< ১ রাজাবলি 6 >

1 ইস্ৰায়েলৰ সন্তান সকলে মিচৰ দেশৰ পৰা ওলাই অহাৰ চাৰিশ আশী বছৰৰ পিছত, চলোমনে ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰাৰ চতুৰ্থ বছৰৰ জীব নামেৰে দ্বিতীয় মাহত, চলোমনে যিহোৱাৰ গৃহ নিৰ্ম্মাণ কৰিবলৈ আৰম্ভ কৰিলে।
و واقع شد در سال چهارصد و هشتاد ازخروج بنی‌اسرائیل از زمین مصر در ماه زیوکه ماه دوم از سال چهارم سلطنت سلیمان براسرائیل بود که بنای خانه خداوند را شروع کرد.۱
2 চলোমন ৰজাই যিহোৱাৰ উদ্দেশ্যে যি গৃহ নিৰ্ম্মাণ কৰিছিল, সেয়ে ষাঠি হাত দীঘল, বিশ হাত বহল আৰু ত্ৰিশ হাত ওখ আছিল।
و خانه خداوند که سلیمان پادشاه بنا نمودطولش شصت ذراع و عرضش بیست و بلندیش سی ذراع بود.۲
3 সেই মন্দিৰ গৃহৰ সন্মুখত থকা বাৰাণ্ডাখন, গৃহৰ বহল অনুসাৰে বিশ হাত দীঘল আৰু গৃহৰ আগত তাৰ গভীৰতা দহ হাত আছিল।
و رواق پیش هیکل خانه موافق عرض خانه، طولش بیست ذراع و عرضش روبروی خانه ده ذراع بود.۳
4 আৰু গৃহৰ কাৰণে চিলিঙি দিয়া খিড়িকি সাজিলে, আৰু ইয়াৰ বাবে গৃহৰ বাহিৰফালটো গৃহৰ ভিতৰতকৈ অতি ঠেক আছিল।
و برای خانه پنجره های مشبک ساخت.۴
5 তেওঁ মূখ্য গৃহৰ দেৱালৰ গাতে চাৰিওফালে, অৰ্থাৎ মন্দিৰৰ আৰু অন্তঃস্থানৰ চাৰিওফালে দেৱালৰ গাতে খাপখাপকৈ কোঁঠালিবোৰ নিৰ্ম্মাণ কৰিলে; এইদৰে তেওঁ চাৰিওফালে কাষৰ কোঁঠালিবোৰ সাজিলে৷
و بر دیوار خانه به هر طرفش طبقه‌ها بنا کرد، یعنی به هر طرف دیوارهای خانه هم بر هیکل و هم بر محراب و به هر طرفش غرفه‌ها ساخت.۵
6 তাৰ তলৰ খাপৰ কোঁঠালিবোৰ পাঁচ হাত বহল, মাজৰ খাপৰ কোঁঠালিবোৰ ছয় হাত বহল আৰু ওপৰ খাপৰ কোঁঠালিবোৰ সাত হাত বহলকৈ সাজিলে৷ কিয়নো চতিবোৰ যেন দেৱালত বন্ধ নহয়, সেইবাবে তেওঁ বাহিৰৰ গৃহৰ চাৰিওফালৰ দেৱালবোৰত জখলাৰ দৰে খাপ খাপ কৰিলে।
و طبقه تحتانی عرضش پنج ذراع و طبقه وسطی عرضش شش ذراع و طبقه سومی عرضش هفت ذراع بود زیراکه به هر طرف خانه از خارج پشته‌ها گذاشت تاتیرها در دیوار خانه متمکن نشود.۶
7 শিলৰ খনিৰ পৰা অনা শিলেৰে সেই গৃহ নিৰ্মান কৰিছিল; সেয়ে গৃহ নির্মান কৰি থাকোতে কোনো হাতুৰী, বাটলি বা কোনো লোহাৰ অস্ত্রৰ শব্দ শুনা নগ’ল।
و چون خانه بنا می‌شد از سنگهایی که در معدن مهیا شده بود، بنا شد به طوری که در وقت بنا نمودن خانه نه چکش و نه تبر و نه هیچ آلات آهنی مسموع شد.۷
8 মন্দিৰৰ দক্ষিণ দিশৰ পৰা তলৰ মহলাত প্ৰৱেশ কৰা পথ আছিল আৰু লোকসকলে পকোৱা-পকি চিৰিয়েদি মাজৰ মহলালৈ গৈছিল আৰু মাজৰ মহলাৰ পৰা তৃতীয় মহলালৈ উঠিছিল৷
و در غرفه های وسطی در جانب راست خانه بود و به طبقه وسطی و از طبقه وسطی تا طبقه سومی از پله های پیچاپیچ بالا می‌رفتند.۸
9 এইদৰে চলোমনে মন্দিৰ সাজিলে, আৰু এই মন্দিৰ সম্পূৰ্ণ কৰিলে; তেওঁ এৰচ কাঠৰ কেঁঞ্চি আৰু তক্তাৰে গৃহ আবৃত কৰিলে।
و خانه را بنا کرده، آن را به اتمام رسانید و خانه را با تیرهاو تخته های چوب سرو آزاد پوشانید.۹
10 ১০ তেওঁ মন্দিৰৰ কোঁঠালিবোৰৰ সৈতে সংলগ্ন কৰি মন্দিৰৰ চাৰিওফালে ঘৰ সাজিলে, এইবোৰ ওখই প্ৰায় পাঁচ হাত আছিল; এইবোৰ এৰচ কাঠেৰে গৃহৰ সৈতে লগ লগোৱা আছিল।
و برتمامی خانه طبقه‌ها را بنا نمود که بلندی هر یک از آنها پنج ذراع بود و با تیرهای سرو آزاد در خانه متمکن شد.۱۰
11 ১১ পাছত চলোমনৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল, তেওঁ ক’লে,
و کلام خداوند بر سلیمان نازل شده، گفت:۱۱
12 ১২ “তুমি এই গৃহ সাজিছা, ভাল কৰিছা; তুমি যদি মোৰ সকলো বিধি মতে চলা আৰু মোৰ শাসন-প্ৰণালী সিদ্ধ কৰা আৰু মোৰ আটাই আজ্ঞা পালন কৰি সেই মতে কাৰ্য কৰা তেন্তে মই তোমাৰ পিতৃ দায়ূদক যি কৈছিলোঁ, মোৰ সেই প্ৰতিজ্ঞা তোমাৰ পক্ষেও সিদ্ধ কৰিম।
«این خانه‌ای که تو بنا می‌کنی اگر در فرایض من سلوک نموده، احکام مرا به‌جا آوری و جمیع اوامر مرا نگاه داشته، در آنها رفتار نمایی، آنگاه سخنان خود را که با پدرت، داود، گفته‌ام با تواستوار خواهم گردانید.۱۲
13 ১৩ মই ইস্ৰায়েলৰ সন্তান সকলৰ মাজত বসতি কৰিম আৰু মোৰ প্ৰজা ইস্ৰায়েল লোকক ত্যাগ নকৰিম।”
و در میان بنی‌اسرائیل ساکن شده، قوم خود اسرائیل را ترک نخواهم نمود.»۱۳
14 ১৪ সেয়ে চলোমনে এই গৃহ সাজিলে, আৰু ইয়াক সম্পূৰ্ণ কৰিলে।
پس سلیمان خانه را بنا نموده، آن را به اتمام رسانید.۱۴
15 ১৫ তেওঁ গৃহৰ ভিতৰৰ ফালে থকা দেৱালবোৰৰ গাত এৰচ কাঠৰ তক্তা দিলে৷ তেওঁ গৃহৰ ভিতৰৰ মজিয়াৰ পৰা ছটত দেৱাল লগা ঠাইলৈকে ভিতৰফালে সেই কাঠেৰে সেইবোৰ আবৃত কৰিলে আৰু গৃহৰ মজিয়া দেবদাৰু কাঠেৰে ঢাকিলে।
و اندرون دیوارهای خانه را به تخته های سرو آزاد بنا کرد، یعنی از زمین خانه تادیوار متصل به سقف را از اندرون با چوب پوشانید و زمین خانه را به تخته های صنوبر فرش کرد.۱۵
16 ১৬ গৃহৰ অন্তঃভাগৰ বিশ হাত জোখৰ ঠাইখন মজিয়াৰ পৰা কেঁঞ্চিলৈকে এৰচ কাঠেৰে সাজিলে৷ এইদৰে তেওঁ ভিতৰ ভাগত অন্তঃস্থান অৰ্থাৎ অতি পবিত্ৰ স্থান ৰূপে সেই ঠাই যুগুত কৰিলে।
و از پشت خانه بیست ذراع با تخته های سرو آزاد از زمین تا سر دیوارها بنا کرد و آنها رادر اندرون به جهت محراب، یعنی به جهت قدس‌الاقداس بنا نمود.۱۶
17 ১৭ মন্দিৰৰ মূল অংশ পবিত্ৰ স্থানৰ সন্মুখত আছিল, এই ঠাই দীঘলে প্ৰায় চল্লিশ হাত আছিল।
و خانه، یعنی هیکل پیش روی محراب چهل ذراع بود.۱۷
18 ১৮ গৃহৰ ভিতৰ ভাগত এৰচ কাঠ লগোৱা হৈছিল, তাতে লতা জাতীয় গছ আৰু ফুল অংকিত কৰা হৈছিল। ভিতৰ ভাগৰ গোটেই অংশত এৰচ কাঠহে আছিল। তাত কোনো শিলেৰে কৰা কাৰ্য দেখা নগ’ল।
و دراندرون خانه چوب سرو آزاد منبت به شکل کدوها و بسته های گل بود چنانکه همه‌اش سروآزاد بود و هیچ سنگ پیدا نشد.۱۸
19 ১৯ চলোমনে যিহোৱাৰ নিয়ম-চন্দুকটি ৰাখিবলৈ গৃহৰ ভিতৰত অতি পবিত্ৰ-স্থান যুগুত কৰিলে।
و در اندرون خانه، محراب را ساخت تا تابوت عهد خداوند رادر آن بگذارد.۱۹
20 ২০ সেই অতি পবিত্ৰ-স্থান দীঘলে বিশ হাত, পথালিয়ে বিশ হাত আৰু বিশ হাত ওখ আছিল; আৰু তাত চলোমনে শুদ্ধ সোণৰ পতা মাৰিলে আৰু ধূপবেদীত এৰচ কাঠ লগালে।
و اما داخل محراب طولش بیست ذراع و عرضش بیست ذراع و بلندیش بیست ذراع بود و آن را به زر خالص پوشانید ومذبح را با چوب سرو آزاد پوشانید.۲۰
21 ২১ এইদৰে চলোমনে গৃহৰ ভিতৰত শুদ্ধ সোণৰ পতা মাৰিলে৷ আৰু অতি পবিত্ৰ-স্থানৰ আগত এফালৰ পৰা আনফাললৈকে সোণৰ শিকলিবোৰ লগালে আৰু তাত সোণৰ পতা মাৰিলে।
پس سلیمان داخل خانه را به زر خالص پوشانید وپیش روی محراب زنجیرهای طلا کشید و آن رابه طلا پوشانید.۲۱
22 ২২ তেওঁ গোটেইটো গৃহ সমাপ্ত নোহোৱালৈকে গোটেই গৃহত সোণৰ পতা মাৰিলে৷ অতি পবিত্ৰ-স্থানৰ ওচৰত থকা বেদীতো সম্পূৰ্ণৰূপে সোণৰ পতা মাৰিলে।
و تمامی خانه را به طلاپوشانید تا همگی خانه تمام شد و تمامی مذبح راکه پیش روی محراب بود، به طلا پوشانید.۲۲
23 ২৩ তেওঁ অতি পবিত্ৰ-স্থানৰ ভিতৰত দহ হাত ওখ জিত কাঠৰ দুটা কৰূব নিৰ্ম্মাণ কৰিলে।
و در محراب دو کروبی از چوب زیتون ساخت که قد هر یک از آنها ده ذراع بود.۲۳
24 ২৪ এটা কৰূবৰ এখন ডেউকা পাঁচ হাত আৰু আনখন ডেউকাও পাঁচ হাত আছিল৷ তাতে এখন ডেউকাৰ আগৰ পৰা আনখন ডেউকাৰ আগলৈকে দহ হাত দূৰত আছিল৷
و بال یک کروبی پنج ذراع و بال کروبی دیگر پنج ذراع بود و از سر یک بال تا به‌سر بال دیگر ده ذراع بود.۲۴
25 ২৫ আৰু দ্বিতীয় কৰূবৰ ডেউকাও দহ হাত আছিল৷ দুয়োটা কৰূব একে জোখৰ আৰু একে আকাৰৰ।
و کروبی دوم ده ذراع بود که هر دو کروبی رایک اندازه و یک شکل بود.۲۵
26 ২৬ প্ৰথম কৰূব দহ হাত ওখ আছিল আৰু আনটোও দহ হাত ওখ আছিল।
بلندی کروبی اول ده ذراع بود و همچنین کروبی دیگر.۲۶
27 ২৭ পাছত তেওঁ কৰূব দুটা গৃহৰ আটাইতকৈ ভিতৰৰ কোঠালিত স্থাপন কৰিলে৷ সেই কৰূব দুটাৰ ডেউকা এনেকৈ মেলিলে যে, এটাৰ ডেউকা এখন দেৱাল আৰু আনটোৰ ডেউকা আনখন দেৱাল চুলে৷ গৃহৰ মাজত থকা পবিত্ৰ স্থানত সেই কৰূব দুটাৰ ডেউকাই ইটোৱে সিটোক চুলে।
و کروبیان را در اندرون خانه گذاشت و بالهای کروبیان پهن شد به طوری که بال یک کروبی به دیوار می‌رسیدو بال کروبی دیگر به دیوار دیگر می‌رسید و درمیان خانه بالهای آنها با یکدیگر برمی خورد.۲۷
28 ২৮ তাতে চলোমনে কৰূব দুটাত সোণৰ পতা মাৰিলে।
وکروبیان را به طلا پوشانید.۲۸
29 ২৯ আৰু গৃহটিৰ আটাইবোৰ দেৱালত ভিতৰে আৰু বাহিৰে চাৰিওফালে কৰূব, খাজুৰ গছ আৰু মুকলি হোৱা ফুলৰ ছবি অংকন কৰিলে।
و بر تمامی دیوارهای خانه، به هر طرف نقشهای تراشیده شده کروبیان و درختان خرما وبسته های گل در اندرون و بیرون کند.۲۹
30 ৩০ আৰু গৃহৰ মজিয়াত বাহিৰে-ভিতৰে সোণৰ পতা মাৰিলে।
وزمین خانه را از اندرون و بیرون به طلاپوشانید.۳۰
31 ৩১ চলোমনে অতি পবিত্ৰ-স্থানৰ প্ৰবেশস্থানত জিত কাঠৰ দুৱাৰ সাজিলে৷ চৌকাঠৰ ওপৰডাল আৰু দুই দাঁতিৰ দুডাল দেৱালৰ পাঁচ ভাগৰ এভাগ আছিল।
و به جهت در محراب دو لنگه از چوب زیتون، و آستانه و باهوهای آن را به اندازه پنج یک دیوار ساخت.۳۱
32 ৩২ এইদৰে জিত কাঠৰ দুখলপা দুৱাৰ সাজিলে আৰু তাৰ ওপৰত কৰূব, খাজুৰ গছ আৰু মুকলি হোৱা ফুলৰ ছবি অংকন কৰিলে, আৰু তাতে তেওঁ সোণৰ পতা কৰি, সেই সোণ কৰূব আৰু খাজুৰ গছত লগালে।
پس آن دو لنگه از چوب زیتون بود و بر آنها نقشهای کروبیان و درختان خرما و بسته های گل کند و به طلا پوشانید. وکروبیان و درختان خرما را به طلا پوشانید.۳۲
33 ৩৩ সেইদৰে তেওঁ মন্দিৰৰ প্ৰবেশস্থানৰ কাৰণে দেৱালৰ চাৰি ভাগৰ এভাগত জিত কাঠ থকা চৌকাঠৰ দুই দাঁতিৰ দুডাল কৰিলে
و همچنین به جهت در هیکل باهوهای چوب زیتون به اندازه چهار یک دیوار ساخت.۳۳
34 ৩৪ আৰু দেবদাৰু কাঠৰ দুখলপীয়া দুৱাৰ কৰিলে৷ এখন পাত ঘুৰাব পৰা দুচলা তক্তা আৰু আন খলপাতো ঘূৰাব পৰা দুচলা তক্তা আছিল৷
و دو لنگه این در از چوب صنوبر بود و دو تخته لنگه اول تا می‌شد و دو تخته لنگه دوم تا می‌شد.۳۴
35 ৩৫ তাতে কৰূব, খাজুৰ গছ আৰু মুকলি হোৱা ফুলৰ ছবি অংকন কৰিলে, আৰু সোণৰ পতা কৰি, সেই সোণ কটা-কামত লগালে।
و بر آنها کروبیان و درختان خرما و بسته های گل کند و آنها را به طلایی که موافق نقشها ساخته بود، پوشانید.۳۵
36 ৩৬ পাছত তেওঁ তিনি শাৰী কটা-শিল দি আৰু এশাৰী চাৰি সিৰীয়া এৰচ কাঠেৰে ভিতৰ-চোতাল সাজিলে।
و صحن اندرون را از سه صف سنگهای تراشیده، و یک صف تیرهای سرو آزادبنا نمود.۳۶
37 ৩৭ চতুৰ্থ বছৰৰ জীব মাহত যিহোৱাৰ গৃহৰ ভিত্তিমূল স্থাপন কৰা হ’ল।
و بنیاد خانه خداوند در ماه زیو از سال چهارم سلطنت نهاده شد.۳۷
38 ৩৮ আৰু একাদশ বছৰৰ বূল নামেৰে অষ্টম মাহত নিৰূপিত আকাৰ অনুসাৰে সকলো অংশতেই গৃহ নিৰ্ম্মাণ কৰি শেষ কৰা হ’ল। এইদৰে মন্দিৰ নির্মান কৰোঁতে চলোমনৰ সাত বছৰ লাগিল।
و در سال یازدهم درماه بول که ماه هشتم باشد، خانه با تمامی متعلقاتش بر وفق تمامی قانون هایش تمام شد. پس آن را در هفت سال بنا نمود.۳۸

< ১ রাজাবলি 6 >