< ১ রাজাবলি 13 >

1 সেই সময়ত ঈশ্বৰৰ এজন লোক যিহোৱাৰ বাক্যৰ প্ৰভাৱত যিহূদাৰ পৰা বৈৎএললৈ আহি আছিল। তেতিয়া যাৰবিয়ামে ধূপ জ্বলাবৰ কাৰণে যজ্ঞ-বেদীৰ কাষত থিয় হৈ আছিল৷
והנה איש אלהים בא מיהודה בדבר יהוה--אל בית אל וירבעם עמד על המזבח להקטיר
2 তেতিয়া সেই লোকজনে যজ্ঞবেদীৰ বিৰুদ্ধে যিহোৱাৰ বাক্যৰ প্ৰভাৱত এই কথা ঘোষণা কৰিলে বোলে, “হে বেদী, বেদী, যিহোৱাই এই কথা কৈছে, ‘চোৱা, দায়ুদৰ বংশত যোচিয়া নামেৰে এটি পুত্ৰ জন্মিব আৰু তোমাৰ ওপৰত ধুপ জ্বলাওঁতা সেই পবিত্র ঠাইৰ পুৰোহিতসকলক তোমাৰ ওপৰত বলিদান কৰিব; আৰু তোমাৰ ওপৰত মনুষ্যৰ হাড় দগ্ধ কৰিব’।”
ויקרא על המזבח בדבר יהוה ויאמר מזבח מזבח כה אמר יהוה הנה בן נולד לבית דוד יאשיהו שמו וזבח עליך את כהני הבמות המקטרים עליך ועצמות אדם ישרפו עליך
3 এনেতে সেইদিনাই তেওঁ এটা চিন নিৰূপণ কৰি ক’লে, “চোৱা, যিহোৱাই কোৱা প্ৰমাণৰ চিন এই: এই যজ্ঞবেদী ফাটি ভাগ হৈ যাব, আৰু তাৰ ওপৰত থকা ভস্ম মাটিত ছটিওৱা হ’ব’।”
ונתן ביום ההוא מופת לאמר זה המופת אשר דבר יהוה הנה המזבח נקרע ונשפך הדשן אשר עליו
4 যেতিয়া ৰজাই, বৈৎএলত থকা যজ্ঞবেদীৰ বিৰুদ্ধে ঘোষণা কৰা সেই ঈশ্বৰৰ লোকজনৰ কথা শুনিলে, তেতিয়া তেওঁ যজ্ঞবেদীৰ পৰা হাত মেলি ক’লে, “তেওঁক ধৰা৷” তেতিয়া সেই ঈশ্ৱৰৰ লোকজনৰ বিৰুদ্ধে মেলা ৰজাৰ নিজ হাত এনেকৈ শুকাই গ’ল যে, তেওঁ সেই হাত পুনৰ কোঁচাব নোৱাৰিলে।
ויהי כשמע המלך את דבר איש האלהים אשר קרא על המזבח בבית אל וישלח ירבעם את ידו מעל המזבח לאמר תפשהו ותיבש ידו אשר שלח עליו ולא יכל להשיבה אליו
5 আৰু ঈশ্বৰৰ লোকজনে ঈশ্বৰৰ বাক্য প্ৰভাৱত যি চিন নিৰূপণ কৰিছিল, সেই অনুসাৰে যজ্ঞবেদী ফাটি ভাগ হ’ল আৰু যজ্ঞবেদীৰ পৰা ভস্ম পৰি গ’ল।
והמזבח נקרע וישפך הדשן מן המזבח כמופת אשר נתן איש האלהים--בדבר יהוה
6 তেতিয়া ৰজাই ঈশ্বৰৰ লোকজনক উত্তৰ দি ক’লে, “মোৰ হাত যেন পুনৰায় সুস্থ হয়, এই কাৰণে তুমি নিজ ঈশ্বৰ যিহোৱাৰ আগত অনুগ্ৰহ যাচনা কৰি মোৰ কাৰণে প্ৰাৰ্থনা কৰা।” তেতিয়া ঈশ্বৰৰ সেই লোকজনে যিহোৱালৈ প্ৰার্থনা কৰিলে আৰু ৰজাৰ হাত সুস্থ হৈ আগৰ দৰে হ’ল।
ויען המלך ויאמר אל איש האלהים חל נא את פני יהוה אלהיך והתפלל בעדי ותשב ידי אלי ויחל איש האלהים את פני יהוה ותשב יד המלך אליו ותהי כבראשנה
7 ৰজাই ঈশ্বৰৰ লোকজনক ক’লে, “তুমি মোৰ লগত ঘৰলৈ আহি প্ৰাণ জুৰুউৱা আৰু তুমি যি কর্ম কৰিলা তাৰ বাবে মই তোমাক এক উপহাৰ দিম।”
וידבר המלך אל איש האלהים באה אתי הביתה וסעדה ואתנה לך מתת
8 কিন্তু ঈশ্বৰৰ লোকজনে ৰজাক ক’লে, “তুমি যদি মোক তোমাৰ আধা সম্পত্তিও দিয়া, তথাপি মই তোমাৰ লগত নাযাও আৰু এই ঠাইত ভোজন বা জল পান নকৰিম,
ויאמר איש האלהים אל המלך אם תתן לי את חצי ביתך לא אבא עמך ולא אכל לחם ולא אשתה מים במקום הזה
9 কিয়নো যিহোৱাৰ বাক্যৰ দ্বাৰাই মোক এই দৰে আজ্ঞা দিয়া হৈছিল যে, ‘তুমি অন্ন ভোজন আৰু জল পান নকৰিবা, আনকি যি বাটেদি সেই ঠাইলৈ গৈছিলা, সেই একে বাটেদি ঘূৰিও নাহিবা’।”
כי כן צוה אתי בדבר יהוה לאמר לא תאכל לחם ולא תשתה מים ולא תשוב בדרך אשר הלכת
10 ১০ তাৰ পাছত তেওঁ যি বাটেদি বৈৎএললৈ আহিছিল, সেই বাটেদি নগৈ আন বাটেদি ঘৰলৈ প্ৰস্থান কৰিলে।
וילך בדרך אחר ולא שב בדרך אשר בא בה אל בית אל
11 ১১ সেই সময়ত বৈৎএলত এজন বৃদ্ধ ভাববাদী বাস কৰিছিল৷ তেওঁৰ পুত্ৰসকলৰ মাজৰ এজনে, সেই দিনা বৈৎএলত ঈশ্বৰৰ লোকজনে কৰা সকলো কৰ্মৰ কথা, তেওঁক আহি ক’লে৷ তেওঁ ৰজাৰ আগত যি কথা কৈছিল, সেই বিষয়েও তেওঁৰ পুত্ৰসকলে তেওঁৰ আগত ক’লে।
ונביא אחד זקן ישב בבית אל ויבוא בנו ויספר לו את כל המעשה אשר עשה איש האלהים היום בבית אל את הדברים אשר דבר אל המלך ויספרום לאביהם
12 ১২ তেতিয়া তেওঁলোকৰ পিতৃয়ে তেওঁলোকক সুধিলে, “তেওঁ কোন বাটেদি গ’ল?” কিয়নো তেওঁৰ পুত্ৰসকলে যিহূদাৰ পৰা অহা ঈশ্বৰৰ সেই লোকজনে কোন বাটেদি গৈছিল, তাক তেওঁলোকে দেখিছিল।
וידבר אלהם אביהם אי זה הדרך הלך ויראו בניו את הדרך אשר הלך איש האלהים אשר בא מיהודה
13 ১৩ তেতিয়া তেওঁ নিজ পুত্ৰসকলক ক’লে, মোৰ কাৰণে গাধত জীন লগোৱা। তেওঁলোকে তেওঁৰ কাৰণে গাধত জীন লগালে আৰু তেওঁ তাৰ ওপৰত উঠি গুচি গ’ল৷
ויאמר אל בניו חבשו לי החמור ויחבשו לו החמור וירכב עליו
14 ১৪ সেই বৃদ্ধ ভাববাদী জনে ঈশ্বৰৰ লোকজনৰ পাছত গৈ, তেওঁক এজোপা এলা গছৰ তলত বহি থকা পালে; আৰু তাতে তেওঁ ঈশ্ৱৰৰ লোকজনক সুধিলে, “যিহূদাৰ পৰা অহা ঈশ্বৰৰ লোকজন আপুনিয়েই নে?” তেওঁ ক’লে, “হয় মইয়েই।”
וילך אחרי איש האלהים וימצאהו ישב תחת האלה ויאמר אליו האתה איש האלהים אשר באת מיהודה--ויאמר אני
15 ১৫ তেতিয়া বৃদ্ধ ভাববাদীজনে তেওঁক ক’লে, “মোৰ লগত ঘৰলৈ আহি ভোজন কৰক।”
ויאמר אליו לך אתי הביתה ואכל לחם
16 ১৬ তেতিয়া তেওঁ বৃদ্ধ ভাববাদীজনক ক’লে, “মই তোমাৰ লগত ঘূৰি যাব আৰু তোমাৰ লগত ঘৰত সোমাব নোৱাৰোঁ; আৰু তোমাৰ লগত সেই ঠাইত অন্ন ভোজন আৰু জল পান নকৰোঁ,
ויאמר לא אוכל לשוב אתך--ולבוא אתך ולא אכל לחם ולא אשתה אתך מים במקום הזה
17 ১৭ কিয়নো যিহোৱাৰ বাক্যৰ দ্বাৰাই মোক আজ্ঞা দিয়া হৈছে যে, ‘তুমি অন্ন ভোজন আৰু জল পান নকৰিবা, আৰু যি বাটেদি যাবা, সেই বাটেদি ঘূৰি নাহিবা’।”
כי דבר אלי בדבר יהוה לא תאכל לחם ולא תשתה שם מים לא תשוב ללכת בדרך אשר הלכת בה
18 ১৮ তেতিয়া বৃদ্ধ ভাববাদীজনে তেওঁক ক’লে, “তোমাৰ নিচিনা ময়ো এজন ভাববাদী আৰু এজন দূতে যিহোৱাৰ বাক্যৰ দ্বাৰাই মোক এই কথা ক’লে, ‘তেওঁ অন্ন ভোজন আৰু জল পান কৰিবৰ কাৰণে, তুমি যেন তেওঁক তোমাৰ ঘৰলৈ ঘূৰাই আনাগৈ’।” কিন্তু বৃদ্ধ ভাববাদীজনে তেওঁৰ আগত মিছা কথা কৈছিল।
ויאמר לו גם אני נביא כמוך ומלאך דבר אלי בדבר יהוה לאמר השבהו אתך אל ביתך ויאכל לחם וישת מים כחש לו
19 ১৯ তেতিয়া তেওঁ সেই বৃদ্ধ ভাববাদীজনৰ লগত ঘূৰি আহিল আৰু তেওঁৰ ঘৰত অন্ন ভোজন আৰু জল পান কৰিলে।
וישב אתו ויאכל לחם בביתו--וישת מים
20 ২০ তেওঁলোকে মেজত বহি থকা সময়ত, তেওঁক ঘূৰাই অনা সেই ভাববাদীজনৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল;
ויהי הם ישבים אל השלחן ויהי דבר יהוה אל הנביא אשר השיבו
21 ২১ আৰু তাতে তেওঁ যিহূদাৰ পৰা অহা ঈশ্বৰৰ লোকজনৰ আগত ঘোষণা কৰি ক’লে, “যিহোৱাই এই কথা কৈছে, ‘কিয়নো তুমি যিহোৱাৰ বাক্যৰ বিৰুদ্ধে আচৰণ কৰিলা আৰু তোমাৰ ঈশ্বৰ যিহোৱাই তোমাক দিয়া আজ্ঞা পালন নকৰিলা,
ויקרא אל איש האלהים אשר בא מיהודה לאמר כה אמר יהוה יען כי מרית פי יהוה ולא שמרת את המצוה אשר צוך יהוה אלהיך
22 ২২ আৰু তোমাক অন্ন ভোজন আৰু জল পান নকৰিবা বুলি তেওঁ যি ঠাইৰ বিষয়ে তোমাক কৈছিল, তুমি ঘূৰি আহি সেই ঠাইতে অন্ন ভোজন আৰু জল পান কৰিলা, এই কাৰণে তোমাৰ মৃতদেহটোক তোমাৰ পৈতৃক মৈদামত মৈদাম দিয়া নহ’ব।”
ותשב ותאכל לחם ותשת מים במקום אשר דבר אליך אל תאכל לחם ואל תשת מים--לא תבוא נבלתך אל קבר אבתיך
23 ২৩ পাছত তেওঁ ভোজন পান কৰি উঠিল৷ তেতিয়া সেই বৃদ্ধ ভাববাদীজনে ঘূৰাই অনা ঈশ্ৱৰৰ লোকজনৰ কাৰণে গাধত জীন লগালে৷
ויהי אחרי אכלו לחם--ואחרי שתותו ויחבש לו החמור לנביא אשר השיבו
24 ২৪ যেতিয়া ঈশ্ৱৰৰ সেই লোক জনে প্ৰস্থান কৰিলে, তেতিয়া বাটৰ মাজত এটা সিংহই তেওঁক পাই বধ কৰিলে৷ তাতে তেওঁৰ মৃতদেহটো বাটত পৰি থাকিল৷ তাৰ কাষত গাধটো থিয় হৈ থাকিল আৰু মৃতদেহটোৰ কাষত সিংহটোও থিয় হৈ থাকিল।
וילך וימצאהו אריה בדרך וימיתהו ותהי נבלתו משלכת בדרך והחמור עמד אצלה והאריה עמד אצל הנבלה
25 ২৫ পাছত লোকসকলে সেই বাটে অহা যোৱা কৰোঁতে, বাটত পৰি থকা সেই মৃতদেহটো আৰু তাৰ কাষত থিয় হৈ থকা সিংহটো দেখিলে আৰু সেই বৃদ্ধ ভাববাদীজনে বাস কৰা নগৰলৈ আহি তেওঁলোকে সেই বাতৰি দিলে।
והנה אנשים עברים ויראו את הנבלה משלכת בדרך ואת האריה עמד אצל הנבלה ויבאו וידברו בעיר אשר הנביא הזקן ישב בה
26 ২৬ যেতিয়া বৃদ্ধ ভাববাদী জনে তেওঁ বাটৰ পৰা ঘূৰাই অনা ভাববাদীজনৰ সেই বাতৰি শুনিলে, তেওঁ ক’লে, “তেওঁ ঈশ্বৰৰ সেই লোক, যিজনে যিহোৱাৰ বাক্যৰ বিৰুদ্ধে আচৰণ কৰিছিল৷ এই কাৰণে যিহোৱাই তেওঁক কোৱা বাক্য অনুসাৰে তেওঁক সিংহৰ হাতত শোধাই দিলে; তাতে সিংহই তেওঁক আক্ৰমণ কৰি বধ কৰিলে।”
וישמע הנביא אשר השיבו מן הדרך ויאמר איש האלהים הוא אשר מרה את פי יהוה ויתנהו יהוה לאריה וישברהו וימתהו כדבר יהוה אשר דבר לו
27 ২৭ তেতিয়া তেওঁ নিজৰ পুত্ৰসকলক ক’লে, “মোৰ কাৰণে গাধত জীন লগোৱা।” তেতিয়া তেওঁলোকে সেইদৰে কৰিলে৷
וידבר אל בניו לאמר חבשו לי את החמור ויחבשו
28 ২৮ পাছত তেওঁ গৈ বাটত পৰি থকা সেই মৃতদেহটোৰ কাষত থিয় হৈ থকা সেই গাধ আৰু সিংহটোকো দেখিলে৷ সিংহটোৱে মৃতদেহটো খোৱা নাছিল আৰু গাধটোকো আক্ৰমণ কৰা নাছিল৷
וילך וימצא את נבלתו משלכת בדרך וחמור והאריה עמדים אצל הנבלה לא אכל האריה את הנבלה ולא שבר את החמור
29 ২৯ তেতিয়া সেই ভাববাদীজনে ঈশ্বৰৰ লোকজনৰ মৃতদেহটো তুলি লৈ গাধৰ ওপৰত উঠাই ঘূৰি আহিল৷ আৰু তেওঁৰ কাৰণে বিলাপ কৰিবলৈ আৰু তেওঁক মৈদাম দিবলৈ নিজ নগৰলৈ আহিল।
וישא הנביא את נבלת איש האלהים וינחהו אל החמור--וישיבהו ויבא אל עיר הנביא הזקן לספד ולקברו
30 ৩০ তেওঁ নিজ লোকসকলৰ মৈদামত তেওঁৰ মৈদাম দিলে; তেতিয়া তেওঁলোকে “হায় হায় মোৰ ভাই!”, এই বুলি কৈ তেওঁৰ কাৰণে বিলাপ কৰিলে।
וינח את נבלתו בקברו ויספדו עליו הוי אחי
31 ৩১ তেওঁক মৈদাম দিয়াৰ পাছত, বৃদ্ধ ভাববাদী জনে নিজ পুত্ৰসকলক ক’লে, “মোৰ যেতিয়া মৃত্যু হ’ব, তেতিয়া এই যি মৈদামত ঈশ্বৰৰ এই লোকজনক মৈদাম দিয়া হ’ল, ইয়াৰ ভিতৰতে মোকো মৈদাম দিবা৷ এওঁৰ অস্থিৰ কাষত মোৰ অস্থি ৰাখিবা।
ויהי אחרי קברו אתו ויאמר אל בניו לאמר במותי וקברתם אתי בקבר אשר איש האלהים קבור בו אצל עצמתיו הניחו את עצמתי
32 ৩২ কিয়নো বৈৎএলত থকা যজ্ঞবেদীৰ বিৰুদ্ধে আৰু চমৰিয়াৰ নগৰবোৰত থকা পবিত্ৰ ঠাইবোৰত আটাই ঘৰৰ বিৰুদ্ধে যিহোৱাৰ বাক্যৰ দ্বাৰাই এওঁ যি ঘোষণা কৰিছিল, সেয়ে অৱশ্যে সিদ্ধ হ’ব।”
כי היה יהיה הדבר אשר קרא בדבר יהוה על המזבח אשר בבית אל ועל כל בתי הבמות אשר בערי שמרון
33 ৩৩ এই ঘটনাৰ পাছত যাৰবিয়ামে নিজৰ কুপথৰ পৰা নুঘূৰিল, কিন্তু পুনৰায় প্ৰজাসকলৰ মাজৰ পৰা লোকসকলক পবিত্ৰ ঠাইবোৰৰ পুৰোহিত নিযুক্ত কৰিলে৷ সেই পবিত্ৰ ঠাইবোৰত পুৰোহিত হৈ সেৱা কৰিবৰ বাবে যিসকল লোকে ইচ্ছা কৰিছিল, তেওঁ তেনে লোকসকলকে পুৰোহিত পাতিছিল।
אחר הדבר הזה לא שב ירבעם מדרכו הרעה וישב ויעש מקצות העם כהני במות--החפץ ימלא את ידו ויהי כהני במות
34 ৩৪ এনে কাৰ্যবোৰে যাৰবিয়ামৰ পৰিয়াললৈ পাপ আনিলে, আৰু এই অপৰাধে বিচ্ছিন্ন কৰি, পৃথিৱীৰ পৰা তেওঁৰ নাম লুপ্ত কৰিলে।
ויהי בדבר הזה לחטאת בית ירבעם ולהכחיד ולהשמיד מעל פני האדמה

< ১ রাজাবলি 13 >