< ১ রাজাবলি 3 >
1 ১ চলোমনে মিচৰৰ ৰজা ফৰৌণৰ জীয়েকৰ সৈতে বিবাহৰ দ্ৱাৰাই নিজৰ বাবে সম্বন্ধ স্থাপন কৰিলে৷ তেওঁ ফৰৌণৰ জীয়েকক লৈ আহিল, আৰু তেওঁক নিজৰ গৃহ, যিহোৱাৰ গৃহ আৰু যিৰূচালেমৰ চাৰিওফালৰ দেৱাল সম্পূৰ্ণকৈ নিৰ্মাণ নহোৱালৈকে, দায়ুদৰ নগৰত ৰাখিলে।
Y Salomón hizo parentesco con Faraón rey de Egipto, porque tomó por mujer la hija de Faraón, y trájola en la ciudad de David, entre tanto que acababa de edificar su casa, y la casa de Jehová, y los muros de Jerusalem al derredor.
2 ২ লোকসকলে পবিত্ৰ ঠাইবোৰতহে বলিদান কৰিছিল; কাৰণ সেই কাললৈকে যিহোৱাৰ নামেৰে কোনো গৃহ নিৰ্ম্মাণ কৰা হোৱা নাছিল।
Hasta entonces el pueblo sacrificaba en los altos; porque aun no había casa edificada al nombre de Jehová hasta aquellos tiempos.
3 ৩ চলোমনে পবিত্ৰ স্থানবোৰত বলিদান দিয়া আৰু ধূপ জ্বলোৱাৰ বাহিৰে, তেওঁ নিজ পিতৃ দায়ূদৰ বিধি অনুসাৰে চলিছিল, তেওঁ যিহোৱাক প্ৰেম কৰিছিল।
Mas Salomón amó a Jehová andando en la institución de su padre David, solamente sacrificaba, y quemaba olores en altos.
4 ৪ পাছত ৰজাই বলিদান কৰিবৰ অৰ্থে গিবিয়োনলৈ গ’ল, কিয়নো সেই ঠাই আটাইতকৈ প্ৰধান পবিত্ৰ ঠাই আছিল৷ চলোমনে তাত থকা যজ্ঞবেদীৰ ওপৰত এক হাজাৰ হোম-বলি দিলে।
E iba el rey a Gabaón, porque aquel era el alto principal, y sacrificaba allí: mil holocaustos sacrificaba Salomón sobre aquel altar.
5 ৫ গিবিয়োনতে যিহোৱাই ৰাতি সপোনত চলোমনক দৰ্শন দিলে; তেওঁ ক’লে, “খোজা! মই তোমাক কি বৰ দিম।”
Y aparecióse Jehová a Salomón en Gabaón una noche en sueños, y dijo Dios: Pide lo que quisieres, que yo te dé.
6 ৬ তেতিয়া চলোমনে ক’লে, “আপোনাৰ দাস মোৰ পিতৃ দায়ূদে সত্যতা, ধাৰ্মিকতা আৰু সৰল চিত্তেৰে যি আচৰণ কৰিলে, সেইদৰে আপুনি তেওঁক অতিশয় দয়া কৰিলে৷ বিশেষকৈ তেওঁক এনে মহা-অনুগ্ৰহ কৰিলে যে, আজিৰ দৰে তেওঁৰ সিংহাসনত বহিবলৈ তেওঁক এজন পুত্ৰও দিলে।
Y Salomón dijo: Tú hiciste gran misericordia a tu siervo David mi padre, de la manera que él anduvo delante de ti con verdad, con justicia, y con rectitud de corazón para contigo: y tú le has guardado esta tu grande misericordia, que le diste un hijo que se asentase en su trono, como parece en este día.
7 ৭ এতিয়া, হে মোৰ ঈশ্বৰ যিহোৱা, আপুনি মোৰ পিতৃ দায়ূদৰ পদত আপোনাৰ এই দাসক ৰজা পাতিলে, কিন্তু মই সৰু ল’ৰা মাথোন৷ মই বাহিৰলৈ ওলাব আৰু অানকি ভিতৰলৈ সোমাবলৈকো নাজানো।
Ahora pues, Jehová Dios mío, tú has puesto a mí tu siervo por rey en lugar de David mi padre: y yo soy mozo pequeño, que ni sé entrar, ni salir:
8 ৮ আপোনাৰ এই দাস, আপুনি মনোনীত কৰা আপোনাৰ দাসবোৰৰ মাজত আছে; তেওঁলোক মহাজাতি, সংখ্যাত অগণন বা গণিব নোৱাৰা।
Y tu siervo está en medio de tu pueblo, al cual tú elegiste: un pueblo grande, que ni se puede contar, ni numerar por su multitud.
9 ৯ এতেকে আপোনাৰ প্ৰজাসকলৰ বিচাৰ কৰিবৰ অৰ্থে, আপোনাৰ এই দাসক ভাল বেয়া বুজিবলৈ জ্ঞানযুক্ত মন দিয়ক৷ কিয়নো আপোনাৰ এনে বৃহৎ জাতিৰ বিচাৰ কৰা কাৰ সাধ্য?”
Da pues a tu siervo corazón dócil para juzgar a tu pueblo: para entender entre lo bueno y lo malo: porque ¿quién podrá gobernar este tu pueblo tan grande?
10 ১০ চলোমনে এনে বৰ খোজাত, প্ৰভুৱে তেওঁৰ প্ৰাৰ্থনাত সন্তোষ পালে।
Y agradó delante de Adonaí, que Salomón pidiese esto.
11 ১১ তেতিয়া ঈশ্বৰে তেওঁক ক’লে, “কিয়নো তুমি এনে বিষয় বিচাৰিলা, আৰু নিজৰ কাৰণে দীঘল আয়ুস বা ঐশ্বৰ্য্য বা তোমাৰ শত্ৰুৰ প্ৰাণ নুখুজিলা, কিন্তু সুবিচাৰ কৰিবলৈ নিজৰ কাৰণে জ্ঞান বিচাৰিলা,
Y díjole Dios: Porque has demandado esto, y no pediste para ti muchos días, ni pediste para ti riquezas, ni pediste la vida de tus enemigos, mas demandaste para ti inteligencia para oír juicio:
12 ১২ এই কাৰণে চোৱা, মই তোমাৰ বাক্যৰ দৰেই সকলো কৰিলোঁ। তোমাক মই এনে জ্ঞান আৰু বুদ্ধি থকা মন দিলা যে, তোমাৰ আগেয়ে তোমাৰ তুল্য কোনো হোৱা নাই বা তোমাৰ পাছতো উৎপন্ন নহ’ব।
He aquí, yo lo he hecho conforme a tus palabras: he aquí que yo te he dado corazón sabio y entendido tanto, que no haya habido antes de ti otro como tú, ni después de ti se levante otro como tú.
13 ১৩ ইয়াৰ বাহিৰেও তুমি নোখোজা সেই ঐশ্বৰ্য্য আৰু সন্মান তোমাক দিলা। তোমাৰ সমস্ত জীৱন কালত ৰজাসকলৰ মাজত কোনো তোমাৰ তুল্য নহ’ব।
Y aun también las cosas que no pediste, te he dado: riquezas y gloria, que entre los reyes ninguno haya como tú en todos tus días.
14 ১৪ তুমি যদি তোমাৰ পিতৃ দায়ূদে চলাৰ দৰে মোৰ পথত চলি মোৰ বিধি আৰু আজ্ঞাবোৰ পালন কৰা, তেনেহ’লে মই তোমাৰ আয়ুস আৰু দীঘল কৰিম।”
Y si anduvieres en mis caminos, guardando mis estatutos y mis mandamientos, como tu padre David anduvo, yo alargaré tus días.
15 ১৫ তেতিয়া চলোমনে সাৰ পাই দেখিলে যে, সেয়া সপোনহে আছিল। পাছত তেওঁ যিৰূচালেমলৈ আহি যিহোৱাৰ নিয়ম-চন্দুকটিৰ সন্মুখত থিয় হ’ল৷ তাতে তেওঁ হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে আৰু নিজ সকলো দাসবোৰৰ কাৰণে এটা ভোজ পাতিলে।
Y como Salomón despertó, vio que era sueño: y vino a Jerusalem, y presentóse delante del arca del concierto de Jehová, y sacrificó holocaustos, e hizo pacíficos: e hizo banquete a todos sus siervos.
16 ১৬ সেই সময়ত দুজনী বেশ্যা মহিলা ৰজাৰ ওচৰলৈ আহি তেওঁৰ সন্মুখত থিয় হ’ল।
En aquella sazón vinieron dos mujeres rameras al rey, y presentáronse delante de él.
17 ১৭ তেওঁলোকৰ এজনীয়ে ক’লে, “হে মোৰ প্ৰভু, মই আৰু এই জনী মহিলাই দুয়ো একে ঘৰতে থাকোঁ আৰু মই এয়ে সৈতে ঘৰত থকা কালত এটি ল’ৰা প্ৰসৱ কৰিলোঁ।
Y dijo la una mujer: ¡Ay! señor mío, yo y esta mujer morábamos en una misma casa: y yo parí en casa con ella.
18 ১৮ পাছত মই প্ৰসৱ কৰা তৃতীয় দিনা এই জনী মহিলায়ো এটি ল’ৰা প্ৰসৱ কৰিলে৷ তেতিয়া আমি একে লগে আছিলোঁ৷ ঘৰত আমাৰ লগত আন কোনো মানুহ নাছিল, কেৱল ঘৰত আমি দুজনীয়ে আছিলোঁ।
Y aconteció, que al tercero día después que yo parí, esta parió también: y morábamos nosotras ambas, que ninguno de fuera estaba en casa, sino nosotras dos en una casa.
19 ১৯ পাছত ৰাতি এইৰ ল’ৰাটি মৃত্যু হ’ল, কাৰণ এই তাৰ ওপৰত শুলে।
Y una noche el hijo de esta mujer murió, porque ella se acostó sobre él.
20 ২০ তাতে তাই মাজনিশা উঠি, আপোনাৰ এই বেটী টোপনিত থাকোঁতে, মোৰ ল’ৰাটি মোৰ কাষৰ পৰা নি নিজৰ বুকুত শুৱালে আৰু নিজৰ মৰা ল’ৰাটি আনি মোৰ বুকুত শুৱাই হ’ল।
Y esta se levantó a media noche, y tomóme mi hijo de junto a mí, estando yo tu sierva durmiendo, y púsole a su lado, y púsome a mi lado su hijo muerto.
21 ২১ পাছত ৰাতিপুৱা মই মোৰ ল’ৰাটিক পিয়াহ দিবলৈ উঠি দেখিলোঁ যে, সি মৰা৷ কিন্তু ৰাতিপুৱা মই ভালকৈ চাওঁতে দেখিলোঁ যে, সি মই জন্ম দিয়া ল’ৰাটি নহয়।”
Y como yo me levanté por la mañana para dar el pecho a mi hijo, he aquí que estaba muerto. Y yo le miré por la mañana, y, he aquí que no era mi hijo, que yo había parido.
22 ২২ তেতিয়া দ্বিতীয় জনী মহিলাই ক’লে, “নহয়, জীয়াই থকা ল’ৰাটি মোৰ, মৰা জনহে তোমাৰ ল’ৰা।” তেতিয়া প্ৰথম জনীয়ে ক’লে, “নহয় নহয়, মৰা ল’ৰাটি তোমাৰ, জীয়াই থকা জনহে মোৰ।” এই দৰে তেওঁলোক দুয়োজনীয়ে ৰজাৰ আগত নিবেদন কৰিলে।
Entonces la otra mujer dijo: No: mi hijo es el que vive, y tu hijo es el muerto. Y la otra volvió a decir: No: tu hijo es el muerto, y mi hijo es el que vive. Y de esta manera hablaban delante del rey.
23 ২৩ তেতিয়াই ৰজাই ক’লে, “এইজনীয়ে কৈছে, ‘জীয়াই থকা ল’ৰাটি মোৰ, মৰা ল’ৰাটি তোমাৰ’, আৰু আন জনীয়ে কৈছে, ‘নহয় নহয়, মৰা ল’ৰাটি তোমাৰ, জীয়াই থকা ল’ৰাটো মোৰ।”
El rey entonces dijo: Esta dice: Mi hijo es el que vive, y tu hijo es el muerto. Y la otra dice: No, mas el tuyo es el muerto, y mi hijo es el que vive.
24 ২৪ তেতিয়া ৰজাই আজ্ঞা কৰিলে, “মোলৈ এখন তৰোৱাল আনা।” তেতিয়া ৰজাৰ আগলৈ এখন তৰোৱাল অনা হ’ল।
Entonces dijo el rey: Traédme una espada: y trajeron al rey una espada.
25 ২৫ তেতিয়া ৰজাই ক’লে, “এই জীয়াই থকা লৰাটিক দুডোখৰ কৰি, এজনীক এফাল আৰু আন জনীক এফাল দিয়া।”
Y el rey dijo: Partíd por medio el niño vivo, y dad la mitad a la una, y la otra mitad a la otra.
26 ২৬ তেতিয়া জীয়াই থকা ল’ৰাটি যি জনী মহিলাৰ আছিল, তেওঁ তেওঁৰ ল’ৰাটিলৈ দয়া-মমতাৰে উপচি পৰিল, তেওঁ ৰজাক নিবেদন কৰি ক’লে, “হে মোৰ প্ৰভু, বিনয় কৰোঁ, জীয়া ল’ৰাটি এইকে দিয়ক, ল’ৰাটি কোনোমতেই বধ নকৰিব৷” কিন্তু আন জনীয়ে ক’লে, “সি মোৰো নহওঁক তোমাৰো নহওঁক৷ তোমালোকে তাক দুডোখৰ কৰা।”
Entonces aquella mujer cuyo era el hijo vivo, dijo al rey (porque sus entrañas se le encendieron por su hijo, y dijo): ¡Ay! señor mío, dad a esta el niño vivo, no le matéis. Y la otra dijo: Ni a mí, ni a ti, sino partídle.
27 ২৭ তেতিয়া ৰজাই উত্তৰ দি ক’লে, “এই জনীকে জীয়া ল’ৰাটি দিয়া আৰু কোনো মতে তাক বধ নকৰিবা৷ এই জনীয়েই তাৰ মাতৃ।”
Entonces el rey respondió, y dijo: Dad a esta el hijo vivo, y no le matéis: ella es su madre.
28 ২৮ ৰজাই এই যি বিচাৰ নিস্পত্তি কৰিলে, সেই বিষয়ে শুনি গোটেই ইস্ৰায়েলে ৰজালৈ ভয় কৰিলে, কিয়নো তেওঁলোকে দেখিলে যে, বিচাৰ কৰিবৰ অৰ্থে তেওঁত ঈশ্বৰে দিয়া জ্ঞান আছে।
Y todo Israel oyó aquel juicio, que había juzgado el rey, y hubieron temor del rey, porque vieron que había en él sabiduría de Dios para juzgar.