< ১ রাজাবলি 2 >

1 পাছত দায়ুদৰ মৃত্যুৰ দিন ওচৰ চপাত, তেওঁ নিজ পুত্ৰ চলোমনক এই আদেশ দি ক’লে,
Kane kinde ochopo machiegni mondo Daudi otho, nosiemo Solomon wuode.
2 “সকলো মৰ্ত্যই যোৱা পথেৰে মই যাওঁ৷ সেয়েহে তুমি বলৱান হোৱা আৰু নিজৰ পুৰুষালি দেখুউৱা৷
Kowacho niya, “Achiegni dhi kuma ji duto manie piny dhiye.” Omiyo bed motegno kendo jiwri ka dichwo,
3 তোমাৰ ঈশ্ৱৰ যিহোৱাৰ আজ্ঞাবোৰ পালন কৰা আৰু তেওঁৰ পথত চলিবা আৰু তেওঁৰ, তেওঁৰ সকলো বিধি, আজ্ঞা, সিদ্ধান্ত আৰু তেওঁৰ নিয়ম-চুক্তিবোৰ সাৱধানে পালন কৰিবা। যি বিষয়বোৰ মোচিৰ ব্যৱস্থা-পুস্তকত লিখা আছে, তেনেদৰে তেওঁৰ বিধি, আজ্ঞা, শাসন-প্ৰণালী আৰু সাক্ষ্য অনুসাৰে কাৰ্য কৰিবা আৰু সেই সেয়েহে তুমি যেন সকলো কাৰ্যত আৰু যি যি ঠাইত যাবা সেই সকলোতে তুমি শান্তিপ্ৰাপ্ত হ’বা,
kendo irit gima Jehova Nyasaye ma Nyasachi dwaro: Kiwuotho e yorene kendo irit puonjne gi chikene kod gik moko duto modwaro kaka ondiki e chik Musa mondo idhi nyime maber e gik moko duto mitimo, kendo kamoro amora midhiye,
4 যাতে মোৰ বিষয়ে যিহোৱাই কোৱা সেই বাক্য তেওঁ সিদ্ধ কৰিব বোলে, ‘তোমাৰ সন্তান সকলে যদি সত্যভাৱে সকলো চিত্তেৰে আৰু সকলো প্ৰাণেৰে মোৰ আগত চলে, তেনেহ’লে ইস্ৰায়েলৰ সিংহাসনত বহিবলৈ তোমাৰ সম্বন্ধীয়া লোক এজনৰো অভাৱ নহ’ব’৷
eka Jehova Nyasaye nyalo rito singruokne mane omiya ni, Ka nyikwayi onono kaka gidak kendo ka giwuotho gi adiera e nyima gi chunygi duto kod parogi duto to ok nibedi maonge ngʼat manyalo bedo e kom duongʼ e Israel.
5 চৰূয়াৰ পুত্ৰ যোৱাবে মোৰ বিৰুদ্ধে যি কৰিলে, অৰ্থাৎ নেৰৰ পুত্ৰ অবনেৰ আৰু যেথৰৰ পুত্ৰ অমাচা, ইস্ৰায়েলৰ এই দুজন সেনাপতিলৈ যি কৰিলে, সেই বিষয়ে তুমি জানা৷ তেওঁ তেওঁলোকক বধ কৰি যুদ্ধৰ সময়ত কৰাৰ দৰে শান্তিৰ সময়তো ৰক্তপাত কৰিলে আৰু সেই ৰক্ত তেওঁৰ কটিবন্ধনত আৰু ভৰিৰ জোতাত লগালে।
Koro in iwuon ingʼeyo gima Joab wuod Zeruya notimona, gima notimo ni jotend lweny ariyo mag Israel, Abner wuod Ner gi Amasa wuod Jetha. Ne onegogi, kochwero rembgi e ndalo kwe mana ka ndalo mag lweny kendo remono nomienogo okandane mane otweyo e nungone kod wuochene manie tiendene.
6 এতেকে তুমি নিজ জ্ঞান অনুসাৰে তেওঁলৈ ব্যৱহাৰ কৰিবা আৰু তেওঁৰ পকা চুলি শান্তিৰে মৈদামলৈ নামিব নিদিবা। (Sheol h7585)
Ti kode kaluwore gi riekoni, to kik iwe lwar mantie e wiye dhi e bur gi kwe. (Sheol h7585)
7 কিন্তু গিলিয়দীয়া বৰ্জ্জিলয়ৰ পুত্ৰসকলক দয়া ব্যৱহাৰ কৰিবা আৰু তোমাৰ মেজত বহোঁতাসকলৰ মাজত তেওঁলোককো ঠাই দিবা, কিয়নো তোমাৰ ককাই অবচালোমৰ ভয়ত মই পলোৱা সময়ত তেওঁলোকে মোক সহায় কৰিবলৈ মোৰ ওচৰলৈ আহিছিল।
To bed mangʼwon ni yawuot Barzilai ja-Gilead kendo we gibed achiel kuom joma chiemo e mesani. Negidok jokora kane aringo e nyim Abisalom owadu.
8 আৰু চোৱা, বহূৰীমত থকা বিন্যামীনীয়া গেৰাৰ পুত্ৰ চিমিয়ী তোমাৰ লগত আছে, যি জনে মই মহনয়িমলৈ যোৱা দিনা মোক অতিশয়ৰূপে শাও দিছিল৷ পাছত তেওঁ মোৰ লগত সাক্ষাৎ কৰিবলৈ যৰ্দ্দনলৈ আহিছিল আৰু তাতে মই যিহোৱাৰ নামেৰে শপত কৰি তেওঁক কলোঁ, ‘মই তোমাক তৰোৱালেৰে বধ নকৰোঁ।’
Bende par, ni nitie Shimei wuod Gera, ja-Benjamin moa Bahurim mane okwongʼa malit kane adhi Mahanaim. Kane obiro romona e dho Jordan, ne akwongʼorane gi nying Jehova Nyasaye niya, Ok ananegi gi ligangla.
9 এই হেতুকে তুমি এতিয়া তেওঁক নিৰ্দ্দোষী বুলি নাভাবিবা৷ তুমি এজন জ্ঞানৱান লোক আৰু তেওঁলৈ কি কৰা উচিত, সেই বিষয়ে তুমি জানা৷ তুমি তেওঁৰ পকা চুলি তেজেৰে সৈতে তেওঁক মৈদামলৈ নমাই দিবা।” (Sheol h7585)
To koro kik ikwane ka ngʼama onge ketho. In ngʼama riek; iningʼe gima nitimne. Kik iwe lwar mantie e wiye dhi e bur gi kwe. (Sheol h7585)
10 ১০ তাৰ পাছত দায়ুদ নিজৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল; তেওঁক দায়ুদৰ নগৰত মৈদাম দিয়া হ’ল।
Eka Daudi notho gi wuonene kendo noyike e Dala Maduongʼ mar Daudi.
11 ১১ দায়ুদে ইস্ৰায়েলৰ ওপৰত চল্লিশ বছৰ ধৰি ৰাজত্ব কৰিছিল৷ তেওঁ সাত বছৰ হিব্ৰোণত আৰু তেত্ৰিশ বছৰ যিৰূচালেমত ৰাজত্ব কৰিছিল।
Daudi noyudo osetelo ne Israel kuom higni piero angʼwen, ka higni abiriyo ne en Hebron to higni piero adek gadek ka en Jerusalem.
12 ১২ তেতিয়া চলোমন নিজ পিতৃ দায়ুদৰ সিংহাসনত বহি তেওঁৰ ৰাজ্য অতিশয় দৃঢ় কৰিলে।
Omiyo Solomon nobet e kom loch wuon mare Daudi, kendo lochne nogurore.
13 ১৩ সেই সময়ত হগ্গীতৰ পুত্ৰ অদোনিয়া চলোমনৰ মাতৃ বৎচেবাৰ ওচৰলৈ আহিল। তেতিয়া বৎচেবাই সুধিলে, “ভালৰ অৰ্থে আহিছা নে?” তেওঁ উত্তৰ দি ক’লে, “ভালৰ অৰ্থেই।”
Koro Adonija wuod Hagith nodhi ir Bathsheba min Solomon. Bathsheba nopenje niya, “Ibiro gi kwe?” Eka nodwoko niya, “Ee abiro gi kwe.”
14 ১৪ তেওঁ পুনৰ ক’লে, “তোমাৰ আগত কিছু কথা ক’ব লগা আছে।”
Eka nomedo wacho niya, “An gi wach moro madwaro wachoni.” Nodwoko niya, “Inyalo wacho.”
15 ১৫ তেতিয়া তেওঁ ক’লে, “কোৱা।” তেতিয়া অদোনিয়াই ক’লে, “তুমি জানা যে ৰাজ্য মোৰহে আছিল, আৰু মইহে ৰজা হ’ম বুলি গোটেই ইস্ৰায়েলে মোক আশা কৰিছিল৷ তথাপি ৰাজ্য সলনি হৈ মোৰ ভাইৰ হ’ল, কিয়নো যিহোৱাৰ দ্বাৰাইহে তেওঁ হ’ল।
Eka nowacho niya, “Kaka ingʼeyo, pinyruoth ne mara. Jo-Israel duto nongʼiya kaka ruodhgi. To gik moko nolokore ma pinyruoth nodok ni owadwa; nimar Jehova Nyasaye ema osemiyego.
16 ১৬ এই হেতুকে এতিয়া মই তোমাৰ আগত এটি নিবেদন কৰিম৷ সেই বিষয়ে তুমি অসন্মত নহ’বা।” তেতিয়া বৎচেবাই ক’লে, “কোৱা।”
Koro an gi kwayo achiel madwaro kwayo. Ka iyie to kik itama.” Bathsheba nowachone niya, “Wachi.”
17 ১৭ তেতিয়া অদোনিয়াই ক’লে, “অনুগ্ৰহ কৰি চলোমন ৰজাক কোৱা, তেওঁ যেন চূনেমীয়া অবীচগক মোক পত্নীৰূপে দিয়ে; কিয়নো তেওঁ তোমাত অসন্মত নহ’ব।”
Eka Adonija nomedo wacho niya, “Yie ikwa ruoth Solomon omiya Abishag nyar Shunam obed jaoda nikech angʼeyo ni ok obi tami.”
18 ১৮ তেতিয়া বৎচেবাই ক’লে, “বাৰু, মই তোমাৰ বিষয়ে ৰজাৰ লগত কথা পাতিম।”
Bathsheba to ne odwoke niya, “Mano ber, abiro wuoyoni gi ruoth.”
19 ১৯ পাছত বৎচেবাই অদোনিয়াৰ বিষয়ে কথা পাতিবলৈ চলোমন ৰজাৰ ওচৰলৈ গ’ল। তাতে ৰজাই তেওঁক আগবাঢ়ি লগ ধৰিবলৈ উঠি আহিল, আৰু তেওঁৰ আগত প্ৰণিপাত কৰিলে৷ তাৰ পাছত তেওঁ নিজৰ সিংহাসনত বহিল আৰু তেওঁৰ মাতৃৰ কাৰণে এখন আসন যুগুত কৰিলে৷ তেওঁ ৰজাৰ সোঁফালে বহিল।
Kane Bathsheba odhi ir Ruoth Solomon mondo owuo kuom Adonija, ruoth nochungʼ malo mokulorene eka nobet e kome mar duongʼ. Nokwayo mondo okel ni min-gi kom duongʼ eka nobet e bade korachwich.
20 ২০ তেতিয়া তেওঁ ক’লে, “মই তোমাৰ আগত এটি সৰু বিষয় নিবেদন কৰোঁ; সেই বিষয়ে তুমি মোক অস্ৱীকাৰ নকৰিবা।” তেতিয়া ৰজাই ক’লে, “হে মোৰ মাতৃ, খোজক; কিয়নো মই আপোনাক অস্ৱীকাৰ নকৰোঁ।”
Bathsheba nowachone niya, “An-gi kwayo matin madwaro kwayo to yie kik itama.” Ruoth to nodwoke niya, “Kwaye akwaya minwa nimar ok anatami.”
21 ২১ তেতিয়া বৎচেবাই ক’লে, “তোমাৰ ককাই অদোনিয়া লগত চূনেমীয়া অবীচগক পত্নীৰূপে দিয়া হওঁক৷”
Omiyo nowacho niya, “Yie iwe Abishag nyar Shunam mondo okend gi owadu Adonija.”
22 ২২ তেতিয়া চলোমন ৰজাই উত্তৰ কৰি নিজৰ মাতৃক ক’লে, “আপুনি অদোনিয়াৰ কাৰণে চূনেমীয়া অবীচগক কিয় খুজিছে? তেওঁৰ বাবে ৰাজ্যখনকো কিয় খোজা নাই, কিয়নো তেওঁ মোৰ বৰ ককাই - এনে কি, অবিয়াথৰ পুৰোহিত আৰু চৰূয়াৰ পুত্ৰ যোৱাবৰ কাৰণেও খোজক।”
Ruoth Solomon nodwoko min niya, “Angʼo momiyo ikwayo Abishag nyar Shunam ni Adonija? Inyalo anyala kata mana kwayone pinyruoth nimar en owadwa maduongʼ, bende inyalo kwaye ni Abiathar jadolo kod Joab wuod Zeruya!”
23 ২৩ তেতিয়া চলোমন ৰজাই যিহোৱাৰ নামেৰে শপত লৈ ক’লে, “অদোনিয়াই যদি নিজৰ প্ৰাণ হানি হোৱাকৈ এই কথা কোৱা নাই, তেনেহ’লে ঈশ্বৰে মোলৈকো সেইদৰে কৰক বা তাতকৈয়ো অধিক দণ্ড দিয়ক।
Eka Ruoth Solomon nokwongʼore gi nying Jehova Nyasaye niya, “Mad Nyasaye kweda ka Adonija ok otho nikech kwayoni.
24 ২৪ এই হেতুকে এতিয়া যি জনে নিজৰ প্ৰতিজ্ঞা অনুসাৰে, মোক সুস্থিৰ কৰি মোৰ পিতৃ দায়ুদৰ সিংহাসনত মোক বহুৱালে আৰু মোৰ বংশ স্থাপন কৰিলে, সেই যিহোৱাৰ জীৱনৰ শপত, আজি নিশ্চয়ে অদোনিয়াৰ প্ৰাণ-দণ্ড হ’ব।”
Akwongʼora gi nying Jehova Nyasaye mangima ni en mosegura e kom loch mar Daudi wuora kendo mosesingo ni nyikwaya pinyruoth ni Adonija nyaka negi kawuono!”
25 ২৫ তেতিয়া চলোমন ৰজাই যিহোয়াদাৰ পুত্ৰ বনায়াক পঠিয়াই দিলে; তেওঁ অদোনিয়াক বিচাৰি পাই তেওঁক বধ কৰিলে।
Omiyo Ruoth Solomon nochiwo chik ne Benaya wuod Jehoyada, mi nonego Adonija.
26 ২৬ পাছত ৰজাই অবিয়াথৰ পুৰোহিতক ক’লে, “তুমি অনাথোতলৈ নিজ উত্তৰাধিকাৰৰ ভুমিলৈ যোৱা৷ তুমিও মৃত্যুৰ যোগ্য, তথাপি মই এই সময়ত তোমাৰ প্ৰাণ দণ্ড নকৰোঁ, কাৰণ তুমি মোৰ পিতৃ দায়ুদৰ আগত প্ৰভু যিহোৱাৰ চন্দুক বৈ নিছিলা আৰু মোৰ পিতৃৰ দুখভোগৰ সকলো সময়ত তুমিও দুখ-ভোগ কৰিছিলা।”
To kuom Abiathar jadolo, ruoth nowacho niya, “Dog e puotheni mantie Anathoth. Iwinjori gi tho, to ok ananegi sani, nikech nitingʼo Sandug Muma mar Jehova Nyasaye Manyalo Gik Moko Duto e nyim Daudi wuonwa kendo nineno chandruok duto mane wuonwa oneno.”
27 ২৭ এইদৰে চীলোত এলীৰ বংশৰ অহিতে যিহোৱাই কোৱা বাক্য যেন সিদ্ধ হয়, এই কাৰণে চলোমনে অবিয়াথৰ পুৰোহিতক যিহোৱাৰ পুৰোহিত পদৰ পৰা অব্যাহতি দিলে৷
Omiyo Solomon nogolo Abiathar e tich dolo mar Jehova Nyasaye kochopogo wach mane Jehova Nyasaye owacho Shilo kuom od Eli.
28 ২৮ তেতিয়া সেই ঘটনাৰ বাতৰি যোৱাবলৈ আহিল, কিয়নো যোৱাব যদিও অবচালোমৰ ফলীয়া নাছিল, তথাপি অদোনীয়াৰ ফলীয়া হৈছিল। সেই কাৰণে তেওঁ যিহোৱাৰ তম্বুৰ ভিতৰলৈ পলাই গৈ যজ্ঞবেদীৰ শিঙত ধৰি থাকিল৷
Kane wechego olandore mochopo ni Joab mane joriwore gi Adonija kata obedo ni ne ok oriwore gi Abisalom, ne oringo modhi e Hemb Jehova Nyasaye mi nomako tunge kendo mar misango.
29 ২৯ পাছত যোৱাব যিহোৱাৰ তম্বুৰ ভিতৰলৈ পলাই যোৱা আৰু তেওঁ যজ্ঞবেদীৰ কাষত থকা এই বুলি কোনোবাই চলোমন ৰজাক খবৰ দিলে৷ তেতিয়া তেওঁ যিহোয়াদাৰ পুত্ৰ বনায়াক পঠিয়াই ক’লে, “যোৱা তেওঁক বধ কৰা।”
Ruoth Solomon nowachne ni Joab oseringo modhi e hemb Jehova Nyasaye kendo ni ne en but kendo mar misango. Eka Solomon nochiko Benaya wuod Jehoyada niya, “Dhiyo mondo inege.”
30 ৩০ তেতিয়া বনায়াই যিহোৱাৰ তম্বুলৈ গ’ল, আৰু তেওঁক ক’লে, “ৰজাই কৈছে, ‘তুমি বাহিৰলৈ ওলাই আহাঁ’।” তেতিয়া তেওঁ ক’লে, “নহয়, মই এই ঠাইতে মৰিম।” তেতিয়া বনায়া ৰজাৰ ওচৰলৈ উভতি গ’ল, আৰু তেওঁক ক’লে, “যোৱাবে সেই যজ্ঞবেদীৰ কাষতে মৰিবলৈ বিচাৰিছে৷”
Omiyo Benaya nodonjo e Hemb Jehova Nyasaye kendo nowacho ni Joab niya, “Ruoth wacho ni, ‘Wuog oko!’” To nodwoke niya, “Ooyo, abiro mana tho ka.” Benaya nodwoko wach Joab ni ruoth.
31 ৩১ তেতিয়া ৰজাই ক’লে, “তুমি তেওঁৰ কথাৰ দৰেই কাৰ্য কৰা৷ তেওঁক বধ কৰি তেওঁক মৈদাম দিবা; সেইদৰে কৰিলে, যোৱাবে যি নিৰ্দ্দোষীৰ ৰক্তপাত কৰিছিল, সেই ৰক্তপাতৰ দোষ তুমি মোৰ পৰা আৰু মোৰ পিতৃ-বংশৰ পৰা দূৰ কৰিবা।
Eka ruoth nochiko Benaya niya, “Tim kaka osewacho. Nege kendo yike mondo ipwodha kod od wuonwa kuom richo mar remo makare mane Joab ochwero.
32 ৩২ আৰু যিহোৱাই তেওঁৰ ৰক্তপাতৰ দোষ তেওঁৰেই ওপৰত থ’ব, কিয়নো তেওঁ মোৰ পিতৃ দায়ূদে নজনাকৈ, তেওঁ নিজতকৈ ধাৰ্মিক আৰু উত্তম দুজন লোকক, অৰ্থাৎ ইস্ৰায়েলৰ প্ৰধান সেনাপতি নেৰৰ পুত্ৰ অবনেৰক আৰু যিহূদাৰ প্ৰধান সেনাপতি যেথৰৰ পুত্ৰ অমাচাক আক্ৰমণ কৰি তৰোৱালৰ দ্বাৰাই বধ কৰিছিল।
Jehova Nyasaye enochule kuom remo mane ochwero, nikech nonego ji ariyo gi ligangla ka wuonwa Daudi kia. Nonego Abner wuod Ner jatend lweny mar Israel kod Amasa wuod Jetha jatend lweny mar Juda mane gin joma ber kendo mobidhore moloye.
33 ৩৩ তেওঁলোকৰ ৰক্তপাতৰ দোষ যেন যোৱাবৰ মূৰত আৰু তেওঁৰ বংশৰ মূৰত চিৰকাললৈকে থাকক; কিন্তু দায়ুদ আৰু তেওঁৰ সন্তান সকললৈ, তেওঁৰ বংশলৈ আৰু তেওঁৰ সিংহাসনলৈ যিহোৱাৰ পৰা সৰ্ব্বদায় শান্তি হ’ব।”
Mad rembgi obedi ewi Joab gi nyikwaye nyaka chiengʼ. To kuom Daudi gi nyikwaye gi ode kod kuom lochne, mad kwe Jehova Nyasaye obedie nyaka chiengʼ.”
34 ৩৪ তেতিয়া যিহোয়াদাৰ পুত্ৰ বনায়াই উঠি গ’ল, আৰু তেওঁক আক্ৰমণ কৰি বধ কৰিলে৷ পাছত মৰুপ্ৰান্তত থকা তেওঁৰ নিজৰ ঘৰলৈ নিলে, আৰু তেওঁক তাতে মৈদাম দিলে।
Omiyo Benaya wuod Jehoyada nodhi monego Joab kendo noyike mana e lope e thim.
35 ৩৫ পাছত ৰজাই তেওঁৰ পদত যিহোয়াদাৰ পুত্ৰ বনায়াক প্ৰধান সেনাপতি পাতিলে আৰু ৰজাই অবিয়াথৰ পদত চাদোকক পুৰোহিত নিযুক্ত কৰিলে।
Ruoth noketo Benaya wuod Jehoyada jatend lweny kar Joab mi noketo Zadok jadolo kar Abiathar jadolo.
36 ৩৬ তাৰ পাছত ৰজাই মানুহ পঠিয়াই চিমিয়ীক মতাই আনি ক’লে, “তুমি যিৰূচালেমত নিজৰ কাৰণে এটা ঘৰ সাজা আৰু তাতে আহি বাস কৰা। সেই ঠাইৰ পৰা তুমি আন কোনো ঠাইলৈ ওলাই নাযাবা।
Eka ruoth noluongo Shimei ire, mowachone niya, ger ot Jerusalem mondo idagie to kik iwuogi ni idhi kamoro amora.
37 ৩৭ কিয়নো তুমি যিদিনা বাহিৰ হৈ কিদ্ৰোণ জুৰি পাৰ হ’বা, সেইদিনা অৱশ্যে তোমাৰ প্ৰাণ যাব, সেই বিষয়ে জানিবা; তেতিয়া তোমাৰ ৰক্তপাতৰ দোষ তোমাৰেই মূৰত থাকিব।”
Chiengʼ ma iniwuogi ma ingʼadi Holo mar Kidron, to bed gadiera ni initho; kendo rembi enobed e wiyi.
38 ৩৮ গতিকে চিমিয়ীয়ে ৰজাক ক’লে, “আপুনি যি কথা কৈছে, সেয়ে উত্তম৷ মোৰ প্ৰভু মহাৰাজে যেনেকৈ ক’লে, আপোনাৰ এই দাসে সেইদৰেই কৰিব।” পাছত চিমিয়ীয়ে অনেক কাললৈকে যিৰূচালেমত বাস কৰিলে।
To Shimei nodwoko ruoth niya, “Gima iwacho ber, jatichni biro timo kaka ruodhe osewacho.” Shimei nodak Jerusalem kuom ndalo mangʼeny.
39 ৩৯ কিন্তু তিনি বছৰৰ মূৰত চিমিয়ীৰ দুজন দাসে পলাই গৈ মাখাৰ পুত্ৰ আখীচ নামেৰে গাতৰ ৰজাৰ ওচৰলৈ গ’ল। তেতিয়া লোকসকলে ক’লে “চোৱা, তোমাৰ বন্দীহঁত গাতত আছে”, এই বুলি কোনোবাই চিমিয়ীক ক’লে,
To bangʼ higni adek jotich Shimei ariyo noringo modhi ir Akish wuod Maaka, ruodh Gath kendo nowach ne Shimei niya, “Wasumbinigi ni Gath.”
40 ৪০ তেতিয়া চিমিয়ীয়ে উঠি গাধ সজাই তেওঁৰ বন্দীবোৰ বিচাৰি গাতত থকা আখীচৰ ওচৰলৈ গ’ল, আৰু গাতৰ পৰা তেওঁৰ বন্দীবোৰক লৈ আহিল।
Gikanyono noidho pundane kendo nodhi ir Akish kane en Gath komanyo wasumbinige, omiyo Shimei nodhi moduogogi.
41 ৪১ পাছত চিমিয়ী যিৰূচালেমৰ পৰা গাতলৈ গৈ উভতি অহাৰ কথা কোনোবাই আহি ৰজা চলোমনক জনালে।
Kane onyis Solomon ni Shimei nowuok Jerusalem modhi nyaka Gath kendo odwogo,
42 ৪২ তেতিয়া ৰজাই মানুহ পঠিয়াই চিমিয়ীক মতাই আনিলে, আৰু তেওঁক ক’লে, “যি দিনা তুমি বাহিৰ ওলাই কোনো ফালে যাবা, সেইদিনা অৱশ্যে তোমাৰ প্ৰাণ যাব, এইদৰে জানো যিহোৱাৰ নামেৰে তোমাক শপত দিয়া হোৱা নাই? আৰু এই বিষয় নিশ্চিতভাৱে জানো তোমাক কোৱা হোৱা নাই? তেতিয়া তুমিও কৈছিলা, ‘মই যি শুনিলোঁ, সেয়ে উত্তম’।
ruoth noluongo Shimei mowachone niya, “Donge ne akwongʼora gi nying Jehova Nyasaye ka asiemi ni chiengʼ ma iniwuogi mondo idhi kamoro amora to ibed kingʼeyo ni initho? To e kindeno niwachona niya, ‘Gima iwacho ber, abiro luwo.’
43 ৪৩ এতিয়া যিহোৱাৰ নামেৰে দিয়া শপত আৰু মই তোমাক দিয়া আজ্ঞা তুমি কিয় পালন কৰা নাই?”
Angʼo momiyo ne ok irito singruokni ni Jehova Nyasaye kendo rito chik mane amiyi?”
44 ৪৪ ৰজাই চিমিয়ীক পুনৰ ক’লে, “মোৰ পিতৃ দায়ূদলৈ কৰা তোমাৰ যি দুষ্টতাৰ বিষয়ে তোমাৰ মনে সাক্ষ্য দি আছে, সেই বিষয়ে তুমি জানি আছা; এতেকে এতিয়া যিহোৱাই তোমাৰ দুষ্টতাৰ ফল তোমাৰ নিজ মূৰতে দিব।
Ruoth nomedo wachone Shimei niya, “Ingʼeyo e chunyi richo duto mane itimone wuonwa Daudi. Koro Jehova Nyasaye biro chuli kuom richo duto mane itimo.
45 ৪৫ কিন্তু চলোমন ৰজাই আশীৰ্ব্বাদ পাব আৰু যিহোৱাৰ সন্মুখত দায়ূদৰ সিংহাসন চিৰকাললৈকে থাকিব।”
To Ruoth Solomon ibiro gwedhi kendo kom loch mar Daudi biro siko kogurore e nyim Jehova Nyasaye nyaka chiengʼ.”
46 ৪৬ পাছত ৰজাই যিহোয়াদাৰ পুত্ৰ বনায়াক আজ্ঞা কৰিলে, আৰু বনায়া ওলাই গৈ তেওঁক আক্ৰমণ কৰি বধ কৰিলে। এইদৰে চলোমনৰ হাতত ৰাজ্য দৃঢ় হ’ল।
Eka ruoth nogolo chik ni Benaya wuod Jehoyada, mi nowuok modhi mogoyo Shimei monege. Pinyruoth koro nogurore e lwet Solomon.

< ১ রাজাবলি 2 >