< ১ রাজাবলি 5 >
1 ১ যেতিয়া তূৰৰ ৰজা হীৰমে চলোমনক তেওঁৰ পিতৃৰ সলনি ৰজা অভিষেক কৰাৰ কথা শুনিলে, তেতিয়া তেওঁ চলোমনৰ ওচৰলৈ নিজৰ দাসবোৰক পঠিয়াই দিলে; কিয়নো চলোমনৰ পিতৃ দায়ূদৰ সৈতে তূৰৰ ৰজা হীৰমৰ সদায় বন্ধুত্ব আছিল।
misit quoque Hiram rex Tyri servos suos ad Salomonem audivit enim quod ipsum unxissent regem pro patre eius quia amicus fuerat Hiram David omni tempore
2 ২ তেতিয়া চলোমনে হীৰমলৈ কৈ পঠিয়ালে,
misit autem et Salomon ad Hiram dicens
3 ৩ “আপুনি জানে যে, মোৰ পিতৃ দায়ূদে তেওঁৰ ঈশ্বৰ যিহোৱাৰ নামৰ উদ্দেশে গৃহ নিৰ্ম্মাণ কৰিব নোৱাৰিলে; কিয়নো যেতিয়ালৈকে যিহোৱাই তেওঁৰ শত্ৰুবোৰক ভৰিৰ তল নকৰিলে, তেতিয়ালৈকে তেওঁৰ চাৰিওফালে যুদ্ধ হৈ আছিল।
tu scis voluntatem David patris mei et quia non potuerit aedificare domum nomini Domini Dei sui propter bella inminentia per circuitum donec daret Dominus eos sub vestigio pedum eius
4 ৪ কিন্তু এতিয়া মোৰ ঈশ্বৰ যিহোৱাই সকলো ফালে মোক বিশ্ৰাম দিছে৷ এতিয়া কোনো শত্ৰুও নাই আৰু কোনো ধৰণৰ আপদ ঘটা নাই।
nunc autem requiem dedit Deus meus mihi per circuitum non est Satan neque occursus malus
5 ৫ গতিকে মই মোৰ ঈশ্বৰ যিহোৱাৰ নামৰ উদ্দেশ্যে এটি গৃহ সাজিবলৈ মন কৰিছোঁ, মোৰ পিতৃ দায়ূদৰ আগত যিহোৱাই এইদৰে কৈছিল, ‘মই তোমাৰ পদত তোমাৰ যিজন পুত্ৰক সিংহাসনত বহুৱাম, তেৱেঁই মোৰ নামৰ উদ্দেশ্যে গৃহ নিৰ্ম্মাণ কৰিব।’
quam ob rem cogito aedificare templum nomini Domini Dei mei sicut locutus est Dominus David patri meo dicens filius tuus quem dabo pro te super solium tuum ipse aedificabit domum nomini meo
6 ৬ এই হেতুকে আপুনি এতিয়া আপোনাৰ লোকসকলক মোৰ বাবে লিবানোনৰ পৰা এৰচ কাঠ কাটি আনিবলৈ আজ্ঞা কৰক৷ মোৰ দাসবোৰ আপোনাৰ দাসবোৰৰ লগত যোগদান কৰিব আৰু আপুনি যি ক’ব, সেইদৰেই মই আপোনাৰ দাসবোৰৰ দিবলগীয়া বেচ আপোনাক দিম। কিয়নো আপুনি জানে যে, চীদোনীয়াসকলৰ দৰে কাঠ কাটিব জনা মানুহ আমাৰ মাজত নাই।”
praecipe igitur ut praecidant mihi cedros de Libano et servi mei sint cum servis tuis mercedem autem servorum tuorum dabo tibi quamcumque praeceperis scis enim quoniam non est in populo meo vir qui noverit ligna caedere sicut Sidonii
7 ৭ তেতিয়া হীৰমে চলোমনৰ এই কথা শুনি বৰ আনন্দিত হৈ ক’লে, “যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে সেই মহান জাতিৰ ওপৰত ৰাজত্ব কৰিবলৈ দায়ূদক এজন জ্ঞানী পুত্ৰ দান কৰিলে, আজি সেই যিহোৱা ধন্য।”
cum ergo audisset Hiram verba Salomonis laetatus est valde et ait benedictus Dominus hodie qui dedit David filium sapientissimum super populum hunc plurimum
8 ৮ পাছত হীৰমে চলোমনৰ ওচৰলৈ কৈ পঠিয়ালে, “আপুনি মোলৈ পঠিউৱা বাৰ্তা মই শুনিলোঁ৷ মই এৰচ কাঠ আৰু দেৱদাৰু কাঠৰ বিষয়ে আপোনাৰ মনৰ সকলো বাঞ্ছা সিদ্ধ কৰিম।
et misit Hiram ad Salomonem dicens audivi quaecumque mandasti mihi ego faciam omnem voluntatem tuam in lignis cedrinis et abiegnis
9 ৯ মোৰ দাসবোৰে লিবানোনৰ পৰা সেইবোৰ নমাই সাগৰলৈ আনিব আৰু মই ভূৰ বান্ধি সমূদ্ৰপথে আপুনি নিৰ্দেশ দিয়া ঠাইলৈ পঠিয়াই দিম৷ সেই ঠাইত ভূৰ মেলিলে আপুনি সেইবোৰ লৈ যাব৷ আৰু মোৰো বাঞ্ছা সিদ্ধ কৰিবলৈ আপুনি মোৰ লোকসকলৰ বাবে খোৱা বস্তুৰ যোগান ধৰিব৷”
servi mei deponent ea de Libano ad mare et ego conponam ea in ratibus in mari usque ad locum quem significaveris mihi et adplicabo ea ibi et tu tolles ea praebebisque necessaria mihi ut detur cibus domui meae
10 ১০ এইদৰে হীৰমে চলোমনৰ মনৰ বাঞ্ছাৰ দৰে সকলো এৰচ আৰু দেৱদাৰু কাঠ দিলে।
itaque Hiram dabat Salomoni ligna cedrina et ligna abiegna iuxta omnem voluntatem eius
11 ১১ চলোমনে হীৰমৰ লোকসকলৰ বাবে আহাৰৰ যোগান ধৰিবলৈ তেওঁক বিশ হাজাৰ কোৰ ঘেঁহু ধান আৰু বিশ কোৰ শুদ্ধ তেল দিলে৷ এইদৰে চলোমনে বছৰে বছৰে হীৰমক দিলে।
Salomon autem praebebat Hiram viginti milia chororum tritici in cibum domui eius et viginti choros purissimi olei haec tribuebat Salomon Hiram per annos singulos
12 ১২ যিহোৱাই নিজ প্ৰতিজ্ঞা অনুসাৰে চলোমনক জ্ঞান দিলে৷ হীৰম আৰু চলোমন, দুয়োৰে মাজত এক শান্তিপ্ৰিয় ভাব আছিল আৰু তেওঁলোক দুয়োজনে এটি নিয়ম স্থাপন কৰিছিল।
dedit quoque Dominus sapientiam Salomoni sicut locutus est ei et erat pax inter Hiram et Salomonem et percusserunt foedus ambo
13 ১৩ পাছত চলোমন ৰজাই গোটেই ইস্ৰায়েলৰ মাজৰ পৰা বাধ্যতামূলকভাৱে বন্দী-কাম কৰিবলৈ মানুহ গোটালে; সেই গোট খোৱা লোক ত্ৰিশ হাজাৰ হ’ল।
legitque rex Salomon operas de omni Israhel et erat indictio triginta milia virorum
14 ১৪ তেওঁ মাহেকীয়া পালক্ৰমে সিহঁতৰ দহ হাজাৰ লোকক লিবানোনলৈ পঠিয়ায়৷ সিহঁত এমাহ এমাহ লিবানোনত থাকে আৰু দুমাহ নিজ ঠাইত থাকে৷
mittebatque eos in Libanum decem milia per menses singulos vicissim ita ut duobus mensibus essent in domibus suis et Adoniram erat super huiuscemodi indictione
15 ১৫ চলোমনৰ সত্তৰ হাজাৰ ভাৰ বোৱা আৰু আশী হাজাৰ শিল-কটিয়া লোক পৰ্ব্বতত আছিল।
fuerunt itaque Salomoni septuaginta milia eorum qui onera portabant et octoginta milia latomorum in monte
16 ১৬ তাৰ বাহিৰেও কাম কৰা লোকসকলক তদাৰক কৰিবলৈ তেওঁলোকৰ ওপৰত চলোমনৰ তিনি হাজাৰ তিনি শ প্ৰধান বিষয়া আছিল।
absque praepositis qui praeerant singulis operibus numero trium milium et trecentorum praecipientium populo et his qui faciebant opus
17 ১৭ ৰজাৰ আজ্ঞা অনুসাৰে গৃহৰ ভিত্তিমূল স্থাপন কৰিবলৈ শিলৰ খনিৰ পৰা তেওঁলোকে কটা বৰ বৰ উন্নত প্ৰকাৰৰ শিলবোৰ কাটি আনিছিল।
praecepitque rex ut tollerent lapides grandes lapides pretiosos in fundamentum templi et quadrarent eos
18 ১৮ চলোমন আৰু হীৰমৰ ঘৰ-সজীয়া লোকসকল আৰু গিবলীয়া লোকসকলে সেইবোৰ শিল কাটিলে, আৰু এইদৰে সিহঁতে গৃহ নিৰ্ম্মাণ কৰিবলৈ কাঠ আৰু শিলো যুগুত কৰিলে।
quos dolaverunt cementarii Salomonis et cementarii Hiram porro Biblii praeparaverunt ligna et lapides ad aedificandam domum