< ১ রাজাবলি 13 >
1 ১ সেই সময়ত ঈশ্বৰৰ এজন লোক যিহোৱাৰ বাক্যৰ প্ৰভাৱত যিহূদাৰ পৰা বৈৎএললৈ আহি আছিল। তেতিয়া যাৰবিয়ামে ধূপ জ্বলাবৰ কাৰণে যজ্ঞ-বেদীৰ কাষত থিয় হৈ আছিল৷
Awurade hyɛɛ Onyame onipa bi ma ɔkɔɔ Bet-El, na ɔduruu hɔ ɛberɛ a na Yeroboam rekɔ afɔrebukyia no ho akɔbɔ afɔdeɛ.
2 ২ তেতিয়া সেই লোকজনে যজ্ঞবেদীৰ বিৰুদ্ধে যিহোৱাৰ বাক্যৰ প্ৰভাৱত এই কথা ঘোষণা কৰিলে বোলে, “হে বেদী, বেদী, যিহোৱাই এই কথা কৈছে, ‘চোৱা, দায়ুদৰ বংশত যোচিয়া নামেৰে এটি পুত্ৰ জন্মিব আৰু তোমাৰ ওপৰত ধুপ জ্বলাওঁতা সেই পবিত্র ঠাইৰ পুৰোহিতসকলক তোমাৰ ওপৰত বলিদান কৰিব; আৰু তোমাৰ ওপৰত মনুষ্যৰ হাড় দগ্ধ কৰিব’।”
Na ɔfiri Awurade ɔhyɛ nsɛm mu teaam guu afɔrebukyia no sɛ, “Ao, afɔrebukyia! Afɔrebukyia! Sɛdeɛ Awurade seɛ nie: ‘Wɔbɛwo ɔbabarima bi a wɔbɛto no edin Yosia ato Dawid fie, na wo so na ɔde asɔfoɔ a wɔfiri asɔreeɛ so ha a wɔhye aduhwam ne nnipa nnompe no bɛbɔ afɔdeɛ!’”
3 ৩ এনেতে সেইদিনাই তেওঁ এটা চিন নিৰূপণ কৰি ক’লে, “চোৱা, যিহোৱাই কোৱা প্ৰমাণৰ চিন এই: এই যজ্ঞবেদী ফাটি ভাগ হৈ যাব, আৰু তাৰ ওপৰত থকা ভস্ম মাটিত ছটিওৱা হ’ব’।”
Ɛda no ara, Onyankopɔn onipa no yɛɛ nsɛnkyerɛnneɛ, na ɔkaa sɛ, “Yei ne nsɛnkyerɛnneɛ a Awurade ada no adi. Afɔrebukyia no mu bɛpae mmienu, na nsõ a ɛgu soɔ no ahwie agu.”
4 ৪ যেতিয়া ৰজাই, বৈৎএলত থকা যজ্ঞবেদীৰ বিৰুদ্ধে ঘোষণা কৰা সেই ঈশ্বৰৰ লোকজনৰ কথা শুনিলে, তেতিয়া তেওঁ যজ্ঞবেদীৰ পৰা হাত মেলি ক’লে, “তেওঁক ধৰা৷” তেতিয়া সেই ঈশ্ৱৰৰ লোকজনৰ বিৰুদ্ধে মেলা ৰজাৰ নিজ হাত এনেকৈ শুকাই গ’ল যে, তেওঁ সেই হাত পুনৰ কোঁচাব নোৱাৰিলে।
Ɔhene Yeroboam bo fuu Onyame onipa yi sɛ wakasa atia afɔrebukyia yi. Enti ɔtenee ne nsa wɔ ne so, teaam sɛ, “Monkyere no!” Nanso, ne nsa a ɔtenee wɔ ɔbarima no so no senseneeɛ a wantumi anyɛ ho hwee.
5 ৫ আৰু ঈশ্বৰৰ লোকজনে ঈশ্বৰৰ বাক্য প্ৰভাৱত যি চিন নিৰূপণ কৰিছিল, সেই অনুসাৰে যজ্ঞবেদী ফাটি ভাগ হ’ল আৰু যজ্ঞবেদীৰ পৰা ভস্ম পৰি গ’ল।
Na afɔrebukyia no mu paee mmienu, na nsõ a ɛgu so no hwie guiɛ, sɛdeɛ nsɛnkyerɛnneɛ a Onyankopɔn onipa nam Awurade ɔhyɛ nsɛm so daa no adi kyerɛeɛ no.
6 ৬ তেতিয়া ৰজাই ঈশ্বৰৰ লোকজনক উত্তৰ দি ক’লে, “মোৰ হাত যেন পুনৰায় সুস্থ হয়, এই কাৰণে তুমি নিজ ঈশ্বৰ যিহোৱাৰ আগত অনুগ্ৰহ যাচনা কৰি মোৰ কাৰণে প্ৰাৰ্থনা কৰা।” তেতিয়া ঈশ্বৰৰ সেই লোকজনে যিহোৱালৈ প্ৰার্থনা কৰিলে আৰু ৰজাৰ হাত সুস্থ হৈ আগৰ দৰে হ’ল।
Afei, ɔhene no srɛɛ Onyankopɔn onipa no sɛ, “Srɛ Awurade, wo Onyankopɔn, ma me na me nsa no nnya ahoɔden.” Enti, Onyankopɔn onipa no srɛɛ Awurade maa no, na ɔhene no nsa nyaa ahoɔden ma ɛyɛɛ sɛdeɛ na ɛteɛ kane no.
7 ৭ ৰজাই ঈশ্বৰৰ লোকজনক ক’লে, “তুমি মোৰ লগত ঘৰলৈ আহি প্ৰাণ জুৰুউৱা আৰু তুমি যি কর্ম কৰিলা তাৰ বাবে মই তোমাক এক উপহাৰ দিম।”
Afei, ɔhene no ka kyerɛɛ Onyankopɔn onipa no sɛ, “Ma yɛnkɔ fie, na kɔdidi, na mɛma wo akyɛdeɛ bi.”
8 ৮ কিন্তু ঈশ্বৰৰ লোকজনে ৰজাক ক’লে, “তুমি যদি মোক তোমাৰ আধা সম্পত্তিও দিয়া, তথাপি মই তোমাৰ লগত নাযাও আৰু এই ঠাইত ভোজন বা জল পান নকৰিম,
Nanso, Onyankopɔn onipa no buaa no sɛ, “Mpo, sɛ wode wʼagyapadeɛ mu fa bɛkyɛ me koraa a, me ne wo renkɔ, na burodo nso, merenni na manom nsuo wɔ ha.
9 ৯ কিয়নো যিহোৱাৰ বাক্যৰ দ্বাৰাই মোক এই দৰে আজ্ঞা দিয়া হৈছিল যে, ‘তুমি অন্ন ভোজন আৰু জল পান নকৰিবা, আনকি যি বাটেদি সেই ঠাইলৈ গৈছিলা, সেই একে বাটেদি ঘূৰিও নাহিবা’।”
Awurade asɛm so na wɔnam hyɛɛ me sɛ, ‘Ɛnsɛ sɛ wodi burodo anaa wonom nsuo wɔ hɔ. Afei, nsane mfa ɛkwan a wofaa so kɔɔ Bet-El no so.’”
10 ১০ তাৰ পাছত তেওঁ যি বাটেদি বৈৎএললৈ আহিছিল, সেই বাটেদি নগৈ আন বাটেদি ঘৰলৈ প্ৰস্থান কৰিলে।
Enti, ɔfiri Bet-El faa ɛkwan foforɔ so, sɛ ɔrekɔ efie.
11 ১১ সেই সময়ত বৈৎএলত এজন বৃদ্ধ ভাববাদী বাস কৰিছিল৷ তেওঁৰ পুত্ৰসকলৰ মাজৰ এজনে, সেই দিনা বৈৎএলত ঈশ্বৰৰ লোকজনে কৰা সকলো কৰ্মৰ কথা, তেওঁক আহি ক’লে৷ তেওঁ ৰজাৰ আগত যি কথা কৈছিল, সেই বিষয়েও তেওঁৰ পুত্ৰসকলে তেওঁৰ আগত ক’লে।
Na ɛbaa sɛ na odiyifoɔ akɔkoraa bi te Bet-El. Ne mmammarima bɛkaa deɛ Onyankopɔn onipa no ayɛ wɔ Bet-El da no nyinaa kyerɛɛ no. Afei, wɔkaa asɛm a waka akyerɛ ɔhene no nyinaa, kyerɛɛ wɔn agya no.
12 ১২ তেতিয়া তেওঁলোকৰ পিতৃয়ে তেওঁলোকক সুধিলে, “তেওঁ কোন বাটেদি গ’ল?” কিয়নো তেওঁৰ পুত্ৰসকলে যিহূদাৰ পৰা অহা ঈশ্বৰৰ সেই লোকজনে কোন বাটেদি গৈছিল, তাক তেওঁলোকে দেখিছিল।
Odiyifoɔ akɔkoraa no bisaa wɔn sɛ, “Na ɔfaa he?” Na ne mmammarima no kyerɛɛ no kwan a Onyankopɔn onipa no faa so kɔeɛ.
13 ১৩ তেতিয়া তেওঁ নিজ পুত্ৰসকলক ক’লে, মোৰ কাৰণে গাধত জীন লগোৱা। তেওঁলোকে তেওঁৰ কাৰণে গাধত জীন লগালে আৰু তেওঁ তাৰ ওপৰত উঠি গুচি গ’ল৷
Ɔka kyerɛɛ ne mmammarima no sɛ, “Monhyehyɛ afunumu no mma me ntɛm.” Na wɔhyehyɛɛ afunumu no maa no no, ɔhuri tenaa ne so
14 ১৪ সেই বৃদ্ধ ভাববাদী জনে ঈশ্বৰৰ লোকজনৰ পাছত গৈ, তেওঁক এজোপা এলা গছৰ তলত বহি থকা পালে; আৰু তাতে তেওঁ ঈশ্ৱৰৰ লোকজনক সুধিলে, “যিহূদাৰ পৰা অহা ঈশ্বৰৰ লোকজন আপুনিয়েই নে?” তেওঁ ক’লে, “হয় মইয়েই।”
tii Onyankopɔn onipa no. Ɔkɔtoo no sɛ ɔte odum bi ase, na odiyifoɔ akɔkoraa no bisaa no sɛ, “Wo ne Onyankopɔn onipa a wofiri Yuda no anaa?” Ɔbuaa no sɛ, “Aane, me a.”
15 ১৫ তেতিয়া বৃদ্ধ ভাববাদীজনে তেওঁক ক’লে, “মোৰ লগত ঘৰলৈ আহি ভোজন কৰক।”
Afei, odiyifoɔ no ka kyerɛɛ no sɛ, “Ma yɛnkɔ efie, na kɔdidi.”
16 ১৬ তেতিয়া তেওঁ বৃদ্ধ ভাববাদীজনক ক’লে, “মই তোমাৰ লগত ঘূৰি যাব আৰু তোমাৰ লগত ঘৰত সোমাব নোৱাৰোঁ; আৰু তোমাৰ লগত সেই ঠাইত অন্ন ভোজন আৰু জল পান নকৰোঁ,
Onyankopɔn onipa no ka kyerɛɛ no sɛ, “Merentumi nsane mʼakyi. Menni ho ɛkwan sɛ medidi anaa menom nsuo wɔ ha.
17 ১৭ কিয়নো যিহোৱাৰ বাক্যৰ দ্বাৰাই মোক আজ্ঞা দিয়া হৈছে যে, ‘তুমি অন্ন ভোজন আৰু জল পান নকৰিবা, আৰু যি বাটেদি যাবা, সেই বাটেদি ঘূৰি নাহিবা’।”
Awurade hyɛɛ me sɛ, ‘Ɛnsɛ sɛ wodi aduane biara anaa wonom nsuo ɛberɛ a wowɔ hɔ, anaa wofa ɛkwan a wofaa so kɔɔ hɔ no so sane wʼakyi.’”
18 ১৮ তেতিয়া বৃদ্ধ ভাববাদীজনে তেওঁক ক’লে, “তোমাৰ নিচিনা ময়ো এজন ভাববাদী আৰু এজন দূতে যিহোৱাৰ বাক্যৰ দ্বাৰাই মোক এই কথা ক’লে, ‘তেওঁ অন্ন ভোজন আৰু জল পান কৰিবৰ কাৰণে, তুমি যেন তেওঁক তোমাৰ ঘৰলৈ ঘূৰাই আনাগৈ’।” কিন্তু বৃদ্ধ ভাববাদীজনে তেওঁৰ আগত মিছা কথা কৈছিল।
Odiyifoɔ akɔkoraa no buaa sɛ, “Me nso, meyɛ odiyifoɔ sɛ wo ara. Na ɔbɔfoɔ bi kaa Awurade asɛm kyerɛɛ me sɛ, ‘Fa no sane bra wo fie, na ɔmmɛdidi na ɔnnom nsuo.’” Nanso na odiyifoɔ akɔkoraa no redaadaa no.
19 ১৯ তেতিয়া তেওঁ সেই বৃদ্ধ ভাববাদীজনৰ লগত ঘূৰি আহিল আৰু তেওঁৰ ঘৰত অন্ন ভোজন আৰু জল পান কৰিলে।
Enti, Onyankopɔn onipa no ne no sane kɔeɛ, kɔdidi nomee wɔ ne fie.
20 ২০ তেওঁলোকে মেজত বহি থকা সময়ত, তেওঁক ঘূৰাই অনা সেই ভাববাদীজনৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল;
Ɛberɛ a wɔte didipono ho redidi no, nkra firi Awurade nkyɛn baa odiyifoɔ akɔkoraa no so.
21 ২১ আৰু তাতে তেওঁ যিহূদাৰ পৰা অহা ঈশ্বৰৰ লোকজনৰ আগত ঘোষণা কৰি ক’লে, “যিহোৱাই এই কথা কৈছে, ‘কিয়নো তুমি যিহোৱাৰ বাক্যৰ বিৰুদ্ধে আচৰণ কৰিলা আৰু তোমাৰ ঈশ্বৰ যিহোৱাই তোমাক দিয়া আজ্ঞা পালন নকৰিলা,
Ɔteaam guu Onyankopɔn onipa a ɔfiri Yuda no so sɛ, “Sei na Awurade ka: Woabu Awurade asɛm so, na woanni ahyɛdeɛ a Awurade, wo Onyankopɔn, hyɛɛ wo no so.
22 ২২ আৰু তোমাক অন্ন ভোজন আৰু জল পান নকৰিবা বুলি তেওঁ যি ঠাইৰ বিষয়ে তোমাক কৈছিল, তুমি ঘূৰি আহি সেই ঠাইতে অন্ন ভোজন আৰু জল পান কৰিলা, এই কাৰণে তোমাৰ মৃতদেহটোক তোমাৰ পৈতৃক মৈদামত মৈদাম দিয়া নহ’ব।”
Wosane baa ha bɛdii aduane, nom nsuo, nanso ɔka kyerɛɛ wo sɛ nni hwee, nnom hwee. Esiane yei enti, wɔrensie wʼamu wɔ wʼagyanom damena mu.”
23 ২৩ পাছত তেওঁ ভোজন পান কৰি উঠিল৷ তেতিয়া সেই বৃদ্ধ ভাববাদীজনে ঘূৰাই অনা ঈশ্ৱৰৰ লোকজনৰ কাৰণে গাধত জীন লগালে৷
Na Onyankopɔn onipa no didi nom wieeɛ no, odiyifoɔ no hyehyɛɛ nʼafunumu no maa no,
24 ২৪ যেতিয়া ঈশ্ৱৰৰ সেই লোক জনে প্ৰস্থান কৰিলে, তেতিয়া বাটৰ মাজত এটা সিংহই তেওঁক পাই বধ কৰিলে৷ তাতে তেওঁৰ মৃতদেহটো বাটত পৰি থাকিল৷ তাৰ কাষত গাধটো থিয় হৈ থাকিল আৰু মৃতদেহটোৰ কাষত সিংহটোও থিয় হৈ থাকিল।
na Onyankopɔn onipa no sii ɛkwan so bio. Na ɔrekɔ no ara, gyata bi ba bɛkumm no. Nʼamu no daa ɛkwan mu a, na afunumu no ne gyata no gyinagyina ho.
25 ২৫ পাছত লোকসকলে সেই বাটে অহা যোৱা কৰোঁতে, বাটত পৰি থকা সেই মৃতদেহটো আৰু তাৰ কাষত থিয় হৈ থকা সিংহটো দেখিলে আৰু সেই বৃদ্ধ ভাববাদীজনে বাস কৰা নগৰলৈ আহি তেওঁলোকে সেই বাতৰি দিলে।
Nnipa ba bɛtoo so sɛ amu no da ɛkwan mu a gyata no gyina ho. Enti, wɔkɔbɔɔ amaneɛ wɔ Bet-El baabi a odiyifoɔ akɔkoraa no te hɔ.
26 ২৬ যেতিয়া বৃদ্ধ ভাববাদী জনে তেওঁ বাটৰ পৰা ঘূৰাই অনা ভাববাদীজনৰ সেই বাতৰি শুনিলে, তেওঁ ক’লে, “তেওঁ ঈশ্বৰৰ সেই লোক, যিজনে যিহোৱাৰ বাক্যৰ বিৰুদ্ধে আচৰণ কৰিছিল৷ এই কাৰণে যিহোৱাই তেওঁক কোৱা বাক্য অনুসাৰে তেওঁক সিংহৰ হাতত শোধাই দিলে; তাতে সিংহই তেওঁক আক্ৰমণ কৰি বধ কৰিলে।”
Ɛberɛ a odiyifoɔ akɔkoraa no tee asɛm no, ɔkaa sɛ, “Ɛyɛ Onyankopɔn onipa no a wanni Awurade ahyɛdeɛ so no. Awurade ama nʼasɛm no aba mu sɛ ɔmaa gyata to hyɛɛ no so, kumm no.”
27 ২৭ তেতিয়া তেওঁ নিজৰ পুত্ৰসকলক ক’লে, “মোৰ কাৰণে গাধত জীন লগোৱা।” তেতিয়া তেওঁলোকে সেইদৰে কৰিলে৷
Na odiyifoɔ no ka kyerɛɛ ne mmammarima no sɛ, “Monhyehyɛ afunumu no mma me.” Na wɔhyehyɛɛ afunumu no.
28 ২৮ পাছত তেওঁ গৈ বাটত পৰি থকা সেই মৃতদেহটোৰ কাষত থিয় হৈ থকা সেই গাধ আৰু সিংহটোকো দেখিলে৷ সিংহটোৱে মৃতদেহটো খোৱা নাছিল আৰু গাধটোকো আক্ৰমণ কৰা নাছিল৷
Ɔkɔeɛ kɔhunuu sɛ amu no da ɛkwan mu. Na afunumu no ne gyata no da so gyinagyina ne ho a, gyata no nwee amu no, nto nhyɛɛ afunumu no nso so.
29 ২৯ তেতিয়া সেই ভাববাদীজনে ঈশ্বৰৰ লোকজনৰ মৃতদেহটো তুলি লৈ গাধৰ ওপৰত উঠাই ঘূৰি আহিল৷ আৰু তেওঁৰ কাৰণে বিলাপ কৰিবলৈ আৰু তেওঁক মৈদাম দিবলৈ নিজ নগৰলৈ আহিল।
Enti, odiyifoɔ no faa Onyankopɔn onipa no amu no de no too nʼafunumu no so, sane de no kɔɔ kurom, kɔsuu no, siee no.
30 ৩০ তেওঁ নিজ লোকসকলৰ মৈদামত তেওঁৰ মৈদাম দিলে; তেতিয়া তেওঁলোকে “হায় হায় মোৰ ভাই!”, এই বুলি কৈ তেওঁৰ কাৰণে বিলাপ কৰিলে।
Ɔde amu no too nʼankasa ne damena mu, firii awerɛhoɔ mu, suu no sɛ, “Ao, me nua!”
31 ৩১ তেওঁক মৈদাম দিয়াৰ পাছত, বৃদ্ধ ভাববাদী জনে নিজ পুত্ৰসকলক ক’লে, “মোৰ যেতিয়া মৃত্যু হ’ব, তেতিয়া এই যি মৈদামত ঈশ্বৰৰ এই লোকজনক মৈদাম দিয়া হ’ল, ইয়াৰ ভিতৰতে মোকো মৈদাম দিবা৷ এওঁৰ অস্থিৰ কাষত মোৰ অস্থি ৰাখিবা।
Akyire yi, odiyifoɔ no ka kyerɛɛ ne mmammarima no sɛ, “Sɛ mɛwu a, monsie me wɔ damena a wɔasie Onyankopɔn onipa wɔ mu no mu. Momfa me nnompe ngu ne nnompe ho.
32 ৩২ কিয়নো বৈৎএলত থকা যজ্ঞবেদীৰ বিৰুদ্ধে আৰু চমৰিয়াৰ নগৰবোৰত থকা পবিত্ৰ ঠাইবোৰত আটাই ঘৰৰ বিৰুদ্ধে যিহোৱাৰ বাক্যৰ দ্বাৰাই এওঁ যি ঘোষণা কৰিছিল, সেয়ে অৱশ্যে সিদ্ধ হ’ব।”
Na asɛm a Awurade ka kyerɛɛ no sɛ ɔnka ntia afɔrebukyia a ɛwɔ Bet-El ne abosomfie no a ɛwowɔ Samaria nkuro so no, ɛbɛba mu.”
33 ৩৩ এই ঘটনাৰ পাছত যাৰবিয়ামে নিজৰ কুপথৰ পৰা নুঘূৰিল, কিন্তু পুনৰায় প্ৰজাসকলৰ মাজৰ পৰা লোকসকলক পবিত্ৰ ঠাইবোৰৰ পুৰোহিত নিযুক্ত কৰিলে৷ সেই পবিত্ৰ ঠাইবোৰত পুৰোহিত হৈ সেৱা কৰিবৰ বাবে যিসকল লোকে ইচ্ছা কৰিছিল, তেওঁ তেনে লোকসকলকে পুৰোহিত পাতিছিল।
Nanso, yei akyi koraa no, Yeroboam annane ne ho amfiri nʼakwammɔne no so. Ɔkɔɔ so yii asɔfoɔ firi nnipa no mu. Obiara a ɔpɛ no, ɔtumi yɛɛ ɔsɔfoɔ wɔ abosomfie hɔ.
34 ৩৪ এনে কাৰ্যবোৰে যাৰবিয়ামৰ পৰিয়াললৈ পাপ আনিলে, আৰু এই অপৰাধে বিচ্ছিন্ন কৰি, পৃথিৱীৰ পৰা তেওঁৰ নাম লুপ্ত কৰিলে।
Yei bɛyɛɛ bɔne kɛseɛ, na ɛnam so sɛee Yeroboam ahemman, ma ne fiefoɔ nyinaa wuwuiɛ.