< ১ রাজাবলি 11 >
1 ১ সেই সময়ত ৰজা চলোমনে অনেক বিদেশী মহিলাক প্ৰেম কৰিছিল ফৰৌণৰ জীয়েকৰ বাহিৰে তেওঁ মোৱাবীয়া, অম্মোনীয়া, ইদোমীয়া, চীদোনীয়া আৰু হিত্তীয়াৰ মহিলাসকলকো প্ৰেম কৰিছিল৷
और सुलेमान बादशाह फ़िर'औन की बेटी के 'अलावा बहुत सी अजनबी 'औरतों से, या'नी मोआबी, 'अम्मोनी, अदोमी, सैदानी और हित्ती औरतों से मुहब्बत करने लगा;
2 ২ যি যি জাতিবোৰৰ বিষয়ে যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলক কৈছিল যে, “তোমালোকে বিয়া পতাৰ বাবে তেওঁলোকৰ মাজলৈ নাযাবা আৰু তেওঁলোককো তোমালোকৰ মাজত আহিবলৈ নিদিবা, কিয়নো তেওঁলোকে তোমালোকৰ মন অৱশ্যে তেওঁলোকৰ দেৱতাবোৰলৈ ঘূৰাব।” কিন্তু তেওঁলোকৰেই প্ৰেমত চলোমন আসক্ত হৈছিল।
यह उन क़ौमों की थीं जिनके बारे में ख़ुदावन्द ने बनी — इस्राईल से कहा था कि तुम उनके बीच न जाना, और न वह तुम्हारे बीच आएँ, क्यूँकि वह ज़रूर तुम्हारे दिलों को अपने मा'बूदों की तरफ़ माइल कर लेंगी “सुलेमान इन्हीं के 'इश्क़ का दम भरने लगा।
3 ৩ চলোমনৰ সাতশ ৰাজকুৱঁৰী পত্নী আৰু তিনিশ উপপত্নী আছিল৷ তেওঁৰ এই পত্নীসকলে তেওঁৰ মন অপথে লৈ গৈছিল।
और उसके पास सात सौ शाहज़ादियाँ उसकी बीवियाँ और तीन सौ बाँदी थीं, और उसकी बीवियों ने उसके दिल को फेर दिया।
4 ৪ কিয়নো চলোমনৰ বৃদ্ধ অৱস্থাত তেওঁৰ পত্নীসকলে তেওঁৰ মন অপথে নি ইতৰ দেৱতাবোৰৰ পাছত চলালে; তেওঁ সম্পূর্ণৰূপে তেওঁৰ পিতৃ দায়ূদৰ মনৰ দৰে তেওঁৰ মন নিজ ঈশ্বৰ যিহোৱাৰ আগত আত্মসমর্পণ কৰা নাছিল।
क्यूँकि जब सुलेमान बुड्ढा हो गया, तो उसकी बीवियों ने उसके दिल को गै़र मा'बूदों की तरफ़ माइल कर लिया; और उसका दिल ख़ुदावन्द अपने ख़ुदा के साथ कामिल न रहा, जैसा उसके बाप दाऊद का दिल था।
5 ৫ কাৰণ চলোমনে চীদোনীয়াসকলৰ দেৱী অষ্টাৰেতৰ আৰু অম্মোনীয়াসকলৰ ঘিণলগীয়া দেৱতা মিল্কমৰ পথত চলিছিল৷
क्यूँकि सुलेमान सैदानियों की देवी इसतारात, और 'अम्मोनियों के नफ़रती मिलकोम की पैरवी करने लगा।
6 ৬ এইদৰে চলোমনে যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিছিল। তেওঁৰ পিতৃ দায়ূদে যি দৰে সকলো ভাৱে যিহোৱাৰ পাছত চলিছিল, তেওঁ সেইদৰে সম্পূর্ণৰূপে যিহোৱাৰ পাছত চলা নাছিল।
और सुलेमान ने ख़ुदावन्द के आगे बदी की, और उसने ख़ुदावन्द की पूरी पैरवी न की जैसी उसके बाप दाऊद ने की थी।
7 ৭ সেই সময়ত চলোমনে যিৰূচালেমৰ পূৱ দিশে থকা পৰ্বতত মোৱাবৰ ঘিণলগীয়া দেৱতা কমোচ আৰু অম্মোনৰ সন্তান সকলৰ ঘিণলগীয়া দেৱতা মোলকৰ কাৰণে এখন পবিত্ৰ ঠাই নিৰ্মাণ কৰিছিল।
फिर सुलेमान ने मोआबियों के नफ़रती कमोस के लिए उस पहाड़ पर जो येरूशलेम के सामने है, और बनी 'अम्मोन के नफ़रती मोलक के लिए ऊँचा मक़ाम बना दिया।
8 ৮ তেওঁৰ যিমান বিদেশী পত্নী আছিল, সেই সকলোৰে কাৰণে তেওঁ পবিত্ৰ ঠাইবোৰ নির্মাণ কৰিছিল, আৰু এই ঠাইবোৰত তেওঁলোকৰ নিজ নিজ দেৱতাৰ উদ্দেশ্যে তেওঁলোকে ধূপ জ্বলাইছিল আৰু বলিদান কৰিছিল৷
उसने ऐसा ही अपनी सब अजनबी बीवियों की ख़ातिर किया, जो अपने मा'बूदों के सामने ख़ुशबू जलाती और क़ुर्बानी पेश करती थीं।
9 ৯ যিহোৱা চলোমনৰ ওপৰত ক্ৰুদ্ধ হ’ল, কিয়নো তেওঁৰ মন ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ পৰা অপথে গ’ল, যদিও তেওঁ দুবাৰ তেওঁক দৰ্শন দিছিল,
और ख़ुदावन्द सुलेमान से नाराज़ हुआ, क्यूँकि उसका दिल ख़ुदावन्द इस्राईल के ख़ुदा से फिर गया था जिसने उसे दो बार दिखाई देकर
10 ১০ আৰু যি বিষয়ে তেওঁক আজ্ঞা দি অন্য দেৱতাবোৰৰ পাছত যাবলৈ বাধা দিছিল; কিন্তু যিহোৱাই দিয়া সেই আজ্ঞা তেওঁ পালন নকৰিলে।
उसको इस बात का हुक्म किया था कि वह गै़र मा'बूदों की पैरवी न करे; लेकिन उसने वह बात न मानी जिसका हुक्म ख़ुदावन्द ने दिया था।
11 ১১ সেই কাৰণে যিহোৱাই চলোমনক ক’লে, “কিয়নো তুমি এনে কর্ম কৰিলা আৰু মই তোমাক দিয়া মোৰ নিয়ম-চুক্তি আৰু বিধিবোৰ পালন নকৰিলা, সেই বাবে মই নিশ্চয়ে তোমাৰ পৰা ৰাজ্য কাঢ়ি লৈ তোমাৰ দাসক দিম।
इस वजह से ख़ुदावन्द ने सुलेमान को कहा, चूँकि तुझ से यह काम हुआ, और तू ने मेरे 'अहद और मेरे क़ानून को जिनका मैंने तुझे हुक्म दिया नहीं माना, इसलिए मैं हुकूमत को ज़रूर तुझ से छीनकर तेरे ख़ादिम को दूँगा।
12 ১২ কিন্তু তোমাৰ পিতৃ দায়ূদৰ কাৰণে মই তোমাৰ জীৱন কালত এনে ধৰণে নকৰিম, কিন্তু তোমাৰ পুত্ৰৰ হাতৰ পৰা তাক কাঢ়ি ল’ম।
तोभी तेरे बाप दाऊद की ख़ातिर मैं तेरे दिनों में यह नहीं करूँगा; बल्कि उसे तेरे बेटे के हाथ से छीनूँगा।
13 ১৩ তথাপি মই গোটেই ৰাজ্য কাঢ়ি নল’ম কিন্তু মোৰ দাস দায়ূদৰ বাবে আৰু মোৰ মনোনীত যিৰূচালেমৰ বাবে তোমাৰ পুত্ৰক এক ফৈদ দিম।”
फिर भी मैं सारी हुकूमत को नहीं छीनूँगा, बल्कि अपने बन्दे दाऊद की ख़ातिर और येरूशलेम की ख़ातिर, जिसे मैंने चुन लिया है, एक क़बीला तेरे बेटे को दूँगा।
14 ১৪ তেতিয়া যিহোৱাই ইদোমীয়া হদদ নামেৰে চলোমনৰ এজন শত্ৰুক বিদ্ৰোহ কৰালে৷ তেওঁ ইদোম দেশীয় ৰাজবংশৰ এজন লোক আছিল।
तब ख़ुदावन्द ने अदोमी हदद को सुलेमान का मुख़ालिफ़ बना कर खड़ा किया, यह अदोम की शाही नसल से था।
15 ১৫ যি সময়ত দায়ুদ ইদোম দেশত আছিল, তেতিয়া সেনাপতি যোৱাবে হত হোৱা প্ৰতিজন লোকক ইদোমত মৈদাম দিবলৈ গৈছিল৷
क्यूँकि जब दाऊद अदोम में था और लश्कर का सरदार योआब अदोम में हर एक आदमी को क़त्ल करके उन मक़्तूलों को दफ़्न करने गया,
16 ১৬ যোৱাব আৰু সমুদায় ইস্ৰায়েল লোক ইদোমত ছমাহ থাকি ইদোমৰ সকলো পুৰুষক সংহাৰ কৰিছিল৷
क्यूँकि योआब और सब इस्राईल छ: महीने तक वहीं रहे, जब तक कि उसने अदोम में हर एक आदमी को क़त्ल न कर डाला।
17 ১৭ কিন্তু সেই সময়ত হদদ কম বয়সীয়া হোৱা বাবে তেওঁৰ পিতৃৰ দাসবোৰে তেওঁক আন ইদোমীয়া লোকসকলৰ সৈতে মিচৰলৈ লৈ গৈছিল৷
तो हदद कई एक अदोमियों के साथ, जो उसके बाप के मुलाज़िम थे, मिस्र को जाने को भाग निकला, उस वक़्त हदद छोटा लड़का ही था।
18 ১৮ তেওঁলোকে মিদিয়নৰ পৰা ওলাই আহি পাৰণলৈ গৈছিল, এই ঠাইৰ পৰা তেওঁলোকে মানুহ লগত লৈ মিচৰলৈ গৈছিল আৰু পাছত মিচৰৰ ৰজা ফৰৌণৰ ওচৰলৈ গৈছিল৷ ৰজা ফৰৌণে তেওঁক এটা ঘৰ দিছিল, আৰু জীৱিকাৰ উপায় নিৰূপণ কৰি তেওঁক মাটিও দিছিল।
और वह मिदियान से निकलकर फ़ारान में आए, और फ़ारान से लोग साथ लेकर शाह — ए — मिस्र फ़िर'औन के पास मिस्र में गए। उसने उसको एक घर दिया और उसके लिए ख़ुराक मुक़र्रर की और उसे जागीर दी।
19 ১৯ তাতে হদদে ফৰৌণৰ আগত ইমান অধিক অনুগ্ৰহ পাইছিল যে, ফৰৌণে নিজ ভাৰ্য্যা ৰাণী তহপিনেচৰ ভনীয়েকক তেওঁৰ সৈতে বিয়া দিছিল।
और हदद की फ़िर'औन के सामने इतना रसूख हासिल हुआ कि उसने अपनी साली, या'नी मलिका तहफ़नीस की बहन उसी को ब्याह दी।
20 ২০ তহপিনেচৰ সেই ভনীয়েকে হদদক এটি পুত্ৰ জন্ম দিলে; তেওঁলোকে তাৰ নাম গনুবৎ ৰাখিলে; তাক তহপিনেচে ফৰৌণৰ ঘৰতে ডাঙৰ-দীঘল কৰিলে৷ গনুবৎ ফৰৌণৰ ঘৰতে ফৰৌণৰ পুত্ৰসকলৰ মাজতে বাস কৰিছিল।
और तहफ़नीस की बहन के उससे उसका बेटा जनूबत पैदा हुआ जिसका दूध तहफ़नीस ने फ़िर'औन के महल में छुड़ाया; और जनूबत फ़िर'औन के बेटों के साथ फिर'औन के महल में रहा।
21 ২১ পাছত যেতিয়া দায়ুদ তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হোৱা আৰু সেনাপতি যোৱাবৰ মৃত্যুৰ কথা হদদে মিচৰ দেশত শুনিবলৈ পালে, তেতিয়া তেওঁ ফৰৌণক ক’লে, “মোক বিদায় দিয়ক, মই নিজ দেশলৈ যাওঁ।”
इसलिए जब हदद ने मिस्र में सुना कि दाऊद अपने बाप — दादा के साथ सो गया और लश्कर का सरदार योआब भी मर गया है, तो हदद ने फ़िर'औन से कहा, मुझे रुख़्सत कर दे, ताकि मैं अपने मुल्क को चला जाऊँ।”
22 ২২ তেতিয়া ফৰৌণে তেওঁক ক’লে, “মোৰ পৰা তোমাৰ কিহৰ অভাৱ হৈছে যে তুমি নিজৰ দেশলৈ যাবলৈ ইচ্ছা কৰিছা?” হদদে ক’লে, “একোৰো অভাৱ হোৱা নাই, মোক কেৱল যাবলৈ দিয়ক।”
तब फ़िर'औन ने उससे कहा, “भला तुझे मेरे पास किस चीज़ की कमी हुई कि तू अपने मुल्क को जाने के लिए तैयार है?” उसने कहा, “कुछ नहीं, फिर भी तू मुझे जिस तरह हो रुख्स़त ही कर दे।”
23 ২৩ ঈশ্বৰে চলোমনৰ আন এজন শত্ৰুক বিদ্ৰোহ কৰাইছিল, তেওঁ হ’ল ইলিয়াদাৰ পুত্ৰ ৰজোন; এই লোকজনে নিজ প্ৰভু চোবাৰ ৰজা হদদেজৰৰ পৰা পলাই গৈছিল৷
और ख़ुदा ने उसके लिए एक और मुख़ालिफ़ इलीयदा' के बेटे रज़ोन को खड़ा किया, जो अपने आक़ा ज़ोबाह के बादशाह हदद'एलियाज़र के पास से भाग गया था;
24 ২৪ আৰু যি কালত দায়ূদে চোবীয়াহঁতক পৰাস্ত কৰিছিল, সেই কালত ৰজোনে তেওঁ নিজৰ লগত মানুহ গোটাই দলৰ ওপৰত দলপতি হৈছিল৷ তেতিয়া ৰজোনৰ সেই দলটোৱে দম্মেচকলৈ গৈছিল, আৰু তাত বাস কৰি দম্মেচকৰ ওপৰত শাসন কৰিছিল।
और उसने अपने पास लोग जमा' कर लिए, और जब दाऊद ने ज़ोबाह वालों को क़त्ल किया, तो वह एक फ़ौज का सरदार हो गया; और वह दमिश्क़ को जाकर वहीं रहने और दमिश्क़ में हुकूमत करने लगे।
25 ২৫ হদদে কৰা অপকাৰৰ বাহিৰেও, তেওঁ চলোমনৰ গোটেই আয়ুসৰ কালত ইস্ৰায়েলৰ শত্ৰু হৈ থাকিল৷ তেওঁ ইস্ৰায়েলক ঘিণ কৰিলে আৰু অৰামৰ ওপৰত ৰাজত্ব কৰিলে।
इसलिए हदद की शरारत के 'अलावा यह भी सुलेमान की सारी उम्र इस्राईल का दुश्मन रहा; और उसने इस्राईल से नफ़रत रखी और अराम पर हुकूमत करता रहा।
26 ২৬ তেতিয়া চৰেদাত থকা ইফ্ৰয়িমীয়া নবাটৰ পুত্ৰ যাৰবিয়াম নামেৰে চলোমনৰ এজন বিষয়া আছিল৷ তেওঁৰ মাকৰ নাম চৰোৱা আৰু তাই এজনী বিধৱা মহিলা আছিল; তেৱোঁ ৰজাৰ বিৰুদ্ধে হাত দাঙিলে।
और सरीदा के इफ़्राईमी नबात का बेटा यरूबोआम, जो सुलेमान का मुलाज़िम था और जिसकी माँ का नाम, जो बेवा थी, सरू'आ था; उसने भी बादशाह के ख़िलाफ़ अपना हाथ उठाया।
27 ২৭ তেওঁ ৰজাৰ বিৰুদ্ধে হাত দঙাৰ কাৰণ আছিল যে চলোমনে মিল্লো নিৰ্মাণ কৰিছিল আৰু তেওঁৰ পিতৃ দায়ূদৰ নগৰৰ গড়ৰ ভগা ঠাই এডোখৰ তেওঁ বন্ধ কৰিছিল।
और बादशाह के ख़िलाफ़ उसके हाथ उठाने की यह वजह हुई कि बादशाह मिल्लो को बनाता था, और अपने बाप दाऊद के शहर के रखने की मरम्मत करता था।
28 ২৮ সেই যাৰবিয়াম এজন বলৱান আৰু সাহসিয়াল লোক আছিল৷ চলোমনে সেই ডেকাজনক পৰিশ্ৰমী দেখি তেওঁক যোচেফৰ বংশৰ সকলো ভাৰ-বোৱা লোকৰ ওপৰত অধ্যক্ষ পাতিছিল।
और वह शख़्स यरूबोआम एक ताक़तवर सूर्मा था, और सुलेमान ने उस जवान को देखा कि मेहनती है, इसलिए उसने उसे बनी यूसुफ़ के सारे काम पर मुख़्तार बना दिया।
29 ২৯ যি সময়ত যাৰবিয়াম যিৰূচালেমৰ পৰা বাহিৰলৈ ওলাই আহিছিল, সেই সময়ত চীলোনীয়া অহীয়া ভাববাদীয়ে তেওঁক বাটত লগ পালে; তেতিয়া অহীয়াই গাত নতুন কাপোৰ পিন্ধি আছিল আৰু পথাৰত তেওঁলোক দুজন অকলে আছিল।
उस वक़्त जब युरब'आम येरूशलेम से निकल कर जा रहा था, तो सैलानी अखि़याह नबी उसे रास्ते में मिला, और अख़ियाह एक नई चादर ओढ़े हुए था; यह दोनों मैदान में अकेले थे।
30 ৩০ তেতিয়া অহীয়াৰ নিজৰ গাত থকা সেই নতুন কাপোৰ ধৰি তাক ফালি-চিৰি বাৰ ডোখৰ কৰিলে৷
इसलिए अखि़याह ने उस नई चादर को जो उस पर थी लेकर उसके बारह टुकड़े फाड़े।
31 ৩১ তেওঁ যাৰবিয়ামক ক’লে, “তুমি ইয়াৰ দহ ডোখৰ লোৱা, কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই দৰে কৈছে, ‘চোৱা, মই চলোমনৰ হাতৰ পৰা ৰাজ্য কাঢ়ি লৈ তোমাক দহটা ফৈদ দিম।
और उसने युरब'आम से कहा कि “तू अपने लिए दस टुकड़े ले ले; क्यूँकि ख़ुदावन्द इस्राईल का ख़ुदा ऐसा कहता है कि देख, मैं सुलेमान के हाथ से हुकूमत छीन लूँगा, और दस क़बीले तुझे दूँगा।
32 ৩২ কিন্তু মোৰ দাস দায়ূদৰ কাৰণে আৰু ইস্ৰায়েলৰ সমুদায় ফৈদৰ মাজৰ পৰা মই মনোনীত কৰা যিৰূচালেমৰ কাৰণে তেওঁ এক ফৈদ পাব৷
लेकिन मेरे बन्दे दाऊद की ख़ातिर और येरूशलेम या'नी उस शहर की ख़ातिर, जिसे मैंने बनी — इस्राईल के सब क़बीलों में से चुन लिया है, एक क़बीला उसके पास रहेगा
33 ৩৩ কাৰণ তেওঁলোকে মোক ত্যাগ কৰিলে আৰু চীদোনীয়াসকলৰ অষ্টাৰেৎ দেৱীক, মোৱাবৰ কমোচ দেৱতাক আৰু অম্মোনৰ সন্তান সকলৰ মিল্কম দেৱতাক সেৱা-পূজা কৰিলে৷ তেওঁলোকে নিজ পিতৃ দায়ূদৰ নিচিনাকৈ, মোৰ দৃষ্টিত যি ভাল তাক কৰিবলৈ আৰু মোৰ বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিবলৈ তেওঁলোকে মোৰ পথত চলা নাই।
क्यूँकि उन्होंने मुझे छोड़ दिया और सैदानियों की देवी इस्तारात और मोआबियों के मा'बूद कमोस और बनी 'अमोन के मा'बूद मिलकोम की इबादत की है, और मेरे रास्तों पर न चले कि वह काम करते जो मेरी नज़र में भला था, और मेरे क़ानून और अहकाम को मानते जैसा उसके बाप दाऊद ने किया।
34 ৩৪ তথাপি মই চলোমনৰ হাতৰ পৰা সমুদায় ৰাজ্যখন নল’ম, কিন্তু মোৰ আজ্ঞা আৰু বিধিবোৰ পালন কৰাৰ কাৰণে মই মনোনীত কৰা মোৰ দাস দায়ূদৰ বাবে মই চলোমনৰ জীৱনকালত তেওঁক শাসনকৰ্ত্তা কৰি ৰাখিছো।
फिर भी मैं सारी मुल्क उसके हाथ से नहीं ले लूँगा, बल्कि अपने बन्दा दाऊद की ख़ातिर, जिसे मैंने इसलिए चुन लिया कि उसने मेरे अहकाम और क़ानून माने, मैं इसकी उम्र भर इसे पेशवा बनाए रखूँगा।
35 ৩৫ কিন্তু তেওঁৰ পুত্ৰৰ হাতৰ পৰা ৰাজ্য লৈ তোমাক দহটা ফৈদ দিম।
लेकिन उसके बेटे के हाथ से हुकूमत या'नी दस क़बीलों को लेकर तुझे दूँगा;
36 ৩৬ আৰু মোৰ নাম স্থাপন কৰিবৰ কাৰণে মই মনোনীত কৰা যিৰূচালেম নগৰৰ মাজত যেন মোৰ দাস দায়ূদৰ প্ৰদীপ মোৰ সন্মুখত সদায় জ্বলে, এই কাৰণে তেওঁৰ পুত্ৰক এক ফৈদ দিম।
और उसके बेटे को एक क़बीला दूँगा, ताकि मेरे बन्दे दाऊद का चराग़ येरूशलेम, या'नी उस शहर में जिसे मैंने अपना नाम रखने के लिए चुन लिया है, हमेशा मेरे आगे रहे।
37 ৩৭ তাতে মই তোমাক গ্ৰহণ কৰিম আৰু তুমি তোমাৰ মনৰ সকলো ইচ্ছাৰ দৰে ৰাজত্ব কৰিবা আৰু ইস্ৰায়েলৰ ৰজা হ’বা।
और मैं तुझे लूँगा, और तू अपने दिल की पूरी ख़्वाहिश के मुवाफ़िक हुकूमत करेगा और इस्राईल का बादशाह होगा।
38 ৩৮ আৰু যদি তুমি মোৰ দাস দায়ূদে কৰাৰ দৰে, মোৰ বিধি আৰু আজ্ঞা পালন কৰিবলৈ মোৰ সকলো আদেশত মনোযোগ দি মোৰ পথত চলা আৰু মোৰ দৃষ্টিত যি ভাল তাকে কৰা, তেতিয়া মই তোমাৰ লগত থাকিম; আৰু মই যেনেকৈ দায়ূদৰ কাৰণে কৰিলোঁ, তেনেকৈ তোমাৰ কাৰণেও এক দৃঢ় বংশ স্থাপন কৰিম আৰু ইস্ৰায়েলক তোমাক দিম।
और ऐसा होगा कि अगर तू उन सब बातों को जिनका मैं तुझे हुक्म दूँ सुने, और मेरी रास्तों पर चले, और जो काम मेरी नज़र में भला है उसको करे, और मेरे क़ानूनऔर अहकाम को माने, जैसा मेरे बन्दा दाऊद ने किया, तो मैं तेरे साथ रहूँगा, और तेरे लिए एक मज़बूत घर बनाऊँगा, जैसा मैंने दाऊद के लिए बनाया, और इस्राईल को तुझे दे दूँगा।
39 ৩৯ মই দায়ূদৰ বংশক ক্লেশ দিম কিন্তু সদাকাললৈকে নহয়’।”
और मैं इसी वजह से दाऊद की नसल को दुख दूँगा, लेकिन हमेशा तक नहीं।”
40 ৪০ এই কাৰণে চলোমনে যাৰবিয়ামক বধ কৰিবলৈ বিচাৰিলে, কিন্তু যাৰবিয়াম মিচৰলৈ গ’ল, আৰু মিচৰৰ ৰজা চীচকৰ ওচৰলৈ পলাই গ’ল। চলোমনৰ মৃত্যু নোহোৱালৈকে তেওঁ মিচৰতে থাকিল।
इसलिए सुलेमान युरब'आम के क़त्ल के पीछे पड़ गया, लेकिन युरब'आम उठकर मिस्र को शाह — ए — मिस्र सीसक के पास भाग गया और सुलेमान की वफ़ात तक मिस्र में रहा।
41 ৪১ চলোমনৰ অৱশিষ্ট বৃত্তান্ত, তেওঁৰ সকলো কাৰ্য আৰু জ্ঞানৰ কথা জানো চলোমনৰ জীৱন-চৰিত্ৰৰ পুস্তকত লিখা নাই?
सुलेमान का बाक़ी हाल और सब कुछ जो उसने किया और उसकी हिकमत: इसलिए क्या वह सुलेमान के अहवाल की किताब में दर्ज नहीं?
42 ৪২ চলোমনে যিৰূচালেমত সমুদায় ইস্ৰায়েলৰ ওপৰত চল্লিশ বছৰ ৰাজত্ব কৰিছিল।
और वह मुद्दत जिसमें सुलेमान ने येरूशलेम में सब इस्राईल पर हुकूमत की चालीस साल की थी।
43 ৪৩ পাছত চলোমন তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁক তেওঁৰ পিতৃ দায়ূদৰ নগৰত মৈদাম দিয়া হ’ল৷ তেতিয়া তেওঁৰ পুত্ৰ ৰহবিয়াম তেওঁৰ পদত ৰজা হ’ল।
और सुलेमान अपने बाप — दादा के साथ सो गया, और अपने बाप दाऊद के शहर में दफ़्न हुआ, और उसका बेटा रहुब'आम उसकी जगह बादशाह हुआ।