< ১ রাজাবলি 14 >

1 সেই সময়ত যাৰবিয়ামৰ পুত্ৰ অবিয়া বেমাৰত পৰিছিল।
در آن زمان ابیا پسر یربعام بیمار شد.۱
2 তেতিয়া যাৰবিয়ামে নিজৰ পত্নীক ক’লে, “হেৰা উঠা, তোমাক যেন আন লোকে মোৰ পত্নী বুলি চিনি নাপাই, তাৰ বাবে তুমি ছদ্মবেশ ধৰা, আৰু চীলোলৈ যোৱা; কিয়নো যি অহীয়া ভাববাদীয়ে, এই জাতিৰ ওপৰত মই ৰজা হোৱাৰ কথা কৈছিল, তেওঁ সেই ঠাইত আছে।
و یربعام به زن خود گفت که «الان برخیز و صورت خود را تبدیل نما تا نشناسند که تو زن یربعام هستی، و به شیلوه برو. اینک اخیای نبی که درباره من گفت که براین قوم پادشاه خواهم شد در آنجاست.۲
3 তুমি তোমাৰ হাতত দহোটা পিঠা, কিছু মুৰমুৰিয়া পিঠা আৰু এটেকেলি মৌ লৈ অহীয়াৰ ওচৰলৈ যোৱা; ল’ৰাটিৰ কি ঘঠিব, তেওঁ সেই বিষয়ে তোমাক ক’ব।”
و در دست خود ده قرص نان وکلیچه‌ها و کوزه عسل گرفته، نزد وی برو و او تورا از آنچه بر طفل واقع می‌شود، خبر‌خواهدداد.»۳
4 তেতিয়া যাৰবিয়ামৰ পত্নীয়ে সেইদৰে কৰিলে আৰু তেওঁ উঠি চীলোত থকা অহীয়াৰ ঘৰলৈ গ’ল। সেই সময়ত অহীয়াই চকুৰে নেদেখা হৈছিল, কাৰণ তেওঁৰ অতি বয়স হোৱাত তেওঁৰ চকু দৃষ্টিহীন হৈছিল।
پس زن یربعام چنین کرده، برخاست و به شیلوه رفته، به خانه اخیا رسید و اخیانمی توانست ببیند زیرا که چشمانش از پیری تارشده بود.۴
5 তেতিয়া যিহোৱাই অহীয়াক ক’লে, “চোৱা, যাৰবিয়ামৰ পত্নীয়ে নিজৰ ল’ৰাটিৰ বিষয়ে সুধিবলৈ তোমাৰ ওচৰলৈ আহিব, কিয়নো ল’ৰাটি বেমাৰত পৰিছে; তুমি তাইক অমোক তমোকৰ কথা কবা; কাৰণ তাই যেতিয়া আহিব, তেতিয়া আন মহিলাৰ বেশ ধৰিব।”
و خداوند به اخیا گفت: «اینک زن یربعام می‌آید تا درباره پسرش که بیمار است، چیزی از تو بپرسد. پس به او چنین و چنان بگو وچون داخل می‌شود به هیات، متنکره خواهدبود.»۵
6 পাছত তাই দুৱাৰেদি সোমাই অহা লগে লগে, অহীয়াই তাইৰ ভৰিৰ শব্দ শুনা পালে। তেতিয়া তেওঁ ক’লে, “হে যাৰবিয়ামৰ পত্নী, ভিতৰলৈ আহাঁ৷ তুমি কিয় আন মহিলাৰ বেশ ধৰিছা? তোমাক অশুভ কথা ক’বলৈ মই আজ্ঞা পালোঁ।
و هنگامی که اخیا صدای پایهای او را که به در داخل می‌شد شنید، گفت: «ای زن یربعام داخل شو. چرا هیات خود را متنکر ساخته‌ای؟ زیرا که من باخبر سخت نزد تو فرستاده شده‌ام.۶
7 তুমি গৈ যাৰবিয়ামক কোৱাগৈ, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘মই প্ৰজাসকলৰ মাজৰ পৰা তোমাক ওখ পদত নিযুক্ত কৰিলোঁ আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত তোমাক অধিপতি পাতিলোঁ৷
برو و به یربعام بگو: یهوه، خدای اسرائیل چنین می‌گوید: چونکه تو را از میان قوم ممتاز نمودم، وتو را بر قوم خود، اسرائیل رئیس ساختم،۷
8 মই দায়ুদৰ বংশৰ পৰা ৰাজ্য কাঢ়ি লৈ তোমাক দিলোঁ; তথাপি মোৰ দাস দায়ূদে মোৰ আজ্ঞা পালন কৰিছিল, আৰু মোৰ দৃষ্টিত যি ন্যায়, অকল তাকেই কৰিবলৈ নিজৰ সকলো মনৰ সৈতে মোৰ পাছত চলিছিল, তুমি তেওঁৰ দৰে হবলৈ নোৱাৰিলা৷
وسلطنت را از خاندان داود دریده، آن را به تو دادم، و تو مثل بنده من، داود نبودی که اوامر مرا نگاه داشته، با تمامی دل خود مرا پیروی می‌نمود، وآنچه در نظر من راست است، معمول می‌داشت وبس.۸
9 কিন্তু তোমাৰ পূৰ্বৰ সকলো লোকতকৈয়ো তুমি অধিক কুকৰ্ম কৰিলা। বিশেষকৈ মোক খঙত উত্তেজিত হ’বলৈ, তুমি গৈ ইতৰ দেৱতাবোৰ আৰু সাঁচত ঢলা প্ৰতিমাবোৰ নিৰ্মাণ কৰিলা আৰু মোক হ’লে পিঠিৰ পাছলৈ পেলাই দিলা।
اما تو از همه کسانی که قبل از تو بودندزیاده شرارت ورزیدی و رفته، خدایان غیر وبتهای ریخته شده به جهت خود ساختی و غضب مرا به هیجان آوردی و مرا پشت سر خودانداختی.۹
10 ১০ এই হেতুকে চোৱা, মই তোমাৰ বংশলৈ অমঙ্গল ঘটাম আৰু তোমাৰ সম্বন্ধীয়া প্ৰত্যেকজন পুৰুষক ইস্ৰায়েলৰ মাজৰ বন্দী আৰু মুক্ত অৱস্থাত থকা লোকসকলক সম্পূৰ্ণৰূপে উচ্ছন্ন কৰিম, যিদৰে মানুহে গোবৰৰ সাৰ শেষ নোহোৱালৈকে জ্ৱলাই থাকে৷
بنابراین اینک من بر خاندان یربعام بلا عارض می‌گردانم و از یربعام هر مرد را و هر محبوس و آزاد را که در اسرائیل باشد، منقطع می‌سازم، و تمامی خاندان یربعام را دور می‌اندازم چنانکه سرگین را بالکل دور می‌اندازند.۱۰
11 ১১ তোমাৰ পৰিয়ালৰ যি লোকৰ এই নগৰত মৃত্যু হ’ব, তাক কুকুৰবোৰে খাব; আৰু যি জন লোক নগৰৰ বাহিৰত মৰিব, তাক আকাশৰ চৰাইবোৰে খাব, কিয়নো মই যিহোৱাই এই কথা কৈছো।
هرکه از یربعام در شهر بمیرد، سگان بخورند و هرکه درصحرا بمیرد، مرغان هوا بخورند، زیرا خداونداین را گفته است.۱۱
12 ১২ এই হেতুকে, হে যাৰবিয়ামৰ পত্নী, তুমি উঠি ঘৰলৈ যোৱা। তুমি গৈ যেতিয়াই নগৰত ভৰি দিবা, তেতিয়াই অবিয়াৰ মৃত্যু হ’ব।
پس تو برخاسته به خانه خودبرو و به مجرد رسیدن پایهایت به شهر، پسرخواهد مرد.۱۲
13 ১৩ তেতিয়া তাৰ কাৰণে সমুদায় ইস্ৰায়েলে বিলাপ কৰি তাক মৈদাম দিব৷ কিয়নো যাৰবিয়ামৰ সমন্ধীয়া কেৱল এওঁহে মৈদাম পাব, কিয়নো যাৰবিয়ামৰ বংশৰ মাজৰ পৰা এওঁতহে কিছু সদ্‌স্বভাৱ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ পক্ষত পোৱা গ’ল।
و تمامی اسرائیل برای او نوحه نموده، او را دفن خواهند کرد زیرا که او تنها ازنسل یربعام به قبر داخل خواهد شد، به علت اینکه با او چیز نیکو نسبت به یهوه، خدای اسرائیل در خاندان یربعام یافت شده است.۱۳
14 ১৪ তদুপৰি যিদিনা যিহোৱাই নিজে ইস্ৰায়েলৰ ওপৰত এজন ৰজা উৎপন্ন কৰিব; সেই দিনাই তেওঁ যাৰবিয়ামৰ বংশক উচ্ছন্ন কৰিব; আৰু আজিয়েই সেই দিন আৰু এতিয়াই উচ্ছন্ন কৰা সময়।
وخداوند امروز پادشاهی بر اسرائیل خواهدبرانگیخت که خاندان یربعام را منقطع خواهدساخت و چه (بگویم ) الان نیز (واقع شده است ).۱۴
15 ১৫ কিয়নো যিহোৱাই ইস্ৰায়েলক পানীৰ সোঁতত লৰি থকা নলৰ দৰে আঘাত কৰিব আৰু তেওঁ ইস্ৰায়েলক, তেওঁলোকৰ পূর্বপুৰুষসকলক দিয়া উত্তম দেশৰ পৰা উঘালি, নদীৰ সিপাৰে সিঁচৰিত কৰিব কাৰণ তেওঁলোকে নিজ নিজ আচেৰা মুৰ্ত্তি নিৰ্মাণ কৰি যিহোৱাৰ খং উঠাবলৈ উত্তেজিত কৰিলে৷
و خداوند اسرائیل را خواهد زد مثل نی‌ای که در آب متحرک شود، و ریشه اسرائیل را از این زمین نیکو که به پدران ایشان داده بود، خواهد کندو ایشان را به آن طرف نهر پراکنده خواهدساخت، زیرا که اشیریم خود را ساخته، خشم خداوند را به هیجان آوردند.۱۵
16 ১৬ যাৰবিয়ামে যি যি পাপ কৰিলে আৰু তেওঁৰ দ্ৱাৰাই ইস্ৰায়েলৰ সন্তান সকলে যি পাপ কৰিলে, সেইবোৰ পাপৰ কৰণে তেওঁ ইস্ৰায়েলক ত্যাগ কৰিব।”
و اسرائیل را به‌سبب گناهانی که یربعام ورزیده، و اسرائیل را به آنها مرتکب گناه ساخته است، تسلیم خواهدنمود.»۱۶
17 ১৭ পাছত যাৰবিয়ামৰ পত্নী উঠি গৈ তিৰ্চালৈ আহিল৷ তাই দুৱাৰ-ডলিত ভৰি দিয়া মাত্ৰকে ল’ৰাটি মৰিল।
پس زن یربعام برخاسته، و روانه شده، به ترصه آمد و به مجرد رسیدنش به آستانه خانه، پسر مرد.۱۷
18 ১৮ তেতিয়া যিহোৱাই নিজৰ দাস অহীয়া ভাববাদীৰ মুখেৰে কোৱাৰ দৰে সমুদায় ইস্ৰায়েলে তাক মৈদাম দিলে আৰু তাৰ কাৰণে বিলাপ কৰিলে।
و تمامی اسرائیل او را دفن کردند وبرایش ماتم گرفتند، موافق کلام خداوند که به واسطه بنده خود، اخیای نبی گفته بود.۱۸
19 ১৯ যাৰবিয়ামৰ অৱশিষ্ট বৃত্তান্ত, অৰ্থাৎ তেওঁ কেনেকৈ যুদ্ধ কৰিছিল আৰু কি প্ৰকাৰে ৰাজ্য শাসন কৰিছিল, চোৱা, তেওঁৰ বিৱৰণ ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তক খনত লিখা আছে।
و بقیه وقایع یربعام که چگونه جنگ کرد و چگونه سلطنت نمود اینک در کتاب تواریخ ایام پادشاهان اسرائیل مکتوب است.۱۹
20 ২০ যাৰবিয়ামে বাইশ বছৰ ৰাজত্ব কৰি, তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল৷ তাৰ পাছত তেওঁৰ পুত্ৰ নাদব তেওঁৰ পদত ৰজা হ’ল।
و ایامی که یربعام سلطنت نمود، بیست و دو سال بود. پس باپدران خود خوابید و پسرش ناداب به‌جایش پادشاه شد.۲۰
21 ২১ সেই সময়ত চলোমনৰ পুত্ৰ ৰহবিয়াম যিহূদা দেশৰ ওপৰত ৰাজত্ৱ কৰিছিল৷ ৰহবিয়ামে একচল্লিশ বছৰ বয়সত ৰজা হৈছিল আৰু তেওঁ যিহোৱাই নিজ নাম স্থাপন কৰিবৰ অৰ্থে ইস্ৰায়েলৰ সকলো ফৈদৰ মাজৰ পৰা মনোনীত কৰা নগৰ যিৰূচালেমত সোঁতৰ বছৰ ৰাজত্ব কৰিলে; তেওঁৰ মাতৃৰ নাম অম্মোনীয়া নয়মা।
و رحبعام بن سلیمان در یهودا سلطنت می‌کرد، و رحبعام چون پادشاه شد چهل و یک ساله بود و در اورشلیم، شهری که خداوند از تمام اسباط اسرائیل برگزید تا اسم خود را در آن بگذارد، هفده سال پادشاهی کرد. و اسم مادرش نعمه عمونیه بود.۲۱
22 ২২ যিহূদাই যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে৷ তেওঁলোকে তেওঁলোকৰ পূৰ্বপুৰুষসকলে কৰা কাৰ্যতকৈয়ো তেওঁলোকৰ দ্বাৰাই তেওঁৰ অন্তৰ্জ্বালা অধিককৈ জন্মালে।
و یهودا در نظر خداوندشرارت ورزیدند، و به گناهانی که کردند، بیشتر ازهر‌آنچه پدران ایشان کرده بودند، غیرت او را به هیجان آوردند.۲۲
23 ২৩ কিয়নো তেওঁলোকে প্ৰত্যেক ওখ পৰ্বতত আৰু প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত নিজৰ কাৰণে পবিত্ৰ ঠাইবোৰ, স্তম্ভ, আৰু আচেৰা মূৰ্ত্তিবোৰ যুগুত কৰিলে৷
و ایشان نیز مکانهای بلند وستونها و اشیریم بر هر تل بلند و زیر هر درخت سبز بنا نمودند.۲۳
24 ২৪ সেই দেশত ৰতিক্রিয়া কৰা পুৰুষসকলো আছিল। যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ সন্মুখৰ পৰা যি জাতি দূৰ কৰিছিল, সেই জাতিৰ ঘিণলগীয়া কাৰ্যবোৰৰ দৰে তেওঁলোকে কাৰ্য কৰিব ধৰিলে।
و الواط نیز در زمین بودند وموافق رجاسات امتهایی که خداوند از حضوربنی‌اسرائیل اخراج نموده بود، عمل می‌نمودند.۲۴
25 ২৫ পাছত ৰহবিয়ামৰ ৰাজত্বৰ পঞ্চম বছৰত মিচৰৰ ৰজা চীচকে যিৰূচালেমৰ বিৰুদ্ধে উঠি আহিল৷
و در سال پنجم رحبعام پادشاه واقع شد که شیشق پادشاه مصر به اورشلیم برآمد.۲۵
26 ২৬ তেওঁ যিহোৱাৰ গৃহত আৰু ৰাজগৃহত সাঁচি থোৱা বস্তুবোৰ লৈ গ’ল; তেওঁ সকলো বস্তুৱে লৈ গ’ল আৰু চলোমনে সজা সোণৰ ঢালবোৰো তেওঁ লৈ গ’ল।
وخزانه های خانه خداوند و خزانه های خانه پادشاه را گرفت و همه‌چیز را برداشت و جمیع سپرهای طلایی که سلیمان ساخته بود، برد.۲۶
27 ২৭ তেতিয়া ৰজা ৰহবিয়ামে সেইবোৰৰ সলনি পিতলৰ ঢাল কৰাই ৰাজগৃহৰ দুৱাৰ-ৰখীয়া প্ৰহৰীবোৰৰ অধ্যক্ষসকলৰ হাতত শোধাই দিলে।
و رحبعام پادشاه به عوض آنها سپرهای برنجین ساخت وآنها را به‌دست سرداران شاطرانی که در خانه پادشاه را نگاهبانی می‌کردند، سپرد.۲۷
28 ২৮ তাতে যেতিয়াই ৰজাই যিহোৱাৰ গৃহত সোমাই প্ৰহৰীবোৰে সেই ঢালবোৰ কঢ়িয়াই লৈ যায়; পাছত আকৌ পুনৰায় প্ৰহৰীৰ কোঁঠালিলৈ ঘূৰাই লৈ আহে।
و هر وقتی که پادشاه به خانه خداوند داخل می‌شد، شاطران آنها را برمی داشتند و آنها را به حجره شاطران باز می آوردند.۲۸
29 ২৯ ৰহবিয়ামৰ অবশিষ্ট বৃত্তান্ত, তেওঁ কৰা সকলো কাৰ্যৰ কথা জানো যিহূদাৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা নাই?
و بقیه وقایع رحبعام و هرچه کرد، آیا درکتاب تواریخ ایام پادشاهان یهودا مکتوب نیست؟۲۹
30 ৩০ ৰহবিয়াম আৰু যাৰবিয়াম ৰজাৰ মাজত সদায় যুদ্ধ লাগি আছিল।
و در میان رحبعام و یربعام درتمامی روزهای ایشان جنگ می‌بود.۳۰
31 ৩১ পাছত ৰহবিয়াম তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু নিজ পূর্বপুৰুষসকলৰ লগত দায়ূদৰ নগৰত তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ মাকৰ নাম অম্মোনীয়া নয়মা; পাছত তেওঁৰ পুত্ৰ অবিয়াম তেওঁৰ পদত ৰজা হ’ল।
ورحبعام با پدران خویش خوابید و در شهر داود باپدران خود دفن شد، و اسم مادرش نعمه عمونیه بود و پسرش ابیام در جایش پادشاهی نمود.۳۱

< ১ রাজাবলি 14 >