< ১ রাজাবলি 20 >
1 ১ পাছত অৰামৰ ৰজা বিন-হদদে নিজৰ সৈন্য সমূহক গোট খোৱালে; তেওঁৰ লগত বত্ৰিশ জন ৰজা, ঘোঁৰা আৰু ৰথবোৰ আছিল। তেওঁ গৈ চমৰিয়া অৱৰোধ কৰিলে, আৰু চমৰিয়াৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
Beni-Hadadi ọba Aramu sì gbá gbogbo ogun rẹ̀ jọ. Ọba méjìlélọ́gbọ̀n sì ń bẹ pẹ̀lú rẹ̀ àti ẹṣin àti kẹ̀kẹ́, ó sì gòkè lọ, ó sì dó ti Samaria, ó sì kọlù ú.
2 ২ তেওঁ নগৰলৈ ইস্ৰায়েলৰ ৰজা আহাবৰ ওচৰলৈ দূত পঠিয়াই তেওঁক ক’লে, “বিন-হদদে এই কথা কৈছে:
Ó sì rán àwọn ìránṣẹ́ sí ìlú sí Ahabu ọba Israẹli wí pé, “Báyìí ni Beni-Hadadi wí,
3 ৩ ‘তোমাৰ ৰূপ আৰু সোণ মোৰ; আৰু তোমাৰ সবাতকৈ উত্তম পত্নীসকল আৰু সন্তান সকল আটাইবোৰ এতিয়াৰ পৰা মোৰেই’।”
‘Fàdákà àti wúrà rẹ tèmi ni, àti àwọn tí ó dára jùlọ nínú àwọn aya rẹ àti àwọn ọmọ rẹ tèmi ni wọ́n.’”
4 ৪ তেতিয়া ইস্ৰায়েলৰ ৰজাই উত্তৰ দি ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, আপুনি যিদৰে কৈছে তেনেই হ’ব। মই আৰু মোৰ সকলো আপোনাৰেই।”
Ọba Israẹli sì dá a lóhùn pé, “Gẹ́gẹ́ bí ìwọ ṣe wí olúwa mi ọba, èmi àti ohun gbogbo tí mo ní tìrẹ ni.”
5 ৫ পাছত দূতবোৰে পুনৰায় আহি ক’লে, “বিন-হদদে এই কথা কৈছে, ‘তুমি তোমাৰ ৰূপ, সোণ, পত্নীসকল আৰু সন্তান সকলক মোলৈ শোধাই দিয়া বুলি ক’বলৈ তোমাৰ ওচৰলৈ দূত পঠিয়াইছোঁ হয়;
Àwọn oníṣẹ́ náà sì tún padà wá, wọ́n sì wí pé, “Báyìí ni Beni-Hadadi sọ wí pé, ‘Mo ránṣẹ́ láti béèrè fún fàdákà rẹ àti wúrà rẹ, àwọn aya rẹ àti àwọn ọmọ rẹ.
6 ৬ কিন্তু কাইলৈ এনে সময়ত মই মোৰ দাসবোৰক তোমাৰ ওচৰলৈ পঠিয়াম, তাতে তেওঁলোকে তোমাৰ ঘৰত আৰু তোমাৰ দাসবোৰৰ ঘৰত বিচাৰ কৰি, তেওঁলোকৰ দৃষ্টিত যি উত্তম, সেই সকলোকে দখল কৰি লৈ আহিব’।”
Ṣùgbọ́n ní ìwòyí ọ̀la, èmi yóò rán àwọn ìránṣẹ́ mi sí ọ láti wá ilé rẹ wò àti ilé àwọn ìránṣẹ́ rẹ. Wọn yóò gba gbogbo ohun tí ó bá dára lójú rẹ, wọn yóò sì kó o lọ.’”
7 ৭ তেতিয়া ইস্ৰায়েলৰ ৰজাই দেশৰ বৃদ্ধ লোকসকলক মাতি আনি তেওঁলোকক ক’লে, “মই বিনয় কৰোঁ, তোমালোকে বিবেচনা কৰি চোৱা কিদৰে এই মানুহজনে কেৱল অনিষ্টৰ চেষ্টা কৰিছে। কিয়নো তেওঁ মোৰ ভাৰ্য্যা আৰু সন্তান সকলক নিজৰ কৰিবলৈ আৰু মোৰ ৰূপ ও সোণৰ কাৰণেও আদেশ পঠিওৱাত, মই তেওঁক অস্বীকাৰ কৰা নাই।”
Nígbà náà ni ọba Israẹli pe gbogbo àwọn àgbàgbà ìlú, ó sì wí fún wọn pé, “Ẹ wo bí ọkùnrin yìí ti ń fẹ́ ìyọnu! Nígbà tí ó ránṣẹ́ fún àwọn aya mi, àti fún àwọn ọmọ mi, àti fún fàdákà mi, àti fún wúrà mi, èmi kò sì fi dù ú.”
8 ৮ তেতিয়া বৃদ্ধ লোকসকল আৰু সকলো প্ৰজাই আহাবক ক’লে, “আপুনি তেওঁৰ কথা নুশুনিব আৰু সেই কথাত সন্মতো নহ’ব।”
Àwọn àgbàgbà àti gbogbo ènìyàn dá a lóhùn pé, “Má ṣe fi etí sí tirẹ̀ tàbí kí ó gbà fún un.”
9 ৯ এই হেতুকে আহাবে বিন-হদদৰ দূতবোৰক ক’লে, “মোৰ প্ৰভু মহাৰাজক ক’বা, ‘আপুনি প্ৰথমে আপোনাৰ দাসৰ ওচৰলৈ দূত পঠিয়াই যি কৈছিল, সেই সকলোকে মই কৰিম, কিন্তু দ্ধিতীয়বাৰ যি দাবী কৰিছে সেই বিষয়ে হ’লে মই কৰিব নোৱাৰোঁ’।” পাছত দূতবোৰে গৈ তেওঁক সেই বাতৰি দিলে।
Nígbà náà ni ó sọ fún àwọn oníṣẹ́ Beni-Hadadi pé, “Sọ fún olúwa mi ọba pé, ‘Ìránṣẹ́ rẹ̀ yóò ṣe ohun gbogbo tí ó ránṣẹ́ fún látètèkọ́ṣe, ṣùgbọ́n nǹkan yìí ni èmi kò le ṣe.’” Wọ́n padà lọ, wọ́n sì mú èsì padà wá fún Beni-Hadadi.
10 ১০ তেতিয়া বিন-হদদে তেওঁৰ ওচৰলৈ মানুহ পঠিয়াই ক’লে, “এই চমৰিয়াৰ ধূলি যদি মোৰ পাছত অহা লোকসকলৰ প্ৰতিজনলৈ এমুঠিকৈ জোৰে, তেন্তে দেৱতাবোৰে মোক অমুক আৰু তাতকৈয়ো অধিক দণ্ড দিয়ক।”
Beni-Hadadi sì tún rán oníṣẹ́ mìíràn sí Ahabu wí pé, “Kí àwọn òrìṣà kí ó ṣe bẹ́ẹ̀ sí mi àti jù bẹ́ẹ̀ lọ pẹ̀lú bí eruku Samaria yóò tó fún ìkúnwọ́ fún gbogbo ènìyàn tí ń tẹ̀lé mi.”
11 ১১ তাতে ইস্ৰায়েলৰ ৰজাই উত্তৰ দি ক’লে, “তোমালোকে তেওঁক কোৱাগৈ, ‘কোনো লোকেও যেন ৰণৰ সাজ গাত পিন্ধি, তেওঁ সাজ সোলোকোৱা জনৰ দৰে অহংকাৰ নকৰক’।”
Ọba Israẹli sì dáhùn wí pé, “Sọ fún un pé, ‘Má jẹ́ kí ẹni tí ń hámọ́ra halẹ̀ bí ẹni tí ń bọ́ ọ sílẹ̀.’”
12 ১২ পাছত যি সময়ত বিন হদদ আৰু তেওঁৰ লগৰ ৰজাসকলে পঁজাবোৰত পান কৰি আছিল, তেতিয়া তেওঁ সেই বাতৰি শুনি নিজ দাসবোৰক ক’লে, “তোমালোকে ৰণৰ বেহু পাতা।” তেতিয়া তেওঁলোকে নগৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ বেহু পাতিলে।
Beni-Hadadi sì gbọ́ ọ̀rọ̀ yìí nígbà tí òun àti àwọn ọba ń mu ọtí nínú àgọ́ wọn, ó sì pàṣẹ fún àwọn ìránṣẹ́ rẹ̀ wí pé, “Ẹ ṣígun sí ìlú náà.” Bẹ́ẹ̀ ni wọ́n sì ṣe tan láti kọlu ìlú náà.
13 ১৩ চোৱা, এজন ভাববাদীয়ে ইস্ৰায়েলৰ ৰজা আহাবৰ ওচৰলৈ আহি ক’লে, “যিহোৱাই এই কথা কৈছে, ‘তুমি সেই মহা লোক সকলৰ সৈন্য দলটো দেখিছা নে? চোৱা, আজি মই তেওঁলোকক তোমাৰ হাতত সমৰ্পণ কৰি দিম। তেতিয়া ময়েই যে যিহোৱা সেই বিষয়ে তোমালোকে জানিবা’।”
Sì kíyèsi i, wòlíì kan tọ Ahabu ọba Israẹli wá, ó sì wí pé, “Báyìí ni Olúwa wí: ‘Ìwọ rí gbogbo ọ̀pọ̀lọpọ̀ ogun yìí? Èmi yóò fi wọ́n lé ọ lọ́wọ́ lónìí, nígbà náà ni ìwọ yóò mọ̀ pé Èmi ni Olúwa.’”
14 ১৪ আহাবে ক’লে, “কাৰ দ্বাৰাই এনে কৰিবা?” ভাববাদীজনে ক’লে, “যিহোৱাই এইদৰে কৈছে, প্ৰদেশত সেৱা কৰা অধিপতি সকলৰ ডেকাসকলৰ দ্বাৰাই।” তেতিয়া আহাবে সুধিলে, “যুদ্ধ কোনে আৰম্ভ কৰিব?”
Ahabu sì béèrè pé, “Ṣùgbọ́n ta ni yóò ṣe èyí?” Wòlíì náà sì dáhùn wí pé, “Èyí ni ohun tí Olúwa wí: ‘Nípa ìpẹ́ẹ̀rẹ̀ àwọn ìjòyè ìgbèríko.’” Nígbà náà ni ó wí pé. “Ta ni yóò bẹ̀rẹ̀ ogun náà?” Wòlíì sì dalóhùn pé, “Ìwọ ni yóò ṣe é.”
15 ১৫ তেওঁ ক’লে, “তুমি।” পাছত তেওঁ প্ৰদেশৰ অধিপতি সকলৰ ডেকাসকলক একত্রিত কৰিলে। তেতিয়া তেওঁ দুশ বত্ৰিশ জন লোক পালে। তেওঁলোকৰ পাছত তেওঁ সকলো লোকক, ইস্ৰায়েলৰ আটাই সন্তান সকলক একত্ৰিত কৰি, সাত হাজাৰ লোক হ’ল।
Nígbà náà ni Ahabu ka àwọn ìjòyè kéékèèké ìgbèríko, wọ́n sì jẹ́ igba ó lé méjìlélọ́gbọ̀n. Nígbà náà ni ó sì kó gbogbo àwọn ọmọ Israẹli tókù jọ, gbogbo wọn sì jẹ́ ẹ̀ẹ́dẹ́gbàárin.
16 ১৬ পাছত তেওঁলোকে দুপৰীয়া বাহিৰ ওলাই গ’ল; সেই সময়ত বিন-হদদ আৰু তেওঁক সহায় কৰিবলৈ সেই বত্ৰিশ জন ৰজাই পঁজাবোৰত পান কৰি মতলীয়া হৈ আছিল।
Wọ́n sì jáde lọ ní ọ̀sán gangan, nígbà tí Beni-Hadadi àti àwọn ọba méjìlélọ́gbọ̀n tí ń ràn án lọ́wọ́ ń mu àmupara nínú àgọ́.
17 ১৭ তেতিয়া প্ৰদেশৰ অধিপতি সকলৰ ডেকাসকলে আগে আগে ওলাই গ’ল। তেতিয়া বিন-হদদে পঠিওৱা কিছুমান লোকে তেওঁক আহি খবৰ দিলে বোলে, “চমৰিয়াৰ পৰা লোকসকল বাহিৰলৈ ওলাই আহিছে।”
Àwọn ìjòyè kéékèèké ìgbèríko tètè kọ́ jáde lọ. Beni-Hadadi sì ránṣẹ́ jáde, wọ́n sì sọ fún un wí pé, “Àwọn ọkùnrin ń ti Samaria jáde wá.”
18 ১৮ তেতিয়া বিন-হদদে ক’লে, “তেওঁলোকে সন্ধিৰ বাবেই ওলাই আহক বা যুদ্ধৰ কৰণেই ওলাই আহক, তেওঁলোকক জীয়াই জীয়াই ধৰিবা।”
Ó sì wí pé, “Bí wọ́n bá bá ti àlàáfíà jáde wá, ẹ mú wọn láààyè; bí ti ogun ni wọ́n bá bá jáde, ẹ mú wọn láààyè.”
19 ১৯ এনেতে প্ৰদেশৰ অধিপতিৰ ডেকাসকল আৰু তেওঁলোকৰ পাছত যোৱা সৈন্যদল নগৰৰ বাহিৰ ওলাই গ’ল।
Àwọn ìjòyè kéékèèké wọ̀nyí ti àwọn ìjòyè ìgbèríko jáde ti ìlú wá, àti ogun tí ó tẹ̀lé wọn.
20 ২০ তেওঁলোকৰ প্ৰতিজনে নিজৰ নিজৰ সন্মুখত থকা লোকক বধ কৰিলে। তেতিয়া অৰামীয়াসকল পলাবলৈ ধৰাত, ইস্ৰায়েলৰ লোকসকলে তেওঁলোকৰ পাছে পাছে খেদি গ’ল। কিন্তু অৰামৰ ৰজা বিন-হদদে কিছুমান অশ্বাৰোহী সেনাৰ সৈতে ঘোঁৰাত উঠি পলাই সাৰিল।
Olúkúlùkù sì pa ọkùnrin kọ̀ọ̀kan. Àwọn ará Aramu sì sá, Israẹli sì lépa wọn. Ṣùgbọ́n Beni-Hadadi ọba Aramu sì sálà lórí ẹṣin pẹ̀lú àwọn ẹlẹ́ṣin.
21 ২১ তেতিয়া ইস্ৰায়েলৰ ৰজাই ওলাই গৈ তেওঁলোকৰ ঘোঁৰা আৰু ৰথবোৰ নষ্ট কৰিলে আৰু অৰামীয়াসকলৰ মাজত মহা-সংহাৰ কৰিলে।
Ọba Israẹli sì jáde lọ, ó sì kọlu àwọn ẹṣin àti kẹ̀kẹ́, ó pa àwọn ará Aramu ní ọ̀pọ̀lọpọ̀.
22 ২২ তাৰ পাছত সেই ভাববাদীয়ে ইস্ৰায়েলৰ ৰজাৰ ওচৰলৈ আহি ক’লে বোলে, “তুমি গৈ নিজকে বলবান কৰা আৰু তুমি সাৱধান হৈ নিজে কি কৰা উচিত, সেই বিষয়ে বিবেচনা কৰা, কিয়নো বছৰ ঘূৰি অহাৰ সময়ত অৰামৰ ৰজাই তোমাৰ বিৰুদ্ধে পুনৰায় আহিব।”
Lẹ́yìn náà, wòlíì náà sì wá sọ́dọ̀ ọba Israẹli, ó sì wí pé, “Lọ, mú ara rẹ gírí, kí o sì mọ̀, kí o sì wo ohun tí ìwọ yóò ṣe, nítorí ní àmọ́dún ọba Aramu yóò tún gòkè tọ̀ ọ́ wá.”
23 ২৩ পাছত অৰামৰ ৰজাৰ দাসবোৰে তেওঁক কলে, “তেওঁলোকৰ দেৱতা পৰ্ব্বতীয়া দেৱতা, এই কাৰণে তেওঁলোক আমাতকৈ শক্তিশালী আছিল। কিন্তু আমি যদি সমথলত তেওঁলোকৰ লগত যুদ্ধ কৰোঁ, তেতিয়া আমি নিশ্চয়ে তেওঁলোকতকৈ শক্তিশালী হৈ তেওঁলোকক পৰাজয় কৰিম।
Àwọn ìránṣẹ́ ọba Aramu sì wí fún un pé, “Ọlọ́run wọn, ọlọ́run òkè ni. Ìdí nìyìí tí wọ́n ṣe ní agbára jù wá lọ. Ṣùgbọ́n bí a bá bá wọn jà ní pẹ̀tẹ́lẹ̀, àwa yóò ní agbára jù wọ́n lọ dájúdájú.
24 ২৪ আৰু আপুনি ইয়াকো কৰক; ৰজাসকলক নিজ নিজ বাবৰ পৰা গুচাই, তেওঁলোকৰ বাবত সেনাপতি নিযুক্ত কৰক।
Nǹkan yìí ni kí o sì ṣe, mú àwọn ọba kúrò, olúkúlùkù kúrò ní ipò rẹ̀, kí o sì fi baálẹ̀ sí ipò wọn.
25 ২৫ আৰু আপুনি হেৰুওৱা সৈন্য-সামন্তৰ যিমান ঘোঁৰা আৰু যিমান ৰথ আছিল, সিমান ঘোঁৰা আৰু ৰথ থকা সৈন্য গোটাওক, তেতিয়া আমি সমথলত তেওঁলোকৰ লগত যুদ্ধ কৰিম। তাতে আমি নিশ্চয়ে তেওঁলোকক পৰাজয় কৰিম।” তেতিয়া বিন-হদদে তেওঁলোকৰ কথা শুনিলে, আৰু সেইদৰে কৰিলে।
Kí o sì tún kó ogun jọ fún ara rẹ bí èyí tí ó ti sọnù; ẹṣin fún ẹṣin, kẹ̀kẹ́ fún kẹ̀kẹ́; kí a bá lè bá Israẹli jà ní pẹ̀tẹ́lẹ̀. Nítòótọ́ àwa yóò ní agbára jù wọ́n lọ.” Ó sì gba tiwọn, ó sì ṣe bẹ́ẹ̀.
26 ২৬ পাছত নতুন বছৰৰ আৰম্ভণৰ পাছত বিন-হদদে অৰামীয়াসকলক গোটাই ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অফেকলৈ উঠি গ’ল।
Ó sì ṣe ní àmọ́dún, Beni-Hadadi ka iye àwọn ará Aramu, ó sì gòkè lọ sí Afeki, láti bá Israẹli jagun.
27 ২৭ তেতিয়া ইস্ৰায়েলৰ সন্তান সকলক গোটোৱা হৈছিল আৰু তেওঁলোকৰ কাৰণে যুদ্ধ কৰিবলৈ আহাৰীয় দ্ৰব্য যোগোৱা আছিল। তেওঁলোকে অৰামীয়াসকলৰ বিৰুদ্ধে যাত্ৰা কৰিলে আৰু তেওঁলোকৰ সন্মুখত ছাউনি পাতিলে। তাতে ইস্ৰায়েলৰ সন্তান সকলক ছাগলী পোৱালিৰ দুটা সৰু জাকৰ নিচিনা দেখা গ’ল, কিন্তু অৰামীয়াসকল দেশ জুৰি আছিল।
Nígbà tí a sì ka àwọn ọmọ Israẹli, wọ́n sì pèsè oúnjẹ, wọ́n sì lọ pàdé wọn. Àwọn ọmọ Israẹli sì dó ní òdìkejì wọn gẹ́gẹ́ bí agbo ọmọ ewúrẹ́ kékeré méjì, nígbà tí àwọn ará Aramu kún ilẹ̀ náà.
28 ২৮ সেই সময়ত ঈশ্বৰৰ এজন লোক আহি ইস্ৰায়েলৰ ৰজাক ক’লে, “যিহোৱাই এই কথা কৈছে: অৰামীয়াসকলে কৈছে যে, যিহোৱা পৰ্ব্বতীয়া ঈশ্ৱৰ, সমথলত থকা ঈশ্ৱৰ নহয়, এই কাৰণে মই সেই মহালোক সমূহক তোমাৰ হাতত সমৰ্পণ কৰি দিম, তেতিয়া ময়েই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা’।”
Ènìyàn Ọlọ́run kan sì gòkè wá, ó sì sọ fún ọba Israẹli pé, “Báyìí ni Olúwa wí: ‘Nítorí tí àwọn ará Aramu rò pé Olúwa, Ọlọ́run òkè ni, ṣùgbọ́n òun kì í ṣe Ọlọ́run àfonífojì, nítorí náà èmi ó fi gbogbo ọ̀pọ̀lọpọ̀ ènìyàn yìí lé ọ lọ́wọ́, ẹ̀yin yóò sì mọ̀ pé, Èmi ni Olúwa.’”
29 ২৯ তাৰ পাছত তেওঁলোকে সাত দিনলৈকে সন্মুখা-সন্মুখি হৈ ছাউনিত থাকিল। সপ্তম দিনা যুদ্ধ লাগিল। তাতে ইস্ৰায়েলৰ সন্তান সকলে একে দিনাই অৰামীয়াসকলৰ এক লাখ পদাতিক সৈন্যক সংহাৰ কৰিলে।
Wọ́n sì dó sí òdìkejì ara wọn fún ọjọ́ méje, àti ní ọjọ́ keje, wọ́n pàdé ogun. Àwọn ọmọ Israẹli sì pa ọ̀kẹ́ márùn-ún ẹlẹ́ṣẹ̀ nínú àwọn ará Aramu ní ọjọ́ kan.
30 ৩০ কিন্তু অৱশিষ্টসকল অফেকলৈ পলাই নগৰত সোমাল আৰু তাতে সেই নগৰৰ গড় সেই অৱশিষ্ট থকা সাতাইশ হাজাৰ লোকৰ ওপৰত পৰিল। বিন-হদদ নগৰৰ ভিতৰলৈ পলাই গৈ এটা ভিতৰ কোঁঠালিত সোমাল।
Àwọn tókù sì sá àsálà lọ sí Afeki, sínú ìlú tí odi ti wó lù ẹgbàá mẹ́tàlá lé ẹgbẹ̀rún nínú wọn. Beni-Hadadi sì sálọ sínú ìlú, ó sì fi ara pamọ́ sínú ìyẹ̀wù.
31 ৩১ পাছত তেওঁৰ দাসবোৰে তেওঁক ক’লে, “চাওঁক, আমি শুনিছোঁ যে ইস্ৰায়েল-বংশৰ ৰজাসকল দয়ালু ৰজা; এই হেতুকে বিনয় কৰোঁ, আমি ককালত চট পিন্ধি ডিঙিত লেজু লৈ, বাহিৰ হৈ ইস্ৰায়েলৰ ৰজাৰ ওচৰলৈ যাওঁহঁক; কিজানি তেওঁ আপোনাৰ প্ৰাণ ৰক্ষা কৰিব।”
Àwọn ìránṣẹ́ rẹ̀ sì wí fún un pé, “Wò ó, a ti gbọ́ pé àwọn ọba ilẹ̀ Israẹli jẹ́ ọba aláàánú, mo bẹ̀ ọ́ jẹ́ kí àwa kí ó tọ̀ ọ́ lọ pẹ̀lú aṣọ ọ̀fọ̀ ní ẹ̀gbẹ́ wa, àti okùn yí orí wa ká. Bóyá òun yóò gba ẹ̀mí rẹ là.”
32 ৩২ তেতিয়া তেওঁলোকে চট পিন্ধি, ডিঙিত লেজু লৈ, ইস্ৰায়েলৰ ৰজাৰ ওচৰলৈ আহি ক’লে, “আপোনাৰ দাস বিন-হদদে কৈছে, ‘মই বিনয় কৰোঁ, মোক জীয়াই ৰাখক’।” তেতিয়া আহাবে ক’লে, “বিন-হদদ এতিয়াও জীয়াই আছে নে? তেওঁ মোৰ ভাই।”
Bẹ́ẹ̀ ni wọ́n di aṣọ ọ̀fọ̀ mọ́ ẹ̀gbẹ́ wọn, wọ́n sì fi okùn yí orí wọn ká, wọ́n sì tọ ọba Israẹli wá, wọ́n sì wí pé, “Ìránṣẹ́ rẹ Beni-Hadadi wí pé, ‘Èmi bẹ̀ ọ́ jẹ́ kí èmi kí ó yè.’” Ọba sì dáhùn wí pé, “Ó ń bẹ láààyè bí? Arákùnrin mi ni òun.”
33 ৩৩ তেতিয়া সেই লোকসকলে ইয়াকে শুভ লক্ষণ বুলি বুজি, তেওঁৰ মনৰ ভাব স্পষ্ট কৰি উলিয়াবলৈ বেগাই ক’লে, “আপোনাৰ ভাই বিন-হদদ জীয়াই আছে।” তেতিয়া তেওঁ ক’লে, “তোমালোকে গৈ তেওঁক আনা।” তেতিয়া বিন-হদদ বাহিৰ ওলাই তেওঁৰ ওচৰলৈ অহাত, ৰজাই তেওঁক ৰথত তুলিলে।
Àwọn ọkùnrin náà sì ṣe àkíyèsí gidigidi, wọ́n sì yára gbá ọ̀rọ̀ rẹ̀ mú, wọ́n sì wí pé, “Bẹ́ẹ̀ ni, Beni-Hadadi arákùnrin rẹ.” Ọba sì wí pé, “Ẹ lọ mú u wá.” Nígbà tí Beni-Hadadi jáde tọ̀ ọ́ wá, Ahabu sì mú u gòkè wá sínú kẹ̀kẹ́.
34 ৩৪ তেতিয়া বিন-হদদে তেওঁক ক’লে, “মোৰ পিতৃয়ে তোমাৰ পিতৃৰ পৰা যি যি নগৰ লৈছিল, সেই নগৰবোৰক মই তোমাক পুনৰায় ঘূৰাই দিম আৰু মোৰ পিতৃয়ে যেনেকৈ চমৰিয়াত হাট-বজাৰ বহুৱাইছিল, তুমিও তোমাৰ কাৰণে সেইদৰে দম্মেচকত হাট-বজাৰ বহুৱাবা।” আহাবে ক’লে, “মই এই চুক্তিৰেই তোমাক বিদায় কৰিম।” এইদৰে আহাবে তেওঁৰ লগত নিয়ম বান্ধি তেওঁক বিদায় দিলে।
Beni-Hadadi sì wí pé, “Èmi yóò dá àwọn ìlú tí baba mi ti gbà lọ́wọ́ baba rẹ padà, ìwọ sì le la ọ̀nà fún ara rẹ ní Damasku, bí baba mi ti ṣe ní Samaria.” Ahabu sì wí pé, “Èmi yóò rán ọ lọ pẹ̀lú májẹ̀mú yìí.” Bẹ́ẹ̀ ni ó ba dá májẹ̀mú, ó sì rán an lọ.
35 ৩৫ পাছত শিষ্য ভাববাদীসকলৰ মাজৰ এজনে তেওঁৰ লগৰ এজনক যিহোৱাৰ বাক্যৰ দ্বাৰাই ক’লে, “মই বিনয় কৰোঁ, মোক মাৰা।” কিন্তু সেই লোকজনে মাৰিবলৈ মান্তি নহ’ল।
Nípa ọ̀rọ̀ Olúwa, ọkùnrin kan nínú àwọn ọmọ àwọn wòlíì sì wí fún èkejì rẹ̀ pé, “Jọ̀ ọ́, lù mí,” ṣùgbọ́n ó kọ̀ láti lù ú.
36 ৩৬ তেতিয়া তেওঁ তেওঁক ক’লে, তুমি যিহোৱাৰ বাক্য নমনাৰ কাৰণে তুমি মোৰ ওচৰৰ পৰা যোৱা মাত্ৰকে এটা সিংহই তোমাক বধ কৰিব; পাছত তেওঁ তেওঁৰ ওচৰৰ পৰা যোৱা মাত্ৰকে এটা সিংহই তেওঁক পাই বধ কৰিলে।
Nígbà náà ni ó wí pé, “Nítorí tí ìwọ kò gba ohùn Olúwa gbọ́, kíyèsi i, bí ìwọ bá kúrò ní ọ̀dọ̀ mi, kìnnìún yóò pa ọ́.” Bí ó ti jáde lọ kúrò lọ́dọ̀ rẹ̀, kìnnìún kan rí i, ó sì pa á.
37 ৩৭ তেওঁ আৰু এজন লোকক পাই ক’লে, “মই বিনয় কৰোঁ, মোক মাৰা।” তাতে সেই মানুহজনে তেওঁক মাৰি তেওঁক আঘাত কৰিলে।
Wòlíì náà sì rí ọkùnrin mìíràn, ó sì wí fún un pé, “Jọ̀ ọ́, lù mí.” Bẹ́ẹ̀ ni ọkùnrin náà sì lù ú, ó sì pa á lára.
38 ৩৮ পাছত সেই ভাববাদীয়ে গৈ চকুৰ ওপৰত কাপোৰ বান্ধি নিজকে চিনিব নোৱাৰা কৰি, বাটত ৰজালৈ বাট চাই থাকিল।
Wòlíì náà sì lọ, ó sì dúró de ọba ní ojú ọ̀nà. Ó pa ara rẹ̀ dà ní fífi eérú bo ojú.
39 ৩৯ তাৰ পাছত ৰজা ওচৰেদি যাওঁতে, তেওঁ বৰ মাতেৰে ৰজাক ক’লে, “আপোনাৰ এই দাসে যুদ্ধলৈ যাওঁতে, এজন সৈনিক ঘূৰি আহি মোৰ ওচৰলৈ এজন শত্ৰুক আনি ক’লে, ‘এই লোকজনক ৰাখা; যদি তেওঁ কেনেবাকৈ হেৰায়, তেন্তে তাৰ প্ৰাণৰ সলনি তোমাৰ প্ৰাণ যাব, নাইবা তুমি এক কিক্কৰ পৰিমাণ ৰূপ দিব লাগিব।’
Bí ọba sì ti ń rékọjá, wòlíì náà ké sí i, ó sì wí pé, “Ìránṣẹ́ rẹ jáde wọ àárín ogun lọ, ẹnìkan sì wá sí ọ̀dọ̀ mi pẹ̀lú ìgbèkùn kan, ó sì wí pé, ‘Pa ọkùnrin yìí mọ́. Bí a bá fẹ́ ẹ kù, ẹ̀mí rẹ yóò lọ dípò ẹ̀mí rẹ̀, tàbí kí ìwọ san tálẹ́ǹtì fàdákà kan.’
40 ৪০ কিন্তু আপোনাৰ এই দাসে ইফালে সিফালে কামত লাগি থাকোঁতে, সেই লোকজন পলাই গ’ল।” তেতিয়া ইস্ৰায়েলৰ ৰজাই তেওঁক ক’লে, “তেন্তে তোমাৰ তেনে দণ্ড হওঁক- তুমি নিজেই তাক নিশ্চয় কৰিলা।”
Nígbà tí ìránṣẹ́ rẹ̀ sì ní ìṣe níhìn-ín àti lọ́hùn ún, a fẹ́ ẹ kù.” Ọba Israẹli sì wí fún un pé, “Bẹ́ẹ̀ ni ìdájọ́ rẹ yóò rí, ìwọ fúnra rẹ̀ ti dá a.”
41 ৪১ তেতিয়া সেই ভাববাদীজনে বেগাই নিজৰ চকুৰ ওপৰৰ পৰা কাপোৰ গুচালে; তাতে ইস্ৰায়েলৰ ৰজাই, তেওঁ যে ভাববাদীসকলৰ মাজৰ এজন, তাক চিনি পালে।
Nígbà náà ni wòlíì náà yára, ó sì mú eérú kúrò ní ojú rẹ̀, ọba Israẹli sì mọ̀ ọ́n pé ọ̀kan nínú àwọn wòlíì ni ó ń ṣe.
42 ৪২ পাছত তেওঁ ৰজাক ক’লে, “যিহোৱাই এই কথা কৈছে, ‘মই যি জনক বিনাশৰ অৰ্থে বৰ্জিত কৰিছিলোঁ, তুমি নিজ হাতৰ পৰা তেওঁক এৰি দিলা; এই কাৰণে তেওঁৰ প্ৰাণৰ সলনি তোমাৰ প্ৰাণ আৰু তেওঁৰ প্ৰজাসকলৰ সলনি তোমাৰ প্ৰজাসকলৰ প্রাণ যাব’।”
Ó sì wí fún ọba pé, “Báyìí ni Olúwa wí: ‘Ìwọ ti jọ̀wọ́ ọkùnrin tí èmi ti yàn sí ìparun pátápátá lọ́wọ́ lọ. Nítorí náà, ẹ̀mí rẹ yóò lọ fún ẹ̀mí rẹ, ènìyàn rẹ fún ènìyàn rẹ̀.’”
43 ৪৩ তেতিয়া ইস্ৰায়েলৰ ৰজা অসন্তুষ্ট হ’ল, আৰু খঙেৰে ঘৰলৈ গ’ল। পাছত চমৰিয়াত আহি উপস্থিত হ’ল।
Ọba Israẹli sì lọ sí ilé rẹ̀ ní wíwú gbọ́, inú rẹ sì bàjẹ́, ó sì wá sí Samaria.