< ১ রাজাবলি 16 >

1 পাছত হনানীৰ পুত্ৰ যেহূৰ ওচৰলৈ বাচাৰ বিৰুদ্ধে যিহোৱাৰ বাক্য আহিল, তেওঁ ক’লে,
Y FUÉ palabra de Jehová á Jehú hijo de Hanani contra Baasa, diciendo:
2 “যদিও মই তোমাক ধূলিৰ পৰা তুলি মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত তোমাক অধিপতি পাতিলোঁ, তথাপিও তুমি যাৰবিয়ামৰ পথত চলিলা আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ পাপৰ দ্বাৰাই মোৰ ক্রোধ জন্মাবলৈ তেওঁলোকক পাপত লিপ্ত কৰিবলৈ দিলা।
Pues que yo te levanté del polvo, y te puse por príncipe sobre mi pueblo Israel, y tú has andado en el camino de Jeroboam, y has hecho pecar á mi pueblo Israel, provocándome á ira con sus pecados;
3 চোৱা, মই বাচা আৰু তেওঁৰ বংশক সম্পূর্ণৰূপে ধ্বংস কৰিম, আৰু নবাটৰ পুত্ৰ যাৰবিয়ামৰ বংশৰ দৰে তোমাৰ বংশলৈ তেনেদৰে কৰিম।
He aquí yo barreré la posteridad de Baasa, y la posteridad de su casa: y pondré tu casa como la casa de Jeroboam hijo de Nabat.
4 বাচাৰ বংশৰ যি জন লোকৰ নগৰত মৃত্যু হ’ব, তেওঁক কুকুৰবোৰে খাব আৰু যি জন লোকৰ নগৰৰ বাহিৰত মৃত্যু হ’ব, তেওঁক আকাশৰ চৰাইবোৰে খাব।”
El que de Baasa fuere muerto en la ciudad, le comerán los perros; y el que de él fuere muerto en el campo, comerlo han las aves del cielo.
5 বাচাৰ অৱশিষ্ট বৃত্তান্তৰ বিষয়ে, তেওঁ কৰা কাৰ্য আৰু পৰাক্ৰমৰ কথা জানো ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা নাই?
Lo demás de los hechos de Baasa, y las cosas que hizo, y su fortaleza, ¿no está todo escrito en el libro de las crónicas de los reyes de Israel?
6 পাছত বাচা তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তিৰ্চাত তেওঁক মৈদাম দিয়া হ’ল; তেতিয়া তেওঁৰ পুত্ৰ এলা তেওঁৰ পদত ৰজা হ’ল।
Y durmió Baasa con sus padres, y fué sepultado en Thirsa; y reinó en su lugar Ela su hijo.
7 হনানীৰ পুত্ৰ যেহূ ভাববাদীৰ দ্বাৰাই বাচা আৰু তেওঁৰ বংশৰ অহিতে যিহোৱাৰ বাক্য আহিছিল, কিয়নো যাৰবিয়ামৰ বংশৰ দৰে বাচায়ো যিহোৱাৰ সাক্ষাতে নিজ হাতৰ দ্ৱাৰাই কু-আচৰণ কৰিছিল আৰু সেই কাৰ্যবোৰৰ দ্বাৰাই যিহোৱাক ক্রোধত উত্তেজিত কৰাইছিল আৰু সেইবোৰৰ সৈতে যাৰবিয়ামৰ বংশকো বধ কৰিছিল৷
Empero la palabra de Jehová por mano de Jehú profeta, hijo de Hanani, había sido contra Baasa y también contra su casa, con motivo de todo lo malo que hizo á los ojos de Jehová, provocándole á ira con las obras de sus manos, para que fuese hecha como la casa de Jeroboam; y porque lo había herido.
8 যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ ছাবিশ বছৰত বাচাৰ পুত্ৰ এলাই ইস্ৰায়েলৰ ওপৰত তিৰ্চাত ৰাজত্ৱ কৰিবলৈ ধৰিলে; তেওঁ দুবছৰলৈ ৰাজত্ব কৰিছিল।
En el año veintiséis de Asa rey de Judá, comenzó á reinar Ela hijo de Baasa sobre Israel en Thirsa; [y reinó] dos años.
9 পাছত জিম্ৰীৰ নামেৰে তেওঁৰ এজন দাসে তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে। তেওঁ ৰজা এলাৰ ৰথৰ সৈন্যৰ আধা লোকৰ অধ্যক্ষ আছিল৷
E hizo conjuración contra él su siervo Zimri, comandante de la mitad de los carros. Y estando él en Thirsa, bebiendo y embriagado en casa de Arsa su mayordomo en Thirsa,
10 ১০ যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ সাতাইশ বছৰত যেতিয়া এলাই তিৰ্চাত নিজৰ ঘৰগিৰী অৰ্চাৰ ঘৰত পান কৰি মতলীয়া অৱস্থাত আছিল, তেতিয়া জিম্ৰীয়ে সোমাই গৈ, তেওঁক প্ৰহাৰ কৰি বধ কৰিলে আৰু তেওঁৰ পদত নিজে ৰজা হ’ল।
Vino Zimri, y lo hirió y mató, en el año veintisiete de Asa rey de Judá; y reinó en lugar suyo.
11 ১১ তেওঁ ৰজা হৈ সিংহাসনত বহা মাত্ৰকে বাচাৰ সকলো বংশকে তেওঁ বধ কৰিলে৷ তেওঁ বাচাৰ সম্বন্ধীয়া কোনো এজন পুৰুষ বা তেওঁৰ পৰিয়ালৰ লোক বা তেওঁৰ বন্ধুসকলৰ কোনো এজনকো অৱশিষ্ট নাৰাখিলে।
Y luego que llegó á reinar y estuvo sentado en su trono, hirió toda la casa de Baasa, sin dejar en ella meante á la pared, ni sus parientes ni amigos.
12 ১২ এই দৰে যেহূ ভাববাদীৰ দ্বাৰাই বাচাৰ বিৰুদ্ধে কোৱা যিহোৱাৰ বাক্য অনুসাৰে জিম্ৰীয়ে তেওঁৰ সকলো বংশ বিনষ্ট কৰিলে।
Así rayó Zimri toda la casa de Baasa, conforme á la palabra de Jehová, que había proferido contra Baasa por medio del profeta Jehú;
13 ১৩ বাচা আৰু তেওঁৰ পুত্ৰ এলাই নিজৰ অসাৰ প্ৰতিমাবোৰৰ দ্বাৰাই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক ক্রোধত উত্তেজিত কৰাবলৈ যি যি পাপ কৰিছিল, সেই সকলো পাপৰ কাৰণে এই সকলো ঘটিল।
Por todos los pecados de Baasa, y los pecados de Ela su hijo, con que ellos pecaron é hicieron pecar á Israel, provocando á enojo á Jehová Dios de Israel con sus vanidades.
14 ১৪ এলাৰ অৱশিষ্ট বৃত্তান্তৰ বিষয়ে আৰু তেওঁৰ সকলো কাৰ্যৰ কথা জানো ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা নাই?
Los demás hechos de Ela, y todas las cosas que hizo, ¿no está todo escrito en el libro de las crónicas de los reyes de Israel?
15 ১৫ যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ সাতাইশ বছৰত জিম্ৰীয়ে মাত্ৰ সাত দিন তিৰ্চাত ৰাজত্ব কৰিছিল। সেই সময়ত সৈন্যসকলে পলেষ্টীয়াসকলৰ অধীনত থকা গিব্বথোনৰ কাষত ছাউনি পাতি আছিল।
En el año veintisiete de Asa rey de Judá, comenzó á reinar Zimri, [y reinó] siete días en Thirsa; y el pueblo había asentado campo sobre Gibbethón, ciudad de los Filisteos.
16 ১৬ পাছত সেই ছাউনিত থকা লোকসকলে শুনিবলৈ পালে যে, “জিম্ৰীয়ে চক্ৰান্ত কৰি ৰজাক বধ কৰিলে।” তেতিয়া সমুদায় ইস্ৰায়েলে সেই দিনা ছাউনিৰ মাজত অম্ৰী নামেৰে সেনাপতিজনক ইস্ৰায়েলৰ ওপৰত ৰজা পাতিলে।
Y el pueblo que estaba en el campo oyó decir: Zimri ha hecho conjuración, y ha muerto al rey. Entonces todo Israel levantó el mismo día por rey sobre Israel á Omri, general del ejército, en el campo.
17 ১৭ পাছত অম্ৰী আৰু তেওঁৰ লগত সমুদায় ইস্ৰায়েলে গিব্বথোনৰ পৰা যাত্ৰা কৰি গৈ তিৰ্চা অৱৰোধ কৰিলে।
Y subió Omri de Gibbethón, y con él todo Israel, y cercaron á Thirsa.
18 ১৮ যেতিয়া জিম্ৰীয়ে নগৰখন দখল কৰি লোৱা দেখিলে, তেতিয়া তেওঁ ৰাজ-গৃহত লাগি থকা দুর্গত সোমাল, আৰু তাৰ চাৰিওফালে জুই লগাই দিলে৷ এইদৰে তেওঁ জুইত প্ৰাণত্যাগ কৰিলে।
Mas viendo Zimri tomada la ciudad, metióse en el palacio de la casa real, y pegó fuego á la casa consigo: así murió,
19 ১৯ তেওঁ যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰি যি যি পাপ কৰিছিল আৰু যাৰবিয়ামৰ দৰে তেওঁ পাপ কৰিছিল, সেই কাৰ্যবোৰৰ দ্বাৰাই ইস্ৰায়েলকো পাপত লিপ্ত কৰাইছিল; এইবোৰৰ কাৰণে তেওঁৰ এনে গতি হ’ল।
Por sus pecados que él había cometido, haciendo lo malo á los ojos de Jehová, y andando en los caminos de Jeroboam, y en su pecado que cometió, haciendo pecar á Israel.
20 ২০ জিম্ৰীৰ অৱশিষ্ট বৃত্তান্তৰ বিষয়ে আৰু তেওঁ কৰা চক্ৰান্তৰ কথাৰ বিষয়ে জানো ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা নাই?
Los demás hechos de Zimri, y su conspiración que formó, ¿no está todo escrito en el libro de las crónicas de los reyes de Israel?
21 ২১ সেই সময়ত ইস্ৰায়েলৰ লোকসকলক দুভাগ কৰা হ’ল; এভাগ লোকে গীনতৰ পুত্ৰ তিব্‌নীক ৰজা পাতি, তেওঁৰ পাছত চলোঁতা হ’ল আৰু আন ভাগে অম্ৰীৰ পাছত চলিবলৈ ধৰিলে।।
Entonces el pueblo de Israel fué dividido en dos partes: la mitad del pueblo seguía á Thibni hijo de Gineth, para hacerlo rey: y la otra mitad seguía á Omri.
22 ২২ কিন্তু অম্ৰীৰ পাছত চলা লোকসকল গীনতৰ পুত্ৰ তিব্‌নীৰ পাছত চলা লোকসকলতকৈ শক্তিশালী আছিল৷ তাতে তিব্‌নীৰ মৃত্যু হোৱাত অম্ৰী ৰজা হ’ল।
Mas el pueblo que seguía á Omri, pudo más que el que seguía á Thibni hijo de Gineth; y Thibni murió, y Omri fué rey.
23 ২৩ যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ একত্ৰিশ বছৰত অম্ৰীয়ে ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে আৰু তেওঁ বাৰ বছৰলৈ ৰাজত্ব কৰিছিল৷ তেওঁ তিৰ্চাত ছবছৰ ৰাজত্ব কৰিছিল।
En el año treinta y uno de Asa rey de Judá, comenzó á reinar Omri sobre Israel, [y reinó] doce años: en Thirsa reinó seis años.
24 ২৪ পাছত তেওঁ দুই কিক্কৰ ৰূপ দি চেমৰৰ পৰা চমৰিয়া পৰ্বত কিনি ল’লে৷ আৰু তাৰ ওপৰত এখন নগৰ সাজি, সেই পৰ্বতৰ গৰাকী চেমৰৰ নাম অনুসাৰেই, তেওঁ নিজে সজা সেই নগৰৰ নাম চমৰিয়া ৰাখিলে।
Y compró él de Semer el monte de Samaria por dos talentos de plata, y edificó [en] el monte: y llamó el nombre de la ciudad que edificó, Samaria, del nombre de Semer, señor [que fué] de aquel monte.
25 ২৫ কিন্তু অম্ৰীয়ে যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিলে আৰু তেওঁৰ পূর্বে যিসকল আছিল, তেওঁলোকতকৈয়ো তেওঁ অধিক দুৰাচাৰী হ’ল।
Y Omri hizo lo malo á los ojos de Jehová, é hizo peor que todos los que habían sido antes de él:
26 ২৬ কিয়নো নবাটৰ পুত্ৰ যাৰবিয়াম যি কুপথত চলিছিল আৰু যিবোৰ পাপৰ দ্বাৰাই তেওঁ ইস্ৰায়েলক পাপত লিপ্ত কৰাইছিল আৰু তেওঁলোকৰ অসাৰ প্ৰতিমাবোৰৰ দ্ৱাৰাই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ক্রোধ জন্মাইছিল, অম্ৰীৰেও ঠিক সেইদৰেই চলিল৷
Pues anduvo en todos los caminos de Jeroboam hijo de Nabat, y en su pecado con que hizo pecar á Israel, provocando á ira á Jehová Dios de Israel con sus ídolos.
27 ২৭ অম্ৰীৰ আন অৱশিষ্ট কাৰ্যৰ বৃত্তান্তৰ বিষয়ে, তেওঁ দেখুউৱা পৰাক্ৰমৰ কথা, সেই বিষয়ে ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত জানো লিখা নাই?
Lo demás de los hechos de Omri, y todas las cosas que hizo, y sus valentías que ejecutó, ¿no está todo escrito en el libro de las crónicas de los reyes de Israel?
28 ২৮ পাছত অম্ৰী তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁক চমৰিয়াত মৈদাম দিয়া হ’ল৷ তেতিয়া তেওঁৰ পুত্ৰ আহাব তেওঁৰ পদত ৰজা হ’ল।
Y Omri durmió con sus padres, y fué sepultado en Samaria; y reinó en lugar suyo Achâb, su hijo.
29 ২৯ যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ আঠত্ৰিশ বছৰত, অম্ৰীৰ পুত্ৰ আহাবে ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে; আৰু অম্ৰীৰ পুত্ৰ আহাবে বাইশ বছৰলৈ চমৰিয়াত ৰাজত্ব কৰিছিল।
Y comenzó á reinar Achâb hijo de Omri sobre Israel el año treinta y ocho de Asa rey de Judá.
30 ৩০ তেওঁৰ পূর্বে যিসকল লোক আছিল, সেই সকলোতকৈ অম্ৰীৰ পুত্ৰ আহাবে যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিছিল।
Y reinó Achâb hijo de Omri sobre Israel en Samaria veintidós años. Y Achâb hijo de Omri hizo lo malo á los ojos de Jehová sobre todos los que fueron antes de él;
31 ৩১ নবাটৰ পুত্ৰ যাৰবিয়ামৰ দৰে পাপ-আচৰণ কৰিও আহাব ক্ষান্ত হোৱা নাছিল, ইয়াৰ উপৰিও চীদোনীয়াসকলৰ ৰজা এৎবালৰ জীয়েক ঈজেবলক বিয়া পাতিছিল। পাছত তেওঁ গৈ বালক পূজা কৰিবলৈ ধৰিলে আৰু তাৰ আগত প্ৰণিপাত কৰিলে।
Porque le fué ligera cosa andar en los pecados de Jeroboam hijo de Nabat, y tomó por mujer á Jezabel hija de Ethbaal rey de los Sidonios, y fué y sirvió á Baal, y lo adoró.
32 ৩২ তেওঁ চমৰিয়াত নিৰ্মাণ কৰা বালৰ গৃহত বালৰ কাৰণে এটা যজ্ঞবেদীও স্থাপন কৰিলে।
E hizo altar á Baal, en el templo de Baal que él edificó en Samaria.
33 ৩৩ তাতে আহাবে এটা আচেৰা মূৰ্তি সাজিলে। এইদৰে ইস্ৰায়েলৰ পূৰ্বৰ সকলো ৰজাতকৈ তেওঁ ঈশ্বৰ যিহোৱাৰ ক্রোধ জন্মাবলৈ অধিক কাৰ্য কৰিলে।
Hizo también Achâb un bosque; y añadió Achâb haciendo provocar á ira á Jehová Dios de Israel, más que todos los reyes de Israel que antes de él habían sido.
34 ৩৪ তেওঁ ৰাজত্ব কৰা কালত বাৎএলীয়া হীয়েলে পুনৰায় যিৰীহো নিৰ্মাণ কৰিলে। তেওঁলোকে যিহোৱাৰ বাক্য মানি চলিছিল আৰু সেই কাৰণে যিহোৱাই নুনৰ পুত্ৰ যিহোচূৱাৰ মুখেৰে কোৱা বাক্য অনুসাৰে, তেওঁ নিজ বৰ পুত্ৰ অবীৰামক দণ্ড স্বৰূপে দি যিৰীহোৰ ভিত্তিমূলক স্থাপন কৰিলে আৰু নিজ সৰু পুত্ৰ চগূবক দণ্ড স্বৰূপে দি যিৰীহোৰ দুৱাৰবোৰ লগালে।
En su tiempo Hiel de Beth-el reedificó á Jericó. En Abiram su primogénito echó el cimiento, y en Segub su [hijo] postrero puso sus puertas; conforme á la palabra de Jehová que había hablado por Josué hijo de Nun.

< ১ রাজাবলি 16 >