< ১ রাজাবলি 15 >
1 ১ নবাটৰ পুত্ৰ যাৰবিয়ামৰ ৰাজত্বৰ অষ্টাদশ বছৰত অবিয়ামে যিহূদাৰ ওপৰত ৰাজত্ব কৰিবলৈ আৰম্ভ কৰিলে৷
Năm thứ mười tám đời Vua Giê-rô-bô-am, con Nê-bát, A-bi-giam lên làm vua Giu-đa
2 ২ তেওঁ তিনি বছৰ যিৰূচালেমত ৰাজত্ব কৰিলে; অবীচালোমৰ জীয়েক মাখা তেওঁৰ মাতৃ আছিল।
và cai trị ba năm tại Giê-ru-sa-lem. Mẹ người là Ma-a-ca, con gái A-bi-sa-lôm.
3 ৩ তেওঁৰ পিতৃয়ে পূৰ্বতে কৰাৰ দৰে তেৱোঁ পাপ-আচৰণ কৰিলে। তেওঁৰ ওপৰ পিতৃ দায়ূদৰ মন যেনে সিদ্ধ আছিল, তেওঁৰ মন নিজ ঈশ্বৰ যিহোৱাৰ আগত তেনে সিদ্ধ নাছিল।
Vua theo đường tội lỗi của cha mình, không hết lòng trung thành với Đức Chúa Trời Hằng Hữu như Đa-vít, tổ tiên mình.
4 ৪ তথাপি তেওঁৰ পাছত তেওঁৰ সন্তানক গঢ় দিবলৈ আৰু যিৰূচালেমক সবল কৰিবলৈ, তেওঁৰ ঈশ্বৰ যিহোৱাই দায়ূদৰ কাৰণে তেওঁক যিৰূচালেমত এক প্ৰদীপ দিলে।
Dù vậy, vì Đa-vít, Chúa Hằng Hữu, Đức Chúa Trời của ông, cho con cháu ông tiếp tục làm vua, như một ngọn đèn thắp ở Giê-ru-sa-lem trong thời gian thành này còn tồn tại.
5 ৫ কিয়নো, যিহোৱাৰ দৃষ্টিত যি ন্যায়, দায়ূদে তাকেই কৰিছিল; হিত্তীয়া ঊৰিয়াৰ কথাৰ বাহিৰে, তেওঁৰ নিজ আয়ুসৰ গোটেই কালত, যিহোৱাই তেওঁক দিয়া কোনো আজ্ঞাৰ পৰা তেওঁ বিমুখ হোৱা নাছিল।
Đa-vít đã làm điều thiện lành trước mặt Chúa Hằng Hữu, suốt đời vâng theo lệnh Ngài, chỉ trừ ra vụ U-ri, người Hê-tít, mà thôi.
6 ৬ সেই সময়ত ৰহবিয়াম আৰু যাৰবিয়ামৰ মাজত যি যুদ্ধ চলি আছিল, সেয়ে অবিয়ামৰ আয়ুসৰ সকলো কালত চলি আছিল।
Cuộc chiến giữa Rô-bô-am và Giê-rô-bô-am vẫn tiếp diễn qua suốt triều đại A-bi-giam.
7 ৭ অবিয়ামৰ অবশিষ্ট বৃত্তান্ত, তেওঁৰ সকলো কাৰ্যৰ কথা, যিহূদাৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত জানো লিখা নাই? সেই সময়ত অবিয়াম আৰু যাৰবিয়ামৰ মাজত যুদ্ধ চলি আছিল।
Các công việc khác của A-bi-giam đều được chép trong Sách Lịch Sử Các Vua Giu-đa. A-bi-giam và Giê-rô-bô-am cũng tranh chiến nhau.
8 ৮ পাছত অবিয়াম তেওঁ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু লোকসকলে তেওঁক দায়ূদৰ নগৰত মৈদাম দিলে৷ তাৰ পাছত তেওঁৰ পুত্ৰ আচা তেওঁৰ পদত ৰজা হ’ল।
A-bi-giam an nghỉ cùng tổ tiên, được chôn trong Thành Đa-vít. A-sa, con trai vua, lên ngôi kế vị.
9 ৯ ৰজা যাৰবিয়ামে ইস্ৰায়েলৰ ওপৰত বিশ বছৰ ৰাজত্ব কৰাৰ পাছত আচাই যিহূদাৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ল’লে৷
Vào năm thứ hai mươi đời Giê-rô-bô-am, vua Ít-ra-ên, A-sa lên ngôi làm vua Giu-đa
10 ১০ তেওঁ একচল্লিশ বছৰ যিৰূচালেমত ৰাজত্ব কৰিছিল; তেওঁৰ আইতাকৰ নাম আছিল মাখা; মাখা আছিল অবীচালোমৰ জীয়েক।
và cai trị bốn mươi mốt năm tại Giê-ru-sa-lem. Bà nội vua là Ma-a-ca, con gái của A-bi-sa-lôm.
11 ১১ আচাই তেওঁৰ ওপৰ পিতৃ দায়ূদৰ দৰে, যিহোৱাৰ দৃষ্টিত যি ন্যায়, তাকেই কৰিছিল।
A-sa làm điều thiện trước mặt Chúa Hằng Hữu, theo gương Đa-vít, tổ tiên ông.
12 ১২ তেওঁ দেশৰ পৰা ৰতিক্রিয়াত আসক্ত পুৰুষসকলক খেদি পঠালে, আৰু তেওঁৰ পূর্ব-পুৰুষসকলে স্থাপন কৰা সকলো মূৰ্তি আতৰালে।
Vua đuổi bọn nam mãi dâm—tình dục đồng giới—ra khỏi xứ, phá bỏ các thần tượng do vua cha để lại.
13 ১৩ আৰু তেওঁৰ আইতাক মাখাই আচেৰা মূৰ্ত্তিৰ এটা ঘিণলগীয়া মূৰ্ত্তি স্থাপন কৰাৰ বাবে, আচাই তেওঁক ৰাজ-মা পদৰ পৰা আতৰাই পঠিয়ালে। আচাই সেই ঘিণলগীয়া মূৰ্ত্তিটো কাটিলে, আৰু তাক কিদ্ৰোণ উপত্যকাত পুৰি পেলালে।
Vua cũng cách chức Thái hậu Ma-a-ca, vì bà lập tượng thần A-sê-ra. Tượng này bị A-sa hạ xuống và đem thiêu tại Trũng Kít-rôn.
14 ১৪ কিন্তু পবিত্ৰ ঠাইবোৰ আতৰাই পেলোৱা নহ’ল; তথাপি আচাই তেওঁৰ আয়ুসৰ সকলো কালত নিজ মন সম্পূৰ্ণৰূপে যিহোৱাক সমৰ্পণ কৰিছিল। সম্পূর্ণৰূপে সমর্পিত আছিল৷
Mặc dù miếu thờ trên các đồi cao không bị phá dỡ, trọn đời A-sa vẫn một lòng trung thành với Chúa Hằng Hữu.
15 ১৫ তেওঁৰ নিজ পিতৃয়ে পবিত্ৰ কৰা বস্তু আৰু তেওঁ নিজে পবিত্ৰ কৰা বস্তুবোৰ যেনে ৰূপ, সোণ আদিৰ পাত্ৰবোৰ যিহোৱাৰ গৃহলৈ আনিলে।
Vua đem vào Đền Thờ Chúa Hằng Hữu những dụng cụ bằng bạc và vàng của cha mình và của chính mình hiến dâng lên Ngài.
16 ১৬ আচা আৰু ইস্ৰায়েলৰ ৰজা বাচাৰ মাজত তেওঁৰ আয়ুসৰ গোটেই কালত যুদ্ধ চলি আছিল।
A-sa, vua Giu-đa, chinh chiến với Ba-ê-sa, vua Ít-ra-ên, trọn đời.
17 ১৭ ইস্ৰায়েলৰ ৰজা বাচাই যিহূদাৰ বিৰুদ্ধে হিংসাত্মকভাবে আক্রমণ কৰিছিল, আৰু ৰামাক সাজি দৃঢ় কৰিবলৈ ধৰিলে যাতে কোনো লোক যেন যিহূদাৰ ৰজা আচাৰ দেশলৈ আহিব বা এৰি যাব নোৱাৰে৷
Vua Ba-ê-sa, nước Ít-ra-ên, kéo quân đến vây thành Ra-ma, không cho ai ra vào lãnh thổ của A-sa, của Giu-đa.
18 ১৮ পাছত আচাই যিহোৱাৰ গৃহ ভঁৰালৰ অৱশিষ্ট ৰূপ, সোণ আৰু ৰাজগৃহৰ ভঁৰালৰ ধনবোৰ ল’লে৷ তেওঁ সেইবোৰ লৈ তেওঁৰ দাসবোৰৰ হাতত দি তেওঁলোকক হিজিয়োনৰ নাতিয়েক টবৰিম্মোনৰ পুত্ৰ বিন-হদদ নামেৰে দম্মেচকত থকা অৰামীয়া ৰজাৰ ওচৰলৈ পঠিয়াই দিলে, আৰু তেওঁলোকক এই কথা কৈ পঠিয়ালে যে,
Thấy thế, A-sa lấy hết vàng bạc còn lại trong kho Đền Thờ Chúa Hằng Hữu và kho hoàng gia, giao cho sứ giả đem sang Đa-mách tặng Bên Ha-đát, vua A-ram, với những lời sau:
19 ১৯ “মোৰ পিতৃ আৰু আপোনাৰ পিতৃৰ মাজত যেনে নিয়ম বন্ধা আছিল, তেনে নিয়ম মোৰ আৰু আপোনাৰ মাজতো বন্ধা হওঁক৷ চাওঁক, মই আপোনালৈ ৰূপ আৰু সোণৰ উপহাৰ পঠিয়াইছোঁ৷ আপুনি ইস্ৰায়েলৰ বাচা ৰজাৰ লগত বন্ধা নিয়মটি ভাঙক কাৰণ তেতিয়াহে তেওঁ মোৰ ওচৰৰ পৰা গুচি যাব৷”
“Hai nước chúng ta hãy lập giao ước với nhau như cha ông và cha tôi đã làm. Đây, tôi xin gửi tặng nhà vua bạc vàng. Vậy xin bãi bỏ minh ước với Ba-ê-sa, vua Ít-ra-ên, để ông ấy rút quân khỏi đất nước tôi!”
20 ২০ তেতিয়া বিন-হদদে ৰজা আচাৰ কথা শুনি, ইস্ৰায়েলৰ নগৰবোৰৰ বিৰুদ্ধে তেওঁৰ সৈন্য বাহিনীৰ সেনাপতিসকলক আক্ৰমণ কৰিবলৈ পঠিয়ালে৷ তেতিয়া তেওঁলোকে গৈ ইয়োন, দান, আবেল-বৈৎমাখা, গোটেই কিন্নেৰৎ আৰু নপ্তালীৰ সকলো দেশকে আক্ৰমণ কৰিলে।
Bên Ha-đát đồng ý với vua A-sa, sai các tướng kéo quân đi đánh Ít-ra-ên, tấn công các thành Ít-ra-ên là Đan, A-bên Bết-ma-ca, cả vùng Ki-nê-rốt, và đất Nép-ta-li.
21 ২১ যেতিয়া বাচাই এই সম্বাদ শুনিলে তেতিয়া তেওঁ ৰামাক সাজি দৃঢ় কৰাৰ কার্য বন্ধ কৰিলে আৰু তিৰ্চালৈ ঘূৰি গ’ল।
Nghe tin bị tấn công, Ba-ê-sa liền bỏ dở việc xây Ra-ma và rút về Tia-xa.
22 ২২ তেতিয়া ৰজা আচাই সমুদায় যিহূদাক এটি ঘোষণা দিবলৈ মাতিলে; তাতে কোনো এজন লোকৰ অনুপস্থিতিত তেওঁলোকক ৰেহাই দিয়া নাছিল৷ বাচাই যি শিল আৰু কাঠবোৰেৰে ৰামা দৃঢ় কৰিবলৈ ধৰিছিল, ৰামাৰ সেই শিল আৰু কাঠবোৰ সেই লোকসকলে কঢ়িয়াই লৈ গ’ল৷ তাৰ পাছত ৰজা আচাই সেই শিল আৰু কাঠবোৰ ব্যৱহাৰ কৰি বিন্যামীনৰ গেবা আৰু মিস্পা সাজি দৃঢ় কৰিলে।
A-sa kêu gọi toàn dân Giu-đa đến tháo gỡ gỗ và đá của Ba-ê-sa đang xây thành Ra-ma còn dang dở, đem xây thành Ghê-ba trong đất Bên-gia-min và thành Mích-pa.
23 ২৩ আচাৰ অবশিষ্ট বৃত্তান্ত, তেওঁৰ সকলো পৰাক্ৰম, তেওঁ কৰা সকলো কাৰ্য আৰু তেওঁ সাজি দৃঢ় কৰা নগৰবোৰৰ কথা জানো যিহূদাৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা নাই? কিন্তু তেওঁৰ বৃদ্ধ অৱস্থাত তেওঁৰ ভৰিত বেমাৰ হ’ল।
Các công việc khác của A-sa, quyền lực vua, và các thành vua xây đều được chép trong Sách Lịch Sử Các Vua Giu-đa. Lúc già, vua bị đau chân.
24 ২৪ পাছত আচা তেওঁ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু নিজৰ ওপৰ-পিতৃ দায়ূদৰ নগৰত তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত তেওঁক মৈদাম দিয়া হ’ল৷ তেতিয়া তেওঁৰ পুত্ৰ যিহোচাফট তেওঁৰ পদত ৰজা হ’ল।
A-sa an nghỉ và được chôn với tổ tiên trong Thành Đa-vít. Giô-sa-phát, con trai của A-sa, lên ngôi kế vị.
25 ২৫ যিহূদাৰ আচা ৰজাৰ ৰাজত্বৰ দ্বিতীয় বছৰত যাৰবিয়ামৰ পুত্ৰ নাদবে ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে৷ তেওঁ ইস্ৰায়েলৰ ওপৰত দুবছৰ ৰাজত্ব কৰিছিল।
Na-đáp, con trai Giê-rô-bô-am, lên ngôi làm vua Ít-ra-ên vào năm thứ hai đời A-sa, vua Giu-đa, và trị vì được hai năm.
26 ২৬ তেওঁ নিজৰ পিতৃৰ পথত পাপ আচৰণ কৰি চলিলে, আৰু তেওঁৰ দ্ৱাৰাই ইস্ৰায়েলকো সেই পাপ পথত পৰিচালনা কৰিলে।
Nhưng Na-đáp làm điều ác trước mặt Chúa Hằng Hữu, theo gót cha mình phạm tội và lôi kéo Ít-ra-ên cùng phạm tội.
27 ২৭ পাছত ইচাখৰৰ বংশৰ অহিয়াৰ পুত্ৰ বাচাই নাদবৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে৷ পলেষ্টীয়াসকলৰ অধীনত থকা গিব্বথোনত বাচাই তেওঁক বধ কৰিলে, কিয়নো সেই সময়ত নাদব আৰু গোটেই ইস্ৰায়েলে গিব্বথোন অৱৰোধ কৰিছিল।
Ba-ê-sa, con A-hi-gia, người thuộc đại tộc Y-sa-ca mưu phản, giết Na-đáp trong khi ông đang cầm quân vây thành Ghi-bê-thôn của người Phi-li-tin.
28 ২৮ যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ তৃতীয় বছৰত বাচাই নাদবক বধ কৰিলে, আৰু তেওঁৰ পদত নিজে ৰজা হ’ল।
Việc xảy ra vào năm thứ ba đời A-sa, vua Giu-đa. Ba-ê-sa lên ngôi làm vua Ít-ra-ên.
29 ২৯ তেওঁ ৰজা হোৱা মাত্রকে যাৰবিয়ামৰ গোটেই বংশকে বধ কৰিলে। যিহোৱাই নিজ দাস চীলোনীয়া অহীয়াৰ দ্বাৰাই কোৱা বাক্য অনুসাৰে, তেওঁ যাৰবিয়ামৰ বংশক আনকি নিশ্বাস লবলৈকো কাকো অৱশিষ্ট নাৰাখিলে৷ এইদৰে বাচাই যাৰবিয়ামৰ বংশক সংহাৰ কৰিলে৷
Vừa lên nắm quyền, Ba-ê-sa giết sạch người nhà Vua Giê-rô-bô-am, không tha một ai, đúng như lời Chúa Hằng Hữu dùng đầy tớ Ngài là A-hi-gia, người Si-lô, báo trước.
30 ৩০ যাৰবিয়ামে যি যি পাপ নিজে কৰিছিল আৰু যিবোৰ পাপৰ দ্বাৰাই তেওঁ ইস্ৰায়েলক পাপত লিপ্ত কৰালে, সেই কুকার্যবোৰৰ দ্ৱাৰাই তেওঁ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক ক্ৰুদ্ধ কৰিবলৈ উত্তেজিত কৰাইছিল আৰু সেই কাৰণে এই সকলো ঘটিল।
Lý do là Giê-rô-bô-am phạm tội và lôi kéo Ít-ra-ên cùng phạm tội, chọc giận Chúa Hằng Hữu, Đức Chúa Trời của Ít-ra-ên.
31 ৩১ নাদবৰ অৱশিষ্ট বৃত্তান্ত, তেওঁ কৰা সকলো কাৰ্যৰ কথা ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত জানো লিখা নাই?
Các công việc khác của Na-đáp đều được chép trong Sách Lịch Sử Các Vua Ít-ra-ên.
32 ৩২ আচা আৰু ইস্ৰায়েলৰ ৰজা বাচাৰ মাজত তেওঁলোকৰ আয়ুসৰ গোটেই কালত যুদ্ধ চলি আছিল।
Chiến tranh giữa Giu-đa và Ít-ra-ên xảy ra liên tục trong đời A-sa và Ba-ê-sa.
33 ৩৩ যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ তৃতীয় বছৰত অহিয়াৰ পুত্ৰ বাচাই তিৰ্চাত গোটেই ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে; তেওঁ ছাবিশ বছৰলৈ ৰাজত্ব কৰিছিল।
Ba-ê-sa, con A-hi-gia, làm vua Ít-ra-ên tại Tia-xa hai mươi bốn năm, bắt đầu từ năm thứ ba đời A-sa, vua Giu-đa.
34 ৩৪ তেওঁ যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিলে আৰু যাৰবিয়ামৰ পথত চলি, যাৰবিয়ামে যি পাপৰ দ্বাৰাই ইস্ৰায়েলক পাপ লিপ্ত কৰাইছিল, সেই পাপত তেৱোঁ চলিছিল।
Vua làm điều ác trước mặt Chúa Hằng Hữu, theo gót Giê-rô-bô-am, phạm tội, và lôi kéo Ít-ra-ên cùng phạm tội.