< ১ রাজাবলি 22 >
1 ১ পাছত তিনি বছৰলৈকে অৰাম আৰু ইস্ৰায়েলে যুদ্ধ নকৰাকৈ ক্ষান্ত হৈ থাকিল।
Then three years passed without war between Aram and Israel.
2 ২ তেতিয়া সেই তৃতীয় বছৰত যিহূদাৰ ৰজা যিহোচাফটে ইস্ৰায়েলৰ ৰজাৰ ওচৰলৈ নামি আহিল।
However, in the third year, Jehoshaphat king of Judah went down to visit the king of Israel,
3 ৩ সেই সময়ত ইস্ৰায়েলৰ ৰজাই নিজ দাসবোৰক ক’লে, “ৰামোৎ-গিলিয়দত যে আমাৰ অধিকাৰ আছে, সেই বিষয়ে তোমালোকে জানা নে? তেনেহলে তাক আমি ৰজা অৰামৰ হাতৰ পৰা লৈ আমাৰ অধীন কৰিবলৈ সেই বিষয়ে কিয় একোকে কৰা নাই?”
who said to his servants, “Do you not know that Ramoth-gilead is ours, but we have failed to take it from the hand of the king of Aram?”
4 ৪ তেতিয়া তেওঁ যিহোচাফটক ক’লে, “আপুনি মোৰ লগত যুদ্ধ কৰিবলৈ ৰামোৎ-গিলিয়দলৈ যাব নে?” তেতিয়া যিহোচাফটে ইস্ৰায়েলৰ ৰজাক ক’লে, “আপুনি যেনে, মইয়ো তেনে; মোৰ প্ৰজা যেনে, আপোনাৰ প্ৰজাও তেনে আৰু মোৰ ঘোঁৰাবোৰ যেনে, আপোনাৰ ঘোঁৰাবোৰো তেনে।”
So he asked Jehoshaphat, “Will you go with me to fight against Ramoth-gilead?” Jehoshaphat answered the king of Israel, “I am like you, my people are your people, and my horses are your horses.”
5 ৫ যিহোচাফটে ইস্ৰায়েলৰ ৰজাৰ আগত পুনৰায় ক’লে, “মই বিনয় কৰোঁ, যিহোৱাৰ বাক্য কি, সেই বিষয়ে প্রথমে বিচাৰ কৰক।”
But Jehoshaphat also said to the king of Israel, “Please inquire first for the word of the LORD.”
6 ৬ তেতিয়া ইস্ৰায়েলৰ ৰজাই ভাববাদীসকলক অৰ্থাৎ প্ৰায় চাৰিশ লোকক গোটাই তেওঁলোকক সুধিলে, “মই ৰামোৎ-গিলিয়দৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাম নে, নে ক্ষান্ত হ’ম?” তেতিয়া তেওঁলোকে ক’লে, “যাওঁক, কিয়নো প্ৰভুৱে মহাৰাজৰ হাতত তাক সমৰ্পণ কৰিব।”
So the king of Israel assembled the prophets, about four hundred men, and asked them, “Should I go to war against Ramoth-gilead, or should I refrain?” “Go up,” they replied, “and the Lord will deliver it into the hand of the king.”
7 ৭ তেতিয়া যিহোচাফটে ক’লে, “আমাক পৰামৰ্শ দিবলৈ যিহোৱাৰ আন কোনো ভাববাদী ইয়াত আৰু আছে নে?”
But Jehoshaphat asked, “Is there not still a prophet of the LORD here of whom we can inquire?”
8 ৮ এনেতে ইস্ৰায়েলৰ ৰজাই যিহোচাফটক ক’লে, “এনে এজন আৰু ভাববাদী আছে যাৰ দ্বাৰাই আমি যিহোৱাৰ সহায়ৰ বাবে পৰামৰ্শ লব পাৰোঁ; তেওঁ যিম্লাৰ পুত্র মীখায়া, কিন্তু মই তেওঁক ঘিণ কৰোঁ, কিয়নো তেওঁ মোৰ বিষয়ে মঙ্গলৰ ভাববাণী প্ৰচাৰ নকৰে, কেৱল অমঙ্গলহে প্ৰচাৰ কৰে।” তেতিয়া যিহোচাফটে ক’লে, “মহাৰাজে যেন সেই ধৰণে কথা নকওঁক।”
The king of Israel answered, “There is still one man who can ask the LORD, but I hate him because he never prophesies anything good for me, but only bad. He is Micaiah son of Imlah.” “The king should not say that!” Jehoshaphat replied.
9 ৯ তেতিয়া ইস্ৰায়েলৰ ৰজাই নিজৰ এজন বিষয়া মাতি তেওঁক আজ্ঞা দি ক’লে, “যিম্লাৰ পুত্ৰ মীখায়াক এতিয়াই লৈ আহা।”
So the king of Israel called one of his officials and said, “Bring Micaiah son of Imlah at once.”
10 ১০ সেই সময়ত ইস্ৰায়েলৰ ৰজা আহাব আৰু যিহূদাৰ ৰজা যিহোচাফটে ৰাজবস্ত্ৰ পিন্ধি, চমৰিয়াৰ প্ৰবেশ স্থানৰ ওচৰৰ এখন মুকলি ঠাইত নিজ নিজ সিংহাসনত বহি আছিল; আৰু আটাই ভাববাদীসকলে তেওঁলোকৰ আগত ভাববাণী প্ৰচাৰ কৰি আছিল।
Dressed in royal attire, the king of Israel and Jehoshaphat king of Judah were sitting on their thrones at the threshing floor by the entrance of the gate of Samaria, with all the prophets prophesying before them.
11 ১১ বিশেষকৈ কনানাৰ পুত্ৰ চিদিকিয়াই নিজৰ কাৰণে লোহাৰ শিং এজোৰ সাজি লৈ ক’লে, “যিহোৱাই এইদৰে কৈছে: ‘ইয়াৰ দ্বাৰাই তুমি অৰামীয়াসকলক সম্পূৰ্ণৰূপে সংহাৰ নকৰালৈকে তেওঁলোকক ইয়াৰে খুচি থাকিবা’।”
Now Zedekiah son of Chenaanah had made for himself iron horns and declared, “This is what the LORD says: ‘With these you shall gore the Arameans until they are finished off.’”
12 ১২ তেতিয়া আন আন ভাববাদীসকলেও সেইদৰেই ভাববাণী প্ৰচাৰ কৰি ক’লে, “আপুনি ৰামোৎ-গিলিয়দলৈ আটক কৰক; তাতে আপুনি কৃতকাৰ্য্য হ’ব; কিয়নো যিহোৱাই তাক মহাৰাজৰ হাতত শোধাই দিব।”
And all the prophets were prophesying the same, saying, “Go up to Ramoth-gilead and prosper, for the LORD will deliver it into the hand of the king.”
13 ১৩ পাছত যি জন লোকে মীখায়াক মাতিবলৈ গৈছিল, তেওঁ গৈ তেওঁক ক’লে, “চোৱা, ভাববাদীসকলে একে মুখেৰে ৰজাৰ আগত মঙ্গলৰ কথা কৈছে। মই বিনয় কৰোঁ, তোমাৰ বাক্যও তেওঁলোকৰ এজনৰ বাক্যৰ দৰে হৈ তুমিও যেন মঙ্গলৰ বাক্য প্ৰচাৰ কৰা।”
Then the messenger who had gone to call Micaiah instructed him, “Behold now, with one accord the words of the prophets are favorable to the king. So please let your words be like theirs, and speak favorably.”
14 ১৪ তাতে মীখায়াই ক’লে, “যিহোৱাৰ জীৱনৰ শপত, যিহোৱাই মোক যিদৰে ক’ব, মই সেইদৰেহে ক’ম।”
But Micaiah said, “As surely as the LORD lives, I will speak whatever the LORD tells me.”
15 ১৫ পাছত যেতিয়া তেওঁ ৰজাৰ ওচৰলৈ আহিল, ৰজাই তেওঁক সুধিলে, “হে মীখায়া আমি ৰামোৎ-গিলিয়দলৈ যুদ্ধ কৰিবলৈ যাম নে, নে ক্ষান্ত হ’ম?” তেতিয়া তেওঁ ক’লে, “যাওঁক, আপুনি কৃতকাৰ্য্য হ’ব আৰু যিহোৱাই তাক মহাৰাজৰ হাতত সমৰ্পণ কৰিব।”
When Micaiah arrived, the king asked him, “Micaiah, should we go to war against Ramoth-gilead, or should we refrain?” “Go up and triumph,” Micaiah replied, “for the LORD will give it into the hand of the king.”
16 ১৬ তেতিয়া ৰজাই তেওঁক ক’লে, “তুমি যিহোৱাৰ নামেৰে মোক কেৱল সত্য বাক্য ক’বলৈ, মই তোমাক কিমানবাৰ শপত খুৱাম?”
But the king said to him, “How many times must I make you swear not to tell me anything but the truth in the name of the LORD?”
17 ১৭ তেতিয়া তেওঁ ক’লে, “মই সমুদায় ইস্ৰায়েলক ৰখীয়া নোহোৱা মেৰ-ছাগৰ জাকৰ দৰে পৰ্বতবোৰৰ ওপৰত ছিন্ন-ভিন্ন হৈ থকা দেখিলোঁ আৰু যিহোৱাই ক’লে, ‘এইবোৰৰ ৰখীয়া নাই; তেওঁলোক প্ৰতিজনে যেন নিজ নিজ ঘৰলৈ শান্তিৰে উলটি যাওঁক’।”
So Micaiah declared: “I saw all Israel scattered on the hills like sheep without a shepherd. And the LORD said, ‘These people have no master; let each one return home in peace.’”
18 ১৮ তেতিয়া ইস্ৰায়েলৰ ৰজাই যিহোচাফটক ক’লে, “তেওঁ মোৰ বিষয়ে মঙ্গলৰ ভাববাণী প্ৰচাৰ নকৰি কেৱল অমঙ্গলহে প্ৰচাৰ কৰিব, সেই বিষয়ে জানো মই পুৰ্ব্বেই আপোনাৰ আগত কোৱা নাই?”
Then the king of Israel said to Jehoshaphat, “Did I not tell you that he never prophesies good for me, but only bad?”
19 ১৯ মীখায়াই পুনৰায় ক’লে, “বাৰু, তুমি যিহোৱাৰ বাক্য শুনা: মই যিহোৱাক নিজ সিংহাসনত বহি থকা দেখিলোঁ; সোঁফালে আৰু বাওঁফালে তেওঁৰ ওচৰত স্বৰ্গৰ সকলো বাহিনী থিয় হৈ আছিল।
Micaiah continued, “Therefore hear the word of the LORD: I saw the LORD sitting on His throne, and all the host of heaven standing by Him on His right and on His left.
20 ২০ তাৰ পাছত যিহোৱাই ক’লে, ‘আহাবক গৈ ৰামোৎ-গিলিয়দত পতিত হ’বৰ কাৰণে কোনে তেওঁক উত্তেজিত কৰিব?’ তেতিয়া এজনে একেভাবে আৰু আনজনে আন ভাবে উত্তৰ দিবলৈ ধৰিলে।
And the LORD said, ‘Who will entice Ahab to march up and fall at Ramoth-gilead?’ And one suggested this, and another that.
21 ২১ তেতিয়া এক আত্মাই ওলাই আহি যিহোৱাৰ সাক্ষাতে থিয় হৈ ক’লে, ‘মইয়ে তেওঁক উত্তেজিত কৰাম।’
Then a spirit came forward, stood before the LORD, and said, ‘I will entice him.’ ‘By what means?’ asked the LORD.
22 ২২ তেতিয়া যিহোৱাই ক’লে, ‘কেনেকৈ?’ তেওঁ ক’লে, ‘মই গৈ আটাই ভাববাদীসকলৰ মুখত মিছা কওঁতা আত্মা হ’ম।’ তেতিয়া যিহোৱাই ক’লে, ‘হয়, তুমি তেওঁক উত্তেজিত কৰিবা আৰু কৃতকাৰ্য্যও হ’বা। এতিয়া ওলাই যোৱা আৰু সেইদৰে কৰা।’
And he replied, ‘I will go out and be a lying spirit in the mouths of all his prophets.’ ‘You will surely entice him and prevail,’ said the LORD. ‘Go and do it.’
23 ২৩ এই হেতুকে চোৱা, যিহোৱাই তোমাৰ এই সকলো ভাববাদীসকলৰ মুখত মিছা কওঁতা এক আত্মা দিলে আৰু যিহোৱাই তোমাৰ বিষয়ে অমঙ্গলৰ কথাও ক’লে।”
So you see, the LORD has put a lying spirit in the mouths of all these prophets of yours, and the LORD has pronounced disaster against you.”
24 ২৪ তেতিয়া কনানাৰ পুত্র চিদিকিয়াই ওচৰলৈ আহি মীখায়াৰ গালত চৰ মাৰি ক’লে, “তোমাৰ লগত কথা ক’বৰ কাৰণে যিহোৱাৰ আত্মা মোৰ পৰা তোমালৈ কোন পথেদি গ’ল?”
Then Zedekiah son of Chenaanah went up, struck Micaiah in the face, and demanded, “Which way did the Spirit of the LORD go when He departed from me to speak with you?”
25 ২৫ তেতিয়া মীখায়াই ক’লে, “চোৱা, যি দিনা নিজকে লুকাবৰ কাৰণে ভিতৰ-কোঠালিলৈ সোমাই যাবা, সেই দিনাই তুমি সেই বিষয়ে জানিবা।”
Micaiah replied, “You will soon see, on that day when you go and hide in an inner room.”
26 ২৬ তাৰ পাছত ইস্ৰায়েলৰ ৰজাই আজ্ঞা কৰিলে, “মীখায়াক ধৰি নগৰৰ অধ্যক্ষ অমোনৰ আৰু মোৰ পুত্র ৰাজকোঁৱৰ যোৱাচৰ ওচৰলৈ লৈ যোৱা।
And the king of Israel declared, “Take Micaiah and return him to Amon the governor of the city and to Joash the king’s son,
27 ২৭ তেতিয়া তেওঁক ক’বা, ‘ৰজাই এইদৰে কৈছে, এইজনক বন্দীশালত বন্ধ কৰি থোৱা আৰু মই শান্তিৰে উলটি নহালৈকে, তেওঁক খাবৰ কাৰণে অতি কম পৰিমাণে পিঠা আৰু পানী দিবা’।”
and tell them that this is what the king says: ‘Put this man in prison and feed him only bread and water until I return safely.’”
28 ২৮ তেতিয়া মীখায়াই ক’লে, “তুমি যদি কোনো ৰূপে শান্তিৰে উভটি আহাঁ, তেন্তে যিহোৱাই মোৰ মুখে এই বাক্য কোৱা নাই।” তেওঁ পুনৰায় ক’লে, “হে জাতি সমূহ, এই বিষয়ে সকলোৱে শুনক।”
But Micaiah replied, “If you ever return safely, the LORD has not spoken through me.” Then he added, “Take heed, all you people!”
29 ২৯ তাৰ পাছত ইস্ৰায়েলৰ ৰজা আৰু যিহূদাৰ ৰজা যিহোচাফটে ৰামোৎ-গিলিয়দলৈ উঠি গ’ল।
So the king of Israel and Jehoshaphat king of Judah went up to Ramoth-gilead.
30 ৩০ ইস্ৰায়েলৰ ৰজাই যিহোচাফটক ক’লে, “মই অন্য বেশ ধৰি যুদ্ধত সোমাম, কিন্তু আপুনি হ’লে আপোনাৰ ৰাজ-বস্ত্ৰ পিন্ধি থাকিব লাগিব।” এনেতে ইস্ৰায়েলৰ ৰজাই আন বেশ ধৰি যুদ্ধত সোমাল।
And the king of Israel said to Jehoshaphat, “I will disguise myself and go into battle, but you wear your royal robes.” So the king of Israel disguised himself and went into battle.
31 ৩১ কিন্তু অৰামৰ ৰজাই নিজৰ ৰথৰ বত্ৰিশ জন অধ্যক্ষক এই আজ্ঞা দিছিল, বোলে, “তোমালোকে ইস্ৰায়েলৰ ৰজাৰ বাহিৰে সৰু কি বৰ আন কাৰো লগত যুদ্ধ নকৰিবা।
Now the king of Aram had ordered his thirty-two chariot commanders, “Do not fight with anyone, small or great, except the king of Israel.”
32 ৩২ এনেতে ৰথৰ অধ্যক্ষসকলে যেতিয়া যিহোচাফটক দেখিলে, তেতিয়া, “অৱশ্যে এওঁৱেই ইস্ৰায়েলৰ ৰজা,” এই বুলি কৈ তেওঁৰ লগত যুদ্ধ কৰিবলৈ এফলীয়া হৈ গ’ল; তাতে যিহোচাফটে আটাহ পাৰিবলৈ ধৰিলে।
When the chariot commanders saw Jehoshaphat, they said, “Surely this is the king of Israel!” So they turned to fight against him, but Jehoshaphat cried out.
33 ৩৩ তেতিয়া ৰথৰ অধ্যক্ষসকলে তেওঁক ইস্ৰায়েলৰ ৰজা নহয় বুলি জানি, তেওঁৰ পাছত খেদিবলৈ এৰিলে।
And when the chariot commanders saw that he was not the king of Israel, they turned back from pursuing him.
34 ৩৪ কিন্তু কোনো এজন লোকে আন এজন লোকক মাৰিবলৈ ধনুৰ জোঁৰ টানি দৈৱক্ৰমে ইস্ৰায়েলৰ ৰজাৰ কবচ আৰু উদৰ ৰক্ষাৰ জোৰাতে কাঁড় মাৰিলে। তেতিয়া আহাবে নিজৰ সাৰথিক ক’লে, “ৰথখন ঘূৰাই সৈন্যৰ মাজৰ পৰা মোক উলিয়াই লৈ যোৱা কিয়নো মই বৰকৈ আঘাতপ্রাপ্ত হ’লো।”
However, a certain man drew his bow without taking special aim, and he struck the king of Israel between the joints of his armor. So the king said to his charioteer, “Turn around and take me out of the battle, for I am badly wounded!”
35 ৩৫ সেই দিনা বৰকৈ যুদ্ধ হ’ল আৰু অৰামীয়াসকলৰ আগত ৰজাক থিয়কৈ ৰখাই হ’ল; কিন্তু গধূলিৰ সময়ত তেওঁৰ মৃত্যু হ’ল; তেওঁৰ ঘাৰ তেজ বৈ ৰথৰ তললৈ পৰিল।
The battle raged throughout that day, and the king was propped up in his chariot facing the Arameans. And the blood from his wound ran out onto the floor of the chariot, and that evening he died.
36 ৩৬ তাৰ পাছত সূর্য মাৰ যোৱা সময়ত সৈন্য সমূহৰ মাজত সকলো ফালে এই কথা চিঞঁৰি কোৱা হ’ল, “প্ৰতিজনে নিজ নিজ নগৰ আৰু নিজ দেশলৈ গুচি যাওঁক।”
As the sun was setting, the cry rang out in the army: “Every man to his own city, and every man to his own land!”
37 ৩৭ এইদৰে ৰজা আহাবৰ মৃত্যু হ’ল; তেওঁক চমৰিয়ালৈ অনা হ’ল আৰু লোকসকলে চমৰিয়াত তেওঁক মৈদাম দিলে।।
So the king died and was brought to Samaria, where they buried him.
38 ৩৮ পাছত লোকসকলে চমৰিয়াৰ পুখুৰীৰ পাৰত তেওঁৰ ৰথ ধুই থাকোতে, যিহোৱাৰ বাক্য অনুসাৰে, কুকুৰবোৰে তেওঁৰ সেই তেজ চেলেকি খালে; এইটোৱেই সেই ঠাই, য’ত বেশ্যাবোৰে গা ধুইছিল।
And the chariot was washed at the pool of Samaria where the prostitutes bathed, and the dogs licked up Ahab’s blood, according to the word that the LORD had spoken.
39 ৩৯ আহাবৰ অৱশিষ্ট বৃত্তান্তৰ বিষয়ে, তেওঁৰ সকলো কাৰ্য, তেওঁ নিৰ্ম্মাণ কৰা হাতী দাঁতৰ গৃহৰ আৰু তেওঁ সজা আটাই নগৰবোৰৰ কথা জানো ইস্ৰায়েলৰ ইতিহাস পুস্তকখনত লিখা নাই?
As for the rest of the acts of Ahab, along with all his accomplishments and the ivory palace and all the cities he built, are they not written in the Book of the Chronicles of the Kings of Israel?
40 ৪০ এইদৰে আহাব নিজ পূৰ্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হোৱাত, তেওঁৰ পুত্ৰ অহজিয়া তেওঁৰ পদত ৰজা হ’ল।
And Ahab rested with his fathers, and his son Ahaziah reigned in his place.
41 ৪১ তেতিয়া ইস্ৰায়েলৰ ৰজা আহাবৰ ৰাজত্বৰ চতুৰ্থ বছৰত, আচাৰ পুত্ৰ যিহোচাফটে যিহূদাৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে।
In the fourth year of Ahab’s reign over Israel, Jehoshaphat son of Asa became king of Judah.
42 ৪২ যিহোচাফটে পঁয়ত্ৰিশ বছৰ বয়সত ৰাজত্ৱ কৰিবলৈ ধৰিলে। তেওঁ যিৰূচালেমত পঁচিশ বছৰ ৰাজত্ৱ কৰিছিল। তেওঁৰ মাতৃ চিলহীৰ জীয়েক অজুবা আছিল।
Jehoshaphat was thirty-five years old when he became king, and he reigned in Jerusalem twenty-five years. His mother’s name was Azubah daughter of Shilhi.
43 ৪৩ যিহোচাফটে নিজ পিতৃ আচাৰ পথত চলিলে; তেওঁ সেইবোৰৰ পৰা নুঘূৰি, যিহোৱাৰ সাক্ষাতে সদাচৰণ কৰিলে। তথাপি পবিত্র ঠাইবোৰ গুচুউৱা হোৱা নাছিল; লোকসকলে তেতিয়াও সেই পবিত্ৰ ঠাইবোৰত বলিদান কৰিছিল আৰু ধূপ জ্বলাইছিল।
And Jehoshaphat walked in all the ways of his father Asa; he did not turn away from them, but did what was right in the eyes of the LORD. The high places, however, were not removed; the people still sacrificed and burned incense on the high places.
44 ৪৪ ইস্ৰায়েলৰ ৰজাৰ লগত যিহোচাফট মিলেৰে আছিল।
Jehoshaphat also made peace with the king of Israel.
45 ৪৫ যিহোচাফটৰ অৱশিষ্ট বৃত্তান্তৰ বিষয়ে, তেওঁ সিদ্ধ কৰা পৰাক্ৰম আৰু তেওঁ কৰা যুদ্ধৰ কথাৰ বিষয়ে জানো যিহূদাৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা নাই?
As for the rest of the acts of Jehoshaphat, along with the might he exercised and how he waged war, are they not written in the Book of the Chronicles of the Kings of Judah?
46 ৪৬ তেওঁৰ পিতৃ আচাৰ ৰাজত্ৱৰ কালত যি নট লোকসকল অৱশিষ্ট আছিল, তেওঁ সেই লোকসকলক দেশৰ পৰা দূৰ কৰিলে।
He banished from the land the male shrine prostitutes who remained from the days of his father Asa.
47 ৪৭ সেই কালত ইদোমৰ ৰজা নাছিল; এজন প্ৰতিনিধিয়ে ৰাজ্য শাসন কৰিছিল।
And there was no king in Edom; a deputy served as king.
48 ৪৮ পাছত যিহোচাফটে সোণৰ কাৰণে ওফীৰলৈ যাবলৈ জাহাজ সাজিলে; কিন্তু সেই জাহাজবোৰ যাব নোৱাৰিলে, কিয়নো ইচিয়োন-গেবৰত সেই জাহাজবোৰ ভাগি থাকিল।
Jehoshaphat built ships of Tarshish to go to Ophir for gold, but they never set sail, because they were wrecked at Ezion-geber.
49 ৪৯ তেতিয়া আহাবৰ পুত্ৰ অহজিয়াই যিহোচাফটক ক’লে, “আপোনাৰ দাসবোৰৰ সৈতে মোৰ দাসবোৰ জাহাজত যাওঁক।” কিন্তু যিহোচাফট সেই কথালৈ মান্তি নহ’ল।
At that time Ahaziah son of Ahab said to Jehoshaphat, “Let my servants sail with your servants,” but Jehoshaphat refused.
50 ৫০ পাছত যিহোচাফট তেওঁৰ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁৰ ওপৰ-পিতৃ দায়ুদৰ নগৰত, তেওঁৰ ওপৰ-পিতৃসকলৰ লগত তেওঁক মৈদাম দিয়া হ’ল। তেতিয়া তেওঁৰ পুত্ৰ যিহোৰাম তেওঁৰ পদত ৰজা হ’ল।
And Jehoshaphat rested with his fathers and was buried with them in the city of his father David. And his son Jehoram reigned in his place.
51 ৫১ যিহূদাৰ যিহোচাফট ৰজাৰ ৰাজত্ৱৰ সপ্তদশ বছৰত আহাবৰ পুত্ৰ অহজিয়াই চমৰিয়াত ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে। তেওঁ ইস্ৰায়েলৰ ওপৰত দুবছৰ ৰাজত্ব কৰিছিল।
In the seventeenth year of Jehoshaphat’s reign over Judah, Ahaziah son of Ahab became king of Israel, and he reigned in Samaria two years.
52 ৫২ তেওঁ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে আৰু তেওঁ নিজ পিতৃ-মাতৃৰ পথত আৰু নবাটৰ পুত্র যাৰবিয়ামে যিদৰে ইস্ৰায়েলক পাপত লিপ্ত কৰাইছিল, সেই পথতে চলিলে।
And he did evil in the sight of the LORD and walked in the ways of his father and mother and of Jeroboam son of Nebat, who had caused Israel to sin.
53 ৫৩ তেওঁ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ক্রোধ উত্তেজিত কৰিবলৈ, তেওঁৰ পিতৃৰ সকলো কাৰ্যৰ দৰেই বালক সেৱা কৰিলে, আৰু তাক পূজাও কৰিলে।
Ahaziah served and worshiped Baal, provoking the LORD, the God of Israel, to anger, just as his father had done.