰ বশীভূত হওক; যেনেদৰে ৰজা সকলোৰে ওপৰ,
tato heto ryUyaM prabhoranurodhAt mAnavasR^iShTAnAM kartR^itvapadAnAM vashIbhavata visheShato bhUpAlasya yataH sa shreShThaH,
14 ১৪ আৰু দেশাধিপতি সকলক, দুষ্কৰ্ম্মকাৰী সকলৰ প্ৰতিকাৰৰ অৰ্থে আৰু সৎকৰ্মকাৰী সকলৰ প্ৰশংসাৰ অৰ্থে তেওঁৰ দ্বাৰাই পঠোৱা হৈছে বুলি, তেওঁলোকৰ বশীভূত হওক।
deshAdhyakShANA ncha yataste duShkarmmakAriNAM daNDadAnArthaM satkarmmakAriNAM prashaMsArtha ncha tena preritAH|
15 ১৫ আপোনালোকে সৎ কৰ্ম কৰি কৰি যেন নিৰ্ব্বোধ লোক সকলৰ অজ্ঞানতাক নিৰুত্তৰ কৰে, ঈশ্বৰৰ এই ইচ্ছা৷
itthaM nirbbodhamAnuShANAm aj nAnatvaM yat sadAchAribhi ryuShmAbhi rniruttarIkriyate tad IshvarasyAbhimataM|
16 ১৬ আপোনালোকে স্বাধীন লোকৰ দৰে হয়; কিন্তু সেই স্বাধীনতাক দুষ্টতাৰ ঢাকনি নকৰিব, বৰং ঈশ্বৰৰ দাস সকলৰ দৰে জীৱন-যাপন কৰক।
yUyaM svAdhInA ivAcharata tathApi duShTatAyA veShasvarUpAM svAdhInatAM dhArayanta iva nahi kintvIshvarasya dAsA iva|
17 ১৭ সকলোকে সমাদৰ কৰক৷ ভাইমাত্ৰকে প্ৰেম কৰক৷ ঈশ্বৰৰলৈ ভয় ৰাখক৷ ৰজাক সমাদৰ কৰক।
sarvvAn samAdriyadhvaM bhrAtR^ivarge prIyadhvam IshvarAd bibhIta bhUpAlaM sammanyadhvaM|
18 ১৮ হে দাস সকল, তোমালোক সম্পূৰ্ণ ভয়েৰে নিজ নিজ প্ৰভুৰ বশীভূত হোৱা; কেৱল উত্তম আৰু ক্ষান্ত স্বভাৱী সকলৰ নহয়, কিন্তু কুটিল-মনৰ লোক সকলৰো বশীভূত হোৱা।
he dAsAH yUyaM sampUrNAdareNa prabhUnAM vashyA bhavata kevalaM bhadrANAM dayAlUnA ncha nahi kintvanR^ijUnAmapi|
19 ১৯ কিয়নো কোনোৱে যদি ঈশ্বৰৰ উদ্দেশ্যে বিবেকৰ কাৰণে অন্যায় ভোগ কৰি দুখ সহন কৰে, তেনেহলে সেয়েই প্ৰশংসনীয়।
yato. anyAyena duHkhabhogakAla IshvarachintayA yat kleshasahanaM tadeva priyaM|
20 ২০ কাৰণ পাপ কৰি ভুকু খাই যদি সহন কৰা, তেনেহলে তাত কি প্ৰশংসা আছে? কিন্তু সৎ কৰ্ম কৰি দুখভোগ কৰি যদি সহন কৰা, তেনেহলে সেয়েহে ঈশ্বৰৰ আগত গ্ৰহণীয়।
pApaM kR^itvA yuShmAkaM chapeTAghAtasahanena kA prashaMsA? kintu sadAchAraM kR^itvA yuShmAkaM yad duHkhasahanaM tadeveshvarasya priyaM|
21 ২১ কাৰণ তাৰ বাবেই তোমালোক আমন্ত্ৰিত হ’লা; কিয়নো তোমালোক যেন খ্ৰীষ্টৰ খোজৰ অনুগামী হোৱা, এই কাৰণে তেওঁ তোমালোকৰ অৰ্থে দুখভোগ কৰি, তোমালোকৰ কাৰণে এটি আৰ্হি থৈ গ’ল।
tadarthameva yUyam AhUtA yataH khrIShTo. api yuShmannimittaM duHkhaM bhuktvA yUyaM yat tasya padachihnai rvrajeta tadarthaM dR^iShTAntamekaM darshitavAn|
22 ২২ তেওঁ কোনো পাপ নকৰিলে; তেওঁৰ মুখত কোনো ছলনা পোৱা নগ’ল;
sa kimapi pApaM na kR^itavAn tasya vadane kApi Chalasya kathA nAsIt|
23 ২৩ তেওঁ নিন্দিত হলেও কাকো নিন্দা নকৰিলে; দুখ পোৱা কালত, ডাবি-ধমকি নিদিলে, কিন্তু ন্যায়ৰূপে বিচাৰ কৰোঁতা জনৰ ওপৰত ভাৰ দিলে৷
nindito. api san sa pratinindAM na kR^itavAn duHkhaM sahamAno. api na bhartsitavAn kintu yathArthavichArayituH samIpe svaM samarpitavAn|
24 ২৪ তাতে আমি যেন পাপৰ সম্বন্ধে মৰি, ধাৰ্মিকতাৰ সম্বন্ধে জীয়াই থাকো, আৰু এই কাৰণে তেওঁ নিজ শৰীৰত আমাৰ ভাৰ বৈ কাঠৰ ওপৰলৈ নিলে৷ তেওঁৰ সাঁচৰ দ্বাৰাই আপোনালোক সুস্থ হ’ল৷
vayaM yat pApebhyo nivR^itya dharmmArthaM jIvAmastadarthaM sa svasharIreNAsmAkaM pApAni krusha UDhavAn tasya prahArai ryUyaM svasthA abhavata|
25 ২৫ আপোনালোকে সকলোৱে ভ্ৰান্ত মেৰৰ নিচিনাকৈ ভ্ৰমি ফুৰিছিল; কিন্তু এতিয়া আপোনালোকৰ আত্মাৰ ৰক্ষক আৰু অধ্যক্ষৰ ওচৰলৈ আপোনালোক উভতি আহিছে৷
yataH pUrvvaM yUyaM bhramaNakArimeShA ivAdhvaM kintvadhunA yuShmAkam AtmanAM pAlakasyAdhyakShasya cha samIpaM pratyAvarttitAH|