< ১ রাজাবলি 6 >
1 ১ ইস্ৰায়েলৰ সন্তান সকলে মিচৰ দেশৰ পৰা ওলাই অহাৰ চাৰিশ আশী বছৰৰ পিছত, চলোমনে ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰাৰ চতুৰ্থ বছৰৰ জীব নামেৰে দ্বিতীয় মাহত, চলোমনে যিহোৱাৰ গৃহ নিৰ্ম্মাণ কৰিবলৈ আৰম্ভ কৰিলে।
१अशा तऱ्हेने शलमोनाने परमेश्वराचे मंदिर बांधायला सुरुवात केली. इस्राएल लोकांनी मिसर देशातून बाहेर निघाल्यापासून चारशे ऐंशी वर्षे झाली होती. इस्राएलाचा राजा म्हणून शलमोनाच्या कारकीर्दीचे हे चौथ्या वर्षी. जीव महिना जो दुसरा महिना होता त्यामध्ये तो परमेश्वराचे मंदिर बांधू लगला.
2 ২ চলোমন ৰজাই যিহোৱাৰ উদ্দেশ্যে যি গৃহ নিৰ্ম্মাণ কৰিছিল, সেয়ে ষাঠি হাত দীঘল, বিশ হাত বহল আৰু ত্ৰিশ হাত ওখ আছিল।
२शलमोन राजाने परमेश्वरासाठी जे मंदिर बाधंले त्याची लांबी साठ हात, रूंदी वीस हात व उंची तीस हात होती.
3 ৩ সেই মন্দিৰ গৃহৰ সন্মুখত থকা বাৰাণ্ডাখন, গৃহৰ বহল অনুসাৰে বিশ হাত দীঘল আৰু গৃহৰ আগত তাৰ গভীৰতা দহ হাত আছিল।
३मंदिराची देवडीची लांबी वीस हात म्हणजे मंदिराच्या रूंदीएवढी होती, आणि मंदिरासमोर त्याची रूंदी दहा हात होती.
4 ৪ আৰু গৃহৰ কাৰণে চিলিঙি দিয়া খিড়িকি সাজিলে, আৰু ইয়াৰ বাবে গৃহৰ বাহিৰফালটো গৃহৰ ভিতৰতকৈ অতি ঠেক আছিল।
४मंदिराला अरुंद खिडक्या होत्या त्या बाहेरच्या बाजूने अरुंद आणि आतल्या बाजूने रुंद होत्या.
5 ৫ তেওঁ মূখ্য গৃহৰ দেৱালৰ গাতে চাৰিওফালে, অৰ্থাৎ মন্দিৰৰ আৰু অন্তঃস্থানৰ চাৰিওফালে দেৱালৰ গাতে খাপখাপকৈ কোঁঠালিবোৰ নিৰ্ম্মাণ কৰিলে; এইদৰে তেওঁ চাৰিওফালে কাষৰ কোঁঠালিবোৰ সাজিলে৷
५मंदिराच्या मुख्य खोलीच्या लागून अनेक खोल्या एका रांगेत बांधल्या होत्या. तसेच मंदिराचे पवित्रस्थान व परमपवित्रस्थान यांच्या भिंतीस लागून सभोवार मजले केले.
6 ৬ তাৰ তলৰ খাপৰ কোঁঠালিবোৰ পাঁচ হাত বহল, মাজৰ খাপৰ কোঁঠালিবোৰ ছয় হাত বহল আৰু ওপৰ খাপৰ কোঁঠালিবোৰ সাত হাত বহলকৈ সাজিলে৷ কিয়নো চতিবোৰ যেন দেৱালত বন্ধ নহয়, সেইবাবে তেওঁ বাহিৰৰ গৃহৰ চাৰিওফালৰ দেৱালবোৰত জখলাৰ দৰে খাপ খাপ কৰিলে।
६सर्वात खालच्या मजल्याची रूंदी पाच हात, मधल्या मजल्याची सहा हात व वरच्या मजल्याची सात हात होती; त्याने मंदिराच्या बाहेरच्या भिंतीस तोडे ठेवले होते, ते अशासाठी की, मंदीराच्या भिंतीत तुळ्या शिरू नयेत.
7 ৭ শিলৰ খনিৰ পৰা অনা শিলেৰে সেই গৃহ নিৰ্মান কৰিছিল; সেয়ে গৃহ নির্মান কৰি থাকোতে কোনো হাতুৰী, বাটলি বা কোনো লোহাৰ অস্ত্রৰ শব্দ শুনা নগ’ল।
७भिंतीच्या बांधकामात कामगारांनी चांगले मोठे चिरे वापरले खाणीतूनच ते योग्य मापाने कापून काढले होते. त्यामुळे मंदिरात ते बसवताना हातोड्या, कुऱ्हाडी किंवा अन्य कुठल्या लोखंडी हत्याराचा आवाज झाला नाही.
8 ৮ মন্দিৰৰ দক্ষিণ দিশৰ পৰা তলৰ মহলাত প্ৰৱেশ কৰা পথ আছিল আৰু লোকসকলে পকোৱা-পকি চিৰিয়েদি মাজৰ মহলালৈ গৈছিল আৰু মাজৰ মহলাৰ পৰা তৃতীয় মহলালৈ উঠিছিল৷
८तळमजल्यावरील खोल्यांना मंदिराच्या दक्षिणेकडून आत जायला वाट होती. तिथून वरच्या मजल्यांवर जायला आतून जिने होते.
9 ৯ এইদৰে চলোমনে মন্দিৰ সাজিলে, আৰু এই মন্দিৰ সম্পূৰ্ণ কৰিলে; তেওঁ এৰচ কাঠৰ কেঁঞ্চি আৰু তক্তাৰে গৃহ আবৃত কৰিলে।
९शेवटी शलमोनाचे मंदिराचे बांधकाम संपले, मंदिराचा संपूर्ण अंतर्भाग गंधसरुच्या लाकडाने आच्छादलेला होता.
10 ১০ তেওঁ মন্দিৰৰ কোঁঠালিবোৰৰ সৈতে সংলগ্ন কৰি মন্দিৰৰ চাৰিওফালে ঘৰ সাজিলে, এইবোৰ ওখই প্ৰায় পাঁচ হাত আছিল; এইবোৰ এৰচ কাঠেৰে গৃহৰ সৈতে লগ লগোৱা আছিল।
१०मंदिराभोवतालच्या खोल्यांचेही काम झाले, प्रत्येक मजल्याची उंची पाच पाच हात उंच होती. त्यातील गंधसरुच्या लाकडाचे खांब मंदिराला भिडले होते.
11 ১১ পাছত চলোমনৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল, তেওঁ ক’লে,
११परमेश्वराचे वचन शलमोनाकडे आले तो म्हणाला,
12 ১২ “তুমি এই গৃহ সাজিছা, ভাল কৰিছা; তুমি যদি মোৰ সকলো বিধি মতে চলা আৰু মোৰ শাসন-প্ৰণালী সিদ্ধ কৰা আৰু মোৰ আটাই আজ্ঞা পালন কৰি সেই মতে কাৰ্য কৰা তেন্তে মই তোমাৰ পিতৃ দায়ূদক যি কৈছিলোঁ, মোৰ সেই প্ৰতিজ্ঞা তোমাৰ পক্ষেও সিদ্ধ কৰিম।
१२“माझ्या सर्व आज्ञा आणि नियम तू पाळलेस तर तुझे वडिल दावीद यांना कबूल केले ते सर्व मी तुझ्यासाठी करीन.
13 ১৩ মই ইস্ৰায়েলৰ সন্তান সকলৰ মাজত বসতি কৰিম আৰু মোৰ প্ৰজা ইস্ৰায়েল লোকক ত্যাগ নকৰিম।”
१३मी इस्राएल लोकांमध्ये राहील आणि त्यांना सोडून मी जाणार नाही.”
14 ১৪ সেয়ে চলোমনে এই গৃহ সাজিলে, আৰু ইয়াক সম্পূৰ্ণ কৰিলে।
१४शलमोनाने मंदिर बांधण्याचे काम पूर्ण केले.
15 ১৫ তেওঁ গৃহৰ ভিতৰৰ ফালে থকা দেৱালবোৰৰ গাত এৰচ কাঠৰ তক্তা দিলে৷ তেওঁ গৃহৰ ভিতৰৰ মজিয়াৰ পৰা ছটত দেৱাল লগা ঠাইলৈকে ভিতৰফালে সেই কাঠেৰে সেইবোৰ আবৃত কৰিলে আৰু গৃহৰ মজিয়া দেবদাৰু কাঠেৰে ঢাকিলে।
१५मंदिराच्या दगडी भिंतींना जमिनीपासून छतापर्यंत गंधसरुच्या लाकडाचे आतून आच्छादन होते. दगडी जमीन देवदारुच्या लाकडाने मढवलेली होती.
16 ১৬ গৃহৰ অন্তঃভাগৰ বিশ হাত জোখৰ ঠাইখন মজিয়াৰ পৰা কেঁঞ্চিলৈকে এৰচ কাঠেৰে সাজিলে৷ এইদৰে তেওঁ ভিতৰ ভাগত অন্তঃস্থান অৰ্থাৎ অতি পবিত্ৰ স্থান ৰূপে সেই ঠাই যুগুত কৰিলে।
१६मंदिराच्या आत मागच्या बाजूला वीस हात लांबीचा परमपवित्र गाभारा होता. त्याच्याही भिंती खालपासून वरपर्यंत गंधसरुचा लाकडाने मढवलेल्या होत्या.
17 ১৭ মন্দিৰৰ মূল অংশ পবিত্ৰ স্থানৰ সন্মুখত আছিল, এই ঠাই দীঘলে প্ৰায় চল্লিশ হাত আছিল।
१७मंदिराचा मुख्य दर्शनीभाग या पवित्र गाभाऱ्यासमोर होता. त्याची लांबी चाळीस हात होती.
18 ১৮ গৃহৰ ভিতৰ ভাগত এৰচ কাঠ লগোৱা হৈছিল, তাতে লতা জাতীয় গছ আৰু ফুল অংকিত কৰা হৈছিল। ভিতৰ ভাগৰ গোটেই অংশত এৰচ কাঠহে আছিল। তাত কোনো শিলেৰে কৰা কাৰ্য দেখা নগ’ল।
१८हा भाग सुध्दा गंधसरुने मढवलेला होता. त्यातून भिंतीच्या दगडाचे काहीच दर्शन होत नव्हते. या लाकडावर उमललेली फुले आणि रानकाकड्या यांचे कोरीव काम केलेले होते.
19 ১৯ চলোমনে যিহোৱাৰ নিয়ম-চন্দুকটি ৰাখিবলৈ গৃহৰ ভিতৰত অতি পবিত্ৰ-স্থান যুগুত কৰিলে।
१९आणखी मागे मंदिराच्या अंतर्भागात शलमोनाने परमेश्वराच्या कराराच्या कोशासाठी गाभारा करवून घेतला होता.
20 ২০ সেই অতি পবিত্ৰ-স্থান দীঘলে বিশ হাত, পথালিয়ে বিশ হাত আৰু বিশ হাত ওখ আছিল; আৰু তাত চলোমনে শুদ্ধ সোণৰ পতা মাৰিলে আৰু ধূপবেদীত এৰচ কাঠ লগালে।
२०याची लांबी, रुंदी आणि उंची प्रत्येकी वीस हात होती. त्याने तो शुद्ध सोन्याने मढविलेला होता. गंधसरुची केलेली वेदीही त्याने सोन्याने मढवलेली होती.
21 ২১ এইদৰে চলোমনে গৃহৰ ভিতৰত শুদ্ধ সোণৰ পতা মাৰিলে৷ আৰু অতি পবিত্ৰ-স্থানৰ আগত এফালৰ পৰা আনফাললৈকে সোণৰ শিকলিবোৰ লগালে আৰু তাত সোণৰ পতা মাৰিলে।
२१शलमोनाने हा गाभारा शुद्व सोन्याने मढवला होता. खोलीसमोर त्याने धूप जाळायला चौथरा बांधला तोसुद्धा सोन्याने मढवून त्याभोवती सोन्याच्या साखळ्या लावल्या.
22 ২২ তেওঁ গোটেইটো গৃহ সমাপ্ত নোহোৱালৈকে গোটেই গৃহত সোণৰ পতা মাৰিলে৷ অতি পবিত্ৰ-স্থানৰ ওচৰত থকা বেদীতো সম্পূৰ্ণৰূপে সোণৰ পতা মাৰিলে।
२२परमपवित्र गाभाऱ्यासमोरच्या वेदीसह सर्व मंदिर सोन्याने मढवून त्याने काम समाप्त केले.
23 ২৩ তেওঁ অতি পবিত্ৰ-স্থানৰ ভিতৰত দহ হাত ওখ জিত কাঠৰ দুটা কৰূব নিৰ্ম্মাণ কৰিলে।
२३कारागिरांनी जैतून लाकडाचे दोन करुब देवदूत बनवले. त्यांना पंख होते. करुब देवदूतांची उंची प्रत्येकी दहा दहा हात होती. ते परमपवित्र गाभाऱ्यात ठेवले.
24 ২৪ এটা কৰূবৰ এখন ডেউকা পাঁচ হাত আৰু আনখন ডেউকাও পাঁচ হাত আছিল৷ তাতে এখন ডেউকাৰ আগৰ পৰা আনখন ডেউকাৰ আগলৈকে দহ হাত দূৰত আছিল৷
२४करुबाचा एक पंख पाच हात व दुसरा पंख पाच हात होता. एका पंखाच्या टोकापासून दुसऱ्या पंखाच्या टोकापर्यंत दहा हात अंतर होते.
25 ২৫ আৰু দ্বিতীয় কৰূবৰ ডেউকাও দহ হাত আছিল৷ দুয়োটা কৰূব একে জোখৰ আৰু একে আকাৰৰ।
२५दुसरा करुबही दहा हात उंच होतो; दोन्ही करुब एका मापाचे व एका आकाराचे होते.
26 ২৬ প্ৰথম কৰূব দহ হাত ওখ আছিল আৰু আনটোও দহ হাত ওখ আছিল।
२६आणि एका करुबाची उंची दहा हात होती, दुसऱ्या करुबाचीही तेवढीच होती.
27 ২৭ পাছত তেওঁ কৰূব দুটা গৃহৰ আটাইতকৈ ভিতৰৰ কোঠালিত স্থাপন কৰিলে৷ সেই কৰূব দুটাৰ ডেউকা এনেকৈ মেলিলে যে, এটাৰ ডেউকা এখন দেৱাল আৰু আনটোৰ ডেউকা আনখন দেৱাল চুলে৷ গৃহৰ মাজত থকা পবিত্ৰ স্থানত সেই কৰূব দুটাৰ ডেউকাই ইটোৱে সিটোক চুলে।
२७हे करुब देवदूत आतल्या परमपवित्र गाभाऱ्यात बसवले होते. ते एकमेकांना लागून असे ठेवले होते की त्यांचे पंख खोलीच्या बरोबर मध्यभागी एकमेकांना भिडत होते. आणि बाहेरच्या बाजूला भिंतीच्या कडेला स्पर्श करत होते.
28 ২৮ তাতে চলোমনে কৰূব দুটাত সোণৰ পতা মাৰিলে।
२८हे करुब सोन्याने मढवले होते.
29 ২৯ আৰু গৃহটিৰ আটাইবোৰ দেৱালত ভিতৰে আৰু বাহিৰে চাৰিওফালে কৰূব, খাজুৰ গছ আৰু মুকলি হোৱা ফুলৰ ছবি অংকন কৰিলে।
२९दर्शनी भाग आणि गाभारा यांच्या भिंतींवरही करुबांची चित्रे कोरलेली होती. खजुरीची झाडे आणि फुलेही कोरली होती.
30 ৩০ আৰু গৃহৰ মজিয়াত বাহিৰে-ভিতৰে সোণৰ পতা মাৰিলে।
३०दोन्ही खोल्यांची जमीन आतली व बाहेरील सोन्याने मढवली होती.
31 ৩১ চলোমনে অতি পবিত্ৰ-স্থানৰ প্ৰবেশস্থানত জিত কাঠৰ দুৱাৰ সাজিলে৷ চৌকাঠৰ ওপৰডাল আৰু দুই দাঁতিৰ দুডাল দেৱালৰ পাঁচ ভাগৰ এভাগ আছিল।
३१शलमोनाने जैतूनाच्या लाकडाचे दरवाजे करून ते परमपवित्र गाभाऱ्याचे प्रवेशद्वार म्हणून लावले. दारांभोवतालच्या बाह्या व कपाळपट्टी यांनी भिंतीचा पाचवा भाग व्यापला होता.
32 ৩২ এইদৰে জিত কাঠৰ দুখলপা দুৱাৰ সাজিলে আৰু তাৰ ওপৰত কৰূব, খাজুৰ গছ আৰু মুকলি হোৱা ফুলৰ ছবি অংকন কৰিলে, আৰু তাতে তেওঁ সোণৰ পতা কৰি, সেই সোণ কৰূব আৰু খাজুৰ গছত লগালে।
३२जैतून लाकडाच्या या दारांवर करुब देवदूत, खजुरीची झाडे आणि फुले कोरलेली असून ती सोन्याने मढवली होती.
33 ৩৩ সেইদৰে তেওঁ মন্দিৰৰ প্ৰবেশস্থানৰ কাৰণে দেৱালৰ চাৰি ভাগৰ এভাগত জিত কাঠ থকা চৌকাঠৰ দুই দাঁতিৰ দুডাল কৰিলে
३३त्याने मंदिराच्या दारासाठीही जैतून लाकडाच्या चौकटी बसवल्या होत्या; त्याने भिंतीचा चौथा भाग व्यापला होता;
34 ৩৪ আৰু দেবদাৰু কাঠৰ দুখলপীয়া দুৱাৰ কৰিলে৷ এখন পাত ঘুৰাব পৰা দুচলা তক্তা আৰু আন খলপাতো ঘূৰাব পৰা দুচলা তক্তা আছিল৷
३४त्याचे दोन दरवाजे देवदारू लाकडाचे होते प्रत्येक दरवाज्याला दोन दोन दुमटण्या होत्या.
35 ৩৫ তাতে কৰূব, খাজুৰ গছ আৰু মুকলি হোৱা ফুলৰ ছবি অংকন কৰিলে, আৰু সোণৰ পতা কৰি, সেই সোণ কটা-কামত লগালে।
३५त्यावरही पुन्हा करुब, खजुरीची झाडे, उमलेली फुले यांचे कोरीव काम असून ती दारे सोन्याने मढवली होती.
36 ৩৬ পাছত তেওঁ তিনি শাৰী কটা-শিল দি আৰু এশাৰী চাৰি সিৰীয়া এৰচ কাঠেৰে ভিতৰ-চোতাল সাজিলে।
३६मग त्याने आतले अंगण बाधले. त्याभोवती भिंत बांधली. दगडी चिऱ्यांच्या तीन ओळी आणि गंधसरुची एक ओळ अशा त्या होत्या.
37 ৩৭ চতুৰ্থ বছৰৰ জীব মাহত যিহোৱাৰ গৃহৰ ভিত্তিমূল স্থাপন কৰা হ’ল।
३७वर्षाचा चौथा महिना जीव मध्ये त्यांनी परमेश्वराच्या मंदिराचा पाया घातला.
38 ৩৮ আৰু একাদশ বছৰৰ বূল নামেৰে অষ্টম মাহত নিৰূপিত আকাৰ অনুসাৰে সকলো অংশতেই গৃহ নিৰ্ম্মাণ কৰি শেষ কৰা হ’ল। এইদৰে মন্দিৰ নির্মান কৰোঁতে চলোমনৰ সাত বছৰ লাগিল।
३८अकराव्या वर्षी बूल महिन्यात म्हणजेच वर्षाच्या आठव्या महिन्यात मंदिराचे बांधकाम पूर्ण झाले. शलमोनाला मंदिर बांधायला सात वर्षे लागली. मंदिराचे बांधकाम नियोजित नमुन्या प्रमाणे तंतोतंत झाले.