< ১ রাজাবলি 14 >
1 ১ সেই সময়ত যাৰবিয়ামৰ পুত্ৰ অবিয়া বেমাৰত পৰিছিল।
Saa ɛberɛ no, Yeroboam babarima Abia yaree dendeenden.
2 ২ তেতিয়া যাৰবিয়ামে নিজৰ পত্নীক ক’লে, “হেৰা উঠা, তোমাক যেন আন লোকে মোৰ পত্নী বুলি চিনি নাপাই, তাৰ বাবে তুমি ছদ্মবেশ ধৰা, আৰু চীলোলৈ যোৱা; কিয়নো যি অহীয়া ভাববাদীয়ে, এই জাতিৰ ওপৰত মই ৰজা হোৱাৰ কথা কৈছিল, তেওঁ সেই ঠাইত আছে।
Enti, Yeroboam ka kyerɛɛ ne yere sɛ, “Sesa wo ho, sɛdeɛ ɛbɛyɛ a, obiara renhunu wo sɛ wone ɔhemmaa no. Na kɔ odiyifoɔ Ahiya, ɔbarima a ɔka kyerɛɛ me sɛ mɛdi ɔhene no, nkyɛn wɔ Silo.
3 ৩ তুমি তোমাৰ হাতত দহোটা পিঠা, কিছু মুৰমুৰিয়া পিঠা আৰু এটেকেলি মৌ লৈ অহীয়াৰ ওচৰলৈ যোৱা; ল’ৰাটিৰ কি ঘঠিব, তেওঁ সেই বিষয়ে তোমাক ক’ব।”
Fa burodo mua edu, ɔfam ne ɛwoɔ akɔtoa kɔkyɛ no, na bisa no deɛ ɛbɛba abarimaa no so.”
4 ৪ তেতিয়া যাৰবিয়ামৰ পত্নীয়ে সেইদৰে কৰিলে আৰু তেওঁ উঠি চীলোত থকা অহীয়াৰ ঘৰলৈ গ’ল। সেই সময়ত অহীয়াই চকুৰে নেদেখা হৈছিল, কাৰণ তেওঁৰ অতি বয়স হোৱাত তেওঁৰ চকু দৃষ্টিহীন হৈছিল।
Na Yeroboam yere no kɔɔ Ahiya fie wɔ Silo. Saa ɛberɛ no na wabɔ akɔkoraa a ɔnhunu adeɛ.
5 ৫ তেতিয়া যিহোৱাই অহীয়াক ক’লে, “চোৱা, যাৰবিয়ামৰ পত্নীয়ে নিজৰ ল’ৰাটিৰ বিষয়ে সুধিবলৈ তোমাৰ ওচৰলৈ আহিব, কিয়নো ল’ৰাটি বেমাৰত পৰিছে; তুমি তাইক অমোক তমোকৰ কথা কবা; কাৰণ তাই যেতিয়া আহিব, তেতিয়া আন মহিলাৰ বেশ ধৰিব।”
Nanso, na Awurade aka akyerɛ Ahiya sɛ, “Yeroboam yere bɛba ha, na ɔbɛhyɛ da ayɛ ne ho sɛ obi foforɔ. Ɔbɛbisa wo ne babarima no ho asɛm, ɛfiri sɛ, ɔyare dendeenden. Sɛ ɛba saa a, fa mmuaeɛ a mede bɛma wo no ma no.”
6 ৬ পাছত তাই দুৱাৰেদি সোমাই অহা লগে লগে, অহীয়াই তাইৰ ভৰিৰ শব্দ শুনা পালে। তেতিয়া তেওঁ ক’লে, “হে যাৰবিয়ামৰ পত্নী, ভিতৰলৈ আহাঁ৷ তুমি কিয় আন মহিলাৰ বেশ ধৰিছা? তোমাক অশুভ কথা ক’বলৈ মই আজ্ঞা পালোঁ।
Na Ahiya tee ne nan ase wɔ ɛpono ano no, ɔfrɛɛ sɛ, “Yeroboam yere, bra mu! Adɛn enti na woahyɛ da ayɛ wo ho sɛ obi foforɔ?” Na ɔka kyerɛɛ no sɛ, “Mewɔ asɛmmɔne ka kyerɛ wo.
7 ৭ তুমি গৈ যাৰবিয়ামক কোৱাগৈ, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘মই প্ৰজাসকলৰ মাজৰ পৰা তোমাক ওখ পদত নিযুক্ত কৰিলোঁ আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত তোমাক অধিপতি পাতিলোঁ৷
Fa saa nkra yi a ɛfiri Awurade, Israel Onyankopɔn, nkyɛn kɔma wo kunu Yeroboam sɛ, ‘Mepagyaa wo firi mpapahwekwaa mu, de wo bɛsii me nkurɔfoɔ Israel so ɔhene.
8 ৮ মই দায়ুদৰ বংশৰ পৰা ৰাজ্য কাঢ়ি লৈ তোমাক দিলোঁ; তথাপি মোৰ দাস দায়ূদে মোৰ আজ্ঞা পালন কৰিছিল, আৰু মোৰ দৃষ্টিত যি ন্যায়, অকল তাকেই কৰিবলৈ নিজৰ সকলো মনৰ সৈতে মোৰ পাছত চলিছিল, তুমি তেওঁৰ দৰে হবলৈ নোৱাৰিলা৷
Metuu ahemman no ase firii Dawid fie, de maa wo. Nanso, woammu wo bra, te sɛ me ɔsomfoɔ Dawid a ɔdii mʼahyɛdeɛ so a ɔde nʼakoma nyinaa dii mʼakyi, na daa ɔyɛɛ biribiara a mepɛ sɛ ɔyɛ no.
9 ৯ কিন্তু তোমাৰ পূৰ্বৰ সকলো লোকতকৈয়ো তুমি অধিক কুকৰ্ম কৰিলা। বিশেষকৈ মোক খঙত উত্তেজিত হ’বলৈ, তুমি গৈ ইতৰ দেৱতাবোৰ আৰু সাঁচত ঢলা প্ৰতিমাবোৰ নিৰ্মাণ কৰিলা আৰু মোক হ’লে পিঠিৰ পাছলৈ পেলাই দিলা।
Bɔne a woayɛ no dɔɔso kyɛn wɔn a wɔtenaa ase ansa na wɔrewo woɔ no. Woayɛ anyame afoforɔ ma ɛnam so ama me bo afu wo, wo sikakɔkɔɔ nantwie mma no enti. Na ɛsiane sɛ woadane wʼakyi akyerɛ me enti,
10 ১০ এই হেতুকে চোৱা, মই তোমাৰ বংশলৈ অমঙ্গল ঘটাম আৰু তোমাৰ সম্বন্ধীয়া প্ৰত্যেকজন পুৰুষক ইস্ৰায়েলৰ মাজৰ বন্দী আৰু মুক্ত অৱস্থাত থকা লোকসকলক সম্পূৰ্ণৰূপে উচ্ছন্ন কৰিম, যিদৰে মানুহে গোবৰৰ সাৰ শেষ নোহোৱালৈকে জ্ৱলাই থাকে৷
mede amanehunu bɛba wo fie ahennie nnidisoɔ so, na makum wo mmammarima nyinaa, akoa ne deɛ ɔdi ne ho so nso. Mɛhye wʼahennie nnidisoɔ no ase, sɛdeɛ obi hye wura ma aseɛ tu koraa no.
11 ১১ তোমাৰ পৰিয়ালৰ যি লোকৰ এই নগৰত মৃত্যু হ’ব, তাক কুকুৰবোৰে খাব; আৰু যি জন লোক নগৰৰ বাহিৰত মৰিব, তাক আকাশৰ চৰাইবোৰে খাব, কিয়নো মই যিহোৱাই এই কথা কৈছো।
Me, Awurade, meka ntam sɛ, wo fiefoɔ a wɔbɛwuwu wɔ kuro no mu no, nkraman na wɔbɛwe wɔn ɛnam, na wɔn a wɔbɛwuwu wiram no nso, apete na wɔbɛsosɔ wɔn ɛnam.’”
12 ১২ এই হেতুকে, হে যাৰবিয়ামৰ পত্নী, তুমি উঠি ঘৰলৈ যোৱা। তুমি গৈ যেতিয়াই নগৰত ভৰি দিবা, তেতিয়াই অবিয়াৰ মৃত্যু হ’ব।
Na Ahiya ka kyerɛɛ Yeroboam yere sɛ, “Kɔ efie, na sɛ wowura kuro no mu ara pɛ a, abɔfra no bɛwu.
13 ১৩ তেতিয়া তাৰ কাৰণে সমুদায় ইস্ৰায়েলে বিলাপ কৰি তাক মৈদাম দিব৷ কিয়নো যাৰবিয়ামৰ সমন্ধীয়া কেৱল এওঁহে মৈদাম পাব, কিয়নো যাৰবিয়ামৰ বংশৰ মাজৰ পৰা এওঁতহে কিছু সদ্স্বভাৱ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ পক্ষত পোৱা গ’ল।
Na Israel nyinaa bɛsu no, na wɔasie no. Ɔno nko ne onipa a ɔfiri mo fie a wɔbɛsie no yie, na saa abɔfra no nko na Awurade, Israel Onyankopɔn, hunu no sɛ ade pa wɔ Yeroboam fiefoɔ nyinaa mu.
14 ১৪ তদুপৰি যিদিনা যিহোৱাই নিজে ইস্ৰায়েলৰ ওপৰত এজন ৰজা উৎপন্ন কৰিব; সেই দিনাই তেওঁ যাৰবিয়ামৰ বংশক উচ্ছন্ন কৰিব; আৰু আজিয়েই সেই দিন আৰু এতিয়াই উচ্ছন্ন কৰা সময়।
Na Awurade bɛpagya ɔhene adi Israel so. Ɔno na ɔbɛtɔre Yeroboam fiefoɔ ase. Saa asɛm no bɛsi ɛnnɛ yi ara, saa dɔnhwereɛ yi ara mu.
15 ১৫ কিয়নো যিহোৱাই ইস্ৰায়েলক পানীৰ সোঁতত লৰি থকা নলৰ দৰে আঘাত কৰিব আৰু তেওঁ ইস্ৰায়েলক, তেওঁলোকৰ পূর্বপুৰুষসকলক দিয়া উত্তম দেশৰ পৰা উঘালি, নদীৰ সিপাৰে সিঁচৰিত কৰিব কাৰণ তেওঁলোকে নিজ নিজ আচেৰা মুৰ্ত্তি নিৰ্মাণ কৰি যিহোৱাৰ খং উঠাবলৈ উত্তেজিত কৰিলে৷
Na Awurade bɛwoso Israel te sɛ sibire a ɛhinhim wɔ asuwa ani. Ɔbɛtutu Israelfoɔ ase afiri saa asase pa a ɔde maa wɔn agyanom no so. Na ɔbɛbɔ wɔn apete, atra Asubɔnten Eufrate, ɛfiri sɛ, wɔnam som a wɔsom Asera afɔrebukyia no so ahyɛ Awurade abufuo.
16 ১৬ যাৰবিয়ামে যি যি পাপ কৰিলে আৰু তেওঁৰ দ্ৱাৰাই ইস্ৰায়েলৰ সন্তান সকলে যি পাপ কৰিলে, সেইবোৰ পাপৰ কৰণে তেওঁ ইস্ৰায়েলক ত্যাগ কৰিব।”
Ɔbɛto Israel asaworam, ɛfiri sɛ, Yeroboam yɛɛ bɔne, nam so maa Israel nyinaa ne no yɛɛ bɔne.”
17 ১৭ পাছত যাৰবিয়ামৰ পত্নী উঠি গৈ তিৰ্চালৈ আহিল৷ তাই দুৱাৰ-ডলিত ভৰি দিয়া মাত্ৰকে ল’ৰাটি মৰিল।
Na Yeroboam yere sane kɔɔ Tirsa. Na ɛberɛ a ɔwuraa ne fie no, abɔfra no wuiɛ.
18 ১৮ তেতিয়া যিহোৱাই নিজৰ দাস অহীয়া ভাববাদীৰ মুখেৰে কোৱাৰ দৰে সমুদায় ইস্ৰায়েলে তাক মৈদাম দিলে আৰু তাৰ কাৰণে বিলাপ কৰিলে।
Ɛberɛ a Israelfoɔ siee no no, wɔsuu no sɛdeɛ Awurade nam odiyifoɔ Ahiya so hyɛeɛ no.
19 ১৯ যাৰবিয়ামৰ অৱশিষ্ট বৃত্তান্ত, অৰ্থাৎ তেওঁ কেনেকৈ যুদ্ধ কৰিছিল আৰু কি প্ৰকাৰে ৰাজ্য শাসন কৰিছিল, চোৱা, তেওঁৰ বিৱৰণ ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তক খনত লিখা আছে।
Yeroboam ahennie ho nsɛm nkaeɛ, nʼakodie nyinaa ne ɛkwan a ɔfaa so buu ɔman no nyinaa no, wɔatwerɛ agu Israel Ahemfo Abakɔsɛm Nwoma Mu.
20 ২০ যাৰবিয়ামে বাইশ বছৰ ৰাজত্ব কৰি, তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল৷ তাৰ পাছত তেওঁৰ পুত্ৰ নাদব তেওঁৰ পদত ৰজা হ’ল।
Yeroboam dii adeɛ wɔ Israel mfeɛ aduonu mmienu. Ɔwuiɛ no, ne babarima Nadab na ɔdii nʼadeɛ sɛ ɔhene.
21 ২১ সেই সময়ত চলোমনৰ পুত্ৰ ৰহবিয়াম যিহূদা দেশৰ ওপৰত ৰাজত্ৱ কৰিছিল৷ ৰহবিয়ামে একচল্লিশ বছৰ বয়সত ৰজা হৈছিল আৰু তেওঁ যিহোৱাই নিজ নাম স্থাপন কৰিবৰ অৰ্থে ইস্ৰায়েলৰ সকলো ফৈদৰ মাজৰ পৰা মনোনীত কৰা নগৰ যিৰূচালেমত সোঁতৰ বছৰ ৰাজত্ব কৰিলে; তেওঁৰ মাতৃৰ নাম অম্মোনীয়া নয়মা।
Na Salomo babarima Rehoboam na na ɔdi ɔhene wɔ Yuda. Ɛberɛ a ɔdii adeɛ no, na wadi mfeɛ aduanan baako, na ɔdii adeɛ mfeɛ dunson wɔ Yerusalem, kuro a na Awurade ayi wɔ Israel mmusuakuo no nyinaa mu, sɛ ɔde rehyɛ ne din animuonyam. Na Rehoboam maame din de Naama a ɔyɛ Amonni.
22 ২২ যিহূদাই যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে৷ তেওঁলোকে তেওঁলোকৰ পূৰ্বপুৰুষসকলে কৰা কাৰ্যতকৈয়ো তেওঁলোকৰ দ্বাৰাই তেওঁৰ অন্তৰ্জ্বালা অধিককৈ জন্মালে।
Ɛberɛ a na Rehoboam di adeɛ no, nnipa a wɔwɔ Yuda no yɛɛ bɔne Awurade anim, maa ne bo fuu wɔ wɔn bɔne no ho. Na saa bɔne no sene deɛ wɔn agyanom no yɛeɛ mpo.
23 ২৩ কিয়নো তেওঁলোকে প্ৰত্যেক ওখ পৰ্বতত আৰু প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত নিজৰ কাৰণে পবিত্ৰ ঠাইবোৰ, স্তম্ভ, আৰু আচেৰা মূৰ্ত্তিবোৰ যুগুত কৰিলে৷
Wɔsisii abosomfie, gyinaa nnannua a wɔate ho ne Asera afɔrebukyia wɔ bepɔ biara so ne dutan frɔmfrɔm biara ase.
24 ২৪ সেই দেশত ৰতিক্রিয়া কৰা পুৰুষসকলো আছিল। যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ সন্মুখৰ পৰা যি জাতি দূৰ কৰিছিল, সেই জাতিৰ ঘিণলগীয়া কাৰ্যবোৰৰ দৰে তেওঁলোকে কাৰ্য কৰিব ধৰিলে।
Mpo, na abosomfie mmarima nnwamanfoɔ wɔ asase no so mmaa nyinaa. Nnipa no suasuaa akyiwadeɛ ahodoɔ a amanaman a wɔsom abosom no yɛeɛ enti a Awurade pamoo wɔn firii asase no so maa Israelfoɔ no.
25 ২৫ পাছত ৰহবিয়ামৰ ৰাজত্বৰ পঞ্চম বছৰত মিচৰৰ ৰজা চীচকে যিৰূচালেমৰ বিৰুদ্ধে উঠি আহিল৷
Rehoboam dii adeɛ ne mfeɛ enum so no, Misraimhene Sisak bɛto hyɛɛ Yerusalem so.
26 ২৬ তেওঁ যিহোৱাৰ গৃহত আৰু ৰাজগৃহত সাঁচি থোৱা বস্তুবোৰ লৈ গ’ল; তেওঁ সকলো বস্তুৱে লৈ গ’ল আৰু চলোমনে সজা সোণৰ ঢালবোৰো তেওঁ লৈ গ’ল।
Ɔbɔ wuraa Awurade Asɔredan no mu ne ahemfie hɔ baabiara, wiaa biribiara a sikakɔkɔɔ akyɛm a Salomo yɛeɛ no ka ho.
27 ২৭ তেতিয়া ৰজা ৰহবিয়ামে সেইবোৰৰ সলনি পিতলৰ ঢাল কৰাই ৰাজগৃহৰ দুৱাৰ-ৰখীয়া প্ৰহৰীবোৰৰ অধ্যক্ষসকলৰ হাতত শোধাই দিলে।
Akyire yi, Rehoboam yɛɛ kɔbere akyɛm de sii anan, na ɔde hyɛɛ ahemfie awɛmfoɔ no nsa sɛ wɔnhwɛ so.
28 ২৮ তাতে যেতিয়াই ৰজাই যিহোৱাৰ গৃহত সোমাই প্ৰহৰীবোৰে সেই ঢালবোৰ কঢ়িয়াই লৈ যায়; পাছত আকৌ পুনৰায় প্ৰহৰীৰ কোঁঠালিলৈ ঘূৰাই লৈ আহে।
Ɛberɛ biara a ɔhene no kɔ Awurade Asɔredan mu hɔ no, awɛmfoɔ no soa kɔ hɔ bi, na sɛ ɔwie na ɔreba a, wɔsane de bɛgu awɛmfoɔ ɛdan no mu.
29 ২৯ ৰহবিয়ামৰ অবশিষ্ট বৃত্তান্ত, তেওঁ কৰা সকলো কাৰ্যৰ কথা জানো যিহূদাৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা নাই?
Na Rehoboam ahennie ho nsɛm nkaeɛ no ne dwuma a ɔdiiɛ no deɛ, wɔatwerɛ ne nyinaa wɔ Yuda Ahemfo Abakɔsɛm Nwoma no mu.
30 ৩০ ৰহবিয়াম আৰু যাৰবিয়াম ৰজাৰ মাজত সদায় যুদ্ধ লাগি আছিল।
Daa na ɔko da Rehoboam ne Yeroboam ntam.
31 ৩১ পাছত ৰহবিয়াম তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু নিজ পূর্বপুৰুষসকলৰ লগত দায়ূদৰ নগৰত তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ মাকৰ নাম অম্মোনীয়া নয়মা; পাছত তেওঁৰ পুত্ৰ অবিয়াম তেওঁৰ পদত ৰজা হ’ল।
Ɛberɛ a Rehoboam wuiɛ no, wɔsiee no wɔ nʼagyanom koraberɛ wɔ Dawid kurom. Na ne maame din de Naama a ɔyɛ Amonni baa. Afei, ne babarima a ne din de Abiyam na ɔdii nʼadeɛ sɛ ɔhene.