< ১ রাজাবলি 9 >
1 ১ চলোমনে যিহোৱাৰ গৃহ, ৰাজ-গৃহ আৰু নিজ ইচ্ছামতে যি যি কৰ্ম কৰিবলৈ তেওঁ স্থিৰ কৰিছিল, সেই আটাইকে সম্পূর্ণৰূপে সম্পন্ন কৰিলে।
Когато Соломон беше свършил градежа на Господния дом и на царската къща, и беше извършил всичко, което желаеше Соломон да направи.
2 ২ গিবিয়োনত দৰ্শন দিয়াৰ দৰে, যিহোৱাই দ্বিতীয় বাৰ চলোমনক দৰ্শন দিলে।
яви се Господ на Соломона втори път, както бе му се явил в Гаваон.
3 ৩ যিহোৱাই তেওঁক ক’লে, “তুমি মোৰ আগত কৰা তোমাৰ প্ৰাৰ্থনা আৰু মিনতি মই শুনিলোঁ৷ তুমি নিৰ্মাণ কৰা এই গৃহত মোৰ নাম চিৰকাললৈকে স্থাপন কৰিবৰ অর্থে মই এই গৃহক পবিত্ৰ কৰিলোঁ আৰু এই ঠাইত সদায় মোৰ চকু আৰু মোৰ মন থাকিব।
Господ му каза: Чух молитвата ти и молението, с което се моли пред Мене. Тоя дом, който ти построи, Аз го осветих за да настаня там името Си до века: и очите Ми и сърцето Ми ще бъдат там за винаги.
4 ৪ তুমি যদি তোমাৰ পিতৃ দায়ূদৰ দৰে একান্ত মনে সৰল ভাৱে মোৰ সাক্ষাতে চলা, আৰু মই তোমাক দিয়া সকলো আজ্ঞা পালন কৰা, মোৰ বিধি আৰু শাসন প্ৰনালীবোৰ মানি চলা,
А колкото за тебе, ако ходиш пред Мене, както ходи баща ти Давид, с цяло сърце и с правота, тъй щото да постъпваш според всичко, което ти заповядах, като пазиш повеленията Ми и съдбите Ми,
5 ৫ তেতিয়া মই ইস্ৰায়েলৰ ওপৰত তোমাৰ ৰাজসিংহাসন চিৰকাললৈকে স্থাপন কৰিম; যেনেদৰে মই তোমাৰ পিতৃ দায়ুদৰ আগত প্ৰতিজ্ঞা কৰি কৈছিলোঁ বোলে, ‘ইস্ৰায়েলৰ সিংহাসনৰ ওপৰত বহিবলৈ তোমাৰ বংশৰ মানুহৰ কেতিয়াও অভাৱ নহ’ব৷’
тогава ще утвърдя престола на царството ти над Израиля до века, както се обещах на баща ти Давида, като казах: Няма да липсва мъж седящ на Израилевия престол.
6 ৬ কিন্তু তুমি বা তোমালোকৰ সন্তান সকলৰ কোনোৱে যদি কেনেবাকৈ মোৰ পাছত চলিবলগীয়া পথৰ পৰা ঘূৰা বা তোমালোকৰ আগত স্থাপন কৰা মোৰ আজ্ঞা আৰু বিধিবোৰ পালন নকৰি ইতৰ দেৱতাবোৰক সেৱা পুজা কৰা আৰু সিহঁতৰ আগত প্ৰণিপাত কৰা,
Но ако се отклоните от Мене, вие или чадата ви, и не опазите заповедите Ми и повеленията, които поставих пред вас, но отидете та послужите на други богове и им се поклоните,
7 ৭ তেতিয়া মই ইস্ৰায়েলক দিয়া দেশৰ পৰা তেওঁলোকক উচ্ছন্ন কৰিম আৰু মই নিজৰ কাৰণে পবিত্ৰ কৰা যি গৃহ - সেই গৃহ মোৰ দৃষ্টিৰ পৰা দূৰ কৰিম৷ তাতে সকলো জাতিৰ মাজত ‘ইস্ৰায়েল’ নামটো কেৱল এটা প্ৰবাদ আৰু ঠাট্টাৰ বিষয় হ’ব।
тогава ще отсека Израиля от земята, която съм им дал, и ще отхвърля отпред очите Си тоя дом, който осветих за името Си; и Израил ще бъде за поговорка и поругание между всичките племена.
8 ৮ আৰু যিহেতু এতিয়া এই মন্দিৰ ইমান মহৎ, যিসকলে ইয়াৰ কাষেদি যাব, তেওঁলোকে আচৰিত মানিব আৰু ফোঁচফোঁচাব৷ তেতিয়া তেওঁলোকে সুধিব, ‘এই দেশ আৰু এই গৃহলৈ যিহোৱাই কিয় এইৰূপে কাৰ্য কৰিলে?’
А за тоя дом, който стана толкова висок, всеки който минава покрай него, ще се зачуди и ще съска: и ще кажат: Защо направи Господ така на тая земя и на тоя дом?
9 ৯ তাতে আন আন লোকবোৰে উত্তৰ দি ক’ব, ‘কিয়নো তেওঁলোকৰ পূৰ্ব-পুৰুষসকলক মিচৰ দেশৰ পৰা বাহিৰ কৰি অনা ঈশ্বৰ যিহোৱাক তেওঁলোকে ত্যাগ কৰিলে আৰু ইতৰ দেৱতাবোৰত আসক্ত হৈ তেওঁলোকে সেইবোৰৰ আগত প্ৰণিপাত কৰি সেইবোৰক সেৱা পুজা কৰিলে৷ সেই কাৰণে যিহোৱাই তেওঁলোকৰ ওপৰত এই আটাই অমঙ্গল ঘটালে’।”
И ще отговарят: Понеже оставиха Господа своя Бог, Който изведе Бащите им из Египетската земя, та си избраха други богове, и им се поклониха и им послужиха, за това Господ нанесе на тях всичкото това зло.
10 ১০ যিহোৱাৰ মন্দিৰ আৰু ৰাজগৃহ, এই দুটা সাজি শেষ কৰিবলৈ চলোমনৰ বিশ বছৰ লাগিছিল।
А когато се свършиха двадесетте години, в които Соломон построи двата дома, Господния дом и царската къща,
11 ১১ তূৰৰ ৰজা হীৰমে চলোমনৰ সকলো ইচ্ছাৰ দৰে, এৰচ কাঠ, দেবদাৰু কাঠ আৰু সোণ যোগান ধৰিছিল। সেই বাবে ৰজা চলোমনে হীৰমক গালীল দেশত থকা বিশখন নগৰ দিছিল।
и тирският цар Хирам, като беше доставил на Соломона кедрови дървета и елхови дървета и злато, до колкото той желаеше, тогава цар Соломон даде на Хирама двадесет града в галилейската земя.
12 ১২ তেতিয়া হীৰমে ৰজা চলোমনে দিয়া নগৰ চাবলৈ তূৰৰ পৰা আহিল, কিন্তু তেওঁ সেই নগৰবোৰ দেখি সন্তুষ্ট নহ’ল।
А когато Хирам излезе от Тир, за да види градовете, които му бе дал Соломон, не му се харесаха.
13 ১৩ সেয়ে তেওঁ ক’লে, “হে মোৰ ভাই, তুমি মোক কেনেকুৱা নগৰবোৰ দিলা?” এই হেতুকে হীৰমে সেই নগৰবোৰৰ নাম কাবূল দেশ ৰাখিলে, এই নাম আজিলৈকে আছে।
И рече: Що за градове са тия, които си ми дал, брате? И нарече ги земя Хавул както се нарича и до днес.
14 ১৪ হীৰমে এশ বিশ কিক্কৰ সোণ ৰজালৈ পঠাই দিলে।
И Хирам изпрати на царя сто и двадесет таланта злато.
15 ১৫ আৰু ৰজা চলোমনে যিহোৱাৰ গৃহ, নিজৰ গৃহ, মিল্লো, যিৰূচালেমৰ গড় হাচোৰ, মগিদ্দো আৰু গেজৰ নিৰ্ম্মাণ কৰিবলৈ বন্দী কাম কৰিব লগীয়া লোক সমূহক গোটাব লগীয়া বিবৰণ এই।
И ето причината на набора, който цар Соломон събра: да съгради Господния дом и своята къща, тоже и Мило, ерусалимската стена, Асор, Магедон и Гезер.
16 ১৬ মিচৰৰ ৰজা ফৰৌণে উঠি গৈ গেজৰ হাত কৰি লৈ জুইৰে পুৰি ভষ্ম কৰিছিল আৰু সেই নগৰ নিবাসী কনানীয়াবোৰক বধ কৰি তাক নিজৰ জীয়েক চলোমনৰ ভাৰ্য্যাৰ যৌতুকত দিছিল।
(Египетския цар Фараон беше възлязъл и превзел Гезер, и беше го изгорил с огън и избил ханаанците, които живееха в града и беше го дал за зестра на дъщеря си, Соломоновата жена).
17 ১৭ আৰু ৰজা চলোমনে গেজৰ, তলৰ বৈৎ-হোৰোণ,
А Соломон съгради, освен Гезер, и долния Ветерон,
18 ১৮ বালৎ, দেশৰ মৰুভূমিত থকা তামৰ,
Ваалат, Тамар в пустата част на Юдовата земя,
19 ১৯ তেওঁ অধিকাৰ কৰা সকলো ভঁৰাল-নগৰবোৰ, ৰথ আৰু অশ্বাৰোহীসকলৰ নগৰবোৰ আদি যিৰূচালেমত ও লিবানোনত আৰু নিজে শাসন কৰা দেশৰ সকলো ফালে যি যি নিৰ্ম্মাণ কৰিবলৈ চলোমনৰ ইচ্ছা আছিল, সেই সকলোকে তেওঁ নিৰ্ম্মাণ কৰিলে।
всичките градове, в които Соломон имаше житници, градовете за колесниците, градовете за конниците, и все що пожела Соломон да съгради в Ерусалим, в Ливан и в цялата земя на царството си.
20 ২০ ইস্ৰায়েলৰ সন্তান সকলৰ মাজত নোহোৱা অৱশিষ্ট থকা ইমোৰীয়া, হিত্তীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া লোকসকলৰ
А относно всичките люде, които останаха от аморейците, хетейците, ферезейците, евейците и евусейците, които не бяха от израилтяните,
21 ২১ যি সন্তান সকল সেই দেশত অৱশিষ্ট থাকিল, যিবোৰক ইস্ৰায়েলৰ সন্তান সকলে নিঃশেষ হোৱাকৈ বিনষ্ট কৰিব নোৱাৰিলে - সিহঁতৰ মাজৰ পৰাই বন্দী কামৰ বাবে ৰজা চলোমনে মানুহ গোটালে, আৰু এই লোকসকলে আজিলৈকে তাকেই কৰি আছে।
от техните потомци, останали подир тях в земята, които израилтяните не можаха да изтребят, от тях Соломон събра набор за задължителни работници, каквито са и до днес.
22 ২২ কিন্তু ৰজা চলোমনে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ কোনো লোকক বন্দী কামত নলগালে। বৰং তেওঁলোক ৰণুৱা, তেওঁৰ দাস, তেওঁৰ মন্ত্ৰী, তেওঁৰ বিষয়া, সেনাপতি আৰু সাৰথি ও অশ্বাৰোহীৰ অধ্যক্ষহে হ’ল।
Но от израилтяните Соломон не направи никого задължителен работник: а те бяха военни мъже, и неговите служители, неговите първенци, неговите военачалници и началниците на колесниците му и на конниците му.
23 ২৩ তেওঁলোকৰ মাজৰ পাঁচ শ পঞ্চাশ জন লোক ৰজা চলোমনৰ কাৰ্যত নিযুক্ত কৰা প্ৰধান বিষয়া আছিল; তেওঁলোকে কাম কৰোঁতা সকলক চলাইছিল।
Главните началници, които надзираваха Соломоновите работи, бяха петстотин и петдесет души; те началствуваха над людете, които вършеха работите.
24 ২৪ পাছত ৰজা ফৰৌণৰ জীয়েকে দায়ূদৰ নগৰৰ পৰা, তেওঁৰ বাবে চলোমনে সজা নিজ ঘৰলৈ অাহিল৷ পিছত ৰজা চলোমনে মিল্লো নিৰ্ম্মাণ কৰিলে।
А Фараоновата дъщеря се пренесе от Давидовия град в своята къща, който Соломон беше построил за нея, тогава когато той съгради Мило.
25 ২৫ আৰু ৰজা চলোমনে যিহোৱাৰ বাবে যি যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে, তাৰ ওপৰত বছৰৰ ভিতৰত তিনিবাৰ হোমবলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিছিল আৰু তাৰে সৈতে তেওঁ যিহোৱাৰ সন্মুখত থকা বেদীত ধূপ জ্বলাইছিল৷ এইদৰে তেওঁ গৃহটিৰ কাৰ্য সমাপ্ত কৰিছিল।
И три пъти в годината Соломон принасяше всеизгаряния и примирителни приноси върху олтара, който издигна Господ, и кажеше върху оня олтар, който бе пред Господа, след, като свърши дома.
26 ২৬ ৰজা চলোমনে ইদোম দেশৰ চূফ সাগৰ তীৰত থকা এলতৰ ওচৰৰ ইচিয়োন-গেবৰত এখন জাহাজ সাজিছিল।
Цар Соломон построи и кораби в Есион-гавер, който е при, Елот, на брега на Червеното море, в едомската земя.
27 ২৭ তাতে হীৰমে ৰজা চলোমনৰ দাসবোৰৰ লগত, সামুদ্ৰিক কাৰ্যত নিজৰ নিপুণ নাবিক দাসবোৰক জাহাজলৈ পঠিয়াইছিল।
А в корабите Хирам прати от слугите си, опитни морски корабници, да бъдат със Соломоновите слуги.
28 ২৮ তেওঁলোকে ৰজা চলোমনৰ দাসবোৰৰ সৈতে ওফীৰলৈ গৈছিল, আৰু তাৰ পৰা চাৰি শ বিশ কিক্কৰ সোণ ৰজা চলোমনৰ কাৰণে লৈ আহিছিল।
Те отиваха в Офир, от гдето взеха четиристотин и двадесет таланта злато, и го донесоха на цар Соломона.