< ১ রাজাবলি 4 >

1 চলোমন গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা আছিল।
و سلیمان پادشاه بر تمامی اسرائیل پادشاه بود.۱
2 এওঁলোক তেওঁৰ বিষয়া আছিল: চাদোকৰ পুত্ৰ অজৰিয়া পুৰোহিত আছিল৷
و سردارانی که داشت اینانند: عزریاهو ابن صادوق کاهن،۲
3 চীচাৰ পুত্ৰ ইলীহোৰফ আৰু অহিয়া ৰাজ-লিখক আছিল৷ অহীলূদৰ পুত্ৰ যিহোচাফট্‌ ইতিহাস-লিখক আছিল৷
و الیحورف و اخیاپسران شیشه کاتبان و یهوشافاط بن اخیلود وقایع نگار،۳
4 যিহোয়াদাৰ পুত্ৰ বনায়া সৈন্যসকলৰ প্ৰধান সেনাপতি আছিল৷ চাদোক আৰু অবিয়াথৰ পুৰোহিত আছিল৷
و بنایاهو ابن یهویاداع، سردار لشکر، وصادوق و ابیاتار کاهنان،۴
5 নাথনৰ পুত্ৰ অজৰীয়া বিষয়াসকলৰ ওপৰত অধ্যক্ষ আছিল৷ নাথনৰ পুত্ৰ জাবুদ পুৰোহিত আৰু ৰজাৰ সুহৃদ বন্ধু আছিল৷
و عزریاهو بن ناتان، سردار وکلاء و زابود بن ناتان کاهن و دوست خالص پادشاه،۵
6 অহীচাৰ ৰাজঘৰগিৰি আৰু অব্দাৰ পুত্ৰ আদোনীৰাম বন্দী কাম কৰোৱাসকলৰ ওপৰত অধ্যক্ষ আছিল।
و اخیشار ناظر خانه و ادونیرام بن عبدا، رئیس باجگیران.۶
7 চলোমনে গোটেই ইস্ৰায়েলৰ ওপৰত নিযুক্ত কৰা বাৰ জন বিষয়া আছিল, তেওঁলোকে ৰজাৰ আৰু ৰাজগৃহৰ বাবে খোৱা বস্তুৰ যোগান ধৰিছিল৷ বছৰৰ ভিতৰত এমাহৰ সম্বল যোগান ধৰাৰ ভাৰ প্ৰতিজনৰ ওপৰত আছিল।
و سلیمان دوازده وکیل بر تمامی اسرائیل داشت که به جهت خوراک پادشاه و خاندانش تدارک می‌دیدند، که هریک از ایشان یک ماه درسال تدارک می‌دیدند.۷
8 তেওঁলোকৰ নামবোৰ আছিল: ইফ্ৰয়িম পৰ্ব্বতৰ বিন-হূৰ,
و نامهای ایشان این است: بنحور در کوهستان افرایم۸
9 মাকচত বিন-ডেকাৰ, চালবীম, বৈৎচেমচত আৰু এলোন বৈৎ-হানন আছিল;
و بندقر درماقص و شعلبیم و بیت شمس و ایلون بیت حانان۹
10 ১০ আৰু অৰুব্বোতত বিন-হেচদ, তেওঁৰ অধীনত চোকো আৰু হেফৰ প্ৰদেশ আছিল৷
و بنحسد در اربوت که سوکوه و تمامی زمین حافر به او تعلق داشت۱۰
11 ১১ অবীনাদব সমুদায় দোৰ জিলাত আছিল, তেওঁ চলোমনৰ জীয়েক টাফতক বিয়া কৰাইছিল,
و بنئبینداب در تمامی نافت دور که تافت دختر سلیمان زن او بود۱۱
12 ১২ তানক আৰু মগিদ্দোত অহীলূদৰ পুত্ৰ বানাৰ আৰু চৰ্তনৰ ওচৰত যিজ্ৰিয়েলৰ তলত থকা গোটেই বৈৎ-চান অৰ্থাৎ পৰা আবেল-মহোলা আৰু যকমিয়ামৰ সিটো দিশলৈকে অধিকাৰ কৰি আছিল। অধিকাৰ আছিল৷
وبعنا ابن اخیلود در تعنک و مجدو و تمامی بیتشان که به‌جانب صرتان زیر یزرعیل است از بیتشان تا آبل محوله تا آن طرف یقمعام۱۲
13 ১৩ ৰামোৎ-গিলিয়দত বিন-গেবৰ, তেওঁৰ অধীনত গিলিয়দত থকা মনচিৰ পুত্ৰ যায়ীৰৰ আটাই গাওঁ আৰু বাচানত থকা অর্গোব অঞ্চল অৰ্থাৎ গড়েৰে বেষ্টিত আৰু পিতলৰ ডাং থকা ষাঠিখন ডাঙৰ নগৰ আছিল,
و بنجابر درراموت جلعاد که قرای یاعیر بن منسی که درجلعاد می‌باشد و بلوک ارجوب که در باشان است به او تعلق داشت، یعنی شصت شهر بزرگ حصاردار با پشت بندهای برنجین۱۳
14 ১৪ মহনয়িমত ইদ্দোৰ পুত্ৰ অহীনাদব আছিল৷
و اخیناداب بن عدو در محنایم۱۴
15 ১৫ নপ্তালীত অহীমাচ, তেৱোঁ চলোমনৰ জীয়েক বাচমতক বিয়া কৰিছিল,
و اخیمعص در نفتالی که اونیز باسمت، دختر سلیمان را به زنی گرفته بود۱۵
16 ১৬ আচেৰত আৰু বালোতত হূচয়ৰ পুত্ৰ বানা,
وبعنا ابن حوشای در اشیر و بعلوت۱۶
17 ১৭ ইচাখৰত পাৰূহৰ পুত্ৰ যিহোচাফট আছিল৷
و یهوشافاطبن فاروح در یساکار۱۷
18 ১৮ বিন্যামীনত এলাৰ পুত্ৰ চিমিয়ী,
و شمعی ابن ایلا دربنیامین۱۸
19 ১৯ আৰু গিলিয়দ দেশত, অৰ্থাৎ ইমোৰীয়াসকলৰ চীহোন ৰজাৰ দেশত উৰীৰ পুত্ৰ গেবৰ আৰু বাচানৰ ওগ ৰজা; সেই দেশত কেৱল তেৱেঁই বিষয়া আছিল।
و جابر بن اوری در زمین جلعاد که ولایت سیحون پادشاه اموریان و عوج پادشاه باشان بود و او به تنهایی در آن زمین وکیل بود.۱۹
20 ২০ যিহূদা আৰু ইস্ৰায়েল সমুদ্ৰৰ তীৰত থকা বালিৰ নিচিনা অসংখ্য আছিল৷ তেওঁলোকে ভোজন-পান আৰু ৰং ধেমালি কৰিছিল।
و یهودا و اسرائیل مثل ریگ کناره دریابیشمار بودند و اکل و شرب نموده، شادی می‌کردند.۲۰
21 ২১ চলোমনে ফৰাৎ নদীৰে পৰা পলেষ্টীয়াসকলৰ দেশলৈ আৰু মিচৰ দেশৰ সীমালৈকে, সকলো ৰাজ্যৰ ওপৰত ৰাজত্ব কৰিছিল৷ তেওঁলোকে চলোমনলৈ উপহাৰ আনিছিল আৰু তেওঁৰ গোটেই ৰাজত্বৰ কালত তেওঁলোকে তেওঁক সেৱা কৰিছিল।
و سلیمان بر تمامی ممالک، از نهر(فرات ) تا زمین فلسطینیان و تا سرحد مصرسلطنت می‌نمود، و هدایا آورده، سلیمان را درتمامی ایام عمرش خدمت می‌کردند.۲۱
22 ২২ চলোমনৰ প্ৰতিদিনৰ আহাৰত প্রয়োজন হৈছিল, দ্ৰব্য ত্ৰিশ কোৰ উত্তম মিহি আটাগুড়ি আৰু ষাঠি কোৰ সাধাৰণ আটাগুড়ি,
و آذوقه سلیمان برای هر روز سی کر آردنرم و شصت کر بلغور بود.۲۲
23 ২৩ দহোটা পুষ্ট ষাঁড় গৰু, চৰণীয়া পথাৰৰ পৰা অনা গৰু বিশটা আৰু এশ টা মেৰ-ছাগ; ইয়াৰ উপৰিও হৰিণা, কৃষ্ণসাৰ, যহমুৰ পহু আৰু পুষ্ট পক্ষী।
و ده گاو پرواری وبیست گاو از چراگاه و صد گوسفند سوای غزالهاو آهوها و گوزنها و مرغهای فربه.۲۳
24 ২৪ কিয়নো তেওঁ টিপচহৰ পৰা গাজালৈকে, ফৰাৎ নদীৰ ইপাৰে থকা সমূদায় দেশৰ, নদীৰ ইপাৰে থকা সকলো ৰজাৰ ওপৰত ৰাজত্ব কৰিলে আৰু তেওঁৰ চাৰিওফালৰ অঞ্চল শান্তিপূৰ্ণ আছিল৷
زیرا که برتمام ماورای نهر از تفسح تا غزه بر جمیع ملوک ماورای نهر حکمرانی می‌نمود و او را از هرجانب به همه اطرافش صلح بود.۲۴
25 ২৫ চলোমনৰ ৰাজত্বৰ সকলো সময়ত, প্ৰতিজনে দানৰ পৰা বেৰ-চেবালৈকে, যিহূদা আৰু ইস্ৰায়েলত নিজ দ্ৰাক্ষালতাৰ আৰু নিজ নিজ ডিমৰু গছৰ তলত নিৰ্ভয়ে বাস কৰিছিল।
و یهودا واسرائیل، هرکس زیر مو و انجیر خود از دان تابئرشبع در تمامی ایام سلیمان ایمن می‌نشستند.۲۵
26 ২৬ চলোমনৰ ৰথৰ কাৰণে চল্লিশ হাজাৰ ঘোঁৰাশাল আৰু বাৰ হাজাৰ অশ্বাৰোহী আছিল।
و سلیمان را چهل هزار آخور اسب به جهت ارابه هایش و دوازده هزار سوار بود.۲۶
27 ২৭ প্ৰতিজন বিষয়াই চলোমন ৰজাৰ কাৰণে আৰু তেওঁৰ মেজলৈ অহা সকলোৰে কাৰণে নিজ নিজ নিৰূপিত মাহত খোৱা সমল যোগাইছিল৷ তেওঁলোকে কোনো বস্তুৰ নাটনি হ’বলৈ দিয়া নাছিল৷
و آن وکلا از برای خوراک سلیمان پادشاه و همه کسانی که بر سفره سلیمان پادشاه حاضر می‌بودند، هر یک در ماه خود تدارک می‌دیدند و نمی گذاشتند که به هیچ‌چیز احتیاج باشد.۲۷
28 ২৮ তেওঁলোকৰ প্ৰতিজনে নিজ নিজ নিৰূপিত কাৰ্যৰ দৰে, সাধাৰণ আৰু বেগী ঘোঁৰাৰ কাৰণে, দিবলগীয়া ঠাইলৈ যৱ ধান আৰু খেৰ আনিছিল।
و جو و کاه به جهت اسبان و اسبان تازی به مکانی که هر کس بر‌حسب وظیفه‌اش مقرر بود، می‌آوردند.۲۸
29 ২৯ ঈশ্বৰে চলোমনক অতিশয় অধিক জ্ঞান আৰু বুদ্ধি দিলে আৰু সমুদ্ৰৰ তীৰত থকা বালিৰ নিচিনা অধিক বিষয় বুজিবলৈ এক বহল মন দিলে।
و خدا به سلیمان حکمت و فطانت از حدزیاده و وسعت دل مثل ریگ کناره دریا عطافرمود.۲۹
30 ৩০ তাতে চলোমনৰ জ্ঞান পূব দেশত থকা সকলো লোক আৰু মিচৰীয়া লোকসকলৰ জ্ঞানতকৈ অত্যাধিক হ’ল।
و حکمت سلیمان از حکمت تمامی بنی مشرق و از حکمت جمیع مصریان زیاده بود.۳۰
31 ৩১ তেওঁ সকলোতকৈ জ্ঞানৱান; তেওঁ ইজ্ৰাহীয়া এথন, মাহোলৰ পুত্ৰ হেমন, কলকোল আৰু দৰ্দা, এই সকলোতকৈয়ো অধিক জ্ঞানৱান হ’ল। আৰু তেওঁৰ যশস্যা চাৰিওফালে থকা সকলো জাতিৰ মাজত বিয়পি গ’ল।
و از جمیع آدمیان از ایتان ازراحی و از پسران ماحول، یعنی حیمان و کلکول و دردع حکیم تربود و اسم او در میان تمامی امتهایی که به اطرافش بودند، شهرت یافت.۳۱
32 ৩২ তেওঁ তিনি হাজাৰ নীতি বাক্য কৈছিল আৰু তেওঁৰ গীতৰ সংখ্যা এক হাজাৰ পাঁচ টা আছিল।
و سه هزار مثل گفت وسرودهایش هزار و پنج بود.۳۲
33 ৩৩ তেওঁ লিবানোনত থকা এৰচ গছৰ পৰা গড়ৰ গাত গজা এচোব বনলৈকে সকলো গছৰ বিষয়ে বর্ণনা কৰিছিল৷ তেওঁ পশু, পক্ষী, উৰগ জন্তু আৰু মাছৰ বিষয়েও ব্যাখ্যা কৰিছিল।
و درباره درختان سخن گفت، از سرو آزاد لبنان تا زوفائی که بردیوارها می‌روید و درباره بهایم و مرغان وحشرات و ماهیان نیز سخن گفت.۳۳
34 ৩৪ সকলো দেশৰ লোকে চলোমনৰ জ্ঞানৰ কথা শুনিবলৈ আহিছিল। যি জনে তেওঁৰ জ্ঞানৰ কথা শুনিছিল, তেৱেঁই পৃথিৱীৰ ৰজাসকলক তেওঁৰ ওচৰলৈ পঠিয়াই দিছিল।
و از جمیع طوایف و از تمام پادشاهان زمین که آوازه حکمت او را شنیده بودند، می‌آمدند تا حکمت سلیمان را استماع نمایند.۳۴

< ১ রাজাবলি 4 >