< ১ রাজাবলি 16 >
1 ১ পাছত হনানীৰ পুত্ৰ যেহূৰ ওচৰলৈ বাচাৰ বিৰুদ্ধে যিহোৱাৰ বাক্য আহিল, তেওঁ ক’লে,
၁ထာဝရဘုရား၏ နှုတ်ကပတ်တော်သည် ဗာရှာကို အကြောင်းပြု၍၊ ဟာနန်၏သားယေဟုသို့ ရောက်လာ သည်ကား၊
2 ২ “যদিও মই তোমাক ধূলিৰ পৰা তুলি মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত তোমাক অধিপতি পাতিলোঁ, তথাপিও তুমি যাৰবিয়ামৰ পথত চলিলা আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ পাপৰ দ্বাৰাই মোৰ ক্রোধ জন্মাবলৈ তেওঁলোকক পাপত লিপ্ত কৰিবলৈ দিলা।
၂သင့်ကို မြေမှုန့်ထဲကငါကြွ၍၊ ငါ၏လူဣသရေလအမျိုးကို အုပ်စိုးစေခြင်းငှါ ချီးမြှောက်သော်လည်း၊ သင်သည် ယေရောဗောင်၏လမ်းသို့လိုက်လျက်၊ ဣသရေလအမျိုးသည် ပြစ်မှား၍၊ ငါ့အမျက်ကို နှိုးဆော်စေခြင်းငှါ ပြုသောကြောင့်၊
3 ৩ চোৱা, মই বাচা আৰু তেওঁৰ বংশক সম্পূর্ণৰূপে ধ্বংস কৰিম, আৰু নবাটৰ পুত্ৰ যাৰবিয়ামৰ বংশৰ দৰে তোমাৰ বংশলৈ তেনেদৰে কৰিম।
၃သင်၏အမျိုးအနွယ်သားစဉ် မြေးဆက်တို့ကို ငါပယ်ရှား၍၊ သင်၏အမျိုးကို နေဗတ်၏သား ယေရော ဗောင်၏ အမျိုးကဲ့သို့ ငါဖြစ်စေမည်။
4 ৪ বাচাৰ বংশৰ যি জন লোকৰ নগৰত মৃত্যু হ’ব, তেওঁক কুকুৰবোৰে খাব আৰু যি জন লোকৰ নগৰৰ বাহিৰত মৃত্যু হ’ব, তেওঁক আকাশৰ চৰাইবোৰে খাব।”
၄ဗာရှာ၏အမျိုးသားသည် မြို့ထဲမှာသေလျှင်၊ အသေကောင်ကို ခွေးစားလိမ့်မည်။ မြို့ပြင်မှာသေလျှင် မိုဃ်းကောင်းကင်ငှက် စားလိမ့်မည် ဟုမိန့်တော်မူ၏။
5 ৫ বাচাৰ অৱশিষ্ট বৃত্তান্তৰ বিষয়ে, তেওঁ কৰা কাৰ্য আৰু পৰাক্ৰমৰ কথা জানো ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা নাই?
၅ဗာရှာပြုမူသော အမှုအရာကြွင်းသမျှတို့နှင့် သူ၏တန်ခိုးကြီးခြင်းအရာသည် ဣသရေလရာဇဝင်၌ ရေးထားလျက်ရှိ၏။
6 ৬ পাছত বাচা তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তিৰ্চাত তেওঁক মৈদাম দিয়া হ’ল; তেতিয়া তেওঁৰ পুত্ৰ এলা তেওঁৰ পদত ৰজা হ’ল।
၆ဗာရှာသည် ဘိုးဘေးတို့နှင့် အိပ်ပျော်၍ တိရဇမြို့၌ သင်္ဂြိုဟ်ခြင်းကို ခံလေ၏။ သားတော်ဧလာသည် ခမည်းတော်အရာ၌ နန်းထိုင်၏။
7 ৭ হনানীৰ পুত্ৰ যেহূ ভাববাদীৰ দ্বাৰাই বাচা আৰু তেওঁৰ বংশৰ অহিতে যিহোৱাৰ বাক্য আহিছিল, কিয়নো যাৰবিয়ামৰ বংশৰ দৰে বাচায়ো যিহোৱাৰ সাক্ষাতে নিজ হাতৰ দ্ৱাৰাই কু-আচৰণ কৰিছিল আৰু সেই কাৰ্যবোৰৰ দ্বাৰাই যিহোৱাক ক্রোধত উত্তেজিত কৰাইছিল আৰু সেইবোৰৰ সৈতে যাৰবিয়ামৰ বংশকো বধ কৰিছিল৷
၇ဗာရှာသည် ယေရောဗောင်အမျိုးနှင့်တူ၍ ထိုအမျိုးကို လုပ်ကြံသောအပြစ်၊ မိမိပြုမူသောအားဖြင့်၊ ထာဝရဘုရား၏အမျက်တော်ကို နှိုးဆော်၍၊ ရှေ့တော်၌ ပြစ်မှားသမျှသော အပြစ်ကြောင့် ထာဝရဘုရား၏ နှုတ် ကပတ်တော်သည် ဗာရှာကိုအကြောင်းပြု၍၊ ဟာနန်၏ သားယေဟုအားဖြင့် ရောက်လာသည်နှင့်အညီ၊
8 ৮ যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ ছাবিশ বছৰত বাচাৰ পুত্ৰ এলাই ইস্ৰায়েলৰ ওপৰত তিৰ্চাত ৰাজত্ৱ কৰিবলৈ ধৰিলে; তেওঁ দুবছৰলৈ ৰাজত্ব কৰিছিল।
၈ယုဒရှင်ဘုရင်အာသ နန်းစံနှစ်ဆယ်ခြောက်နှစ်တွင်၊ ဗာရှာသားဧလာသည် တိရဇမြို့၌နေ၍ ဣသရေလ နိုင်ငံကို နှစ်နှစ်စိုးစံသည်ရှိသော်၊
9 ৯ পাছত জিম্ৰীৰ নামেৰে তেওঁৰ এজন দাসে তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে। তেওঁ ৰজা এলাৰ ৰথৰ সৈন্যৰ আধা লোকৰ অধ্যক্ষ আছিল৷
၉ရထားစီးသူရဲတဝက်ကိုအုပ်သောသူ၊ မိမိကျွန် ဇိမရိသည်သင်းဖွဲ့၍၊ ဧလာသည် တိရဇမြို့တွင် နန်းတော် အုပ်အာဇ၏ အိမ်၌ယစ်မူးအောင် သောက်လျက်နေစဉ် အခါ၊
10 ১০ যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ সাতাইশ বছৰত যেতিয়া এলাই তিৰ্চাত নিজৰ ঘৰগিৰী অৰ্চাৰ ঘৰত পান কৰি মতলীয়া অৱস্থাত আছিল, তেতিয়া জিম্ৰীয়ে সোমাই গৈ, তেওঁক প্ৰহাৰ কৰি বধ কৰিলে আৰু তেওঁৰ পদত নিজে ৰজা হ’ল।
၁၀ဇိမရိသည်ဝင်၍ ယုဒရှင်ဘုရင် အာသနန်းစံ နှစ်ဆယ်ခုနစ်နှစ်တွင်၊ ဧလာကို သေစေခြင်းငှါလုပ်ကြံ၍ နန်းထိုင်လေ၏။
11 ১১ তেওঁ ৰজা হৈ সিংহাসনত বহা মাত্ৰকে বাচাৰ সকলো বংশকে তেওঁ বধ কৰিলে৷ তেওঁ বাচাৰ সম্বন্ধীয়া কোনো এজন পুৰুষ বা তেওঁৰ পৰিয়ালৰ লোক বা তেওঁৰ বন্ধুসকলৰ কোনো এজনকো অৱশিষ্ট নাৰাখিলে।
၁၁နန်းထိုင်စက၊ ဗာရှာအမျိုးသားအပေါင်းတို့ကိုသတ်၏။ ဗာရှာနှင့် ပေါက်ဘော်တော်သော ယောက်ျား၊ အဆွေဖွဲ့သော ယောက်ျားတယောက်ကိုမျှမချန်မထား။
12 ১২ এই দৰে যেহূ ভাববাদীৰ দ্বাৰাই বাচাৰ বিৰুদ্ধে কোৱা যিহোৱাৰ বাক্য অনুসাৰে জিম্ৰীয়ে তেওঁৰ সকলো বংশ বিনষ্ট কৰিলে।
၁၂ထာဝရဘုရားသည် ဗာရှာကို အကြောင်းပြု၍ ပရောဖက်ယေဟုအားဖြင့် မိန့်တော်မူသော စကားတော် နှင့်အညီ၊ ဇိမရိသည် ဗာရှာအမျိုးသားအပေါင်းတို့ကို ဖျက်ဆီး၏။
13 ১৩ বাচা আৰু তেওঁৰ পুত্ৰ এলাই নিজৰ অসাৰ প্ৰতিমাবোৰৰ দ্বাৰাই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক ক্রোধত উত্তেজিত কৰাবলৈ যি যি পাপ কৰিছিল, সেই সকলো পাপৰ কাৰণে এই সকলো ঘটিল।
၁၃အကြောင်းမူကား၊ ဗာရှာနှင့်သား ဧလာတို့သည် ကိုယ်တိုင်ပြစ်မှားသော အပြစ်နှင့် ဣသရေလ အမျိုးကိုလည်း ပြစ်မှားစေသော အပြစ်အားဖြင့်၎င်း၊ မိစ္ဆာဒိဌိအားဖြင့်၎င်း၊ ဣသရေလအမျိုး၏ ဘုရားသခင် ထာဝရဘုရား၏ အမျက်တော်ကို နှိုးဆော်သော အကြောင်းတည်း။
14 ১৪ এলাৰ অৱশিষ্ট বৃত্তান্তৰ বিষয়ে আৰু তেওঁৰ সকলো কাৰ্যৰ কথা জানো ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা নাই?
၁၄ဧလာပြုမူသော အမှုအရာကြွင်းသမျှတို့သည် ဣသရေလရာဇဝင်၌ရေးထားလျက် ရှိ၏။
15 ১৫ যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ সাতাইশ বছৰত জিম্ৰীয়ে মাত্ৰ সাত দিন তিৰ্চাত ৰাজত্ব কৰিছিল। সেই সময়ত সৈন্যসকলে পলেষ্টীয়াসকলৰ অধীনত থকা গিব্বথোনৰ কাষত ছাউনি পাতি আছিল।
၁၅ယုဒရှင်ဘုရင်အာသနန်းစံနှစ်ဆယ် ခုနစ်နှစ် တွင်၊ ဇိမရိသည် တိရဇမြို့၌ ခုနစ်ရက်စိုးစံ၏။
16 ১৬ পাছত সেই ছাউনিত থকা লোকসকলে শুনিবলৈ পালে যে, “জিম্ৰীয়ে চক্ৰান্ত কৰি ৰজাক বধ কৰিলে।” তেতিয়া সমুদায় ইস্ৰায়েলে সেই দিনা ছাউনিৰ মাজত অম্ৰী নামেৰে সেনাপতিজনক ইস্ৰায়েলৰ ওপৰত ৰজা পাতিলে।
၁၆ထိုသို့ ဇိမရိသည် သင်းဖွဲ့၍ ရှင်ဘုရင်ကို သတ်သည်ဟု ဖိလိတ္တိပြည်ဂိဗေသုန်မြို့ရှေ့မှာ တပ်ချသော သူအပေါင်းတို့သည် သိတင်းကြားလျှင်၊ ထိုနေ့ခြင်းတွင် ဗိုလ်ချုပ်မင်းဩမရိကို ဣသရေလရှင်ဘုရင်အရာ၌ တပ်ထဲမှာ ချီးမြှောက်ကြ၏။
17 ১৭ পাছত অম্ৰী আৰু তেওঁৰ লগত সমুদায় ইস্ৰায়েলে গিব্বথোনৰ পৰা যাত্ৰা কৰি গৈ তিৰ্চা অৱৰোধ কৰিলে।
၁၇ဩမရိသည် ဣသရေလအမျိုးသားအပေါင်းတို့ နှင့်တကွ ဂိဗေသုန်မြို့မှထွက်၍၊ တိရဇမြို့ကို ဝိုင်းထား ကြ၏။
18 ১৮ যেতিয়া জিম্ৰীয়ে নগৰখন দখল কৰি লোৱা দেখিলে, তেতিয়া তেওঁ ৰাজ-গৃহত লাগি থকা দুর্গত সোমাল, আৰু তাৰ চাৰিওফালে জুই লগাই দিলে৷ এইদৰে তেওঁ জুইত প্ৰাণত্যাগ কৰিলে।
၁၈မြို့ကိုတိုက်၍ ရမည်ဟုဇိမရိသည် သိသောအခါ၊ နန်းတော်ထဲသို့ဝင်၍ မိမိအပေါ်မှာ နန်းတော်ကို မီးရှို့ သဖြင့် ကိုယ်တိုင်သေလေ၏။
19 ১৯ তেওঁ যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰি যি যি পাপ কৰিছিল আৰু যাৰবিয়ামৰ দৰে তেওঁ পাপ কৰিছিল, সেই কাৰ্যবোৰৰ দ্বাৰাই ইস্ৰায়েলকো পাপত লিপ্ত কৰাইছিল; এইবোৰৰ কাৰণে তেওঁৰ এনে গতি হ’ল।
၁၉အကြောင်းမူကား၊ ယေရောဗောင်လိုက်သောလမ်း၊ ဣသရေလအမျိုးကို ပြစ်မှားစေသော လမ်းသို့ လိုက်၍ ထာဝရဘုရားရှေ့တော်၌ ဒုစရိုက်ကို ပြုသော အကြောင်းတည်း။
20 ২০ জিম্ৰীৰ অৱশিষ্ট বৃত্তান্তৰ বিষয়ে আৰু তেওঁ কৰা চক্ৰান্তৰ কথাৰ বিষয়ে জানো ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা নাই?
၂၀ဇိမရိပြုမူသောအမှုအရာ ကြွင်းသမျှတို့နှင့် ပုန်ကန်ခြင်းအရာသည် ဣသရေလရာဇဝင်၌ ရေးထား လျက် ရှိ၏။
21 ২১ সেই সময়ত ইস্ৰায়েলৰ লোকসকলক দুভাগ কৰা হ’ল; এভাগ লোকে গীনতৰ পুত্ৰ তিব্নীক ৰজা পাতি, তেওঁৰ পাছত চলোঁতা হ’ল আৰু আন ভাগে অম্ৰীৰ পাছত চলিবলৈ ধৰিলে।।
၂၁ထိုအခါ ပြည်သားတို့သည် ကွဲပြား၍၊ အချို့တို့သည် ဂိနတ်၏သားတိဗနိကို ရှင်ဘုရင်အရာ၌ ချီးမြှောက် ခြင်းငှါ သူ့နောက်သို့ လိုက်ကြ၏။ အချို့တို့သည် ဩမရိ နောက်သို့လိုက်ကြ၏။
22 ২২ কিন্তু অম্ৰীৰ পাছত চলা লোকসকল গীনতৰ পুত্ৰ তিব্নীৰ পাছত চলা লোকসকলতকৈ শক্তিশালী আছিল৷ তাতে তিব্নীৰ মৃত্যু হোৱাত অম্ৰী ৰজা হ’ল।
၂၂ဩမရိနောက်သို့လိုက်သော သူတို့သည် ဂိနတ်၏ သားတိဗနိနောက်သို့ လိုက်သောသူတို့ကို နိုင်သဖြင့်၊ တိဗနိသေ၍ ဩမရိသည် နန်းထိုင်လေ၏။
23 ২৩ যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ একত্ৰিশ বছৰত অম্ৰীয়ে ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে আৰু তেওঁ বাৰ বছৰলৈ ৰাজত্ব কৰিছিল৷ তেওঁ তিৰ্চাত ছবছৰ ৰাজত্ব কৰিছিল।
၂၃ယုဒရှင်ဘုရင် အာသနန်းစံသုံးဆယ်တနှစ်တွင်၊ ဩမရိသည် နန်းထိုင်၍ ဣသရေလနိုင်ငံကို တဆယ်နှစ် နှစ်စိုးစံ၏။ တိရဇမြို့၌ ခြောက်နှစ်စိုးစံပြီးမှ၊
24 ২৪ পাছত তেওঁ দুই কিক্কৰ ৰূপ দি চেমৰৰ পৰা চমৰিয়া পৰ্বত কিনি ল’লে৷ আৰু তাৰ ওপৰত এখন নগৰ সাজি, সেই পৰ্বতৰ গৰাকী চেমৰৰ নাম অনুসাৰেই, তেওঁ নিজে সজা সেই নগৰৰ নাম চমৰিয়া ৰাখিলে।
၂၄ရှမာရိတောင်ကို တောင်ရှင်ရှမေရ၌ ငွေအခွက် နှစ်ဆယ်နှင့် ဝယ်၍ တောင်ပေါ်မှာ မြို့ကိုတည်၏။ ထိုမြို့ ကို တောင်ရှင်ရှမေရအမည်ကို အစွဲပြုသဖြင့်၊ ရှမာရိမြို့ ဟူ၍ သမုတ်လေ၏။
25 ২৫ কিন্তু অম্ৰীয়ে যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিলে আৰু তেওঁৰ পূর্বে যিসকল আছিল, তেওঁলোকতকৈয়ো তেওঁ অধিক দুৰাচাৰী হ’ল।
၂၅ဩမရိသည် ထာဝရဘုရားရှေ့တော်၌ ဒုစရိုက်ကို ပြုသဖြင့်၊ မိမိရှေ့မှာ ဖြစ်ဘူးသောသူအပေါင်း ထက်သာ၍ ဆိုးညစ်၏။
26 ২৬ কিয়নো নবাটৰ পুত্ৰ যাৰবিয়াম যি কুপথত চলিছিল আৰু যিবোৰ পাপৰ দ্বাৰাই তেওঁ ইস্ৰায়েলক পাপত লিপ্ত কৰাইছিল আৰু তেওঁলোকৰ অসাৰ প্ৰতিমাবোৰৰ দ্ৱাৰাই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ক্রোধ জন্মাইছিল, অম্ৰীৰেও ঠিক সেইদৰেই চলিল৷
၂၆နေဗတ်၏သား ယေရောဗောင်လိုက်သောလမ်း၊ ဣသရေလအမျိုးသည် မိစ္ဆာဒိဌိအားဖြင့် မိမိတို့ဘုရား သခင် ထာဝရဘုရား၏အမျက်တော်ကို နှိုးဆော်၍၊ ပြစ်မှားစေသော ဒုစရိုက်အပြစ်လမ်းသို့ လိုက်လေ၏။
27 ২৭ অম্ৰীৰ আন অৱশিষ্ট কাৰ্যৰ বৃত্তান্তৰ বিষয়ে, তেওঁ দেখুউৱা পৰাক্ৰমৰ কথা, সেই বিষয়ে ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত জানো লিখা নাই?
၂၇ဩမရိပြုမူသော အမှုအရာကြွင်းသမျှတို့နှင့် တန်ခိုးကြီးခြင်းအရာသည် ဣသရေလရာဇဝင်၌ ရေးထားလျက် ရှိ၏။
28 ২৮ পাছত অম্ৰী তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁক চমৰিয়াত মৈদাম দিয়া হ’ল৷ তেতিয়া তেওঁৰ পুত্ৰ আহাব তেওঁৰ পদত ৰজা হ’ল।
၂၈ဩမရိသည် ဘိုးဘေးတို့နှင့်အိပ်ပျော်၍၊ ရှမာရိမြို့၌ သင်္ဂြိုဟ်ခြင်းကို ခံလေ၏။ သားတော်အာဟပ်သည် ခမည်းတော်အရာ၌နန်းထိုင်၏။
29 ২৯ যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ আঠত্ৰিশ বছৰত, অম্ৰীৰ পুত্ৰ আহাবে ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে; আৰু অম্ৰীৰ পুত্ৰ আহাবে বাইশ বছৰলৈ চমৰিয়াত ৰাজত্ব কৰিছিল।
၂၉ယုဒရှင်ဘုရင်အာသနန်းစံ သုံးဆယ်ရှစ်နှစ်တွင်၊ ဩမရိသားအာဟပ်သည် ရှမာရိမြို့၌ ဣသရေလမင်း ပြု၍၊ ဣသရေလနိုင်ငံကို နှစ်ဆယ်နှစ်နှစ် စိုးစံ၏။
30 ৩০ তেওঁৰ পূর্বে যিসকল লোক আছিল, সেই সকলোতকৈ অম্ৰীৰ পুত্ৰ আহাবে যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিছিল।
၃၀ဩမရိသားအာဟပ်သည် မိမိရှေ့မှာ ဖြစ်ဘူးသောသူအပေါင်းတို့ထက် ထာဝရဘုရားရှေ့တော်၌သာ၍ ဒုစရိုက်ကိုပြု၏။
31 ৩১ নবাটৰ পুত্ৰ যাৰবিয়ামৰ দৰে পাপ-আচৰণ কৰিও আহাব ক্ষান্ত হোৱা নাছিল, ইয়াৰ উপৰিও চীদোনীয়াসকলৰ ৰজা এৎবালৰ জীয়েক ঈজেবলক বিয়া পাতিছিল। পাছত তেওঁ গৈ বালক পূজা কৰিবলৈ ধৰিলে আৰু তাৰ আগত প্ৰণিপাত কৰিলে।
၃၁နေဗတ်၏သားယေရောဗောင်ပြုသော ဒုစရိုက် အပြစ်လမ်းသို့သာလိုက်လျှင်၊ သာမညအပြစ်ရောက်မည် ဟု ထင်မှတ်လျက်၊ ဇိဒုန်မင်းကြီး ဧသဗာလသမီး ယေဇဗေလနှင့်စုံဘက်၍၊ ဗာလဘုရားကို ဝတ်ပြုကိုးကွယ်၏။
32 ৩২ তেওঁ চমৰিয়াত নিৰ্মাণ কৰা বালৰ গৃহত বালৰ কাৰণে এটা যজ্ঞবেদীও স্থাপন কৰিলে।
၃၂ရှမာရိမြို့တွင် ဗာလဘုရား၏ ဗိမာန်၌ ဗာလဘုရားအဘို့ ယဇ်ပလ္လင်ကိုတည်၏။
33 ৩৩ তাতে আহাবে এটা আচেৰা মূৰ্তি সাজিলে। এইদৰে ইস্ৰায়েলৰ পূৰ্বৰ সকলো ৰজাতকৈ তেওঁ ঈশ্বৰ যিহোৱাৰ ক্রোধ জন্মাবলৈ অধিক কাৰ্য কৰিলে।
၃၃အာရှရပင်ကိုလည်းပြုစု၍၊ မိမိရှေ့မှာ ဖြစ်ဘူးသော ဣသရေလ ရှင်ဘုရင်အပေါင်းတို့ထက် ဣသရေလ အမျိုး၏ဘုရားသခင် ထာဝရဘုရား၏အမျက်တော်ကို နှိုးဆော်ခြင်းငှါ သာ၍ပြု၏။
34 ৩৪ তেওঁ ৰাজত্ব কৰা কালত বাৎএলীয়া হীয়েলে পুনৰায় যিৰীহো নিৰ্মাণ কৰিলে। তেওঁলোকে যিহোৱাৰ বাক্য মানি চলিছিল আৰু সেই কাৰণে যিহোৱাই নুনৰ পুত্ৰ যিহোচূৱাৰ মুখেৰে কোৱা বাক্য অনুসাৰে, তেওঁ নিজ বৰ পুত্ৰ অবীৰামক দণ্ড স্বৰূপে দি যিৰীহোৰ ভিত্তিমূলক স্থাপন কৰিলে আৰু নিজ সৰু পুত্ৰ চগূবক দণ্ড স্বৰূপে দি যিৰীহোৰ দুৱাৰবোৰ লগালে।
၃၄အာဟပ်လက်ထပ်၌ ဗေသလမြို့သားဟိဧလသည် ယေရိခေါမြို့ကို တည်၏။ ထာဝရဘုရားသည် နုန်၏သားယောရှုအားဖြင့် မိန့်တော်မူသော စကားနှင့် အညီ၊ သားဦးအဘိရံလက်ထက်၌ မြို့ရိုးအမြစ်ကိုတည်၍၊ သားထွေး စေရပ်လက်ထက်၌ မြို့တံခါးတို့ကို ထောင်၏။