< ১ রাজাবলি 16 >

1 পাছত হনানীৰ পুত্ৰ যেহূৰ ওচৰলৈ বাচাৰ বিৰুদ্ধে যিহোৱাৰ বাক্য আহিল, তেওঁ ক’লে,
Ó sì ṣe, ọ̀rọ̀ Olúwa sì tọ Jehu ọmọ Hanani wá sí Baaṣa pé,
2 “যদিও মই তোমাক ধূলিৰ পৰা তুলি মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত তোমাক অধিপতি পাতিলোঁ, তথাপিও তুমি যাৰবিয়ামৰ পথত চলিলা আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ পাপৰ দ্বাৰাই মোৰ ক্রোধ জন্মাবলৈ তেওঁলোকক পাপত লিপ্ত কৰিবলৈ দিলা।
“Èmi ti gbé ọ ga láti inú erùpẹ̀ wá, mo sì fi ọ́ ṣe olórí Israẹli ènìyàn mi, ṣùgbọ́n ìwọ sì rìn ní ọ̀nà Jeroboamu, ó sì mú kí Israẹli ènìyàn mi dẹ́ṣẹ̀, láti mú mi bínú nípa ẹ̀ṣẹ̀ wọn.
3 চোৱা, মই বাচা আৰু তেওঁৰ বংশক সম্পূর্ণৰূপে ধ্বংস কৰিম, আৰু নবাটৰ পুত্ৰ যাৰবিয়ামৰ বংশৰ দৰে তোমাৰ বংশলৈ তেনেদৰে কৰিম।
Nítorí náà, èmi yóò mú Baaṣa àti ilé rẹ̀ kúrò, èmi yóò sì ṣe ilé rẹ̀ bí ilé Jeroboamu ọmọ Nebati.
4 বাচাৰ বংশৰ যি জন লোকৰ নগৰত মৃত্যু হ’ব, তেওঁক কুকুৰবোৰে খাব আৰু যি জন লোকৰ নগৰৰ বাহিৰত মৃত্যু হ’ব, তেওঁক আকাশৰ চৰাইবোৰে খাব।”
Àwọn ajá yóò jẹ ẹni Baaṣa tí ó bá kú ní ìlú, ẹyẹ ojú ọ̀run yóò sì jẹ àwọn tí ó kú ní oko.”
5 বাচাৰ অৱশিষ্ট বৃত্তান্তৰ বিষয়ে, তেওঁ কৰা কাৰ্য আৰু পৰাক্ৰমৰ কথা জানো ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা নাই?
Àti ìyókù ìṣe Baaṣa, ohun tí ó ṣe àti agbára rẹ̀, a kò ha kọ wọ́n sínú ìwé ọ̀rọ̀ ọjọ́ àwọn ọba Israẹli?
6 পাছত বাচা তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তিৰ্চাত তেওঁক মৈদাম দিয়া হ’ল; তেতিয়া তেওঁৰ পুত্ৰ এলা তেওঁৰ পদত ৰজা হ’ল।
Baaṣa sì sùn pẹ̀lú àwọn baba rẹ̀, a sì sin ín ní Tirsa. Ela ọmọ rẹ̀ sì jẹ ọba ní ipò rẹ̀.
7 হনানীৰ পুত্ৰ যেহূ ভাববাদীৰ দ্বাৰাই বাচা আৰু তেওঁৰ বংশৰ অহিতে যিহোৱাৰ বাক্য আহিছিল, কিয়নো যাৰবিয়ামৰ বংশৰ দৰে বাচায়ো যিহোৱাৰ সাক্ষাতে নিজ হাতৰ দ্ৱাৰাই কু-আচৰণ কৰিছিল আৰু সেই কাৰ্যবোৰৰ দ্বাৰাই যিহোৱাক ক্রোধত উত্তেজিত কৰাইছিল আৰু সেইবোৰৰ সৈতে যাৰবিয়ামৰ বংশকো বধ কৰিছিল৷
Ọ̀rọ̀ Olúwa sì wá nípa ọwọ́ Jehu wòlíì ọmọ Hanani pẹ̀lú sí Baaṣa àti ilé rẹ̀, nítorí gbogbo búburú tí ó ti ṣe níwájú Olúwa, ní mímú un bínú nípa ohun tó ti ṣe àti wíwà bí ilé Jeroboamu, àti nítorí tí ó pa á run pẹ̀lú.
8 যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ ছাবিশ বছৰত বাচাৰ পুত্ৰ এলাই ইস্ৰায়েলৰ ওপৰত তিৰ্চাত ৰাজত্ৱ কৰিবলৈ ধৰিলে; তেওঁ দুবছৰলৈ ৰাজত্ব কৰিছিল।
Ní ọdún kẹrìndínlọ́gbọ̀n Asa ọba Juda, Ela ọmọ Baaṣa bẹ̀rẹ̀ sí ní jẹ ọba ní Israẹli, ó sì jẹ ọba ní Tirsa ní ọdún méjì.
9 পাছত জিম্ৰীৰ নামেৰে তেওঁৰ এজন দাসে তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে। তেওঁ ৰজা এলাৰ ৰথৰ সৈন্যৰ আধা লোকৰ অধ্যক্ষ আছিল৷
Simri, ọ̀kan nínú àwọn ìránṣẹ́ rẹ̀, olórí ìdajì kẹ̀kẹ́ rẹ̀, dìtẹ̀ sí i. Ela sì wà ní Tirsa nígbà náà, ó sì mu àmupara ní ilé Arsa, ìríjú ilé rẹ̀ ni Tirsa.
10 ১০ যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ সাতাইশ বছৰত যেতিয়া এলাই তিৰ্চাত নিজৰ ঘৰগিৰী অৰ্চাৰ ঘৰত পান কৰি মতলীয়া অৱস্থাত আছিল, তেতিয়া জিম্ৰীয়ে সোমাই গৈ, তেওঁক প্ৰহাৰ কৰি বধ কৰিলে আৰু তেওঁৰ পদত নিজে ৰজা হ’ল।
Simri sì wọlé, ó sì kọlù ú, ó sì pa á ní ọdún kẹtàdínlọ́gbọ̀n Asa, ọba Juda, ó sì jẹ ọba ní ipò rẹ̀.
11 ১১ তেওঁ ৰজা হৈ সিংহাসনত বহা মাত্ৰকে বাচাৰ সকলো বংশকে তেওঁ বধ কৰিলে৷ তেওঁ বাচাৰ সম্বন্ধীয়া কোনো এজন পুৰুষ বা তেওঁৰ পৰিয়ালৰ লোক বা তেওঁৰ বন্ধুসকলৰ কোনো এজনকো অৱশিষ্ট নাৰাখিলে।
Bí ó sì ti bẹ̀rẹ̀ sí ní jẹ ọba, bí ó sì ti jókòó lórí ìtẹ́, ó lu gbogbo ilé Baaṣa pa, kò ku ọkùnrin kan sílẹ̀, bóyá ìbátan tàbí ọ̀rẹ́.
12 ১২ এই দৰে যেহূ ভাববাদীৰ দ্বাৰাই বাচাৰ বিৰুদ্ধে কোৱা যিহোৱাৰ বাক্য অনুসাৰে জিম্ৰীয়ে তেওঁৰ সকলো বংশ বিনষ্ট কৰিলে।
Bẹ́ẹ̀ ni Simri pa gbogbo ilé Baaṣa run, gẹ́gẹ́ bí ọ̀rọ̀ Olúwa tí ó sọ sí Baaṣa nípa ọwọ́ Jehu wòlíì:
13 ১৩ বাচা আৰু তেওঁৰ পুত্ৰ এলাই নিজৰ অসাৰ প্ৰতিমাবোৰৰ দ্বাৰাই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক ক্রোধত উত্তেজিত কৰাবলৈ যি যি পাপ কৰিছিল, সেই সকলো পাপৰ কাৰণে এই সকলো ঘটিল।
nítorí gbogbo ẹ̀ṣẹ̀ tí Baaṣa àti Ela ọmọ rẹ̀ ti ṣẹ̀ àti tí wọ́n ti mú Israẹli ṣẹ̀, tí wọ́n fi mú Olúwa Ọlọ́run Israẹli bínú, wọ́n mú u bínú nípa òrìṣà asán wọn.
14 ১৪ এলাৰ অৱশিষ্ট বৃত্তান্তৰ বিষয়ে আৰু তেওঁৰ সকলো কাৰ্যৰ কথা জানো ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা নাই?
Ìyókù ìṣe Ela àti gbogbo ohun tí ó ṣe, a kò ha kọ wọ́n sínú ìwé ọ̀rọ̀ ọjọ́ àwọn ọba Israẹli?
15 ১৫ যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ সাতাইশ বছৰত জিম্ৰীয়ে মাত্ৰ সাত দিন তিৰ্চাত ৰাজত্ব কৰিছিল। সেই সময়ত সৈন্যসকলে পলেষ্টীয়াসকলৰ অধীনত থকা গিব্বথোনৰ কাষত ছাউনি পাতি আছিল।
Ní ọdún kẹtàdínlọ́gbọ̀n Asa ọba Juda, ni Simri jẹ ọba ọjọ́ méje ní Tirsa. Àwọn ọmọ-ogun sì dó ti Gibetoni, ìlú àwọn ará Filistini.
16 ১৬ পাছত সেই ছাউনিত থকা লোকসকলে শুনিবলৈ পালে যে, “জিম্ৰীয়ে চক্ৰান্ত কৰি ৰজাক বধ কৰিলে।” তেতিয়া সমুদায় ইস্ৰায়েলে সেই দিনা ছাউনিৰ মাজত অম্ৰী নামেৰে সেনাপতিজনক ইস্ৰায়েলৰ ওপৰত ৰজা পাতিলে।
Nígbà tí àwọn ọmọ Israẹli tí ó dó tì gbọ́ wí pé Simri ti dìtẹ̀ sí ọba, ó sì ti pa á, wọ́n kéde Omri, olórí ogun, bí ọba lórí Israẹli ní ọjọ́ náà ní ibùdó.
17 ১৭ পাছত অম্ৰী আৰু তেওঁৰ লগত সমুদায় ইস্ৰায়েলে গিব্বথোনৰ পৰা যাত্ৰা কৰি গৈ তিৰ্চা অৱৰোধ কৰিলে।
Nígbà náà ni Omri àti gbogbo Israẹli pẹ̀lú rẹ̀ kúrò ní Gibetoni, wọ́n sì dó ti Tirsa.
18 ১৮ যেতিয়া জিম্ৰীয়ে নগৰখন দখল কৰি লোৱা দেখিলে, তেতিয়া তেওঁ ৰাজ-গৃহত লাগি থকা দুর্গত সোমাল, আৰু তাৰ চাৰিওফালে জুই লগাই দিলে৷ এইদৰে তেওঁ জুইত প্ৰাণত্যাগ কৰিলে।
Nígbà tí Simri sì ri pé a ti gba ìlú, ó sì wọ inú ààfin ilé ọba lọ, ó sì tẹ iná bọ ilé ọba lórí ara rẹ̀, ó sì kú,
19 ১৯ তেওঁ যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰি যি যি পাপ কৰিছিল আৰু যাৰবিয়ামৰ দৰে তেওঁ পাপ কৰিছিল, সেই কাৰ্যবোৰৰ দ্বাৰাই ইস্ৰায়েলকো পাপত লিপ্ত কৰাইছিল; এইবোৰৰ কাৰণে তেওঁৰ এনে গতি হ’ল।
nítorí àwọn ẹ̀ṣẹ̀ rẹ̀ tí ó ti ṣẹ̀, ní ṣíṣe búburú níwájú Olúwa àti ní rírìn ní ọ̀nà Jeroboamu àti nínú ẹ̀ṣẹ̀ rẹ̀ tí ó ti ṣe àti tí ó ti mú Israẹli ṣẹ̀.
20 ২০ জিম্ৰীৰ অৱশিষ্ট বৃত্তান্তৰ বিষয়ে আৰু তেওঁ কৰা চক্ৰান্তৰ কথাৰ বিষয়ে জানো ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা নাই?
Ní ti ìyókù ìṣe Simri, àti ọ̀tẹ̀ rẹ̀ tí ó dì, a kò ha kọ wọ́n sínú ìwé ọ̀rọ̀ ọjọ́ àwọn ọba Israẹli?
21 ২১ সেই সময়ত ইস্ৰায়েলৰ লোকসকলক দুভাগ কৰা হ’ল; এভাগ লোকে গীনতৰ পুত্ৰ তিব্‌নীক ৰজা পাতি, তেওঁৰ পাছত চলোঁতা হ’ল আৰু আন ভাগে অম্ৰীৰ পাছত চলিবলৈ ধৰিলে।।
Nígbà náà ní àwọn ènìyàn Israẹli dá sí méjì; apá kan wọn ń tọ Tibni ọmọ Ginati lẹ́yìn, láti fi í jẹ ọba, apá kan tókù sì ń tọ Omri lẹ́yìn.
22 ২২ কিন্তু অম্ৰীৰ পাছত চলা লোকসকল গীনতৰ পুত্ৰ তিব্‌নীৰ পাছত চলা লোকসকলতকৈ শক্তিশালী আছিল৷ তাতে তিব্‌নীৰ মৃত্যু হোৱাত অম্ৰী ৰজা হ’ল।
Ṣùgbọ́n àwọn ènìyàn tí ń tọ Omri lẹ́yìn borí àwọn tí ń tọ Tibni ọmọ Ginati lẹ́yìn. Bẹ́ẹ̀ ni Tibni kú, Omri sì jẹ ọba.
23 ২৩ যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ একত্ৰিশ বছৰত অম্ৰীয়ে ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে আৰু তেওঁ বাৰ বছৰলৈ ৰাজত্ব কৰিছিল৷ তেওঁ তিৰ্চাত ছবছৰ ৰাজত্ব কৰিছিল।
Ní ọdún kọkànlélọ́gbọ̀n Asa ọba Juda, Omri bẹ̀rẹ̀ sí ń jẹ ọba lórí Israẹli, ó sì jẹ ọba ní ọdún méjìlá, ọdún mẹ́fà ní Tirsa.
24 ২৪ পাছত তেওঁ দুই কিক্কৰ ৰূপ দি চেমৰৰ পৰা চমৰিয়া পৰ্বত কিনি ল’লে৷ আৰু তাৰ ওপৰত এখন নগৰ সাজি, সেই পৰ্বতৰ গৰাকী চেমৰৰ নাম অনুসাৰেই, তেওঁ নিজে সজা সেই নগৰৰ নাম চমৰিয়া ৰাখিলে।
Ó sì ra òkè Samaria lọ́wọ́ Ṣemeri ní tálẹ́ǹtì méjì fàdákà, ó sì kọ́ ìlú sórí rẹ̀, ó sì pe ìlú náà ní Samaria, nípa orúkọ Ṣemeri, orúkọ ẹni tí ó kọ́kọ́ ni òkè náà.
25 ২৫ কিন্তু অম্ৰীয়ে যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিলে আৰু তেওঁৰ পূর্বে যিসকল আছিল, তেওঁলোকতকৈয়ো তেওঁ অধিক দুৰাচাৰী হ’ল।
Ṣùgbọ́n Omri sì ṣe búburú níwájú Olúwa, Ó sì ṣe búburú ju gbogbo àwọn tí ó wà ṣáájú rẹ̀ lọ.
26 ২৬ কিয়নো নবাটৰ পুত্ৰ যাৰবিয়াম যি কুপথত চলিছিল আৰু যিবোৰ পাপৰ দ্বাৰাই তেওঁ ইস্ৰায়েলক পাপত লিপ্ত কৰাইছিল আৰু তেওঁলোকৰ অসাৰ প্ৰতিমাবোৰৰ দ্ৱাৰাই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ক্রোধ জন্মাইছিল, অম্ৰীৰেও ঠিক সেইদৰেই চলিল৷
Ó rìn ní gbogbo ọ̀nà Jeroboamu ọmọ Nebati àti nínú ẹ̀ṣẹ̀ rẹ̀, èyí tí ó ti mú Israẹli ṣẹ̀, láti fi ohun asán wọn mú Olúwa, Ọlọ́run Israẹli bínú.
27 ২৭ অম্ৰীৰ আন অৱশিষ্ট কাৰ্যৰ বৃত্তান্তৰ বিষয়ে, তেওঁ দেখুউৱা পৰাক্ৰমৰ কথা, সেই বিষয়ে ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত জানো লিখা নাই?
Ìyókù ìṣe àti ohun tí Omri ṣe, àti agbára rẹ tí ó fihàn, a kò ha kọ, wọ́n sínú ìwé ọ̀rọ̀ ọjọ́ àwọn ọba Israẹli?
28 ২৮ পাছত অম্ৰী তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁক চমৰিয়াত মৈদাম দিয়া হ’ল৷ তেতিয়া তেওঁৰ পুত্ৰ আহাব তেওঁৰ পদত ৰজা হ’ল।
Omri sì sùn pẹ̀lú àwọn baba rẹ̀ a sì sin ín ní Samaria. Ahabu ọmọ rẹ̀ sì jẹ ọba ní ipò rẹ̀.
29 ২৯ যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ আঠত্ৰিশ বছৰত, অম্ৰীৰ পুত্ৰ আহাবে ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে; আৰু অম্ৰীৰ পুত্ৰ আহাবে বাইশ বছৰলৈ চমৰিয়াত ৰাজত্ব কৰিছিল।
Ní ọdún kejìdínlógójì Asa ọba Juda, Ahabu ọmọ Omri jẹ ọba ní Israẹli, o si jẹ ọba lórí Israẹli ní Samaria ní ọdún méjìlélógún.
30 ৩০ তেওঁৰ পূর্বে যিসকল লোক আছিল, সেই সকলোতকৈ অম্ৰীৰ পুত্ৰ আহাবে যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিছিল।
Ahabu ọmọ Omri sì ṣe búburú ní ojú Olúwa ju gbogbo àwọn tí ó wà ṣáájú rẹ̀ lọ.
31 ৩১ নবাটৰ পুত্ৰ যাৰবিয়ামৰ দৰে পাপ-আচৰণ কৰিও আহাব ক্ষান্ত হোৱা নাছিল, ইয়াৰ উপৰিও চীদোনীয়াসকলৰ ৰজা এৎবালৰ জীয়েক ঈজেবলক বিয়া পাতিছিল। পাছত তেওঁ গৈ বালক পূজা কৰিবলৈ ধৰিলে আৰু তাৰ আগত প্ৰণিপাত কৰিলে।
Ó sì ṣe bí ẹni pé ó ṣe ohun kékeré fún un láti máa rìn nínú ẹ̀ṣẹ̀ Jeroboamu ọmọ Nebati, ó sì mú Jesebeli, ọmọbìnrin Etibaali, ọba àwọn ará Sidoni ní aya, ó sì bẹ̀rẹ̀ sí ń sin Baali, ó sì bọ ọ́.
32 ৩২ তেওঁ চমৰিয়াত নিৰ্মাণ কৰা বালৰ গৃহত বালৰ কাৰণে এটা যজ্ঞবেদীও স্থাপন কৰিলে।
Ó sì tẹ́ pẹpẹ kan fún Baali nínú ilé Baali tí ó kọ́ sí Samaria.
33 ৩৩ তাতে আহাবে এটা আচেৰা মূৰ্তি সাজিলে। এইদৰে ইস্ৰায়েলৰ পূৰ্বৰ সকলো ৰজাতকৈ তেওঁ ঈশ্বৰ যিহোৱাৰ ক্রোধ জন্মাবলৈ অধিক কাৰ্য কৰিলে।
Ahabu sì túnṣe ère òrìṣà Aṣerah, ó sì ṣe púpọ̀ láti mú Olúwa Ọlọ́run Israẹli bínú ju èyí tí gbogbo ọba Israẹli tí ó ti wà ṣáájú rẹ̀ ti ṣe lọ.
34 ৩৪ তেওঁ ৰাজত্ব কৰা কালত বাৎএলীয়া হীয়েলে পুনৰায় যিৰীহো নিৰ্মাণ কৰিলে। তেওঁলোকে যিহোৱাৰ বাক্য মানি চলিছিল আৰু সেই কাৰণে যিহোৱাই নুনৰ পুত্ৰ যিহোচূৱাৰ মুখেৰে কোৱা বাক্য অনুসাৰে, তেওঁ নিজ বৰ পুত্ৰ অবীৰামক দণ্ড স্বৰূপে দি যিৰীহোৰ ভিত্তিমূলক স্থাপন কৰিলে আৰু নিজ সৰু পুত্ৰ চগূবক দণ্ড স্বৰূপে দি যিৰীহোৰ দুৱাৰবোৰ লগালে।
Ní ìgbà ayé Ahabu, Hieli ará Beteli kọ́ Jeriko. Ó fi ìpìlẹ̀ rẹ̀ lé ilẹ̀ ní Abiramu, àkọ́bí rẹ, ó sì gbé àwọn ìlẹ̀kùn ibodè rẹ̀ kọ́ ní Segubu àbíkẹ́yìn rẹ̀, gẹ́gẹ́ bí ọ̀rọ̀ Olúwa tí ó ti ipa Joṣua ọmọ Nuni sọ.

< ১ রাজাবলি 16 >